Niketan Class 8 Science Chapter 16 পোহৰ

Niketan Class 8 Science Chapter 16 পোহৰ is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 8 Science Chapter 16 পোহৰ and select need one.

Niketan Class 8 Science Chapter 16 পোহৰ

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 8 Science Chapter 16 পোহৰ Solutions for All Subjects, You can practice these here…

অতিৰিক্ত প্রশ্নোত্তৰ

১। উত্তল লেস্ত কিদৰে প্রতিবিম্ব গঠন হয় চিত্র সহ বৰ্ণনা কৰা ৷ 

উত্তৰ: উত্তল লেন্সত প্রতিবিম্বৰ গঠন :

উত্তল লেস্ত কিদৰে প্রতিবিম্ব গঠন হয় চিত্র সহ বৰ্ণনা কৰা

ওপৰৰ চিত্ৰত দেখুওৱাৰ দৰে উত্তল লেন্স মুখ্য অক্ষৰ ওপৰত AB এটা থিয় লক্ষ্যবস্তু। A বিন্দুৰ প্ৰতিবিম্বৰ ছবি আঁকিবলৈ চিত্ৰত দেখুওৱা তিনিটা ৰশ্মিৰ যি কোনো দুটা ব্যৱহাৰ কৰিব পাৰি।

(ক) মুখ্যঅক্ষ (FOF/) ৰ সমান্তৰাল ভাৱে আপতিত ৰশ্মি (AP) প্রতিসৰণৰ পিছত ফ’কাছ বিন্দু (F/) ৰ মাজেদি যাব। 

(খ) আলোক কেন্দ্ৰ O বিন্দুৰ মাজেৰে যোৱা (AOA/) ৰশ্মিৰ দিশ পৰিৱৰ্ত নহয়। অর্থাৎ ই পোনে পোনে লেন্সৰ মাজেদি পাৰ হৈ যাব।

(গ) ফ’কাছ বিন্দু (F1) ৰ মাজেৰে যোৱা A ৰ ৰশ্মি প্রতিসৰণৰ পিছত মুখ্য অক্ষৰ সমান্তৰাল হ’ব।

এই তিনিটা প্রতিসৰিত ৰশ্মি বা যিকোনো দুটা ৰশ্মিয়ে কটা কটি কৰা (A/) বিন্দুৱেই হ’ল A বিন্দুৰ সৎ প্ৰতিবিম্ব। এতিয়া A/ বিন্দুৰ পৰা মুখ্য অক্ষ্যৰ ওপৰত অঁকা AB লম্বই হ’ব AB ৰ সৎ প্রতিবিম্ব।

২। অৱতল লেন্সত প্রতিবিম্বৰ গঠন কিদৰে হয় চিত্রসহ ব্যাখ্যা কৰা।

উত্তৰঃ অৱতল লেন্সত প্রতিবিম্বৰ গঠন :

অৱতল লেন্সত প্রতিবিম্বৰ গঠন কিদৰে হয় চিত্রসহ ব্যাখ্যা কৰা

ওপৰৰ চিত্ৰত অৱতল লেন্স এখনৰ মুখ্য অক্ষৰ ওপৰত AB এটা থিয় লক্ষ্য বস্তু। A বিন্দুৰ প্ৰতিবিম্বৰ ছৰি আঁকিবলৈ তলত উল্লেখ কৰা ৰশ্মি দুটা ব্যৱহাৰ কৰা হয়।

(ক) মুখ্য অক্ষ (FOF/)ৰ ৰশ্মি AM প্রতিসৰণৰ পিছত ফ’কাছ বিন্দু (F) ৰ পৰা অহা যেন লাগে ।

(খ) আলোক কেন্দ্ৰ O বিন্দুৰ মাজেৰে যোৱা AO ৰশ্মিৰ দিশ পৰিৱৰ্তন নহয়। অর্থাৎ ই পোনে পোনে লেম্বৰ মাজেদি পাৰ হৈ যাব।

এতিয়া অপসাৰিত ৰশ্মি অপসাৰী হোৱা বাবে সমুখৰ কোনো বিন্দুত ইহঁতে কটা কটি কৰিব নোৱাৰে। কিন্তু বিপৰীত ফালে বঢ়াই দিলে A/ বিন্দুত কটা কটি কৰা যেন লাগিব। এই A/ বিন্দুৱেই হ’ল A বিন্দুৰ অসৎ প্রতিবিম্ব।

এতিয়া A’ বিন্দুৰ পৰা মুখ্য অক্ষৰ ওপৰত অঁকা A/B/  লম্বই হ’ব AB ৰ অসৎ প্রতিবিম্ব।

৩। লেন্সসমূহ কিহৰ দ্বাৰা তৈয়াৰ কৰা হয় ?

 উত্তৰঃ লেন্স বিলাক দুখন গোলকাৰ পৃষ্ঠ সম্পন্ন কাঁচ বা তেনে কোনো স্বচ্ছ পদাৰ্থৰে তৈয়াৰী ৷

৪। দাপোনত গঠন হোবা সৎ আৰু অসৎ প্রতিবিম্বৰ মাজত পাৰ্থক্য লিখা।

উত্তৰঃ দাপোনত গঠন হোৱা সৎ আৰু অসৎ প্ৰতিম্বিৰ পাৰ্থক্য সমূহ তলত উল্লেখ কৰা হ’ল – 

সৎপ্রতিবিম্বঅসৎ প্রতিবিম্ব
(ক) পৰ্দাত পেলাব পাৰি।(ক) পর্দাত পেলাব নোৱাৰি।
(খ) সদায় ওলোটা(খ) সদায় থিয় বা পোন।
(গ) দাপোনৰ সন্মুখত যিফালে লক্ষ্য বস্তু থাকে সেইফালে গঠিত হয়।(গ) সদায় দাপোনৰ পিছফালে গঠিত হয়।
(ঘ)দাপোনৰ সন্মুখত লক্ষ্য বস্তুৰ অৱস্থান অনুসৰি ইয়াৰ আকাৰ সৰু কিম্বা ডাঙৰ হয় ৷ (ঘ) উত্তল, অৱতল আৰু সমতল দাপোনত যথাক্রমে সৰু, ডাঙৰ আৰু সমান আকাৰৰ প্ৰতিবিম্ব গঠিত হয়।

৫। উত্তল দাপোনত কিদৰে প্রতিবিম্ব গঠন হয় চিত্রসহ বর্ণনা কৰা।

উত্তৰ: উত্তল দাপোনৰ দ্বাৰা প্ৰতিবিম্ব গঠন :

উত্তল দাপোনত কিদৰে প্রতিবিম্ব গঠন হয় চিত্রসহ বর্ণনা কৰা

ওপৰৰ চিত্ৰত MM/ এখন উত্তল দাপোন যাৰ মেৰু হ’ল P। ইয়াৰ ফ’কাছ F আৰু ভাজ ব্যাসাৰ্দ্ধ C দাপোনখনৰ পিছফালে মুখ্য অক্ষ CPB ৰ ওপৰত অৱস্থিত। AB দাপোনৰ মুখ্য অক্ষৰ ওপৰত লম্বভাৱে থকা এটা লক্ষ্য বস্তু। A বিন্দুৰ পৰা মুখ্য অক্ষৰ সমান্তৰালকৈ ওলোৱা AD ৰশ্মি দাপোনৰ D বিন্দুত আপতিত হৈ DN ৰেখাই দি প্রতিফলিত হয় আৰু পিছফালে বঢ়াই দিলে ফ’কাচ F ৰ পৰা ওলাই অহা যেন লাগে। সেইদৰে A বিন্দুৰ পৰা C অভিমুখে যোৱা AE আন এটা আপতিত ৰশ্মি। দাপোনত লম্বভাৱে আপতিত হোৱা বাবেই একে ৰেখা দিয়েই প্রতিফলিত হয়। AE ৰশ্মি পিছফালে বঢ়াই দিলে C বিন্দুৰ পৰা অহা যেন লাগিব। এই দুই প্রতিফলিত ৰশ্মি DN আৰু EA পৰস্পৰৰ পৰা ক্ৰমে আঁতৰি যোৱা বাবে দাপোনৰ সন্মুখত কোনো বিন্দুত লগ লাগিব নোৱাৰে। কিন্তু পিছফালে বঢ়াই দিলে ৰশ্মি দুটা A/ বিন্দুৰ পৰা অহা যেন লাগিব। গতিকে A/ হ’ল A ৰ প্রতিবিম্ব আৰু মুখ্যঅক্ষত টনা A/B/ লম্ব AB ৰ প্রতিবিম্ব।

এই প্রতিবিম্ব (ক) অসৎ,

(খ) থিয়,

(গ) সংকুচিত ( অর্থাৎ আকাৰত লক্ষ্যবস্তুতকৈ সৰু) আৰু 

(ঘ) সদায় দাপোনৰ পিছফালে গঠিত হয়।

অনুশীলনী

১। খালী ঠাঁই পূৰ্ণ কৰাঃ  

  (ক) হালধীয়া বস্তুৱে —— ৰঙৰ পোহৰ প্ৰতিফলিত কৰে।

উত্তৰ: হালধীয়া।

(খ) ক’লা বস্তুৱে তাৰ ওপৰত পৰা সকলো ৰঙৰ পোহৰ —— কৰে।

উত্তৰ: শোষণ।

(গ) বগা বস্তুৱে তাৰ ওপৰত পৰা সকলো ৰঙৰ পোহৰ —— কৰে।

উত্তৰ: প্ৰতিফলিত।

(ঘ) প্রিজমৰ দ্বাৰা সূৰ্য্যৰ বগা পোহৰক —— ৰঙলৈ বিশ্লেষণ কৰাকে —— বোলা হয়।

উত্তৰ: সাতটা, বিক্ষেপন ।

(ঙ) নীলা ৰঙৰ কাছ এখনে ইয়াৰ মাজেৰে কেৱল —— ৰঙৰ ৰশ্মিহে যাবলৈ দিয়ে।

উত্তৰ: নীলা।

২। হালধীয়া ফুল এপাহ সূৰ্য্যৰ পোহৰত কিয় হালধীয়া দেখি বুজাই লিখা।

উত্তৰ: হালধীয়া ফুল এপাহে সূৰ্য্যৰ বগা পোহৰৰ সাতোটা ৰঙৰ ছটা ৰং শোষণ কৰে আৰু কেৱল মাত্ৰ পোহৰৰ হালধীয়া ৰংটোহে প্রতিফলিত কৰে। সেইবাবে হালধীয়া ফুল এপাহ সূৰ্য্যৰ পোহৰত হালধীয়া দেখা পোৱা যায়।

৩। তুমি পিন্ধি থকা বগা চোলাটো সূৰ্য্যৰ পোহৰত কিয় বগা দেখি বুজাই লিখা।

উত্তৰ : বগা বস্তু এটা সূৰ্য্যৰ পোহৰত বগা দেখা যায়। আমি জানো যে সূৰ্যৰ বগা পোহৰ সাতটা ৰঙৰ সমষ্টি। বগা বস্তু এটাই সূৰ্য্যৰ বগা পোহৰৰ সাতোটা ৰঙেই প্ৰতিফলিত কৰে, কোনো ৰঙ শোষণ নকৰে। সেই কাৰণে পিন্ধি থকা বগা চোলাটো সুৰ্য্যৰ পোহৰত বগা দেখা পোৱা যায়।

৪। ‘জাৰকালি কলা কাপোৰ পৰিধান কৰা ভাল’। ইয়াৰ কাৰণ কি ?

উত্তৰ : ক’লা বস্তুৱে সূৰ্য্যৰ বগা পোহৰৰ সাতোটা ৰঙেই শোষণ কৰি লয়, পোহৰৰ কোনো অংশ প্রতিফলিত নকৰে। সেইকাৰণে জাৰকালি কলা কাপোৰ পৰিধান কৰা ভাল, যিহেতু কলা কাপোৰখনে সূৰ্য্যৰ বগা পোহৰৰ সাতোটা ৰঙেই শুহি লয়, পোহৰৰ কোনো অংশ প্রতিফলিত নকৰে আৰু সূৰ্য্যৰ তাপ ভাগ শুহি লয় কিন্তু সেই তাপ ভাগ প্রতিফলিত নকৰে। ফলস্বৰূপে দেহাৰ ভিতৰত গৰম লাগি থাকে।

৫। ‘গ্ৰীষ্মৰ দিনত বগা পোছাক পৰিধান কৰা ভাল। ইয়াৰ কাৰণ কি ?

উত্তৰ : গ্ৰীষ্মৰ দিনত বগা পোছাক পৰিধান কৰা ভাল, কাৰণ বগা বস্তু এটাই সূৰ্যৰ বগা পোহৰৰ সাতোতা ৰঙেই প্রতিফলিত কৰে, কোনো ৰং, শোষণ নকৰে। ইয়াৰ ফলত, সূৰ্য্যৰ ৰশ্মিৰ সাতোটা ৰঙেই প্রতিফলিত হৈ বাহিৰলৈ গুচি যায় আৰু কোনো ৰশ্মি শোষণ নকৰে। সেইকাৰণে বগা কাপোৰ পিন্ধিলে গৰম কম লাগে।

৬। ‘গছৰ সেউজীয়া পাত এখিলা ৰঙা ৰঙৰ কাঁচ এখনৰ মাজেৰে চালে কলা দেখা যায়।’ইয়াৰ কাৰণ কি বুজাই লিখা।

উত্তৰঃ কাৰণ ৰঙা কাঁচখনে কেৱল ৰঙা ৰং হে পাৰ হৈ যাবলৈ দিয়ে,  আন ৰংবোৰ শুহি লয় ৷ গতিকে গছৰ সেউজীয়া পাত এখিলাৰ পৰা ৰঙা কাঁচ পাৰ হৈ কোনো পোহৰেই আমাৰ চকুত নপৰে। গতিকে পাতখিলা ক’লা দেখা যায়।

See Next Page No Below…

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top