Niketan Class 8 Social Chapter 24 আমাৰ মৌলিক কর্তব্য

Niketan Class 8 Social Chapter 24 আমাৰ মৌলিক কর্তব্য is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 8 Social Chapter 24 আমাৰ মৌলিক কর্তব্য and select need one.

Niketan Class 8 Social Chapter 24 আমাৰ মৌলিক কর্তব্য

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 8 Social Chapter 24 আমাৰ মৌলিক কর্তব্য Solutions for All Subjects, You can practice these here…

আমাৰ মৌলিক কর্তব্য

Chapter – 24

সমাজ বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS

প্রশ্ন ১: চমু উত্তৰ দিয়া – 

( ক ) ভাৰতৰ নাগৰিকৰ মৌলিক কৰ্ত্তব্যসমূহ কোন চনৰ কোনটো সংশােধনী মতে প্ৰদান কৰিছে ? 

উত্তৰঃ ১৯৭৬ চনৰ ৪২ তম সংবিধান সংশােধনী আইনৰ জৰিয়তে ভাৰতৰ নাগৰিকসকলক মৌলিক কৰ্ত্তব্য প্রদান কৰিছে । 

( খ ) কর্তব্য বুলিলে কি বুজা ? 

উত্তৰঃ কৰ্তব্যৰ অভিধানিক পৰিপুৰক শব্দ হ’ল কৰণীয় কাম । ভাৰতৰ নাগৰিকৰ ব্যক্তিত্বৰ পূর্ণ বিকাশ আৰু সুখৰ জীৱন – যাপনৰ কাৰণে সংবিধানে কিছুমান অধিকাৰ প্রদান কৰিছে । এই অধিকাৰসমুহ উপভােগ কৰাৰ লগে লগে নাগৰিক সকলে ৰাষ্ট্ৰৰ প্রতি কিছুমান দায়িত্ব পালন কৰিবলগীয়া হয় । সেয়েই কর্তব্য বা মৌলিক কৰ্ত্তব্য । প্রকৃতাৰ্থত অধিকাৰ আৰু কৰ্ত্তব্য পৰস্পৰে পৰস্পৰৰ পৰিপূৰক ।

( গ ) ৰাষ্ট্ৰীয় পতাকা , ৰাষ্ট্ৰীয় সংগীত আদিক কিয় আমি সম্মান কৰিব লাগে । 

উত্তৰঃ এখন দেশৰ ৰাষ্ট্ৰীয় পতাকা আৰু ৰাষ্ট্ৰীয় সংগীত হৈছে দেশখনৰ সন্মানৰ মূল আধাৰ । সেয়ে প্রত্যেক দেশৰ ৰাষ্ট্ৰীয় পতাকা আৰু ৰাষ্ট্ৰীয় সংগীতক সম্মান জনাব লাগে । 

প্রশ্ন ২: সংবিধান উল্লেখিত ৫ বিধ কৰ্তব্যৰ বিষয়ে লিখা । 

উত্তৰঃ সংবিধানে আমাক ব্যক্তিত্বৰ পূর্ণ বিকাশ আৰু সুখৰ জীৱন যাপনৰ কাৰণে কিছুমান মৌলিক অধিকাৰ দিছে । লগে লগে আমাক কিছুমান কৰণীয় কাম বা কৰ্তব্যও দিছে । 

মুঠ এঘাৰটা কৰ্তব্যৰ ভিতৰত তলত ৫ বিধ কৰ্তব্যৰ উল্লেখ কৰা হ’ল । 

১। সংবিধান মানি চলা , ৰাষ্ট্ৰীয় পতাকা আৰু ৰাষ্ট্ৰীয় প্রতিক প্রতি শ্রদ্ধা জনােৱা । 

২। ভাৰতৰ ঐক্য আৰু সংহতি ৰক্ষা কৰা । 

৩। মাতৃভূমিক ৰক্ষা কৰা আৰু প্রয়ােজন হলে দেশৰ প্রতি সেৱা আগবঢ়োৱা । 

৪। জনসাধাৰণৰ মাজত ভাতৃত্ববােধ গঢ়ি তােলা , নাৰীৰ মর্যাদা হানিকৰ আচৰণ ত্যাগ কৰা । আৰু 

৫। আমাৰ সংস্কৃতি আৰু মূল্যবান ঐতিহ্যক সন্মান দিয়া আৰু ৰক্ষা কৰা। 

প্রশ্ন ৩: এন . চি . চি আৰু স্কাউট গাইডৰ দ্বাৰা বিকশিত হ’ব পৰা গুণ সমূহৰ বিষয়ে লিখা । 

উত্তৰঃ এন . চি . চি আৰু স্কাউট গাইডৰ দ্বাৰা শিশুসকলৰ মনত দেশসেৱাৰ মনােভাৱ গঢ়ি উঠে , দেশ প্রেমৰ ভাব জাগ্রত হয় , শৃঙ্খলাবদ্ধ , ধৈর্য আৰু সহানুভূতিৰ দৰে মহান গুণ বিলাক বিকশিত হয়। 

প্রশ্ন ৪: প্রাকৃতিক পৰিবেশ ৰক্ষা কৰিবলৈ আমি কি কৰা উচিত ? 

উত্তৰঃ প্রাকৃতিক পৰিবেশ অক্ষুন্ন ৰাখি গােলকীয় উষ্ণতা ( Global Warming ) বৃদ্ধি ৰােধ কৰা ; পাৰিপাৰ্শ্বিক ভাৰসাম্যতা ( Ecological Balance ) ৰক্ষা কৰা আৰু প্রাকৃতিক সম্পদসমূহ , যেনে বন , হ্রদ , নদী , জলাশয় আদিৰ ৰক্ষণাবেক্ষণ দিয়া আৰু তাৰ উন্নয়নৰ ব্যৱস্থা , জীৱিত প্ৰাণীৰ প্রতিপালন আৰু সুৰক্ষা দিয়াতাে আমাৰ সকলােৰে কৰ্ত্তব্য । আজি-কালি পায়ে পাহাৰ কাটি , দ পিতনিবােৰ পুতি ঘৰ সজাৰ ফলত বৰষুণ দিলেই ভূমিস্থলন হােৱা দেখা যায় । এনে হােৱাৰ ফলত বহুতাে লােকে প্রাণ হেৰুৱায় , বহুতাে ঘৰ – দুৱাৰ ধ্বংস হয় । পাহাৰৰ গছ – গছনি কাটি টহিলং কৰাৰ ফলত বহুত বনৰীয়া জন্তুৱে নিজৰ ঘৰ হেৰুৱাইছে আৰু আহাৰ বিচাৰি আহি জনবসতি অঞ্চলত আতংকৰ সৃষ্টি কৰিছে । ফলত মানুহ , জীৱ – জন্তু সকলােৰে জীৱনলৈ আন্ধাৰ নামি আহিছে । সেয়ে সকলােৰে মঙ্গল কামনাৰে আমি প্রাকৃতিক পৰিবেশ ৰক্ষা কৰা উচিত । 

প্রশ্ন ৫: শান্তি প্রতিষ্ঠা কৰিবৰ কাৰণে পাঁচটা উপায় উল্লেখ কৰা । 

উত্তৰঃ অহিংসা নীতিৰে জগত জিনা মহাপুৰুষ মহাত্মা গান্ধীৰ দেশৰ শান্তিপ্রিয় মানুহ আমি । সেয়ে মৰম – স্নেহ , দয়া , সহানুভূতি , সহনশীলতা আদি গুণৰ বিকাশ সাধি আমি দেশত শান্তিৰ পৰিবেশ সৃষ্টি কৰিব লাগিব । 

শান্তিৰ পৰিবেশ প্রতিষ্ঠা কৰিবৰ বাবে কিছুমান উপায় আছে । তলত ইয়াৰে পাঁচটা উল্লেখ কৰা হ’ল । 

১। শান্তি প্রতীক আঁকা । 

২। শান্তি বিষয়ক কবিতা , গীত , গল্প আদি লিখা । 

৩। শান্তি বিষয়ক বাটৰ নাট প্রস্তুত কৰি ঠায়ে ঠায়ে প্রদর্শন কৰা । 

৪ শান্তিৰ শোভাযাত্রা উলিওৱা । আৰু 

৫। শান্তিৰ বিষয়ত শ্লোগান দিয়া । 

প্রশ্ন ৬: খালী ঠাই পূৰ কৰাঃ 

( ক ) ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰােতে আমি ____ গাব লাগে । 

উত্তৰঃ ৰাষ্ট্রীয় সংগীত । 

( খ ) ১৯৭৬ চনৰ ___ তম সংবিধান সংশােধনৰ জৰিয়তে ভাৰতৰ নাগৰিকৰ ১০ বিধ মৌলিক কৰ্তব্যৰ কথা উল্লেখ আছে । 

উত্তৰঃ ৪২ তম । 

( গ ) ৬-১৪ বছৰৰ বয়সৰ শিশুক ___ লাভৰ সুবিধা প্রদান কৰিব লাগে । 

উত্তৰঃ শিক্ষা ।

( ঘ ) ভাৰতৰ সংবিধানত মুঠ ____ টা নাগৰিকৰ কৰ্ত্তব্য উল্লেখ আছে। 

উত্তৰঃ ১১ টা ।

প্রশ্ন ৭: শুদ্ধ উত্তৰ বাচি উলিওৱাঃ 

( ক ) ৰাষ্ট্ৰীয় সংগীত ৫২ চেকেণ্ডৰ ভিতৰত শেষ কৰিব লাগে / নালাগে। 

উত্তৰঃ লাগে । 

( খ ) গছ – গছনি কাটিলে বানপানী ৰােধ কৰিব পাৰি / নােৱাৰি । 

উত্তৰঃ নােৱাৰি । 

( গ ) শান্তি প্রতিষ্ঠাৰ কাৰণে হিংসাত্মক কার্য কৰিব লাগে / নালাগে । 

উত্তৰঃ নালাগে । 

( ঘ ) আমাৰ কৰ্ত্তব্যসমূহ ন্যায়ালয়ৰ ওচৰত সাব্যস্ত কৰিব পাৰি / নােৱাৰি ৷

উত্তৰঃ নােৱাৰি । 

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১: চমু উত্তৰ দিয়া –

( ক ) ভাৰতীয় জাতীয় পতাকাখন প্রস্তুত কৰণৰ অনুপাত কি ? 

উত্তৰঃ ৩ : ২ অর্থাৎ দীঘল ৩ ফুট হলে বহলে ২ ফুট । 

( খ ) আমাৰ জাতীয় পতাকাখন কি কাপােৰেৰে তৈয়াৰ কৰা হয় ? 

উত্তৰঃ খদ্দৰ কাপােৰেৰে । 

( গ ) ভাৰতৰ ত্ৰিৰঙ্গা পতাকাখন জাতীয় পতাকা ৰূপে কেতিয়া স্বীকৃতি লাভ কৰে ? 

উত্তৰঃ ১৯৪৭ চনৰ ২২ জুলাই তাৰিখে । 

( ঘ ) মৌলিক কৰ্ত্তব্যসমূহ সংবিধানত কেতিয়া অন্তর্ভুক্ত কৰা হয় ? 

উত্তৰ ১৯৭৬ চনত । 

( ঙ ) ভাৰতবৰ্ষত নাৰীক কিহৰ লগত তুলনা কৰা হয় ? 

উত্তৰঃ দেৱীৰ লগত । 

( চ ) আন্ধাৰ বিনাশী পােহৰ বিলােৱা মাধ্যম কি ? 

উত্তৰঃ শিক্ষা ।

( ছ ) অন্ধ বিশ্বাসৰ ফলশ্ৰুতিত বৰ্তমানাে আমাৰ সমাজত চলি থকা ব্যৱস্থাটো কি ? 

উত্তৰঃ ডাইনী হত্যা । 

( জ ) ২০০২ চনত নাগৰিকৰ বাবে সংযােজন কৰা কৰ্ত্তব্যটো কি ? 

উত্তৰঃ ৬ ৰ পৰা ১৪ বছৰৰ শিশুক পিতৃ – মাতৃ আৰু অভিভাৱকে শিক্ষা লাভৰ সুবিধা প্রদান কৰা। 

( ঝ ) পাহাৰ কাটিলে কি হয় ? 

উত্তৰঃ ভূমিস্খলন হয় ।

( ঞ ) ভাৰতবৰ্ষত বর্তমানে নাগৰিকে পালন কৰিবলগীয়া কৰ্ত্তব্য কেইটা ? 

উত্তৰঃ ১১ টা ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top