আমাৰ প্ৰয়োজন – Our Needs (বায়ু, পানী, মাটি, খাদ্য, আশ্ৰয়, বস্ত্ৰ)

আমাৰ প্ৰয়োজন – Our Needs (বায়ু, পানী, মাটি, খাদ্য, আশ্ৰয়, বস্ত্ৰ – Air, Water, Soil, Food, Shelter, Clothes) is the TET Notes to each chapter is provided in the list so that you can easily browse throughout different TET syllabus wise notes for আমাৰ প্ৰয়োজন – Our Needs (বায়ু, পানী, মাটি, খাদ্য, আশ্ৰয়, বস্ত্ৰ – Air, Water, Soil, Food, Shelter, Clothes).

আমাৰ প্ৰয়োজন – Our Needs

2. পানী (Water):-

Join Telegram channel

জলসম্পদ (Water resources): মানুহৰ কাৰণে পানী এবিধ অতি মূল্যবান সম্পদ। মানুহে পানী খায়, পানীৰে গা ধোৱে, কাপোৰ ধোৱে, পানীৰে ভাত ৰন্ধা-বঢ়া কৰে আৰু পানীয়ে হৈছে দেহৰ নানা তৰহৰ কাৰ্য-কলাপৰ ভিত্তি। সেইদৰে জীৱজগত আৰু উদ্ভিদজগতৰো মূল চালিকা শক্তি হৈছে পানী। আন কথাত ক’বলৈ পানী অবিহনে জীৱজগত চলিবই নোৱাৰে। ভূ-পৃষ্ঠৰ চাৰিভাগৰ তিনি ভাগত পানী আছে। 

(i) পানী এবিধ নৱীকৰণযোগ্য সম্পদ (renewable resource); পানী অবিহনে জীৱন অসম্ভৱ।

(ii) গোটা অৱস্থাত বৰফ আৰু গেছীয় অৱস্থাত জলীয় ভাপ হিচাবে পানী পোৱা যায় আৰু পানীয়ে পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰে।

(iii) বোৱতী পানীয়ে আৱৰ্জনাবোৰ কঢ়িয়াই নি পৰিৱেশ শুদ্ধ কৰি ৰাখে।

(iv) মানুহ আৰু জীৱ-জন্তুবোৰে মাছ আৰু অন্যান্য জলজ সম্পদ প্ৰচুৰ ব্যৱহাৰ কৰে।

(v) জল পৰিবহন ব্যৱস্থা সুলভ আৰু ইয়াৰদ্বাৰা পৰিৱেশ প্ৰদূষণ কম হয়।

(vi) কৃষি, উদ্যোগ, বিদ্যুৎ উৎপাদন আদিতো নানা প্ৰকাৰে পানী ব্যৱহাৰ কৰা হয়।

এইবোৰ কাৰণতে পানী এবিধ মূল্যবান সম্পদ।

পানীৰ গুৰুত্ব (Importance of Water):- পানী হৈছে এবিধ নৱীকৰণযোগ্য (renewable) আৰু অত্যাৱশ্যকীয় সম্পদ। অধিকাংশ জৈৱিক প্ৰক্ৰিয়া পানী অবিহনে নচ’লে। মানুহ তথা জীৱ-জন্তু জীয়াই থাকিবৰ কাৰণে আৰু মানুহৰ অৰ্থনৈতিক ক্ৰিয়া-কলাপ চলি থাকিবৰ কাৰণে পানী অপৰিহাৰ্য। ভূ-পৃষ্ঠৰ মুঠ মাটি কালিৰ প্ৰায় 70% ভাগত পানী আছে। জীৱ-জন্তু আৰু উদ্ভিদ দেহৰ মুঠ ওজনৰ শতকৰা 60 ৰ পৰা 70 ভাগেই  হৈছে পানী।

পানীৰ উৎস (Sources of Water):- ভূ-পৃষ্ঠত নদ-নদী, খাল-বিল, সাগৰ-মহাসাগৰ আদিত পানী থাকে আৰু ভূ-গৰ্ভত ভূতল জল হিচাবে পানী থাকে। মেৰু অঞ্চলত আৰু পৰ্বতৰ সুউচ্চ শৃংত বৰফ হিচাবে পানী জমা হৈ থাকে।

পৃথিৱীত উপলদ্ধ হোৱা মুঠ পানীৰ প্ৰায় 97% হৈছে নিমখীয়া পানী, সেই পানী খোৱাৰ উপযোগী নহয়। শতকৰা মাত্ৰ এভাগ পানী খোৱাৰ উপযোগী। মুঠ পানীৰ শতকৰা প্ৰায় দুভাগ পানী মেৰু অঞ্চলত বৰফৰূপে থাকে।

ভূতল জল (Ground Water):- খোৱাৰ উপযোগী মুঠ পানীৰ শতকৰা প্ৰায় 9.8 ভাগ ভূতল জল হিচাবে পোৱা যায়। কিন্তু বহুতো নগৰীয়া অঞ্চলত অত্যধিক হাৰত ভূতল জল নিষ্কাশিত কৰাৰ ফলত বহু ঠাইত খোৱা পানীৰ নাটনি হৈছে।

জল প্ৰদূষণ (Water Pollution):- হানিকাৰক পদাৰ্থৰ পৰিমাণ বৃদ্ধি হ’লে পানী প্ৰদূষিত হয়। জল প্ৰদূষক তিনি প্ৰকাৰৰ হ’ব পাৰে: 

(i) জৈৱ পদাৰ্থ।

(ii) ৰাসায়নিক পদাৰ্থ।

(iii) অন্যান্য পেলনীয়া সামগ্ৰী তথা তাপ বা তেজক্ৰিয় পদাৰ্থ, তৈল সামগ্ৰী ইত্যাদি।

জৈৱ প্ৰদূষকবোৰৰ ভিতৰত আছে-

– বিভিন্ন প্ৰকাৰৰ ৰোগৰ বিজাণু, ভাইৰাছ, বেক্টেৰিয়া, পেলু প্ৰট’জ’ৱা (protozoa), হেলমিস্থিছ (helminthes), এলগি (algae) ইত্যাদি ৰাসায়নিক জল প্ৰদূষকবোৰৰ ভিতৰত আছে-

– জৈৱ উচ্চিষ্ট পদাৰ্থ, পেষ্টিচাইড, হাৰ্বিচাইড, জাৰ্মিচাইড ইত্যাদি (যেনে DDT, BHC), কৃত্ৰিম ৰাসায়নিক সাৰ, পলিক্ল’ৰিনেটেড বাইফেনল (PCB), আৰ্চেনিক, সীহ, নিকেল, মেডমিয়াম, পাৰ, ফছফেট, নাইট্ৰেট, ফ্ল’ৰাইড ইত্যাদি।

জল প্ৰদূষণৰ কিছুমান উৎস (Sources of Water Pollution):- (i) চহৰ নগৰৰ নলা-নৰ্দমাৰ পানী।

(ii) বিভিন্ন উদ্যোগ, কাৰখানা আদিৰ পেলনীয়া পানী।

(iii) খেতিপথাৰৰপৰা ওলাই যোৱা পানী (এই পানীত নানা প্ৰকাৰৰ কীটনাশক দ্ৰব্য, কৃত্ৰিম সাৰ আদি মিহিলি হৈ থাকে)।

(iv) বজাৰ অঞ্চল আৰু কাৰখানাবোৰৰ পৰা উৎপন্ন হোৱা তথা ঘৰুৱা আৱৰ্জনা।

(v) মানুহ আৰু জীৱ-জন্তুৰ উচ্ছিষ্ট পদাৰ্থ, মৃতদেহ ইত্যাদি।

(vi) তেজক্ৰিয় পদাৰ্থ আৰু ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা উদ্যোগ, খাৰুৱা তেল তথা অন্যান্য তেল উদ্যোগ।

জল প্ৰদূষণৰ প্ৰভাৱ (Impact of Water Pollution):- প্ৰদূষিত পানী ব্যৱহাৰ কৰাৰ ফলত নানা ৰোগ হয়। দৰাচলতে পানী হৈছে ৰোগৰ এক প্ৰধান বাহক। পানীৰপৰা হ’ব পৰা কিছুমান ৰোগ এনেধৰণৰ-কলেৰা, হাইজা, টাইফয়েড, ডিছেট্ৰি, ডায়েৰিয়া, জণ্ডিচ ইত্যাদি। প্ৰদূষিত পানীৰদ্বাৰা উদ্ভিদ আৰু প্ৰাণী উভয়ে বেয়াকৈ প্ৰভাৱিত হয়।

জল প্ৰদূষণ নিয়ন্ত্ৰণ (Prevention and Control of Water Pollution):- বিভিন্ন উপায় অৱলম্বন কৰি জল প্ৰদূষণ নিয়ন্ত্ৰণ কৰিব পাৰি; তেনেবোৰ উপায়ৰ ভিতৰত আছে:

(i) নলা-নৰ্দমাৰ পানী নদী বা আন ভাণ্ডাৰত পেলাই নিদি প্ৰথমে পৰিষ্কাৰ কৰিব লাগে আৰু বিশেষ ধৰণৰ কাৰখানাত জীৱাণুমুক্ত কৰি ব্যৱহাৰ উপযোগী কৰি ল’ব লাগে।

(ii) পেলনীয়া আৱৰ্জনাবোৰ এনেয়ে পেলাই নিদি যিমানদূৰ সম্ভৱ পুনঃ পুনঃ ব্যৱহাৰ কৰিব লাগে আৰু সিবোৰৰপৰা জৈৱ গেছ, সাৰ আদি উৎপন্ন কৰিব লাগে।

(iii) খেতি-পথাৰত কীটনাশক সাৰ আদিৰ প্ৰয়োগ বিজ্ঞানসন্মতভাৱে কৰিব লাগে।

(iv) পানী মেটেকাই (Water Hyacinth) প্ৰদূষিত কৰা পানীৰপৰা জৈৱ আৰু ৰাসায়নিক প্ৰদূষক আতৰাব পাৰে আৰু কেডমিয়ামৰ দৰে গধুৰ ধাতু আতৰাব পাৰে।

(v) কাৰখানাবোৰত প্ৰশীতক স্তম্ভ ব্যৱহাৰ কৰি পেলনীয়া গৰম পানী ঠাণ্ডা কৰি ল’লে তাপীয় প্ৰদূষণ হ্ৰাস পায়।

পানীৰ সংৰক্ষণ আৰু পুনঃ চক্ৰীকৰণ (Conservation and Recycling of Water):- পানীৰ সংৰক্ষণ কৰাৰ প্ৰথম ব্যৱস্থা হৈছে পানীৰ অপচয় ৰোধ কৰা। পানী প্ৰকৃতিৰপৰা আহে, মানুহে উৎপন্ন নকৰে, গতিকে সংৰক্ষণ কৰাৰ উদ্দেশ্য কিছুমান ব্যৱস্থা উদ্ভাৱন কৰা হৈছে।

(ক) ঘৰত ব্যৱহাৰ কৰা পানী জমা কৰি সেই পানী ফিল্টাৰ কৰিব লাগে আৰু আন কামত ব্যৱহাৰ কৰিব লাগে।

(খ) ঘৰৰ পেলনীয়া পানী বা বৰষুণৰ পানী নলা-নৰ্দমাৰে বৈ যাব দিব নালাগে, দ গাত খান্দি তাত জমা কৰিব লাগে।

(গ) সুবিধা মতে বৰষুণৰ পানী সংগ্ৰহ কৰি ষ্টোৰেজ টেংকত জমা কৰিব লাগে আৰু বীজানুমুক্ত কৰাৰ পিছত সেই পানী ঘৰৰ কামত পুনৰ ব্যৱহাৰ কৰিব লাগে।

(ঘ) এইবোৰ পদ্ধতিৰে পানীৰ অপচয় হ্ৰাস কৰিব পাৰিলে ভূতল জলৰ স্তৰো বৃদ্ধি হয় আৰু খৰালি দিনত পানীৰ নাটনি কম হয়। বেছিকৈ পাব পৰা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top