Niketan Class 8 Science Chapter 19 বায়ু আৰু পানীৰ প্ৰদূষণ

Niketan Class 8 Science Chapter 19 বায়ু আৰু পানীৰ প্ৰদূষণ is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 8 Science Chapter 19 বায়ু আৰু পানীৰ প্ৰদূষণ and select need one.

Niketan Class 8 Science Chapter 19 বায়ু আৰু পানীৰ প্ৰদূষণ

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 8 Science Chapter 19 বায়ু আৰু পানীৰ প্ৰদূষণ Solutions for All Subjects, You can practice these here…

বায়ু আৰু পানীৰ প্ৰদূষণ

Chapter – 19

বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS

১। খালী ঠাই পূৰ্ণ কৰা :

(ক) বায়ু, পানী আৰু মাটিৰ গুণ নষ্ট কৰা পদার্থক —– বোলে।

উত্তৰঃ প্ৰদূষণ ।

(খ) বিশুদ্ধ বায়ুত অম্লজানৰ পৰিমাণ শতকৰা —— ভাগ থাকিব লাগে।

উত্তৰঃ 20.92 ।

(গ) শতকৰা —— ভাগ বায়ু প্ৰদূষিত কৰে গাড়ী মটৰ বোৰে ৷

উত্তৰঃ 60 ।

(ঘ) —— নামৰ গেছ বিধে ‘অজন ছিদ্ৰৰ ’সৃষ্টি কৰিব ধৰিছে।

উত্তৰঃ ক্ল’ৰফ্ল’ৰ’ কাৰ্বন ।

(ঙ) প্রত্যেক বছৰ জুন মাহৰ পাঁচ তাৰিখটো —— হিচাপে পালন কৰা হয়।

উত্তৰঃ বিশ্ব পৰিৱেশ দিৱস ।

২। চমু উত্তৰ দিয়া

(ক) প্ৰদূষণ বুলিলে কি বুজা ?

উত্তৰ : জীৱকূল জীয়াই থাকিবলৈ বায়ু, পানী আৰু মাটিত নির্দিষ্ট অনুপাতত ৰাসায়নিক, জৈৱিক আৰু অজৈৱিক পদার্থ মিহলি হৈ থাকে। নানা কাৰণত এই পদার্থ বিলাকৰ অনুপাত কম-বেছি হৈ বা কিছুমান ক্ষতিকাৰক পদার্থ বায়ু, পানী আৰু মাটিত লগ লাগি জীৱকূলৰ বাসৰ অনুপযোগী হৈ পৰে ৷ এয়াই হৈছে প্ৰদূষণ ৷

(খ) প্ৰদূষক কাক বোলে ?

উত্তৰ : যিবোৰ পদার্থ মিহলি হৈ বায়ু, পানী আৰু মাটিৰ গুণাগুণ নষ্ট কৰে তাক প্ৰদূষক বুলি কোৱা হয়।

(গ) বায়ুমণ্ডলত থকা অ’জন স্তৰটোৱে আমাক কি ধৰণে উপকাৰ কৰি আহিছে ?

উত্তৰঃ বায়ুমণ্ডলৰ ষ্ট্রেট’স্ফিয়েৰ নামৰ স্তৰটোত অ’জন গেছৰ এটা পাতল স্তৰ আছে। এই স্তৰটোৱে সূৰ্য্যৰ পৰা অহা অনিষ্টকাৰী অতি বেঙুণীয়া ৰশ্মি পৃথিৱীত পৰাত বাধা দিয়ে ৷ এই অ’জন স্তৰটোৰ বাবে পৃথিৱীত জীৱই জীয়াই থাকিব পাৰিছে।

  (ঘ)‘সেউজগৃহ’ পৰিণতি বুলি কি বুজা ?

উত্তৰঃ সূৰ্য্যৰ ৰশ্মিয়ে পৃথিৱীপৃষ্ঠ গৰম কৰে। সূৰ্য্যৰ বিকিৰিত ৰশ্মিৰ এটা অংশ পৃথিৱীয়ে শোষণ কৰে আৰু এটা অংশ মহাকাশলৈ প্ৰতিফলিত কৰি ঘূৰাই পঠায়। ঘুৰাই পঠোৱা বিকিৰিত ৰশ্মিৰ এটা অংশ বায়ুমণ্ডলে ধৰি ৰাখে। এই ধৰি ৰখা বিকৰিত ৰশ্মিয়ে পৃথিৱীখন গৰম কৰে। সেউজ গৃহসমূহত সুৰ্য্যৰ তাপ সোমাবলৈহে দিয়া হয়, কিন্তু ওলাই যাবলৈ দিয়া নহয়। এই তাপে সেউজগৃহটো গৰম কৰি ৰাখে। পৃথিৱীৰ ক্ষেত্ৰতো একে ধৰণৰ ঘটনাই ঘটে। ফলত সেউজ গৃহৰ ভিতৰত থকা নির্দিষ্ট উদ্ভিদ সমূহৰ বাবে প্ৰয়োজনীয় তাপৰ যোগান পোৱাৰ দৰে পৃথিৱীত থকা জীৱকূলেও প্রয়োজনীয় তাপ পায় ৷ সেয়েহে ইয়াক ‘সেউজ গৃহ পৰিণতি ’বোলা হয়।

(ঙ)‘সেউজ গৃহ’ গেছ দুটাৰ উদাহৰণ দিয়া ৷

উত্তৰঃ সেউজ গৃহ গেছ দুটাৰ উদাহৰণ হ’ল – 

মিথেন(CH4) আৰু নাইট্ৰজেন -ডাই অক্সাইড (NO2)।

৩। গোলকীয় উষ্ণতাৰ ফলত হ’ব পৰা বিপদৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ গোলকীয় উষ্ণতাই মানৱ সমাজলৈ ভয়ংকৰ  বিপদ নমাই আনিছে। ইয়াৰ ফলত মেৰু অঞ্চলৰ বৰফ গলি সাগৰপৃষ্ঠৰ উচ্চতা প্রায় আধা মিটাৰ বৃদ্ধি হৈছে। সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধিয়ে উপকূলীয় অঞ্চল আৰু সৰু সৰু দ্বীপবোৰলৈ ভয়ংকৰ বিপদ কঢ়িয়াই আনি আছে। ইতিমধ্যে উপকূলীয় বহু ঠাই প্লাৱিত হৈছে। গোলকীয় উষ্ণতাই বৰষুণৰ ধৰণ, কৃষি, বনাঞ্চল, উদ্ভিদ আৰু প্ৰাণীৰ ওপৰতো সুদূৰ প্ৰসাৰী প্রভাব পেলাব।

৪। স্থাপত্যৰ ওপৰত প্ৰদূষণে কেনে ধৰণে প্ৰভাৱ পেলায় ব্যাখ্যা কৰা ৷

উত্তৰঃ প্ৰদূষণে উদ্ভিদ আৰু প্ৰাণীৰ লগতে প্রাচীন স্থাপত্য সমূহৰো ক্ষতি সাধন কৰে ৷ নানান উদ্যোগৰ পৰা নিৰ্গত হোৱা ছালফাৰ ডাই-অক্সাইড, নাইট্ৰ’জেন ডাই অক্সাইড আৰু কাৰ্বনৰ অক্সাইডে বায়ুমণ্ডলৰ জলীয় বাষ্পৰ লগ লাগি এছিডলৈ ৰূপান্তৰ হয়। এই এছিডবোৰ বৰষুণৰ পানীৰ লগত মিহলি হৈ পৃথিৱীলৈ এছিড বৰষুণ ৰূপে নামি আহে ৷ ইয়াৰ ফলত পৃথিৱীত প্রাচীন স্থাপত্য সমূহৰ ক্ষতি হ’বলৈ ধৰিছে ৷

 উদাহৰণ স্বৰূপে, মথুৰাৰ তেল শোধনাগাৰৰ প্ৰভাৱত হোৱা এছিড বৰষুণে পৃথিৱী বিখ্যাত তাজমহলৰ মাৰ্বলৰ ক্ষতি সাধন কৰি আহিছে। শোধানাগাৰৰ পৰা ওলোৱা ধোঁৱাবোৰে তাজমহলৰ ৰং হালধীয়া কৰি পেলাইছে।

৫। পানী প্ৰদূষণ হোৱাৰ কেইটামান কাৰণ উল্লেখ কৰা ।

উত্তৰ: পানী প্ৰদূষিত হোৱাৰ কেইটা মান কাৰণ হ’ল –

(ক) ডাঙৰ ডাঙৰ উদ্যোগৰ পৰা ওলোৱা বৰ্জিত পদার্থ সমূহে যেনে- সীহ, আৰ্ছেজীৱকূলৰনিক, ফ্ল’ৰাইড আদি নদী বা জলাশয়ত নিক্ষেপ কৰাৰ ফলত পানী প্ৰদূষণ হয়।

(খ) চহৰ বা নগৰৰ মানুহৰ দৈনিক সৃষ্টি হোৱা নানা ধৰণৰ আবৰ্জনা আদি নদী, খাল বিল আদিত পেলোৱাৰ ফলত পানী প্ৰদূষণ হয়।

(গ) শস্য পথাৰত ব্যৱহাৰ কৰা ৰাসায়নিক সাৰ বৰষুণৰ পানীয়ে ধুই নি পুখুৰীত পেলোৱাৰ ফলত পুখুৰীত শেলাইৰ অত্যাধিক বৃদ্ধি হয়। ফলত অম্লজান কমি গৈ পানী প্ৰদূষিত হয়।

(ঘ) বিভিন্ন পূজাৰ দেৱ-দেৱীৰ মূৰ্তি সমূহ পূজাৰ শেষত নদী বা জলাশয়লৈ নিক্ষেপ কৰাৰ ফলত মূৰ্তি সমূহত লগোৱা ৰঙত থকা ৰাসায়নিক পদার্থই পানী প্ৰদূষিত কৰে ৷

(ঙ) মুকলি ঠাইত মল ত্যাগ কৰাৰ বাবে, সেই মল মূত্ৰ বৰষুণৰ পানীয়ে ধুই নি জলাশয়ত পেলাই পানী প্ৰদূষিত কৰে ৷

৬। বায়ু আৰু পানীৰ প্ৰদূষণ ৰোধ কৰিবলৈ তোমালোকে কি কি পদক্ষেপ  ল’বা বহলাই  আলোচনা কৰা ৷

উত্তৰ : বায়ু আৰু পানীৰ প্ৰদূষণ ৰোধ কৰিবলৈ আমি তলত উল্লেখ কৰা লবা বহলাই আলোচনা কৰা ৷ পদক্ষেপসমূহ ল’ব পাৰো –

(ক) গছ-গছনি কটা বন্ধ কৰি বৃক্ষৰোপণত মনোনিৱেশ কৰা।

(খ) পেট্ৰ’ল-ডিজেলৰ সলনি যান বাহনত চি এন জি ব্যৱহাৰ কৰা।

(গ) কম দুৰত্বৰ বাট খোজ কাঢ়ি যোৱাৰ আৰু দুৰত্ব অনুসৰি চাইকেল, ৰিক্সা বা সমূহীয়া বাছৰ ব্যৱহাৰ কৰা।

(ঘ) জৈৱিক বস্তুসমূহ পুৰি পেলোৱাৰ সলনি পচন সাৰ তৈয়াৰ কৰা, দ্বীপান্বিতাত আতচ বাজি নজলোৱা আৰু ফাকুৱাত ৰাসায়নিক ফাকু গুৰি ব্যৱহাৰ নকৰা।

(ঙ) কল-কাৰখানাত ওখ চিমনিৰ ব্যৱহাৰ কৰা, জীৱাশ্ম ইন্ধনৰ সলনি সৌৰশক্তি, জলশক্তি আৰু বায়ুশক্তি ব্যৱহাৰ কৰা। পানী প্ৰদূষণ ৰোধ কৰিবলৈ আমি তলত দিয়া পদক্ষেপসমূহ ল’ব পাৰোঁ –

(ক) মুকলি ঠাইত মল ত্যাগ কৰা কাৰ্যৰ বিৰুদ্ধে প্রচাৰ চলোৱা ৷

(খ) বৰষুণৰ পানী সংৰক্ষণ কৰিবৰ বাবে ব্যৱস্থা কৰা ৷

(গ) উদ্যোগ, নলা-নর্দমা আদিৰ পৰাও লোৱা বর্জিত পদার্থ সমূহ নদী, জলাশয় আদিত পেলোৱাৰ আগতে পৃথকীকৰণ প্ৰক্ৰিয়াৰে আৱৰ্জনাসমূহ পৃথক কৰা উচিত, লগতে পানীত দ্রবীভূত হৈ থকা বিষাক্ত পদাৰ্থ আৰু জীৱাণুবোৰ ৰাসায়নিক প্ৰক্ৰিয়াৰে শোধন কৰা।

৭। পানী বিশুদ্ধ কৰাৰ কৌশল কেইটামান আলোচনা কৰা ৷

উত্তৰঃ পানী বিশুদ্ধ কৰাৰ কৌশল কেইটামান হ’ল –

(ক) ফিল্টাৰ, একুৱাগাৰ্ড আদি ব্যৱহাৰ কৰি পানী বিশুদ্ধ কৰা ৷

(খ) পানী উতলাই বীজাণু ধ্বংস কৰা।

(গ) নির্দিষ্ট পৰিমাণৰ ক্ল’ৰিণ টেবলেট বা ব্লিছিং পাউডাৰ মিহলাই ৰাসায়নিক পদ্ধতিৰে পানী বিশুদ্ধ কৰা।

অতিৰিক্ত প্রশ্নোত্তৰ

১। বায়ু প্ৰদূষিত হোৱাৰ কাৰণ সমূহ লিখা।

উত্তৰ : বায়ু প্ৰদূষিত হোৱাৰ কাৰণ সমূহ হ’ল –

উদ্যোগঃ নানা কল-কাৰখানাৰ পৰা কাৰ্বন মন’-অক্সাইড (CO) কার্বন ডাই অক্সাইড (CO2) চালফাৰ ডাই অক্সাইড (SO2) হাইড্রজেন ছালফাইড (H2S) আৰু হাইড্ৰ’কাৰ্বন আদি গেছ নিৰ্গত হয়। এই গেছসমূহ বায়ুত মিহলি হৈ বায়ু প্ৰদূষিত কৰে।

চলন্ত ৰেলগাড়ী, মটৰ গাড়ী, উৰাজাহাজ আদিৰ পৰা ওলোৱা ধোঁৱাবোৰত কাৰ্বন মন’-অক্সাইড (CO) কার্বন-ডাই-অক্সাইড (CO2) নাইট্ৰ’জেন অক্সাইড (NO2) আৰু হাইড্ৰকাৰ্বন থাকে। শতকৰা ষাঠি ভাগ বায়ু প্ৰদূষিত কৰে এই গাড়ী মটৰবোৰে।

 তেজস্ক্রিয় পদার্থঃ আণৱিক বা পাৰমাণৱিক বিস্ফোৰণৰ ফলত তেজস্ক্রিয় পদার্থসমূহ বায়ুমণ্ডলত ঘুৰি ফুৰি বায়ু প্ৰদূষিত কৰে।

 ইন্ধনৰ দহন : দৈনন্দিন ৰন্ধন কার্যত ব্যৱহাৰ হোৱা খৰি, ৰন্ধন গেছ, কয়লা, কেৰাচিন আদি দহনৰ ফলত নিৰ্গত হোৱা কাৰ্বন-মন’-অক্সাইড কার্বন-ডাই-অক্সাইড, মিথেন, ছালফাৰ ডাই অক্সাইড আদিয়েও বায়ুমণ্ডল দূষিত কৰে ৷

২। বায়ু প্ৰদূষণৰ ফলত হোৱা মানুহৰ কিছুমান ৰোগৰ নাম উল্লেখ কৰা।

উত্তৰ: বায়ু প্ৰদূষণৰ ফলত হোৱা মানুহৰ ৰোগসমূহ হৈছে –মূৰৰ বিষ, মূৰ ঘুৰণি, চকুৰ ৰোগ, কাঁহ, শ্বাস কষ্ট, ডিঙিৰ কষ্ট, হাপানী, ব্রংকাইটিচ, হাওঁফাওঁৰ কৰ্কট ৰোগ ইত্যাদি।

৩। বায়ুৰ মুখ্য প্ৰদূষক সমূহৰ নাম লিখা ।

উত্তৰঃ বায়ুৰ মুখ্য প্ৰদূষক সমূহৰ নাম হ’ল –

কাৰ্বন মন’অক্সাইড, ছালফাৰ ডাই অক্সাইড, নাইট্ৰ’জেন অক্সাইড, হাইড্ৰকার্বন, কণিকা, ধাতুৰ কণিকা, পৰাগৰেণু, ভেঁকুৰৰ ৰেণু, বীজাণু,তেজস্ক্রিয় পদার্থ, ধূলি, ধোঁৱা আৰু কুৱঁলী ৷

৪। অসমৰ আটাইতকৈ বেছি প্ৰদুষিত নদী খনৰ নাম লিখা আৰু কি কি কাৰণত এই নদীখন প্ৰদূষিত হৈছে বৰ্ণনা কৰা ৷

উত্তৰঃ অসমৰ আতাইতকৈ প্ৰদূষিত নদীখন হৈছে ভৰলু নদী। 

এই উপনদী খন গুৱাহাটী চহৰৰ মাজেৰে বৈ গৈছে ৷ আজিৰ পৰা প্ৰায় ত্রিশ চল্লিছ বছৰমান আগতে ভৰলুৰ পানী অতি পৰিষ্কাৰ আছিল। মানুহে ইয়াৰ পানী নানা কামত ব্যৱহাৰ কৰিছিল। গুৱাহাটীত জনসংখ্যা বাঢ়ি অহাৰ ফলত নদীখনৰ পাব বেদখল হোৱাৰ লগতে ইয়াৰ আশে-পাশে থকা মানুহবোৰৰ ঘৰৰ আৱৰ্জনা, দূষিত নলা-নর্দমাৰ পানী, জীৱ-জন্তুৰ মৰাশ আৰু বহুতো অপকাৰী পদাৰ্থ ভৰলুলৈ নিক্ষেপ কৰা হ’ল। গুৱাহাটী শোধনাগাৰৰ বৰ্জিত ৰাসায়নিক পদার্থসমূহ নলাৰে বৈ আহি ভৰলুনৈত পৰাত দুৰ্গন্ধ হোৱাৰ লগতে প্ৰদূষিতও হৈ পৰিল। উক্ত আৱৰ্জনা সমূহ নদী খনত জমা হোৱাৰ ফলত মুক্ত এঙাৰ গেছ আৰু হাইড্ৰ’জেন ছালফাইডৰ পৰিমাণ দিনক দিনে বাঢ়ি অকল নদীখনৰ পানীয়ে ই নহয় কাষৰ মাটি, বায়ু আদিও প্ৰদূষিত কৰি তুলিছে।

৫। দূষিত পানীৰ বাবে মানুহৰ কি কি বেমাৰ হয় ?

উত্তৰ : গ্রহণী, হাইজা, জণ্ডিজ, টাইফয়েদ আদি বেমাৰ দুষিত পানী ব্যৱহাৰ কৰাৰ বাবে হয়।

৬। গোলকীয় উষ্ণতা বুলিলে কি বুজা ? 

উত্তৰঃ দিনক দিনে কাৰ্বন ডাই অক্সাইড গেছৰ বৃদ্ধিৰ ফলত ইয়াৰ দ্বাৰা বায়ুমণ্ডলত এখন চামনিৰ সৃষ্টি হৈছে। এই চামনিৰ মাজেৰে প্ৰবেশ কৰা সূৰ্য্যৰ তাপ পৃথিৱীৰ উপৰি ভাগৰ মাটি, পানী, শিল আদিয়ে শোষণ কৰি লয়। শোষিত তাপবোৰ যেতিয়া পুনৰ এৰি দিয়ে,কাঁচৰ বেৰ সদৃশ কার্বন-ডাই অক্সাইড গেছ ডাঠ চামনিৰ মাজেৰে তাপবোৰ মহাকাশলৈ ওলাই যাব নোৱাৰে, ফলত এই তাপ পৃথিৱীৰ চাৰিওফালে থাকি বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি কৰি আহিছে। ইয়াকেই গোলকীয় উষ্ণতা বোলা হয়।

৭। খোৱা পানীত ফ্ল’ৰাইডৰ মাত্ৰা বেছি হলে কি ৰোগ হয়।

উত্তৰঃ খোৱা পানীত ফ্ল’ৰাইডৰ মাত্ৰা বেছি হ’লে মানুহৰ ফ্ল’ৰ’ছিচ ৰোগ হয়।

৮। ক্ল’ৰফ্ল’ৰ’ কাৰ্বন গেছ বিধে অ’জন স্তৰত কি প্ৰভাৱ পেলাইছে । এই গেছ বিধ কিহত ব্যৱহাৰ কৰা হয়।

উত্তৰঃ ক্ল’ৰ’ফ্ল’ৰ ’কাৰ্বন নামৰ গেছ বিধে বায়ুমণ্ডলৰ অ’জন স্তৰৰ ক্ষতি সাধন কৰিছে। কোনো কোনো অংশত অ’জন স্তৰ (CFC) গেছৰ প্ৰভাৱত পাতল হৈ অ’জন ছিদ্ৰৰ সৃষ্টি হোৱাত জীৱজগতৰ বাবে মাৰাত্মক হৈ পৰাৰ আশংকা কৰা হৈছে । চি এফ চি নামৰ গেছ বিধ বিমান, শীতলীকৰণ যন্ত্র, আগ্নি নির্বাপক সঁজুলি আদিত ব্যৱহাৰ কৰা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top