Niketan Class 8 Science Chapter 3 কৃত্ৰিম আঁহ আৰু প্লাষ্টিক

Niketan Class 8 Science Chapter 3 কৃত্ৰিম আঁহ আৰু প্লাষ্টিক is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 8 Science Chapter 3 কৃত্ৰিম আঁহ আৰু প্লাষ্টিক and select need one.

Niketan Class 8 Science Chapter 3 কৃত্ৰিম আঁহ আৰু প্লাষ্টিক

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 8 Science Chapter 3 কৃত্ৰিম আঁহ আৰু প্লাষ্টিক Solutions for All Subjects, You can practice these here…

কৃত্ৰিম আঁহ আৰু প্লাষ্টিক

Chapter – 3

বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS

পাঠ : ৩

কৃত্ৰিম আঁহ আৰু প্লাষ্টিক

১। উত্তৰ দিয়া –

(ক) কৃত্রিম আঁহ বুলিলে কি বুজা ?

উত্তৰঃ কিছুমান আঁহ কৃত্রিমভাৱে মানুহে প্ৰস্তুত কৰে আৰু এনে আঁহক সাংশ্লেষিক, কৃত্রিম অথবা মানৱ-সৃষ্ট আঁহ বোলা হয়। প্রাকৃতিক আঁহৰ নিচিনা কৃত্রিম আঁহ হৈছে বহু সংখ্যক গোটেৰে গঠিত পদাৰ্থ যিবোৰক পলিমাৰ বা বহুযোগী বোলা হয়। কৃত্রিম আঁহসমূহ ৰাসায়নিক প্ৰক্ৰিয়াৰে পেট্ৰ’ৰায়াসনিকৰ পৰা পোৱা যায়। এই আঁহবোৰেদি প্রাকৃতিক আঁহৰ দৰে কাপোৰ বব পাৰি।

(খ) প্লাষ্টিকৰ ভাগ কেইটা আৰু কি কি ?

উত্তৰ: প্লাষ্টিক সাধাৰণতে দুই ভাগত ভগাব পাৰি – 

থার্ম’প্লাষ্টিক বা তাপ নমনীয় প্লাষ্টিক আৰু থাৰ্মছেটিং প্লাষ্টিক বা তাপ দৃঢ় প্লাষ্টিক।

(গ) কাঠ পচিবৰ কাৰণে কিমান সময়ৰ প্ৰয়োজন ?

 উত্তৰ: কাঠ পঁচিবৰ বাবে 10 বছৰৰ পৰা 15 বছৰ সময়ৰ প্ৰয়োজন।

(ঘ) 4R নীতি কি ?

উত্তৰঃ 4R নীতি হৈছে – হ্রাসকৰা, পুন ব্যৱহাৰ কৰা, পুনৰাবৰ্তন কৰা আৰু পুনৰুদ্ধাৰ কৰা। পৰিবেশ হিতৈষী হ’বৰ বাবে 4R নীতি মানিব লাগে। এই নীতিত যিহেতুকে চাৰিওটা শব্দৰ আৰম্ভণি R আখৰৰ দ্বাৰা হৈছে সেই বাবে এই নীতিক 4R নীতি বোলা হয়।

২। তলত দিয়া সামগ্ৰী সমূহৰ পদাৰ্থবোৰক ‘পুনৰাবৰ্তন কৰিব পৰা’ আৰু ‘পুনৰাবৰ্তন কৰিব নোৱাৰা ’হিচাপে শ্রেণী ভূক্ত কৰা। 

প্লাষ্টিকৰ খেলনা, কুকাৰৰ নাল, প্লাষ্টিকৰ বাতি, বৈদ্যুতিক ছুইচ, কেৰিবেগ, বৈদ্যুতিক তাৰৰ প্লাষ্টিক আৱৰণ, প্লাষ্টিক চকী।

উত্তৰঃ

পুনৰাবৰ্তন কৰিব পৰাপুনৰাবৰ্তন কৰিব নোৱৰা
(ক) প্লাষ্টিকৰ খেলনা(ক) কুকাৰৰ নাল
(খ) প্লাষ্টিকৰ বাতি(খ) বৈদ্যুতিক ছুইচ্
(গ) কেৰি বেগ(গ) বৈদ্যুতিক তাৰৰ প্লাষ্টিক আবৰণ
(ঘ) প্লাষ্টিকৰ চকী

৩। তলত দিয়াবোৰ কিয় তাপ দৃঢ় প্লাষ্টিকেৰে বনোৱা হয়। ব্যাখ্যা কৰা –

(ক) বিদ্যুতৰ প্লাগ, ছুইচ্ / প্লাগ

(খ) চছপেনৰ নাল

(গ) অগ্নি প্ৰতিৰোধী কাপোৰ

উত্তৰ : (ক) বিদ্যুতৰ প্লাগ, ছুইচ্, প্লাগ বৰ্ড তাপ দৃঢ় প্লাষ্টিকৰ দ্বাৰা বনোৱা হয়। এইবোৰ বেকেলাইট নামৰ প্লাষ্টিকেৰে বনোৱা হয়। এই বিধ প্লাষ্টিক তাপ আৰু বিদ্যুতৰ কু-পৰিবাহী ৷ সেয়ে বিদ্যুতৰ প্লাগ, ছুইচ্, প্লাগ বৰ্ডত বিদ্যুত পৰিবাহীত নহ’বৰ বাবে এই বিধ প্লাষ্টিক ব্যৱহাৰ কৰা হয়।।

(খ) ছছপেনৰ নালসমুহ প্লাষ্টিকৰ দ্বাৰা বনোৱা হয় ৷ কৰাণ এই প্লাষ্টিকসমূহ তাপৰ কু-পৰিবাহী সেই বাবে চছপেনত খাদ্যসমূহ বনাওতে দিয়া তাপৰ ফলত ছছপেনটো গৰম হ’লেও ইয়াৰ নাল ডাল তাপ কুপৰিবাহী প্লাষ্টিকৰ দ্বাৰা বনোৱা বাবে গৰম নহয় ৷ ফলত নাল ডাল ধৰিবলৈ সুচল হয়।

(গ) অগ্নি প্ৰতিৰোধী কাপোৰ মেলামাইন নামৰ এবিধ তাপ দৃঢ় প্লাষ্টিকৰ দ্বাৰা প্ৰস্তুত কৰা হয়। মেলামাইন এবিধ বহুতো গুণ থকা পদার্থ। অগ্নিৰোধ কৰে আৰু আন প্লাষ্টিকতকৈ ই অধিক ভালদৰে তাপ সহ্য কৰিব পাৰে ৷ সেইবাবে জুই নুমুৱাবলৈ যোৱা মানুহে এই বিধ কাপোৰ পৰিধান কৰাৰ ফলত তেওঁ লোকৰ দেহত জুই নালাগে।

৪। তাপ নমনীয় আৰু তাপ দৃঢ় প্লাষ্টিকৰ মাজত থকা পার্থক্য উল্লেখ কৰা ৷

উত্তৰঃ তাপ নমনীয় প্লাষ্টিক সমুহ তাপ পালে সহজে বিকৃত হয় আৰু সহজে ভাঁজ কৰিব পাৰি। কিন্তু ভাঙিব নোৱাৰি। যেনে – PVC আৰু পলিথিন।

আনহাতে তাপ দৃঢ় প্লাষ্টিক সমূহ এবাৰ আকৃতি দিয়াৰ পাছত পুনৰ তপতালেও আকাৰ দিব নোৱাৰি ৷ এইবিধ প্লাষ্টিক ভাঙিব পাৰি। যেনে – বেকেলাইট আৰু মেনামাইন।

৫। “পৰা পক্ষত প্লাষ্টিক বৰ্জন কৰা উচিত’ – কাৰণ দৰ্শাই ব্যাখ্যা কৰা।

উত্তৰ: পৰা পক্ষত প্লাষ্টিক বৰ্জন কৰা উচিত। কাৰণ – প্লাষ্টিক জৈৱ অপচনশীল পদার্থ। প্লাষ্টিক পচিবলৈ যিহেতু বহু বছৰ লাগে, সেয়ে ই পৰিবেশৰ বাবে উপযোগী নহয়। ই পৰিবেশত প্ৰদূষণ ঘটায়। ইয়াৰ উপৰিও এইবোৰ পদাৰ্থৰ দহন প্ৰক্ৰিয়া অতি লেহেম আৰু ই সম্পূৰ্ণ ৰূপে পুৰি নাযায়। দহন প্রক্রিয়াত প্লাষ্টিকে বায়ুমণ্ডললৈ বহুতো বিষাক্ত ধোঁৱা এৰি দি বায়ুৰ প্ৰদূষণ ঘটায়। সেই বাবে যিমান দূৰ সম্ভৱ প্লাষ্টিকৰ ব্যৱহাৰ এৰাই চলিবৰ বাবে যত্ন  কৰা উচিত। সেইকাৰণে, দেশৰ এগৰাকী দায়িত্বশীল নাগৰিক হিচাপে 4R নীতি মানি চলা উচিত। এই নীতি হ’ল – হ্ৰাস কৰা, পুনৰ ব্যৱহাৰ কৰা, পুনৰাবৰ্তন কৰা আৰু পুনৰুদ্ধাৰ কৰা। পৰিবেশ হিতৈষী হ’বলৈ যত্ন কৰা উচিত।

৬। কৃত্ৰিম আঁহৰ বিশেষত্ব সমূহ কি কি ?

উত্তৰঃ কৃত্ৰিম আঁহ সমূহৰ বিশেষত্ব সমূহ হ’ল – এই আঁহবোৰৰ পৰা তৈয়াৰী পোছকবোৰ ধুলে সোনকালে শুকায়, বহু দিনটিকে, কম দামী, সহজে পোৱা যায় আৰু সহজে যত নাই ৰাখিব পাৰি। সেই বাবে কৃত্রিম আঁহৰ দ্বাৰা তৈয়াৰী পোছাকবোৰ অতিজন প্রিয়।

৭। ৰান্ধনী শালত কাম কৰোতে কৃত্রিম আঁহৰ দ্বাৰা তৈয়াৰী পোচাক কিয় পৰিধান কৰিব নালাগে ?

উত্তৰ : কৃত্রিম আঁহসমূহক সাধাৰণতে পেট্ৰ’কেমিকেল বুলি কোৱা হয়। পেট্ৰ’লিয়াম উৎসৰ কেঁচামাল ব্যৱহাৰ কৰি নানান প্ৰক্ৰিয়াৰ দ্বাৰা কৃত্রিম আঁহ সমূহ প্ৰস্তুত কৰা হয়। এই আঁহসমূহত পতালে গলি যায়। এইটো আচলতে কৃত্রিম আঁহসমূহৰ এটা অসুবিধা ৷ গতিকে এনে কাপোৰত জুই লাগিলে বিপজ্জনক, কাৰণ কাপোৰ গলি গৈ পিন্ধি থকা মানুহজনৰ শৰীৰত লাগি ধৰে। সেইবাবে, ৰান্ধনী শালত কাম কৰোঁতে কৃত্রিম আঁহৰ দ্বাৰা তৈয়াৰী পোচাক পৰিধান কৰিব নালাগে।

৮। প্লাষ্টিকৰ লগত পৰিবেশৰ সম্পৰ্ক কি বুজাই লিখা।

উত্তৰ : প্লাষ্টিক হ’ল জৈৱ অপচনশীল পদার্থ। প্লাষ্টিক সৃষ্টি কৰা আবৰ্জনাবোৰ পৰিবেশ হিতৈশী নহয়। প্লাষ্টিক পচিবলৈ যিহেতু বহু বছৰ লাগে, সেয়েই পৰিবেশৰ বাবে উপযোগী নহয় ৷ এইবোৰে পৰিবেশত প্ৰদূষণ ঘটায়। প্লাষ্টিকৰ দহন প্ৰক্ৰিয়া অতি লেহেম আৰু ই সহজতে সম্পূৰ্ণৰূপে পুৰি নাযায়। দহন প্রক্রিয়াত প্লাষ্টিকে বায়ু মণ্ডললৈ বহুতো বিষাক্ত গেছ নিৰ্গত কৰি বায়ুৰ প্ৰদূষণ ঘটায়। মাটিত দ’ম কৰিথ’লৈ প্লাষ্টিক পচন হ’বলৈ বহু বছৰ সময় লয় ৷ ফলত এই ধৰণৰ জৈৱ অপচনশীল প্লাষ্টিকৰ কাৰণে মাটি প্ৰদূষিত হয়। আনহাতে, পলিথিনৰ মোনা বোৰ য’তে ত’তে অর্থাৎ জলাশয় বা আলিবাটত দলিওৱাৰ বাবে নলা নৰ্দমাবোৰ বন্ধ হয়। গৰু বা অন্য প্ৰাণীয়ে পেলনীয়া আবৰ্জনাৰ খাদ্য খাওঁতে, সিহঁতে, পলিথিনৰ মোনাও গিলি থয়। এই প্লাষ্টিকৰ পদাৰ্থবোৰে সিহঁতৰ শ্বাস-প্রশ্বাসত বাধা দিয়ে বা সিহঁতৰ পাকস্থলীত এটা তৰপৰ সৃষ্টি কৰে ৷ ইয়েই প্রাণীবোৰৰ মৃত্যুৰ কাৰণ হ’ব পাৰে।

৯। শুদ্ধ উত্তৰটো বাছি উলিওৱা।

কৃত্ৰিম আঁহসমূহৰ পৰা ৰেয়ন বেলেগ, কিয়নো ? 

(ক) প্রাকৃতিক আঁহবোৰৰ দৰে ইয়াৰ আঁহবোৰ বব পাৰি।

(খ) ইয়াক কাঠৰ মণ্ডৰ পৰা পোৱা যায়।

(গ) ইয়াৰ এটা ৰেচম সদৃশ ৰূপ আছে।

উত্তৰঃ (খ) ইয়াক কাঠৰ মণ্ডৰ পৰা পোৱা যায়।

১০। ‘ক’ স্তম্ভত দিয়া শব্দবোৰক ‘খ’স্তম্ভৰ খণ্ড বাক্যৰ লগত শুদ্ধকৈ মিলোৱা –

(ক) পলিয়েষ্টাৰ(ক) কাঠৰ মণ্ড ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হয়।
(খ) টেফলন(খ) মোজা আৰু পেৰাছুট বনাবলৈ ব্যৱহাৰ কৰা হয়।
(গ) ৰেয়ন(গ) আট খাই অথবা লাগি নধৰা ৰন্ধন সৰঞ্জাম বনাবলৈ ব্যৱহাৰ কৰা হয়।
(ঘ) নাইলন(ঘ) সহজে শোটোৰা নপৰা কাপোৰ

উত্তৰঃ

(ক) পলিয়েষ্টাৰ(ঘ) সহজে শোটোৰা নপৰা কাপোৰ
(খ) টেফলন(গ) আট খাই অথবা লাগি নধৰা ৰন্ধন সৰঞ্জাম বনাবলৈ ব্যৱহাৰ কৰা হয়।
(গ) ৰেয়ন(ক) কাঠৰ মণ্ড ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হয়।
(ঘ) নাইলন(খ) মোজা আৰু পেৰাছুট বনাবলৈ ব্যৱহাৰ কৰা হয়।

অতিৰিক্ত প্রশ্ন

১। খালী ঠাঁই পূৰ কৰা

(ক) সাংশ্লেধিক আঁহবোৰক —– বা —– বুলিও কোৱা হয় ৷

উত্তৰঃ কৃত্রিম, মানব সৃষ্ট,

(খ) সাংশ্লেধিক আঁহবোৰক —– নামৰ কেঁচা মালৰ পৰা সংশ্লেষণ

উত্তৰঃ পেট্ৰ ৰাসায়নিক

(গ) সাংশ্লেধিক আঁহবোৰৰ দৰে প্লাষ্টিকো এবিধ —–।

উত্তৰঃ কৃত্রিম উৎস।

২। আঁহৰ শ্ৰেণী বিভাজনৰ তালিকা প্ৰস্তুত কৰা ।

উত্তৰ:

৩। সাধাৰণতে ব্যৱহাৰ হোৱা আঁহৰ প্ৰকাৰ, আঁঠুৰ নাম আৰু উৎসৰ এখন তালিকা প্ৰস্তুত কৰা।

উত্তৰ:

আঁহৰ প্ৰকাৰআঁহৰ নামউৎস
প্রাকৃতিক আঁহউদ্ভিদ (ছেলুল’জ)কপাহী (Cotton)লাইনিন (Linen)কপাহ
প্রাণী (প্র’টিন)ঊণপাটভেড়া, ছাগলী, উট, য়াক আদিৰ নোম, পাট পলু
কৃত্রিম /মানৱ-সৃষ্ট আঁহপুনৰুৎপন্ন কৰা (Regererated)ৰেয়নকাঠৰ মণ্ড + ৰাসায়নিক দ্ৰৱ
সাংশ্লেষিক / কৃত্রিম (Synthetic)নাইলনপলিয়েষ্টাৰএক্রাইলিকৰাসায়নিকৰাসায়নিকৰাসায়নিক

তালিকা : সাধাৰণতে ব্যৱহাৰ হোৱা প্রাকৃতিক আৰু কৃত্রিম আঁহ

৪। কৃত্রিম আঁহকেই প্ৰকাৰৰ আৰু এইবোৰৰ নাম লিখি কি কি কার্যত ব্যৱহাৰ কৰা হয় উল্লেখ কৰা।

উত্তৰঃ কৃত্ৰিম আঁহ সাধাৰণতে ৰেয়ন, নাইলন, পলিয়েটাৰ আৰু এক্রাইলিক এই কেইটামূল ভাগত ভাগ কৰা হয়।

ৰেয়ন – ৰেয়ন কপাট সুতাৰ দৰে বব পাৰি। ৰেয়নৰ লগত কপাহ মিশ্ৰিত কৰি বিচনা চাদৰ আৰু ঊণ মিশ্ৰিত কৰি কার্পেট বনোৱা হয়। 

নাইলন – সাজ-পোচাক, মোজা, ৰছী, পর্দা, শিপিংবেগ, তম্বু, টুথব্ৰাছ,পৰ্বতা ৰোহনৰ বাবে ব্যৱহৃত ৰছী, পেৰাচুট আদি বনোৱাত ব্যৱহাৰ কৰা হয়। 

পলিয়েষ্টাৰ – পিন্ধন সামগ্ৰী বনাবলৈ ব্যৱহাৰ কৰা হয়। PET নামৰ পলিয়েষ্টাৰ বিধেৰে বটল, বাচন বৰ্তন, ফিল্ম আৰু বহুতো চৰকাৰী সামগ্ৰী বনাবৰ বাবে ব্যৱহাৰ কৰা হয়।

এক্রাইলিক – শীতকালত ব্যৱহাৰ কৰা সামগ্ৰী যেনে, চুৱেটাৰ শ্বল, বা কম্বল আদি তৈয়াৰ কৰোতে ব্যৱহাৰ কৰা হয়।

৫। কৃত্রিম আঁহসমূহক কিয় পেট্রকেমিকেল বুলি কোৱা হয় ?

উত্তৰঃ পেট্ৰলিয়াম উৎসৰ কেঁচামাল ব্যৱহাৰ কৰি নানান প্ৰক্ৰিয়াৰ দ্বাৰা কৃত্রিম আঁহসমূহ প্ৰস্তুত কৰা হয় বাবে কৃত্রিম আঁহসমূহক পেট্রকেমিকেল বুলি কোৱা হয় ৷

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top