আমাৰ প্ৰয়োজন – Our Needs (বায়ু, পানী, মাটি, খাদ্য, আশ্ৰয়, বস্ত্ৰ)

আমাৰ প্ৰয়োজন – Our Needs (বায়ু, পানী, মাটি, খাদ্য, আশ্ৰয়, বস্ত্ৰ – Air, Water, Soil, Food, Shelter, Clothes) is the TET Notes to each chapter is provided in the list so that you can easily browse throughout different TET syllabus wise notes for আমাৰ প্ৰয়োজন – Our Needs (বায়ু, পানী, মাটি, খাদ্য, আশ্ৰয়, বস্ত্ৰ – Air, Water, Soil, Food, Shelter, Clothes).

আমাৰ প্ৰয়োজন – Our Needs

Join Telegram channel

Table of Contents

Also, you can read the Assam TET online notes in these sections as per Assam TET Syllabus guidelines. These notes are part of Assam TET All Subject. Here we have given Assam TET আমাৰ প্ৰয়োজন – Our Needs (বায়ু, পানী, মাটি, খাদ্য, আশ্ৰয়, বস্ত্ৰ – Air, Water, Soil, Food, Shelter, Clothes) for All notes, You can practice these here.

আমাৰ প্ৰয়োজন

ENVIRONMENTAL STUDIES

আমাৰ প্ৰয়োজন – Our Needs

সকলো জীৱে উশাহ লয়; জৈৱিক কাৰ্যবোৰৰ বাবে সকলো জীৱকে শক্তি লাগে। খাদ্যৰপৰা পোৱা অণুবোৰ জাৰণ কৰি এই শক্তি পোৱা যায়। পুষ্টিযোগানকাৰী অণুবোৰ (যেনে-গ্লুক’জ) অক্সিজেনৰ সহায়ত বিযোজন কৰি এই শক্তি পোৱা যায়। বায়ু আৰু জীৱকোষৰ মাজত অক্সিজেন আৰু কাৰ্বন ডাই-অক্সাইডৰ আদান-প্ৰদান ঘটি থাকে; এই প্ৰক্ৰিয়াটোৰ নাম শ্বসন (respiration)। উদ্ভিদে বায়ুৰপৰা কাৰ্বন ডাই-অক্সাইড গ্ৰহণ কৰে আৰু বায়ুলৈ অক্সিজেন এৰি দিয়ে। প্ৰাণীয়ে শ্বসন প্ৰক্ৰিয়াত বায়ুৰপৰা অক্সিজেন গ্ৰহণ কৰে আৰু বায়ুলৈ কাৰ্বন ডাই-অক্সাইড এৰি দিয়ে। গতিকে স্বাস্থ্যকৰ জীৱনৰ কাৰণে উদ্ভিদ আৰু প্ৰাণী উভয়কে পৰিষ্কাৰ বায়ুৰ প্ৰয়োজন।

জীৱৰ কাৰণে পানীও অত্যাৱশ্যকীয়। জীৱৰ জৈৱিক প্ৰক্ৰিয়াবোৰ ঘাইকৈ জলভিত্তিক। মানুহে পানী খায়, পানীৰে ভাত ৰান্ধে, কাপোৰ ধোৱে, গা ধোৱে আৰু জলপৰিবহন হৈছে এক অতি গুৰুত্বপূৰ্ণ পৰিবহন পদ্ধতি। খেতিৰ কামত আৰু উদ্যোগসমূহ পানী যথেষ্ট পৰিমাণে ব্যৱহাৰ হয়। আনহাতে পানীয়ে ভূ-পৃষ্ঠৰ আকৃতিও নিৰ্দাৰণ কৰে আৰু বিশেষকৈ জলবায়ু নিয়ন্ত্ৰণ কৰে। এইবোৰ কাৰণতে পানী হৈছে এবিধ অতি গুৰুত্বপূৰ্ণ প্ৰাকৃতিক সম্পদ আৰু এই সম্পদ যথাযথভাৱে থকাটো সকলোৰে কাম্য।

মানুহৰ বাবে অত্যাৱশ্যকীয় আন তিনিবিধ উপাদান হৈছে খাদ্য, কাপোৰ আৰু ইন্ধন (Food,  Fibre and Fuel)। খেতি কৰি মানুহে খাদ্যবস্তু উৎপন্ন কৰে, কপাহ, ঊল আদি উৎপন্ন কৰে, আৰু বনাঞ্চলৰ পৰা খৰি পায়। অৱশ্যে খেতিৰ মাটিৰ পৰিমাণ সীমিত হোৱা কাৰণে সেই মাটিৰ সৎ ব্যৱহাৰ কৰাটো অতি আৱশ্যকীয়।

মানুহৰ প্ৰধান খাদ্য শস্যৰ ভিতৰত গমধান, যৱধান, ধান, মাকৈ, আলু, নানা প্ৰকাৰৰ দাইল, মাহজাতীয় শস্য, শাক-পাচলি আদি প্ৰধান। অৱশ্যে খাদ্যৰ তালিকাত গমধান আৰু ধান সৰ্বোচ্চ পৰ্য্যায়ত থাকে। বিশ্বখাদ্য আৰু কৃষি সংস্থাৰ মতে (Food and Agricultural Organisation, FAO) এজন সুস্থ মানুহে প্ৰতিদিনে গড় হিচাবত 2500 কিল’ কেলৰি সমতুল্য খাদ্য খাব লাগে। যিবোৰ মানুহে ইয়াতকৈ কম কেলৰিমূল্যৰ খাদ্য খায় তেওঁলোক নানা ধৰণৰ পুষ্টিহীনতা ৰোগত ভুগিবলগীয়া হয়। ভাৰতত প্ৰায় তিনিশ নিযুত লোক অতি কম পুষ্টিসম্পন্ন বুলি জনা যায়। গতিকে উত্তম পৰিৱেশ গঢ়ি তুলিব লাগিলে খাদ্য বস্তু সহজলভ্য হোৱা উচিত।

আশ্ৰয় আৰু বস্ত্ৰ (Shelter and Clothes):- খাদ্য বস্তুৰ লগতে মানুহক লাগে আশ্ৰয়ৰ বাবে ঘৰ অৰ্থাৎ বাসস্থান আৰু পিন্ধাৰ কাৰণে কাপোৰ। প্ৰযুক্তিৰ উন্নয়নৰ ফলত বস্ত্ৰ উদ্যোগৰ যথেষ্ট উন্নতি হৈছে। বিবিধ ষ্টাইল, বিবিধ ডিজাইনৰ কাপোৰ এতিয়া মানুহে ব্যৱহাৰ কৰিব ধৰিছে। আগৰ খেৰি ঘৰ বা মাটিৰ ঘৰৰ সলনি এতিয়া পকী ঘৰ হব ধৰিছে, পৰিকল্পিতভাৱে নগৰ-চহৰ গঢ়ি উঠিছে, পানী যোগান হৈছে, চিকিৎসাৰ সুবিধা হৈছে, শিক্ষাৰ প্ৰসাৰ হৈছে, যাতায়ত ব্যৱস্থাৰ উন্নতি হৈছে। অৱশ্যে এই সকলোবোৰ সা-সুবিধা সকলোবোৰ সমাজতে একে স্তৰত হোৱা নাই আৰু বহুক্ষেত্ৰতে প্ৰত্যশিত স্তৰ পোৱা নাই। তথাপিতো আজি কালি মানুহ অধিক সুৰক্ষিত হৈছে বুলি কব পাৰি। আনহাতে জীৱন ধাৰণৰ মান উন্নত হৈ যোৱাৰ লগে লগে প্ৰয়োজনবোৰো বাঢ়ি গৈছে। সেইবোৰ পূৰণ কৰিবলৈ গৈ অধিক কলকাৰখানা স্থাপন কৰিবলগীয়া হৈছে; কৃষি, শিক্ষা আৰু অন্যান্য ক্ষেত্ৰত ক্ৰিয়া কলাপ বৃদ্ধি কৰিবলগীয়া হৈছে। গতিকে পৰিৱেশত নতুন নতুন সমস্যাৰো উদ্ভৱ হৈছে।

1. বায়ু  (Air):-

বায়ুৰ গুৰুত্ব (importance of air)- মামুহ, জীৱ জন্তু আৰু আন প্ৰায়বোৰ জীৱৰ শ্বসন প্ৰক্ৰিয়াত বায়ুৰ গুৰুত্ব অপৰিসীম আৰু জীয়াই থকাৰ বাবে শ্বসন ক্ৰিয়া অত্যাৱশ্যকীয়। সেই কাৰণে বায়ু পৰিষ্কাৰ হোৱা উচিত। মানুহ এজনে এদিনত মুঠ যিমানখিনি বাহিৰা বস্তু দেহৰ ভিতৰলৈ নিয়ে তাৰে ওজন হিচাবত শতকৰা প্ৰায় আশীভাগ হৈছে বায়ু। গড় হিচাবত এজন মানুহে এদিনত 22,000 বাৰ উশাহ লয় আৰু প্ৰায় 16 কিল’গ্ৰাম বায়ু দেহৰ ভিতৰলৈ নিয়ে। গতিকে বায়ুমণ্ডল প্ৰদূষণমুক্ত হৈ থকাটো অতি প্ৰয়োজনীয়। ঘাইকৈ ঔদ্যোগিকৰণৰ প্ৰভাৱত বায়ুমণ্ডলত প্ৰায় তিনি হাজাৰ বিধমান নতুন ৰাসায়নিক পদাৰ্থৰ অণু অহা বুলি ধৰা পৰিছে। জন বসতিপূৰ্ণ নগৰ অঞ্চলৰ বায়ুত ছাই, গাড়ীৰ টায়াৰৰ ধূলি, এছবেষ্ট’ছৰ গুড়ি আদিও সাধাৰণ ধূলিকণাৰ লগত যথেষ্ট পৰিমাণে মিহলি হৈ থাকে।

বায়ুৰ গঠন (Composition of Air)- পৃথিৱীৰ বায়ুমণ্ডল প্ৰায় 150 কিল’মিটাৰ ডাঠ। অৱশ্যে বায়ুৰ ঘনত্ব সকলো উচ্চতাতে সমান নহয়। ওজন হিচাবত চালে বায়ুমণ্ডলত থকা মুঠ বায়ুৰ আধাতকৈও বেছি অংশ ভূ-পৃষ্ঠৰপৰা মাত্ৰ 6.4 কিল’মিটাৰ উচ্চতাতে আৱদ্ধ হৈ থাকে। ওপৰলৈ বায়ু পাতল হৈ যায়। প্ৰায় 6.4 কিল’মিটাৰ উচ্চতালৈকে থকা বায়ুৰতৰপটোৰ নাম ট্ৰপ’স্পিয়াৰ (troposphere), তাৰ ওপৰৰ তৰপটোৰ নাম ষ্ট্ৰেট’স্পিয়াৰ। বায়ুমণ্ডলত বায়ু চলাচল কৰি থাকে, তাত মেঘ থাকে আৰু উচ্চতাভেদে বায়ুৰ উষ্ণতাও বেলেগ বেলেগ হয়। ওজন হিচাবত বায়ুত 78% নাইট্ৰ’জেন আৰু 21% অক্সিজেন থাকে। ইয়াৰ উপৰিও কম পৰিমাণে আন আন গেছ থাকে।

বায়ু প্ৰদূষণ (Air pollution): কোনো ঠাইৰ বায়ুত হানিকাৰক আৰু অদৰকাৰী পদাৰ্থ হানিকাৰক পৰ্য্যায়ত জমা হ’লে সেই বায়ু প্ৰদূষিত হৈছে বুলি কোৱা হয়। প্ৰদূষিত বায়ু সেৱন কৰাৰ ফলত মানুহৰ নানা ৰোগ হব পাৰে; সেই ৰোগবোৰৰ ভিতৰত আছে- নাক, কাণ, ডিঙি, চকু আৰু হাওঁফাওঁৰ বিভিন্ন ৰোগ, কাহ, এজমা, ব্ৰকাইটিছ আৰু কেন্সাৰ আদি।

বায়ু প্ৰদূষণৰ কাৰক (Causes of Air pollution):- বায়ু প্ৰদূষণকাৰী পদাৰ্থবোৰৰ ভিতৰত আছে-

(i) বায়ুত প্ৰলম্বিত হৈ থকা ধোঁৱা, ধূলিকণা, জন্তুৰ নোম, চুলি, ফুলৰ ৰেণু ইত্যাদি।

(ii) কাৰ্বন মন’ক্সাইড, কাৰ্বন ডাই অক্সাইড, চালফাৰ অক্সাইড, হাইড্ৰ’জেন চালফাইড, নাইট্ৰে’জেন অক্সাইড আৰু আন আন কিছুমান জৈৱ আৰু অজৈৱ যৌগ মাত্ৰাধিক পৰিমাণে থকাৰ ফলতো বায়ু প্ৰদূষিত হয়। মটৰগাড়ী, উৰাজাহাজ, ৰকেট ইঞ্জিন আদি বিভিন্ন যান বাহনৰপৰা নিৰ্গত হোৱা ধোৱাৰ কাৰণেও বায়ুমণ্ডল প্ৰদূষিত হয়।

(iii) বায়ুমণ্ডলত জমা হোৱা ক্ল’ৰ’ফ্ল’ৰ’ কাৰ্বন (CFC), এয়াৰ’ছল আদি আৰু অন্যান্য তেজস্ত্ৰিয় পদাৰ্থৰ কাৰণেও বায়ু প্ৰদূষিত হয়।

প্ৰদূষণৰ প্ৰাকৃতিক কাৰণ :- বায়ু প্ৰদূষণ হোৱাৰ কাৰণ দুই প্ৰকাৰৰ- প্ৰাকৃতিক আৰু মানৱসৃষ্ট। প্ৰদূষণৰ প্ৰাকৃতিক কাৰণবোৰৰ ভিতৰত আছে- 

(i) আগ্নেয়গিৰি।

(ii) বনজুই।

(iii) বালি আৰু খনিজ পদাৰ্থ।

(iv) পচি যোৱা জৈৱ পদাৰ্থ।

(v) ফুলৰ ৰেণু।

(vi) সৌৰ ধুমুহা আৰু বিদ্যুৎ ক্ষৰণৰ (solar flares and electric discharge) ফলত উৎপন্ন হোৱা হানিকাৰক গেছ।আৰু 

(vii) ভূ-পৃষ্ঠত থকা তেজস্ত্ৰিয় পদাৰ্থ।

প্ৰদূষণৰ মানৱসৃষ্ট কাৰণ:- মানুহৰ ঔদ্যোগিক, কৃষিভিত্তিক আৰু অন্যান্য আৰ্থ সামাজিক ক্ৰিয়া কলাপৰ কাৰণে বায়ুমণ্ডল প্ৰদূষিত হৈছে। বিভিন্ন প্ৰকাৰৰ ৰাসায়নিক উদ্যোগ, যান্ত্ৰিক উদ্যোগ, কাৰখানা, কৃষি ভিত্তিক উদ্যোগ আদিৰপৰা হানিকাৰক গেছ আৰু প্ৰলম্বিত পদাৰ্থকণা ওলাই বায়ু প্ৰদূষিত কৰে। খেতিৰ বাবে বৃহৎ বনাঞ্চল জ্বলাই দিয়া কাৰণেও বায়ু প্ৰদূষিত হয়।

বায়ু প্ৰদূষণৰ কু-প্ৰভাৱ (Impact of Air Pollution):- প্ৰতিজন মানুহে গড়ে দৈনিক প্ৰায় 22,000 বাৰ উশাহ লয় আৰু পোন্ধৰৰ পৰা প্ৰায় বিশ কিল’গ্ৰাম বায়ু দেহত প্ৰৱেশ কৰে। গতিকে প্ৰদূষিত বায়ু সেৱন কৰিলে প্ৰভাৱ কি হ’ব সেইটো সহজেই অনুমেয়। প্ৰদূষিত বায়ুৰ কু-প্ৰভাৱ আন জীৱ-জন্তু তথা উদ্ভিদৰ ওপৰতো পৰে। বায়ু প্ৰদূষণৰ কাৰণে এচিড বৰষুণ (acid rain) হয়, সেউজগৃহ প্ৰভাৱৰ পৰিৱৰ্তন ঘটে, অ’জন হোল (Ozone Hole) উৎপন্ন হয়।

মানৱ সৃষ্ট প্ৰদূষণৰ কিছুমান উৎস:- (ক) যান-বাহন: মটৰ গাড়ী, ৰে’ল গাড়ী আদি বিভিন্ন যান-বাহনৰপৰা নিৰ্গত হোৱা ধোৱাৰদ্বাৰা বায়ু যথেষ্ট পৰিমাণে প্ৰদূষিত হয়। এনে ধোৱাত মিহলি হৈ থকা বিষাক্ত পদাৰ্থবোৰৰ ভিতৰত আছে- কাৰ্বন মন’ক্সাইড, চালফাৰ ডাই-অক্সাইড আৰু নাইট্ৰ’জেন অক্সাইড ইত্যাদি।

(খ) উদ্যোগ:- বিভিন্ন ৰাসায়নিক উদ্যোগৰপৰা নিৰ্গত হোৱা ধোৱাত থকা বিষাক্ত দ্ৰব্যবোৰে বায়ু প্ৰদূষিত কৰে। তেনে বিষাক্ত গেছীয় পদাৰ্থৰ ভিতৰত আছে- এচিট’ন, এম’নিয়া, বেঞ্জিন,কাৰ্বন মন’ক্সাইড, ক্ল’ৰিন, ফৰ্মেলডিহাইড, গেছ’লিন, হাইড্ৰ’ক্ল’ৰিক এচিড, চালফাৰ ডায়’ক্সাইড, নাইট্ৰ’জেন ডাই-অক্সাইড ইত্যাদি।

(গ) ইন্ধনৰ দহন আৰু অন্যান্য প্ৰযুক্তিৰ প্ৰভাৱ:- বিভিন্ন উদ্যোগ আৰু যান-বাহনত জীৱাষ্ম ইন্ধন (কয়লা, পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ) দহন কৰা হয় আৰু সেই দহনৰ ফলত বায়ুত কাৰ্বন ডাই-অক্সাইডৰ পৰিমাণ দিনে দিনে বৃদ্ধি পাই আছে। নানা প্ৰকাৰৰ জৈৱ পদাৰ্থৰ অপঘটনৰ ফলত বায়ুত মিথেন গেছৰ পৰিমাণ বৃদ্ধি হৈ আছে। প্ৰশীতক যন্ত্ৰ, শীত-তাপ নিয়ন্ত্ৰক যন্ত্ৰ আদিত ব্যৱহাৰ কৰা প্ৰশীতক তৰলৰ পৰা বায়ুমণ্ডলত তততক্ল’ৰ’ফ্ল’ৰ’ কাৰ্বন (CFC) নমৰ এবিধ জটিল যৌগৰ পৰিমাণ বৃদ্ধি হ’ব ধৰিছে।

বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ (measures to prevent air pollution):- বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবলৈ তলত দিয়া ধৰণৰ ব্যৱস্থাবোৰ গ্ৰহণ কৰিব পাৰি-

(ক) যান-বাহনবোৰত গন্ধকমুক্ত আৰু সীহমুক্ত ইন্ধন ব্যৱহাৰ কৰাৰ ব্যৱস্থা।

(খ) যান-বাহন আৰু উদ্যোগসমূহত অধিক কাৰ্যদক্ষ ইঞ্জিন ব্যৱহাৰ কৰিব লাগে।

(গ) কাৰখানাৰপৰা ওলোৱা ধোৱাবোৰ পোনে পোনে এৰি নিদি বিশেষ ধৰণৰ ফিল্টাৰৰ মাজেদি পাৰ হৈ যাব দিলে 

সেই ধোৱাত থকা প্ৰদূষণকাৰী ভালেমান পদাৰ্থ বায়ুলৈ নোযোৱাকৈ ৰাখিব পাৰি।

(ঘ) ইন্ধন শোধনকাৰী উদ্যোগসমূহৰপৰা নিৰ্গত হোৱা গেছৰ স্তৰ নিম্নতম অৱস্থাত ৰাখিব লাগে।

(ঙ) সকলোধৰণৰ উদ্যোগতে প্ৰদূষণকাৰী নিয়ন্ত্ৰক যন্ত্ৰ-পাতি স্থাপন কৰিব লাগে।

সেউজগৃহ প্ৰভাৱ (Greenhouse Effect):- পৃথিৱীয়ে সূৰ্যৰপৰা তাপ বিকীৰণ গ্ৰহণ কৰে আৰু নিজেও তাপ বিকিৰণ নিৰ্গত কৰি থাকে। আপতিত আৰু বিকিৰিত হৈ থকা তাপ শক্তিৰ মাজত সমতা থকাৰ ফলত ভূ-পৃষ্ঠৰ গড় উষ্ণতা প্ৰায় স্থিৰে থাকে। বায়ুমণ্ডলত থকা কাৰ্বন ডাই-অক্সাইড গেছ, মিথেন, জলীয় ভাপ আদিয়ে ভূ-পৃষ্ঠৰপৰা বিকিৰিত হোৱা তাপ শক্তি বাহিৰ ওলাই যোৱাত কিছু বাধা আৰোপ কৰে। কিন্তু ভূ-পৃষ্ঠৰপৰা বিকীৰিত তাপ মুক্তভাৱে ওলাই যাব পাৰিলে, পৃথিৱীৰ গড় উষ্ণতা কমি যাব আৰু পৃথিৱীখন নিশাৰ ভাগত অতিশীতল (প্ৰায়- 18°C) হৈ পৰিব। বায়ুত থকা এই গেছবোৰক সেউজগৃহ গেছ বোলে আৰু এই গেছে সেউজগৃহ এটাত থকা কাচৰ বেৰৰ দৰে কাম কৰে। অৰ্থাৎ গেছবোৰে বাহিৰৰ পৰা বিকিৰণ ভূ-পৃষ্ঠত পৰিবলৈ দিয়ে। কিন্তু ভূ-পৃষ্ঠৰপৰা বিকিৰণ বাহিৰ ওলাই যোৱাত বাধা দিয়ে। বায়ু প্ৰদূষণৰ ফলত সেউজগৃহ গেছৰ পৰিমাণ ক্ৰমান্বয়ে বাঢ়ি গৈছে আৰু সেই কাৰণে পৃথিৱীৰ গড় উষ্ণতা লাহে লাহে বৃদ্ধি পাব ধৰিছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top