Niketan Class 8 Science Chapter 10 কৈশোৰ প্ৰাপ্তি

Niketan Class 8 Science Chapter 10 কৈশোৰ প্ৰাপ্তি is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 8 Science Chapter 10 কৈশোৰ প্ৰাপ্তি and select need one.

Niketan Class 8 Science Chapter 10 কৈশোৰ প্ৰাপ্তি

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 8 Science Chapter 10 কৈশোৰ প্ৰাপ্তি Solutions for All Subjects, You can practice these here…

কৈশোৰ প্ৰাপ্তি

Chapter – 10

বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS

১। দেহৰ পৰিবৰ্তনৰ সময়ত অন্তঃস্ৰাৱী গ্ৰন্থিবোৰৰ নিঃসৰণক কি বোলে ?

উত্তৰ: দেহৰ পৰিবৰ্তনৰ সময়ত অন্তঃস্রাবী গ্রন্থিবোৰৰ নিঃসৰণক হ’ৰম’ন বোলে ৷

২। কৈশোৰ প্ৰাপ্তিৰ সংজ্ঞা লিখা।

উত্তৰ: কৈশোৰ প্ৰাপ্তিঃ মানুহৰ জীৱনৰ যিটোত দেহটোৰ পৰিবৰ্তন হৈ প্ৰজননক্ষম অৱস্থা আহৰণ কৰে তাক কৈশোৰ প্রাপ্তি বোলে।

৩। ঋতুস্ৰাৱ কি ? বহলাই লিখা।

উত্তৰঃ ঋতুস্ৰাৱ হৈছে কৈশোৰ প্ৰাপ্তিৰ সময়ৰ পৰা ছোৱালী মানুহৰ 28-30 দিনৰ মূৰে মূৰে হোৱা ৰক্তক্ষৰণ ৷

মাইকী মানুহৰ প্ৰজননক্ষম দশা যৌৱনাৰম্ভ আৰম্ভ হয় 10-12 বছৰ বয়সত আৰু সাধাৰণতে 45-50 বছৰ বয়সলৈকে থাকে। যৌৱনাৰম্ভত ডিম্বাণু পৰিপক্ক হয়। প্রায় 28-30 দিনৰ ভিতৰত এটা ডিম্বাণু পৰিপক্ক হৈ এটা ডিম্বাশয়ৰ পৰা ওলাই আহে। এই সময়ত যদি ডিম্বাণুটো নিষেচিত হয় তেতিয়া জৰায়ুৰ বেৰখন ডাঠ হয় যাতে ডিম্বাণুটো জৰায়ুৰ অভ্যন্তৰত ৰাখিব পাৰে আৰু বিকাশ আৰম্ভ হ’ব পাৰে। ইয়াৰ ফলত গৰ্ভধাৰণ হয় ৷ যদি ডিম্বাণুটো নিষেচিত নহয় তেতিয়া ডিম্বাণুটো ৰক্তনলীসমূহ আৰু জৰায়ুত গঠন হোৱা ডাঠ ত্বকখনৰ সৈতে বাহিৰ ওলাই আহে ৷ ইয়াৰ বাবে মাইকী মানুহৰ ৰক্তক্ষৰণ হয়। আৰু যাক ঋতুস্ৰাৱ বোলে ৷  ঋতুস্ৰাৱ প্ৰায় 28-30 দিনৰ মূৰে মুৰে হয়। 45-50 বছৰ বয়সত মাহেকীয়া ঋতুস্ৰাৱ চক্র বন্ধ হয় ৷

৪। যৌৱনাৰম্ভত হোৱা দেহৰ পৰিবৰ্তন সমূহৰ তালিকা প্ৰস্তুত কৰা ৷

উত্তৰ: যৌৱনাৰম্ভত হোৱা পৰিৱৰ্তন সমূহৰ ভিতৰত উচ্চতা, দেহৰ আকৃতিৰ পৰিৱৰ্তন, যৌন লৈংগিক পৰিবৰ্তন আদিয়েই প্রধান। 

পৰিবৰ্তন সমূহৰ তালিকা তলত দিয়া হ’ল – শৰীৰৰ পৰিৱৰ্তন সমূহ

(ক) উচ্চতা

(খ) দেহৰ আকৃতি পৰিৱৰ্তন

(গ) গৌণলিংগৰ বিকাশ ছোৱালী প্ৰথম অৱস্থাত ল’ৰাবোৰতকৈ ছোৱালীবোৰ সোনকালে বাঢ়ে আৰু পিছলৈ বৃদ্ধি লাহে লাহে হয়।ছোৱালীৰ কঁকালৰ তলৰ অংশ বহল হ’বলৈ ধৰে ৷ ছোৱালীবোৰৰ স্তনৰ বিকাশ হয় । বাহুৰ তলত আৰু গুপ্তাংগ প্ৰদেশত নোম গজে। প্ৰথম অৱস্থাত ল’ৰাবোৰৰ উচ্চতা বৃদ্ধি লাহে লাহে হয় আৰু পিছলৈ সোণকালে বৃদ্ধি হয় কান্ধ আৰু বুকু ডাঙৰ আৰু বহল হয়। দেহৰ মাংস- পেশীবোৰ অধিক মোটা আৰু প্ৰকট হৈ পৰে। ল’ৰাৰ ডাঢ়ি-গোফঁ আদি গজিবলৈ লয়। বুকুত নোম গজে, বাহুৰ তলত আৰু গুপ্তাংগ প্ৰদেশত নোম গজে।

৫। অন্তঃস্ৰাৱী গ্ৰন্থি আৰু সিহঁতে নিঃসৰণ কৰা হ’ৰমনৰ দুটা স্তম্ভ থকা এখন তালিকা প্ৰস্তুত কৰা।

উত্তৰ: ক্রমিকনং অন্তঃস্রাবী গ্রন্থি পিটুইটাৰী গ্ৰন্থি থাইৰইড গ্ৰন্থি অগ্নাশয় গ্রন্থি এড্রিনেল গ্রন্থি নিঃসৰিত হৰম’ন ট্ৰেষ্ট’ষ্টেৰণ বা পুংহৰম’ন, ইষ্ট্ৰ’জেন বা স্ত্রী হৰম’ন আৰু বৃদ্ধি হ’ৰমন থাইৰক্সিন হৰম’ন! ইনচুলিন হৰম’ন। এড্রিনেলিন হৰম’ন ৷

তালিকাঃঅন্তঃস্রারী গ্রন্থিসমূহ আৰু সিহঁতে নিঃসৰণ কৰা হ’ৰম’ন

৬। লৈংগিক হৰম’ন কি ? সেইবোৰক কিয় এনেদৰে নামকৰণ কৰা হয় ? সিহঁতৰ কাৰ্য লিখা ৷

উত্তৰঃ যিবোৰ হৰম’ন পুং আৰু স্ত্ৰী লৈংগিক চৰিত্ৰৰ বিকাশত জড়িত সেইবোৰ হৰম’নক লৈংগিক হৰম’ন বোলে। 

এই হ’ৰমনবোৰ হ’ল – টেষ্ট’ষ্টেৰণ বা পুং হৰম’ন আৰু ইষ্ট্ৰ’জেন বা স্ত্রী হৰম’ন । সিহঁতক এনেদৰে নামকৰণ কৰাৰ কাৰণ হ’ল – শুক্রাশয়ে পুং, লৈংগিক হ’ৰম’ন আৰু ডিম্বাশয়ে স্ত্রী লৈংগিক হৰম’ন নিঃসৰণ কৰে ৷ 

এই হৰম’ন সমুহে ডিম্বাশয়ত ডিম্বাণু আৰু শুক্রাশয়ত শুক্রাণু পূৰঠ কৰে ।

৭। শুদ্ধ উত্তৰ বাচি উলিওৱা।

(ক) কিশোৰ কিশোৰী সকল খাদ্যৰ প্ৰতি সাৱধান হ’ব লাগে, কাৰণ

(১) সঠিক আহাৰে মগজু বিকাশ ঘটায় ৷

(২) দেহৰ দ্ৰুত গতিত বৃদ্ধিৰ বাবে সঠিক আহাৰৰ প্ৰয়োজন

(৩) কিশোৰ-কিশোৰীৰ সোনকালে ভোক লাগে।

(৪) কিশোৰ-কিশোৰীৰ স্বাদ বা দুবোৰ বিকশিত।

উত্তৰঃ (২) দেহৰ দ্ৰুত গতিত বৃদ্ধিৰ বাবে সঠিক আহাৰৰ প্ৰয়োজন।

(খ) স্ত্রীত প্রজনন কাল আৰম্ভ হয় যেতিয়া তেওঁলোকৰ

(১) ঋতু চক্ৰ আৰম্ভ হয়।

(২) স্তনৰ বিকাশ হয়।

(৩) দেহৰ ওজন বাঢ়ে।

(৪) উচ্চতা বাঢ়ে।

উত্তৰ: (১) ঋতু চক্ৰ আৰম্ভ হয়।

(গ) কিশোৰ-কিশোৰীৰ সঠিক আহাৰ হৈছে

(১) চিপ্‌ছ, চাওমিন, কোকোকোলা।

(২) ৰুটি, ডাইল, শাক-পাচলি।

(৩) ভাত, চাওমিন, বাৰ্গাৰ।

(৪) কাট্‌লেট, চিপ্‌ছ, আৰু নেমুৰ চৰবত ৷

উত্তৰঃ (২) ৰুটি, ডাইল, শাক-পাচলি ৷

৮। টোকা লিখা –

(ক) ঘটিকা,

(খ) গৌণ লৈংগিক বৈশিষ্ট্যসমূহ

(গ) লিংগ নিৰ্দ্ধাৰণ।

উত্তৰ : (ক) ঘটিকাঃ যৌৱনাৰম্ভৰ সময়ত ল’ৰাবোৰৰ স্বৰযন্ত্ৰৰ আকাৰ বৃদ্ধি হ’বলৈ ধৰে ৷ ছোৱালীবোৰৰ স্বৰযন্ত্ৰটো বাহিৰৰ পৰা দেখা নাযায় কাৰণ ইয়াৰ আকাৰ সৰু । ল’ৰাৰ বৰ্দ্ধিত স্বৰযন্ত্ৰ গ্ৰীবা অঞ্চলত বাহিৰলৈ বাঢ়ি অহা এটা অংশ হিচাপে দেখা যায়। এই অংশক ডিঙিৰ ঘটিকা বা কণ্ঠনলী বোলা হয়। কৈশোৰ প্ৰাপ্ত ল’ৰাৰ বাঢ়ি থকা স্বৰযন্ত্ৰৰ পেশী নিয়ন্ত্রণত নাথাকে আৰু তেতিয়া মাতবোৰ কৰ্কশ হয়।

(খ) গৌণ লৈংগিক বৈশিষ্ট্য সমূহঃ আমি জানো যে শুক্রাশয় আৰু ডিম্বাশয় জনন অংগ। এই অংগসমূহে যথাক্রমে শুক্রাণু আৰু ডিম্বাণু নামৰ জনন কোষ উৎপন্ন কৰে ৷ যৌৱনাৰম্ভত ছোৱালীবোৰৰ স্তনৰ বিকাশ হয় আৰু ল’ৰাৰ মুখ মণ্ডলত ডাঢ়ি, গোঁফ আদি গজিবলৈ আৰম্ভ হয়। এই লক্ষণসমূহৰ দ্বাৰা ল’ৰা আৰু ছোৱালীৰ মাজত প্ৰাৰ্থক্য নিৰ্দ্ধাৰণ কৰিব পাৰি বাবে এই চৰিত্ৰ সমূহক গৌণ লৈংগিক বৈশিষ্ট্য বোলে। ল’ৰাবোৰৰ বুকু অংশত নোম গজে। ল’ৰা-ছোৱালী উভয়ৰে বাহুৰ তলত আৰু গুপ্তাংগ প্ৰদেশত নোম গজে।

(গ) লিংগ নিৰ্দ্ধাৰণ : নিষিক্ত ডিম্বাণু যোজন কোষেই কেচুৱাটোৰ লিংগ কি হ’ব সেইটোৰ সংকেত দিয়ে। নিষিক্ত ডিম্বাণুৰ ভিতৰত থকা সূতাৰ নিচিনা আকৃতিযুক্ত গঠন, যাক ক্রমজম বোলা হয়, এই সংকেতবোৰ থাকে । তাতেই এই নিদের্শনাবোৰ দিয়া থাকে। প্রতিটো কোষৰ কোষকেন্দ্ৰত এই ক্ৰমজ’মবোৰ থাকে। সকলো মানুহৰে কোষৰ কোষ কেন্দ্ৰত 23 যোৰ ক্ৰমজম থাকে। ইয়াৰে দুডাল অর্থাৎ এযোৰ ক্ৰমজমক X আৰু Y বা লিংগ ক্রমজম বোলে। এগৰাকী মহিলাৰ দুডাল X ক্ৰমজ’ম থাকে। 

আনহাতে এজন পুৰুষৰ এডাল X আৰু এডাল Y ক্রমজ’ম থাকে। জনন কোষবোৰত ( ডিম্বাণু আৰু শুক্রাণু ) কেৱল এটা লিংগ ক্ৰমজ’ম থাকে। এটা অনিষেচিত ডিম্বাণুত সদায়েই এডাল X ক্রমজম থাকে। শুক্রাণুবোৰ আকৌ দুই প্রকাৰৰ, এক প্ৰকাৰত এডাল X ক্রমজ’ম আৰু আনটো প্ৰকাৰত এডাল Y ক্রমজম থাকে। যেতিয়া X ক্ৰমজ’ম থকা এটা শুক্রাণুৱে এটা ডিম্বাণু নিষিক্ত কৰে তেতিয়া যোজন কোষটোৰ দুডাল X ক্রমজ’ম (XX) থাকে। এইটো যোজন কোষৰ পৰা এটি ছোৱালী সন্তান বিকশিত হ’ব। যদি Y ক্ৰম’জ’ম থকা শুক্রাণুৱে এটা ডিম্বাণু নিষিক্ত কৰে তেতিয়া তাৰ পৰা নিষিক্ত হোৱা যোজনকোষটোৰ দুডাল ক্ৰমজ’ম X আৰু Y (XY) থাকে আৰু এইটো যোজন কোষৰ পৰা এটি ল’ৰা সস্তান বিকশিত হ’ব। 

গতিকে, ইয়াৰ পৰা এইটো জনা গ’ল যে দেউতাকৰ লিংগ ক্ৰমজ’মে সন্তানৰ লিংগ নিৰ্ধাৰণ কৰে।

৯। খালী ঠাই পূৰ্ণ কৰা –

(ক) মগজুৰ লগত সংলগ্ন অস্তস্রাবী গ্রন্থি —— গ্ৰন্থি।

উত্তৰ: পিটুইটাৰী ।

(খ) অগ্নাশয়ে নিঃসৰণ কৰা হৰম’নক —— বোলে।

উত্তৰ: ইনচুলিন ।

(গ) এঘাৰ বছৰৰ পৰা ঊনৈশ বছৰৰ ল’ৰা ছোৱালীক —— বোলে ৷

উত্তৰ: কিশোৰ –কিশোৰী ।

(ঘ) পলুৰ পৰা প্ৰাপ্ত বয়স্কলৈ হোৱা পৰিৱৰ্তনক —— বোলে।

উত্তৰ: কায়াস্তৰণ ।

(ঙ) থাইৰক্সিন হৰম’নৰ উৎপাদনৰ বাবে —— প্ৰয়োজন ৷

উত্তৰ: আয়ডিনৰ ।

১০। চমু টোকা লিখাঃ

(ক) ৰজোদৰ্শন

(খ) বজোবন্ধ

(গ) যৌৱনাৰম্ভ

উত্তৰঃ (ক) ৰজোদৰ্শনঃ কৈশোৰ প্ৰাপ্তিৰ সময়ত ছোৱালীৰ প্ৰথমবাৰলৈ হোৱা ঋতুস্ৰাৱকৰ ৰজোদৰ্শন বোলে ৷ এই ৰজোদৰ্শন সাধাৰণতে 10-12 বছৰ বয়সত হয় আৰু সেই সময়ৰ পৰাই প্ৰজননক্ষম দশা আৰম্ভ হয়।

(খ) ৰজোবন্ধ (Menopause) : ছোৱালী মানুহৰ প্ৰজননক্ষম দশা যৌৱনাৰম্ভ হয় 10-12 বছৰ বয়সত। এই সময়ৰ পৰাই মাহেকীয়া ঋতুচক্ৰ আৰম্ভ হয়। এই ঋতু চক্ৰত 28-30 দিনৰ মূৰে মূৰে ঋতুস্ৰাৱ হয়। 45 ৰ পৰা 50 বছৰ বয়সত মাহেকীয়া ঋতুস্ৰাৱ চক্র বন্ধ হয়। ঋতুস্ৰাৱ বন্ধ হোৱাকে ৰজোবদ্ধ বোলে। এই সময়ৰ পৰাই প্রজননক্ষমতা নোহোৱা হয়।

(গ) যৌৱনাৰম্ভঃ ল’ৰা-ছোৱালীৰ কৈশোৰ প্ৰাপ্তিৰ সময়ত দেহত কেইবাটাও পৰিবৰ্তনে দেখা দিয়ে এই পৰিৱৰ্তনে যৌৱনাৰম্ভৰ সূত্ৰপাত কৰে ৷ এই সময়তে ল’ৰা-ছোৱালীবোৰ প্ৰজনন ক্ষম হয়। এই সময়ত উচ্চতাৰ বৃদ্ধি হয়, ল’ৰাৰ মাতৰ পৰিবৰ্তন হয়, ঘৰ্ম আৰু তৈল গ্ৰন্থিৰ ক্ৰিয়া বৃদ্ধি হয়। জনন অংগ সমুহৰ বিকাশ হয় । 

কিশোৰ-কিশোৰী সকল আগতকৈ অধিক স্বাধীন আৰু আত্মসচেত নহয়। তেওঁলোকৰ বৌদ্ধিক বিকাশ হয়। যৌৱনাৰম্ভত গৌণ লৈংগিক বৈশিষ্ট্যসমূহ প্রকাশ পায়। ছোৱালীবোৰৰ স্তনৰ বিকাশ হয় আৰু ল’ৰাবোৰৰ ডাঢ়ি, গোফ আদি গজিবলৈ ধৰাৰ লগতে বুকুত নোম গজে। ল’ৰা-ছোৱালী উভয়ৰে বাৰ তলত আৰু গুপ্তাংগ প্ৰদেশত নোম গজে।

অতিৰিক্ত প্রশ্নোত্তৰ

১। পিটুইটাৰী গ্ৰন্থিৰ কাম কি আৰু ক’ত থাকে ? এইবিধ গ্রন্থিয়ে উৎপাদন নিয়ন্ত্ৰণ কৰা দুবিধ লৈংগিক হ’ৰম’নৰ নাম লিখা।

উত্তৰঃ পিটুইটাৰী গ্ৰন্থিয়ে বৃদ্ধি হ’ৰ’মন নিঃসৰণ কৰে আৰু আন গ্ৰন্থিসমূহৰ যেনে – শুক্রাশয়, ডিম্বাশয়, থাইৰইড আৰু এড্ৰিনেল গ্ৰন্থিৰ হৰম’ন নিঃসৰণ নিয়ন্ত্ৰণ কৰা হৰম’নো নিঃসরণ কৰে। পিটুইটাৰী গন্থিৰ মস্তিস্কৰ লগত সংলগ্ন হৈ থাকে। এই বিধ গ্রন্থিয়ে উৎপাদন নিয়ন্ত্ৰণ কৰা পুং হ’ৰমন টেষ্ট’টেৰণ আৰু স্ত্ৰীলৈংগিক হৰম’ন এষ্ট্রজেন।

২। মানুহৰ মধুমেহ ৰোগ কিহৰ বাবে হয়। .

উত্তৰ: অগ্নাশয়ে যেতিয়া পর্যাপ্ত পৰিমাণে ইনচুলিন হৰম’ন নিঃসৰণ কৰিব নোৱাৰে তেতিয়া মানুহৰ মধুমেহ ৰোগ হয়।

৩। গৰল ৰোগ কাক বোলে ? এই ৰোগ কিহৰ বাবে হয় ?

উত্তৰঃ মানুহৰ গ্ৰীবাটো কেতিয়াবা টেমুনাৰ দৰে ফুলি উঠে। ইয়াকে গৰল ৰোগ বোলে ৷ যেতিয়া থাইৰইড গ্ৰন্থিয়ে থাইৰক্সিন হৰমন পর্যাপ্ত পৰিমাণে উৎপন্ন কৰিব নোৱাৰে তেতিয়া এইৰোগ বিধ হয় ৷

৪। এড্রিনেল গ্রন্থিয়ে নিঃসৰণ কৰা হৰম’ন বিধৰ নাম কি আৰু এই হৰম’ন বিধৰ কাৰ্য কি ?

উত্তৰঃ এড্রিনেল গ্রন্থিয়ে নিঃসৰণ কৰা হৰম’ন বিধৰ নাম হ’ল এড্রিনেলিন। 

এই হৰম’নে তেজৰ লৱণৰ সঠিক ভাৰসাম্য ৰক্ষা কৰে। যেতিয়া কাৰোবাৰ খুব খং উঠে, বিব্রত হয় বা চিন্তিত হয় তেতিয়া এই হৰম’নে মানসিক চাপৰ সমন্বয় ৰক্ষা কৰে ।

৫। কেঁচুৱাৰ লিংগ কি দৰে নিৰ্দ্ধাৰিত হয় ব্যাখ্যা কৰা।

উত্তৰঃ নিষেচনৰ ফলত নিষিক্ত হোৱা ডিম্বাণু বা যোজন কোষটোৰ ভিতৰত কেঁচুৱাৰ লিংগ নিৰ্দ্ধাৰণ সংকেত থাকে। নিষেচিত ডিম্বাণুটোত থকা সুতা সদৃশ গঠন, যাক ক্ৰম’জ’ম বোলা হয়, তাত এই সংকেত থাকে। সকলো মানুহৰে কোষৰ কোষকেন্দ্ৰত 23 যোৰ ক্ৰমজ’ম থাকে। ইয়াৰে দুডাল অর্থাৎ এযোৰ ক্ৰমজ’মক লিংগ ক্ৰমজ’ম বোলে আৰু সিহঁতক X আৰু হিচাপে নামকৰণ কৰা হয়। এগৰাকী মহিলাৰ দুডাল X ক্ৰমজম থাকে। 

আনহাতে এজন পুৰুষৰ এডাল X আৰু এডাল Y ক্রমজ’ম থাকে। জনন কোষবোৰত ( ডিম্বাণু আৰু শুক্রাণু ) কেৱল এটা লিংগ ক্ৰমজ’ম থাকে। এটা অনিষেচিত ডিম্বাণুত সদায়েই এডাল X ক্রমজ’ম থাকে। শুক্রাণুবোৰ আকৌ দুই প্ৰকাৰৰ এক প্ৰকাৰত এডাল X ক্ৰমজ’ম আৰু আনটো প্ৰকাৰত এডাল Y ক্রমজ’ম থাকে। যেতিয়া X ক্ৰমজ’ম থকা এটা শুক্রাণুৱে এটা ডিম্বাণু নিষিক্ত কৰে তেতিয়া যোজন কোষটোৰ দুডাল X ক্রমজ’ম (XX) থাকে। এইটো যোজন কোষৰ পৰা এটি ছোৱালী সন্তান বিকশিত হ’ব। যদি শুক্রাণুটোত Y ক্রম’জ’ম থাকে তেন্তে ডিম্বাণুটো নিষিক্ত হ’লে যোজন কোষৰ পৰা এটা ল’ৰা সন্তান বিকশিত হ’ব। অর্থাৎ দেউতাকৰ লিংগ ক্ৰম’জ’মে সস্তানৰ লিংগ নিৰ্দ্ধাৰণ কৰে ৷

৬। প্রজনন কাৰ্যত হৰম’নৰ ভূমিকাৰ বিষয়ে ব্যাখ্যা কৰা ৷

উত্তৰঃ অন্তঃস্রাৱী গ্রন্থিসমূহে দেহৰ এটা নির্দিষ্ট অংশলৈ বা লক্ষ্যস্থানলৈ তেজৰ প্রবাহত হ’ৰমনবোৰ পঠিয়াই দিয়ে। লক্ষ্য স্থানে হৰম’নৰ প্ৰতি সঁহাৰি জনায়। দেহত বহুতে অন্তঃস্রাৱী বা নলীহীন গ্রন্থি আছে। শুক্রাশয় আৰু ডিম্বাশয়ে লৈংগিক হৰম’ন নিঃসৰণ কৰে। এই হৰম’ন বোৰ পুং আৰু স্ত্রী লৈংগিক চৰিত্ৰৰ বাবে জগৰীয়া। তদুপৰি লৈংগিক হৰম’নবোৰ পিটুইটাৰী গ্ৰন্থিৰ হৰম’নৰ দ্বাৰা নিয়ন্ত্রিত। পিটুইটাৰী গ্ৰন্থিয়ে বহুত হৰম’ন নিঃসৰণ কৰে তাৰে এবিধে ডিম্বাশয়ত আৰু শুক্রাশয়ত ক্ৰমে ডিম্বাণু আৰু শুক্রাণু পূৰঠ কৰে। 

পিটুইটাৰী গ্ৰন্থিয়ে শুক্রাশয় আৰু ডিম্বাশয় উদ্দীপিত কৰি টেষ্টষ্টেৰণ (পুৰুষত) আৰু এন্ট্ৰজেন (স্ত্ৰীত) নিঃসৰণ কৰে ৷ 

ৰক্ত প্রবাহত এৰি দিয়ে আৰু দেহৰ অংশ (লক্ষ্য স্থান) পায় গৈ। 

যৌৱনাৰম্ভই দেহৰ পৰিবৰ্তন উদ্দীপিত কৰে।

 যৌৱনাৰম্ভ হৰম’নৰ দ্বাৰা নিয়ন্ত্রিত হয়।

৭। মানুহৰ কোষৰ কোষকেন্দ্ৰত কিমান ক্রম’জ’ম থাকে।

উত্তৰঃ মানুহৰ কোষৰ কোষকেন্দ্ৰত ২৩ যোৰ ক্ৰম’জ’ম থাকে আৰু ইয়াৰে এযোৰ লিংগ নিৰ্দ্ধাৰিত ক্ৰম’জ’ম।

৮। এইচ আই ভি নামৰ ভাইৰাছ বিধে কি বেমাৰ সৃষ্টি কৰে ? এই ৰোগ বিধ কেনেধৰণে সংক্রমণ হয় ?

উত্তৰঃ এইছ আই ভি (HIV) ভাইৰাছে এইড এচ (AIDS) নামৰ ৰোগৰ সৃষ্টি কৰে। এই ৰোগ বিধৰ সংক্ৰমণ –

(ক) এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত ব্যক্তিয়ে ব্যৱহাৰ কৰা চিৰিঞ্জৰ দ্বাৰা দেহত মাদক দ্রব্য প্ৰয়োগ কৰিলে সুস্থ মানুহৰ দেহত এই ভাইৰাছে প্রৱেশ কৰে।

(খ) সংক্রমিত মাকৰ গাখীৰ খালেও কেঁচুৱাৰ দেহত এই ৰোগ সংক্ৰমিত হ’ব পাৰে ৷

(গ) এইচ আই ভিৰ দ্বাৰা আক্ৰান্ত ব্যক্তিৰ লগত যৌন সম্বন্ধ কৰিলেও এই ভাইৰাছ দেহত প্ৰৱেশ কৰিব পাৰে।

৯। ব্যক্তিগত স্বাস্থ্য বিধি মানি চলিবলৈ আমি কি কি ব্যৱস্থা লোৱা উচিত।

উত্তৰঃ ব্যক্তিগত স্বাস্থ্যবিধি মানি চলিবলৈ হলে আমি তলত দিয়া নিয়মবোৰ পালন কৰিব লাগে –

(ক) প্রত্যেকেই কমেও এবাৰকৈ নিতৌ গা ধুব লাগে । কিশোৰ-কিশোৰীসকলৰ ঘৰ্মগ্ৰন্থিসমূহৰ অধিক ক্রিয়াকলাপৰ বাবে কেতিয়াবা গাৰ গোন্ধ ওলাব পাৰে। সেয়েহে দেহৰ সকলো অংশই প্রতিদিনে পৰিষ্কাৰ কৰিব লাগে। চাফ-চিকুণতা বজাই নাৰাখিলে বেক্টেৰিয়াৰ সংক্ৰমণ হ’ব পাৰে। ছোৱালীবোৰে ঋতুস্ৰাৱৰ সময়ত চাফ-চিকুণতাৰ বিশেষ যত্ন ল’ব লাগে।

(খ) শাৰীৰিক ব্যায়াম : বিশুদ্ধ বায়ুত খোজ কঢ়া আৰু মুকলি ঠাইত খেলা – ধুলাই দেহটো সুস্থ সৱল কৰি ৰাখে। ইয়াৰ উপৰিও নিয়মিত ভাৱে ব্যায়াম কৰিব লাগে।

১০। ভেকুলীৰ জীৱন বুৰঞ্জীত হৰম’নৰ ভূমিকাৰ বিষয়ে আলোচনা কৰা।

উত্তৰ: ভেকুলীৰ জীৱন দশাত কণীৰ পৰা লালুকী আদি কেবাটাও দশাৰ মাজেৰে গৈ পূৰ্ণাংগ ভেকুলী হয় গৈ। লালুকীৰ পৰা প্ৰাপ্ত বয়স্কলৈ হোৱা এই পৰিৱৰ্তনক কায়ান্তৰণ বোলে। ভেকুলীৰ কায়াম্ভৰণ থাইৰইড গ্ৰন্থিয়ে নিঃসৰণ কৰা থাইৰক্সিন হৰম’নৰ দ্বাৰা হয়। থাইৰক্সিন উৎপাদনৰ বাবে পানীত আয়’ডিন থকাটো প্রয়োজন। লালুকী বৃদ্ধি হোৱা পানীত যদি প্রয়োজনীয় আয়’ডিন নাথাকে তেতিয়া লালুকীয়ে প্রাপ্ত বয়স্ক অৱস্থা পাব নোৱাৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top