Niketan Class 8 Science Chapter 7 উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ

Niketan Class 8 Science Chapter 7 উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 8 Science Chapter 7 উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ and select need one.

Niketan Class 8 Science Chapter 7 উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 8 Science Chapter 7 উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ Solutions for All Subjects, You can practice these here…

উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ

Chapter – 7

বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS

১। খালী ঠাই পূৰ্ণ কৰা :

(ক) প্রাকৃতিক আৱাসস্থানত প্ৰাণীবোৰক সংৰক্ষণ কৰা স্থানক —– বোলে।

(খ) কেৱল এটা সুনির্দিষ্ট অঞ্চলত পোৱা প্ৰজাতিক —— বোলা হয়।

(গ) পৰিভ্ৰমী চৰাইবোৰ —— পৰিবৰ্তনৰ বাবে বহুত দূৰলৈ উৰি যায়।

উত্তৰঃ (ক) প্রাকৃতিক আৱাসস্থানত প্ৰাণীবোৰক সংৰক্ষণ কৰা স্থানক অভয়াৰণ্য বোলে।

(খ) কেৱল এটা সুনির্দিষ্ট অঞ্চলত পোৱা প্ৰজাতিক থলুৱা প্রজাতি বোলা হয়।

(গ) পৰিভ্ৰমী চৰাইবোৰ জলবায়ু পৰিবৰ্তনৰ বাবে বহুত দূৰলৈ উৰি যায় ৷

২। তলত দিয়া বোৰৰ পাৰ্থক্য লিখা।

(ক) অভয়াৰণ্য আৰু সংৰক্ষতি জীৱ মণ্ডল।

(খ) চিৰিয়াখানা আৰু অভয়াৰণ্য৷

(গ) লুপ্ত প্ৰায় আৰু বিলুপ্ত প্রজাতি।

(ঘ) উদ্ভিদ কূল আৰু প্ৰাণীকুল।

উত্তৰ: (ক) অভয়াৰণ্য হ’ল প্ৰাণীসমূহ আৰু সিহঁতৰ আৱাস স্থানক কোনো ধৰণৰ ক্ষতি নোহোৱাকৈ সংৰক্ষণ কৰা অঞ্চল। আনহাতে বন্যপ্রাণী, উদ্ভিদ আৰু প্রাণী সম্পদ সমূহ সুৰক্ষিত কৰা আৰু তাত বাস কৰা জনজাতীয় লোকৰ ঐতিহ্যময় জীৱনৰ ৰক্ষণাবেক্ষণ দিয়া বৃহৎ অঞ্চল।

(খ) চিৰিয়াখানাত প্ৰাণীসমূহক কৃত্রিমভাৱে সিহঁতৰ স্বাভাৱিক আৱাসস্থানৰ পৰিৱৰ্তে কম পৰিসৰৰ অঞ্চলত দৰ্শনৰ বাবে ৰখা অঞ্চল। অভ্যয়াৰণ্যত প্ৰাণীসমূহ আৰু সিহঁতৰ প্ৰাকৃতিক আৱাসস্থানক কোনো ধৰণৰ ক্ষতি নোহোৱকৈ সংৰক্ষণ কৰা অঞ্চল।

(গ) লুপ্ত প্রায় প্রজাতি হ’ল যিবোৰ জীৱৰ সংখ্যা কমি গৈ এসময়ত লুপ্ত হ’ব পৰা স্তৰ পায়গৈ সেইবোৰক লুপ্তপ্রায় প্রজাতি বোলে। যেনে- সোণালী বান্দৰ, বনৰৌ, গঁড় ইত্যাদি। 

আনহাতে বিলুপ্ত প্রজাতি হ’ল যিবোৰ জীৱ ইতিমধ্যে পৃথিৱীৰ পৰা বিলুপ্ত হৈ গৈছে সেইবোৰ জীৱক বিলুপ্ত প্রজাতি বোলে। যেনে – ডাইন’চ’ৰ।

(ঘ) উদ্ভিদকুল হ’ল একোটা নির্দিষ্ট অঞ্চলত বাস কৰা উদ্ভিদবোৰক উদ্ভিদকুল বোলে। মানাহ সংৰক্ষিত জীৱমণ্ডলৰ উদ্ভিদকুল সমূহ হৈছে – শাল, চেগুণ, নাহৰ, আজাৰ, সোণাৰু, ইকবা, খাগৰি ইত্যাদি।

আনহাতে প্রাণী কুল হৈছে একোটা নির্দিষ্ট অঞ্চলত বাস কৰা প্ৰাণী সমূহ। মানাহ সংৰক্ষিত জীৱ মণ্ডলৰ প্ৰাণীকুলসমূহ হৈছে – ঢেকীয়াপটীয়া আৰু নাহৰ ফুটুকীবাঘ, গঁড়, হাতী, বনৰীয়া ম’হ, নলগাহৰি, খাগৰি কটা শহা, সোণালী বান্দৰ, সোণালী মেকুৰী, দল হৰিণ, হাঁহ, ধনেশ, ঈগল, ম’ৰা চৰাই ইত্যাদি।

৩। তলত দিয়াবোৰৰ ওপৰত নিৰ্বনকৰণৰ প্ৰভাৱ সমূহ আলোচনা কৰা।

(ক) বন্য প্ৰাণী,

(খ) পৰিবেশ

(গ) গাওঁ (গ্রামাঞ্চল)

(ঘ) নগৰ (চহৰাঞ্চল),

(ঙ) পৃথিৱী,

(চ) উত্তৰ প্ৰজন্ম।

উত্তৰ : (ক) নিৰ্বনকৰণৰ ফলত বন্যপ্রাণীসমূহৰ স্বাভাৱিক বাসস্থানৰ পৰিসৰ কমি যায়। সেইবাবে, কিছুমান বন্য প্রাণী খাদ্য বা বাসস্থানৰ অভাৱত বিলুপ্তিৰ পথলৈ আগবাঢ়ে আৰু কিছুমান বন্য প্রাণী মানুহৰ আবাসস্থলীলৈ সোমায় আহুকালৰ সৃষ্টি কৰে।

(খ)নিৰ্বনকৰণে পৃথিৱীৰ উষ্ণতা আৰু প্ৰদুষণৰ মান বৃদ্ধি কৰে৷ ই বায়ুমণ্ডলৰ কাৰ্বন-ডাই-অক্সাইড স্তৰ বৃদ্ধি কৰে। ভূগর্ভস্থ পানীৰ স্তৰও কমি যায়। যদি গছ কটা কাৰ্য্য অবিৰামভাৱে চলি থাকে তেতিয়া বৰষুণৰ পৰিমাণ আৰু মাটিৰ উৰ্বৰতা হ্ৰাস পায় ৷ তদুপৰি প্ৰাকৃতিক দুর্যোগ যেনে – বানপানী, খৰাংআদি বৃদ্ধি হোৱাৰ সম্ভাৱ নাথাকে ।

(গ) গাওঁ (গ্রামাঞ্চল)ত নিৰ্বনকৰণৰ প্ৰভাৱ বেছিকৈ পৰে। নিৰ্বনকৰণে মাটিৰ পানী ধাৰণ ক্ষমতা হ্রাস কৰে। মাটিৰ পৃষ্ঠভাগৰ পৰা ভূতললৈ পানীৰ চলাচল ( অন্তঃপৰিস্ৰাৱণ হাৰ ) হ্ৰাস কৰে। ইয়াৰ ফলত বানপানীৰ সৃষ্টি হয়।মাটিৰ আন গুণসমূহ যেনে – পুষ্টি উপাদান, গাঁথনি আদিও সলনি হয়। ইয়াৰ ফলত কৃষিৰ উৎপাদন কমি যায়।

(ঘ) নগৰ (চহৰাঞ্চল)ত নিৰ্বনকৰণৰ ফলত উষ্ণতা বৃদ্ধিৰ লগে লগে জাঁৰ কালি ঠাণ্ডাৰ প্রকোপো বেছি হয়। মাটিৰ পৃষ্ঠ ভাগৰ পৰা ভুতললৈ পানীৰ চলা চল হ্রাস কৰে। ইয়াৰ ফলত বৰষুণ বেছি হ’লে কৃত্রিম বানপানীৰ সৃষ্টি হয়। তাৰ উপৰিও নিৰ্বনকৰণৰ বাবে গছ-গছনি কমি যোৱাৰ ফলত চহৰাঞ্চলত থকা নানান উদ্যোগে কৰা প্ৰদূষণ ৰোধ কম হয়।

(ঙ) পৃথিৱীৰ ওপৰত নিৰ্বনকৰণৰ প্ৰভাৱ অধিক হয়। নিবনকৰণৰ বাবে বৰষুণৰ পৰিমাণ আৰু উৰ্বৰতা হ্রাস পায়। তদুপৰি প্ৰাকৃতিক দুর্যোগ যেনে – বানপানী, খৰাং আদি বৃদ্ধি হোৱাৰ সম্ভাৱ নাথাকে। উদ্ভিদক সালোক সংশ্লেষণৰ বাবে কার্বনডাই-অক্সাইডৰ প্ৰয়োজন। কম সংখ্যক উদ্ভিদৰ উপস্থিতিয়ে কম পৰিমাণৰ কাৰ্বন ডাই অক্সাইড ব্যৱহৃত হোৱা বুজায়, যাৰ ফলত বায়ু মণ্ডলত ইয়াৰ পৰিমাণ বৃদ্ধি হয়। ইয়াৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধি হয়।

(চ) নিৰ্বনকৰণে উত্তৰ প্ৰজন্মৰ ওপৰত সকলোতকৈ বেছি প্ৰভাৱ পেলাব। কাৰণ পৃথিৱীত জনসংখ্যা দিনক দিনে বাঢ়ি আছে। এই বৰ্দ্ধিত জনসংখ্যাই জীয়াই থাকিবৰ বাবে অধিক অক্সিজেনৰ প্ৰয়োজন । নিৰ্বনকৰণৰ ফলত মানুহে এৰি দিয়া কার্বন ডাই-অক্সাইডৰ শোষণ কৰিবলৈ উদ্ভিদৰ সংখ্যা কমি যাব। ফলত কম পৰিমাণৰ কার্বন-ডাই-অক্সাইড ব্যৱহাৰ হোৱাই নহয় বায়ুমণ্ডলত ইয়াৰ পৰিমাণ বৃদ্ধি হ’ব। ইয়াৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধি পাব আৰু মেৰু অঞ্চলৰ বৰফ গলিবলৈ আৰম্ভ হ’ব। লগতে উপকূলীয় আৰু তুলনা মূলক ভাৱে চাপৰ ঠাই বিলাক প্লাবিত হ’ব।

৪। কি হ’ব পাৰে যদি

(ক) আমি গছ কাটি থাকো।

(খ) প্ৰাণীৰ বাসস্থান বাধা গ্রস্থহ হয়

(গ) মাটিৰ উৰ্দ্ধতম স্তৰ উন্মুক্ত হয়।

উত্তৰ: (ক) আমি গছ কাটি থকাৰ বাবে নিৰ্বনকৰণ হয়। নিবনকৰণে পৃথিৱীৰ উষ্ণতা আৰু প্ৰদূষণৰ মান বৃদ্ধি কৰে। ই বায়ুমণ্ডলৰ কাৰ্বন-ডাই-অক্সাইডৰ স্তৰ বৃদ্ধি কৰে৷ ভূ-গর্ভস্থ পানীৰ স্তৰো কমি যায়। গছ কাটি থকাৰ বাবে প্রাকৃতিক ভাৰসাম্যত ব্যাঘাত জন্মে। যদি গছ কটা কাৰ্য অবিৰাম চলি থাকে তেতিয়া বৰষুণৰ পৰিমাণ আৰু মাটিৰ উৰ্বৰতা হ্রাস পায়। তদুপৰি প্ৰাকৃতিক দুর্যোগ যেনে-বান পানী, খৰাংআদি বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে।

(খ) প্ৰাণীৰ বাসস্থান বাধাগ্রস্থ হোৱা মানে প্ৰাণীৰ বাসস্থানসমূহত মানুহৰ বেদখল হোৱাকে বুজায়। ইয়াৰ ফলত প্ৰাণীৰ বাসস্থান থকা অঞ্চল সমূহ সংকুচিত হয়। সিহঁতৰ খাদ্য তথা থকা ঠাইৰ অভাব হয়। সেইবাবে বন্যজীৱ-জন্তু বিলাক বনাঞ্চলৰ পৰা আহি জনাঞ্চলত প্ৰবেশ কৰি মানুহৰ যথেষ্ট ধন, জন, বাসস্থানৰ ক্ষতি সাধন কৰে।

(গ) মাটিৰ উৰ্দ্ধতম স্তৰ উন্মুক্ত হ’লে ভূমিক্ষয় হয় আৰু তলৰ টান আৰু শিলাময় স্তৰ উন্মুক্ত হয়। এই মাটিত জৈৱ মৃত্তিকা কম থাকে আৰু ই কম পৰিমাণে সাৰুৱা হয়। এইদৰে সাৰুৱা ভূমি ক্ৰমান্বয়ে মৰুভূমিলৈ পৰিৱৰ্তিত হয়। ইয়াকে মৰুভূমিকৰণ বোলে।

৫। চমু উত্তৰ দিয়া –

(ক) আমি কিয় জৈৱ বিভিন্নতা সংৰক্ষণ কৰিব লাগে ?

উত্তৰঃ জীৱ সমূহ সৰু হ’লেও কিন্তু পৰিস্থিতিতন্ত্ৰত সিহঁতৰ ভূমিকা আমি অগ্রাহ্য কৰিব নোৱাৰো। সিহঁতে খাদ্য শৃংখল আৰু খাদ্য জাল গঠনত অংশ লয়। এটা অঞ্চলত বাস কৰা উদ্ভিদ, প্রাণী আৰু অনুজীৱবোৰ আৰু অজৈৱ উপাদান সমূহ যেনে জলবায়ু, মাটি, নদীৰ বা দ্বীপ আদিৰ দ্বাৰা পৰিস্থিতি তন্ত্র গঠিত হয়। গতিকে একোটা পৰিস্থিতি তন্ত্ৰত সকলো ধৰণৰ জীৱৰ উপস্থিতি অপৰিহাৰ্য। সেইবাবে আমি জৈৱ বিভিন্নতা সংৰক্ষণ কৰিব লাগে।

(খ) সংৰক্ষিত অৰণ্যবোৰো বন্যপ্ৰাণীৰ বাবে সম্পূর্ণ নিৰাপদ নহয় ৷ কিয় ?

উত্তৰ : সংৰক্ষিত অৰণ্য সমুহো বন্যপ্ৰাণীৰ বাবে সম্পূর্ণ সুৰক্ষিত নহয় ৷ কাৰণ অৰণ্যৰ ওচৰে পাজৰে অবৈধ ভাৱে বাস কৰা মানুহ আৰু চোৰাং চিকাৰী আদিয়ে বনাঞ্চল বেদখল কৰিছে আৰু ধ্বংস কৰিছে। এই বেদখলকাৰী আৰু চোৰাং চিকাৰী সমুহে দুষ্প্রাপ্য বন্যপ্রাণীসমূহ নিধন কৰি সেইসমূহৰ বিভিন্ন অংগ প্রতঙ্গ সমুহৰ চোৰাং বেহা কৰিছে।

(গ) কিছুমান জনজাতীয় লোক অৰণ্যৰ ওপৰত নিৰ্ভৰশীল। কেনেদৰে ?

উত্তৰ: কিছুমান গভীৰ অৰণ্যৰ ওচৰেপাজৰে কিছুমান জনজাতীয় লোক বসবাস কৰে। তেওঁলোক অৰণ্যৰ ওপৰত প্ৰত্যক্ষভাৱে নিৰ্ভৰশীল। কাৰণ তেওঁলোকে অৰণ্যৰ জন্তু বধ কৰি তাৰ মাংস খোৱাৰ উপৰিও সিহঁতৰ ছালসমূহ বিভিন্ন কামত ব্যৱহাৰ কৰে। সেইদৰে অৰণ্যত থকা গছৰ পৰা পোৱা ফলসমূহ খোৱাৰ উপৰিও গছৰ কাঠ ইন্ধন, হিচাপে আৰু বাসস্থান সজাত ব্যৱহাৰ কৰে। গতিকে তেওঁ লোকৰ জীৱন-ধাৰণ অৰণ্যৰ ওপৰতেই নিৰ্ভৰশীল।

(ঘ) নিৰ্বনকৰণৰ কাৰণ আৰু পৰিণতি কি ?

উত্তৰ: নিৰ্বনকৰণৰ প্ৰধান কাৰণ সমুহ হ’ল –

কৃষি কাৰ্যৰ বাবে ভূমি আহৰণ।

গৃহ আৰু কাৰখানা নির্মাণ।

আচবাব সাজিবলৈ বা ইন্ধন হিচাপে কাঠ ব্যৱহাৰ কৰিবলৈ নিৰ্বনকৰণৰ পৰিণত স্বৰূপে পৃথিৱীৰ উষ্ণতা আৰু প্ৰদুষণৰ মান বৃদ্ধি কৰে। বায়ুমণ্ডলৰ কাৰ্বন ডাই-অক্সাইডৰ স্তৰ বৃদ্ধি কৰে। ভূ-গৰ্ভৰ পানীৰ স্তৰও কমি যায়। লগতে প্রাকৃতিক ভাৰসাম্যত ব্যাঘাত জন্মায়। তদুপৰি বৰষুণৰ পৰিমাণ আৰু উৰ্বৰতা হ্রাস পায়। প্রাকৃতিক দুর্যোগ যেনে বানপানী, খৰাং আদি বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে।

(ঙ) ‘ৰেড ডেটা বুক’ ‘কি ?

উত্তৰ : ‘ৰেড ডেটা বুক’ হৈছে এখন সমল পুথি যিসকলে লুপ্ত প্রায় প্রাণী আৰু উদ্ভিদৰ খতিয়ান ৰাখে। উদ্ভিদ, প্রাণী আৰু আন প্ৰজাতি সমূহৰ বাবে পৃথক ‘ৰেড ডেটা বুক’ আছে।

  (চ) প্ৰব্ৰজন বা পৰিভ্ৰমণ বুলিলে কি বুজা ?

উত্তৰঃ প্ৰব্ৰজন বা পৰিভ্ৰমণ হৈছে এটা প্ৰজাতিৰ নিজৰ আবাসস্থানৰ পৰা আন আবাসস্থানলৈ গতি কৰা এটা পৰিঘটনা, প্রতি বছৰে এটা বিশেষ কাৰণত, যেনে – প্ৰজননৰ বাবে এই পৰিঘটনা ঘটে। উদাহৰণ স্বৰূপে, জলবায়ু পৰিবৰ্তনৰ বাবে পৰিভ্ৰমী চৰাইবোৰ প্ৰতি বছৰে এটা বিশেষ সময়ত বহুত দুৰ অঞ্চললৈ উৰি যায়। সিহঁতে কণী পাৰিবৰ বাবে উৰি আহে কাৰণ সিহঁতৰ প্ৰাকৃতিক আবাসস্থানৰ বতৰ অতি শীলত আৰু প্ৰতিকূল। যিবোৰ চৰাই বহুত দুৰ অঞ্চলৰ পৰা আন অঞ্চললৈ উৰি যায় সেইবোৰ চৰাইক পৰিভ্ৰমী চৰাই বোলে।

৬। কাৰখানা আৰু বাসস্থানৰ বাঢ়ি অহা চাহিদা পুৰণ কৰাৰ বাবে গছবোৰ অবিৰতভাৱে কটা হয়। এনে ধৰণৰ প্ৰকল্পৰ বাবে গছ কটা বিবেচিত নে ? আলোচনা কৰা আৰু এটা চমুটোকা প্ৰস্তুত কৰা।

উত্তৰ: কাৰখানা আৰু বাসস্থানৰ বাঢ়ি অহা চাহিদা পূৰণৰ বাবে গছবোৰ অবিৰতভাৱে কটাতো বিবেচিত নহয়। কিন্তু বর্ধিত জনসংখ্যাৰ লগে লগে বাসস্থানৰ পৰিসৰ বৃদ্ধি আৰু কল কাৰখানাও বৃদ্ধি হোৱাটো স্বাভাৱিক। তাৰ বাবে অৰণ্য ধ্বংস নকৰাকৈ বা গছ নকটাকৈ খালী হৈ থকা পতিত মাটিত প্ৰকল্প বোৰ গঢ় দিব লাগে। অগত্যা গছ কাটিব লগা হলেও প্রকল্পবোৰৰ খালী ঠাইসমূহত গছ পুলি ৰুব লাগে। গছ পুলিসমূহ ডাঙৰ হ’লে কিছু পৰিমাণে হ’লেও প্রাকৃতিক ভাৰসাম্যতা ৰক্ষাত সহায় হব।

৭। তোমাৰ এলেকাৰ সেউজ সম্পদৰ ৰক্ষণাবেক্ষণৰ বাবে তুমি কেনেদৰে অৰিহণা যোগাবা ? তুমি গ্ৰহণ কৰা কাৰ্য পদ্ধতিৰ এখন তালিকা প্রস্তুত কৰা।

উত্তৰ: (ক) প্ৰয়োজন ন’হলে গছ নাকাটিবলৈ প্ৰতি জন মানুহক অনুৰোধ কৰিম।

(খ) প্রত্যেক বছৰে আমি থকা এলেকাত অতি কমেও পাঁচজোপা বিভিন্ন উদ্ভিদ ৰোপণ কৰি সিহঁতৰ বৃদ্ধি নোহোৱালৈকে যতন ল’ম।

(গ) বন্ধু আৰু আত্মীয়ক জন্মদিনত গছ পুলি উপহাৰ দিম আৰু এইবোৰ যত্ন ল’বলৈ অনুৰোধ কৰিম।

(ঘ) ৰোপিত গছসমূহত নিয়মিত পানী দিম আৰু গৰু ছাগলীৰ পৰা ৰক্ষা কৰিম।

৮। নিৰ্বনকৰণে কিদৰে বৰষুণৰ পৰিমাণ হ্ৰাস কৰে। ব্যাখ্যা কৰা।

উত্তৰ: আমি জানো যে উদ্ভিদক সালোক সংশ্লেষণৰ বাবে কার্বন-ডাই-অক্সাইড প্ৰয়োজন ৷ নিৰ্বনকৰণৰ ফলত গছ-গছনিৰ সংখ্যা কমি যায় আৰু কম সংখ্যক উদ্ভিদৰ উপস্থিতিয়ে কম পৰিমাণৰ কাৰ্বন-ডাই-অক্সাইড ব্যৱহৃত হোৱা বুজায়, যাৰ ফলত বায়ুমণ্ডলত ইয়াৰ পৰিমাণ বৃদ্ধি হয়। ইয়াৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধি হয়। কাৰণ কার্বন-ডাই-অক্সাইডে পৃথিৱীয়ে প্রতিফলিত কৰা তাপ ৰশ্মি আটক কৰে, ফলস্বৰূপে পৃথিৱীৰ উষ্ণতা বৃদ্ধি হয়। পৃথিৱীত বৃদ্ধি হোৱা উষ্ণতাই জলচক্ৰৰ বিজুতি ঘটায় আৰু বষুণৰ পৰিমাণ কমাব পাৰে। ইয়াৰ ফলত খৰাঙৰ সৃষ্টি হ’ব পাৰে।

৯। তোমাৰ ৰাজ্যৰ ৰাষ্ট্ৰীয় উদ্যানসমূহ বিচাৰি উলিওৱা ভাৰতবৰ্ষৰ পৰিলেখ মানচিত্ৰত এইবোৰ চিনাক্ত কৰা আৰু এইবোৰৰ অৱস্থান দেখুওৱা।

উত্তৰ: আমাৰ ৰাজ্যৰ ৰাষ্ট্ৰীয় উদ্যান সমূহ হ’ল –

(ক) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

(খ) মানাহ ৰাষ্ট্ৰীয় উদ্যান

(গ) নামেৰি ৰাষ্ট্ৰীয় উদ্যান

(ঘ) ওৰাং (ৰাজীৱ গান্ধী ) ৰাষ্ট্ৰীয় উদ্যান

(ঙ) ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান।

১০। তলত দিয়া আভাসৰ সহায়লৈ শব্দ সাঁথৰ সম্পূৰ্ণ কৰা।

তললৈ – 

(ক) এটা অঞ্চলত থকা বিভিন্ন উদ্ভিদ, প্রাণী আৰু অনুজীৱৰ সমষ্টি।

(খ) নোহোৱা হৈ যাব পৰা জীৱ।

(গ) কেৱল এটা নির্দিষ্ট অঞ্চলত পোৱা উদ্ভিদ।

পথালিকৈ –

(ঘ) নিৰ্বনকৰণৰ ফলত বৃদ্ধি হয়।

(ঙ) ইতিমধ্যে নোহোৱা হৈ যোৱা জীৱ।

(চ) কেৱল এটা নির্দিষ্ট অঞ্চলত পোৱা জীৱ।

উত্তৰঃ

তললৈ –

(ক) জৈৱ বিভিন্নতা।

(খ) লুপ্ত প্রায়।

(গ) উদ্ভিদ কুল।

পথালিকৈ –

(ঘ) উষ্ণতা

(ঙ) বিলুপ্ত

(চ) প্রাণী কুল।

অতিৰিক্ত প্রশ্নোক্তৰ

১। মৰুভূমিকৰণ কি ?

উত্তৰ: মাটিৰ উৰ্দ্ধতম স্তৰ আতঁৰি গ’লে তলৰ টান আৰু শিলাময় স্তৰ উন্মুক্ত হয়। এই মাটিত জৈৱ মৃত্তিকা কম থাকে আৰু কম পৰিমাণে সাৰুৱা, এইদৰে সাৰুৱা ভূমি ক্রমান্বয়ে মৰুভূমিলৈ পৰিবৰ্তিত হয়। ইয়াক মৰুভূমিকৰণ বোলে।

২। জীৱ মণ্ডল কাক বোলে ? 

উত্তৰ: পৃথিৱীৰ যিটো অংশত জীৱ বাস কৰে বা যি অংশই জীৱক পৃষ্ঠপোষণ কৰে তাক জীৱমণ্ডল বোলে।

৩। চমু টোকা লিখা –

অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যান, সংৰক্ষিত জীৱ মণ্ডল, পৰিস্থিতি তন্ত্র।

উত্তৰ: অভয়াৰণ্য: প্রাণীসমূহ আৰু সিহঁতৰ আৱাসস্থানক কোনো ধৰণৰ ক্ষতি হ’ব নোৱাৰাকৈ সংৰক্ষণ কৰা অঞ্চলক অভয়াৰণ্য বোলে ৷

ৰাষ্ট্ৰীয়উদ্যান : ৰাষ্ট্ৰীয় উদ্যান হ’ল বন্যপ্রাণী সমূহৰ বাবে সংৰক্ষিত অঞ্চল য’ত সিহঁতে আবাসস্থান আৰু প্ৰাকৃতিক সম্পদসমূহৰ মুক্তভাৱে ব্যৱহাৰ কৰিব পাৰে।

সংৰক্ষিত জীৱমণ্ডল: সংৰক্ষিত জীৱ মণ্ডল হৈছে বন্যপ্ৰাণী, উদ্ভিদ আৰু প্রাণী সম্পদ সমূহ সুৰক্ষিত কৰা আৰু তাত বাস কৰা জনজাতীয় লোকৰ ঐত্যিহময় জীৱনৰ ৰক্ষণাবেক্ষণ দিয়া বৃহৎ অঞ্চল।

পৰিস্থিতি তন্ত্ৰ এটা অঞ্চলত বাস কৰা উদ্ভিদ, প্ৰাণী আৰু অণুজীৱবোৰ আৰু অজৈৱ উপাদানসমূহ যেনে জলবায়ু, মাটি, নদীৰ ব-দ্বীপ আদিৰ দ্বাৰা এটা পৰিস্থিতি গঠিত হয়।

৪। উদ্ভিদকুল আৰু প্ৰাণীকূল কাক বোলে ?

উত্তৰ : উদ্ভিদকূল হৈছে একোটা নির্দিষ্ট অঞ্চলত বাস কৰা উদ্ভিদবোৰ। উদ্ভিদকুলৰ উদাহৰণ হৈছে – মানাহ সংৰক্ষিত জীৱমণ্ডলত থকা শাল, চেগুণ, নাহৰ, আজাৰ, শিমলু, অমৰা, আহত, বট, সোণাৰু, ঔটেঙা, বগৰী, আমগছ, জামুগছ, ইকৰা, খাগৰি, কঁহুৱা নল আদি বননি।

একেদৰে, একোটা নির্দিষ্ট অঞ্চলত বাস কৰা প্রাণীসমুহক প্রাণীকুল বোলে। উদাহৰণ স্বৰূপে, মানাহ সংৰক্ষিত জীৱ মণ্ডলৰ প্ৰাণীকূল সমূহ হৈছে ঢেকীয়াপটীয়া আৰু নাহৰ ফুটুকী বাঘ, গঁড়, হাতী, বনৰীয়া ম’হ, ভালুক, নলগাহৰি, খাগৰী কটা শহা, সোণালী বান্দৰ, সোণালী মেকুৰী বা ইছন, দল হৰিণ, শহা পহু, ফুটুকী হৰিণ, বনৰীয়া গাহৰি, বনৰৌ আদি স্তন্যপায়ী প্রজাতি, ব্রাহ্মণী হাঁহ, ধনেশ, চিলনী, মৰাচৰাই, ঈগল, শৰালি হাঁহ, বনৰীয়া কুকুৰা, কেতেকী, ৰাজহাঁহ আদিৰ উপৰিও অসংখ্য পৰিভ্ৰমী চৰাই দেখা যায়।

৫। থলুৱা প্ৰজাতি কাক বোলে ? উদাহৰণ দিয়া ৷

উত্তৰঃ এটা নির্দিষ্ট অঞ্চলতহে পোৱা উদ্ভিদ বা প্রাণীক থলুৱা প্রজাতি বোলে। উদাহৰণ স্বৰূপে মানাহ সংৰক্ষিত জীৱ মণ্ডলত পোৱা সোণালী বান্দৰ, নল গাহৰী,খাগৰি কটা শহা আদি সেই অঞ্চলৰ থলুৱা প্ৰজাতি।

৬। প্রজাতি কাক বোলে ?

উত্তৰ : প্রজাতি হৈছে অন্তঃপ্রজনন ক্ষম এটা জীৱৰ সমষ্টি, এটা প্ৰজাতিৰ সদস্যবোৰে কেৱল নিজৰ প্ৰজাতিৰ সদস্যৰ লগতহে প্ৰজনন কৰিব পাৰে আৰু প্রজননক্ষম সন্তান জন্ম দিব পাৰে, আন প্ৰজাতিৰ সদস্যৰ লগত নোৱাৰে। এটা প্ৰজাতিৰ সদস্যবোৰৰ কিছুমান সাধাৰণ বৈশিষ্ট্য থাকে। পৰিস্থিতি তন্ত্ৰ এটা অঞ্চলত বাস কৰা উদ্ভিদ, প্ৰাণী আৰু অণুজীৱবোৰ আৰু অজৈৱ উপাদান সমূহ যেনে জলবায়ু, মাটি, নদীৰ ব-দ্বীপ আদিৰ দ্বাৰা এটা পৰিস্থিতি গঠিত হয়।

৭। ব্যাঘ্র প্রকল্প মানে কি ? উদাহৰণেৰে সৈতে বুজাই লিখা।

উত্তৰ: ব্যাঘ্ৰ প্ৰকল্প হ’ল বাঘক উপযুক্ত ৰক্ষণাবেক্ষণ দি সিহঁতৰ জীৱন সুৰক্ষিত কৰা। চৰকাৰে দেশত বাঘৰ সুৰক্ষাৰ বাবে ব্যাঘ্ৰ প্ৰকল্প আৰম্ভ কৰিছিল। 

আমাৰ অৰণ্যসমূহৰ পৰা লাহে লাহে লুপ্ত হ’বলৈ ধৰা প্ৰজাতিসমূহৰ ভিতৰত বাঘ এটা প্রজাতি। মানাহ ব্যাঘ্র প্রকল্প আৰম্ভ কৰাৰ পিছৰে পৰা মানাহত বাঘৰ সংখ্যা মন কৰিব পৰাকৈ বৃদ্ধি হৈছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top