Niketan Class 8 Assamese Chapter 8 লক্ষ্মীনাথ

Niketan Class 8 Assamese Chapter 8 লক্ষ্মীনাথ is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 8 Assamese Chapter 8 লক্ষ্মীনাথ and select need one.

Join Telegram channel

Niketan Class 8 Assamese Chapter 8 লক্ষ্মীনাথ

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 8 Assamese Chapter 8 লক্ষ্মীনাথ Solutions for All Subjects, You can practice these here…

লক্ষ্মীনাথ

Chapter – 8

ASSAMESE

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS


ক্ৰিয়া-কলাপ

প্রশ্ন ১: অতি চমু উত্তৰ দিয়া – 

( ক ) আমাৰ দেশৰ ভাষা সাহিত্যৰ ভঁৰাল কোনে ভৰালে বুলি কৈছে ? 

উত্তৰঃ আমাৰ দেশৰ ভাষা সাহিত্যৰ ভঁৰাল লক্ষ্মীনাথে ভৰালে বুলি কৈছে ।

( খ ) ‘ বুঢ়ী আইৰ সাধু ’ পুথিৰ ৰচয়িতা কোন ?

উত্তৰঃ ‘ বুঢ়ী আইৰ সাধু ’ পুথিৰ ৰচয়িতা হ’ল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ।

( গ ) অতুল চন্দ্ৰ হাজৰিকাৰ বিখ্যাত গ্রন্থখনৰ নাম কি ? 

উত্তৰঃ অতুল চন্দ্ৰ হাজৰিকাৰ বিখ্যাত গ্রন্থখনৰ নাম হ’ল ” মঞ্চলেখা ” ।

( ঘ ) ‘ কৃপাবৰ বৰুৱা ’ কাৰ ছদ্মনাম ? 

উত্তৰঃ ‘ কৃপাবৰ বৰুৱা ’ লক্ষ্মীনাথ বেজবৰুৱাৰ ছদ্মনাথ ।

( ঙ ) গদাপাণিয়ে পাহাৰত লগ পােৱা পাহাৰী ছােৱালীজনীৰ নাম কি আছিল ? 

উত্তৰঃ গদাপাণিয়ে পাহাৰত লগ পােৱা পাহাৰী ছােৱালীজনীৰ নাম ডালিমী আছিল ।

( চ ) ‘ কাহুদি খালি ’ কি? 

উত্তৰঃ ‘ কাহুদি খালি ’ এবিধ চাটনি । কিন্তু ইয়াত ‘ বাহী ’ আলোচনীত বেজবৰুৱাই লিখা । ‘ কাহুদি খালি ’ শীর্ষক ৰচনাৰ কথা কোৱা হৈছে । 

( ছ ) গদাধৰ কোন আছিল? 

উত্তৰঃ গদাপাণি । গদাপাণিয়ে গদাধৰ সিংহ নাম লৈ আহােমৰ ৰাজপাটত উঠিছিল । 

( জ ) অসমৰ জাতীয় সংগীতটোৰ ৰচক কোন ?

উত্তৰঃ অসমৰ জাতীয় সংগীতটোৰ ৰচক  হ’ল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ।

( ঝ ) ‘ ডেকাধনি ’ অর্থ কি ? 

উত্তৰঃ ‘ ডেকাধনি ’ অর্থ হ’ল যৌৱনপ্রাপ্ত হােৱা ।

প্রশ্ন ২: আমাৰ দেশৰ ভাষা সাহিত্যৰ ভঁৰাল কোনে কিদৰে ভৰালে বুলি কৈছে ? 

উত্তৰঃ কবিয়ে লক্ষ্মীনাথ বেজবৰুৱাই ভাষা – সাহিত্যৰ ভঁৰাল ভৰালে বুলি কৈছে । বেজবৰুৱা অসমীয়া চুটিগল্পৰ জনক । চুটিগল্পৰ উপৰিও তেওঁ সাধুকথা , নাটক , কবিতা , উপন্যাস , প্রহসন , তত্ত্বমূলক কথা , হাস্য – ব্যঙ্গাত্মক ৰচনা আদিৰ জৰিয়তে অসমীয়া ভাষা সাহিত্যলৈ অবিস্মৰণীয় অৱদান আগবঢ়াই থৈ গৈছে । কবিতাটোত বুঢ়ী আই , 

ককাদেউতা , জুনুকা , মহাপুৰুষ , কৃপাবৰ বৰুৱা , ডালিমী , কাহুদি – খালি , বীৰ গদাধৰ , চক্ৰধ্বজ , গজপুৰীয়া আদি শব্দৰ উল্লেখেৰে 

বেজবৰুৱাৰ বিভিন্ন বিষয়ৰ ৰচনা সামৰি লােৱা হৈছে । এই ৰচনাবােৰৰ জৰিয়তে বেজবৰুৱাই আমাৰ দেশৰ ভাষা – সাহিত্যৰ ভঁৰাল ভৰালে বুলি কবিয়ে কৈছে । 

প্রশ্ন ৩: চমুটোকা লিখাঃ 

( ক ) লক্ষ্মীনাথ বেজবৰুৱা ।

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা শিৱসাগৰৰ প্রসিদ্ধ পুৰুষ দীননাথ বেজবৰুৱাৰ পুত্র । ১৮৬৪ চনৰ কাতি মাহত লক্ষ্মী পূর্ণিমাৰ দিনাখন লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হয় । তেওঁ তেজপুৰ , লক্ষীমপুৰ , গুৱাহাটী, শিৱসাগৰ আদি ঠাইত শিক্ষা লাভ কৰি কলিকতাত অধ্যয়ন সমাপ্ত কৰে। কলিকতাত থাকোতেই তেওঁ কলিকতাৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ জীয়াৰী প্ৰজ্ঞাসুন্দৰী দেৱীক বিয়া কৰায় । ইয়াৰ পিছত তেওঁ অসমৰ বিখ্যাত সদাগৰ ভােলানাথ বৰুৱাৰ লগত ব্যৱসায়ত নামে। পিছত উৰিষ্যাৰ সম্বলপুৰত তেওঁ নিজাকৈ কাঠৰ কাৰবাৰ কৰে ।

লক্ষ্মীনাথ বেজবৰুৱা ‘ অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা ’ ( অঃ আঃ উঃ সাঃ মঃ ) ৰ অন্যতম প্রতিষ্ঠাতা । অঃ আঃ উঃ সাঃ মঃ ৰ মুখপত্র ‘ জোনাকী ‘ ৰ যােগেদি অসমীয়া সাহিত্যত যুগান্তৰ অনাসকলৰ ভিতৰত তেওঁৰ স্থান সকলােতকৈ আগত । ‘ জোনাকী ‘ ত প্রকাশ হােৱা ‘ লিতিকাই ’ নামৰ নাটকৰ যােগেদিয়েই বেজবৰুৱাৰ সাহিত্যিক জীৱন আৰম্ভ হয় । তেওঁ সাধুকথা , চুটিগল্প , কবিতা , উপন্যাস , হাস্য – ব্যঙ্গ, তত্ত্বমুলক কথা , নাটক আদি বিভিন্ন বিষয়ৰ পুথি ৰচনা কৰি অসমীয়া সাহিত্যক সমৃদ্ধিশালী কৰি থৈ গৈছে । 

বেজবৰুৱাই ‘ কৃপাবৰ বৰুৱা ’ ছদ্ম নামেৰে লিখা ৰচনাবােৰ অসমীয়া সাহিত্যত অবিস্মৰণীয় সৃষ্টি । সাহিত্যৰ প্রায় সকলােবােৰ দিশতে অতুলনীয় অৱদান আগবঢ়াই অসমীয়া ‘ সাহিত্যৰ ৰথ ’ খন তেওঁ যেন অকলে চলাই নিছিল , যাৰ বাবে তেওঁক ‘ সাহিত্যৰথী ’ উপাধি প্রদান কৰা হয় । সেইদৰে অনুপম হাস্য ব্যঙ্গাত্মক ৰচনাৰে অসমীয়া ভাষাটোক সমৃদ্ধিশালী কৰাৰ বাবে তেওঁক ‘ ৰসৰাজ ’ উপাধিও প্রদান কৰা হয় । এইগৰাকী যুগনায়কে ১৯৩৮ চনত ডিব্ৰুগড়ত ইহলীলা সম্বৰণ কৰে । 

( খ ) ডালিমী ।

উত্তৰঃ ‘ ডালিমী ’ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা ‘ জয়মতী ’ নাটকৰ এটি অবিস্মৰণীয় চৰিত্ৰৰ নাম । নৰঘাতী ল’ৰা ৰজাৰ অত্যাচাৰৰ পৰা হাত সাৰিবলৈ নগা পাহাৰলৈ পলাই গৈ গদাপাণিয়ে যিঘৰ নগাৰ ঘৰত আশ্ৰয় লৈছিল , সেই নগাৰে জীয়াৰী হৈছে ডালিমী , কৈশােৰ আৰু যৌৱনৰ সন্ধিস্থলত থিয় হােৱা এজনী নাগিনী ছােৱালী । ডালিমী নাট্যকাৰ বেজবৰুৱাৰ এটি আলফুলীয়া চৰিত্ৰ । তাই যেন চুলে জয় পৰি যােৱ আদৰ মালতী । সদায় ৰংমনেৰে থকা ছােৱালীজনীয়ে খােপাত বিজুলীৰ ফুল পিন্ধে , কাণত পদুমৰ কেৰু , ডিঙিত ফুলৰ সাতেসৰী আঁৰে আৰু হাতত মৃণালৰ খাৰু পিন্ধে ।

তাই তেনেই সহজ – সৰল । মুক্ত বিহঙ্গৰ দৰে তাইৰ জীৱন । অন্তৰত কেতিয়াও দুখ – বেজাৰ অনুভৱন ডালিমীয়ে পখিলাৰ দৰে উৰি ফুৰিব খােজে । মানুহ ডাঙৰ হ’লে মনলৈ দুখ – বেজাৰ আহে বুলি বাপেকৰ মুখে শুনি কোনাে দিনেই ডাঙৰ হ’ব নােখােজা ডালিমী প্রকৃতি কুমাৰী । তাই গদাপাণিক ভাল পায় । অন্তৰত অলপো ভেদ ভাব নথকা বহল মনৰ ডালিমীয়ে পৰ্বতৰ পৰা ওলাই নৈ হৈ বিশ্বজগতত কুলু কুলু ধ্বনিৰে লীলা কৰি অনন্ত সাগৰলৈ বৈ যাব খােজে । 

( গ ) কৃপাবৰ বৰুৱা ।

উত্তৰঃ ‘ কৃপাবৰ বৰুৱা ’ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ছদ্ম নাম । কৃপাবৰ বৰুৱাৰ নামেৰে বেজবৰুৱাই প্ৰধানকৈ ‘ জোনাকী ‘ ত আৰু পিছত ‘ উষা ’ আৰু ‘ বাহী ’ আলােচনীত বহুতাে ৰচনা প্রকাশ কৰিছিল। এই ৰচনাবােৰকে লগ কৰি ‘  কৃপাবৰ বৰুৱাৰ কাকতৰ টোপােলা ( ১৯৩৬ ) , ‘ কৃপাবৰ বৰুৱাৰ ওভতনি ( ১৯০৯ ) , ‘ কৃপাবৰ বৰুৱাৰ ভাবৰ বুৰবুৰণি ( ১৯৫১ ) আৰু কলাৱৰ বৰুৱাৰ বুলনি ’ ( ১৯৬৪ ) নাম দি পুথি আকাৰে প্ৰকাশ কৰা হয় । কৃপাবৰ বৰুৱাৰ এই ৰচনাবােৰত ৰাজনৈতিক , সামাজিক , বৈষয়িক আদি নানা বিষয়ে স্থান পাইছে । ৰচনাসমূহ ব্যঙ্গ আৰু বক্রোক্তি যুক্ত নিভাজ হাস্যৰসেৰে পূর্ণ । 

এইবােৰে অসমীয়া সমাজৰ চুক – কোণ সকলাে দিশৰ ওপৰতে পােহৰ পেলাইছে । এই ৰচনাবােৰৰ মাজত কৃপাবৰ বৰুৱাৰূপী লক্ষ্মীনাথ বেজবৰুৱাক আমি অসমীয়া সমাজ আৰু জীৱনৰ এগৰাকী সর্বদ্রষ্টা লেখকৰূপে দেখিবলৈ পাওঁ । উল্লেখযােগ্য যে লক্ষ্মীনাথ বেজবৰুৱাই কৃপাবৰ বৰুৱাৰ নামত কবিতাও ৰচনা কৰিছিল । 

( ঘ ) গদাধৰ সিংহ ।

উত্তৰঃ লাঙি গদাপাণিয়ে গদাধৰ সিংহ ( আহােম মতে চুপাতা ) নাম লৈ ১৬৮১ খ্রীঃত আহােমৰ সিংহাসনত বহে । তেওঁ আহােমৰ তুংখুঙীয়া ফৈদৰ গোবৰ গোঁহাই বা গােবৰ ৰজাৰ পুত্ৰ আছিল । গদাপাণিয়ে চুলিফা বা ল’ৰা ৰজা আৰু লালুক সােলা ফুকনৰ অত্যাচাৰৰ হাত সাৰিবলৈ দুবছৰ ধৰি নগা পাহাৰত গৈ আত্মগােপন কৰি আছিল । সেই সময়ৰ ভিতৰতে তেওঁৰ ঘৈণীয়েক জয়মতীক ল’ৰা ৰজাৰ মানুহে জেৰেঙা পথাৰত অত্যাচাৰ কৰি হত্যা কৰে । আত্মগােপন কৰি থকা অৱস্থাতে গদাপাণিয়ে সৈন্য – সামন্ত গােটাই নিজৰ শক্তি বৃদ্ধি কৰে আৰু ১৬৮১ খ্রীঃত আহােম ৰাজ্যৰ শাসনৰ ক্ষমতা নিজৰ হাতলৈ নিয়ে । তেও ১৬৮১ খ্রীঃৰ পৰা ১৬৯৬ খ্রীঃলৈ চৈধ্য বছৰতকৈও অধিক কাল আহােম ৰাজ্য শাসন কৰে । 

গধাধৰ সিংহই ৰাজপাটত বহা সময়ত আভ্যন্তৰিণ কন্দল , ক্ষমতালিপ্সা আদিয়ে ৰাজ্যখন জর্জৰিত কৰিছিল । পাহাৰীয়া জনজাতি বিলাকেও ভৈয়ামৰ মানুহৰ ওপৰত অত্যাচাৰ কৰিছিল । ইতিমধ্যে মােগলেও গুৱাহাটীখন পুনৰ দখল কৰিছিল আৰু স্বদেশ প্রীতি নথকা আহােম ৰাজ্যৰ বহুতাে মানুহ মােগলৰ লগ লাগিছিল । গদাধৰ সিংহই মােগলক মানাহলৈকে খেদি পঠাই আহােম – মােগলৰ আশী বছৰীয়া যুঁজখনৰ চিৰদিনৰ বাবে অন্ত পেলােৱাৰ লগতে পৰ্বতীয়া জনজাতিবােৰৰ অত্যাচাৰ বন্ধ কৰে । আৰু আভ্যন্তৰিণ কন্দলবােৰৰ শাম কটাই ৰাজ্যখনক সুস্থিৰ অৱস্থালৈ আনে । গদাধৰ সিংহয়ে প্রথম অসমত মাটি 

জৰীপ কাম আৰম্ভ কৰে । উমানন্দ দেৱালয় , ধােদৰ আলি , অকা আলি আদি তেওঁৰ দিনতেই নির্মাণ হৈছিল । গদাধৰ সিংহই প্রায় বিধ্বস্ত হৈ

পৰা আহােম ৰাজ্যখনক কঠোৰ শাসনেৰে আৰু প্ৰজাহিতকৰ কামেৰে এক নতুন ৰূপত সজাই থৈ ১৯৬৯ খ্রীঃত মৃত্যু বৰণ কৰে । 

প্রশ্ন ৪: প্ৰসংগ সংগতি দর্শাই ব্যাখা কৰাঃ 

( ক ) জুনুকা বজাই             ৰুজুন বজাই      

                     অকণিৰ আনিলে টোপনি      

        মহাপুৰুষৰ।                ঘােষা-কীৰ্তনৰ তুলি     

                     তুলি দিলে ললিত ৰাগিণী ।

উত্তৰঃ জুনুকা বজাই ____ললিত ৰাগিণী । 

ওপৰোক্ত কবিতাফাঁকি অতুল চন্দ্ৰ হাজৰিকাদেৱে ৰচনা কৰা আৰু আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট ‘ লক্ষ্মীনাথ ’ নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে । 

শিশু সাহিত্য আৰু মহাপুৰুষ দুজনাৰ বিষয়ে পুথি ৰচনা কৰি লক্ষ্মানাথ বেজবৰুৱা দেৱে অসমীয়া ভাষা – সাহিত্যলৈ যি বৰঙণি আগবঢ়াই থৈ গৈছে , তাকে কবিয়ে উক্ত কবিতা ফাঁকিৰ জৰিয়তে শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে । 

পৃথিৱীৰ সকলাে শিশুৱে সাধু শুনি ভাল পায় । ককা – আইতাক , মাক – দেউতাক বা আন কোনাে জ্যেষ্ঠজনে শিশুক সাধুকথা ক’লে শিশুৱে অতি আগ্ৰহেৰে শুনে আৰু সাধু শুনি শুনিয়ে কেতিয়াবা টোপনি যায় । বেজবৰুৱাদেৱে ‘ জুনুকা’,  ‘ বুঢ়ী আইৰ সাধু ‘ , ‘ ককাদেউতা আৰু নাতিল’ৰাৰ দৰে সাধুৰ পুথি ৰচনা কৰি অসমীয়া শিশু – সাহিত্যৰ ভঁৰাল টনকিয়াল কৰি থৈ গৈছে । বেজবৰুৱাৰ এই কালজয়ী সাধুবােৰ আজিও অসমত বহুলভাৱে প্ৰচলিত হৈ আছে । 

বেজবৰুৱা দেৱে অসমীৰ জাতীয় জীৱনত প্ৰভাৱ বিস্তাৰ কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ ওপৰতো পুথি ৰচনা কৰিছিল । এই 

পুথিৰ জৰিয়তে বেজবৰুৱাদেৱে মহাপুৰুষ দুজনাৰ ‘ ঘােষা-কীর্তন ’ , ‘ গীত – পদ ’ আদি ৰচনা সমূহক অসমবাসীক নতুনকৈ চিনাকি কৰাই দিছে । মহাপুৰুষ দুজনাৰ বিষয়ে আগতে আন লেখকে বেজবৰুৱাৰ দৰে লেখাটো চকুত নপৰে । সেয়েহে , কবিয়ে লক্ষ্মীনাথ বেজবৰুৱাই গােটেই অসমজুৰি ঘােষাকীৰ্তনৰ ললিত ৰাগিণী তােলা বুলি তেওঁৰ প্রশস্তি গাইছে। 

( খ ) ‘ জাতীয় গীত’ৰ               সুৰীয়া মাতত 

                     ধন্য হ’ল আপােনাৰ দেশ ’ 

          বীণা ভাগি গ’ল              অমিয় ঝংকাৰ     

                     আজিও যে ৰ’ল অৱশেষ ।

উত্তৰ ‘ জাতীয় গীত’ৰ ____ ৰ’ল অৱশেষ । 

ওপৰোক্ত কবিতাফাঁকি অতুল চন্দ্র হাজৰিকাদেৱে ৰচনা কৰা আৰু আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট ‘ লক্ষ্মীনাথ ’ নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে । 

অমূল্য ৰচনাৰাজিৰে অসমীয়া ভাষা – সাহিত্যৰ ভঁৰাল টনকিয়াল কৰি থৈ যােৱা লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃতিৰ ঝংকাৰ অসমীয়া মানুহৰ হৃদয়ত যে চিৰযুগমীয়া হৈ বাজি থাকিব তাকে কবিয়ে কবিতা ফাঁকিৰ জৰিয়তে প্ৰকাশ কৰিছে । 

অসমৰ জাতীয় সংগীত ‘ অ ’ মােৰ আপােনাৰ দেশ ’ বেজবৰুৱাৰ অনুপম সৃষ্টি আৰু অসমীয়া জাতিৰ যাউতীযুগীয়া মৌ কেহ । সুৰীয়া , শ্রুতিমধুৰ এই গীতটি অসমীয়াৰ বুকুৰ আপােন । গীতটি গালে বা শুনিলে প্রতিজন অসমীয়াৰ বুকু আবেগত উথলি উঠে , অসমী আইৰ প্রতি শ্রদ্ধা – ভক্তিত মূৰ দো খাই যায় । এইহেন গীতৰ স্রষ্টা— 

বেজবৰুৱাদেৱ কায়িকভাবে আজি আমাৰ মাজত নাই । কিন্তু বীণ ভাগি গলেও তাৰ অমিয়া ঝংকাৰ ৰৈ যােৱাৰ দৰে বেজবৰুৱা নাথাকিলেও অসমীয়াৰ মন মন্দিৰৰ স্মৃতি ফলকত তেওঁৰ নাম স্বর্ণাক্ষৰেৰে অংকিত

হৈ ৰৈ গৈছে । অসমীয়া জাতি , অসমীয়া ভাষা – সাহিত্যৰ কথা ওলালেই অসমীয়াৰ বুকুৰ মাজত যেন গুণ গুণকৈ বাজি উঠে লক্ষ্মীনাথ বেজবৰুৱাৰ নাম । 

প্ৰশ্ন ৫: ‘ লক্ষ্মীনাথ ’ কবিতাটিৰ মাজেৰে কবিৰ জাতীয়তাবাদ কিদৰে প্ৰকাশ পাইছে ? 

উত্তৰঃ কবি অতুল চন্দ্ৰ হাজৰিকাৰ ‘ লক্ষ্মীনাথ ’এটি প্রশস্তিমূলক কবিতা।কবিতাটিৰ মাজেৰে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ সৃষ্টি ৰাজিৰ গুণানুকীৰ্তন কৰা হৈছে । যদিও ইয়াৰ মাজেৰে কবি গৰাকীৰৰ জাতীয়তাবাদ প্রকাশ পাইছে। প্রথম কথা বেজবৰুৱা ডাঙৰীয়া আছিল হাড়ে – হিমজুৱে জাতীয়তাবাদী ভাবধাৰা সম্পন্ন ব্যক্তি । এনে এজন ব্যক্তিৰ প্রশস্তি গােৱাটোৱেই কবি গৰাকীৰ জাতীয়তাবাদী মনােভাৱৰ পৰিচয় দিছে । 

কবিতাটিত অসমীয়া জাতীয় জীৱনত প্ৰভাৱ বিস্তাৰ কৰা মহাপুৰুষ দুজনাৰ ঘােষা কীর্তন , বীৰ গদাধৰ , চক্ৰধ্বজ , শৰাইঘাটৰ ৰণ আদিৰ উল্লেখ আছে । এইবােৰৰ মাজেৰেও কবিৰ জাতীয়তাবাদ প্রকাশ পাইছে । বেজবৰুৱা দেৱে অসম , অসমীয়া জাতি আৰু অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ উন্নতি কল্পেই সাহিত্য সৃষ্টি কৰিছিল । কবিতাটিত কবিয়ে বেজবৰুৱাৰ সৃষ্টিৰাজিক লৈ গৌৰৱবােধ কৰা দেখা গৈছে । সদৌ শেষত কবিতাটিত কবিয়ে বেজবৰুৱাদেৱক পূর্ণিমাৰ জোনৰ সৈতে ৰিজাই অকণিহঁতক তেওঁৰ দৰে হ’বলৈ আহ্বান জনাইছে। এইবােৰ কথাৰ মাজেৰে কবিতাটিত কবিৰ জাতীয়তাবাদ প্রকাশ পাইছে । 

প্রশ্ন ৬: অতুল চন্দ্ৰ হাজৰিকাদেৱৰ সাহিত্য কৃতিৰ বিষয়ে লিখা । 

উত্তৰঃ অসমীয়া সাহিত্য জগতত অতুল চন্দ্ৰ হাজৰিকা কবি , নাট্যকাৰ, শিশু সাহিত্যিক , মঞ্চৰ ইতিহাস লেখক আৰু অনুবাদকৰূপে খ্যাত । তেওঁ প্ৰায় চাৰিকুৰিৰাে অধিক পুথি ৰচনা কৰিছে । হাজৰিকাদেৱৰ সাহিত্য কৃতিৰ বিষয়ে তলত চমুকৈ উল্লেখ কৰা হ’ল । 

কবিতা :- অতুল চন্দ্ৰ হাজৰিকাই প্রায় দহখন মান কবিতা পুথি ৰচনা কৰিছে । তাৰে কেইখনমান হ’ল – দিপালী , তপােবন , মুকুতামালা , মণিমালা , পাঞ্চজন্য , মাণিকী মাধুৰী আদি । 

নাটক :- হাজৰিকাদেৱে নাট্যকাৰ হিচাপেহে বেছি খ্যাতি লাভ কৰিছিল।তেওঁ ৰচনা কৰা প্রায় কুৰিখন নাটকক চাৰিটা শ্ৰেণীত ভাগ কৰিব পাৰি— 

( ১ ) পৌৰাণিক । 

( ২ ) বুৰঞ্জীমূলক ।

( ৩ ) বিবিধ বিষয়ক । আৰু 

( ৪ ) অনুবাদ । 

‘ কুৰুক্ষেত্র ’,  ‘ নৰকাসুৰ ’,  ‘ বেউলা ’,  ‘ সাৱিত্ৰী ’ আদি পৌৰাণিক নাটক ;  ‘ টিকেন্দ্রজিৎ ‘,  ‘ পানীপথ , ‘ কনৌজ কুৱৰী ’,  ‘ ছত্রপতি  শিৱাজী ’ আদি বুৰঞ্জীমূলক নাটক ; ‘ মর্জিয়ানা ‘, ‘ মানস প্রতিমা , ‘ ৰংমন ’– বিবিধ বিষয়ক নাটক আৰু ‘ বণিজ কোঁৱৰ ’,  ‘ অশ্রুতীর্থ আৰু শকুন্তলা — অনুবাদ নাটক । 

শিশু সাহিত্য :- ‘ কথা – দশম ’, ‘ কথা কীর্তন ’,  ‘ ল’ৰাৰ জাতক ’, ‘ ইছপৰ সাধু ’,  ‘ গ্রীমছৰ সাধু ‘, আদিকে ধৰি হাজৰিকাদেৱে প্রায় একুৰিৰাে অধিক শিশু সাহিত্য ৰচনা কৰে । হাজৰিকাদেৱে মঞ্চৰ ইতিহাসৰ ওপৰত লিখা গ্রন্থখন হৈছে মঞ্চলেখা । অতুলচন্দ্র হাজৰিকাৰ 

সাহিত্যৰ প্রধান বৈশিষ্ট হ’ল স্বদেশ প্রেম , মাতৃভূমি আৰু মাতৃভাষাৰ প্রতি একনিষ্ঠ ভক্তি ।

ভাষা-বিচাৰ

প্রশ্ন ১: সন্ধি ভাঙা –

        আশীর্বাদ , তৃষ্ণাতুৰ , ক্ষুধাতুৰ , পৰিষ্কাৰ , সুৰীয়া , দীপ্তিমান 

উত্তৰঃ আশীর্বাদ       –      আশীঃ + বাদ ।

         তৃষ্ণাতুৰ        –      তৃষ্ণা + আতুৰ ।

         ক্ষুধাতুৰ        –      ক্ষুধা + আতুৰ ।

         পৰিষ্কাৰ        –      পৰি + কাৰ । 

         সুৰীয়া          –      সুৰ + ঈয়া ।

         দীপ্তিমান       –       দীপ্তি + মান ।

প্ৰশ্ন ২: ব্যাসবাক্য লিখি সমাসৰ নাম লিখা – 

       লক্ষ্মীনাথ , মহাপুৰুষ , কীর্তনঘােষা , কাহুদি – খালি , চক্ৰধ্বজ , গদাধৰ । 

উত্তৰঃ লক্ষ্মীনাথ            –      লক্ষ্মীৰ নাথ ( ষষ্ঠী তৎপুৰুষ ) 

         মহাপুৰুষ             –      মহান যি পুৰুষ ( কর্মধাৰয় ) 

         কীর্তনঘােষা         –      কীর্তন আৰু ঘােষা ( ইতৰেতৰ দ্বন্দ্ব ) 

         কাহুদি – খাৰলি     –      কাহুদি আৰু খাৰলি ( ইতৰেতৰ দ্বন্দ্ব ) 

          চক্ৰধ্বজ             –        চক্র আছে ধ্বজত যাৰ ( বহুব্ৰীহি ) 

          গদাধৰ               –        গদাধৰে যি ( উপপদ তৎপুৰুষ ) 

প্রশ্ন ৩: প্রত্যয় নির্ণয় কৰা –

        ৰাগিণী , ৰূপহী , চেনেহী , ডাঙৰীয়া , জাতীয় , গজপুৰীয়া 

উত্তৰঃ ৰাগিণী         –         ৰাগ + অনী । 

         ৰূপহী           –         ৰূপহ + ঈ ।

         চেনেহী         –         চেনেহ + ঈ ।

         ডাঙৰীয়া      –         ডাঙৰ + অৰীয়া ।

         জাতীয়         –         জাতি + ষ্ণীয় । 

         গজপুৰীয়া      –        গজপুৰ + ঈয়া ।

Leave a Reply

error: Content is protected !!
Scroll to Top
Scroll to Top
adplus-dvertising