Niketan Class 8 Science Chapter 15 কিছুমান প্রাকৃতিক পৰিঘটনা

Niketan Class 8 Science Chapter 15 কিছুমান প্রাকৃতিক পৰিঘটনা is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 8 Science Chapter 15 কিছুমান প্রাকৃতিক পৰিঘটনা and select need one.

Niketan Class 8 Science Chapter 15 কিছুমান প্রাকৃতিক পৰিঘটনা

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 8 Science Chapter 15 কিছুমান প্রাকৃতিক পৰিঘটনা Solutions for All Subjects, You can practice these here…

কিছুমান প্রাকৃতিক পৰিঘটনা

Chapter – 15

বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS

১। শুদ্ধনে অশুদ্ধ লিখা:

(ক) ঘৰ্ষণৰ ফলত সৃষ্টি হোৱা আধানক স্থৈতিক আধান বোলে ৷

উত্তৰঃ শুদ্ধ।

(খ) এটা আহিত বস্তুৰ পৰা ভূমিলৈ আধান স্থানান্তৰক ভূমি সংযোগ বোলে।

উত্তৰঃ শুদ্ধ।

(গ) ভূমিকম্পৰ কথা আগতীয়াকৈ ক’ব পৰা যায়।

উত্তৰঃ অশুদ্ধ।

(ঘ) কাঁচৰ দণ্ড পাটৰ কাপোৰেৰে ঘঁহি পোৱা আধানক ঋণাত্মক আধান বোলে।

উত্তৰঃ অশুদ্ধ।

২। আহিত বস্তু এটা হাতেৰে চুলে বস্তুটোৱে কিয় আধান হেৰুৱাই ব্যাখ্যা কৰা।

উত্তৰঃ আহিত বস্তু এটা হাতেৰে চুলে বস্তুটোৱে আধান হেৰুৱাই পেলায়। ইয়াৰ কাৰণ হ’ল আমাৰ দেহৰ মাজেৰে বস্তুটোত থকা আধান ভূমিলৈ গুচি যায়। অর্থাৎ আমি ক’ব পাৰো যে বস্তুটো অনাহিত হ’ল। আহিত বস্তু এটাৰ পৰা ভূমিলৈ আধান স্থানান্তৰক ভূমি-সংযোগ বোলে।

৩। ভূমিকম্পৰ ধ্বংস কাৰী শক্তি জোখা স্কেল ডালৰ নাম লিখা। এই স্কেলত পোৱা   7 ৰ ওপৰৰ ভূমি কম্প ক্ষতিকাৰকনে ?

উত্তৰঃ ভূমিকম্পৰ ধ্বংসকাৰী শক্তি জোখা স্কেল ডালৰ নাম ৰিটাৰ স্কেল। এই ৰিখটাৰ স্কেলত পোৱা 7 বা তাতোধিক প্রাবল্যৰ ভূমি কম্পই জীৱন আৰু সম্পত্তিৰ সাংঘাটিক ক্ষতি কৰিব পাৰে।

৪। বজ্ৰপাতৰ পৰা নিজকে সুৰক্ষিত কৰিব পৰা তিনিটা ব্যৱস্থাৰ আভাস দিয়া।

উত্তৰঃ বজ্ৰপাতৰ পৰা নিজকে সুৰক্ষিত কৰিব পৰা তিনিটা ব্যৱস্থা হ’ল –

(ক) বিজুলী ঢেৰেকণিৰ সময়ত মুক্ত স্থান সুৰক্ষিত নহয়।

(খ) ঢেৰেকণিৰ সময়ত শব্দ শুনিলেই সুৰক্ষিত স্থানলৈ যাব লাগে ৷

(গ) ঢেৰেকণিৰ শব্দ শুনি কিছু সময় ৰৈহে বাহিৰলৈ ওলাব লাগে ৷

৫।   আহিত বস্তু এটা নিৰূপণ কৰিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটো চিত্ৰৰ সহায়ত বৰ্ণনা কৰা ৷

উত্তৰঃ আহিত বস্তু এটা নিৰূপণ কৰিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটোৰ নাম হ’ল বিদ্যু বীক্ষণ যন্ত্র। এই যন্ত্ৰটো সাজিবলৈ প্ৰথমে এটা খালী কাঁচৰ বটল লোৱা হ’ল। বটলৰ মুখতকৈ অলপ ডাঙৰ এটুকুৰা কাঠ বকলা লোৱা হ’ল। মাজত এটা বিন্ধা কৰা হ’ল যাতে এটা কাগজত লগোৱা ক্লিপ তাত সোমায় ।

চিত্ৰ: এটা সৰল বিদ্যুৎ বীক্ষণ যন্ত্র (Eletroscope)

চিত্ৰত দেখুওৱাৰ দৰে ক্লিপটো খুলি লোৱা হ’ল। এলুমিনিয়ামৰ পাতৰ পৰা 4 চে.মি. 1 চে.মি., জোখৰ দুটা টুকুৰা কাটি লোৱা হ’ল। চিত্ৰত দেখুওৱাৰ দৰে দীঘলীয়া টুকুৰা দুটা ক্লিপটোত ওলোমাই দিয়া হ’ল। ক্লিপটো কাঠ বাকলাৰ ঢাকোনখনত সুমুৱাই দিয়া হ’ল যাতে ই লম্বভাৱে থাকে। এটা ৰিফিল আহিত কৰি ক্লিপটোৰ এটা প্ৰান্তত লগাই দিয়া হ’ল। আমি জানো যে ধাতু বিদ্যুতৰ সুপৰিবাহী। সেইবাবে ক্লিপটোৰ মাধ্যমেৰে এলুমিনিয়ামৰ পাতকেইডালে ৰিফিলডালৰ পৰা একে ধৰণৰ আধান আহৰণ কৰে। একে ধৰণৰ আধান প্রাপ্ত পাত দুডালৰ এডালে আনডালক বিকৰ্ষণ কৰিছে আৰু সিহঁত দূৰলৈ গৈছে। কোনো এটা বস্তু আহিত হয়নে নহয় তাক পৰীক্ষা কৰিবৰ বাবে এনে যন্ত্ৰৰ ব্যৱহাৰ কৰা হয়।

৬। অসম ৰাজ্য ভূমিকম্পপ্রৱণ হয় নে ? ভাৰতবৰ্ষৰ ভূমিকম্প প্ৰৱণ তিনিখন ৰাজ্যৰ নাম লিখা।

উত্তৰঃ অসম ৰাজ্য ভূমিকম্পপ্ৰৱণ হয়। ভাৰতবৰ্ষৰ ভূমিকম্প প্রৱণ আন তিনিখন ৰাজ্যৰ নাম হ’ল – কাশ্মীৰ, ৰাজস্থান আৰু মণিপুৰ।

৭। চ্যুতি অঞ্চল কাক বোলে ? এই অঞ্চলত সহজে ভূমিকম্প হয়নে ?

উত্তৰঃ ভূ-ফলকবোৰৰ পৰিসীমাবোৰ দুৰ্বল অঞ্চল হয় য’ত সহজে ভূমিকম্প হয়। দুৰ্বল অঞ্চলবোৰক ভূমিকম্পপ্রৱণ বা চ্যুতি অঞ্চল বোলে। এই অঞ্চলত সহজে ভূমিকম্প হয়।

৮। ভূমি সংযোগ কি । অট্টালিকাত কিয় ভূমিসংযোগ কৰিব লাগে বহলাই লিখা।

উত্তৰঃ এটা আহিত বস্তুৰ পৰা ভূমিলৈ আধান স্থানান্তৰক ভূমিসংযোগ বোলে। বিদ্যুৎ প্রবাহত যিকোনো নিঃসৰণৰ বাবে হোৱা বৈদ্যুতিক আঘাতৰ পৰা ৰক্ষা পাবৰ বাবে অট্টালিকা বা গৃহবোৰত ভূমি সংযোগ কৰা হয়। অর্থাৎ বিদ্যুৎ প্ৰৱাহৰ অবাঞ্চিত ক্ষৰণৰ ফলত হোৱা বৈদ্যুতিক আঘাতৰ পৰা কোনো অট্টালিকা ৰক্ষা কৰিবলৈ তাত ভূমি সংযোগ কৰা হয়।

৯। পৃথিৱীৰ গঠনৰ চিত্ৰ আঁকি বিভিন্ন অংশ সমূহৰ নাম লিখা।

উত্তৰঃ

চিত্ৰ- পৃথিৱীৰ গঠন

১০।  পৃথিৱীৰ ফলকবোৰৰ গতিৰ বিষয়ে চমুকৈ লিখা ৷

উত্তৰঃ পৃথিৱীৰ সু-দূৰতম স্তৰ এটা খণ্ডৰ দ্বাৰা গঠিত নহয়। ই খণ্ডিত প্ৰতিটো খণ্ডকে ফলক বোলে। এই ফলকবোৰ অবিৰতভাৱে গতিশীল। যেতিয়া এখন ফলকে আন এখন ফলকৰ গাত ঘঁহা খায়, নাইবা এখন ফলক আন এখন ফলকৰ খুন্দাত তলত সোমাই যায়, তেতিয়া সেইবোৰ ভূত্বকত আলোড়নৰ সৃষ্টি কৰে, ফলত পৃথিৱীৰ বহিঃপৃষ্ঠত ভূমিকম্প হয়।

অতিৰিক্ত প্রশ্নোত্তৰ

১। শুদ্ধনে অশুদ্ধ লিখা –

(ক) একে জাতীয় আধানে পৰস্পৰ্ক আকৰ্ষণ কৰে।

উত্তৰঃ অশুদ্ধ।

(খ) এডাল আহিত কাঁচৰ দণ্ডই এডাল আহিত প্লাষ্টিক ট্ৰপাইপক আকৰ্ষণ কৰে।

উত্তৰঃ  শুদ্ধ।

(গ) বজ্ৰ নিৰোধক পৰিবাহী দণ্ডই অট্টালিকাক বজ্ৰপাতৰ পৰা ৰক্ষা কৰিব নোৱাৰে।

উত্তৰঃ অশুদ্ধ।

(ঘ) এটুকুৰা পাৰ্টৰ কাপোৰেৰে কাঁচৰ দণ্ড এডাল ঘঁহিলে দণ্ডডাল আৰু কাপোৰ টুকুৰা দুয়ো ধনাত্মক ভাৱে আহিত হ’ব।

উত্তৰঃ অশুদ্ধ।

২। নিজকে সুৰক্ষিত কৰিবৰ বাবে ভূমিকম্পৰ সময়ত ঘৰৰ ভিতৰত অথবা ঘৰৰ বাহিৰত থাকিলে কি কি পদক্ষেপ ল’বা ?

উত্তৰঃ নিজক সুৰক্ষিত কৰিবৰ বাবে ভূমিকম্পৰ সময়ত নিম্নলিখিত ব্যৱস্থা সমূহ ল’ব লাগে –

(ক) যদি ঘৰৰ ভিতৰত থকা হয় –

—    এখন টেবুলৰ তলত আশ্ৰয় ল’ব লাগে আৰু কম্পন বন্ধ নোহোৱা লৈকে তাতে থকা উচিত।

—    গাত বাগৰি পৰিব পৰা ওখ আৰু গধুৰ বস্তুৰ পৰা আঁতৰত থকা উচিত।

–     বিচনাত শুই থাকিলে উঠি নাহি, এটা গাৰুৰে মূৰটো সুৰক্ষিত কৰিব লাগে ৷

(খ) যদি ঘৰৰ বাহিৰত থকা হয় –

—ওখ অট্টালিকা, গছ আৰু বিজুলী তাঁৰযুক্ত খুটা থকা ঠাইৰ পৰা আঁতৰত থাকিব লাগে। মুকলি ঠাইত থাকিলে মাটিত বাগৰি দিব লাগে ।

—  মটৰ গাড়ী বা বাছৰ ভিতৰত থাকিলে বাহিৰলৈ ওলাই আহিব নালাগে। চালকক লাহে লাহে গাড়ী চলাই মুকলি ঠাইলৈ নিবলৈ ক’ব লাগে। কম্পন বন্ধ নোহোৱা লৈকে গাড়ীৰ পৰা নামি আহিব নালাগে ৷

৩। ভূমিকম্পপ্ৰৱণ অঞ্চলত বাস কৰা লোক সকলে নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ কি কি ব্যৱস্থা লোৱা উচিত ?

উত্তৰঃ ভূমিকম্পৰ সময়ত নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ ভূমিকম্প প্ৰতিৰোধী সৰল গৃহ নিৰ্মাণ কৰিব লাগে। পাৰদৰ্শী স্থপত্তি আৰু ভূ-সংৰক্ষণাত্মক অভিযন্তাৰ পৰামৰ্শ ল’ব লাগে।

ভূমিকম্পপ্ৰৱণ অঞ্চল সমূহত মাটি বা কাঠ ব্যৱহাৰ কৰাৰ উপৰিও চালি খন যিমান পাৰি সিমান পাতল কৰিব লাগে ।

 আলমাৰি আৰু শ্বেলফ্‌বোৰ আটখুৱাই লগাব লাগে যাতে সেইবোৰ সহজে পৰি নাযায় ।

ঘৰত আঁৰি থোৱা ঘড়ী, ফটো, পানীৰ হিটাৰ আদি ভূমিকম্পৰ সময়ত যাতে সুলকি নপৰে তাৰ পৰা সাৱধান হ’ব লাগে ।

ভূমিকম্পত যাতে জুই নালাগে সেই কাৰণে গৃহ বা ওখ আট্টালিকাবোৰত কাৰ্যকৰী অগ্নি নির্বাপক সঁজুলি ৰাখিব লাগে।

৪। ভূ-কম্পী তৰংগ কাক বোলে ? এই ভুকম্পী তৰংগৰ লিপি বদ্ধ হোৱা সজুঁলি বিধৰ নাম কি আৰু কিদৰে ভু-কম্পী তৰংগ সমূহ এই যন্ত্ৰত লিপিবদ্ধ হয় লিখা।

উত্তৰঃ ভূমিকম্পই ভু-পৃষ্ঠত তৰংগৰ সৃষ্টি কৰে ৷ এইবোৰক ভূ-কম্পী তৰংগ বোলে ৷ এই তৰংগবোৰ ভূ-কম্প অভিলেখন যন্ত্র বা ছিছম’গ্ৰাফ নামৰ এটা সঁজুলিত লিপিবদ্ধ হৈ থাকে। এই সঁজুলিটো এডাল কম্পনশীল দণ্ড বা এটা দোলক, যি ভূমি কম্প অহাৰ লগে লগে দুলিবলৈ আৰম্ভ কৰে। এই কম্পন প্রণালীটোত এটা কলম সংলগ্ন হৈ থাকে। কলমটোৱে ইয়াৰ তলত থকা কাগজ এখিলাত ভূমিকম্প। তৰংগবোৰ লিপিবদ্ধ কৰে। এই তৰংগবোৰ অধ্যয়ন কৰি বৈজ্ঞানিক সকলে ভূমিকম্প এখন সম্পূর্ণ মানচিত্র গঠন কৰিব পাৰে।

৫। ভাৰতত হোৱা দুটা ডাঙৰ ভূমিকম্পৰ বিষয়ে লিখা।

উত্তৰঃ  2001 চনৰ 26 জানুৱাৰী তাৰিখে ভাৰতবৰ্ষৰ গুজৰাটৰ ভুজ জিলাত আৰু 2005 চনৰ 8 অক্টোবৰ তাৰিখে কাশ্মীৰৰ উৰি আৰু টাংধৰ টাউনত দুটা ডাঙৰ ভূমিকম্প হৈছিল।

৬। বিজুলী ঢেকেনিৰ সময়ত ঘৰৰ ভিতৰত ল’ব লগীয়া সুৰক্ষা ব্যৱস্থাৰ বিষয়ে লিখা।

উত্তৰঃ বিজুলি ঢেৰেকনিৰ সময়ত ঘৰৰ ভিতৰত ল’ব লগীয়া সুৰক্ষা ব্যৱস্থা সমুহ হ’ল বিজুলী ঢেৰেকণিৰ সময়ত দুৰ্ভাষৰ, বিদ্যুতৰ তাৰ আৰু ধাতুৰ পাইপ আদিত বজ্ৰপাত পৰিব পাৰে ৷ সেইবাবে বিজুলী ঢেৰেকণী আৰু ধুমুহাত এইবোৰৰ সংস্পৰ্শৰ পৰা ব্যাহত থাকিব লাগে। তাৰ যুক্ত ফোনৰ সলনি ম’বাইল ফোন বা তাৰ বিহীন ফোন ব্যৱহাৰ কৰাটো সুৰক্ষিত।

পানীৰ সংস্পৰ্শলৈ বিদ্যুৎ আহি পৰে বাবে বিজুলী ঢেৰেকনিৰ ধুমুহাত গা ধুব নালাগে।

বৈদ্যুতিক সজুলি যেনে – কম্পিউটাৰ, টেলিভিছন আদিৰ প্লাগ খুলি থ’ব লাগে। 

বৈদ্যুতিক বাল্বে কোনো অন্যায়ন কৰে বাবে সেইবোৰ জ্বলি থাকিব পাৰে ৷

৭। ভূমিকম্প কিহৰ কাৰণে হয় ?

উত্তৰঃ পৃথিৱীৰ খোলাৰ শীৰ্ষতম স্তৰৰ গভীৰতাত হোৱা আলোড়নৰ বাবে কম্পন হয় আৰু ফলত পৃথিৱীৰ বহিঃপৃষ্ঠত ভূমিকম্প হয়। আগ্নেয়গিৰি উদ্‌গীৰণ, পৃথিৱীৰ সৈতে উল্কাপিণ্ডৰ সংঘাত বা ভূ-গৰ্ভত সংগঠিত কৰা পাৰমাণৱিক বিষ্ফোৰণৰ ফলত ভূমিকম্পৰ সৃষ্টি হ’ব পাৰে ৷

৮। বিজুলী পৰিবাহীয়ে কিদৰে আমাক সুৰক্ষা দিয়ে ?

উত্তৰঃ অট্টালিকা ব্ৰজপাতৰ প্ৰভাৱ নপৰিবলৈ বিজুলী পৰিবাহীৰ ব্যৱস্থা কৰা হয়। অট্টালিকা বা গৃহতকৈ ওখ এটা ধাতব দণ্ড ঘৰৰ বেৰত লগোৱা হয়। দণ্ডডালৰ এটা প্রান্ত ঘৰৰ ওপৰত ওলোমাই থাকে আৰু আনটো প্রান্ত মাটিৰ তলত পোত খাই থাকে। এই দণ্ডডালৰ মাজেৰে বৈদ্যুতিক আধান মাটিৰ তললৈ যাব পাৰে। গৃহ নিৰ্মাণৰ সময়ত ব্যৱহাৰ কৰা ধাতুৰ খুটা, বৈদ্যুতিক তাৰ আৰু পানীৰ পাইপবোৰেও আমাক কিছু পৰিমাণে সুৰক্ষিত কৰে।

৯। বিজুলী বজ্ৰপাতৰ সময়ত সুৰক্ষিত স্থানৰ কিদৰে বিচাৰ কৰিবা ?

উত্তৰঃ  বিজুলী বজ্ৰপাতৰ সময়ত সুৰক্ষিত স্থান – গৃহ বা অট্টালিকা সুৰক্ষিত স্থান।

মটৰ গাড়ী বা বাছেৰে যাত্ৰা কৰি থাকিলে দৰজা, খিড়িকি বন্ধ কৰি থ’ব লাগে ৷

ধুমুহা ঢেৰেকনিৰ সময়ত খোলা বাহন, ট্ৰেক্টৰ নিৰ্মাণৰ কাৰ্যত ব্যৱহৃত যন্ত্ৰ আদি সুৰক্ষিত নহয়, মুকলি পথাৰ, ওখ গছ, চালি বা আন ওখ স্থানবোৰে বিজুলী বজ্ৰপাতৰ পৰা আমাক সুৰক্ষিত নকৰে, এনে সময়ত ছাতিলৈ যোৱাটো একে বাৰে সমীচিন নহয়।

অৰণ্যত থাকিলে চাপৰ গছৰ তলত আশ্ৰয় ল’ব লাগে ।

খুটা বা ধাতুৰ আন বস্তুৰ পৰা দুৰৈত থকা উচিত। মাটিত শুই নিদি আঠু কাঢ়ি বহিব লাগে। হাতদুখন আঠুত থৈ তাত মুৰ থ’ব লাগে। এই অৱস্থানে বজ্ৰপাতৰ লক্ষ্যৰ পৰা আঁতৰাই ৰাখিব।

১০।  বিদ্যুৎ অনহিতকৰণৰ প্ৰক্ৰিয়াৰ বিষয়ে ব্যাখ্যা কৰা।

উত্তৰঃ আমি জানো যে, বিজুলী ঢেৰেকনিৰে ভৰা ধুমুহা সৃষ্টি হলে বায়ুৰ সোঁত ওপৰলৈ আৰু পানীৰ টোপালবোৰ তললৈ গতি কৰে। এই প্রবল গতিয়ে আধানবোৰ পৃথক কৰে। এইটো জনা যায় যে ধনাত্মক আধানবোৰ মেঘৰ ওপৰৰ ভাগত আৰু ঋণাত্মক আধানবোৰ নিম্নভাগত পুঞ্জিভূত হয়। পুঞ্জিভূত আধানৰ প্ৰাৱল্য যেতিয়া অতি বেছি হয় তেতিয়া সাধাৰণতে বিদ্যুতৰ নিম্ন পৰিবাহক বায়ুয়ে সিহঁতৰ গতিৰোধ কৰিব নোৱাৰে। ধনাত্মক আৰু ঋণাত্মক আধান মিলিতহৈ উজ্জ্বল পোহৰৰ ৰেখা আৰু শব্দৰ সৃষ্টি হয় আৰু আমি বিজুলীৰ ৰেখা দেখোঁ। এই প্রক্রিয়াটোক বিদ্যুৎ অনাহিত কৰণ বোলে। এটুকুৰা বা অধিক মেঘৰ মাজত নাইবা মেঘ আৰু ভুমিৰ মাজত বিদ্যুৎ অনাহিত প্ৰক্ৰিয়া হ’ব পাৰে। অনাহিতকৰণ প্ৰক্ৰিয়াৰে সৃষ্টি হোৱা বিজুলীয়ে বায়ুমণ্ডল অতিক্ৰম কৰি ভূ-পৃষ্ঠ স্পৰ্শ কৰাকে বজ্ৰপাত পৰা বুলি কোৱা হয়।

১১।  ভাৰতীয় পৃথিৱীৰ ফলক সমূহৰ নাম উল্লেখ কৰা।

উত্তৰঃ ইউৰেচীয় ফলক, তিব্বতীয় ফলক, হিমালয়, গংগাৰ সমতল, মাউন্ট এভাৰেষ্ট, ভাৰতীয় ফলক, ভাৰত মহাসাগৰ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top