Niketan Class 8 Social Chapter 17 মানৱ সম্পদ উন্নয়ন, মানৱ সম্পদ উন্নয়ন নির্দেশক আৰু মানৱ সম্পদ উন্নয়নত বৃত্তিমূলক শিক্ষাৰ ভূমিকা

Niketan Class 8 Social Chapter 17 মানৱ সম্পদ উন্নয়ন, মানৱ সম্পদ উন্নয়ন নির্দেশক আৰু মানৱ সম্পদ উন্নয়নত বৃত্তিমূলক শিক্ষাৰ ভূমিকা is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 8 Social Chapter 17 মানৱ সম্পদ উন্নয়ন, মানৱ সম্পদ উন্নয়ন নির্দেশক আৰু মানৱ সম্পদ উন্নয়নত বৃত্তিমূলক শিক্ষাৰ ভূমিকা and select need one.

Niketan Class 8 Social Chapter 17 মানৱ সম্পদ উন্নয়ন, মানৱ সম্পদ উন্নয়ন নির্দেশক আৰু মানৱ সম্পদ উন্নয়নত বৃত্তিমূলক শিক্ষাৰ ভূমিকা

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 8 Social Chapter 17 মানৱ সম্পদ উন্নয়ন, মানৱ সম্পদ উন্নয়ন নির্দেশক আৰু মানৱ সম্পদ উন্নয়নত বৃত্তিমূলক শিক্ষাৰ ভূমিকা Solutions for All Subjects, You can practice these here…

মানৱ সম্পদ উন্নয়ন, মানৱ সম্পদ উন্নয়ন নির্দেশক আৰু মানৱ সম্পদ উন্নয়নত বৃত্তিমূলক শিক্ষাৰ ভূমিকা

Chapter – 17

সমাজ বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS

প্রশ্ন ১: চমু উত্তৰ লিখা –

( ক ) সম্পদ হ’বলৈ মানুহ কি কি গুণৰ অধিকাৰী হ’ব লাগিব ? 

উত্তৰঃ কোনাে মানুহ সম্পদ হিচাপে বিবেচিত হ’বলৈ হ’লে তেওঁ শাৰীৰিক আৰু মানসিক ভাবে সক্ষম হােৱাৰ উপৰিও প্রয়ােজনীয় শিক্ষা আৰু প্রশিক্ষণ প্রাপ্ত হ’ব লাগিব । কাৰিকৰী দক্ষতা আৰু কাম কৰাৰ মানসিকতা মানৱ সম্পদৰ বিশেষ বৈশিষ্ট্য । 

( খ ) উৎপাদনৰ মূল উপাদান কেইটা আৰু কি কি ? 

উত্তৰঃ উৎপাদনৰ মূল উপাদান চাৰিটা । সেই কেইটা হ’ল — ভূমি , শ্রম , মুলধন আৰু সংগঠন । 

( গ ) বিশেষ প্রয়ােজন সম্পন্ন লােক মানৱ সম্পদৰূপে বিবেচিত হ’ব পাৰেনে ? 

উত্তৰঃ এজন বিশেষ প্রয়ােজন সম্পন্ন মানুহে মানৱ সম্পদ হিচাপে বিবেচিত হ’ব পাৰে যদিহে তেওঁ শিক্ষা আৰু প্ৰশিক্ষণৰ দ্বাৰা কোনাে উৎপাদনমুখী কার্যত জড়িত হ’ব পাৰে । 

( ঘ ) জীৱনৰ প্রত্যাশা কি ? 

উত্তৰঃ জীৱন প্রত্যাশা হৈছে মানৱ সম্পদ উন্নয়নৰ এটা নির্দেশক । এটা শিশু জন্মৰ পিছৰ পৰা কিমান বছৰলৈ সুস্থ আৰু সৱল হিচাপে জীয়াই থাকে , সেইটোৱেই হৈছে জীৱন প্রত্যাশা । প্রত্যাশা যিমানেই বেছি হ’ব , মানুহক মানৱ সম্পদলৈ ৰূপান্তৰ কৰাৰ হাৰো সিমানেই বেচি হ’ব । যি দেশত জীৱনৰ প্রত্যাশা বেছি , সেইখন দেশত মানৱ সম্পদৰ পৰিমাণে বেছি হয় । 

( ঙ ) বৃত্তি কাক বােলে ?

উত্তৰঃ মানুহে শিক্ষা – দীক্ষা লাভ কৰি উঠি জীৱিকা নির্বাহৰ বাবে যি কৰ্মক বাচনি কৰি লয় সেইটোৱে তেওঁৰ বৃত্তি । উদাহৰণ স্বৰূপে মেকানিক , কাঠমিস্ত্রী , বাহ বেতৰ কাম , বিউটিচিয়ান , পেইণ্টাৰ ইত্যাদি । 

( চ ) অসমত বৰ্ত্তমান সাক্ষৰতাৰ হাৰ কিমান ? 

উত্তৰঃ অসমত বৰ্তমান সাক্ষৰতাৰ হাৰ হ’ল —৭৩.১৮ জন । 

প্রশ্ন ২: বহলাই লিখা –

( ক ) মানব সম্পদ উন্নয়নত নির্দেশক সমূহ ।

উত্তৰঃ যিবােৰ দিশে দেশে এখনৰ মানৱ সম্পদ উন্নয়নত আভাস প্রতিফলিত কৰে সেইবােৰকে মানৱ সম্পদ উন্নয়নৰ নিদের্শক বুলি কোৱা হয় । মানৱ সম্পদ উন্নয়নৰ কিছুমান উল্লেখযােগ্য নির্দেশক হ’ল— শিক্ষাৰ হাৰ , জীৱনৰ প্রত্যাশা , জন্মকালীন শিশুৰ মৃত্যুৰ হাৰ , জনমুৰি আয় , বিদ্যালয়ত নাম ভৰ্ত্তি আৰু বিদ্যালয় এৰাৰ হাৰ আৰু প্রতিষেধক টিকাকৰণৰ হাৰ ইত্যাদি । 

মানৱ সম্পদ উন্নয়নৰ এটা প্রধান কাৰক হৈছে শিক্ষা , জ্ঞান আৰু দক্ষতা । উপযুক্ত শিক্ষা ব্যৱস্থাৰ যােগেদি মানৱ সম্পদ গঢ়ি তুলিব পৰা যায় । উদাহৰণস্বৰূপে জাপান , ইংলেণ্ড , আমেৰিকা আদি দেশত শিক্ষিতৰ হাৰ যথেষ্ট বেছি আৰু সেইবিলাক দেশৰ মানৱ সম্পদো অধিক উন্নত । 

মানৱ সম্পদৰ আন এটা নির্দেশক হৈছে— জীৱনৰ প্রত্যাশা । এটা শিশু জন্মৰ পিছৰ পৰা কিমান বছৰলৈ সুস্থ – সবল হিচাপে জীয়াই বা জীয়াই থকাৰ আশা কৰে সেইটোৱেই জীৱনৰ প্রত্যাশা । প্রত্যাশা যিমানেই বেছি হ’ব , মানুহক মানৱ সম্পদলৈ ৰূপান্তৰ কৰাৰ হাৰো সিমানেই বেছি হ’ৱ। উচ্চ জীৱন প্রত্যাশা উন্নত মানৱ সম্পদৰ নির্ণায়ক । 

জন্ম কালীন শিশুৰ মৃত্যুৰ হাৰ মানৱ উন্নয়নৰ অইন এক নির্দেশক । শিশুৰ মৃত্যুৰ হাৰে দেশৰ জনস্বাস্থ্যৰ ইংগিত বহন কৰে । স্বাস্থ্য ক্ষেত্ৰত সুব্যৱস্থাৰে শিশুৰ মৃত্যুৰ হাৰ কমাব পৰা যায় । এখন দেশত জন্মকালীন শিশুৰ মৃত্যুৰ হ্রাস হােৱাটো সেই দেশখনৰ মানৱ সম্পদ উন্নয়নৰ এটা প্রধান নির্দেশক হিচাপে বিবেচিত হয় । 

জাতীয় আয়ৰ ভিত্তিত দেশবােৰক উন্নত আৰু অনুন্নত শ্ৰেণীত ভাগ কৰা যায় । জনমুৰি আয় বৃদ্ধিয়ে মানৱ সম্পদ উন্নয়নৰ কথা বুজায় । সম্পদত উন্নত দেশ সমূহৰ মানৱ সম্পদো উন্নত হয় । 

বিদ্যালয়ত নামভৰ্ত্তি আৰু বিদ্যালয় এৰাৰ হাৰৰ ওপৰতো মানৱ সম্পদ উন্নয়ন নিৰ্ভৰ কৰে । উন্নত দেশৰ তুলনাত অনুন্নত দেশ সমূহত বিদ্যালয় এৰাৰ হাৰ উচ্চ হােৱাৰ ফলত এই দেশবােৰত উপযুক্ত জন সম্পদৰ অভাৱ হােৱা দেখা যায় । শিক্ষা অবিহনে মানুহ মানৱ সম্পদ হ’ব নােৱাৰে । 

দেশৰ জনসাধাৰণ নিৰােগী আৰু সুস্বাস্থ্যৰ অধিকাৰী হ’বলৈ হ’লে জনস্বাস্থ্যৰ উন্নতিৰ বিভিন্ন আঁচনিসমূহ অতি প্রয়ােজনীয় । ইয়াৰ ভিতৰত প্রতিষেধক টিকাকৰণে শিশুৰ স্বাস্থ্য আৰু দীর্ঘ জীৱনৰ সুৰক্ষা প্রদান কৰে । সেয়ে প্রতেষেধক টিকা কৰণৰ হাৰকো মানৱ সম্পদৰ নির্দেশক হিচাপে বিবেচনা কৰা হয় । 

( খ ) বৃত্তিমূলক শিক্ষাই মানৱ সম্পদ উন্নয়নত কিদৰে সহায় কৰে ? 

উত্তৰঃ আনুষ্ঠানিক শিক্ষাৰ উপৰি যি শিক্ষাৰ দ্বাৰা জনসাধাৰণৰ উপাৰ্জনৰ পথ মুকলি হয় তেনে শিক্ষা বৃত্তিমূলক শিক্ষা বােলা হয় । আনুষ্ঠানিক শিক্ষা লাভ কৰাৰ পিছত চৰকাৰে সকলাে শিক্ষিত লােককে চাকৰি যােগান ধৰাতো সম্ভৱ নহয় । ফলস্বৰূপে উপযুক্ত শিক্ষা – দীক্ষা লৈ দক্ষতা অর্জন কৰাৰ পিছতো চাকৰি বাকৰিৰ অভাৱত বহুতাে মানৱ সম্পদ অপচয় হােৱা দেখা যায় । কিন্তু আনুষ্ঠানিক শিক্ষাৰ উপৰি যদি কোনাে লােকে বৃত্তিমূলক শিক্ষা লাভ কৰি কিছুমান বিশেষ কামত দক্ষতা অর্জন কৰে তেনেহ’লে তেওঁলােকে সেই বৃত্তিত স্ব – নিয়ােজিত হৈ উৎপাদন মুখী কার্য কৰি নিজৰ জীৱিকা মােকোলােৱাৰ উপৰিও দেশৰ আৰু দহৰ উপকাৰ সাধিব পাৰে । বৃত্তিমূলক শিক্ষাৰে শিক্ষিত হলে মানৱ সম্পদ কেতিয়াও হতাশাগ্রস্ত হ’ব নালাগে । গতিকে বৃত্তিমূলক শিক্ষা মানৱ সম্পদ উন্নয়নত সহায়ক হয় । 

( গ ) জন্মকালীন শিশুৰ মৃত্যুৰ হাৰ কিদৰে নির্ণয় কৰা হয় ? 

উত্তৰঃ যিবােৰৰ বয়স এবছৰৰ তলত , সেইবােৰক শিশু বুলি কোৱা হয়।এটা বছৰত জন্ম হােৱা প্রতি হাজাৰ শিশুৰ ভিতৰত যিমান শিশুৰ মৃত্যু হয় , সেই মৃত্যুৰ সংখ্যাক শিশুৰ মৃত্যুৰ হাৰ বােলা হয় । এই হাৰ হ’ব— 

                              মুঠ শিশুৰ মৃত্যু সংখ্যা

শিশুৰ মৃত্যুৰ হাৰ = _________________ × ১০০

                              মুঠ শিশুৰ জন্ম সংখ্যা

( ঘ ) মানৱ সম্পদ উন্নয়নত শিক্ষাৰ ভূমিকা আলোচনা কৰা । 

উত্তৰঃ শিক্ষা জীৱনৰ বন্তি । শিক্ষা অবিহনে জীৱন কেতিয়াও পােহৰাব নােৱাৰি । মানৱ সম্পদ উন্নয়নৰ মূল চালিকা শক্তিয়ে হ’ল— শিক্ষা । সুস্থ শৰীৰ , সুস্থ মন মগজুৰ ব্যক্তিয়ে প্রকৃত শিক্ষা লাভ কৰি দক্ষতা অর্জন কৰি উৎপাদনমুলক কামত জড়িত হ’ব পাৰিলেহে মানৱ সম্পদ বুলি বিবেচিত হয় । 

মানৱ সম্পদ উন্নয়নৰ প্ৰধান কাৰকটোৱেই হৈছে শিক্ষা । জ্ঞান আৰু দক্ষতা বৃদ্ধি কৰিব পৰা উপযুক্ত শিক্ষা ব্যৱস্থাৰ যােগেদি উন্নত মানৱ সম্পদ গঢ়ি তুলিব পৰা যায় । যি দেশৰ শিক্ষা ব্যৱস্থা উন্নত আৰু শিক্ষিতৰ হাৰ উচ্চ সেই দেশৰ মানৱ সম্পদৰ মানাে উন্নত । উদাহৰণ স্বৰূপে আমি জাপান , ইংলেণ্ড , আমেৰিকা আদিৰ নাম উনুকিয়াব পাৰো। 

প্রশ্ন ৩: শুদ্ধ অশুদ্ধ নির্ণয় কৰা –

( ক ) মানুহ মাত্রেই মানৱ সম্পদ নহয় । 

উত্তৰঃ শুদ্ধ । 

( খ ) জনসংখ্যা বৃদ্ধি হলেই দেশৰ উৎপাদন বৃদ্ধি হয় । 

উত্তৰঃ অশুদ্ধ । 

( গ ) যি দেশত জীৱন প্রত্যাশা বেছি সেইখন দেশত মানৱ সম্পদৰ পৰিমাণে বেছি । 

উত্তৰঃ শুদ্ধ । 

( ঘ ) উন্নত দেশৰ তুলনাত অনুন্নত দেশসমূহত বিদ্যালয় এৰাৰ হাৰ উচ্চ ৷ 

উত্তৰঃ শুদ্ধ । 

( ঙ ) বৃত্তিমূলক শিক্ষাই স্ব-নিয়ােজনৰ পথ মুকলি কৰি নিবনুৱা সমস্যা সমাধানত সহায় কৰে । 

উত্তৰঃ শুদ্ধ । 

প্রশ্ন ৪: খালী ঠাই পূৰ কৰাঃ 

( ক ) উৎপাদনৰ চাৰিটা উপাদান হ’ল ভূমি __, ___ আৰু ____।

উত্তৰঃ শ্রম , মূলধন , সংগঠন ।

( খ ) দেশৰ উৎপাদনত ____ প্রত্যক্ষ অৱদান থাকে । 

উত্তৰঃ মানুহৰ ।

( গ ) বৃত্তিমূলক শিক্ষাই ____ ত বিশেষ ভূমিকা পালন কৰে । 

উত্তৰঃ মানৱ সম্পদ উন্নয়ন । 

( ঘ ) ২০১১ চনৰ লােক পিয়লমতে অসমৰ জনসংখ্যা ____ । 

উত্তৰঃ ৩,১১,৬৯,২৭২ জন । 

( ঙ ) আনুষ্ঠানিক শিক্ষাৰ উপৰি যি শিক্ষাৰ দ্বাৰা জনসাধাৰণৰ উপাৰ্জনৰ পথ মুকলি হয় তেনে শিক্ষাক ___ বােলা হয় । 

উত্তৰঃ বৃত্তিমূখী শিক্ষা । 

( চ ) ___ বৃদ্ধিয়ে দেশ এখন স্বাবলম্বী হােৱাত সহায় কৰে । 

উত্তৰঃ ৰাষ্ট্ৰীয় আয়ৰ ।

( ছ ) ____ শিশুৰ স্বাস্থ্য আৰু দীর্ঘ জীৱনৰ সুৰক্ষা প্রদান কৰে । 

উত্তৰঃ প্রতিষেধক টিকাৰণে । 

প্রশ্ন ৫: চমুটোকা লিখা – 

( ক ) মানৱ সম্পদ ।

উত্তৰঃ শাৰীৰিক আৰু মানসিক ভাবে সক্ষম যি ব্যক্তিয়ে শিক্ষা আৰু প্ৰশিক্ষণৰ দ্বাৰা কৌশলী আৰু দক্ষতা সম্পন্ন হৈ উপাদনমূলক কাম কাজত নিজকে জড়িত কৰে তেওঁকেই মানৱ সম্পদ বুলি কোৱা হয় । মানৱ সম্পদক জন সম্পদ বুলিও কোৱা হয় । জন সম্পদ অবিহনে দেশৰ উন্নতি অসম্ভৱ । কাৰণ সকলাে প্রাকৃতিক সম্পাদক মানৱ সম্পদেহে নিয়ন্ত্রণ কৰিব পাৰে । উৎপাদন বৃদ্ধি হ’লেহে দেশৰ উন্নতি হয়।শ্রম অবিহনে আমি কোনাে বস্তু উৎপাদন কৰিব নােৱাৰাে ৷ শ্রম প্রদান কৰিব পাৰে একমাত্র মানুহে । কিন্তু মানুহ মাত্রেই মানৱ সম্পদ নহয় । সম্পদ হ’বলৈ মানুহ কিছুমান গুণৰ অধিকাৰী হ’ব লাগিব । তেওঁ শাৰীৰিক আৰু মানসিকভাৱে সক্ষম হােৱাৰ উপৰিও প্রয়ােজনীয় শিক্ষা আৰু প্রশিক্ষণ প্রাপ্ত হ’ব লাগিব । কিন্তু উচ্চ শিক্ষা আৰু প্রশিক্ষণ প্রাপ্ত এজন সু – স্বাস্থ্যৰ লােককো মানৱ সম্পদ বুলি ক’ব পৰা নহ’ব যদিহে তেওঁৰ কাৰিকৰী দক্ষতা , কাম কৰাৰ আগ্ৰহ নাথাকে বা উৎপাদনমুখী কার্যত নিয়ােজিত হৈ দেশ তথা দহৰ উপকাৰ সাধিব নােৱাৰে । 

( খ ) বৃত্তিমূলক শিক্ষা ।

উত্তৰঃ আনুষ্ঠানিক শিক্ষাৰ উপৰি যি শিক্ষাৰ দ্বাৰা জনসাধাৰণৰ উপাৰ্জনৰ পথ মুকলি হয় তেনে শিক্ষা বৃত্তিমূলক শিক্ষা বােলা হয় । বৃত্তিমূলক শিক্ষাই মানৱ সম্পদ উন্নয়নত বিশেষ প্ৰভাৱ পেলায় , কাৰণ বৃত্তিমূলক শিক্ষাই স্ব – নিয়োজনৰ পথ মুকলি কৰি নিবনুৱা সমস্যা সমাধানত সহায় কৰে । আনুষ্ঠানিক শিক্ষা লাভ কৰাৰ পিছত চৰকাৰে সকলাে শিক্ষিত লােককে চাকৰি যােগান ধৰাতো সম্ভৱ নহয় । প্রচলিত শিক্ষা ব্যৱস্থাই শিক্ষিত লােকৰ সংখ্যা বৃদ্ধি কৰিলেও আত্মনিৰ্ভৰশীল কৰি গঢ়ি তুলিব পৰা নাই । গতিকে আমাক এতিয়া বৃত্তিমূলক শিক্ষাৰ প্ৰয়ােজন হৈ পৰিছে । বৃত্তিমূলক শিক্ষাই মানুহক উপার্জনক্ষম কৰি তােলাৰ লগে লগে দেশৰ নিবনুৱা সমস্যা সমাধানতাে সহায় কৰে । বৃত্তিমূলক শিক্ষা গ্রহণ কৰি মানুহে মটৰ মেকানিক , কাঠমিস্ত্রী , দর্জী , ৰাজমিস্ত্রী , পেইণ্টাৰ , বিউটিচিয়ান , ইলেকট্রিচিয়ান , ম’বাইল মেকানিক , কম্পিউটাৰ মেকানিক আদি কামত নিয়ােজিত হৈ স্বাৱলম্বী হ’ব পাৰে । 

( গ ) জনমুৰি আয় ।

উত্তৰঃ এখন দেশৰ মুঠ ৰাষ্ট্ৰীয় আয়ক দেশখনৰ মুঠ জনসংখ্যাৰে হৰণ কৰিলে যি আয় পােৱা যায় তাক জনমূৰি আয় বােলা হয় । জনমুৰি আয় নির্ণয় কৰাৰ সূত্র হ’ল— 

                      মুঠ ৰাষ্ট্ৰীয় আয়

জনমুৰি আয় = ____________

                       মুঠ জনসংখ্যা 

এই জনমুৰি আয় মানৱ সম্পদ উন্নয়নৰ এক গুৰুত্বপূর্ণ নির্দেশক । জাতীয় আয়ৰ ভিত্তিত দেশবােৰক উন্নত আৰু অনুন্নত শ্ৰেণীত ভাগ কৰা যায় । জনমুৰি আয়ৰ বৃদ্ধিয়ে মানৱ সম্পদ উন্নয়নৰ কথা বুজায় । অনুন্নত দেশবােৰে মানৱ সম্পদ উন্নয়নত গুৰুত্ব প্রদান যি পৰিমাণে কৰিব লাগে তাক কৰিব নােৱাৰে । সম্পদশালী দেশতহে মানৱ সম্পদো উন্নত । আনহাতে অনুন্নত বা জনমুৰি জাতীয় আয় কম হােৱা দেশবােৰ মানৱ সম্পদতাে পিচপৰা । গতিকে মানৱ সম্পদ উন্নয়নত জনমুৰি আয়ৰ যথেষ্ট গুৰুত্ব আছে ।

( ঘ ) মানব সম্পদ উন্নয়নৰ নির্দেশক ।

উত্তৰঃ যিবােৰ দিশে দেশ এখনৰ মানৱ সম্পদ উন্নয়নৰ আভাষ প্রতিফলিত কৰে সেইবােৰকে মানৱ সম্পদ উন্নয়নৰ নির্দেশক বুলি কোৱা হয় । মানৱ সম্পদ উন্নয়নৰ কিছুমান উল্লেখযােগ্য নির্দেশক হ’ল— শিক্ষাৰ হাৰ , জীৱনৰ প্রত্যাশা , জন্মকালীন শিশুৰ মৃত্যুৰ হাৰ , জনমুৰি আয় , বিদ্যালয়ত নামভৰ্ত্তি আৰু বিদ্যালয় এৰাৰ হাৰ , প্রতিষেধক টিকাকৰণৰ হাৰ ইত্যাদি । যিবােৰ দেশত শিক্ষিতৰ হাৰ বেছি , য’ত মানুহৰ জীৱন প্রত্যাশা আছে , জন্মকালীন শিশুৰ মৃত্যুৰ হাৰ য’ত কম , যিবােৰ দেশৰ জনমুৰি আয় পর্যাপ্ত পৰিমানৰ বিদ্যালয়ত নাম ভৰ্ত্তিৰ সংখ্যা য’ত কম , তেনেবােৰ দেশত মানৱ সম্পদ উন্নত বুলি ক’ব পাৰি । ইয়াৰােপৰি উক্ত নির্দেশকবােৰ য’ত নিম্ন পর্যায়ৰ সেইবােৰ দেশৰ মানৱ সম্পদ উন্নয়নাে নিম্নপর্যায়ৰ হয় । 

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১: বর্তমান চৰকাৰে মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত কি কি ব্যবস্থা গ্রহণ কৰিছে ? মানৱ সম্পদ উন্নয়নৰ দিশত আগবাঢ়িব পাৰিছেনে ? 

উত্তৰঃ বর্তমান চৰকাৰে মানৱ সম্পদ উন্নয়নৰ দিশ সবল কৰিবলৈ বিভিন্ন ধৰণৰ আচঁনি গ্ৰহণ কৰিছে । ইয়াৰ ভিতৰত আধুনিক আৰু বিজ্ঞানসম্মত শিক্ষা ব্যৱস্থা , স্বাস্থ্য সম্পর্কীয় বিভিন্ন আঁচনি , জলপানিৰ ব্যৱস্থা ( উন্নত প্রশিক্ষণৰ বাবে ) , মধ্যাহ্ন ভােজন , স্কুলীয়া ছাত্র – ছাত্রীক কিতাপ – পত্র যােগান , কম্পিউটাৰ প্রদান , ছােৱালীবােৰক চাইকেল আদি যােগানেই প্রধান । 

মানৱ সম্পদ উন্নয়নৰ বাবে আমাৰ দেশে যথেষ্ট আঁচনি লৈছে যদিও সম্পূর্ণ ৰূপে সফল হ’ব পৰা নাই । বৃহৎ জনসংখ্যাৰ দেশ এখনৰ বিভিন্ন ঠাইত বসবাস কৰা সকলাে লােককে শিক্ষা , স্বাস্থ্য , বাসস্থানৰ সুবিধা দিব পৰাটো বৰ সহজ কথা নহয় , কাৰণ ভাৰত এখন উন্নয়নশীল দেশহে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top