Niketan Class 8 Science Chapter 1 শস্য উৎপাদন আৰু ব্যৱস্থাপনা

Niketan Class 8 Science Chapter 1 শস্য উৎপাদন আৰু ব্যৱস্থাপনা is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 8 Science Chapter 1 শস্য উৎপাদন আৰু ব্যৱস্থাপনা and select need one.

Niketan Class 8 Science Chapter 1 শস্য উৎপাদন আৰু ব্যৱস্থাপনা

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 8 Science Chapter 1 শস্য উৎপাদন আৰু ব্যৱস্থাপনা Solutions for All Subjects, You can practice these here…

শস্য উৎপাদন আৰু ব্যৱস্থাপনা

Chapter – 1

বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS

১। খালী ঠাই পূৰণ কৰা

(ক) একেবিধ উদ্ভিদ এখন ঠাইত অধিক পৰিমাণে গজালে বা খেতি তাক —— বোলে।

উত্তৰঃ শস্য।

(খ) শস্য সিঁচাৰ আগতে মাটিডা —– হয়।

উত্তৰ: চহোৱা।

(গ) নষ্ট হোৱা বীজবোৰ পানীত —– থাকে।

উত্তৰ: ওপঙি

(ঘ) শস্য বৃদ্ধিৰ বাবে সূৰ্য্যৰ পোহৰ আৰু মাটিৰ পৰা আৰু —— প্রয়োজন।

উত্তৰ: পানী আৰু পোষক দ্ৰব্যৰ।

(ঙ) খেতি পথাৰত গজা অনাৱশ্যকীয় উদ্ভিদ সমূহক —– বোলে।

উত্তৰ: অপতৃণ।

(চ) শস্য চপোৱা আৰু মৰণা মৰা যন্ত্ৰটোক —– বোলে।

উত্তৰঃ কম্বাইন মেচিন।

২। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা।

(ক) ৰাসায়নিক সাৰক(ক) শস্য চপোৱা সজুলি
(খ) জৈৱিক সাৰ(খ) উদ্ভিদ আৰু প্ৰাণীৰ বৰ্জিত দ্ৰব্য
(গ) দলিমাৰি(গ) গৰুৰ খাদ্য
(ঘ) কাঁচি(ঘ) ধান আৰু যব
(ঙ) খাৰিফ শস্য(ঙ) চপৰা ভঙা সঁজুলি
(চ) ৰবি শস্য(চ) ইউৰিয়া আৰু চুপাৰ ফচফেট
(ছ) ঘেঁহু, বুট, মটৰ মাহ
(ক) ৰাসায়নিক সাৰক(চ) ইউৰিয়া আৰু চুপাৰ ফচফেট
(খ) জৈৱিক সাৰ(খ) উদ্ভিদ আৰু প্ৰাণীৰ বৰ্জিত দ্ৰব্য
(গ) দলিমাৰি(ঙ) চপৰা ভঙা সঁজুলি
(ঘ) কাঁচি(ক) শস্য চপোৱা সজুলি
(ঙ) খাৰিফ শস্য(ঘ) ধান আৰু যব
(চ) ৰবি শস্য(ছ) ঘেঁহু, বুট, মটৰ মাহ

উত্তৰ:

৩। চমুকৈ বৰ্ণনা কৰা :

  (ক) মাটি চহোৱা

(খ) বীজ সিঁচা

(গ) বনবাত নিৰোৱা

(ঘ) মৰণা মৰা

(ঙ) ৰবি শস্য

(চ) খাৰিফ শস্য

উত্তৰ: (ক) মাটি চহোৱা : শস্য উৎপাদনৰ প্ৰথম আৰু প্ৰধান কাম হ’ল খেতি কৰিবলৈ ধৰা মাটিডৰা চহাই ঢিলা কৰা। ঢিলা মাটিত উদ্ভিদৰ শিপা সহজে তললৈ গ’লেও অতি সহজে উশাহ ল’ব পাৰো। তদুপৰি, মাটিত থকা পুষ্টিকৰ খনিজ দ্রব্য, অনুজীৱবোৰে পচোৱা পোষক দ্ৰব্যসমূহ মাটিডৰা চহাই ঢিলা কৰাৰ ফলত শিপাই সহজে শোষণ কৰিব ল’ব পাৰে। সেয়েহে মাটি চহোৱা আৰু কোমল বা ঢিলা কৰা শস্য উৎপাদনৰ বাবে অতি প্রয়োজনীয়।

(খ) বীজ সিঁচা : মাটি চহোৱাৰ পাচত বীজ সিঁচাটো হ’ল শস্য উৎপাদনৰ প্ৰধান কাম। বীজ সিঁচাৰ আগতে খেতিয়কে সাধাৰণতে অধিক উৎপাদনক্ষম বীজহে নির্বাচন কৰে। তদুপৰি, বীজ সিঁচাৰ আগতে উন্নত জাতৰ বীজ নির্বাচন কৰি বীজ সমূহ সাধাৰণতে পৰিষ্কাৰ কৰি ৰখা তথা নিৰোগী ভাল সঁচৰ পৰা সংগ্ৰহ কৰা হয়। এই বীজ সমূহ সিঁচাৰ আগতে বেয়া বীজৰ পৰা পৃথক কৰি ল’ব লাগে।

(গ) বনবাত নিৰোৱাঃ খেতিত গজা অলাগতিয়াল উদ্ভিদক অপতৃণ বোলে আৰু ইয়াক আঁতৰ কৰাক বনবাত নিৰোৱা বোলে। এই অপতৃণ উদ্ভিদ বোৰকো শস্যৰ সমানে পানী, পোষক দ্রব্য, ঠাই আৰু পোহৰৰ আৱশ্যক হয়। ফলত, অপতৃণে শস্য বৃদ্ধিত প্ৰভাৱ পেলায় আৰু খেতি চপোৱাৰ সময়ত বাধাৰ সৃষ্টি কৰাৰ লগতে ইহঁতৰ কিছুমান প্রাণী আৰু মানুহৰ কাৰণে বিষাক্ত হয়। বীজ সিঁচাৰ আগতে মাটি চহাওঁতে অপতৃণসমূহ উভালি পেলোৱা হয় যাতে এইবোৰ শুকাই মাটিৰ লগত মিহলি হৈ যায়। অপতৃণত ফুল আৰু গুটি ধৰাৰ আগতেই উঘালি বা গুৰিতে কাটি খেতিৰ পৰা আঁতৰ কৰিব পাৰি । খন্তি বা বীজ সিঁচা যন্ত্ৰৰ দ্বাৰা অপতৃণ আঁতৰ কৰিব পাৰি। শস্য ডৰাৰ ক্ষতি নকৰাকৈ কিছুমান ৰাসায়নিক দ্রব্য যেনে 2, 4 – D ব্যৱহাৰ কৰি অপতৃণ ধ্বংস কৰিব পাৰি।

(ঘ) মৰণা মৰা : গা গছৰ পৰা বীজসমূহক পৃথক কৰাক মৰণা মৰা বোলে ৷ গৰু, মহ. ট্ৰেক্টৰৰ দ্বাৰা মৰণা মৰা হয়। মৰণা মৰা কাৰ্য্য কম্বাইন মেছিনৰ দ্বাৰাও কৰা হয়, যিয়ে শস্য চপোৱা আৰু মৰণা মৰা দুয়োটা কাম কৰে। ক্ষুদ্ৰ খেতিয়কসকলে এটুকুৰা মুকলি ঠাইত বা দিয়া যন্ত্ৰৰ সহায়ত পতানৰ পৰা বীজ পৃথক কৰে।

(ঙ) ৰবি শস্যঃ শীতকালত উৎপাদিত শস্যক ৰবি শস্য বোলে। সাধাৰণতে ৰবি শস্যৰ সময় অক্টোবৰৰ পৰা মাৰ্চ মাহলৈকে থাকে। এনেবোৰ শস্যৰ বাবে পানীৰ প্রয়োজন কিছু কম ৷ ৰবি শস্যৰ উদাহৰণ হ’ল ঘেঁহু, বুট, মটৰ, সৰিয়হ, তিচি আদি। ইয়াৰোপৰি, শীতকালত হোৱা নানান শাক-পাচলি ৰবি শস্যৰ ভিতৰতে পৰে ৷

(চ) খাৰিফ শস্য : বাৰিষা কালত যি শস্য সিঁচা হয় সেই শস্যবিলাকক খাৰিফ শস্য বোলে ৷ ভাৰতবৰ্ষত সাধাৰণতে বাৰিষা কাল জুনৰ পৰা চেপ্টেম্বৰ মাহলৈ থাকে। খাৰিফ শস্যৰ উদাহৰণ হ’ল, ধান, মাকৈ, ছয়াবিন, বাদাম, কপাহ আদি ৷

৪। খাৰিফ ঋতুত যদি ঘেঁহু সিঁচা হয় তেতিয়া কি হ’ব ?

উত্তৰ : ঘেঁহু হ’ল ৰবি শস্য। ঘেঁহু খেতিৰ বাবে পানীৰ প্ৰয়োজন কম। সেইবাবে, খাৰিফ ঋতুত ঘেঁহু খেতি কৰিলে অত্যধিক পানীৰ বাবে খেতিডৰা নষ্ট হৈ মৰি যাব।

৫। খেতি পথাৰত সাৰৰ প্ৰয়োজনীয়তা সম্পর্কে চমুকৈ বৰ্ণনা কৰা ৷

উত্তৰ: উদ্ভিদবোৰ সুস্থভাৱে ডাঙৰ হ’বৰ বাবে যিবোৰ পোষক দ্রব্য প্রয়োগ কৰা হয় তাকে সাৰ বোলে। সাৰ দুই প্রকাৰৰ – জৈৱিক আৰু ৰাসায়নিক সাৰ।

উদ্ভিদৰ বৃদ্ধিৰ বাবে পোষক দ্রব্য অতি প্রয়োজন। এই পোষক দ্ৰব্যসমূহ সাধাৰণতে মাটিয়ে যোগান ধৰে যদিও একেডৰা মাটিতে এবিধ শস্য পিছত আনবিধ শস্যৰ খেতি একেলেথাৰিয়ে কৰি থাকিলে মাটিৰ পোষক দ্রব্য কমি যায়। তাৰ বাবে খেতিয়কে মাটিত সাৰৰ যোগান ধৰি পুনৰায় মাটিৰ উৰ্বৰতা ঘূৰাই আনিব পাৰে। জৈৱিক সাৰৰ প্ৰয়োগে মাটিৰ গুণাগুণ বৃদ্ধি কৰাৰ লগতে পানী ধৰি ৰখাৰ শক্তি বৃদ্ধি কৰে । জৈৱিক সাৰৰ উৎপাদন ঘৰুৱাভাৱে উদ্ভিদ আৰু প্রাণী বৰ্জিত আৰু পেলনীয়া দ্ৰব্যৰ সহায় কৰিব পাৰি । আনহাতে ৰাসায়নিক সাৰ পোষক দ্ৰব্যৰ দ্বাৰা সমৃদ্ধ আৰু এইবোৰ সাৰ কাৰখানাত প্ৰস্তুত কৰা হয় । ৰাসায়নিক সাৰবোৰ নিৰ্দিষ্ট পোষক দ্ৰব্যৰে সমৃদ্ধ ৰাসায়নিক দ্রব্য। ৰাসায়নিক সাৰৰ প্ৰয়োগ মাটিত যি পোষক দ্ৰব্যৰ অভাৱ সেইবিধ প্ৰয়োগ কৰিলে উৎকৃষ্ট ফলাফল পোৱা হয়। ৰাসায়নিক সাৰৰ উদাহৰণ হ’ল ইউৰিয়া, চুপাৰ ফচফেট, এম’নিয়াম ছালফেট, পটাছ, এন পি কে ইত্যাদি।

৬। পচন সাৰৰ উৎপাদন কি দৰে কৰা হয় ?

উত্তৰ : প্রাণী আৰু উদ্ভিদৰ বৰ্জিত দ্রব্যসমূহৰ পচনৰ ফলত জৈৱিক সাৰ পোৱা যায়। এই সাৰক পচন সাৰ বুলিও কোৱা হয় ৷ খেতিয়কে এখন মুকলি ঠাইত অথবা নিজৰ বাৰীৰে একাষত গাঁত খান্দি তাত উদ্ভিদ আৰু প্ৰাণীৰ বৰ্জিত আৰু পেলনীয়া দ্রব্যবোৰ পচিবৰ বাবে ৰাখে। এই পচন কাৰ্য কিছুমান অনুজীৱৰ দ্বাৰা হয়। এই পচি যোৱা বস্তুখিনিকে জৈৱিক সাৰ হিচাপে ব্যৱহাৰ কৰা হয়। এই পচন সাৰত প্ৰচুৰ পৰিমাণে হিউমাছ থাকে।

৭। জৈৱিক সাৰৰ লগত ৰাসায়নিক সাৰৰ প্ৰভেদ কি ? বৰ্ণনা কৰা।

উত্তৰ:

জৈৱিক সাৰৰাসায়নিক সাৰ
(ক) জৈৱিক সাৰ প্ৰাকৃতিক ভাৱে প্ৰস্তুত কৰা এবিধ সাৰ ৷ এই সাৰ প্ৰাণী আৰু উদ্ভিদৰ বৰ্জিত আৰু অবশিষ্ট দ্ৰব্যৰ পচন ঘটাই প্ৰস্তুত কৰা হয় ।(ক) ৰাসায়নিক সাৰ এবিধ অজৈৱ লৱণ।
(খ) জৈৱিক সাৰ ঘৰ বা পথাৰত প্ৰস্তুত কৰা হয় ৷  (খ) ৰাসায়নিক সাৰ কাৰখানাত প্রস্তুত কৰা হয়।
(গ) জৈৱিক সাৰে প্ৰচুৰ পৰিমাণে হিউমাছ যোগান ধৰিব পাৰে ৷(গ) ৰাসায়নিক সাৰে মাটিত হিউমাছ যোগান ধৰিব নোৱাৰে।
(ঘ) জৈৱিক সাৰত উদ্ভিদৰ প্রয়োজনীয়ত পোষক দ্রব্য তুলনামূলকভাৱে কম থাকে।(ঘ) ৰাসায়নিক সাৰে উদ্ভিদৰ পোষক দ্ৰব্য নাইট্ৰ’জেন, ফছফৰাছ আৰু পটাছিয়াম প্ৰচুৰ পৰিমাণে হিউমাছ যোগান ধৰিব পাৰে।

৮। জলসিঞ্চন কি ? ইয়াৰ পৰম্পৰাগত পদ্ধতি সমূহৰ নাম লিখা।

উত্তৰ : উদ্ভিদৰ বিকাশৰ বাবে বিভিন্ন সময়ত নিয়মিত ভাৱে শস্যৰ পথাৰত পানী যোগান ধৰাকে জলসিঞ্চন বোলে। মাটিভেদে, শস্যভেদে আৰু বতৰ অনুযায়ী পানী যোগানৰ সময় আৰু পৰিমাণ বেলেগ হয়।

জলসিঞ্চনৰ পৰম্পৰাগত পদ্ধতিসমূহ হ’ল –

(ক) খাৱৈ বা পানীৰ লোৰ (কপিকল পদ্ধতি)

(খ) শিকলি পাম্প

(গ) ঢেকী পদ্ধতি,

(ঘ) ৰাইট (লিভাৰ পদ্ধতি)

৯। গানী সংৰক্ষণ কৰা জলসিঞ্চনৰ দুটা পদ্ধতি বর্ণনা কৰা। 

উত্তৰ: পানী সংৰক্ষণ কৰা জলসিঞ্চনৰ দুটা পদ্ধতি হ’ল –

(ক) পানী ছটিওৱা পদ্ধতি

(খ) পানী নিগৰোৱা পদ্ধতি।

(ক) পানী ছটিওৱা পদ্ধতিঃ এই পদ্ধতিত পানী অহা মূল নলীডালত এটা নিৰ্দ্দিষ্ট দূৰত্বৰ ব্যৱধানত আগমূৰত ঘূর্ণনশীল বিন্ধা থকা নলী লম্বভাৱে লগোৱা থাকে। যেতিয়া পাম্প চাপযুক্ত পানী মূল নলীডালেদি প্রবাহিত হয় তেতিয়া ঘূর্ণনশীল বিন্ধাৰে পানী জোৰেৰে ওলাই যায়। বৰষুণৰ পানীৰ দৰেই শস্যৰ ওপৰত পানীৰ ছিটিকনি পৰে। অসমান খেতি পথাৰ আৰু বলিয়া মাটিৰ বাবে এই পদ্ধতি অতি উপযোগী।

(খ) পানী নিগৰোৱা পদ্ধতিঃ এই পদ্ধতিত পানী টোপটোপকৈ নিগৰাই উদ্ভিদৰ শিপাৰ ওচৰত পেলোৱা হয়। সেয়ে এই পানী নিগৰোৱা পদ্ধতি বোলে। ফলৰ গছ, বাগিছা আদিত ই এক উত্তম ব্যৱস্থা। পানীৰ অভাৱ থকা শুকান ঠাইত এই পদ্ধতি অতি উপযোগী, কাৰণ এই পদ্ধতিত পানীৰ একেবাৰে অপচয় নহয় ।

১০। একে লেথাৰিয়ে শস্যৰ উৎপাদন কৰিলে মাটিডৰাত কেনে প্ৰভাৱ পৰে বৰ্ণনা কৰা৷

উত্তৰঃ একেডৰা মাটিতে এবিধ শস্যৰ পিছত আনবিধ শস্যৰ খেতি একেলেথাৰিয়ে কৰিলে মাটিডৰাৰ পোষক দ্রব্য কমি যায়। ফলত মাটিৰ উৰ্বৰতা কমি শস্যৰ উৎপাদনো কম হয়। তাৰবাবে, খেতিয়কে মাটিডৰাত জৈৱিক সাৰ, ৰাসায়নিক সাৰ আদি প্রয়োগ কৰি মাটিৰ উৰ্বৰতা বঢ়াব পাৰে। ইয়াৰ উপৰিও দুটা খেতিৰ মাজত মাটি চূন পেলাই বা শস্যাবৰ্তনৰ দ্বাৰাও মাটিৰ উৰ্বৰতা বৃদ্ধি কৰিব পাৰি।

১১। অপতৃণ বুলিলে কি বুজা ? অপতৃণৰ কি দৰে নিয়ন্ত্ৰণ কৰিব পাৰি। 

উত্তৰ : খেতিত গজা অলাগতিয়াল উদ্ভিদক অপতৃণ বোলে৷ ই মাটিৰ পোষক ক্ষমতা কমায়।

খেতিয়কে অপতৃণ আতঁৰোৱা আৰু সিহঁতৰ বৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰে –

(ক) শস্যৰ বীজ সিঁচাৰ আগতে মাটি চহাওতে অপতৃণবোৰ উভালি পেলোৱা হয় যাতে এইবোৰ শুকাই মাটিৰ লগত মিহলি হৈ যায়।

(খ) অপতৃণত ফুল আৰু গুটি ধৰাৰ আগতেই উভালি বা গুৰিতে কাটি অপতৃণবোৰ পথাৰৰ পৰা আঁতৰ কৰিব পাৰি। (গ) কিছুমান অপতৃণনাশক ৰাসায়নিক দ্রব্য যেনে 2, 4D ব্যৱহাৰ কৰিও অপতৃণ নিয়ন্ত্ৰণ কৰিব পাৰি। এইবোৰে শস্যৰ ক্ষতি নকৰাকৈ অপতৃণবোৰ মাৰি পেলায়।

১২। তলত দিয়া বাকচসমূহ এনেদৰে সজোৱা যাতে ধান উৎপাদনৰ এখন ক্রম তালিকা পোৱা যায়।

উত্তৰ :

জলসিঞ্চন ১সাৰ প্ৰয়োগ ২ভড়ালত ধান মজুতকৰণ ৩
পথাৰত হাল বোৱা ৪খেতি চপোৱা ৫মাটি চহোৱা ৬
বীজ সিঁচা/ৰোৱা৭
পথাৰত হাল বোৱা ১মাটি চহোৱা ২বীজ সিঁচা/ৰোৱা ৩
সাৰ প্ৰয়োগ ৪জলসিঞ্চন ৫খেতি চপোৱা ৬
ভড়ালত ধান মজুতকৰণ ৭

অতিৰিক্ত প্ৰশ্নৰ উত্তৰ

১। শস্য বুলিলে কি বুজা ? বতৰ অনুযায়ী ভাৰতবৰ্ষত শস্য কেইভাগত ভগাব পাৰি ? উদাহৰণ দিয়া।

উত্তৰ : যেতিয়া একে জাতৰ উদ্ভিদ একে ঠাইতে এক বিশাল অঞ্চলত খেতি কৰা হয় তেতিয়া তাক শস্য বুলি কোৱা হয়। উদাহৰণস্বৰূপে ধানক শস্য বুলি ক’লে সেই পথাৰত ধানৰ খেতি কৰা হৈছে বুলি বুজিব লাগিব।

বতৰ অনুযায়ী ভাৰতবৰ্ষত শস্য দুভাগত ভগাব পাৰি – (i) ৰবি শস্য আৰু (ii)খাৰিফ শস্য।

উদাহৰণ:

ৰবি শস্য : ঘেঁহু, সৰিয়হ, মটৰ মাহ।

খাৰিফ শস্য : ধান, কপাহ, মাকৈ।

২। ৰবি শস্য আৰু খাৰিফ শস্য কাক বোলে ? উদাহৰণ দিয়া।

উত্তৰঃ ৰবি শস্যঃ শীতকালত উৎপাদিত অর্থাৎ অক্টোবৰৰ পৰা মাৰ্চ মাহলৈকে হোৱা শস্যক ৰবি শস্য বোলে। উদাহৰণ – ঘেঁহু, সৰিয়হ মটৰ মাহ ।

খাৰিফ শস্য : বাৰিষা কালত অর্থাৎ জুন মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈকে উৎপাদিত হোৱা শস্যক খাৰিফ শস্য বোলে। উদাহৰণ – ধান, কপাহ, মাকৈ ।

৩। মাটি চহ কৰোতে কি সঁজুলি ব্যৱহাৰ কৰা হয় ?

উত্তৰ: নাঙল, যান্ত্ৰিক হাল, কোৰ আৰু মৈ।

৪। ভাৰতবৰ্ষত মূল আহাৰ হিচাপে ব্যৱহাৰ কৰা দুবিধ শস্যৰ নাম লিখা।

উত্তৰ: ধান আৰু ঘেঁহু।

৫। সাৰ কাক বোলে ? জৈৱিক সাৰৰ সুবিধা সমূহ উল্লখ কৰা।

উত্তৰ : উদ্ভিদসমূহ সুস্থভাৱে ডাঙৰ হ’বৰ বাবে মাটিত কৃত্রিমভাৱে যিবোৰ পোষক দ্রব্য প্রয়োগ কৰা হয় তাকে সাৰ বোলে।

জৈৱিক সাৰৰ সুবিধা সমূহ হৈছে –

(ক) ই মাটিৰ পানী ধাৰণ কৰা ক্ষমতা বৃদ্ধি কৰে।

(খ) ই মাটি ৰন্ধযুক্ত কৰি তোলে, ফলত বায়ুৰ চলাচল সুচল হয়।

(গ) ই উপকাৰী অনুজীৱৰ পৰিমাণ বৃদ্ধিত সহায় কৰে।

(ঘ) ই মাটিৰ গুণাগুণ বৃদ্ধি কৰে ৷

৬। কৃষি পদ্ধতি কাক বোলে ? শস্য উৎপাদনৰ মৌলিক পদ্ধতি সমূহ উল্লেখ কৰা।

উত্তৰঃ শস্য উৎপাদন কৰিবলৈ সময় অনুযায়ী কিছুমান নিয়মৰ আৰু কামৰ প্রয়োজন হয়। এই কামবোৰক খেতি কৰাৰ পদ্ধতি বা কৃষি পদ্ধতি বুলি কোৱা হয়। শস্য উৎপাদনৰ মৌলিক পদ্ধতিসমুহ হ’ল –

(ক) মাটি চহোৱা 

(খ) বীজ সিঁচা

(গ) সাৰ প্ৰয়োগ 

(ঘ) জল সিঞ্চন

(ঙ) অপতৃণৰ পৰা সুৰক্ষা

(চ) খেতি চপোৱা

(ছ) শস্য মজুত কৰণ

৭। শস্যাৱৰ্তন কাক বোলে ? বুজাই লিখা।

উত্তৰ : মাটিৰ পোষক দ্রব্য ঘুৰাই আনিবৰ বাবে বিভিন্ন শস্যৰ খেতি এটাৰ পিছত আন এটা কৰাকে বুজায়।

উদাহৰণস্বৰূপে, এটা ঋতুত ধান বা ঘেঁহু খেতি কৰিলে আৰু খেতি চপোৱাৰ পাছত মাহ জাতীয় খেতি কৰিলে। মহাজাতীয় শস্যৰ খেতি কৰাৰ ফলত ই মাটিডৰা ত নাইট্ৰ’জেনৰ পৰিমাণ বৃদ্ধিত সহায় কৰে কিয়নো এনে ধৰণৰ শস্যৰ শিপাত ৰাইজ বিয়াম নামৰ বেক্টৰিয়াই টেমুনাৰ সৃষ্টি কৰে। এই বেক্টেৰিয়াই বায়বীয় নাইট্ৰ’জেন স্থিৰ কৰণ কৰিব পাৰে। ফলত শস্য চপোৱাৰ পিছত ৰৈ যোৱা এই শিপাসমূহত থকা টেমুনা বোৰ মাটিৰ লগত মিহলি হৈ মাটিডৰাৰ নাট্ৰ’জেনৰ পৰিমাণ বৃদ্ধি কৰে।

৮। শস্য কিদৰে চপোৱা হয় ? বৰ্ণনা কৰা।

উত্তৰঃ পৈনত শস্য কটাকে শসা চপোৱা বোলে। শস্য চপাওঁতে শস্যসমূহ উঘালি অনা বা গুৰিতে কটা হয়। আমাৰ দেশত মানুহে কাঁচিৰ দ্বাৰা বা শস্য চপোৱা যন্ত্ৰৰ  সহায়ত শস্য চপায়।

৯। আমাৰ দেশত শস্য চপোৱা প্রধান উৎসৱসমূহৰ নাম লিখা। 

উত্তৰঃ আমাৰ দেশৰ শস্য চপোৱা প্রধান উৎসৱসমূহ হ’ল বিহু (ভোগালী বিহু), পোংগল, বৈশাখী, দ্বীপান্বিতা, হোলী আৰু নবান্ন। 

১০। শস্য মজুতকৰণ বুলিলে কি বুজা আৰু কিদৰে শস্য মজুতকৰণ কৰা হয় ?

উত্তৰঃ শস্য চপোৱাৰ পাছত আটাইতকৈ প্ৰয়োজনীয় কাম হ’ল শস্যসমূহ সাঁচি ৰখা। সাঁচি ৰখা শস্য বা বীজ বোৰক ৰদত শুকুৱাই বীজৰ আৰ্দ্ৰতা নাইকিয়া কৰিব লাগে যাতে বীজবোৰ অপকাৰী কাঁট, বেক্টেৰীয়া আৰু ভেঁকুৰৰ আক্ৰমণৰ পৰা ৰক্ষা পৰে। বীজবোৰ বা শস্যৰ সংৰক্ষণ ব্যৱস্থাত অপকাৰী এন্দুৰ, কীত-পতঙ্গৰ দ্বাৰা ৰক্ষা কৰি ৰাখিবলৈ বায়ুৰুদ্ধ কক্ষ বা ভড়ালত ৰখা হয়। ঘৰুৱাভাৱে শস্য সংৰক্ষণৰ বাবে নিম্নপাতৰ ব্যৱহাৰ কৰা হয়। ডাঙৰ গুদাম ঘৰত কিছুমান ৰাসায়নিক দ্রব্য ব্যবহাৰ কৰি অপকাৰী কাঁট, অণুজীৱ, এন্দুৰ আদিৰ পৰা শস্যক ৰক্ষা কৰি মজুত কৰা হয়।

১১। বীজ সংৰক্ষণ কৰিবলৈ খেতিয়কসকলে কেনে ধৰণৰ প্ৰাত্ৰ ব্যৱহাৰ

উত্তৰঃ খেতিয়কসকলে বীজসমূহ ধাতুৰ পাত্ৰ, বাঁহৰ পাত্ৰ, মৰাপাতৰ মোনা আদিত সংৰক্ষণ কৰে।

১২। নিম্নলিখিত শস্যসমূহৰ পৰা ৰবি আৰু খাৰিফ শস্য বাচি উলিওৱা –

ঘেঁহু, ধান, সৰিয়হ, মাহ, ছয়াবিন, বুট, তিচি, মটৰ, মাকৈ, বাদাম, কপাহ।

 উত্তৰঃ ৰবি শস্য – ধান, হুয়াবিন, মাকৈ, বাদাম, কপাহ। 

খাৰিফ শস্য – ঘেঁহু, মাহ, বুট, তিচি, সৰিয়হ মটৰ।

১৩। তলত দিয়া সংকেতৰ সহায়ত শব্দ শৃংখলসমূহ সম্পুৰ্ণ কৰা ৷

পথালিকৈ – 

(১) গুটি

(৪) মাহজাতীয় উদ্ভিদৰ শিপাৰ টেমুনাত থকা বেক্টেৰিয়া।

তললৈ –

(২) পথাৰত পানী যোগান ধৰা ব্যৱস্থা।

(৩) শীত কালত খেতি কৰা শস্য।

(৫) এবিধ ৰাসায়নিক সাৰ।

(৬) চপোৱা শস্যৰ পৰা বীজ পৃথক কৰা কাম

১৩। তলত দিয়া সংকেতৰ সহায়ত শব্দ শৃংখলসমূহ সম্পুৰ্ণ কৰা ৷

উত্তৰঃ (১) বীজ

(২) জলসিঞ্চন

(৩) ৰবি শস্য

(৪) ৰাইজ ‘বিয়াম

(৫) ইউৰিয়া

(৬) মৰণা

1 thought on “Niketan Class 8 Science Chapter 1 শস্য উৎপাদন আৰু ব্যৱস্থাপনা”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top