Niketan Class 8 Science Chapter 8 কোষৰ গঠন আৰু কার্য

Niketan Class 8 Science Chapter 8 কোষৰ গঠন আৰু কার্য is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 8 Science Chapter 8 কোষৰ গঠন আৰু কার্য and select need one.

Niketan Class 8 Science Chapter 8 কোষৰ গঠন আৰু কার্য

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 8 Science Chapter 8 কোষৰ গঠন আৰু কার্য Solutions for All Subjects, You can practice these here…

কোষৰ গঠন আৰু কার্য

Chapter – 8

বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS

১। উত্তৰ দিয়া :

(a) কোষ কোনে আৱিষ্কাৰ কৰিছিল ?

উত্তৰ : ৰবাৰ্ট হুক নামৰ এজন বৃটিছ বিজ্ঞানীয়ে কোষ আৱিষ্কাৰ কৰিছিল।

(b) কোষ নামটো কোনে দিছিল ?

উত্তৰঃ ৰবাৰ্ট হুকে কোষ নামটো দিছিল।

(c) কোষৰ প্ৰধান ভাগ দুটা কি কি ?

উত্তৰ : কোষৰ প্ৰধান ভাগ দুটা হ’ল – প্রকোষ কেন্দ্রীয় কোষ আৰু সংকোষ কেন্দ্রীয় কোষ।

(d) ক্ৰ’ম’জম কি ?

উত্তৰঃ কোষৰ কোষকেন্দ্ৰত পকোৱা সূতাৰ দৰে কিছুমান গঠন থাকে। এই সুতাৰ দৰে গঠনসমূহক ক্ৰ’ম’জম বোলে। এইবোৰে জিন কঢ়িয়াই আৰু বংশানুক্রমে পোৱা গুণবোৰ পিতৃ-মাতৃৰ পৰা সস্তানলৈ স্থানন্তৰিত হোৱাত সহায় কৰে। যেতিয়া কোষৰ বিভাজন হয় তেতিয়া ক্ৰ’ম’জ’মসমূহ স্পষ্টকৈ দেখা পোৱা যায়।

(e) কোষৰ কোনটো অংশত কোষাংগবোৰ থাকে। 

উত্তৰ: কোষৰ কোষ প্রৰসত কোষাংগবোৰ থাকে। 

২। কোষৰ অংশসমূহ কি কি ?

উত্তৰ: কোষৰ মূল অংশসমূহ হ’ল – কোষাৱৰণ, কোষপ্রৰস আৰু কোষকেন্দ্র। 

৩। “কোষ জীৱৰ মৌলিক গঠনগত গোট “ ব্যাখ্যা কৰা।

উত্তৰঃ জীৱজগতত জীৱসমূহ এটাৰ পৰা আনটো পৃথক হলেও সকলোবোৰেই কিন্তু কোষৰ দ্বাৰা গঠিত। গঠন বা কাৰ্য্য সুকীয়া হ’লেও সকলো জীৱৰে সকলো অংগ কোষেৰে গঠিত। উদাহৰণ স্বৰূপে, কুকুৰাৰ কণীয়ে এটা কোষক সূচায় অৰুই ইমান ডাঙৰ যে খালী চকুৰেও যথেষ্ট ডাঙৰ দেখা যায়, আনহাতে বেক্টেৰীয়া এমিবা আদি জীৱবোৰ এককোষী আৰু ইমান সৰু যে অতি শক্তিশালী অণুবীক্ষণ যন্ত্ৰৰ দ্বাৰাহে চাব পাৰি। সেইদৰে, উদ্ভিদ আৰু প্ৰাণীৰ বিভিন্ন অংগসমূহৰ গঠন আৰু কাৰ্য্য বেলেগ বেলেগ হয়, কিন্তু এই অংগসমূহে কোষৰ দ্বাৰা গঠিত। গতিকে, জীৱৰ বাবে কোষ হৈছে সিহঁতৰ মৌলিক গঠনৰ গোট।

৪। প্রকেৰিঅ’ট আৰু ইউকেৰিঅট কোষৰ পার্থক্য লিখা।

উত্তৰ : প্রকেৰিঅ’ট বা প্রকোষকেন্দ্রীয় কোষৰ কোষ কেন্দ্ৰটো সুসংগঠিত নহয়। তাত কোষকেন্দ্ৰৰ আৱৰণ নাই। লগতে, কোষকেন্দ্রীয় দ্রব্যসমূহ আৱৰণ নোহোৱাকৈ থাকে। এই ধৰণৰ কোষ সাধাৰণতে এককোষী জীৱত পোৱা যায়। উদাহৰণ – বেক্টেৰীয়া, নীল সেউজ শেলাই। 

ইউকেৰিঅ’টি বা সংকোষকেন্দ্রীয় কোষসমূহৰ কোষকেন্দ্ৰটো কোষপ্রৰসৰ পৰা কোষকেন্দ্রীয় আৱৰণৰ দ্বাৰা পৃথক হৈ থাকে। কোষকেন্দ্রীয় আন দ্রব্য সমূহহো আৱৰণৰ দ্বাৰা আবৃত হৈ থাকে। ইহঁতৰ কোষকেন্দ্ৰটো সুসংগঠিত ৰূপত থাকে। এই ধৰণৰ কোষ বহুকোষী জীৱত পোৱা যায়। উদাহৰণ – বেক্টেৰিয়া আৰু নীলহৰিৎ শেলাইৰ বাহিৰে আন সকলো জীৱ এইটো ভাগত পৰে।

৫। প্রাণী আৰু উক্তিৰ কোষৰ ছবি আঁকা আৰু কোষাংগসমূহ চিহ্নিত কৰা।

উত্তৰ:

উদ্ভিদকোষ আৰু প্রাণীকোষৰ পাৰ্থক্য

৬। উদ্ভিদকোষ আৰু প্রাণীকোষৰ পাৰ্থক্য উল্লেখ কৰা। 

উত্তৰ : দ্ভিদকোষ আৰু প্রাণীকোষৰ পাৰ্থক্য – 

উদ্ভিদকোষপ্রাণীকোষ
(ক) কোষবৰণৰ উপৰিও উদ্ভিদকোষত এখন দৃঢ় কোষবেৰ থাকে।(ক) কোষক আৱৰি কোষাবৰণ থাকে। কোষবেৰ নাথাকে।
(খ) কোষৰ মাজভাগত ডাঙৰ ৰসধানী থাকে বাবে কোষকেন্দ্ৰ কোষটোৰ এটা কাষত অৱস্থান কৰে। (খ) কোষকেন্দ্র কোষৰ মাজ ভাগত অৱস্থান কৰে।
(গ) ৰসধানী ডাঙৰ(গ) কোষ প্রৰসত বহুত সৰু সৰু ৰসধানী থাকে।
(ঘ) প্লাষ্টিড থাকে।(ঘ) প্লাষ্টিড নাথাকে।
(ঙ) নিজৰ আহাৰ নিজে প্রস্তুত কৰি ল’ব পাৰে।(ঙ) নিজে নিজৰ আহাৰ প্ৰস্তুত কৰিব নোৱাৰে।

৭। হৰিৎকণা কেৱল উদ্ভিদৰ কোষতহে  পোৱা যায় –  ব্যাখ্যা কৰা।

উত্তৰঃ উদ্ভিদকোষৰ পাতৰ কোষপ্ৰৰসত বহুতো সৰু সৰু ৰঙীণ গঠনৰ প্লাষ্টিড দেখিবলৈ পোৱা যায়। ইহঁতৰ সেউজীয়া ৰঞ্জক পদার্থ থাকে, যাক ক্ল’ৰ’ফিল বুলি কোৱা হয়। যিহেতু ইহঁত প্লাষ্টিড হয় সেইবাবে ইহঁতক ক্ল’ৰ’প্লাষ্ট বা হৰিৎকণা বোলে। হৰিৎকণা বাবে পাতৰ বৰণ সেউজীয়া হয়। ইয়াৰ সহায়ত উদ্ভিদে নিজৰ আহাৰ নিজে প্রস্তুত কৰে, যাক আমি সালোক – সংশ্লেষণ বুলি কওঁ। হৰিৎকণা কুমলীয়া উদ্ভিদৰ গা-গছতো পোৱা যায়। প্রাণীৰ দেহত হৰিৎকণা নাথাকে বাবে প্রাণীৰ বৰণ সেউজীয়া নহয়।

৮। তলত দিয়া বিষয়ৰ ওপৰত চমু টোকা লিখাঃ 

(ক) কোষকেন্দ্র   

(খ) কোষ প্রৰস

(গ) প্লাষ্টিড   

(ঘ) গলগিসংঘ      

(ঙ)ৰসধানী

উত্তৰঃ (ক) কোষকেন্দ্রঃ প্রত্যেক কোষতে সাধাৰণতে একোটাকৈ কোষকেন্দ্র থাকে। ই জীৱকোষৰ আটাইতকৈ প্ৰয়োজনীয় উপাদান। ই সাধাৰণতে গোলাকাৰ আৰু কোষৰ কেন্দ্ৰত অৱস্থিত। ইয়াক ৰং কৰিব পাৰি আৰু অতি সহজে অণুবীক্ষণ যন্ত্ৰৰ সহায়ত চাব পাৰি। কোষকেন্দ্রীয় আৱৰণে কোষকেন্দ্রক কোষপ্রৰসৰ পৰা পৃথক কৰি ৰাখে। কোষকেন্দ্ৰত এটা সৰু গোলাকাৰ অংশ দেখা পোৱা যায় আৰু হয়াক অতিকোষকেন্দ্র বোলে। কোষকেন্দ্ৰত ক্রম’জম নামৰ পকোৱা সূতাৰ দৰে কিছুমান গঠন থাকে। 

এইবোৰ জিন কঢ়িয়ায় আৰু বংশানুক্রমে পোৱা গুণবোৰ পিতৃমাতৃৰ পৰা সন্তানলৈ স্থানান্তৰিত হোৱাত সহায় কৰে। কোষকেন্দ্রই কোষৰ কামসমূহক কেন্দ্রীয়ভাৱে নিয়ন্ত্রণ কৰে। কোষৰ পৰা কোষকেন্দ্ৰটো আঁতৰালে বা নষ্ট কৰিলে কোষৰ স্বাভাৱিক প্রক্রিয়াবোৰ ব্যাহত হয় আৰু শেষত এনে কোষৰ মৃত্যু হয়।

(খ) কোষ প্রৰস: কোষৰ ভিতৰ ভাগ কোষাবৰণ আৰু কোষকেন্দ্ৰৰ মাজত এক ডাঠ অৰ্ধজুলীয়া জেলিৰ দৰে পদাৰ্থৰ দ্বাৰা গঠিত। ইয়াক কোষপ্ৰৰস বোলে। কোষকেন্দ্ৰৰে সৈতে কোষপ্ৰৰসক প্রট’প্লাজম বোলে। কোষপ্রৰসত আৱৰণৰ দ্বাৰা গঠিত কিছুমান উপাদান থাকে। এইবোৰক কোষাংগ বা অর্গেনেল বোলে। মাইট’কন্ড্রিয়া, গল্গি সংঘ, অন্তঃপ্রৰসীয় জালিকা, ৰাইব’জ’ম ইত্যাদিবোৰ কোষাংগ। ইয়াৰ উপৰিও কোষ প্রৰসত বহুতো সঞ্চিত দ্রব্য থাকে।

(গ) প্লাষ্টিড: উদ্ভিদকোষৰ পাতৰ কোষপ্রৰসত বহুতো সৰু সৰু ৰঙীণ গঠন। দেখিবলৈ পোৱা যায়। এইবোৰক প্লাষ্টিড বোলে। ইহঁত বিভিন্ন ৰঙৰ হয়। ইহঁতৰ কিছুমান সেউজীয়া ৰঞ্জক পদার্থ থাকে, যাক ক্ল’ৰ’ফিল বুলি কোৱা হয়। সেউজীয়া  ৰঙৰ প্লাষ্টিডবোৰক ক্ল’ৰ’প্লাষ্ট বা হৰিৎকণা বোলে। হৰিৎকণাৰ বাবে পাতৰ বৰণ সেউজীয়া হয়। পাতৰ ক্লৰ’প্লাষ্টত থকা ক্লৰ’ফিল সালোক সংশ্লেষণৰ বাবে অতি প্রয়োজন। ক্লৰ’প্লাষ্টৰ বাহিৰেও উদ্ভিদৰ আন অংশ যেনে- ফুলৰ পাহি, ফল, শিপা। আদিত ৰঙীণ বা বর্ণহীন প্লাষ্টিড পোৱা যায়।

(ঘ) গলগিসংঘ: কেমিল’গলগিয়ে ১৮৯৮ চনত পোন প্রথমে এইবিধ কোষাংগ কোষকেন্দ্ৰৰ ওচৰত গাঢ়ভাৱে অভিৰঞ্জিত জালৰ দৰে নিৰীক্ষণ কৰিছিল। পিছলৈ তেওঁৰ নাম অনুসৰি এইবোৰক গলগিসংঘ হিচাপে নামকৰণ কৰা হৈছিল। ইয়াত বিভিন্ন প্রটিন অণুৰ ৰাসায়নিক ৰূপান্তৰ সম্পন্ন হয়।  এইবোৰ দেখিবলৈ চেপেটা, থালি সদৃশ আৰু এটাৰ ওপৰত আনটো জাপ খাই থাকে। | 

(ঙ) ৰসধানীঃ ৰসধানী হ’ল কোষপ্রৰসত থকা এবিধ আৱৰণীৰ দ্বাৰা আবৃত স্থান। ৰসধানীত পানী, ৰস, ৰেচন পদার্থ আৰু কোষৰ আন কিছুমান অনাৱশ্যক নাইবা অনুপযোগী অৰ্ধজুলীয়া পদাৰ্থৰে পূৰ হৈ থাকে। ৰসধানী এখন মাত্র আৱৰণৰ দ্বাৰা আবৃত, ইয়াক ট’ন’প্লাষ্ট বোলে। উদ্ভিদকোষত ৰসধানীক কোষপ্রৰসত ডাঙৰ খালী ঠাইৰ দৰে দেখা পোৱা যায় আৰু ইহঁতে কোষৰ আয়তন প্রায় ৯০ শতাংশ আবৰি থাকে। প্রাণীকোষত বহুত সৰু সৰু ৰসধানী থাকে।

৯। তলৰ উক্তিবোৰ সত্য নে অসত্য উল্লেখ কৰা। 

(ক) এককোষী জীৱৰ দেহত এটাহে কোষ থাকে। 

উত্তৰঃ সত্য। 

(খ) এটা জীৱৰ মৌলিক জীৱিত গোট হ’ল অংগ।

 উত্তৰঃ অসত্য।

  (গ) এমিবাৰ আকৃতি অনিয়মীয়া। 

উত্তৰঃ সত্য।

  (ঘ) পেশীকোষবোৰ শাখাযুক্ত। 

উত্তৰঃ অসত্য।

অতিৰিক্ত প্রশ্নোত্তৰ

১। খালী ঠাই পূৰ কৰাঃ

  (ক)মাইট’কন্ড্রিয়া —— ই আৱিষ্কাৰ কৰিছিল। 

উত্তৰঃ চি বিন্দা ।

(খ) কোষকেন্দ্ৰটো কোষপ্রৰসৰ পৰা —– আৱৰণৰ দ্বাৰা পৃথক হৈ থাকে।

উত্তৰ: কোষকেন্দ্রীয়।

(গ) যিবোৰ কোষ সুসংগঠিত হৈ নাথাকে তেনেবোৰ কোষক —— কোষ বোলে।

উত্তৰঃ প্রকোষকেন্দ্রীয়।

  (ঘ)—– নামৰ ব্যঞ্জক পদার্থবোৰ মাথো উদ্ভিদ কোষতহে পোৱা যায়। 

উত্তৰঃ প্লাষ্টিড।

 (ঙ) —– হৈছে জীৱদেহ গঠনৰ একক। 

উত্তৰঃ কোষ।

(চ) এমিবাই চলন কার্য বা খাদ্য গ্রহণ কৰিবৰ বাবে দেহৰ কিছু অংশ বাহিৰ উলিয়াই

 দি ———- ৰ সৃষ্টি কৰে।

উত্তৰ: কুটপাদ।

(ছ) স্নায়ুকোষ বা নিউৰণৰ নিচিনা কোষবোৰ —— হয় । 

উত্তৰঃ শাখাযুক্ত।

(জ) পাতৰ পত্ৰৰই অতিৰিক্ত পানীভাগ —- আকাৰে বায়ুমণ্ডললৈ এৰি দিয়ে।

উত্তৰঃ বাষ্প।

২। এককোষী জীৱ আৰু বহুকোষী জীৱ কাক বোলে ? উদাহৰণ দিয়া।

উত্তৰঃ এককোষী জীৱ এটা কোষেৰে গঠিত জীৱক এককোষী জীৱ বোলে। 

উদাহৰণ – এমিবা ।

বহুকোষী জীৱ — এটাতকৈ বেছি কোষৰ দ্বাৰা গঠিত জীৱক বহুকোষী জীৱ বোলে। উদাহৰণ – মানুহ।

৩। কোষৰ মূল উপাদানসমূহৰ নাম লিখা।

 উত্তৰঃ কোষৰ মূল উপাদান সমূহ হ’ল  – কোষাবৰণ, কোষ প্রৰস আৰু কোষকেন্দ্র 

৪। মাইট’কন্ড্রিয়াক কোষৰ শক্তি কেন্দ্র বোলে। ব্যাখ্যা কৰা।

উত্তৰঃ মাইট’কণ্ডিয়াত শ্বাস-প্রশ্বাসৰ লগত জড়িত কিছুমান জটিল বিক্রিয়া হয়। এই বিক্রিয়াত উৎপন্ন হোৱা ৰাসায়নিক শক্তি এ টি পি নামৰ অণুত সঞ্চিত হয়। কোষত চলি থকা বিভিন্ন কার্যৰ বাবে প্রয়োজনীয় শক্তি এই এ টি পি যোগান ধৰে। মাইট’কন্ড্রিয়াত এই শক্তি উদ্ভৱ হয় কাৰণে মাইট’কন্ড্রিয়াক কোষৰ শক্তি কেন্দ্র বুলি কোৱা হয়।

৫। জিন কি ? ইয়াৰ কাম কি আৰু ক’ত পোৱা যায় ? 

উত্তৰ : ডি এন এ ত থকা আনুবংশিক সংকেতবোৰৰ একক হ’ল জিন। জিনে পিতৃ-মাতৃৰ পৰা সন্তানলৈ বংশগত গুণবোৰ বহন নিয়ন্ত্রণ কৰে। কোষকেন্দ্ৰত থকা ক্র’মেটিডবোৰত এই জিনবোৰ থাকে।

৬। কোষৰ কোনটো অংশত কোষাংগবোৰ থাকে ? 

উত্তৰঃ কোষৰ কোষপ্রৰসত।

৭। কোষবেৰ কাক বোলে ? ব্যাখ্যা কৰা।

উত্তৰঃ উদ্ভিদকোষৰ কোষাবৰণৰ চাৰিওফালে আন এখন আৱৰণ থাকে। ইয়াক কোষবেৰ বুলি কোৱা হয়। উদ্ভিদ কোষৰ কোষবেৰ ছেলুল’জৰ দ্বাৰা তৈয়াৰী আৰু ই কোষক লগ লগাই ধৰি ৰাখে আৰু সুৰক্ষা প্রদান কৰে।

৮। কোষৰ কোনটো অংশত ক্ৰ’ম’জ’ম পোৱা যায় ? সিহঁতৰ কাম কি ? 

উত্তৰঃ কোষৰ কোষকেন্দ্ৰত ক্রম’জ’মবোৰ থাকে। ক্রম’জমৰ কামসমূহ হল – 

(ক) বংশানুক্রমে পোৱা গুণবোৰ পিতৃ-মাতৃৰ পৰা সন্তানলৈ স্থানান্তৰিত হোৱাত সহায় কৰে।

(খ) কোষৰ কামসমূহক কেন্দ্রীয়ভাৱে নিয়ন্ত্রণ কৰে।

1 thought on “Niketan Class 8 Science Chapter 8 কোষৰ গঠন আৰু কার্য”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top