Niketan Class 8 Assamese Chapter 4 পৰম বন্ধু

Niketan Class 8 Assamese Chapter 4 পৰম বন্ধু is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 8 Assamese Chapter 4 পৰম বন্ধু and select need one.

Niketan Class 8 Assamese Chapter 4 পৰম বন্ধু

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 8 Assamese Chapter 4 পৰম বন্ধু Solutions for All Subjects, You can practice these here…

পৰম বন্ধু

Chapter – 4

ASSAMESE

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS


প্রশ্ন ১: চমু উত্তৰ দিয়া — 

( ক ) পৰম বন্ধু কোন ? 

উত্তৰঃ যিজনে বিপদৰ সময়ত বন্ধুৰ ওচৰত থাকি সুখ – দুখৰ সমভাগী তেৱেঁই পৰম বন্ধু ।

( খ ) পৰম বন্ধুৰ এটা লক্ষণ লিখা । 

উত্তৰঃ কি চিন্তা – ভাৱনাত এজন বন্ধুয়ে টোপনি নাহিলে আনজন বন্ধুৱেও টোপনি মাৰিব নােৱাৰাটো পৰম বন্ধুৰ এটা লক্ষণ । 

( গ ) প্রকৃত বন্ধু কেতিয়া চিনিব পাৰি ? 

উত্তৰঃ প্রকৃত বন্ধু কার্যক্ষেত্ৰত চিনিব পাৰি । 

( ঘ ) কেনেকুৱা বন্ধুক কবিয়ে অমূল্য ধন বুলি কৈছে ? 

উত্তৰঃ মহাৰথ বন্ধুক কবিয়ে অমূল্য ধন বুলি কৈছে । 

( ঙ ) কেতিয়া এজন বন্ধুক স্বাভাৱিক আৰু স্বার্থপৰ বন্ধু বুলিব পাৰি ? 

উত্তৰঃ ত্যাগৰ কালত এজন বন্ধুক স্বাভাৱিক আৰু স্বার্থপৰ বন্ধু বুলিব পাৰি । 

( চ ) ড° সূর্য কুমাৰ ভূঞাৰ একমাত্র কবিতা পুথিখনৰ নাম কি ? 

উত্তৰঃ ড° সূর্য কুমাৰ ভূঞাৰ একমাত্র কবিতা পুথিখনৰ নাম ‘ নির্মালি’। 

প্ৰশ্ন ২: কবিতাটিৰ মূল ভাব লিখা— 

উত্তৰঃ ড° সূর্য কুমাৰ ভূঞাৰ ‘ পৰম বন্ধু ’ এটি নীতিমূলক কবিতা । কবিতাটিৰ মাজেৰে কবিয়ে সজ বন্ধু আৰু প্রিয় বন্ধুৰ লক্ষণ সম্পর্কে আমাক এটি ধাৰণা দিব বিচাৰিছে । যিজনে বিপদৰ সময়ত বন্ধুৰ ওচৰত থাকি সুখ – দুখৰ সমভাগী হয় তেৱেঁই পৰম বন্ধু । আমাৰ জীৱন যাত্ৰাত অসংখ্য বন্ধু-বান্ধৱ লগ পােৱা যায় । সেইবুলি সকল বন্ধুৱে প্রিয়বন্ধুৰ স্থান দখল কৰিব নােৱাৰে। সাধাৰণতে কোনজন প্রকৃত বন্ধু তেওঁক কার্য ক্ষেত্ৰতহে চিনিব পাৰি । সম্পদ কালৰ বন্ধু ঢেৰ; বিপদত বহুত

বন্ধুইদুর্গতজনৰ পৰা আঁতৰি ফুৰে । যিজনে বন্ধুৰ বিপদৰ সময়ত নিজৰ স্বার্থত্যাগ কৰি বন্ধুৰ কল্যাণৰ বাবে সহায়ৰ হাত আগবঢ়ায় তেওঁহে পৰম বন্ধু । যিজনে নিজৰ স্বার্থ পূৰণৰ বাবে বন্ধুত্ব দেখুৱায় তেনে বন্ধুৰ সংগ এৰাই চলা ভাল। 

প্রশ্ন ৩: “ জুখিলেহে জনা যায় লাহি নে গধূৰ ” —কথাষাৰৰ তাৎপর্য বুজাই লিখা । 

উত্তৰঃ আমাৰ জীৱন যাত্ৰাত অসংখ্য বন্ধু – বান্ধৱ লগ পােৱা যায় । এইবন্ধুবােৰৰ ভিতৰত কোনজন কেনেকুৱা তাক সহজে ধৰিব নােৱাৰি।কাৰণ স্বাভাৱিক অৱস্থাত বা সম্পদৰ সময়ত সকলােকে বন্ধু হিচাপে সমান যেনেই লাগে । 

কিন্তু বিপদৰ সময়ত ওলাই পৰে কোনজন বন্ধুৰ কিমান ওজন। প্রকৃত বন্ধুৱে সম্পদৰ সময়ত যিদৰে ওচৰত থাকে, সেইদৰে বিপদৰ সময়তে থাকে । কিন্তু স্বার্থপৰ বন্ধুৱে বিপদৰ সময়ত বন্ধুক এৰি পলায়। 

প্ৰশ্ন ৪: পৰম বন্ধুৰ গুণ সম্পর্কে কবিয়ে কি কি কথা কৈছে বুজাই লিখা । 

উত্তৰঃ পৰম বন্ধুৰ গুণ সম্পর্কে কবিয়ে কেবাটাও কথা কৈছে । সুখে – দুখে , সম্পদে – বিপদে বন্ধুৰ সংগ দিয়াটো পৰম বন্ধুৰ এটা গুণ । পৰম বন্ধুৰ বন্ধু – প্রেম সকলাে অৱস্থাতে অটুট থাকে । বন্ধুৰ শােকত পৰম বন্ধুৱে মনত দুখ পায় । কিবা চিন্তা – ভাৱনাত বন্ধুৱে টোপনিৰ পৰা সাৰ পাই উঠি বহি থাকিলে , পৰম বন্ধুজনেও টোপনি নামাৰে । 

প্রশ্ন ৫: প্রসঙ্গ সঙ্গতি দর্শাই ব্যাখ্যা কৰা –

( ক ) সম্পদত প্রিয়বন্ধু অনেক ওলায় , 

         আপদত এনে বন্ধু কেনিবা পলায় । 

উত্তৰঃ সম্পদত প্রিয়বন্ধু ___,

            ____কেনিবা পলায় ।

কবিতাফাঁকি ড° সূর্য কুমাৰ ভূঞাদেৱে ৰচনা কৰা আৰু আমাৰ পাঠ্য পুথিত অন্তর্ভুক্ত ‘ পৰম বন্ধু ’ নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে । 

কবিতাফাঁকিৰ জৰিয়তে সম্পদৰ সময় আৰু আপদৰ সময় , —দুটা ভিন্ন সময়ত দেখা পােৱা বন্ধুৰ চৰিত্ৰৰ ছবি এখন দাঙি ধৰিছে । 

আমাৰ জীৱনত অনেক বন্ধু-বান্ধৱ লগ পােৱা যায়। বিশেষকৈ সম্পদৰ সময়ত অনেক বন্ধু লগ দিয়েহি । কিন্তু মানুহ চিনা বৰ টান । সম্পদৰ সময়ত লগ দিয়া বন্ধুবােৰৰ কোন প্রকৃততে প্রিয় বন্ধু চিনি উলিওৱাটো কঠিন । কিন্তু আপদৰ সময়ত সহজতে চিনি উলিয়াব পাৰি । প্রকৃত বা প্রিয় বন্ধুৱে সুখে – দুখে , সম্পদে – বিপদে সকলাে সময়তে বন্ধুক সংগ দিয়ে । কিন্তু যিজন স্বার্থপৰ বিপদৰ সময়ত বন্ধুৰ সংগ এৰি আঁতৰি থাকে । 

( খ ) মহাৰথ প্রিয়জন লভিছেযি জনে ,        

              পাইছে অমূল্য ধন বিচাৰি সিজনে ।

উত্তৰঃ মহাৰথ প্রিয়জন _____,

           ____বিচাৰি সিজনে । 

কবিতাফাঁকি ড° সূর্য কুমাৰ ভুঞাদেৱে ৰচনা কৰা আৰু আমাৰ পাঠ্য পুথিৰ অন্তর্ভুক্ত ‘ পৰম বন্ধু ’ নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে । 

কবিতাফাঁকিৰ জৰিয়তে কবিয়ে কোনে প্রকৃততে ‘ অমূল্য ধন ’ প্রিয়বন্ধু লাভ কৰে , তাকেই কৈছে । 

কবিয়ে ইয়াত প্রিয় বন্ধুক ‘ মহাৰথ ’ বুলি কৈ তেনেকুৱা বন্ধুক অমূল্য ধনৰ লগত তুলনা কৰিছে। ‘ অমূল্য ধন ’ সদৃশ প্রিয়বন্ধু লাভ কৰাটো সকলাে মানুহৰ ভাগ্যত নিমিলিবও পাৰে । সম্পদৰ সময়ত আগুৰি ধৰা, একে পাতত ভাত খােৱা অনেক বন্ধুৱে বিপদৰ সময়ত বন্ধুক এৰি পলাই যােৱাও দেখা যায় । কিন্তু তাৰ মাজতে এনেকুৱা বন্ধুও থাকে যিয়ে নিজৰ স্বার্থ ত্যাগ কৰি হ’লেও বিপদৰ সময়ত বন্ধুক সহায় কৰে । এনেকুৱা বন্ধুই হৈছে ‘ মহাৰথ ’ বন্ধু । গতিকে যিজনে এনেকুৱা ‘ মহাৰথ’ বন্ধু লাভ কৰে , তেওঁ প্ৰকৃততে অমূল্য ধন পােৱাৰ নিচিনা হয়। 

( গ ) কোন বন্ধু স্বার্থপৰ কোন স্বাভাৱিক , 

          ত্যাগৰ কালত তুমি বুজিবা সঠিক ।  

উত্তৰঃ কোন বন্ধু স্বার্থপৰ ____,

           _____তুমি বুজিবা সঠিক । 

কবিতাফাঁকি ড° সূর্য কুমাৰ ভূঞাদেৱে ৰচনা কৰা আৰু আমাৰ পাঠ্য পুথিত অন্তর্ভুক্ত ‘ পৰম বন্ধু ’ নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে ।

কোন সময়ত স্বাভাৱিক বন্ধু আৰু স্বার্থপৰ বন্ধুক চিনিব পৰা যায় , তাকে উক্ত কবিতাফকিৰ জৰিয়তে কবিয়ে কৈছে। 

জীৱনৰ যাত্ৰা পথত লগ লােৱা বন্ধুবােৰৰ ভিতৰত কোনজন স্বাভাৱিক বন্ধু আৰু কোনজন স্বার্থপৰ বন্ধু সতকাই চিনিব নােৱাৰি । কিন্তু বন্ধুৰ হকে যেতিয়া কিবা ত্যাগৰ প্রশ্ন আহে , তেতিয়া সহজে চিনি পােৱা যায় । বন্ধুৰ বিপদ-কালত নিজৰ স্বার্থত্যাগ কৰি হ’লেও যিজনে বন্ধুৰ কল্যাণৰ হকে সহায়ৰ হাত আগবঢ়ায় , সেইজন স্বাভাৱিক বন্ধু । আনহাতে , বন্ধুৰ বাবে সামান্য কিবা ত্যাগৰ প্রয়ােজন হলে যিজনে গা এৰা দিয়ে বা পলায় , তেওঁ স্বার্থপৰ বন্ধু। এনে বন্ধুৰ সংগ এৰাই চলিব লাগে । 

ভাষা-বিচাৰ

প্রশ্ন ১: ‘ প্রিয় ’ শব্দৰে আৰম্ভ হােৱা তিনিটা শব্দ লিখা । 

উত্তৰঃ প্রিয় গীত , প্রিয় ছাত্র , প্রিয় গ্রন্থ । 

প্রশ্ন ২: বিপৰীত শব্দ লিখা । 

       প্রিয় , বন্ধু , লাহি , অমূল্য , স্বার্থপৰ , ত্যাগ , চিনাকি , সম্পদ , টোপনি। 

উত্তৰঃ প্রিয়        –      অপ্রিয় । 

         বন্ধু         –     শত্রু । 

         লাহি        –     কঠিন , টান , পাতল । 

         অমূল্য      –     মূল্যহীন । 

         স্বার্থপৰ    –      আপােন ভােলা । 

          ত্যাগ      –      গ্রহণ । 

          চিনাকি   –       অচিনাকি । 

           সম্পদ    –      আপদ , বিপদ । 

           টোপনি   –      জাগৰণ । 

প্ৰশ্ন ৩: সমার্থক শব্দ লিখা । 

        বিপদ , মিত্র , পদ , নিদ্রা , শােক 

উত্তৰঃ বিপদ    –    আপদ , বিপত্তি , বিঘিনি । 

         মিত্র      –    বন্ধু , সুহৃদ । 

         পদ       –    চৰণ , ভৰি , উপাধি ।

         নিদ্রা     –    টোপনি । 

         শােক    –    দুখ , বেজাৰ । 

প্ৰশ্ন ৪: তলৰ শব্দবােৰৰ বিভক্তি ভাঙি দেখুওৱা – 

        সম্পদত , বন্ধু , মানুহে , আজিৰপৰা , প্রিয়জনলৈ , হাতেৰে । 

উত্তৰঃ সম্পদত           –        সম্পদ + ত ( সপ্তমী বিভক্তি ) 

         বন্ধুৰ              –         বন্ধু + ৰ ( ষষ্ঠ বিভক্তি ) 

         মানুহে             –         মানুহ + এ ( তৃতীয়া বিভক্তি ) 

         আজিৰে পৰা     –         আজি + পৰা ( পঞ্চমী বিভক্তি ) 

         প্রিয়জনলৈ        –         প্রিয়জন + লৈ ( চতুর্থী বিভক্তি ) 

          হাতেৰে          –          হাত + ৰে ( তৃতীয়া বিভক্তি ) 

প্রশ্ন ৫: বাক্য সাজা –

        পদে পদে , আপদে – আপদে , মহাৰথী , প্রিয়বন্ধু , স্বার্থপৰ । 

উত্তৰঃ পদে-পদে – পর্বতাৰােহণকাৰী সকলৰ পদে-পদে বিপদৰ আশংকা থাকে । 

আপদে – বিপদে – ওচৰ চুবুৰীয়াৰ লগত ভালে থাকিলে আপদে – বিপদে সহায় পােৱা যায় । 

মহাৰথী – মহাৰথী লাচিত বৰফুকনে শৰাইঘাটৰ যুদ্ধত মােগলক বেয়াকৈ পৰাস্ত কৰিছিল । 

প্রিয়বন্ধু – প্রিয়বন্ধুৱে সদায় বন্ধুৰ দুখৰ সমভাগী হয় । 

স্বার্থপৰ – মানুহজন বৰ স্বাৰ্থপৰ সেইবাবেই চুবুৰীয়াবােৰে তেওঁক বেয়া পায় । 

প্রশ্ন ৬: শুদ্ধ শব্দটো বাছি উলিয়াই তলৰ বাক্যসমূহ পূর্ণ কৰা— 

( ক ) কর্ণ মহাভাৰতৰ এজন ___ বীৰ আছিল । ( ৰথী / মহাৰথী / সাৰথি ) 

উত্তৰঃ মহাৰথী ।

( খ ) অর্জুন কৃষ্ণৰ ৰথৰ __ আছিল । ( ৰথী / মহাৰথী / সাৰথি ) 

উত্তৰঃ ৰথী ।

( গ ) স্বাৰ্থপৰ বন্ধুৱে সংগ দিয়ে ___ সময়ত । ( সম্পদৰ / বিপদৰ / দুখৰ ) 

উত্তৰঃ সম্পদৰ ।

( ঘ ) প্রিয়বন্ধু সুখ-দুখৰ ____ হয় । ( সমভাগী / আঁতৰ / অজ্ঞাত ) 

উত্তৰঃ সমভাগী ।

প্ৰশ্ন ৭: শব্দার্থ লিখা — 

         সম্পদত , আপদত , লাহি , মহাৰথ , তেনুৱা , তেতিক্ষণে , শশাকে , লভিছে , স্বাভাৱিক ।

উত্তৰঃ সম্পদত       –       ভাল বা সুখৰ দিনত । 

         আপদত       –       বেয়া দিনত , বিপদৰ সময়ত । 

         লাহি           –        কোমল , পাতল , মিহি বা মসৃণ । 

         মহাৰথ        –       ডাঙৰ যুঁজাৰু । 

         তেনুৱা        –       তেনেকুৱা । 

         তেতিক্ষণে    –       তেতিয়াই , সেই সময়ত । 

         শােকে         –       দুখে , বেজাৰে , বেদনাই । 

         লভিছে        –        লাভ কৰিছে , পাইছে । 

         স্বাভাৱিক    –         আপােনা – আপুনি , স্বভাৱত ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top