Niketan Class 8 Science Chapter 16 পোহৰ

Niketan Class 8 Science Chapter 16 পোহৰ is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 8 Science Chapter 16 পোহৰ and select need one.

Niketan Class 8 Science Chapter 16 পোহৰ

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 8 Science Chapter 16 পোহৰ Solutions for All Subjects, You can practice these here…

পোহৰ

Chapter – 16

বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS

১। যদি A ঘনতৰ মাধ্যম আৰু B লঘুতৰ মাধ্যম হয়, তেনেহ’লে, পোহৰৰ বেগ –

(ক) দুয়োটা মাধ্যমত সমান।

(খ) মাধ্যম B তকৈ A ত বেছি 

(গ) মাধ্যম A তকৈ Bত বেছি

উত্তৰঃ (গ) পোহৰৰ বেগ মাধ্যম A তকৈ B ত বেছি।

২। এটা মাধ্যমৰ পৰা আন এটা মাধ্যমত প্ৰৱেশ কৰিলে পোহৰ ৰশ্মিৰ দিশ সলনি হয়। এই পৰিঘটনাটোক কি বুলি কোৱা হয় ?

উত্তৰ : এটা মাধ্যমৰ পৰা আন এটা মাধ্যমত প্ৰৱেশ কৰিলে পোহৰ ৰশ্মিৰ দিশ সলনি হয়। এই পৰিঘটনাটোক পোহৰৰ প্ৰতিসৰণ বুলি কোৱা হয়।

৩। শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ

(ক) পোহৰ ৰশ্মি পানীৰ পৰা বায়ুত প্ৰৱেশ কৰিলে, প্রতিসৰিত ৰশ্মি অভিলম্বৰ ( কাষ চাপে, আঁতৰি যায়।)

উত্তৰ: আঁতৰি যায়।

(খ) পোহৰ ৰশ্মি বায়ুৰ পৰা কঁাচত প্ৰৱেশ কৰিলে প্ৰতিসৰিত ৰশ্মি অভিলম্বৰ

―  ( আঁতৰি যায়, কাষ চাপে )

উত্তৰ: কাষ চাপে।

(গ) বায়ুৰ পৰা পোহৰ ৰশ্মি পানীত প্ৰৱেশ কৰিলে ইয়াৰ বেগ–(বাঢ়ে,কমে,একে থাকে )

উত্তৰঃ কমে।

৪। ‘পৰিষ্কাৰ পানীত থকা মাছ এটা ওপৰৰ পৰা চালে প্রকৃত গভীৰতাতকৈ ইয়াক কিছু ওপৰত থকা যেন লাগে। ”কিয় এনে হয় ৰশ্মি চিত্ৰ আঁকি বুজাই লিখা।

উত্তৰঃ পৰিষ্কাৰ পানীত থকা মাছ এটা ওপৰৰ পৰা চালে প্রকৃত গভীৰতা তকৈ ইয়াক কিছু ওপৰত থকা যেন লাগে। কিয় এনে হয় তাক বুজিবৰ কাৰণে তলৰ পৰীক্ষাটো কৰা হল।

চিত্ৰত দেখুৱাৰ দৰে পাত্ৰ এটাত আধামানলৈকে পানী লোৱা হ’ল। ধৰি লোৱা হ’ল পাত্ৰটোৰ তলিত D বিন্দুত মাছটো থোৱা হ’ল। পাত্ৰটোত পানীৰ প্ৰকৃত গভীৰতা হ’ল OD। এতিয়া D বিন্দুৰ পৰা অহা DA ৰশ্মি পানীৰ তলত আপতিত হোৱাৰ পিছত ঘনতৰ মাধ্যম পানীৰ পৰা লঘুতৰ মাধ্যম বায়ুলৈ যাওঁতে অভিলম্বৰ পৰা আঁতৰি AB বাটেৰে প্ৰতিসাৰিত হয়। সেই দৰে  D বিন্দুৰ পৰা অহা আন এটা আপাতিত ৰশ্মি DE প্ৰতিসৰণৰ পিছত EF বাটেৰে যায়। AB আৰু EF ৰশ্মি অপসাৰী হোৱা বাবে পিছফালে বঢ়াই দিলে D/ বিন্দুৰ পৰা অহা যেন অনুমান হয়। অর্থাৎ OD/  হ’ল D বিন্দুৰ অসৎ প্রতিবিম্ব ৷ এতিয়া, পাত্ৰটোত থকা মাছটোলৈ ওপৰৰ পৰা চাই পঠিয়ালে মাছটো OD/ বিন্দুত থকা যেন লাগে। এই OD/  বিন্দুটো পাত্ৰটোৰ আপাত গভীৰতা।

ইয়াৰ পৰা আমি ইয়াকে বুজিলো যে স্বচ্ছ লঘুতৰ মাধ্যমৰ পৰা স্বচ্ছ ঘনতৰ মাধ্যমলৈ চালে ঘনতৰ মাধ্যমৰ গভীৰতা কিছু কমা যেন লাগে ।

৫। পোহৰৰ প্ৰতিসৰণ কাক বোলে ?

উত্তৰঃ পোহৰ এটা স্বচ্ছ মাধ্যমৰ পৰা আহি আন এটা স্বচ্ছ মাধ্যমত প্ৰৱেশ কৰিলে দুয়োটা মাধ্যমৰ সন্ধি তলত পোহৰৰ দিশ সামান্য সলনি হয়। ইয়াকে পোহৰৰ প্রতিসৰণ বোলে ৷

৬। বায়ুৰ পৰা কাচলৈ আৰু কাচৰ পৰা বায়ুলৈ পোহৰ কেনেকৈ প্ৰতিসৰিত হয় চিত্রসহ ব্যাখ্যা কৰা ৷

উত্তৰ:

আমি জানো যে বায়ুতকৈ কাঁচ ঘন পোহৰৰ মাধ্যম। যদি পোহৰৰ ৰশ্মি পাতল মাধ্যমৰ মাজেৰে আহি ঘন মাধ্যমত ( বায়ুৰ পৰা কাঁচ লৈ ) প্ৰৱেশ কৰে, তেনেহ’লে প্রতিসৰিত ৰশ্মি ঘন মাধ্যমত অভিলম্বৰ কাষ চাপি যায়, অর্থাৎ আপতন কোণতকৈ প্ৰসিৰণ কোণ সৰু হয়। 

ওপৰৰ চিত্ৰত বায়ুৰ পৰা অহা পোহৰ ৰশ্মিৰ কাঁচত হোৱা প্ৰতিসৰণ দেখুওৱা হৈছে। 

আকৌ যদি পোহৰ ঘন মাধ্যমৰ পৰা পাতল মাধ্যমলৈ ( কাঁচৰ পৰা বায়ুলৈ ) যায়,তেতিয়া পাতল মাধ্যমত প্রতিসৰিত ৰশ্মি অভিলম্বৰ পৰা আঁতৰি যায়, অর্থাৎ আপতন কোণতকৈ প্ৰতিসৰণ কোণ ডাঙৰ হয়।

অতিৰিক্ত প্রশ্নোত্তৰ

১। প্রতিসাৰক মাধ্যম কাক বোলে ?

উত্তৰঃ যি মাধ্যমত পোহৰ ৰশ্মিৰ প্ৰতিসৰণ হয় তাক প্ৰতিসাৰক মাধ্যম বোলে।

২। পানীত পোহৰৰ প্ৰতিসৰণ কিদৰে হয় ব্যাখ্যা কৰা।

উত্তৰঃ

ওপৰৰ চিত্ৰত বায়ুৰ পৰা অহা পোহৰৰ পানীত প্ৰতিসৰণ দেখুওৱা হৈছে। PQ ৰশ্মি বায়ুৰ মাজদি আহি পানীৰ সমতলত ( দুয়োটা মাধ্যমৰ সহিতল ) থকা Q বিন্দুত আপতিত হৈছে Q হ’ল আপতন বিন্দু । পানীৰ ভিতৰত প্ৰৱেশ কৰোঁতে এই ৰশ্মি পোনে পোনে QR দিশত নগৈ অলপ হালি ON দিশত গতি কৰে। পানীৰ ভিতৰত এই QN ৰশ্মিক প্রতিসৰিত ৰশ্মি বুলি কোৱা হয়।

MM/ আপতন বিন্দু Q ত টনা অভিলম্ব।

এতিয়া, ইয়াত PQ – আপতিত ৰশ্মি, ON – প্রতিসৰিত ৰশ্মি, 

৩। প্রতিসৰিত ৰশ্মি কেতিয়া অভিলম্বৰ কাষ চাপে আৰু কেতিয়া আঁতৰি যায় ?

উত্তৰ : পোহৰৰ ৰশ্মি লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমত প্ৰৱেশ কৰিলে, প্রতিসৰিত ৰশ্মি অভিলম্বৰ কাষ চাপে। আনহাতে ঘনতৰ মাধ্যমৰ পৰা লঘুতৰ মাধ্যমত প্ৰৱেশ কৰিলে প্রতিসৰিত ৰশ্মি অভিলম্বৰ পৰা আঁতৰি যায়।

৪। পোহৰৰ মাধ্যম কাক বোলে ?

উত্তৰঃ যিবোৰ স্বচ্ছ পদাৰ্থৰ মাজেৰে যেনে – বায়ু, পানী, কাঁচ আদি পোহৰ পাৰ হৈ যাব পাৰে সেইবোৰ পদাৰ্থক পোহৰৰ মাধ্যম বোলা হয়।

৫। আপতন কোণতকৈ প্ৰতিসৰণ কোণ কেতিয়া ডাঙৰ হয় আৰু কেতিয়া সৰু হয় ?

উত্তৰ : যদি পোহৰ ঘন মাধ্যমৰ পৰা পাতল মাধ্যমলৈ যায়, তেতিয়া পাতল মাধ্যমত প্রতিসৰিত ৰশ্মি অভিলম্বৰ পৰা আঁতৰি যায়, আপতন কোণতকৈ প্ৰতিসৰণ কোণ ডাঙৰ হয়।

আনহাতে যদি পোহৰৰ ৰশ্মি পাতল মাধ্যমৰ মাজেৰে আহি ঘন মাধ্যমত প্ৰৱেশ কৰে তেনেহ’লে প্ৰতিসৰিত ৰশ্মি ঘন মাধ্যমত অভিলম্বৰ কাষ চাপি যায়, অর্থাৎ আপতন কোণতকৈ প্ৰতিসৰণ কোণ সৰু হয়।

৬। পানীত হেলনীয়াকৈ আংশিকভাৱে নিমজ্জিত মাৰি এডালৰ পানীত ডুব গৈ থকা অংশটো সামান্য বেকা হৈ ওপৰলৈ উঠি অহা যেন লাগে। কিয় এনে হয় ব্যাখ্যা কৰা।

উত্তৰঃ এই ঘটনাটো পোহৰৰ প্ৰতিসৰণৰ বাবে হয়।

চিত্ৰত দেখুওৱাৰ দৰে মাৰিডালৰ AB অংশ পানীৰ তলত আৰু BC অংশ পানীৰ ওপৰত আছে। এতিয়া মাৰিডালৰ পানীৰ তলত থকা যিকোনো বিন্দু ( ধৰা হ’ল A) ৰ পৰা এজোৰ অপসাৰী ৰশ্মি পানীৰ তলত আপতিত হোৱাৰ পিছত ঘনত্বৰ মাধ্যম পানীৰ পৰা লঘুতৰ মাধ্যম বায়ুত প্ৰৱেশ কৰোঁতে প্রতিসৰিত ৰশ্মি অভিলম্বৰ পৰা আঁতৰি যায়।

এই প্রতিসৰিত ৰশ্মি অপসাৰী হোৱা বাবে পিছফালে বঢ়াই দিলে A বিন্দুৰ পৰা অহা যেন লাগে। A বিন্দুৰ ওপৰত থকা এই A/ বিন্দুৱেই হ’ল A বিন্দুৰ অসৎ প্ৰতিবিম্ব ৷ এইদৰে পানীৰ তলত থকা মাৰিডালৰ প্ৰতিটো বিন্দুৰ অনুৰূপ অসৎ প্রতিবিম্ব বিন্দুবোৰৰ ওপৰত পৰিব। এই বিন্দুবোৰ সংযোগ কৰি চিত্ৰত দেখুওৱাৰ দৰে ওপৰৰ পৰা চালে মাৰি ডাল B স্থানত ভাজ লগা যেন দেখা যাব।

৭। পোহৰৰ প্ৰতিসৰণ কিহৰ বাবে হয় ?

উত্তৰ: এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ যাওঁতে পোহৰৰ বেগ সলনি হয় বাবেই প্রতিসৰণ হয়।

অনুশীলনী

১। লেন্‌ছ কাক বোলে ? প্রধান লেন্‌ছ দুবিধৰ নাম কি কি ? 

উত্তৰ: দুখন গোলকীয় তলৰ বা এখন গোলকীয় আৰু এখন সমতলৰ মাজত আৱদ্ধ প্রতিসাৰক মাধ্যমক লেন্‌ছ বুলি কোৱা হয়।

প্রধান লেন্‌ছ দুবিধৰ নাম হ’ল উত্তল লেন্‌ছ আৰু অবতল লেন্‌ছ।

২। লেন্‌ছৰ আলোক কেন্দ্র কাক বোলে ? চিত্র আঁকি বুজোৱা।

উত্তৰ: আলোক কেন্দ্র পাতল উত্তল বা অৱতল লেন্‌ছৰ মধ্যাংশত আৰু মুখ্য অক্ষৰ ওপৰত থকা বিন্দু (O) এটাৰ অভিমুখে অহা ৰশ্মি প্রতিসৰণৰ পিছত দিশ পৰিবৰ্তন নকৰাকৈ লেন্‌ছ পাৰ হৈ যায়। এই ‘O’ বিন্দুটোক লেন্‌ছৰ আলোক কেন্দ্ৰ বোলে। 

তলৰ চিত্ৰত ‘O’ হ’ল লেন্‌ছৰ আলোক কেন্দ্ৰ ৷

৩। উত্তল লেন্‌ছক অভিসাৰী লেন্‌ছ আৰু অৱতল লেন্‌ছক অপসাৰী। বুলি কিয় কোৱা হয় চিত্ৰ আঁকি দেখুওৱা।

উত্তৰ: উত্তল লেন্‌ছত পোহৰৰ ৰশ্মি পৰিলে তাৰ পৰা নিৰ্গত হোৱা ৰশ্মি বিলাক পৰস্পৰৰ কাষ চাপি আহে। সেয়ে উত্তল লেন্‌ছক অভিসাৰী লেন্‌ছ বুলি কোৱা হয়।

 আনহাতে, অৱতল লেন্‌ছৰ ক্ষেত্ৰত লেন্‌ছৰৰ ওপৰত আপতিত হোৱা ৰশ্মি বিলাক পৰস্পৰৰ কাষৰ পৰা আঁতৰি যায়। সেইবাবে, অৱতল লেন্‌ছক অপসাৰী লেন্‌ছ বুলি কোৱা হয়।

৪। উত্তল অথবা অৱতল লেন্‌ছৰ

(ক) ভাজকেন্দ্র,

(খ) মুখ্যঅক্ষ

(গ) ফ’কাছ

(ঘ) ফ’কাছ দৈৰ্ঘ্য কাক বোলে চিত্র আঁকি বুজাই লিখা।

উত্তৰ: (ক) ভাজকেন্দ্ৰ : কোনো লেন্‌ছৰ পৃষ্ঠ দুখন যি দুটা গোলকৰ অংশ সেই গোলক দুটাৰ কেন্দ্ৰ দুটাক লেন্‌ছখনৰ ভাজঁকেন্দ্ৰ বুলি কোৱা হয়।

(খ) মুখ্যঅক্ষঃ উত্তল বা অবতল লেন্‌ছৰ গোলকীয় তল দুখনৰ ভাজ কেন্দ্ৰ দুটা সংযোগ কৰা ৰেখা ডালক মুখ্য অক্ষ বা প্রধান অক্ষ বোলে। 

তলৰ চিত্ৰ C1C2 হ’ল মুখ্য অক্ষ ৷ মুখ্য অক্ষ লেন্‌ছৰ মধ্যবিন্দুৰ মাজেৰে যায় ৷

(গ) ফ’কাছ মুখ্য অক্ষৰ সমান্তৰাল ভাৱে অহা পোহৰৰ ৰশ্মি প্রতিসৰণৰ পিছত উত্তল লেন্‌ছৰ ক্ষেত্ৰত F বিন্দুত লগ লাগে আৰু অৱতল লেন্‌ছৰ ক্ষেত্ৰত F/ বিন্দুত লগ লাগে যেন লাগে। F বা F/  বিন্দুক এনে লেন্‌ছৰ ফ’কাছ বিন্দু বা নাভি বোলে।

(ঘ) ফ’কাছ দৈর্ঘ্য : আলোক কেন্দ্ৰ (O) আৰু ফ’কাছ বিন্দু (F) ৰ মাজৰ দূৰত্বক ফ’কাছ দৈৰ্ঘ্য বোলে ৷

৫। এখন লেন্‌ছ উত্তল নে অবতল কেনেকৈ চিনি উলিয়াবা । 

উত্তৰঃ হাতৰ আঙুলিৰ স্পৰ্শৰ দ্বাৰা লেন্‌ছখন উত্তল নে অৱতল তাক জানিব পৰা যায়। উত্তল লেন্‌ছৰ মাজভাগ ডাঠ আৰু কাষৰ ফালে ক্ৰমে পাতল হয়। আনহাতে অৱতল লেন্‌ছৰ মাজৰ ভাগ পাতল আৰু কাষৰ ফালে ক্রমান্বয়ে ডাঠ হয়।

৬। উত্তল লেন্‌ছ এখনৰ সন্মুখত লক্ষ্য বস্তু এটা

  (ক) অসীম দূৰত্ব আৰু ভাজ কেন্দ্ৰৰ মাজত,

(খ) ভাঁজকেন্দ্ৰ আৰু ফ’কাছৰ মাজত

(গ) ফ’কাছ বিন্দুত,

(ঘ) ফ’কাছ আৰু আলোককেন্দ্ৰৰ মাজত অৱস্থান কৰিলে, প্রতিবিম্বৰ অৱস্থান, প্ৰকৃতি আৰু আকাৰ কেনেকুৱা হ’ব চিত্র আঁকি বুজাই লিখা।

উত্তৰঃ (ক) অসীম দূৰত্ব আৰু ভাজ কেন্দ্ৰৰ মাজত প্রতিবিম্বৰ অৱস্থান: লক্ষ্য বস্তু অসীম দূৰত্ব আৰু ভাঁজকেন্দ্ৰৰ মাজত হ’লে প্রতিবিম্ব ফ’কাছ আৰু ভাঁজকেন্দ্ৰৰ মাজত গঠিত হ’ব। এই প্রতিবিম্ব সৎ, ওলোটা, আকাৰত লক্ষ্য বস্তুতকৈ সৰু আৰু ই লেন্‌ছৰ পিছফালে গঠিত হ’ব।

(খ) ভাঁজকেন্দ্ৰ আৰু ফ’কাছৰ মাজত প্রতিবিম্বৰ অৱস্থান : লক্ষ্য বস্তু ভাজকেন্দ্ৰ আৰু ফ’কাছৰ মাজত হলে প্রতিবিম্ব ভাঁজকেন্দ্ৰ আৰু অসীমৰ মাজত গঠিত হ’ব। এই প্রতিবিম্ব সৎ, ওলোটা আৰু আকাৰত লক্ষ্য বস্তুতকৈ ডাঙৰ হ’ব।

(গ) ফ’কাছ বিন্দুত প্রতিবিম্বৰ অৱস্থান :  লক্ষ্য বস্তু ফ’কাছ বিন্দুত হলে লেন্‌ছৰ পৰা প্রতিসৰিত হোৱা ৰশ্মিবোৰ পৰস্পৰ সমান্তৰাল হয়। আমি জানো যে, সমান্তৰাল ৰশ্মি সসীমৰ কোনো বিন্দুত লগ নালাগে ৷ গতিকে সসীমৰ কোনো বিন্দুত প্রতিবিম্ব গঠিত হ’ব নোৱাৰে। কিন্তু সমান্তৰাল ৰশ্মিবোৰ অসীমৰ কোনো বিন্দুত লগ লাগে বুলি ধৰি লোৱা হয়। গতিকে, এইক্ষেত্ৰত প্রতিবিম্ব অসীমত গঠিত হ’ব। এই প্রতিবিম্ব সৎ, ওলোটা আৰু ইয়াৰ আকাৰ লক্ষ্য বস্তুৰ আকাৰৰ অসীম গুণ।

(ঘ) ফ’কাছ আৰু আলোককেন্দ্ৰৰ মাজত প্রতিবিম্বৰ অৱস্থান :  লক্ষ্য বস্তু ফ’কাছ আৰু আলোক কেন্দ্ৰৰ মাজত থাকিলে, লেন্‌ছৰ ওপৰত আপতিত হোৱা ৰশ্মিবোৰ প্ৰতিসৰণৰ পিছত পৰস্পৰৰ পৰা আঁতৰি যায় ৷ গতিকে ইহঁত আগফালে কোনো বিন্দুত লগ লাগিব নোৱাৰে। কিন্তু এই অপসাৰিত ৰশ্মিবোৰ পিছফালে বঢ়াই দিলে এটা বিন্দুত লগ লগা যেন লাগে। এই বিন্দুটোৱেই হ’ল লক্ষ্য বস্তুটোৰ প্ৰতিবিম্ব। এই ক্ষেত্ৰত লেন্‌ছৰ পৰা প্ৰতিসাৰিত হোৱা ৰশ্মি অপসাৰী হয় ।

এই প্রতিবিম্ব অসৎ, থিয়, আকাৰত লক্ষ্য বস্তুতকৈ ডাঙৰ আৰু লেন্‌ছৰ যিফালে লক্ষ্য বস্তু থাকে সেই ফালে গঠিত হয়।

৭। অৱতল লেন্‌ছ এখনৰ সমুখত থকা থিয় লক্ষ্য বস্তু এটাৰ প্ৰতিবিম্বৰ অৱস্থা, প্রকৃতি আৰু আকাৰ কেনেকুৱা হ’ব ৰাশি চিত্ৰ আঁকি বুজাই লিখা ৷

 উত্তৰ: অৱতল লেন্‌ছৰ দ্বাৰা গঠিত প্রতিবিম্বৰ অৱস্থান, প্রকৃতি আৰু আকাৰঃ

ওপৰৰ চিত্ৰত দেখুওৱাৰ দৰে অৱতল লেন্‌ছৰ সন্মুখত মুখ্য অক্ষৰ ওপৰত PQ লম্বভাৱে থকা এটা লক্ষ্য বস্তু। লক্ষ্বস্তু PQ ৰ P বিন্দুৰ পৰা মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা PM ৰশ্মি লেন্‌ছত আপতিত হৈ MN পথেৰে অপসাৰিত হৈছে । এই অপসাৰিত ৰশ্মি পিছফালে বঢ়াই দিলে ফ’কাছ F বিন্দুৰ পৰা অহা যেন লাগে।

 আনটো ৰশ্মি PO লেন্‌ছৰ আলোক কেন্দ্ৰৰ মাজেৰে দিশ পৰিৱৰ্তন নকৰাকৈ পাৰ হৈ যায়। দুয়োটা ৰশ্মিয়ে  P/  বিন্দুত কটা কটি কৰা যেন লাগে। গতিকে P/  হ’ল P ৰ প্ৰতিবিম্ব। এতিয়া মুখ্য অক্ষৰ ওপৰত টনা P/Q/ লম্ব হ’ল PQ ৰ প্রতিবিম্ব ৷ 

এই প্রতিবিম্ব অসৎ, পোন ( থিয় ), সংকুচিত আৰু লক্ষ্যবস্তুৰ যিফালে আছে সেই ফালে আলোককেন্দ্ৰ আৰু ফ’কাছৰ মাজত গঠিত হয়।

৮। খালী ঠাই পূৰণ কৰা :

(ক) দুখন —— তলেৰে আৱৰা —— মাধ্যমক —— লেন্‌ছ বোলে।

উত্তৰ: উত্তল বা অৱতল , প্ৰতিসাৰক , উত্তল বা অৱতল ।

(খ) উত্তল লেন্‌ছক —— লেন্‌ছ আৰু অৱতল লেন্‌ছক —— লেন্‌ছ বুলি কোৱা হয় ৷

উত্তৰ: অভিসাৰী , অপসাৰী ।

(গ) উত্তল লেন্‌ছৰ মাজৰ ভাগ —— আৰু অৱতল লেন্‌ছৰ মাজৰ ভাগ —— হয় ৷

উত্তৰ: ডাঠ , পাতল ।

(ঘ) প্ৰতিখন লেন্‌ছৰ —— নাভি থাকে।

উত্তৰ: ফ’কাছ বিন্দু বা ।

(ঙ) অৱতল লেন্‌ছত সদায় —— প্রতিবিম্ব গঠিত হয় ।

উত্তৰ: অসৎ ।

  (চ) লেন্‌ছৰ —— মাজেৰে পাৰ হৈ যোৱা ৰশ্মিৰ দিশ সলনি নহয়।

উত্তৰ: আলোককেন্দ্ৰৰ ।

৯। এটা শব্দত উত্তৰ দিয়া।

(ক) লেন্‌ছৰ এনে এটা বিন্দু আছে যাৰ মাজেৰে পোহৰৰ দিশ পৰিৱৰ্তন নকৰাকৈ পাৰ হৈ যায়। সেই বিন্দুটোৰ নাম কি ?

 উত্তৰঃ নাভি বা ফ’কাছ বিন্দু  হয়।

  (খ) উত্তল লেন্‌ছৰ ফ’কাছ বিন্দুত অৱস্থিত বস্তু এটাৰ প্ৰতিবিম্ব ক’ত গঠিত হয় ।

উত্তৰ: অসীমত।

(গ) উত্তল লেন্‌ছৰ ক্ষেত্ৰত, লক্ষ্য বস্তুৰ সমান আকৃতিৰ প্ৰতিবিম্ব পাবলৈ লক্ষ্য বস্তুটোক’ত ৰাখিব লাগিব ?

উত্তৰঃ ভাঁজকেন্দ্ৰত।

(ঘ) লক্ষ্যবস্তুতকৈ আকাৰত ডাঙৰ প্রতিবিম্ব পাবলৈ কি লেন্‌ছৰ কোন অৱস্থানত বস্তুটো ৰাখিব লাগিব ?

উত্তৰ: ভাঁজকেন্দ্ৰ আৰু ফ’কাছৰ মাজত।

(ঙ) লক্ষ্যবস্তুতকৈ আকাৰত সৰু আৰু অসৎ প্ৰতিবিম্ব পাবলৈ কি লেন্‌ছ ব্যৱহাৰ কৰিবা ?

উত্তৰ: অৱতল লেন্‌ছ।

১০। সত্য নে অসত্য কোৱা :

(ক) উত্তল লেন্‌ছে অসৎ প্রতিবিম্ব গঠন কৰিব পাৰে।

উত্তৰ: অসত্য।

(খ) অৱতল লেন্‌ছে সৎ প্রতিবিম্ব গঠন কৰিব পাৰে ৷

উত্তৰ: অসত্য।

(গ) অসীম দূৰত্বত অৱস্থিত লক্ষ্যবস্তুৰ প্ৰতিবিম্ব নাভিত গঠিত হয়।

উত্তৰঃ সত্য।

(ঘ) উত্তল লেন্‌ছক অপসাৰী লেন্‌ছ বোলা হয়।

উত্তৰ: অসত্য।

(ঙ) প্ৰতিখন লেন্‌ছৰ দুয়োফলে দুটা ফ’কাছ বিন্দু থাকে।

উত্তৰ: অসত্য।

See Next Page No Below…

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top