Niketan Class 8 Science Chapter 9 প্ৰাণীৰ প্ৰজনন

Niketan Class 8 Science Chapter 9 প্ৰাণীৰ প্ৰজনন is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 8 Science Chapter 9 প্ৰাণীৰ প্ৰজনন and select need one.

Niketan Class 8 Science Chapter 9 প্ৰাণীৰ প্ৰজনন

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 8 Science Chapter 9 প্ৰাণীৰ প্ৰজনন Solutions for All Subjects, You can practice these here…

প্ৰাণীৰ প্ৰজনন

Chapter – 9

বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS

১। জীৱৰ প্ৰজননৰ গুৰুত্বৰ বিষয়ে বহলাই লিখা।

উত্তৰঃ প্ৰজনন হৈছে জীৱৰ বংশ বিস্তাৰ কৰা প্ৰক্ৰিয়া।এটা প্ৰজাতিৰ ধাৰাবাহিকতা ৰক্ষা কৰিবলৈ প্ৰজনন প্ৰক্ৰিয়া অত্যাৱশ্যকীয়। কোনো প্রজাতিৰ জীৱৰ বংশ বৃদ্ধিহোৱাৰ বাবেহে জীৱসমূহ দেখিবলৈ পোৱা যায়। যদি কোনো ঠাইত এটা মাত্ৰ জীৱ বংশ বৃদ্ধি নকৰা কৈ থাকে, তেতিয়া প্ৰকৃততে ভৱিষ্যতে ইয়াৰ অস্তিত্ব নাথাকিব। পৰিবেশত একে প্ৰজাতিৰ বহুত জীৱ বা ব্যক্তি দেখিবলৈ পোৱা যায়। একে প্ৰজাতিৰ অস্তৰ্ভুক্ত দুটা বেলেগ জীৱৰ সিহঁতৰ পৰস্পৰৰ মাজত যদি সাদৃশ্য থাকে তেতিয়া সিহঁতে প্ৰজননৰ সহায়ত দেখাত একে ধৰণৰ কিছু নতুন জীৱৰ সৃষ্টি কৰে ৷ 

বিভিন্ন জীৱৰ দেহৰ গঠন শৈলীৰ ওপৰত নিৰ্ভৰ কৰি সিহঁতে বেলেগ বেলেগ প্ৰথাৰ প্ৰজননৰ সহায়ত বংশ বিস্তাৰ কৰে। কিছুমানে, অযৌন প্রথাৰে, যেনে দ্বিবিভাজন, মুকুলন বা আংগিক বিস্তাৰণৰ দ্বাৰা নতুন জীৱৰ সৃষ্টি কৰে। আকৌ যৌন প্রজননত দুটা পৃথক বিশিষ্ট জীৱ জড়িত হৈ নতুন প্রজন্মৰ সৃষ্টি কৰে। গতিকে যিয়েই নহওক কিন্তু প্ৰজননৰ দ্বাৰা বংশ বৃদ্ধি হোৱাৰ বাবেহে জীৱসমূহে বংশ বিস্তাৰ কৰে ৷

২। মানুহৰ নিষেচনৰ প্ৰক্ৰিয়া বৰ্ণনা কৰা ৷

উত্তৰঃ মানুহৰ পুং আৰু স্ত্রী জনন অংগ বেলেগ বেলেগ হয়। পুংজনন অংগসমূহ এযোৰ শুক্রাশয়, এযোৰ শুক্ৰবাহী নলী আৰু শিশ্নৰ দ্বাৰা গঠিত। শুক্রাশয়ে পুংজনন কোষ উৎপন্ন কৰে। এইবোৰক শুক্রানু বোলে। শুক্রাশয়ে কোটি কোটি শুক্রাণু উৎপন্ন কৰে।

স্ত্রীজনন অংগসমূহ এযোৰ ডিম্বাশয়, এযোৰ ডিম্ববাহী নলী আৰু এটা জৰায়ুৰ দ্বাৰা গঠিত। ডিম্বাণুয়ে স্ত্ৰীজনন কোষ গঠন কৰে। এইবোৰক ডিম্বাণু বোলে। মানুহৰ ক্ষেত্ৰত যিকোনো এটা ডিম্বাশয়ে প্রতি মাহতে এটা পৈণত ডিম্বাণু ডিম্ববাহী নলীত এৰি দিয়ে।

মানুহৰ প্ৰজনন প্ৰক্ৰিয়াৰ প্ৰথম স্তৰ হৈছে এটা শুক্রাণু আৰু এটা ডিম্বাণুৰ মিলন। শুক্রাণুবোৰ যেতিয়া ডিম্বাণুটোৰ সংস্পৰ্শলৈ আহে তেতিয়া এটা শুক্রাণু ডিম্বাণুটোৰ লগত মিলিত হ’ব পাৰে। এনেধৰণৰ ডিম্বাণু আৰু শুক্রাণুৰ মিলনকে নিষেচন বোলে ৷ নিষেচনৰ সময়ত শুক্রাণুৰ কোষকেন্দ্ৰ আৰু ডিম্বাণুৰ কোষকেন্দ্ৰ মিলিত হৈ এটা একক কোষকেন্দ্ৰ গঠন কৰে। ইয়াৰ ফলত এটা নিষেচিত ডিম্বাণু বা যোজন কোষৰ সৃষ্টি হয়। এই যোজন কোষটোৱেই এটা নতুন জীৱৰ সৃষ্টি কৰে। এইদৰে পুংজনন কোষ আৰু স্ত্ৰীজনন কোষৰ মিলনৰ দ্বাৰা হোৱা প্ৰজননক যৌন প্রজনন বোলে।

গতিকে, নিষেচন প্রক্রিয়াত মাতৃৰ এটা ডিম্বাণু আৰু পিতৃৰ এটা শুক্রাণু মিলিত হয়।  এনেকৈ নতুনকৈ সৃষ্টি হোৱা জীৱটোৱে কিছুমান চৰিত্ৰ মাতৃৰ পৰা আৰু কিছুমান চৰিত্ৰ পিতৃৰ পৰা উত্তৰাধিকাৰী সুত্রে পায়।

৩। শুদ্ধ উত্তৰ বাচি উলিওৱা।

(ক) আভ্যন্তৰীণ নিষেচন সম্পন্ন হয়

(১) স্ত্ৰীৰ দেহৰ বাহিৰত (২) স্ত্ৰীৰ দেহত

(৩) পুং দেহত (৪) পুংদেহৰ বাহিৰত

উত্তৰঃ স্ত্ৰীৰ দেহত।

(খ) এটা লালুকী প্রাপ্ত বয়স্ক ভেকুলী এটালৈ বিকশিত হোৱা প্ৰক্ৰিয়াটো হৈছে

(১) নিষেচন (২) কায়ান্তৰণ

(৩) সংস্থাপন (8) মুকুলন

উত্তৰঃ কায়াস্তৰণ

৪। শুদ্ধনে অশুদ্ধ চিহ্নিত কৰা ৷

(ক) ডিম্বজ প্রাণীয়ে পোৱালী জন্ম দিয়ে।

উত্তৰ: অশুদ্ধ।

 (খ) শুক্রাণু এটা একক কোষ।

উত্তৰ: শুদ্ধ।

(গ) ভেকুলীত বাহ্যিক নিষেচন সম্পন্ন হয়।

উত্তৰ: শুদ্ধ।

(ঘ) যোজন কোষৰ পৰা মানুহৰ বিকাশ হয়।

উত্তৰ: শুদ্ধ।

(ঙ) নিষেচনৰ ফলত যোজন কোষৰ গঠন হয়।

উত্তৰ: শুদ্ধ।

৫। যোজন কোষ আৰু গৰ্ভভ্রূণৰ দুটা পার্থক্য লিখা।

উত্তৰ: যোজন কোষ আৰু গৰ্ভভ্রূণৰ পাৰ্থক্য হ’ল – 

যোজন কোষগৰ্ভভ্রূণৰ
(ক) শুক্রাণু আৰু ডিম্বাণুৰ মিলনৰ ফলত সৃষ্টি হোৱা আৰু মাত্ৰ এটা কোষেৰে গঠিত হয়।(ক) যোজন কোষৰ বাৰম্বাৰ বিভাজন ঘটি সৃষ্টি হোৱা ভ্রূণৰ যি দশাত দেহৰ সকলোবোৰ অংশ চিনাক্ত কৰিব পৰা অৱস্থা হয়।
(খ) নিষেচনৰ ফলত ডিম্বাশয়ত যোজন কোষটোৰ সৃষ্টি হয়।(খ)গৰ্ভভ্রূণৰ বিকাশ জৰায়ুৰ বেৰত হয়।

৬। অযৌন প্রজননৰ সংজ্ঞা লিখা। প্ৰাণীৰ দুটা অযৌন প্ৰজননৰ পদ্ধতি বৰ্ণনা কৰা ৷

উত্তৰঃ অযৌন প্রজনন : যিবোৰ প্ৰজননত কেৱল মাত্ৰ এজন পিতৃ বা মাতৃ জড়িত হয় তাকে অযৌন প্রজনন বোলে ৷

 প্ৰাণীৰ দুটা অযৌন প্রজনন পদ্ধতি হ’ল মুকুলন আৰু দ্বৈত বিভাজন দ্বি বিভাজন। 

(ক) মুকুলন – হাইড্ৰাত এই ধৰণৰ অযৌন প্রজনন হয়। হাইড্ৰাবোৰত এটা বা ততোধিক টেমুনা নাথাকিব পাৰে ৷ এইবিলাক প্ৰকৃততে বিকশিত জীৱ। এইবোৰক মুকুল বোলে। হাইদ্রাৰ এটা একক জনকৰ পৰা নতুন জীৱবোৰ বিকশিত হয়। হাইড্ৰাত যিহেতু মুকুলৰ পৰা নতুন জীৱৰ সৃষ্টি হৈছে সেইবাবে এই ধৰণৰ অযৌন প্রজননক মুকুলন বোলে ৷

(খ) দ্বিবিভাজন –  এনেধৰণৰ অযৌন প্রজনন য’ত এটা প্রাণী বিভাজিত হৈ দুটা প্ৰাণীৰ সৃষ্টি কৰে তাক দ্বিবিভাজন বোলে। এনেধৰণৰ অযৌন প্রজনন এমিবাত পোৱা যায়।

এমিবা এবিধ এককোষী জীৱ।এমিবাৰ কোষ কেন্দ্ৰটোৰ বিভাজন হৈ ইয়াৰ প্ৰজনন প্ৰক্ৰিয়া আৰম্ভ হয় । কোষকেন্দ্ৰটো দুভাগত বিভক্ত হোৱাৰ পাছত ইয়াৰ দেহটোও দুভাগত বিভক্ত হয়। প্রতিটো অংশই একোটা কোষকেন্দ্র পায়। অৱশেষত এটা জনক এমিবাৰ পৰা দুটা এমিবাৰ সৃষ্টি হয়।

৭। কোনটো স্ত্রীজনন অংগত ভ্রূণ সংস্থাপিত হয় ?

উত্তৰঃ স্ত্রীজনন অংগৰ জৰায়ুত ভ্রূণ সংস্থাপিত হয়।

৮। কায়াস্তৰণ কি ? উদাহৰণ দিয়া ?

উত্তৰঃ পলু অথবা লালুকী অৱস্থাৰ পৰা বহুতো পৰিবৰ্তনৰ মাজেৰে প্ৰাপ্ত বয়স্ক অৱস্থালৈ সলনি হোৱাকে কায়াস্তৰণ বোলে। উদাহৰণ স্বৰূপে ভেকুলীৰ কণীৰ পৰা আৰম্ভ কৰি পূৰ্ণাংগ ভেকুলী হ’বলৈ আমি তিনিটা অৱস্থা পাওঁ — সেইবোৰ হ’ল কণী — – লালুকী- – প্রাপ্ত বয়স্ক ভেকুলী। সেইদৰে পাট পলুৰ জীৱন চক্ৰত চাৰিটা অৱস্থা পাওঁ কণী – পলু – লেটা – প্রাপ্ত বসস্ক পখিলা।

৯। আভ্যস্তৰীণ আৰু বাহ্যিক নিষেচনৰ পাৰ্থক্য লিখা ৷

উত্তৰঃ (ক) আভ্যন্তৰীণ নিষেচন স্ত্ৰীৰ দেহৰ ভিতৰত হয়। আনহাতে, বাহ্যিক নিষেচন স্ত্ৰীৰ দেহৰ বাহিৰত হয়।

(খ) আভ্যন্তৰীণ নিষেচনত ভ্রূণৰ বিকাশ মাতৃদেহৰ ভিতৰত স্ত্রীজনন অংগত হয়। যিবোৰ প্ৰাণীত বাহ্যিক নিষেচন হয় সেইবোৰক ভ্ৰূণৰ বিকাশ মাতৃদেহৰ বাহিৰত হয়।

১০। খালী ঠাই পূৰ কৰা।

উত্তৰ:

(ক) এটা প্ৰজাতিৰ ধাৰাবাহিকতা ৰক্ষা কৰিবলৈ হোৱা প্ৰক্ৰিয়াক —– বোলে।

উত্তৰ: প্ৰজনন ।

(খ) এমিবাই —– দ্বাৰা প্ৰজন নকৰে।

উত্তৰ: দ্বিবিভাজনৰ ।

(গ) হাইড্ৰাই  দ্বাৰা প্ৰজন নকৰে৷

উত্তৰ: মুকুলনৰ ।

(ঘ) পোৱালী জন্ম দিয়া প্রাণীক —– বোলে

উত্তৰ: জৰায়ুজ প্রাণী ।

(ঙ) ডিম্বাণু আৰু শুক্রাণুৰ সংযোজনক —– বোলে।

উত্তৰ: নিষেচন ।

অতিৰিক্ত প্রশ্নোত্তৰ

১। যৌন প্রজনন কাক বোলে ?

উত্তৰঃ পুংজনন কোষ আৰু স্ত্রীজননকোষৰ সংযোজনৰ ফলত হোৱা প্ৰজননক যৌন প্রজনন বোলে।

২। পুংজনন তন্ত্র কি কি অংগৰ দ্বাৰা গঠিত ?

 উত্তৰ: পুংজনন তন্ত্র শুক্রাশয়, শুক্রবাহী নলী আৰু শিশুৰ দ্বাৰা গঠিত।

৩। স্ত্রীজনন তন্ত্র কি কি অংগৰ দ্বাৰা গঠিত ?

উত্তৰঃ স্ত্রীজনন তন্ত্র ডিম্বাশয়, ডিম্ববাহী নলী আৰু জৰায়ুৰ দ্বাৰা গঠিত।

৪। মানুহৰ পুংজনন তন্ত্ৰৰ এটা চিহ্নিত চিত্র আঁকা।

উত্তৰ:

চিত্র :মানুহৰ পুংজনন তন্ত্ৰ

৫। ভ্রূণৰ বিকাশ কিদৰে হয় চিত্র সহ বৰ্ণনা কৰা ৷

উত্তৰঃ শুক্রাণু আৰু ডিম্বাণুৰ সংযোজনৰ ফলত নিষেচন হয়। নিষেচনৰ ফলত যোজন কোষৰ সৃষ্টি হয়। যোজনকোষটো বিকশিত হৈ ভ্রূণৰ সৃষ্টি হয়। যোজনকোষটো বাৰম্বাৰ বিভাজিত হৈ এটা কোষ পিণ্ডৰ সৃষ্টি কৰে। তাৰ পিছত কোষবোৰে কিছুমান গোটৰ সৃষ্টি কৰে যিবোৰ দেহৰ বিভিন্ন কলা আৰু অংগলৈ পৰিণত হয়।

এইদৰে বিকশিত সংগঠনটোক ভ্রূণ বোলে। অধিক বিকাশৰ বাবে ভ্রূণটো জৰায়ুৰ বেৰত সংস্থাপিত হয়।

৬। কুকুৰাৰ কি ধৰণৰ নিষেচন হয় আৰু নিষেচনৰ পিচত কণীৰ পৰা কিদৰে পোৱালী জন্ম হয় বর্ণনা কৰা ৷

উত্তৰ :কুকুৰাৰ আভ্যন্তৰীণ নিষেচন হয়। 

নিষেচনৰ পিচত যোজন কোষটো বাৰম্বাৰ বিভাজিত হৈ ডিম্ববাহী নলীলৈ গতি কৰে ৷ নলীৰ মাজেৰে গৈ থাকোতে যোজন কোষটোৰ চাৰিওফালে কেইবাটাও প্ৰতিৰক্ষা তৰপ গঠিত হয় । কুকুৰাৰ কণীৰ টান খোলাটোত এনে এটা প্ৰতিৰক্ষী তৰপ ৷ খোলাটো গঠন হোৱাৰ পিছত কুকৰা জনীয়ে কণী পাৰে। প্রায় তিনি সপ্তাহৰ পাছত ভ্ৰূণটো কুকুৰা পোৱালীলৈ পৰিণত হয়। কণীবোৰ পৰাৰ পিছত কুকুৰা জনীয়ে কণীবোৰৰ ওপৰত বহিলৈ যথেষ্ট পৰিমাণে উত্তাপ দিয়ে। ইয়াকে উমনি দিয়া বোলে। এই সময় ছোৱাৰ ভিতৰতে পোৱালীটো সম্পূর্ণভাৱে বিকশিত হয় আৰু কণীৰ খোলাটো ভাঙি বাহিৰলৈ ওলাই আহে।

৭। জৰায়ুজ আৰু ডিম্বজ প্রাণী কাক বোলে ?

উত্তৰঃ পোৱালী  জন্ম দিয়া প্রাণীবোৰক জৰায়ুজ প্রাণী বোলে ৷

 যিবিলাক প্ৰাণীয়ে কণী পাৰে সেইবোৰক ডিম্বজ প্রাণী বোলে ৷

৮। ভেকুলী আৰু পাট পলুৰ জীৱন চক্ৰত কেইটা দশা আছে ক্রমাগত ভাৱে লিখা।

উত্তৰঃ ভেকুলীৰ জীৱন চক্র দশা সমূহ – কণী – লালুকী বা পলু – প্রাপ্ত বয়স্ক ভেকুলী।

 পাট পলুৰ জীৱন চক্ৰৰ দশা সমূহ – কণী – পলু – লেটা – প্রাপ্ত বয়স্ক।

৯। পৰীক্ষানলত সৃষ্ট শিশু বুলিলে কি বুজা ? ব্যাখ্যা কৰা ৷

উত্তৰঃ কিছুমান মাইকী মানুহৰ ডিম্ববাহী নলীত প্রতিবন্ধক থাকে। এনেধৰণৰ মহিলাই কেঁচুৱা জন্ম দিব নোৱাৰে, কাৰণ নিষেচনৰ বাবে শুক্রাণুবোৰ ডিম্বাণুৰ ওচৰ চাপিব নোৱাৰে ৷ এনেক্ষেত্ৰত চিকিৎসকে মুক্ত হোৱা সতেজ ডিম্বাণু আৰু শুক্রাণু সংগ্ৰহ কৰে আৰু আই. ভি. এফ. বা পাত্রে নিষেচন বা দেহৰ বাহিৰত হোৱা নিষেচনৰ বাবে কেইঘন্টামানৰ বাবে পৰীক্ষা নলত থৈ দিয়ে। যদি নিষেচন হয়, তেতিয়া যোজনকোষটো এক সপ্তাহ মানৰ বাবে বিকাশ হ’বলৈ থৈ দিয়ে আৰু তাৰ পিছত বিকশিত যোজন কোষটো মাকৰ জৰায়ুত সংস্থাপন কৰে আৰু তাতে সম্পূর্ণ ভাৱে বিকশিত হয় আৰু আন শিশুৰ দৰে জন্ম হয়। এই পদ্ধতিত জন্ম হোৱা শিশুক পৰীক্ষানলত সৃষ্ট শিশু বোলে ৷

১০। বাহ্যিক নিযেচন আৰু আভ্যন্তৰীণ নিচেন কাক বোলে ? তলত দিয়া প্রাণীবোৰৰ কোন বোৰত আভ্যন্তৰীণ নিষেচন আৰু কোন বোৰত বাহ্যিক নিষেচন হয় ?

মাছ, ভেকুলী, ছাগলী, ৰামাছ কুকুৰা, মিছা মাছ, জেঠী, পখিলা, কাউৰী ৷

উত্তৰঃ স্ত্ৰীৰ দেহৰ বাহিৰত হোৱা নিষেচনক বাহ্যিক নিষেচন আৰু স্ত্ৰীৰ দেহৰ ভিতৰত হোৱা নিষেচনক আভ্যন্তৰীণ নিষেচন বোলে।

বাহ্যিক নিষেচন হোৱা প্ৰাণী – মাছ, ভেঁকুলী, তৰামাছ, মিছামাছ, পখিলা। 

আভ্যস্তৰীণ নিষেচন হোৱা প্ৰাণী – ছাগলী, কুকুৰা, জেঠী, কাউৰী ৷

১১। ‘ক্ল’নিং ’ কাক বোলে ?

উত্তৰঃ এটা কোষৰ, যি কোনো জীৱিত অংশৰ নাইবা এটা জীৱৰ হুবহু প্রতিলিপি সৃষ্টি কৰাকে ক্ল’নিং’বোলে।

1 thought on “Niketan Class 8 Science Chapter 9 প্ৰাণীৰ প্ৰজনন”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top