Niketan Class 8 Science Chapter 5 কয়লা আৰু পেট্ৰলিয়াম

Niketan Class 8 Science Chapter 5 কয়লা আৰু পেট্ৰলিয়াম is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 8 Science Chapter 5 কয়লা আৰু পেট্ৰলিয়াম and select need one.

Niketan Class 8 Science Chapter 5 কয়লা আৰু পেট্ৰলিয়াম

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 8 Science Chapter 5 কয়লা আৰু পেট্ৰলিয়াম Solutions for All Subjects, You can practice these here…

কয়লা আৰু পেট্ৰলিয়াম

Chapter – 5

বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS

১। জীৱাশ্ম ইন্ধন মানে কি বুজা ? উদাহৰণ দিয়া।

উত্তৰ : কিছুমান প্রাকৃতিক সম্পদ মৃত জীৱৰ অৱশেষৰ পৰা অৰ্থাৎ জীৱাশ্মৰ পৰা উৎপন্ন হয়। সেয়েহে এইবোৰক জীৱাশ্ম ইন্ধন বুলি কোৱা হয়। জীৱাশ্ম ইন্ধন প্রয়োগশালা বা গৱেষণাগাৰত প্ৰস্তুত কৰিব পৰা নাযায়। 

জীৱাশ্ম ইন্ধনৰ উদাহৰণ হ’ল – কয়লা, পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ।

২। অংগাৰীকৰণ মানে কি ?

উত্তৰ: প্রায় 300 নিযুত বছৰৰ আগতে পৃথিৱীৰ নিম্নভূমিৰ জলাহসমূহত অটব্য অৰণ্য আছিল। বানপানী, ভূমিকম্প আদিৰ দৰে প্ৰাকৃতিক ঘটনাৰ ফলত এই অৰণ্যসমূহ মাটিৰ তলত গোট খাই গৈছিল। পৰৱৰ্তী সময়ত ইয়াৰ ওপৰত অধিক পৰিমাণৰ মাটি জমা হৈ গৈ থকা ফলত এইবোৰ সংকুচিত হৈ যায়। গভীৰৰ পৰা গভীৰলৈ প্রৱেশ কৰাৰ ফলত এইবোৰৰ উষ্ণতাও বাঢ়িছিল। উচ্চ চাপ আৰু উচ্চ উষ্ণতাত এই মৃত উদ্ভিদ সমূহ লাহে লাহে কয়লালৈ ৰূপান্তৰিত হয়। যিহেতু কলয়াৰ প্ৰধান উপাদান কার্বন, সেয়েহে মৃত উদ্ভিদৰ পৰা ধীৰে ধীৰে কয়লা লৈ ৰূপান্তৰিত হোৱা প্ৰক্ৰিয়াটোক অংগাৰীকৰণ বোলে। মৃত উদ্ভিদৰ অৱশিষ্টৰ পৰা সৃষ্টি হোৱা বাবে কয়লাক জীৱাশ্ম ইন্ধন বুলিও কোৱা হয়।

৩। ৰাস্তা পকী কৰোঁতে আজি কালি আলকতৰাৰ সলনি ব্যৱহাৰ কৰা সামগ্ৰী বিধৰ নাম কি ?

উত্তৰ: আজি কালি ৰাস্তা পকী কঁৰোতে ওপৰৰ তৰপত আলকতৰাৰ সলনি বিটুমেন নামৰ এবিধ সামগ্ৰী ব্যৱহাৰ কৰা হয়। বিটুমেন পেট্ৰ’লিয়ামৰ পৰা উৎপন্ন কৰা হয়।

৪। পেট্ৰ’ল আৰু পেৰাফিন মমৰ ব্যৱহাৰ লিখা।

উত্তৰঃ পেট্ৰ’লৰ ব্যৱহাৰ : মটৰৰ ইন্ধন, উৰা জাহাজৰ ইন্ধন আৰু কোনো বস্তু শুকানকৈ ধুবলৈ প্ৰয়োজন হোৱা দ্ৰাৱক হিচাপে পেট্ৰ’লৰ ব্যৱহাৰ হয়। 

পেৰাফিন মমৰ ব্যৱহাৰ : মমবাতি, মলম, ভেছলিন আদি প্ৰস্তুত কৰাত পেৰাফিন মম ব্যৱহাৰ কৰা হয়।

৫। মৃত গছ-গছনিৰ পৰা কয়লা কিদৰে সৃষ্টি হৈছিল বৰ্ণনা কৰা।

উত্তৰ: প্রায় 300 নিযুত বছৰ পূৰ্বে পৃথিৱীৰ নিম্নভূমিৰ জলাহসমূহত অটব্য অৰণ্য আছিল। বানপানী, ভূমিকম্প আদিৰ দৰে প্ৰাকৃতিক ঘটনাৰ ফলত এই অৰণ্যসমূহ মাটিৰ তলত পোত খাই গৈছিল। পৰৱৰ্তী সময়ত ইয়াৰ ওপৰত অধিক পৰিমাণৰ মাটি জমা হৈ গৈ থকাৰ ফলত এইবোৰ সংকুচিত হৈ যায়। গভীৰৰ পৰা গভীৰলৈ প্ৰৱেশ কৰাৰ ফলত মাটিৰ তলৰ এই অৰণ্যবোৰৰ উষ্ণতাও বাঢ়িছিল। উচ্চচাপ আৰু উচ্চ উষ্ণতাত এই মৃত গছ-গছনি বা উদ্ভিদসমুহ লাহে লাহে কয়লালৈ ৰূপান্তৰিত হয়।

৬। পেট্ৰলিয়ামৰ শোধন মানে কি ?

উত্তৰ: পেট্ৰ’লিয়াম এবিধ অতি গাঢ় তৈলাক্ত পদার্থ। ইয়াৰ গোন্ধ বেয়া। ই পেট্ৰ’লিয়াম গেছ, পেট্ৰ’ল, ডিজেল, লুব্রিকেটিং তেল বা পিচ্ছিলক তেল, খনিজ মম আদি বিভিন্ন উপাদানৰ এবিধ মিশ্রণ। পেট্ৰ’লিয়ামৰ এই উপাদান সমূহক বা অংশসমূহক পৃথকীকৰণ কৰা প্ৰক্ৰিয়াক শোধন বুলি কোৱা হয়। তেল শোধনা গাৰত এই শোধন কার্য সম্পন্ন কৰা হয়।

৭। খালী ঠাই পূৰ কৰা :

(ক) কোনো বস্তু পিছল কৰিবলৈ —– তেল ব্যৱহাৰ কৰা হয়।

উত্তৰঃ পিচ্ছিলক ।

(খ) কয়লাৰ প্ৰধান উপাদান হৈছে —– ।

উত্তৰঃ কাৰ্বন ।

(গ) আলকতৰা প্ৰায় —– বিধ পদার্থৰ এটি মিশ্রণ।

উত্তৰঃ 200 

  (ঘ) ——-  ৰ পৰা ভেছলিন প্রস্তুত কৰা হয়।

উত্তৰঃ পেৰাফিন মম 

৮। তলৰ উক্তি সমূহ শুদ্ধনে অশুদ্ধ চিহ্নিত কৰা।

(ক) ক’ক হ’ল কাৰ্বনৰ এটা অশুদ্ধ ৰূপ।

উত্তৰ: অশুদ্ধ।

(খ) নেফথালিন পেট্রলিয়ামৰ পৰা প্ৰস্তুত কৰা হয়।

উত্তৰ: শুদ্ধ।

(গ) কোনো বস্তু শুকানকৈ ধুবলৈ প্ৰয়োজন হোৱা দ্ৰাৱক হিচাপে পেট্ৰ’ল ব্যৱহাৰ কৰা হয়।

উত্তৰ: শুদ্ধ।

  (ঘ) সূৰ্যৰ ৰশ্মি নিঃশেষীয় প্রাকৃতিক সম্পদ।

উত্তৰ: অশুদ্ধ।

৯। কি কি কাৰণত ইন্ধন হিচাপে প্রাকৃতিক গেছৰ বিশেষ গুৰুত্ব আছে ?

উত্তৰঃ প্রাকৃতিক গেছ এবিধ অতি গুৰুত্বপূৰ্ণ ইন্ধন। কেইবাটাও কাৰণত এই ইন্ধনৰ বিশেষ গুৰুত্ব আছে, যেনে –

(ক) প্রাকৃতিক গেছ তুলনামুলকভাৱে পৰিষ্কাৰ ইন্ধন ।

(খ) নলীৰ মাজেৰে অতি সহজতে প্রাকৃতিক গেছ পৰিবহন কৰিব পাৰি ।

(গ) ইয়াৰ দহনৰ দ্বাৰা অতি উচ্চশক্তি লাভ কৰিব পাৰি ।

(ঘ) প্রাকৃতিক গেছৰ দহনত কোনো ছাই উৎপন্ন নহয়, সেয়েহে ইয়াৰ দ্বাৰা বায়ু প্ৰদূষণ নহয় বুলিয়েই ক’ব পাৰি।

১০। সংকুচিত প্রাকৃতিক গেছ মানে কি ?

উত্তৰঃ প্রাকৃতিক গেছক উচ্চ চাপৰ অধীনত সংকুচিত অৱস্থালৈ লৈ যাব পাৰি। এনে প্রাকৃতিক গেছক সংকুচিত প্রাকৃতিক গেছ বোলে। এই সংকুচিত প্রাকৃতিক গেছ বিদ্যুৎ শক্তি উৎপাদন কৰিবলৈ ব্যৱহাৰ হয়। কম বায়ু প্ৰদূষক হোৱাৰ বাবে ইয়াক যান-বাহন পৰিবহনত ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। ই তুলনামূলকভাৱে পৰিষ্কাৰ ইন্ধন ৷

অতিৰিক্ত প্রশ্নোত্তৰ

১। অনিঃশেষীয় আৰু নিঃশেষীয় প্রাকৃতিক সম্পদ কাক বোলে ? উদাহৰণ

উত্তৰঃ যিবোৰ প্ৰাকৃতিক সম্পদ বাৰে বাৰে ব্যৱহাৰ কৰাৰ পিছতো একেবাৰে দিয়া ৷ শেষ হৈ নাযায় অথবা যিবোৰ প্ৰাকৃতিক সম্পদক পুনৰ ব্যৱহাৰ কৰিব পাৰি সেইবোৰকে অনিঃশেষীয় প্রাকৃতিক সম্পদ বোলে। উদাহৰণ – সূৰ্যৰ ৰশ্মি, বায়ু, পানী, উদ্ভিদ, প্রাণী ইত্যাদি।

যিবোৰ প্ৰাকৃতিক সম্পদ মানুহৰ ব্যৱহাৰৰ ফলত চিৰ দিনৰ বাবে শেষ হৈ যাব পাৰে সেই সম্পদবোৰক নিঃশেষীয় প্রাকৃতিক সম্পদ বোলে। উদাহৰণ – কয়লা, পেট্রোলিয়াম, প্রাকৃতিক গেছ ইত্যাদি।

২। কয়লা কি ? কি কি কামত ইয়াক ব্যৱহাৰ কৰা হয় ?

উত্তৰ : কয়লা হৈছে হাইড্ৰকার্বনজাতীয় এবিধ ইন্ধন ।ই দেখাত ক’লা বৰণীয়া আৰু শিলৰ দৰে কঠিন। ইয়াক আহাৰ ৰান্ধিবলৈ ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। আগৰ দিনত ৰেলগাড়ী চলাবলৈ ব্যৱহাৰ কৰা হৈছিল। তাপ বিদ্যুৎ প্রকল্পত বিদ্যুৎ উৎপাদন কৰিবলৈ আৰু বিভিন্ন ধৰণৰ উদ্যোগতো ইন্ধন হিচাপে ইয়াৰ ব্যৱহাৰ হয় ৷

৩। কয়লাৰ পৰা উৎপাদন কৰা প্ৰধান সামগ্ৰী কেইটা মানৰ নাম লিখা আৰু সিহঁতৰ ব্যৱহাৰ লিখা।

উত্তৰঃ কয়লাৰ পৰা উৎপাদন কৰা প্রধান সামগ্ৰীকেই বিধ হৈছে – ক’ক, আলকতৰা, কয়লা গেছ।

ব্যৱহাৰ –

ক’ক –  তীখা উৎপাদন আৰু বহুতো ধাতুৰ নিষ্কাশনৰ ক্ষেত্ৰত ক’ক ব্যৱহাৰ কৰা হয়।

আলকতৰা – সাংশ্লেষিত ৰঞ্জক দ্রব্য, ঔষধ, বিস্ফোৰক, প্লাষ্টিক, ৰং আলোক চিত্ৰণৰ সামগ্ৰী, ঘৰৰ চাল সজা সামগ্ৰী আদি প্রস্তুত কৰোঁতে কেঁচা সামগ্ৰী হিচাপে আলকৰা ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও নেফথালিন নামৰ দ্ৰব্য বিধ আলকৰাৰ পৰাই প্ৰস্তুত কৰা হয়। 

কয়লা গেছ – কয়লাৰ সংসাধনৰ দ্বাৰা ক’’ক প্রস্তুত কৰোতে উৎপন্ন হোৱা কয়লা গেছক উদ্যোগ সমূহে ইন্ধন হিচাপে ব্যৱহাৰ কৰে।

৪। পেট্ৰ’লিয়ামক কিয় ‘জুলীয়া সোণ’ বুলি কোৱা হয়।

উত্তৰ: পেট্ৰ’লিয়ামক ‘জুলীয়াসোণ’ বুলি কোৱা কাৰণ হৈছে এই জুলীয়া সোণৰ ওপৰতে দেশ এখনৰ শিল্প-বাণিজ্যৰ অগ্ৰগতি নিৰ্ভৰ কৰে।

৫। পৃথিৱীৰ প্ৰথম তেল খাদটো ক’ত আৰু কেতিয়া খন্দা হৈছিল ?

উত্তৰ : পৃথিৱীৰ প্ৰথম তেল খাদটো 1859 চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পেনছিলভেনিয়াত খন্দা হৈছিল।

৬। অসমত পোন প্রথম তেল খাদ ক’ত খন্দা হৈছিল।

উত্তৰ: মাকুমত।

৭। পেট্ৰ’লিয়ামৰ বিভিন্ন উপাদন আৰু ইহঁতৰ ব্যৱহাৰৰ এখন তালিকা প্ৰস্তুত কৰা।

উত্তৰ:

ক্ৰব্যৱহাৰ
পেট্ৰ’লিয়াম  উপাদান তৰলীকৃত পেট্ৰ’লিয়াম গেছ(Liquified Petrolium Gas, LPG)ঘৰ আৰু উদ্যোগত ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়।
পেট্ৰ’লমটৰৰ ইন্ধন, উৰাজাহাজৰ ইন্ধন আৰু কোনো বস্তু  শুকানকৈ ধুবলৈ প্ৰয়োজন হোৱা দ্ৰাৱক হিচাপে ব্যৱহাৰ কৰা হয়।
কেৰাচিনষ্টভ, লেম্প আৰু জেট উৰাজাহাজৰ ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়।
ডিজেলগধুৰ যান-বাহন আৰু বিদ্যুৎ উৎপাদক যন্ত্ৰৰ ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়।
পিচ্ছিলক তেল (লুব্রিকেটিং অইল)কোনো বস্তু পিছল কৰিবলৈ ব্যৱহাৰ কৰা হয়।
পেৰাফিন মমমমবাতি, মলম, ভেছলিন আদি প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা হয়।
বিটুমেনৰঙৰ প্ৰস্তুতকৰণত আৰু ৰাস্তাৰ উপৰিভাগৰ পকীকৰণত ব্যৱহাৰ কৰা হয়।

৮। খালী ঠাই পূৰ কৰা।

(ক) —- , —- আৰু —- হৈছে জীৱাশ্ম ইন্ধন।

উত্তৰঃ কয়লা, পেট্ৰলিয়াম ,  প্ৰাকৃতিক গেছ । 

(খ) পেট্ৰলিয়ামৰ উপাদন সমূহৰ পৃথকীকৰণ প্ৰক্ৰিয়াটোক —–  বোলা হয়।

উত্তৰঃ শোধন  ।

(গ) আটাইতকৈ কম প্ৰদূষিত কৰা যান-বাহনৰ ইন্ধনটো হ’ল —– ।

উত্তৰঃ চি. এন. জি।

(ঘ) পেট্ৰ’লিয়াম প্রায় —– জৈৱ যৌগৰ জটিল সংমিশ্রণ।

উত্তৰঃ 150 টা ।

(ঙ) প্রাকৃতিক গেছত আটাইতকৈ বেছিকৈ পোৱা গেছ বিধ হ’ল —– ।

উত্তৰঃ মিথেন (CH4) ।

৯। মানুহে শক্তিৰ সংৰক্ষণ কৰিবলৈ কি কি নিয়ম পালন কৰিব লাগে লিখা।

উত্তৰ: মানুহে শক্তি সংৰক্ষণ কৰিবলৈ পালন কৰিবলগীয়া নিয়মবোৰ হ’ল – 

(ক) প্ৰয়োজন নহ’লে লাইট, ফেন বা অন্যান্য বৈদ্যতিক সামগ্ৰীৰ চুইচ বন্ধ কৰি থ’ব লাগে।

(খ) কোঠা ত্যাগ কৰাৰ লগে লগে বাতানুকুল যন্ত্ৰৰ চুইচ বন্ধ কৰিব লাগে।

(গ) ব্ৰাছেৰে দাঁত ঘহি থকা সময়ত বা চাবোনেৰে হাত ঘঁহি থকা সময়ত পানীৰ টেপটো খুলি ৰাখিব নালাগে।

(ঘ) ফুটা-ফটা-টেপবোৰ ভাল কৰিব লাগে যাতে পানীৰ অপচয় নহয়।

(ঙ) প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰিব লাগে।

১০। ভাৰতৰ পেট্ৰ’লিয়াম সংৰক্ষণ আৰু গৱেষণা সংস্থাই দিয়া দিহাবোৰ উল্লেল্লখ কৰা ।

উত্তৰ: ভাৰতৰ পেট্ৰ’লিয়াম সংৰক্ষণ আৰু গৱেষণা সংস্থাই দিয়া দিহাবোৰ হ’ল – 

(ক) যিমান দূৰ সম্ভৱ, এক অপৰিবৰ্তিত আৰু মধ্যমীয়া গতিত গাড়ী চলাব লাগে।

(খ) ট্ৰেফিক পইন্টত ৰওঁতে বা কোনো ঠাইত ৰ’বলগীয়া হ’লে ইঞ্চিন বন্ধ কৰি থ’ব লাগে।

(গ) গাড়ীৰ চকাৰ ভিতৰত বায়ুৰ চাপ শুদ্ধ ভাৱে থকাটো নিশ্চিত কৰিব লাগে।

(ঘ) নিয়মিত ভাৱে গাড়ীখন চোৱা-চিতা কৰাটো বা গাড়ীখনৰ যত্ন লোৱাটো নিশ্চিত কৰিব লাগে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top