Niketan Class 8 Science Chapter 16 পোহৰ

Niketan Class 8 Science Chapter 16 পোহৰ is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 8 Science Chapter 16 পোহৰ and select need one.

Niketan Class 8 Science Chapter 16 পোহৰ

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 8 Science Chapter 16 পোহৰ Solutions for All Subjects, You can practice these here…

অতিৰিক্ত প্রশ্নোত্তৰ

১। ‘ৰঙা ফুল এপাহ নীলা কাঁচৰ মাজেৰে চালে ক’লা দেখা যায়। ইয়াৰ কাৰণ কি ?

উত্তৰ : ৰঙা ফুল পাহে সূৰ্যৰ বগা পোহৰৰ ছটা ৰঙ শুহি লয়, কেৱল ৰঙা ৰঙৰ পোহৰহে প্রতিফলিত কৰে। এই ৰঙা ৰঙৰ পোহৰ নীলা কাঁচখনৰ মাজেৰে যাওঁতে কাঁচখনে ৰঙা ৰঙটো সম্পূৰ্ণ ৰূপে শুহি লয়। গতিকে ৰঙা ফুল পাহৰ পৰা আমাৰ চকুৰ সন্মুখত থকা নীলা কাঁচখন পাৰহৈ কোনো পোহৰে ই আমাৰ চকুত নপৰে ৷ গতিকে ৰঙা ফুল পাহ ক’লা দেখা যায় ৷

২। নীলা কাচ এখনৰ মাজেৰে বগা কাগজত নীলা চিয়াঁহীৰে লিখা আখৰবোৰ কেনে দেখা যাব ?

উত্তৰঃ বগা কাগজখনে পোহৰৰ আটাইবোৰ ৰঙেই প্রতিফলিত কৰিব। চকুৰ আগত ৰখা নীলা কাঁচৰ মাজেৰে কেৱল নীলা অংশটোহে পাৰ হৈ যাব। বগা পোহৰৰ বাকী অংশবোৰ নীলা কাঁচখনে শুহি ল’ব। ফলত কাগজ খন নীলা যেন দেখা যাব।

আকৌ আখৰবোৰৰ পৰা অহা নীলা ৰঙৰ পোহৰ নীলা কাঁচখনৰ মাজেৰে অনায়াসে পাৰ হৈ যাব। ফলত নীলা কাগজত নীলা চিয়াঁহীৰে লিখা যেন হৈ আখৰবোৰ অস্পষ্ট হ’ব।

৩। বগা কাগজত নীলা চিয়াঁহীৰে লিখা আখৰবোৰ ৰঙা ৰঙৰ কাচৰ মাজেৰে চালে কেনেকুৱা দেখা যাব ?

উত্তৰঃ বগা কাগজখন ৰঙা যেন দেখা যাব। নীলা আখৰবোৰৰ পৰা অহা নীলা পোহৰ কিন্তু ৰঙা কাঁচখনৰ মাজেৰে পাৰ হৈ যাব নোৱাৰে। কাৰণ ৰঙা কাঁচখনে ইয়াৰ মাজেৰে কেৱল ৰঙা ৰঙহে পাৰ হৈ যাবলৈ দিয়ে, আন ৰঙবোৰ ই শুহি লয়। গতিকে নীলা আখৰবোৰৰ পৰা ৰঙা কাঁচ পাৰ হৈ কোনো পোহৰে ই আমাৰ চকুত নপৰে ৷ গতিকে নীলা আখৰবোৰ ক’লা দেখা যায়। ফলত আখৰবোৰ ৰঙা কাগজত কলা চিয়াঁহীৰে লেখা যেন হ’ব।

৪। পোহৰৰ বিচ্ছুৰণ কাক বোলে ?

উত্তৰঃ প্রিজমৰ দ্বাৰা বগা পোহৰক সাতটা ভাগলৈ বিশ্লেষণ কৰাকে পোহৰৰ বিচ্ছুৰণ বা বিক্ষেপণ বোলা হয়।

৫। বর্ণালী কাক বোলে ?

উত্তৰঃ সূৰ্যৰ বগা পোহৰ দৰা চলতে সাতটা ৰঙৰ সমষ্টি। এই সাতটা নাম হ’ল ক্ৰমে ৰঙা, সুমথিৰা, হালধীয়া, সেউজীয়া, নীলা, ঘননীলা, আৰু বেঙুনীয়া। এই সাতটা ৰঙক একেলগে VIBGYOR বুলি কোৱা হয়। পোহৰৰ এই সাত ৰঙৰ পাটিটোক বর্ণালী বুলি কোৱা হয় ৷

৬। সূৰ্যৰ বগা পোহৰত ক’লা বস্তু এটা ক’লা দেখা যায় কিয় ?

 উত্তৰঃ ক’লা বস্তুৰ পৰা কোনো পোহৰ নাহে। কাৰণ ক’লা বস্তুৱে সূৰ্যৰ বগা পোহৰৰ সাতোটা ৰঙেই শোষণ কৰি লয়, পোহৰৰ কোনো অংশ প্রতিফলিত নকৰে ৷ গতিকে বস্তুটোৰ পৰা প্ৰতিফলিত হৈ অহা কোনো পোহৰ আমাৰ চকুত নপৰে আৰু ক’লা বস্তুটো আমি দেখা নাপাওঁ। তাৰ চাৰিও ফালে থকা বগা বা অন্যান্য ৰঙবোৰহে দেখা পাওঁ ৷ 

পোহৰ নোহোৱা মানেই ক’লা। সেই কাৰণে বস্তুটো আমি ক’লা দেখোঁ। প্ৰকৃততে ক’লা বস্তুটো আমি নেদেখোঁ। কিন্তু সৰুৰে পৰা অভ্যাস হোৱা দেখা বাবে আমি বস্তুটো দেখা বুলি কওঁ।

৭। সূৰ্যৰ পোহৰত বগা বস্তু এটা বগা দেখা যায়। কিয় ব্যাখ্যা কৰা।

উত্তৰঃ সূৰ্যৰ বগা পোহৰ সাতটা ৰঙৰ সমষ্টি। বগা বস্তু এটাই সূৰ্যৰ পৰা পোহৰৰ সাতোটা ৰঙেই প্রতিফলিত কৰে, কোনো ৰং শোষণ নকৰে। সেই কাৰণে সূৰ্যৰ পোহৰত বগা বস্তু এটা বগা দেখা যায়।

৮। ধৰা হওক তুমি এটা অন্ধকাৰ কোঠালিত আছা ৷ কোঠালিৰ ভিতৰত বস্তুবোৰ তুমি দেখিবা নে ? কোঠালিৰ বাহিৰৰ বস্তুবোৰ দেখিবানে ? ব্যাখ্যা কৰা।

উত্তৰঃ যদি আন্ধাৰ কোঠালিত থকা বস্তুবোৰৰ নিজা পোহৰ আছে বা পোহৰ প্রতিফলিত কৰিব পৰা গুণ আছে তেন্তে আমি আন্ধাৰতো বস্তুবোৰ দেখা পাম। কাৰণ, কেৱল চকুৰে কোনো বস্তু দেখা পোৱা নাযায়। কোনো বস্তুৰ পৰা অহা পোহৰ চকুত সোমালেহে আমি বস্তুটো দেখা পাওঁ । এই পোহৰ বস্তুটোৰ পৰা বিকিৰণ হোৱা পোহৰো হ’ব পাৰে বা এই পোহৰ বস্তুটোৰ পৰা প্রতিফলিত পোহৰো হ’ব পাৰে।

কোঠালিৰ বাহিৰৰ বস্তুবোৰৰ ক্ষেত্ৰতো একে নিয়মেই প্রযোজ্য হ’ব।

অনুশীলনী

১। অণুবীক্ষণ যন্ত্র কাক বোলে ? যৌগিক অণুবীক্ষণৰ ৰশ্মি চিত্ৰ আঁকি কাৰ্য্য প্ৰণালী বৰ্ণনা কৰা ৷

উত্তৰ : ওচৰৰ সৰু বস্তু এটাক ডাঙৰকৈ চাব পৰা আলোকযন্ত্রক অণুবীক্ষণ যন্ত্র বোলে। 

ক্ষুদ্রাকায় বস্তু এটাক যথেষ্ট বর্ধিত ৰূপত চাবলৈ হ’লে যৌগিক অণুবীক্ষণ যন্ত্র ব্যৱহাৰ কৰা হয়। দুই বা ততোধিক লেন্‌ছ ব্যৱহাৰ কৰি যৌগিক অণুবীক্ষণ যন্ত্র নিৰ্মাণ কৰা হয় ৷ ইয়াত এখন লেন্‌ছ বৰ্ধিত কৰা প্ৰতিবিম্বক আন এখন লেন্‌ছে পুনৰ বর্ধিত কৰে। অৰ্থাৎ ইয়াত প্ৰথম লেন্‌ছখনে উৎপন্ন কৰা প্রতিবিম্বটো দ্বিতীয়খন লেন্‌ছৰ বাবে লক্ষ্য বস্তু হয়।

যৌগিক অণুবীক্ষণৰ ৰশ্মি চিত্ৰ আঁকি কাৰ্য্য প্ৰণালী বৰ্ণনা কৰা

২। দূৰবীণ কাক বোলে। দূৰবীণৰ গঠন প্ৰণালী চিত্ৰৰ সহায়েৰে বুজাই লিখা। 

উত্তৰঃ দূৰৰ বস্তু এটাক ওচৰতে চাব পৰা আলোক যন্ত্রক দূৰবীণ বা দূৰবীক্ষণ যন্ত্র বোলে।  

অণুবীক্ষণ যন্ত্ৰৰ দৰে দূৰবীণ বা দুৰবীক্ষণ যন্ত্রও এবিধ আলোকীয় যন্ত্র। ইয়াৰ সহায়ত বহু দূৰৰ বস্তু এটাক ওচৰতে স্পষ্ট ৰূপত দেখা যায়। দুৰ দূৰণিৰ গছ-গছনি, পাহাৰ-পৰ্বত, নদ-নদী আৰু আকাশৰ গ্ৰহ-তৰা-নক্ষত্র আদি স্পষ্টভাৱে চাব পাৰি।

দূৰবীণ কাক বোলে। দূৰবীণৰ গঠন প্ৰণালী চিত্ৰৰ সহায়েৰে বুজাই লিখা। 

৩। মানুহৰ চকুৰ পৰিষ্কাৰ চিত্ৰ অংকন কৰি ইয়াৰ বিভিন্ন অংগসমূহ চিহ্নিত কৰা।

উত্তৰ:

মানুহৰ চকুৰ পৰিষ্কাৰ চিত্ৰ অংকন

৪। খালী ঠাই পূৰণ কৰা :

  (ক) অণুবীক্ষণৰ সহায়ত —– বস্তু এটাক —— চাব পৰা যায়।

উত্তৰঃ সৰু , ডাঙৰকৈ ।

(খ) দূৰবীক্ষণৰ সহায়ত —– বস্তু এটাক —— চাব পৰা যায়।

উত্তৰঃ দূৰৰ , ওচৰত ।

(গ) অণুবীক্ষণ কিম্বা দূৰবীক্ষণ যন্ত্ৰৰ লক্ষ্য বস্তুৰ পিনে থকা লেন্‌ছখনক —– আৰু চকুৰ পিনে থকা লেন্‌খনক  —— বোলে ৷

উত্তৰঃ অভিলক্ষ , অভিনেত্র ।

(ঘ) আমাৰ চকুৰ লেন্‌ছখন —— প্ৰকৃতিৰ আৰু ই —— তৈয়াৰী।

উত্তৰঃ উত্তল , প্ৰটিনেৰে ।

(ঙ) চকুৰ পৰ্দাখনৰ নাম ——।

উত্তৰঃ ৰেটিনা ।

(চ) —— হ’ল চকুৰ সন্মুখ ভাগত থকা স্বচ্ছ আৱৰণ।

উত্তৰঃ কর্ণিয়া ।

(ছ) চকুত প্ৰৱেশ কৰা পোহৰৰ পৰিমাণ —— নিয়ন্ত্ৰণ কৰে ৷

উত্তৰঃ আইৰিছ ।

(জ) নিকট দৃষ্টি সম্পন্ন মানুহে —— বস্তু ভালকৈ দেখা পায়, কিন্তু —— বস্তু  মনিব নোৱাৰে।

উত্তৰঃ ওচৰৰ , দূৰৰ ।

(ঝ) সুদূৰ দৃষ্টি সম্পন্ন মানুহে —– বস্তু ভালদৰে দেখা পায়, কিন্তু —– ভালদৰে মনিব নোৱাৰে।

উত্তৰঃ দূৰৰ , ওচৰৰ ।

(ঞ) নিকট দৃষ্টি বিকাৰ —– লেন্‌ছৰ চমাৰ সহায়েৰে আৰু সূদূৰ দৃষ্টি বিকাৰ —– লেন্‌ছৰ চছ্‌মাৰ সহায়েৰে নোহোৱা কৰিব পাৰি।

উত্তৰঃ অৱতল , উত্তল ।

(ট) আমাৰ চকুৰ পৰ্দাখনৰ নাম ——।

উত্তৰঃ ৰেটিনা ।

৫। চমু উত্তৰ দিয়া

(ক) আমাৰ চকুত থকা লেন্‌ছখন কি প্ৰকৃতিৰ ?

উত্তৰ: আমাৰ চকুত থকা লেন্‌ছখন উত্তল প্ৰকৃতিৰ।

(খ) আমি চকুৰে দেখা বস্তুৰ প্ৰতিবিম্ব ক’ত গঠিত হয় ?

উত্তৰঃ আমি চকুৰে দেখা বস্তুৰ প্রতিবিম্ব ৰেটিনাত গঠিত হয়।

  (গ) চকুৰ সমুখভাগত থকা স্বচ্ছ আৱৰণখনৰ নাম কি ? 

উত্তৰ: চকুৰ সমুখভাগত থকা স্বচ্ছ আৱৰণখনৰ নাম কৰ্ণিয়া।

(ঘ) লেন্‌ছ আৰু ৰেটিনাৰ মাজৰ ঠাইখিনিত থকা জেলী সদৃশ পদার্থ বিধৰ নাম

উত্তৰ: লেন্‌ছ আৰু ৰেটিনাৰ মাজৰ ঠাইখিনিত থকা জেলীসদৃশ পদার্থ বিধ হ’ল –

ভিট্রিয়াছ হিউমাৰ।

(ঙ) লেন্‌ছৰ সন্মুখত থকা পনীয়া পদার্থ বিধৰ নাম কি ?

উত্তৰ: লেন্‌ছৰ সন্মুখত থকা পনীয়া পদার্থবিধৰ নাম হ’ল একুৱাছ হিউমাছ।

(চ) চকুৰ মণিটো ক’লা দেখা যায় কিয় ? 

উত্তৰ: চকুৰ মণিত পৰা সকলো পোহৰ চকুৰ ভিতৰলৈ সোমাই যায়, ইয়াৰ কোনো অংশ প্রতিফলিত নহয়। সেইবাবে চকুৰ মণিটো ক’লা দেখা যায়।

(ছ) চকুৰ ৰেটিনাত থকা দুবিধ স্নায়ুকোষৰ নাম লিখা।

উত্তৰঃ চকুৰ ৰেটিনাত থকা দুবিধ স্নায়ুকোষৰ নাম হ’ল ৰ’ড আৰু ক’ন।

(জ) আইৰিছৰ মাজত ক’লা ৰঙৰ ছিদ্ৰ এটা আছে। ইয়াৰ নাম কি ?

 উত্তৰ: আইৰিছৰ মাজত ক’লা ৰঙৰ ছিদ্ৰটোৰ নাম হ’ল চকুৰ মণি।

৬। দৃষ্টিদোষ কাক বোলে ? দুবিধ প্রধান দৃষ্টি দোষৰ নাম লিখা।

উত্তৰঃ বয়সৰ কাৰণে বা স্বাস্থ্যজনিত বিভিন্ন কাৰণত চকুৰ ওচৰত বা আঁতৰত থকা বস্তুৰ স্পষ্ট আৰু অবিকৃত প্রতিবিম্ব ৰেটিনাত সৃষ্টি নহ’বও পাৰে। এনে সমস্যাক দৃষ্টিদোষ বোলে।

দুবিধ প্রধান দৃষ্টিদোষৰ নাম হ’ল –

 (ক) নিকট দৃষ্টি আৰু

 (খ) সুদুৰ দৃষ্টি।

৭। নিকট দৃষ্টি কাক বোলে ? এই বিকাৰ কেনেকৈ আঁতৰাব পাৰি চিত্ৰ আঁকি বুজাই লিখা ৷

উত্তৰঃ যি মানুহে ওচৰৰ বস্তু বিলাক ভালকৈ দেখা পায়, ( কিয়নো ওচৰৰ বস্তুৰ প্রতিবিম্ব ৰেটিনাত ঠিকমতে গঠিত হয় ) কিন্তু দূৰৰ বস্তু মণিব নোৱাৰে তেনে মানুহক নিকট দৃষ্টি বুলি কোৱা হয়। এনে দোষমুক্ত চকুৰ লেন্‌ছ দূৰৰ পোহৰৰ সমান্তৰাল ৰশ্মি ৰেটিনাৰ সমুখত ৰেটিনা নৌপাওতেই ফ’কাছ কৰে।

নিৰাময়ৰ উপায়ঃ এনে দোষ আঁতৰাবলৈ অৰ্থাৎ চকুৰ লেন্‌ছৰ অভিসাৰী ক্ষমতা কমাবৰ বাবে উপযুক্ত পাৱাৰৰ অৱতল বা অপসাৰী লেন্‌ছৰ চছ্‌মা ব্যৱহাৰ কৰিব লাগিব।

৮। সুদূৰ দৃষ্টি কাক বোলে ? এই বিকাৰ কেনেকৈ আঁতৰাব পাৰি চিত্ৰসহ বৰ্ণনা কৰা।

উত্তৰঃ যি মানুহে দুৰৰ বস্তু ভালদৰে দেখা পায় ( কিয়নো দুৰৈৰ বস্তুৰ প্ৰতিবিম্ব ৰেটিনাত ঠিকমতে গঠিত হয় ), কিন্তু ওচৰৰ বস্তু স্পষ্টকৈ মণিব নোৱাৰে, তেনে মানুহক সুদূৰ দৃষ্টি বুলি কোৱা হয়। এইক্ষেত্ৰত চকুৰ লেন্‌ছখনে ওচৰৰ বস্তুৰ প্ৰতিবিম্ব ৰেটিনাৰ পিছফালে ফ’কাছ কৰে। 

নিৰাময়ৰ উপায়ঃ উপযুক্ত ফ’কাছ দূৰত্বৰ উত্তল লেন্‌ছ ( চছ্‌মা ) ব্যৱহাৰ কৰি প্রতিবিম্ব ৰেটিনাত গঠন কৰিব পাৰি।

অতিৰিক্ত প্রশ্নোত্তৰ

১। আমি চকুৰ সুৰক্ষাৰ বাবে কি কি যত্ন লোৱা উচিত। 

উত্তৰ: আমাৰ চকুৰ সুৰক্ষাৰ বাবে ল’ব লগা যত্ন চকু আমাৰ অমূল্য সম্পদ। সেয়েহে চকু ভালে ৰাখিবলৈ বিশেষ যত্ন লোৱা বাঞ্ছনীয়। 

চকুক ৰক্ষা কৰিবলৈ ল’বলগীয়া কিছু সাৱধানতাৰ কথা তলত উল্লেখ কৰা হ’লঃ

(ক) পৰিষ্কাৰ আৰু চেঁচা পানীৰে কমেও দিনত দুবাৰ চকু ভালকৈ ধুব লাগে ৷

(খ) ক্ষীণ পোহৰ বা উজ্জ্বল পোহৰত লিখা- পঢ়া বা অন্য কোনো কাম কৰা উচিত নহয়।

(গ) সূর্য বা তেনে কোনো উজ্জ্বল পোহৰৰ উৎসৰ ফালে পোনে পোনে কেতিয়াও  চাব নালাগে।

(ঘ) গৈ থকা বাছ বা ৰেলৰ ডবাত বা আন কোনো গতিশীল বাহনত কেতিয়াও পঢ়া-শুনা কৰিব নালাগে।

(ঙ) চকুত হঠাতে কিবা সোমালে লেতেৰা হাতেৰে কেতিয়াও মোহাৰিবলৈ চেষ্টা কৰিব নালাগে ৷ এনেক্ষেত্ৰত পৰিষ্কাৰ চেঁচা পানীৰে চকু ধুব লাগে। তেতিয়াও ভাল নাপালে, চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

(চ) একে লেথাৰিয়ে বহু সময় ধৰি টিভি চাব নালাগে বা কম্পিউটাৰৰ আগত বহি নাথাকি মাজে মাজে চকুক জিৰণি দিব লাগে।

(ছ) চকুৰ নিচেই কাষতে কিতাপ পত্ৰ ৰাখি লিখা-পঢ়া কৰিব নালাগে। চকুৰ পৰা কমেও ২৫ ছেন্টিমিটাৰ নিলগত কিতাপ পত্ৰ ৰাখি লিখা পঢ়াৰ অভ্যাস কৰিব লাগে। শ্রেণীকক্ষৰ কৃষ্ণ ফলকত লিখা আখৰবোৰ স্পষ্টভাৱে দেখা নাপালে চিকিৎসকৰ ওচৰলৈ গৈ পৰামৰ্শ ল’ব লাগে। চকুৰ কিবা দোষৰ বাবে এনে হ’ব পাৰে।

(জ) সদায় সন্তুলিত আহাৰ গ্ৰহণ কৰা উচিত। ভিটামিন A যুক্ত খাদ্য যেনে – সেউজীয়া শাক-পাচলি, গাখীৰ, কণী, দৈ, আম, অমিতা, আদি ফল, লিভাৰ তেল,কেচা গাজৰ আদি নিয়মীয়াকৈ খাব লগে। ভিটামিন C আৰু E যুক্ত খাদ্য বাবে ভাল।

২। ৰেটিনা কি আৰু ইয়াৰ কাম কি ?

উত্তৰঃ আমাৰ চকুৰ পৰ্দাখনৰ নাম ৰেটিনা। আমি দেখা পোৱা বস্তুবোৰৰ প্রতিবিধ এই ৰেটিনাতে গঠিত হয়।

৩। আমাৰ চকুৰ লেন্সখন কিহেৰে তৈয়াৰী।

উত্তৰ: আমাৰ চকুৰ লেন্সখন প্রটিনেৰে তৈয়াৰী।

৪। অণুবীক্ষণ যন্ত্ৰ আৰু দূৰবীক্ষণ যন্ত্ৰত কি প্ৰকৃতিৰ লেন্স ব্যবহৃত হয় ?

উত্তৰ: অণুবীক্ষণ যন্ত্র আৰু দুৰবীক্ষণ যন্ত্ৰত উত্তল প্ৰকৃতিৰ লেন্স ব্যৱহাৰ কৰা হয়।

৫। আমি চকুৰে যিকোনো বস্তু কেনেকৈ দেখা পাওঁ ?

উত্তৰঃ কোনো লক্ষ্য বস্তুৰ পৰা পোহৰ আহি চকুত পৰিলে চকুৰ লেন্সখনে তাৰ ফ’কাছ দুৰত্ব কমাই বাবঢ়াই ৰেটিনাত এটা ওলোটা ( সৎ ) আৰু সংকুচিত প্রতিবিম্ব গঠন কৰে ৷ ৰেটিনা খনত বহুতো স্নায়ুকোষ আছে। সংকুচিত প্রতিবিম্ব গঠন কৰে। ৰেটিনাখনত বহুতো স্নায়ুকোষ আছে। এইবোৰক ৰ’ড আৰু ক’ন বোলা হয়। পোহৰ পৰিলে এই কোষবোৰ জটিল প্রক্রিয়াৰে সক্ৰিয় হৈ উঠে আৰু বিভিন্ন কোষৰ সহযোগত অপটিক নামৰ স্নায়ুৰ দ্বাৰা এই সংকেতবোৰ মগজুলৈ যায়। আমাৰ মগজুটোৰ ক্ৰিয়া এনেধৰণৰ যে প্রতিবিম্বটো ওলোটাকৈ আৰু সংকুচিত আকাৰত গঠিত হ’লেও ই বস্তুটো পোনকৈ আৰু লক্ষ্য বস্তুৰ সমানকৈ দেখাৰ অনুভূতি আমাক দিয়ে। এইদৰে আমি বস্তুবোৰ দেখা পাওঁ।

৬। আমাৰ চকুৰ সমুখ ভাগত থকা স্বচ্ছ আৱৰণ খনৰ নাম কি আৰু ইয়াৰ নাম কি ?

উত্তৰঃ আমাৰ চকুৰ সমুখ ভাগত থকা স্বচ্ছ আৱৰণ খনৰ নাম নাম হ’ল কর্ণিয়া। ইয়াৰ মাজেদি পোহৰ চকুত প্ৰৱেশ কৰে। কর্ণিয়াই চকুক ৰক্ষণ কৰাৰ উপৰিও চকুত সোমোৱা পোহৰক নিয়ন্ত্ৰণ কৰে। 

৭। আইৰিছ কি আৰু ইয়াৰ কাৰ্য ব্যাখ্যা কৰা ।

উত্তৰ: চকুৰ কণিয়াৰ পিছফালে এখন পৰিৱৰ্তনশীল পৰ্দা আছে আৰু এই পৰ্দাখনৰ নাম আইৰিছ। চকুত প্ৰৱেশ কৰা পোহৰৰ পৰিমাণ এই আইৰিছে নিয়ন্ত্ৰণ কৰে ৷ প্ৰখৰ পোহৰত ই সম্প্ৰসাৰিত হৈ চকুৰ মণিৰ আকাৰ হ্ৰাস কৰে। 

আনহাতে ক্ষীণ পোহৰত আইৰিচ সংকুচিত হৈ চকুৰ মণিৰ আকাৰ বৃদ্ধি কৰে ৷ ইয়াৰ ফলত চকুত প্ৰৱেশ কৰা পোহৰৰ পৰিমাণ বৃদ্ধি পায়। সেইবাবে দিনৰ ভাগত চকুৰ মণিৰ আকাৰ সৰু হয় আৰু নিশাৰ ভাগত ডাঙৰ হয়।

৮। কেমেৰা আৰু চকুৰ দুটা সাদৃশ্য আৰু দুটা বৈসাদৃশ্য উল্লেখ কৰা।

উত্তৰ: কেমেৰা আৰু চকুৰ সাদৃশ্য –

(ক) কেমেৰা এবিধ আলোক যন্ত্ৰ, সেইদৰে আমাৰ চকুত এটা অতিশয় সুক্ষ্ম জৈৱিক আলোক যন্ত্র।

(খ) কেমেৰাত এক বা একাধিক লেন্‌ছ ব্যৱহাৰ কৰা হয় সেইদৰে, আমাৰ চকুত এখন  লেন্‌ছ আছে। 

কেমেৰা আৰু চকুৰ দুটা বৈসাদৃশ্য হল –

(ক) কেমেৰাৰ কোনো বস্তুৰ ছবি ল’ব পাৰি। এনে ছবিক পোহৰ ছবি বা আলোক ছবি বোলে। কিন্তু চকুৰে কোনো ছবি ল’ব নোৱাৰি।

(খ) কেমেৰাত এক বা একাধিক কাঁচেৰে তৈয়াৰী লেন্‌ছ ব্যৱহাৰ কৰা হয়। কিন্তু আমাৰ চকুত মাত্ৰ এখন লেন্‌ছ আছে। এই লেন্‌ছখন উত্তল প্ৰকৃতিৰ আৰু ই প্রটিনেৰে তৈয়াৰী।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top