Niketan Class 8 Assamese Chapter 6 আমাৰ ভাৰতী আই

Niketan Class 8 Assamese Chapter 6 আমাৰ ভাৰতী আই is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 8 Assamese Chapter 6 আমাৰ ভাৰতী আই and select need one.

Niketan Class 8 Assamese Chapter 6 আমাৰ ভাৰতী আই

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 8 Assamese Chapter 6 আমাৰ ভাৰতী আই Solutions for All Subjects, You can practice these here…

আমাৰ ভাৰতী আই

Chapter – 6

ASSAMESE

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS


ক্ৰিয়া-কলাপ

প্রশ্ন ১: অতি চমুউত্তৰ লিখা— 

( ক ) ‘ ভাৰতী আই ’ বুলি কাৰ কথা কোৱা হৈছে ?

উত্তৰঃ ভাৰতবৰ্ষৰ কথা কোৱা হৈছে । 

( খ ) ‘ মন মানস ’ ফুলে কিয় পাহি মেলে বুলি কৈছে ? 

উত্তৰঃ প্রেমৰ পৰশ পাবলৈ । 

( গ ) কবিৰ শান্তিৰ জিৰণি ঠাই কি ? 

উত্তৰঃ ভাৰতী আইৰ কোলাখনি অর্থাৎ কবিৰ জন্মভূমি ভাৰতবর্ষ ।

( ঘ ) নলিনীবালা দেৱী কি কবি হিচাপে খ্যাত ?

উত্তৰঃ অতীন্দ্রিয়বাদী বা ৰহস্যবাদী কবি হিচাপে খ্যাত ।

( ঙ ) নলিনীবালা দেৱীৰ প্রথম কবিতা পুথিখনৰ নাম কি ?

উত্তৰঃ সন্ধিয়াৰ সুৰ । 

প্রশ্ন ২: কবিয়ে ভাৰতী আইৰ কোলাখনি কিয় শান্তিৰ জিৰণি ঠাই বুলি কৈছে ? 

উত্তৰঃ কবিৰ মতে ‘ ভাৰতী আই ’ অর্থাৎ তেওঁৰ জন্মভূমি এই দেশখন স্বর্গতকৈও শ্রেষ্ঠ । এই দেশ বৰ অনুপম । প্রভাতৰ প্রথম ৰেঙণি এই দেশতে পৰে । এই দেশৰ মানুহে মানৱতাৰ জয়গান গায় । এই দেশত আসুৰিক শক্তিৰ স্থান নাই । মিছা অহংকাৰ , কুটিল দর্প এই দেশত নিজে নিজে লয় হৈ যায় । সেইবাবে কবিয়ে ভাৰতী আইৰ কোলাখনি শান্তিৰ জিৰণি ঠাই বুলি কৈছে । 

প্রশ্ন ৩: ‘ বীৰ প্রসবিনী ’ বুলি কাক কিয় কোৱা হৈছে ? 

উত্তৰঃ ‘ বীৰ প্রসবিনী ’ বুলি ভাৰতী আইক কোৱা হৈছে । প্রাচীন কালৰ পৰা কবিৰ সময়লৈকে ভাৰতী আয়ে বহুতো বীৰ-বীৰঙ্গনাৰ জন্ম দিছে । এই বীৰ বীৰাঙ্গনা সকলে সদায়ে শত্ৰুৰ পৰা ভাৰতী আইক ৰক্ষা কৰি আহিছে । সেইবাবে কবিয়ে ‘ ভাৰতী আইক ‘ বীৰ প্রসবিনী ’ বুলি কৈছে।

প্রশ্ন ৪: ব্যাখ্যা কৰা – 

মানৱীয়তাৰ জীৱন গঙ্গা 

             ইয়াতে বিচাৰি পায় 

দানবীয়তাৰ কুটীল দর্প 

             ইয়াতেই লয় পায় । 

উত্তৰঃ কবিতাফাঁকি অতীন্দ্রিয়বাদী কবি নলিনীবালা দেৱীয়ে ৰচনা কৰা আৰু আমাৰ পাঠ্যপুথিত অন্তর্ভুক্ত ‘ আমাৰ ভাৰতী আই ’ নামৰ দেশপ্রেমমূলক কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে । 

কবিতাফাঁকিৰ মাজেৰে কবিয়ে জন্মভূমি ‘ ভাৰতী আই ‘ ৰ গুণানুকীৰ্ত্তন কৰিছে ।

ইতিহাসে ঢুকি নােপােৱা কালৰ পৰা বুদ্ধ , গান্ধীলৈকে আমাৰ ভাৰতী আইৰ কোলাত জ্ঞান তপস্বী , কর্মযােগী , মানৱীয়তাৰ পূজাৰী অনেক মহান পুৰুষে জন্ম লভিছে । সেই সকল মহান পুৰুষে তেওঁলােকৰ জীৱনৰ 

আদৰ্শৰ মাজেৰে , কৰ্মৰ মাজেৰে জগতত বিলাই গৈছে মানৱতাৰ মহান বাণী । ‘ বসুধৈৱ কুটুম্বকম ‘ বাণীৰে উদ্বুদ্ধ এই দেশ । ইয়াত নীচতা – হীনতা , অন্যায় – অতিচাৰৰ স্থান নাই । দানবীয়তাৰ ক’লা ডাৱৰে এই দেশৰ সুনীল আকাশ কাহানিও ঢাকিব পৰা নাই । মিছা অহংকাৰ , কুটীল দর্প ইয়াত নিজে নিজে লয় পায় । এইহেন আমাৰ জন্মভূমিৰ গৌৰৱ – গৰিমা আমি সকলােৱে ৰক্ষা কৰিব লাগিব । 

প্ৰশ্ন ৫: কবিতাটিৰ মূলভাব লিখা –

উত্তৰঃ অতীন্দ্রিয়বাদী কবি নলিনীবালা দেৱীৰ আমাৰ ভাৰতী আই এটি দেশপ্রেমমূলক কবিতা ।কবিতাটোত তেওঁৰ দেশপ্রেমৰ আৱেগময়ী চিন্তা মুক্ত বিহঙ্গৰ দৰে আকাশ পাইছে । কবিয়ে এই দেশ ভাৰতভূমিক মাতৃৰূপত কল্পনা কৰিছে । এই দেশ অনুপম । প্রভাতৰ প্রথম ৰেঙণি এই দেশতে পৰে । এই দেশৰ মানুহে মানৱতাৰ জয়গান গায় । এই দেশত আসুৰিক শক্তিৰ স্থান নাই । মিছা অহংকাৰ , কুটিল দর্প এই দেশত নিজে নিজে লয় হৈ যায় । বীৰ প্রসবিনি এই দেশে যুগে যুগে জন্ম দিছে অনেক বীৰ পুৰুষৰ । স্বৰ্গতো অধিক এই দেশখন কবিৰ শান্তিৰ জিৰণি ঠাই । 

প্রশ্ন ৬: কবি নলিনীবালা দেৱীৰ সাহিত্য কৃতিৰ বিষয়ে লিখা । 

উত্তৰঃ অসমীয়া সাহিত্য জগতত নলিনীবালা দেৱী অতীন্দ্রিয়বাদী বা ৰহস্যবাদী কবিৰূপে খ্যাত । তেওঁ সৰুৰে পৰা কবিতা ৰচনাৰ অনুশীলনী কৰিছিল যদিও কবিৰূপে প্রতিষ্ঠা লাভ কৰে ১৯২৮ চনত ‘ সন্ধিয়াৰ সুৰ’— প্রকাশ হােৱাৰ লগে লগে । নলিনীবালা দেৱীয়ে চিৰসুন্দৰৰ অস্তিত্বৰ মৃদু শিহৰণ জাগতিক সকলাে বিষয়তে অনুভৱ কৰিছে আৰু চিৰসুন্দৰৰ অন্বেষণেই সৰহভাগ কবিতাৰ মূল বিষয়ৰূপে অণুৰণিত হৈছে । তেওঁৰ কবিতাৰ আন এটি সুৰ হ’ল — স্বদেশপ্রীতি । জন্মভূমিৰ প্রত্যেক ধূলিকণা তেওঁৰ মনত পৱিত্ৰ । তেওঁৰ বুজন সংখ্যক কবিতা স্বদেশানুৰাগেৰে ৰঞ্জিত । নলিনীবালা দেৱীয়ে ৰচনা কৰাকবিতা পুথিসমূহ হ’ল — সন্ধিয়াৰ সুৰ , সপােনৰ সুৰ , পৰশমণি , যুগদেৱতা , 

জাগৃতি আৰু অলকানন্দা।ইয়াৰ উপৰিও তেওঁ — ‘ স্মৃতি তীর্থ ‘, ‘ বিশ্বদীপা ‘, ‘ চৰ্দাৰ পেটেল ’, ‘ শান্তি পথ ’, ‘ এৰি অহা দিনবােৰ ‘ আদি পুথিও ৰচনা কৰিছে । ‘ অলকানন্দা’ৰ বাবে ১৯৬৮ চনত তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰে । 

ভাষা-বিচাৰ

প্রশ্ন ১: বিপৰীত শব্দ লিখা – 

       শান্তি , স্বর্গ , উদয় , প্রেম , মানৱ , লয় । 

উত্তৰঃ শান্তি         –         অশাস্তি ।

           স্বর্গ           –         নৰক । 

           উদয়         –         অস্ত ।

           প্রেম          –         ঘৃণা । 

           মানৱ         –         দানৱ । 

           লয়           –          সৃষ্টি । 

প্রশ্ন ২: ‘ আই ’ শব্দটোৰ একে অর্থ বাচক আন কি শব্দ আছে লিখা । 

উত্তৰঃ মা, মাতৃ, জননী । 

প্রশ্ন ৩: প্রত্যয় ভাঙি দেখুওৱা –

        ভাৰতী , মানবীয় , প্রসবিনী , জিৰণি 

উত্তৰঃ ভাৰতী       –        ভাৰ + অতী ।

         মানৱীয়     –        মানৱ + ষ্ণীয় । 

         প্রসবিনী     –        প্ৰসৱ + অনী । 

         জিৰণি       –        জিৰা + অনি ।

1 thought on “Niketan Class 8 Assamese Chapter 6 আমাৰ ভাৰতী আই”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top