নোমল আৰু সোণপাহী | Numal and Hunpahi

নোমল আৰু সোণপাহী – ককাদেউতা আৰু নাতি ল’ৰা সাধু কবিতা পুথিৰ পৰা সংগ্ৰহ, Numal and Hunpahi In Assamese Story

Join Telegram channel

লক্ষ্মীনাথ বেজবৰুৱা

এখন গাঁৱত এহাল মতা মাইকী আছিল । মতাটোৰ নাম ৰুদাই আৰু মাইকীজনীৰ নাম ডাবহী । সিহঁতহাল বৰ মিলা প্ৰীতিৰে ঘৰ বাৰী কৰি আছিল । ঘৈণীয়েকে পুৱাই উঠি ঘৰ চোতাল সাৰি মচি বৰ পৰিষ্কাৰকৈ ৰাখি ৰন্ধা বঢ়া কামত লাগে; ইপিনে গিৰিয়েকটোৱেও সেইদৰে পুৱাতে উঠি বাৰী ঘৰ চুকুণাই বতৰৰ খেতিত লাগে । দুয়ো বহি শুই নাথাকি মাইকীয়ে মাইকীৰ বন আৰু মতাই মতাৰ বন কৰি থাকে । বাৰীত সকলো বিধৰ শস্য ৰুই লৈছিল ; আম , কঁঠাল , লেটেকু, পনিয়ল , পাণ , তামোল , টেঙা , কল আদি একো নোহোৱা নাছিল । হাঁহ , পাৰ , গৰু গাই , মহ , ছাগলী সকলো ৰাখি দুয়ো মহা সুখে সন্তোষে গৃহবাস কৰিছিল । মুগা এড়ি পুহি কাপোৰ কানিৰ ফালেও লেহেৰা নাছিল ; কাৰণ মাইকীজনী বোৱা কটাত বৰ পাৰ্গত আছিল । মুঠতে কবলৈ গলে ৰুদাইক তাৰ গাঁৱত চহকী বুলিব লাগে , তাৰ ভাতে ভঁৰালে সম্পূৰ্ণ আছিল ।

সিহঁতহালৰ ছটা লৰা হল , – সিহঁতৰ নাম ৰহাই , ৰঙাই , ৰসাই , ৰসাই , ৰঞ্জন , ৰণু আৰু নোমল । ছোৱালী হোৱা নাছিল। সিহঁত কেউটাও মাক বাবেকৰ দেখি বৰ বনুৱা হৈছিল । নোমল পেট মোছা বাবে সকলোৰে মৰমৰ আছিল ; সি ইকিটা লৰাতকৈ দেখিনিয়াৰও আছিল । সেইবোৰ মাক বাপেক আৰু ককায়েকহঁতে তাক বন বাৰি কৰিবলৈ নিদি ৰজাৰ কোঁৱৰৰ দৰে তুলিছিল । মাক বাপেকে ক্ৰমে পাঁচোটালৈ বিয়া কৰাই ছোৱালী আনিলে । বাপেকে নোমলৰ জোখাই ছোৱালী বিচাৰি অনেক গাঁৱলৈ গৈ শেহত সোণপাহী নামে ছোৱালী এটি পাই নোমললৈ বিয়া কৰালে । সোণপাহী যি সোণপাহীয়েই – নামত যেনে গুণতো তেনে । পাঁচোটা পুতেকে আৰু সিহঁতৰ ঘৈণীয়েকহঁতে ঘৰৰ বাজৰ সকলো বন বাৰি কৰি দোপতদোপে ঘৰখন ওপৰলৈ তুলিলে । তেওঁলোকে নোমলক যেনেকৈ এডাল কুটা দুডাল কৰিবলৈ নিদি অতি আলসুৱা কৰিছিল সেইদৰে তাৰ ঘৈণীয়েক সোণপাহীকো শাহুৱেক আৰু জাক কীজনীয়ে মূৰৰ ফুলৰ দৰে ঘৰৰ ভিতৰত ৰাখিছিল ; কাৰণ তাই এজনী তাঁত সূতত বৰ কাজী আছিল ।

নোমল আৰু সোণপাহী

লাহে লাহে ৰুদাই ডাবহী পো বোৱাৰী নাতি পুতিৰে একুৰি যোলটা হল এনে স্থলত মানুহে ভাবিব পাৰে যে ৰুদাই ডাবহীয়ে ৰঙা ৰাণীৰ দৰে বহি থাকি পো বোৱাৰীৰ ওপৰত খাবলৈ ধৰিলে ; কিন্তু ৰুদাই ডাৱহী তেনে বিধৰ মানুহ নাছিল । সকলো কামতে বুঢ়া বুঢ়ীহে আগ , ডেকা গাভৰুসকল তেওঁলোকৰ পাছে পাছেহে গৈছিল । এদিন ৰুদাই হাঁহ পাৰ মৰাই ৰৌ চিতল অনাই , গাখীৰ গুড় গোটাই লৰাকিটাৰে দেখা শুনাকৈ সুন্দৰৰূপে ভাত এসাজ খাবৰ আয়োজন কৰি ঘৈণীয়েকক ৰান্ধিবলৈ দিলে । ঘৈণীয়েকে নানাৰকমৰ মচলা দি ভজা পোৰা মাছ মঙহ , মাহ , আদখৰীয়া , টেঙাদিয়া আদি সুন্দৰৰূপে ৰান্ধি ৰুদাই আৰু পুতেকহঁতক খুৱাই , শেহত বোৱাৰীয়েকহঁতৰ লগত নিজে খালে । ইপিনে ৰুদায়ে চৰাঘৰত বহি তামোলৰ বটা আগত লৈ সকলোটিকে গোটাই সুধিলে , “বোপাহত ! মই আজি কিয় এইদৰে ভোজ খালোঁ , তহঁতে ইয়াৰ কিবা জান নে ?” সিহঁতে কলে , “পিতাদেউ ! আমি ইয়াৰ একো সম্ভেদ নাপাওঁ ; আপুনি কলেহে জানিব পৰিমহক ।” ৰুদায়ে কলে , “মই তহঁতক যি সুধিম সেই কথা ভালকৈ গমি সঁচা কবি ।  বোপা ৰহাই , কচোন বাৰু , তই কাৰ যহত নো চাউল কঠা খাইছ ?” সি কলে “পিতা ! মই ঠিককৈ কৈছোঁ আপোনাৰ যহতেহে খাইছোঁ ।” এইদৰে তাৰ পিছৰ চাৰিটাক সুধিলত সিহঁতেও ৰহায়ে কোৱা কথাকে কলে । সেই উত্তৰত ৰুদায়ে বৰ সন্তোষ পালে । শেহত নুমলীয়া পুতেক নোমলক ৰুদায়ে সুধিলে , “বোপা ! তই কচোন , কাৰ বলত নো চাউল কঠা খাইছে ?” নোমল একে আশাৰে কৈ উঠিল , “পিতাদেউ , কোনো কাৰ বলত খাব পাৰে ? সকলোৱে আপোন বলতহে খায় ।” তাৰ ঘৈণীয়েক সোণপাহীয়েও গিৰিয়েকে কোৱা কথাকে কলে । তেতিয়া ৰুদাইৰ মূৰত ব্ৰজপাত হোৱাৰ দৰে হৈ সি কিছুমান পৰ তবধ লাগি থাকি বৰ বেজাৰেৰে ডাবহীৰ ফালে চাই কলে , “হেৰ ! ভাল পো ফুঁকাইছিলি ! আৰু ভাল পোলৈ ভাল বোৱাৰী বাছি বাছি আনিছিলি ! ইহঁতহালে হেনো আপোন বলতহে খাইছে ! সিহঁতক আমি লেদেনা উকটি ডাঙৰ দীঘল মিছাতেহে কৰিছোঁ । এতেকে হেৰ বোপা নোমল ! তই এতিয়াই ঘৈণীয়েকৰে সৈতে মোৰ ঘৰৰ পৰা ওলাই যা , আৰু এখন্তেকো তহঁতৰ মুখ চাব নোখোজোঁ । তহঁত বৰ আগুণকাৰী ! অতি অকৃতজ্ঞ !” বাপেকৰ হুকুম শুনি সিহঁতসাল পিন্ধি থকা সাজেৰেই বাহিৰ ওলাল । মাক আৰু ককায়েকহঁতে সেইপিনে মৰা মুছা হৈ থাকি সিহঁতক একো হকা বধা নিদি যাবলৈ দিলে , কাৰণ ভাবিছিল সিহঁত কলৈ যাব ? এতিয়াই উভতি আহিব ।

Numal and Hunpahi In Assamese Story

নোমল সোণপাহী ঘৰৰ বাহিৰ ওলাই বাট পালেগৈ ; এনেতে নোমলে ঘৈণীয়েকক কলে , “তুমি কোনো দিন ভিতৰৰ পৰা বাজ ওলোৱা নাছিলা ; দুখ কাক বোলে তাক নাজানা । মই কবলৈ হলে তুমি তোমাৰ মাৰা বাপেৰাৰ ঘৰলৈকে যোৱা । মই মতা মানুহ , মোলৈ একো চিন্তা নকৰিবা । ভালে কুশলে থাকিলে দুইৰো পুনৰ দেখা দেখি হব ।” সোণপাহীয়ে চকুলো টুকি কলে – “বোপাই আয়ে মোক তোমাৰ চৰণৰ তলত মৰিবলৈ বুলিয়েই দিলে , এতিয়া তোমাৰ যি গতি মোৰো সেয়ে গতি । এনে সংকটত মই তোমাক এৰি যাব নোৱাৰোঁ ।” নোমলে বোলে , “কত হাবিয়ে বননীয়ে দেশে বিদেশে মই ফুৰিব লাগিব , তুমি মোৰ সহায় হৈ মহা বিপদহে ঘটাবা । এতেকে মই আকৌ তোমাক কৈছোঁ , তুমি মাৰা বাপেৰাৰ ঘৰলৈ গৈ সুখেৰে থাকগৈ ।’ সোণপাহীয়ে বোলে “তোমাৰ লগত থাকি তোমাৰ শুশ্ৰূষা কৰিবলৈ পালে মোৰ মনত অৰণ্যই অমৰাৱতী ; মোৰ নিমিত্তে তুমি যত শোৱা ময়ো তাতে শুম । মাথোন তোমাৰ দৰ্শন পাই থাকিলেই মোৰ সন্তোষ আৰু সেই সন্তোষ অন্য কোনো ঠাইত পাপ নোৱাৰোঁ ।” নোমলে অনেক বুজালে তথাপি সোণপাহী মন ঘুৰাব নোৱেৰিলে । দেশত সি আন উপায় নেদেখি ঘৈণীয়েকক লগত নিয়াই যুগুত ভাবি দুয়ো খোজ ললে ; কিন্তু কলৈ কি মনেৰে একো থিৰ নাই ।

এইদৰে হাবিৰ হাবিয়ে অকলশৰে মতা মাইকীহালি গৈ বেলি পৰিবৰ সময়ত নৈ একসমৰ পাতৰ থকা বৰগছগ এজোপাৰ তলত বহিলগৈ । বহা মাত্ৰকে নোমলৰ টোপনি আহিল । সোণপাহীয়ে নৈত হাত মুখ ধুবলৈ গৈ মানুহৰ খোজ দেখা পাই খোজৰ চিনে চিনে গৈ নৈৰ দাঁতিৰ হাবিৰ মাজত ঘৰ এটা পালেগৈ । তাতে বুঢ়া বুঢ়ী এহাল থাকে । তাত সিহঁতে মাটি ভাঙি খেতি পথাৰ কৰি খাই বৈ আছে । এনেতে বুঢ়ীয়ে ঘৰৰ বাজলৈ ওলাই সোণপাহীক দেখি থৰ লাগি ৰল , আৰু কৰযোৰ কৰি কবলৈ ধৰিলে , “হে বনৰ মাতৃ ! আপুনি কিয় দৰ্শন দিছেহি ? আমি নিৰাশ্ৰয় বুঢ়া বুঢ়ী হাবিৰ মাজত পৰি আছোঁ । আপোনাক কি দি সন্তোষ লগাম ।” সোণপাহীয়ে লাহেকৈ , “আই , মই দেও ভূত একো নহওঁ , ভয় নাখাব , মানুহৰ পোৱালিহে ; গিৰিহঁতেৰে সৈতে আহি এমাহমান হাবিয়ে হাবিয়ে ফল মূল খাই আহি বৰগছজোপাৰ তলত জিৰাওঁতে গিৰিহঁতৰ ভোকে ভাগৰে তাতে টোপনি আহিল ; মই নৈত হাত মুখ ধুবলৈ আহোঁতে মানুহৰ খোজ দেখি চিনে চিনে আহি এইখিনি পাইছোহি । খাবৰ কিবা আছে যদি অলপ দি আমাৰ প্ৰাণ ৰক্ষা কৰক ।” বুঢ়ীয়ে অতি সুন্দৰী গাভৰু ছোৱালীটি দেখি তাইলৈ মৰম লাগি তাইক ঘৰৰ ভিতৰলৈ মাতি নি বহুৱালে আৰু কলে , “আমাৰও কেও কিছু নাই । আমাক বয় বস্তু ভাতে ভঁৰালে ঈশ্বৰে সকলো দিছে , কিন্তু আমাৰ অবিহনে খাওঁতাহে নিদিলে । এতিয়া তোমালোকো নিৰাশ্ৰয় হৈ আহিছা , এতেকে আমাৰ লগতে থাকা , একো দুখ নোপোৱা ।” সোণপাহীয়ে কলে , “সেইবোৰ কথা পিছত পাতিম , সম্প্ৰতি যা জলপান এটা দিয়ক , মই লৈ গৈ গিৰিহঁতক খুৱাও । তেওঁৰ ভোকত লালকাল হৈ পৰি আছে ।” বুঢ়ীয়ে লৰালৰি কৰি জলপান এটা যতাই সোণপাহীৰ হাতত দিলত সোণপাহীয়ে লৈ গৈ গিৰিয়েকক জগাই খুৱাই বুঢ়ীয়ে কোৱা কথাবোৰ কলে । তেতিয়া নোমল সোণপাহী দুয়ো বুঢ়া বুঢ়ীৰ ঘৰত ওলালহি । বুঢ়া বুঢ়ীয়ে দুইকো আঁকোৱাল মাৰি ধৰি কলে , “তোমালোকক ইয়ালৈ ঈশ্বৰে পঠাইছে । তোমালোকেই আমাৰ লৰা ছোৱালী হলা আৰু তোমালোকেই আমাৰ মুখত পানী এটোপা দি মাৰিবা বুলি আশা কৰিলোঁ ।”

বহি শুই আমনি লাগি সোণপাহীয়ে এদিন বুঢ়াক কলে যে তেওঁ ববকাটিব পাৰে , এতেকে তাত ববলৈ ঘৰ এটা সাজি দিব লাগে । বুঢ়াই পাছদিনাই তাঁতৰ ঘৰ সাজি দি বুঢ়ীৰ তাঁতশালযোৰকে সোণপাহীক দিলে । সোণপাহীয়ে তাঁত বাটি কৰি এখন অপূৰ্ব পাটৰ কাপোৰ লগালে । কাপোৰখন ছমাহে বৈ অটালৈ আৰু তাক বাঁহৰ চুঙা এটাত সোমাই থলে । বাৰিষা হলে সেইখন নৈয়েদি দুখন এখন বেহেৰুৱা নাও সেইপিনে যায় ; সেইবোৰো এখন আহি সিহঁতৰ ঘাটলৈ বান্ধিলে । তেতিয়া সোণপাহীয়ে নোমলক কলে যে “কাপোৰখন লৈ গৈ ৰজাক বেচিলে ভাল দাম পোৱা যাব । এতেকে এটা নাৱতে উঠি মুদৈৰ লগত যোৱা , নাৱৰ যি ভোৰোণ লাগিব কাপোৰ বেচি ধন পালে পিছত তাক দিবা ।” ঘৈণীয়েকৰ কথামতে নোমলে মুদৈক কলত মুদৈয়ে তাতে সন্মত হৈ নোমলক নাৱত তুলি ললে ।

ৰজাৰ নগৰ তাৰপৰা তিনি দিন তিনি ৰাতিয়ে পোৱা যায় । নগৰ পাই ঘাটত নাও বান্ধিলত ভাত পানী খাই বৈ নোমল ৰজা ঘৰলৈ গল ; কিন্তু ৰজাঘৰৰ আও ভাও নজনা গতিকে সি তিনি দিন অহা যোৱাহে কৰিলে । শেহত তাৰ ওপৰত ৰাজবিষয়া এজনৰ চকু পৰিলত নোমলক তেওঁ মতাই নি সি কৰপৰা আহিছে , কি লাগে বুলি সুধিলে । তেতিয়া নোমলে ৰাজযোগ্য কাপোৰ এখন বেচিবলৈ আহিছোঁ বুলি কলত তাক তেওঁ ৰজাৰ ওচৰলৈ লৈ গল । ৰজাই কাপোৰখন দেখি সুধিলে , “কাপোৰ কোনে বৈছিল ?” নোমলে বোলে “কাপোৰ কোনে বৈছিল মই কব নোৱাৰো ; মাথোন বোপাইৰ সম্পত্তি ভাগ কৰোঁতে মোৰ ভাগত মই সেই কাপোৰখন পাইছিলোঁ ।” তেতিয়া ৰজাই কাপোৰখন লৈ তাক সোণ এচৰু আৰু ৰূপ এচৰু দি বিদায় দিলে । নোমলে ৰজাৰ নগৰ চাবলৈ দিনদুয়েক তাতে থাকিল । 

ৰজাই কাপোৰ কিনোতে যুৱৰাজ সভাতে আছিল । তেওঁ কাপোৰখন দেখি ভাবিলে যে শিপিনীজনী কি মাৰাত্মক মাইকী । নোমলে শিপিনীৰ কথা কব নোৱাৰে বুলি কৈছে জানি যুৱৰাজে নাৱৰীয়াক মতাই আনি অলপ বঁটা দি মনে মনে সুধিলতে নাৱৰীয়াই কলে যে নোমলৰ ঘৈণীয়েকেই সেই কাপোৰ বৈছে । তেতিয়া যুৱৰাজে তাক কলে , “সেই মানুহজনী মোক আনি দিব পাৰিলে তোক উপযুক্ত বঁটা দিম ।” নাৱৰীয়াই সোণপাহীয়ে নোমলক আহিবৰ সময়ত আঙঠি এটা দি যি কথা কৈছিল সেই কথা শুনি আছিল , সেইদেখি সি এতিয়া যুৱৰাজক কলে যে , সেই আঙুঠিটো নোমলৰ হাতৰপৰা আনি তাক দিলেই সি সোণপাহীক আনি দিব পাৰিব । ৰজাৰ লৰাই এনেক প্ৰবন্ধ কৰি নোমল ৰ হাতৰ পৰা আঙঠি অনাই নাৱৰীয়াক দি সোণপাহী ক আনিবলৈ পঠিয়াই দিলে ।

নাৱৰীয়াই গৈ সোণপাহীক আঙঠি দিলত তাই জানিলে যে গিৰিয়েকৰ কিবা হৈছে । এতেকে বুঢ়া বুঢ়ীৰ ওচৰত বিদায় লৈ তাই নাৱৰীয়াৰ লগত নাৱত উঠি গল । ইপিনে নোমলেও ৰজাৰ নগৰ চাই অতাই নাও মেলি দিলে । সোণপাহী গৈ ৰজাৰ নগৰ পালত তাইক যুৱৰাজৰ ওচৰলৈ লৈ যোৱা হল । যুৱৰাজে তাইৰ ৰূপ দেখি মোহ গৈ কলে , “হেৰা গাভৰু । তুমি ভিকহুৰ যোগ্য বস্তু নোহোৱা । তুমি ৰজাৰ যোগ্যহে ; এতেকে মোৰ লগত মহা সুখে থাকা ।” সোণপাহীয়ে তেতিয়া ঠগত পৰিলোঁ বুলি জানি কি কৰিম কলৈ যাম লগাই , পিছত ধৈৰ্য্য ধৰি সতীত্ব ৰাখিবৰ নিমিত্তে ঈশ্বৰৰ চৰণত শৰণ লৈ কলে , “যুৱৰাজ ! মই আপোনাৰ বেটিৰ যোগ্যও নহওঁ , তদুপৰি এজনৰ বিবাহিতা তিৰোতা । এতেকে পৰস্ত্ৰীলৈ চকু দিয়া আপোনাৰ উচিত কাম নহয় ।” যুৱৰাজে সেইবোৰ যুক্তিলৈ আও কাণ কৰি সোণপাহী ক হাতত ধৰি নি নিজৰ কোঠালিত সুমুৱালেগৈ । তেতিয়া সোণপাহীয়ে ধৈৰ্য্য ধৰি কুহুলিয়াই কুহুলিয়াই তেওঁৰ পৰা নোমল ৰ কথাবোৰ জানি ললে । সোণপাহীয়ে লগত দৰব জাতি লৈ আহিছিল ; তাৰে দৰবৰ তেল যুৱৰাজৰ গাত ঘঁহি দিয়াত যুৱৰাজৰ দুৰ্ঘোৰ টোপনি আহিল । সোণপাহীয়ে দুপৰ নিশাৰ পাছত লাহেকৈ খিড়িকী মেলি বাহিৰলৈ ওলাল ; কিন্তু বাটৰ একো দিহা নজনা বাবে পিৰালিতে মনে মনে বহি আছিল । শেহপৰ নিশাত চোৰ সাতোটাই চুৰ কৰিবলৈ তালৈকে আহিছিল । সিহঁতক কোনোৱাই ধৰিবলৈ অহা ভাবি বম্বাশৱদে লৰ মাৰিলে । সোণপাহীও সিহঁতৰ পাছে পাছে লৰি গল । পুৱতি নিশা হলত চুৰহঁতে উভতি চাই দেখে মতা মানুহ নহয় , এজনী দিপলিপ গাভৰুহে । তেতিয়া সিহঁত সাঁতোটাই উভতি এটাই বোলে মই নিও ইটোৱে বোলে মই নিও, সিটোৱে বোলে মই নিও এইবুলি তাইক কঢ়া আজোৰা লগালে । সোণপাহীয়ে অলপো ভয় নাখাই সিহঁতক কলে , “তহঁতে মিছাতে দ্বন্দ্ব হাঁই কৰি মৰিছ কেলৈ ? মই কওঁ শুন , কেউটাই লৰ মাৰি গৈ সৌ ৰিণিকি ৰিণিকি দেখা বৰগছজোপা যেয়ে আগেয়ে চুবি মই তালৈকে যাম ।” সিহঁত সেই কথাত মান্তি হৈ লৰ মাৰিলে । ইপিনে সোণপাহী চাউৎ কৰে হাবিৰ মাজত সোমাই পলাল । সিফালে ৰজাৰ লৰাই সাৰ পাই দেখে যে সোণপাহী নাই । তেতিয়া চাৰিওফালে তেওঁ পিত্ পিত্কৈ বিচাৰিও সোণপাহীক নাপাই নাও লৈ বিচাৰি ওলাল । চোৰহতেও উভতি আহি মাইকীজনীক নাপাই তাই সিহঁতক ইমান ফাঁকি দিলে বুলি নিজকে ধিককাৰ দি নাও লৈ তাইক বিচাৰি ওলাল ।

গিৰিয়েক নোমলে বুঢ়া বুঢ়ীৰ ঘৰ পাই দেখে যে সোণপাহীও নাই , বুঢ়া – বুঢ়ীও নাই । ঘৰ বাৰী নি:পাল । সোণপাহী নাৱৰীয়াৰ লগত যোৱাৰ পাছদিনাই হাইজা হৈ বুঢ়া বুঢ়ী হালিয়েই মৰি আছে । নোমল কান্দি কান্দি ঘৈণীয়েকক বিচাৰি সেই নাৱতে আকৌ উঠিল ।

ইপিনে সোণপাহীয়ে হাবিয়ে হাবিয়ে গৈ গৈ এখন নৈৰ পাৰত ওলাল দেখে যে মুদৈ এটাই নাৱৰপৰা নামি ধপাত খাই বালিতে বহি আছে আৰু নাৱৰীয়াকিটা নাৱৰ ভিতৰত শুই আছে । মুদৈয়ে ঘূৰি চাই দেখে যে এজনী চিকুণ গাভৰু ছোৱালী । তাইক সি সুধিলে , “তুমি কোন ? এনে অৱস্থাৰে হাবিৰ মাজত কিয় ফুৰিছা ?” তাই কলে , “মই অনাথিনী , মোৰ গিৰিহঁতক বিচাৰি ফুৰিছোঁ ।” মুদৈয়ে কলে , “তেন্তে ভালেই হল ; মোৰ নাৱত বলা , মোৰে সৈতে গৃহবাস কৰি থাকিবা ।” সোণপাহীয়ে ভাবিলে আৰু অকলশৰে হাবিয়ে ফুৰা বৰ টান , এতেকে মুদৈক কলে যে তাইৰ এটা ব্ৰত আছে , সেই ব্ৰতৰ কাৰণে উপহাৰ বস্তু গোটাই আনি দি যেয়ে কাৰ্য কৰাই দিয়াব তাই তেওঁলৈকে যাব , এই বুলি অংগীকাৰ কৰা আছে । মুদৈয়ে কলে , “সেইটো একো টান কথা নহয় ; মই এতিয়াই মানুহ এটা লৈ গাঁৱলৈ যাওঁ , গধূলিকৈ ঘূৰি আহিম , তুমি থাকা ।” মুদৈ গলত সোণপাহীয়ে নাৱত সোমাই দেখিলে যে মুদৈটো ডকাইত , তাৰ নানাৰকমৰ সাজ পাৰ আছে । তাই তাৰে এটা উলিয়াই পিন্ধি , নাৱৰীয়াকেটা শুই উঠিলত সিহঁতক নাও মেলি দিবলৈ কলে । সিহঁতে ভাবিলে যে মুদৈয়েহে নাও মেলিবলৈ কৈছে । গধূলি মুদৈ আহি ঘাটত নাও নাপাই , মাইকী এজনীয়ে তাক ইমান ছল কৰিলে বুলি জানি মূৰে কপালে হাত দি বহিল । কিছুপৰ সি এইদৰে থাকি অইন এখন বেহেৰুৱা নাৱত উঠি সোণপাহীক বিচাৰি ওলাল ।

ইপিনে সোণপাহীয়ে মতাৰ সাজ পিন্ধি মুদৈৰ ভাও জুৰি নাৱেদি ভটিয়াই এক ৰজাৰ নগৰ পালেগৈ আৰু ৰজাৰ ঘাটত নাও বান্ধিলে । সেই দেশত এজন ৰজা আৰু তেওঁৰ এজনী ভনীয়েক আছিল । সোণপাহীয়ে নিজক আন দেশৰ ৰজাৰ কুমাৰ বুলি প্ৰচাৰ কৰি মাজে সময়ে ৰজাৰ  লগত দেখা কৰিবলৈ গৈছিল । পাছে ক্ৰমে ভাও জোৰা ৰাজকুমাৰেৰে সৈতে ৰজাৰ বৰ বন্ধুত্ব হল । তাতে সেই দেশৰ ৰজাই তেওঁৰ ভনীয়েকটিক ৰাজকুমাৰলৈ বিয়া দিবৰ প্ৰস্তাৱ কৰিলে । ভাও জোৰা ৰাজকুমাৰ সন্মত হোৱাৰ মহাসমাৰোহেৰে বিয়া হৈ গল । তেওঁলোক থাকিবৰ নিমিত্তে উপযুক্ত ঘৰ দুৱাৰ সজাই দিয়া হল । ৰাতি হলত ৰজাৰ ভনীয়েক শোৱা কোঠালিত ৰাজকুমাৰ লৈ বাট চাই আছে ; এনেতে মতা সাজেৰে সোণপাহী সোমাই ৰজাৰ ভনীয়েকক কলে , “বুজিছা নে মই তোমাক কথা এটা কব খোজোঁ , তুমি প্ৰকাশ নকৰো বুলি শপত খালে কব পাৰোঁ।” ৰজাৰ ভনীয়েকে কাকো নকওঁ বুলি যেতিয়াই শপত খালত সোণপাহীয়ে কলে যে তেওঁ মাইকী । স্বামীক হেৰুৱাই বিপদত পৰি পুৰুষৰ সাজ পিন্ধি কোনোমতে তেওঁ পৰিত্ৰাণ পাইছে । “এতিয়া আমি যি আছোঁ সেয়ে থাকোঁ । মোৰ স্বামীও অতি সুশ্ৰী সুবেশ ; তেওঁক বিচাৰি উলিয়াবলৈ আমি দুয়ো বিশেষ যত্ন কৰিব লাগে ।”

এইদৰে দুয়ো পৰামৰ্শ কৰি হুবহু সোণপাহী ৰ নিচিনা মাটিৰ মূৰ্তি এটা কৰাই , সাজপাৰ পিন্ধাই নাও বন্ধা ঘাটত থোৱাই পহৰীয়া ৰাখি পহৰীয়াক কলে যে যি যি মানুহে মূৰ্তিটোৰ ওচৰলৈ আহি মূৰ্তিটোক ধৰি দুখ বেজাৰ কৰে সেই মানুহক তেওঁলোকৰ ওচৰলৈ লৈ যাব । ইয়াৰ কিছুদিনৰ পাছত সেই যুৱৰাজে ঘাটত নাও লগাই মূৰ্তিটো দেখি চকুলো টোকা দেখি পহৰীয়াই সোণপাহী ৰ ওচৰলৈ তেওঁক লৈ আহিল । সোণপাহীয়ে তেওঁক বন্দীশাললৈ নি পৃথক ঘৰত থবলৈ কলে আৰু দুখ কৰিবলৈ নিনি বহুৱাই থৈ মজলীয়াৰূপে খুৱাই বুৱাই ৰাখিবলৈ দিলে । তাৰ পাছত চোৰ সাতোটাক আনি দিলত সিহঁতক নি খচি বন কৰাবলৈ আৰু কদৰ্যৰূপে খুৱাই বন্দীশালত থবলৈ তেওঁ কলে । ইয়াৰ কিছুদিনৰ পাছত সদাগৰ পালেহি । তাকো আনি হাজিৰ কৰিলত ৰজাৰ লৰাৰ দৰে পৃথক ঘৰত ৰাখি বন বাৰী কৰাবলৈ সোণপাহীয়ে কলে । এইদৰে এমাহ মানৰ পিছত ফকীৰৰ বেশেৰে মানুহ এটা লৰ মাৰি আহি পূৰ্তিটোৰ ওচৰত ঢাচ কৰে পৰি মুছকছ গল । পহৰীয়াই তাক সেই অৱস্থাৰে দাং কোলাকৈ নি সোণপাহীৰ আগত উলিয়ালেগৈ । তেওঁ ততালিকে তাক চিনি পাই ভিতৰলৈ নিয়াই নিজে অনেক যত্ন কৰি সজ্ঞান কৰালে আৰু উত্তমৰূপে সেৱা শুশ্ৰূষা কৰাই খাবলৈ শুবলৈ দি বিশেষ তদাৰক কৰিলে । সোণপাহীয়ে নিতৌ সেই মানুহটোৰ ওচৰত বহি তেওঁৰ কথাবোৰ খুচৰি উলিয়াই শুনি থাকে । ফকীৰে মাথোন মাজে মাজে দীঘল হুমুনিয়াহ কাঢ়ি চকুলো টোকে ; নোমল যে সেইবোৰ কথা সোণপাহী ক কৈছে সেই কথা নোমল জনাই নাই ; কাৰণ সময়ে দুয়োৰে অৱস্থাৰ পৰিৱৰ্তন কৰিলে । সোণপাহীয়ে মনে মনে ৰজাৰ ভনীয়েকক কলে , “এয়ে মোৰ হেৰোৱা স্বামী , যাক ধৰাবৰ নিমিত্তে এই বুদ্ধি সজা হৈছিল ।” তেতিয়া দুয়ো নানা প্ৰকাৰে নোমলৰ সেৱা শুশ্ৰূষা কৰিবলৈ ধৰি তাৰ গা অনেক গুণে ভাল কৰালে । 

পাছে এদিন সভা পাতি ভাও জোৰা ৰাজকুমাৰ সিংহাসনত বহি ৰজাৰ ভনীয়েকক নিজৰ বাওঁফালে বহুৱাই পাত্ৰ মন্ত্ৰীক মাতি সভা কিয় পতা হৈছে কৈ পোনতে বন্ধীশালৰপৰা যুৱৰাজক আনিবলৈ কটোৱালক পাচিলে । যুৱৰাজক আনিলত তেওঁ কি বাবে মূৰ্তিৰ ওচৰলৈ আহি বেজাৰ কৰি মূৰ্তি চুইছিল তাৰ কাৰণ সোধা হল । যুৱৰাজে কলে যে , “মই অমুক দেশৰ ৰজাৰ লৰা , মোৰ তিৰোতা ৰাতি পাটিৰ পৰা নাইকিয়া হোৱাত মই দেশে বিদেশে বিচাৰি ফুৰি , সেই মূৰ্তিটো মোৰ তিৰোতাৰ নিচিনা দেখি তাৰ ওচৰলৈ গৈছিলোঁ , মূৰ্তি বুলি জনা নাছিলো ।” সোণপাহী য়ে কলে বোলে “তোমাৰ প্ৰকৃত বিবাহিতা তিৰোতা হোৱা হলে তেওঁ তোমাক নেৰিলেহেঁতেন । তুমি ভাওনা কৰি সঁচা কথা গোপন কৰিছা । যদি তোমাৰ নিৰপদে স্বদেশলৈ যাবৰ মন আছে তেন্তে তুমি সকলো কথা সভাৰ আগত ভাঙি কব লাগে ।” যুৱৰাজে কিছুমান পৰ তভক মাৰি থাকি সোণপাহীক কেনেকৈ অনাইছিল , তাই অন্তৰ্দ্ধান হল সকলো আগ গুৰি ভাঙি কলত সভাসদ সকলে সোণপাহীক আচল সতী বুলি শলাগি ৰজা লৰাক কিছু সজ গৰিহণা কৰি বাট খচৰা দি নিজৰ দেশলৈ যাবলৈ এৰি দিলে । তাৰ পাছত ডেকাইতকিটাক সভালৈ আনিলে । সিহঁতেও কেৰজেৰ কৰি সঁচা কথা কলত সিহঁতক চমটা মৰাই এৰি দিলে । শেহত সদাগৰক আনি সকলো কথা সুধি উলিয়াই পৰস্ত্ৰীত বিশ্বাস কৰা বাবে যথেষ্ট শাস্তি হল বুলি বিদায় দিলে । সেইদিনা গধূলি সোণপাহীয়ে আগৰদৰে কাপোৰ কানি পিন্ধি নোমলৰ গুৰিলৈ গল ; নোমল সোণপাহী ক দেখি সাৱটি মাৰি ধৰি হুকহুক  কৰি কান্দিবলৈ ধৰিলে আৰু দুয়ো দুয়োৰো কথা কৈয়ে ৰাতিটো কটালে পাছদিনা সোণপাহীয়ে নোমলৰ সৈতে ৰজাৰ ওচৰলৈ গৈ সকলো বৃত্তান্ত কোৱাত ৰজাই সোণপাহী ৰ সাহস আৰু বুদ্ধিক নথৈ শলাগিলে আৰু নিজৰ ভনীয়েকক নোমল লৈ ৰীতিমতে বিয়া দিলে ।

এইদৰে নোমল আৰু সোণপাহী সেই ৰাজ্যত থাকোঁতে অন্য এখন দেশৰ ৰাজবংশ লোপ হৈ ৰাজপাট খালি হলত পাত্ৰ মন্ত্ৰী সভাসদ সকলে উপযুক্ত ৰাজকোঁৱৰ এটি বিচৰাই দেশে দেশে মানুহ পঠালে । সেই ৰজাৰ উচৰলৈকো মানুহ আহিছিল । ৰজাই নোমকলকে ৰজা পাতিবলৈ লেখি পঠালে তেতিয়া সকলোৱে নোমলক দুইজনা কুঁৱৰীৰে নি সেই ৰাজ্যৰ সিংহাসনত বহুৱাই আঁঠু ললে ।

ইপিনে ৰুদাই ডাবহী , নোমল সোণপাহী ঘৰৰপৰা ওলাই যাবৰেপৰা জলকা লাগি ; বন কৰিবলৈ নালাগে সিহঁতে খাবলৈকে পাহৰা হল । ক্ৰমে ঘৰত নানা অমংগল হবলৈ ধৰিলে ; আজি কাৰো নৰীয়া , কালি গৰুটি , পৰাহি ম’হটি এইদৰে মৰিবলৈ ধৰিলে আৰু দিনকদিনে বিপদৰ উপৰি বিপদ হৈ ঘৰখন লাং – লাং – থাং – থাং হল । শেহত ৰুদাই ডাবহীয়ে মাগিব লগাত পৰিল । পাছে ইটোৰ মুখে সিটোৰ মুখে সিহঁতে শুনিবলৈ পালে যে দেশত নতুন ৰজা হৈছে আৰু তেওঁৰ বৰকুঁৱৰীয়ে দুখীয়াক বৰকৈ পুতৌ কৰি দান দক্ষিণা দিয়ে । তেতিয়া ৰুদায়ে পাঁচোটা পুতেকেৰে সৈতে অতি দুখীয়াভাৱে ৰজাৰ সিংহদুৱাৰত থিয় হৈ নিজৰ দুখ বেজাৰৰ কথা ৰাণীলৈ কৈ পঠিয়ালে । ৰাণীয়ে উপৰ মহলাৰ পৰা শহুৰেক আৰু বৰজনাকহঁতক দেখিয়েই চিনি পালে আৰু লিগিৰী পঠিয়াই মতাই নি সিহঁতক বাহিৰা ঘৰ এটাত চাৰি কঠ দি বহুৱাবলৈ কলে । তাৰ পাছত তামোল পাণ কাটি ৰূপৰ বটাত দি সিহঁতলৈ পঠালে । ৰুদাইৰ ভয়ত তত নাই , কিবা লগৰহে লগালো ভাবি । তাৰ পাছত সিহঁতক হাত মুখ ধুবলৈ পানী দি জলপান খাবলৈ ভিতৰলৈ মাতিলে । ৰুদায়ে লৰাকিটাৰ ফালে চাই কলে , “বোপাহত ! আৰু সৰহ বেলি নাই , জলপান নহয় , মূৰ কটাৰহে ব্যৱস্থা । দুখীয়া মগনীয়াৰক কোনে সোধ পোছ কৰে ? আগৰ বুঢ়ালোকে কৈছিল বোলে কটাৰ আগেয়েহে ৰজাঘৰত খুৱাই বুৱাই লয় । পলাবৰো উপায় নাই । একেবাৰে টোলৰ ভিতৰত সোমাই লৈছে ।” যি হক , মৰণত শৰণ দি কোনোমতে সিহঁতে জলপান খালে । তাৰ পাছত কুঁৱৰীয়ে কৈ পঠালে যে গধূলি সিহঁতে ভাত এসাঁজ খাই ৰজাঘৰতে শুই থাকিব লাগিব ; ভাত সোণপাহী য়ে নিজে ৰান্ধিছে । মাইহেঙত মান অনুসৰি ভাত বাঢ়ি থৈ ৰুদাই আৰু পুতেকহঁতক ৰাণীয়ে গা ধুবলৈ পঠিয়ালে । গা ধুই পাটৰ ধূতি কাপোৰ পিন্ধিবলৈ দিয়াত সিহঁতৰ গাত থৰ যুগুটি নোহোৱা হল । ৰান্ধনিঘৰ সোমাই মাইহেঙ আৰু বহু আসন দেখি সিহঁতৰ ধাতু উৰি গল ; তেতিয়া দিঠক নে সামাজিক থিৰ কৰিব নোৱাৰি সিহঁতে হোহোকা পিছলা কৰিছিল । পোনতে ৰুদাইক বহিবলৈ দি মান অনুসাৰে ইকিটা লৰাক বহুৱাই শেহৰ মাইহেঙত নোমল ক ঘৰৰপৰা পিন্ধি থকা কাপোৰেৰে ওলালত ৰুদাইৰ মনত পৰি সি নোমল ৰ ডিঙিত ধৰি হুকহুক কৰে কান্দিবলৈ ধৰিলে । ৰাতিটো থাকি পাছদিনা নোমলে মাক আৰু বৌৱেকহঁতক লৰা ছোৱালীমখাৰে সৈতে আনিবলৈ হাতী দোলা মানুহ পঠালে । এইদৰে তেতিয়া সকলোটি এক পৰিয়াল হৈ মহা সুখে সম্পদে থাকিবলৈ ধৰিলে । তেতিয়া হে ৰুদায়ে বোলে নোমল সোণপাহী ৰ কথা সঁচা , কোনে কাৰ জহত খায় , সকলোৱে আপোন বলতহে খায় ।

( এই সাধুটো শ্ৰীযুত বাচাৰাম খাউণ্ডে তেওঁৰ বুঢ়ীমাকৰ মুখে শুনিছিল । মৰণ কাললৈকে বুঢ়ীমাকৰ দাঁত আছিল । অইন কি তেওঁৰ গাৰ নোমবোৰো পকিছিল । তেওঁক গাঁৱৰ মানুহে পকী মুৰী আই বুলিছিল । সেইবোৰ তেওঁৰ থকা ঠাইডোখৰক আজিকালৈকে পকামূৰা বোলে ) ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top