Niketan Class 8 Assamese Chapter 3 বিহু চোলা

Niketan Class 8 Assamese Chapter 3 বিহু চোলা is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 8 Assamese Chapter 3 বিহু চোলা and select need one.

Niketan Class 8 Assamese Chapter 3 বিহু চোলা

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 8 Assamese Chapter 3 বিহু চোলা Solutions for All Subjects, You can practice these here…

বিহু চোলা

Chapter – 3

ASSAMESE

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS


ক্ৰিয়া-কলাপ

প্রশ্ন ১: চমু উত্তৰ দিয়া — 

( ক ) সােণপাহিৰ ঘৰ ক’ত আছিল ? 

উত্তৰঃ সােণপাহিৰ ঘৰ দিখৌৰ পাৰৰ শলগুৰি গাঁৱত আছিল ।

( খ ) সােণপাহিৰ পােণাটিৰ নাম কি আছিল আৰু বয়স কিমান হৈছিল ? 

উত্তৰঃ সােণপাহিৰ পােণাটিৰ নাম মাখন আছিল । মাখনৰ বয়স পাঁচ বছৰ হৈছিল । 

( গ ) সােণপাহিয়ে গিৰিয়েকৰ পৰা কি পাইছিল ?

উত্তৰঃ সােণপাহিয়ে গিৰিয়েকৰ পৰা এচমকা ভেটিৰ মাটি পাইছিল ।

( ঘ ) মাখনক নতুন চোলা কিয় লাগে ? 

উত্তৰঃ মাখনক নতুন চোলা বিহুত পিন্ধিবলৈ লাগে।

( ঙ ) মাকে মাখনক আনি দিয়া বিহুৰ চোলাটো কেনেকুৱা আছিল ? 

উত্তৰঃ মাকে মাখনক আনি দিয়া বিহুৰ চোলাটো ৰঙা বৰণৰ জাপানী বনিয়ন আছিল ।

( চ ) চোলাটো ঘৰলৈ আনি সােণপাহিয়ে ক’ত থৈছিল আৰু তেতিয়া মাখনে কি কৰিছিল ? 

উত্তৰঃ সােণ পাহিয়ে চোলাটো জুহালৰ গুৰিৰ বেৰৰ কাষত উঘা এটাৰ ওপৰত আঁৰি থৈছিল । তাত থ’লে লেতেৰা হ’ব বুলি ভাবি মাখনে চোলাটো তাৰ পৰা নি মূৰৰ শিতানত থৈছিল ।

( ছ ) বিহুৰ দিনা মাখনে নতুন চালাটো লৈ কাৰ চোতাললৈ গৈছিল ? 

উত্তৰঃ বিহুৰ দিনা মাখনে নতুন চালাটো লৈ ওচৰ – চুবুৰীয়া ভদাই শইকীয়াৰ চোতাললৈ গৈছিল ।

( জ ) কোনে মাখনৰ নতুন চোলাটো ফালি পেলাইছিল ? 

উত্তৰঃ লহমন বােলা ল’ৰাটোৱে মাখনৰ নতুন চোলাটো ফালি পেলাইছিল ।

( ঝ ) নতুন চোলাটোৰ শেষ পৰিণতি কি হল ?

উত্তৰঃ লাহমনৰ হাতত সীয়নি ছিগা চোলাটো বাকীবিলাক ল’ৰা – ছােৱালীয়ে পিটিকি পিটিকি চাওঁতে চোলাটোত সিহঁতৰ হাতত লগােৱা জেতুকা আৰু থেৰেজুৰ চেকা লাগিল ।

( ঞ ) বিহুৰ বাবে সােণপাহিয়ে কি কি যােগাৰ কৰিছিল ? 

উত্তৰঃ বিহুৰ বাবে সােণপাহিয়ে এটি গাখীৰৰ টিপা , এপােৱা গুড় আৰু এমুঠি উঁহ – পতনুৱা চাউল যােগাৰ কৰিছিল । 

প্রশ্ন ২: উৰুকাৰ ৰাতিপুৱা চুবুৰীয়া ঘৰৰ চোতালত সমনীয়াৰ কথাবােৰে মাখনৰ মনত কেনে প্রতিক্রিয়া সৃষ্টি কৰিছিল ? তাৰ পিছত মাখনে কি কৰিছিল ? 

উত্তৰঃ সমনীয়াবোৰে মাখনে বিহুৰ চোলা আনিছেনে নাই সােধাত মাখনে অতি সৰলভাৱে উত্তৰ দিছিল যে বজাৰত চোলা শেষ হােৱাৰ 

বাবে মাকে তালৈ আগদিনাখন চোলা আনিব নােৱাৰিলে , সেইদিনা গধুলিহে আনিব । মাখনৰ এই কথা শুনি অলপ বয়সীয়া ল’ৰা এটাই “ হে’ৰ , বজাৰত ক’ৰবাত চোলা ঢুকায় ? ” বুলি মাখনক ঠাট্টা কৰি প্রশ্ন কৰাত লগৰীয়া আটাইবােৰে হাঁহিব ধৰিছিল । সিহঁতৰ এই হাঁহিয়ে মাখনৰ সৰল মনত দুখ দিছিল । সি বুজি পাইছিল যে বজাৰত কেতিয়াও চোলা নুঢুকায় । মাকে তাক সান্ত্বনা দিবলৈহে তেনেকৈ কৈছে। তাৰ পিছত মাখনে লাজ , খং আৰু অভিমানত পােনে দাহেই মাকৰ ওচৰ পাইছিলগৈ ।

প্রশ্ন ৩: গধূলি মাকে বজাৰৰ পৰা আহি নঙলামুখ পাওঁতে মাখনে কি কৰিছিল ? 

উত্তৰঃ মাইকীৰ হেম্বেলনি শুনা দামুৰিৰ দৰে মাখনে গৈ মাকৰ আঁঠু দুটাত সাবট মাৰি ধৰি তালৈ মাকে বিহু – চোলা আনিছে নে নাই সুধিছিল। 

প্রশ্ন ৪: বিহুৰ চোলাটো লােৱাৰ পিছত মাখনৰ মনত উদয় হােৱা ভাৱ গতিৰ এটা বর্ণনা দিয়া । 

উত্তৰঃ বিহুৰ চোলাটো পােৱাৰ পিছত মাখনৰ আনন্দৰ সীমা নােহােৱা হ’ল । মাকৰ পৰা চোলাটো লৈ সি আনন্দত উত্ৰাৱল হৈ চোলাটোৰ জাপ ভাঙি লিৰিকি বিদাৰি চালে । সেই এধানমান ৰঙীণ জাপানী কপাহী বনিয়াটোত ইমান সৌন্দর্য লুকাই আছে যে তাৰ এশ ভাগৰ এভাগো যেন সি চাব পৰা নাই । চাই চাই হেঁপাহ পলােৱাত ভালকৈ থবৰ বাবে সি চোলাটো মাকৰ হাতত দিলে । মাকে চোলাটো জুহালৰ বেৰৰ কাষৰ উঘা এটাৰ ওপৰতে থােৱা দেখি মাখনৰ অসহ্য হ’ল । চোলাটো তেনেকৈ থলে ক’লা বা লেতেৰা হ’ব বুলি সি সেইটো মূৰৰ শিতানত থলেগৈ । কাইলৈ ৰাতিপুৱাই সি সমনীয়াহঁতৰ আগত চোলাটো পিন্ধি চাবা মাকে বিহু বুলি কিবা যা – যােগাৰ অলপ যে আনিছিল , সেইবােৰ চাবলৈ তাৰ আহৰিয়েই নাই। 

প্ৰশ্ন ৫: প্রসঙ্গ সঙ্গতি দর্শাইব্যাখ্যা কৰা— 

( ক ) পুতেকৰ সেই ওলমি অহা মুখখনিৰ ভিতৰত যে এফেৰি খং – বেজাৰৰ তপত ভাপ আহিছে মাকে তাক বুজিব পৰা নাছিল । 

উত্তৰঃ পুতেকৰ সেই ওলমি অহা ____ বুজিব পৰা নাছিল । বাক্যটি মিত্ৰদেৱ মহন্তদেৱে ৰচনা কৰা আমাৰ পাঠ্যপুথিৰ অন্তর্ভুক্ত “ বিহু – চোলা ” নামৰ পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে । 

বিহু – চোলা নােহােৱা বাবে সমনীয়াবােৰে হঁহাৰ পিছত হােৱা মাখনৰ মানসিক অৱস্থাৰ ছৱি এখন বাক্যটিৰ জৰিয়তে দাঙি ধৰা হৈছে । 

উৰুকাৰ দিনা ৰাতিপুৱা সমনীয়াবােৰে মাখনক তাৰ বিহুৰ চোলাৰ বিষয়ে সুধিছিল । সৰলমতি মাখনে মাকে তাক কোৱা কথাৰ ওপৰতে ভিত্তি কৰি কৈছিল যে বজাৰত চোলা ঢুকোৱা বাবে মাকে তালৈ আগদিনা চোলা আনিব নােৱাৰিলে , সেইদিনা গধুলিহে আনিব । মাখনৰ কথা শুনি ল’ৰা এজনে “ হে’ৰ , বজাৰত ক’ৰবাত চোলা ঢুকায় ? ” বুলি মাখনক ঠাট্টা কৰি সােধাত লগৰীয়া আটাইবােৰে হাঁহিছিল । সিহঁতৰ হাঁহিৰ ৰূপ দেখি মাখনে বুজি পাইছিল যে বজাৰত চোলা কেতিয়াও নুচুকায় তাক সান্ত্বনা দিবৰ বাবেহে মাকে বজাৰত চোলা ঢুকোৱা বুলি কৈছিল । এই কথাটোত সি লাজ পাইছিল আৰু মনটো বেজাৰেৰে ভৰি পৰিছিল । সেয়েহে খং – বেজাৰত মুখ ওন্দোলাই একে দৌৰে মাকৰ ওচৰ পাইছিলগৈ । মাকে তাৰ ওলমি অহা মুখখন দেখি একো বুজি পােৱা নাছিল । সেয়েহে তেওঁ মাতৃসুলভ মমতাৰে মাখনক “ তােৰ নাে আজি ভোক লগানাইনে , অতপৰে ” বুলি সুধিছিল ।

( খ ) সেই এধানমান ‘ৰঙীণ’ জাপানী বনিয়ন এটাত যিমান সৌন্দর্য লুকাই আছে তাৰ এশ ভাগৰ এভাগাে যেন সি আজি চাই অস্ত কৰিব পৰা নাই ।

উত্তৰঃ সেই এধানমান ‘ৰঙীণ ’ ____ চাই অন্ত কৰিব পৰা নাই । কথাফাকি মিত্ৰদেৱ মহন্তদেৱে ৰচনা কৰা আৰু আমাৰ পাঠ্যপুথিৰ অন্তর্ভুক্ত “ বিহু চোলা ” নামৰ পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে । 

মাকে নতুন চোলা আনি দিয়াৰ পিছত মাখনৰ মনত উদয় হােৱা ভাৱ গতিৰ কথা উক্ত কথাফাঁকিৰ জৰিয়তে লেখকে প্রকাশ কৰিছে । 

সকলো শিশুৱে নতুন কাপােৰ পালে মনত ৰং পায়। কাপােৰৰ গুণগত মান যিয়েই নহওঁক নতুন কাপােৰ পালে সিহঁতৰ আনন্দৰ সীমা নােহােৱা হয়। মাখনৰ সেয়ে হৈছিল । বিহু – চোলা বুলি মাখনৰ দুখুনী মাকে অতি কষ্টেৰে তালৈ এটা এধানমান ৰঙীন জাপানী বনিয়ন আনিছিল । চোলাটো হাতত লৈয়ে মাখনে ঘূর্তিতে সেইটোৰ জাপ ভাঙিছিল । লেতেৰা হ’ব বুলি মাকে তাক চোলাটো থৈ দিবলৈ কোৱাৰ পিছততা চোলাটো থবলৈ তাৰ মন যােৱা নাছিল । চোলাটো চাই চাই তাৰ যেন হেঁপাহ নপলাবই । তাৰ এনেকুৱা লাগিছিল মাকে যেন তাক আটাইতকৈ ভাল , আটাইতকৈ ধুনীয়া চোলা এটা আনি দিছে । সেই অকণমান কপাহী কাপােৰৰ ৰঙীণ চোলাটো ইমান ধুনীয়া যে তাৰ সৌন্দর্য সি চাই শেষেই কৰিব পৰা নাই । চোৱাৰ পিছত আকৌ চাবৰ মন । 

( গ ) মাকৰ উচুপনি কাণত পৰিলত সৰলমতি শিশুটিয়ে থিৰে থাকিব নােৱাৰিলে ।

উত্তৰঃ মাকৰ উচুপনি _____ কাণত থিৰে থাকিব নােৱাৰিলে । কথাফাকি মিত্ৰদেৱ মহন্তদেৱে ৰচনা কৰা আৰু আমাৰ পাঠ্যপুথিৰ অন্তর্ভুক্ত “ বিহু চোলা ” নামৰ পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে । 

মাকৰ উচুপনি শুনি সৰলমতি মাখনৰ মনত হােৱা প্রতিক্রিয়াৰ কথা উক্ত কথাফাকিৰ মাজেৰে লেখকে প্রকাশ কৰিছে। 

নতুন চোলাটো ফালি – ছিৰি অনা দেখি সােণপাহিয়ে খং আৰু দুখ বেজাৰত মাখনক দুষাৰ কথা শুনাই পিঠিত দুটামান ঢকা মাৰিছিল । 

এনেয়ে চোলা ফটাৰ দুখ , তাতে আকৌ মাকৰ গালি – মাৰ খাই দুখ – বেজাৰত কান্দিকাটি মাখনে পাটীত পৰিলগৈ । পিছে , সােণ পাহিয়ে খং আৰু মনৰ দুখত পুতেকক ঢকা দুটা মাৰিলেই যেনিবা , তাইও মাকহে ! কথাতে আছে— “ আইৰ সমান হ’ব কোন , নৈৰ সমান বব কোন ? ” সােণপাহিয়ে য’ৰে বন ত’তে এৰি চলচলীয়া চকুৰে পুতেকৰ কাষতে পাটীত উঠিল । নিজৰ দুখ – দুর্দশা ভাগ্যৰ কথা ভাবি আৰু পুতেকৰ দুখত দুখী হৈ মাখনৰ পিঠিত মুৰ পেলাই তাই উচুপি কান্দিবলৈ ধৰিলে ।

মাকৰ উচুপনি শুনি মাখনে থিৰেৰে থাকিব নােৱাৰিলে । পৰিৱেশ – পৰিস্থিতিয়ে মানুহক বহু কথা শিকায় । কণমানি হ’লেও মাকৰ দুখ – বেজাৰৰ কথা মাখনে যেন কিবা বুজি পালে । সেয়েহে , মাকৰ চাদৰৰ আঁচলেৰে চকু দুটা মােহাৰি মাখনে মাকক ক’লে যে সি সেইদিনা পুৰণি চোলাটোও নিপিন্ধে । দেউতাক নাই যেতিয়া সেইটো চোলাও ফাটিলে মাকে ক’ত পইচা পাব । মাখনৰ কথাখিনিত সৰলমতি শিশু এটাৰ  মাতৃস্নেহ সুন্দৰভাৱে ফুটি উঠিছে । 

( ঘ ) মাকে দেখিলে অতীতৰ দুখৰ স্বপ্ন ; পুতেকে দেখিলে ভৱিষ্যতৰ সুখৰ স্বপ্ন । 

উত্তৰঃ মাকে দেখিলে অতীতৰ __ ভৱিষ্যতৰ সুখৰ স্বপ্ন । কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তর্ভুক্ত , মিত্ৰদেৱ মহন্তদেৱে ৰচনা কৰা “ বিহু চোলা ” নামৰ পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে ।

কথাফাকি বহাগ বিহুৰ উৰুকাৰ ৰাতি বিচনাত পৰাৰ পিচত সােণপাহি আৰু পুতেক মাখনৰ মানসিক অৱস্থাৰ প্রতিফলন ঘটিছে । 

ব’হাগ বিহু উৰুকাৰ দিনা গধূলি মাকৰ পৰা নতুন ‘ৰঙীণ ’ চোলা এটা পােৱাত মাখনৰ মন আনন্দত উপচি পৰিছিল । তাৰ এই আনন্দুৰ উপমা দিবলৈ নাই । আনদিনা সি সন্ধিয়াৰ পিছতে শােৱে । সেইদিনা শােৱাৰ নাম গােন্ধেই নাই । মাকে ভাত – পানী খাই চুৱা – মকা ধুই , পিঠা – পনা ভাজি অন্ত নকৰালৈকে সি মাকৰ লগে লগে ফুৰিছে । ৰাতি 

মাকৰ লগত একেলগে শুবলৈ গ’ল । মাক – পুতেক দুয়ােৰে কিন্তু টোপনি নাহিল । অতীতৰ স্বামী সেৱাৰ কথা , এখােটালি গুটি ধান , চাৰিবেৰৰ ভিতৰতে ৰঙে – আনন্দে খােৱা এমুঠি ভাতৰ কথা — অতীতৰ এইবােৰ সুখে ভৰা দিনৰ দুখসনা স্মৃতিয়ে মাক সােণপাহিক জুমুৰি দি ধৰিলেহি । পুতেক মাখনে দেখিলে ভৱিষ্যতৰ ৰঙীণ স্বপ্ন মূৰৰ 

শিতানৰ ৰঙা চোলা, নতুন চোলা নােহােৱা বাবে তাক ৰাতিপুৱা যে হাঁহিছিল সিহঁতৰ আগত সি নতুন চোলা পিন্ধি দেখুৱাব , চোলাটো সি কাকো চুই চাবলৈও নিদিব ইত্যাদি । 

কথাফাকিৰ মাজেদি লেখকে দুখ – যন্ত্রণাৰে জৰ্জৰিত এগৰাকী অসহায় নাৰীৰ আৰু সংসাৰৰ জটিলতা বুজি নােপােৱা সৰলমতি শিশু এটাৰ মানসিক অৱস্থাৰ ছৱি এখন সুন্দৰ ভাবে দাঙি ধৰিছে । 

প্রশ্ন ৬: মাখনৰ বাবে বিহুৰ চোলা মাকে কিয় আনিব পৰা নাছিল ? পিছত সেই চোলা মাকে কেননদৰে যােগাৰ কৰিছিল ?

উত্তৰঃ মাখনৰ মাকে বজাৰত সৰু – সুৰা বস্তুৰ বেপাৰ কৰিছিল । লাভ বুলিবলৈ কোনােবা দিনা হাতত দুপইচা ৰয় , কোনােবা দিনা মূলটোকে ঠাৱৰাব নােৱাৰে । ব’হাগ বিহুৰ আগে আগে কেবাদিনো মূলটোকে ঠাৱৰাব পৰা নাছিল । বিহু উৰুকাৰ আগদিনা হাতত ৰৈছিল মাথাে এটকা ৰূপ । সেইখিনি ধনেৰে মাকে মাখনৰ বাবে বিহুৰ চোলাকে কিনিব নে খােৱাৰ যােগাৰকে কৰিব ? এফালে আটিলে , আনফালে নােজোৰে । সেয়ে মাকে মাখনৰ বাবে বিহুৰ চোলা আনিব পৰা নাছিল । 

লগৰীয়াবােৰে বিহুৰ কাপােৰ লােৱা দেখি উৰুকাৰ দিনা ৰাতিপুৱাৰে পৰা মাখনে মাকক নেৰা – নেপেৰাকৈ বিহুৰ চোলা এটাৰ বাবে খাটনি ধৰি কন্দাকটা কৰিছিল । হাজাৰ হ’লেও মাৰ মন । গতিকে বেপাৰৰ পইচাৰ চাৰিঅনা খৰচ কৰি মাকে মাখনৰ বাবে উৰুকাৰ দিনা গধূলি সাধাৰণ ৰঙা বনিয়ন এটা যােগাৰ কৰিছিল । 

প্রশ্ন ৭: শলগুৰি গাঁৱৰ ল’ৰা – ছােৱালীহঁতে কেনেদৰে বিহুৰ বাবে প্রস্তুত হৈছে , তােমাৰ নিজৰ ভাষাৰে লিখা । 

উত্তৰঃ ব’হাগ বিহুৰ আগে আগে সকলােৱে নতুন কাপােৰ – কানি কিনি , জা – জলপানৰ সামগ্রী যােগাৰ কৰি বিহুৰ বাবে প্রস্তুত হয় । শলগুৰি গাঁৱৰ ল’ৰা ছােৱালীহঁতেও বিহুৰ বাবে প্রস্তুত হৈছে। সিহঁতৰ বাবে মাক- দেউতাকে ন চোলা, ন চুৰীয়া , ন ন সাজপাৰ আনিছে । উৰুকাৰ দিনাখন ৰাতিপুৱা চুবুৰীটোৰ মাখনৰ লগৰ ল’ৰা – ছােৱালীবােৰে এঘৰৰ চোতালত গােট খাইছেহি ।সিহঁতৰ কোনােৱে নতুন চোলা পিন্ধি আহিছে , কোনােৱে মৰমতে নতুন চোলাটো আলফুলে হাতত লৈ ধূলি টুকুৰিয়াই ফুৰিছে । কোনােৱে আকৌ চোলাটো মাকৰ হাততহে আছে বুলি কৈ মাকৰ ওপৰত অলপমান অভিমান কৰা যেন দেখুৱাইছে । নতুন কাপােৰ পােৱাৰ আনন্দত সিহঁতৰ মনবােৰ আনন্দ – উলাহেৰে ভৰি আছে । 

বিহুত মানুহে হাতত জেতুকাসানে । শলগুৰিৰ ল’ৰা – ছােৱালীহঁতেও হাতত জেতুকা থেৰেজুৰ বােল সানিছে । ৰাতিপুৱাই সিহঁতে ভদাই শইকীয়াৰ চোতালত গােট খাইছেহি । তাতে সিহঁতে ইজনে – সিজনৰ হাতৰ বােল চোৱা চুই কৰিছে । এনেদেৰে নতুন কাপােৰ কানি লৈ , হাতত জেতুকাৰ বােল সানি শলগুৰিৰ ল’ৰা – ছােৱালীহঁতে বিহুৰ বাবে প্রস্তুত হৈছে ।

প্রশ্ন ৮: লাহমনে মাখনৰ চোলাটোৰ ক্ষেত্ৰত কি কৰিলে আৰু তেনে কৰা উচিত আছিল নে ? সমনীয়া তথা কনিষ্ঠজনৰ সৈতে কেনে ব্যৱহাৰ কৰা উচিত বুলি তুমি ভাবা ? 

উত্তৰঃ লহমনে মাখনৰ গাত নতুন চোলাটো জোৰকৈ টানি সুমুৱাই দিয়াত চোলাটোৰ সীয়নিকেইটা ছিগি গল । লাহমনে তেনেকুৱা কাম কৰা উচিত নাছিল । সমনীয়া তথা কনিষ্ঠজনৰ সৈতে বন্ধুত্ব পূর্ণ ভাল ব্যৱহাৰ কৰা উচিত । সমনীয়া বা কনিষ্ঠজনে মনত দুখ পােৱা , আঘাত পােৱা ব্যৱহাৰ কেতিয়াও কৰিব নালাগে । 

প্রশ্ন ৯: “ আই মই আজি পুৰণি চোলাও নিপিন্ধো ; আকৌ ফাটিব ? ফাটিলে তই কতপচা পাবি ? পিতাই মৰিল নহয় ? ” — কোনে , কাক , কিয় এই কথাষাৰ কৈছিল ? 

উত্তৰঃ এই কথাষাৰ মাখনে মাকক কৈছিল । নতুন চোলাটো ফালি – চিৰি অনা বাবে খং আৰু দুখ বেজাৰত মাকে মাখনক দুষাৰ টান কথা শুনাই পিঠিত দুটামান ঢকা মাৰিছিল যদিও তেওঁ মাতৃ হৃদয়ে সহ্য কৰিব পৰা নাছিল । সেয়ে কান্দিকাটি বিছনাত পৰা পুতেকৰ পিঠিত মূৰ পেলাই মাকে উচুপি উচুপি কান্দিছিল । মাকৰ উচুপনি শুনি সৰলমতি মাখনৰ অন্তৰতো আঘাত লাগিছিল । সি যেন বুজি পাইছিল— মাকৰ দুখকষ্টৰ কথা , দেউতাক নােহােৱা কথা । সেয়েহে মাখনে মাকক এই কথাষাৰ কৈছিল । 

প্ৰশ্ন ১০: “ হ’ব পাৰে চ’ত মাহত দিন – ৰাতি প্রায় সমান , কিন্তু মাখনৰ মনত আজি চ’তৰ এই দিনটো যেন এটা যুগ । __ ” ইয়াত চ’তৰ কোনটো দিনৰ কথা কোৱা হৈছে আৰু মাখনৰ মনত দিনটো কিয় এটা যুগ যেন লাগিছিল ? 

উত্তৰঃ ব’হাগ বিহু উৰুকাৰ দিনটোৰ কথা কোৱা হৈছে । মাখনৰ মাকে উৰুকাৰ দিনা দুপৰীয় বজাৰলৈ গৈছে । আহোঁতে তেওঁ মাখনৰ বাবে এটা ৰঙা চোলা আনিব বুলি কৈ গৈছে । সেয়েহে , মাখনে সমনীয়াৰ সৈতে খেলিবলৈ নগৈ মাকে কেতিয়া চোলা লৈ আহে তাৰে অপেক্ষাত আছে । মাকে দুপৰীয়া বজাৰলৈ ওলাই যােৱাৰ পিছৰে পৰা সি বাৰে বাৰে পদুলি মুখলৈ চাইছে , কিজানিবা মাক আহি পালেই । গধূলিটো সেইদিনা মােনকালে অহাৰ বাবে সি মনে মনে কামনা কৰিছিল । কিন্তু সােনকালে আহিব ক’ত সেইদিনাৰ দিনটো তাৰ দীঘল যেনহে লাগিছিল । দিনটো যেন দিন নহয় , এটা যুগ ; শেষেই নহ’ব এতিয়া ? মনে বিচৰা বস্তু 

এটালৈ অপেক্ষা কৰি থাকিলে অপেক্ষাৰ সময়খিনি বৰ দীঘলীয়া যেন লাগে । মাখনৰো সেয়ে হৈছিল । 

প্ৰশ্ন ১১: মাখনে চুবুৰীয়া ভদাই শইকীয়াৰ চোতাললৈ যাওঁত গাঁৱৰ ল’ৰা ছােৱালী বিলাকে তাত কি কৰি আছিল ? 

উত্তৰঃ ভদাই শইকীয়াৰ চোতালত বহি ল’ৰা – ছােৱালীবিলাকে ইজনে সিজনৰ হাতৰ জেতুকাৰ বােল চোৱা চুই কৰিছিল । 

প্রশ্ন ১২: “ আমাক গধূলিকৈহে জেতুকা পিন্ধাব । এইটি চোৱা আমাৰ ৰঙা চোলা । _  ” কথাষাৰ কোনে , কাক কৈছিল ?

উত্তৰঃ কথাষাৰ মাখনে ভদাই শইকীয়াৰ চোতালত লগ হােৱা ল’ৰা ছােৱালীবিলাকক কৈছিল । 

প্ৰশ্ন১৩: চুটিগল্প কাক বােলে ? ইয়াৰ তিনিটা বৈশিষ্ট্য লিখা । 

উত্তৰঃ চুটিগল্প হ’ল মানুহৰ বাস্তৱ জীৱনৰ কোনাে এটা মুহূর্তৰ ঘটনাৰ বৰ্ণনা । 

চুটিগল্পৰ তিনিটা বৈশিষ্ট্য হৈছে— 

১। চুটিগল্পৰ আৰম্ভণি আৰু পৰিসমাপ্তি আকস্মিক ধৰণে হ’ব লাগে ।

২। চৰিত্ৰৰ ক্ষেত্ৰত এটা কেন্দ্রীয় চৰিত্ৰ থাকিব লাগে আৰু জটিল বা বাহুল্য চৰিত্ৰ থাকিব নালাগে । 

৩। চুটিগল্পৰ বিষয়বস্তু মাত্র এটাই হ’ব লাগিব , যিটোক সীমাবদ্ধ পৰিসৰৰ ভিতৰতে যথেষ্টভাৱে আৰু সফলতাৰে ফুটাই তুলিব লাগিব । 

ভাষা-বিচাৰ

প্রশ্ন ১:  তলত দিয়া শব্দকেইটাৰ বিপৰীত শব্দ লিখা 

        চহকী , সৰল , বিশ্বাস , উদ্বাউল 

উত্তৰঃ চহকী        –      দুখীয়া , গৰীব । 

         সৰল         –      জটিল , টান , কঠিন । 

         বিশ্বাস       –      অবিশ্বাস । 

         উদ্বাউল     –      ধীৰ – স্থিৰ , শান্ত , গম্ভীৰ । 

প্রশ্ন ২: বাক্য ৰচনা কৰা — 

        আলৈ – আথানি , আলেখ – লেখ , লাহ বিলাহ , আমঠু । 

উত্তৰঃ আলৈ – আথানি – গিৰিয়েক মৰাৰ পিছত মানুহজনীৰ বৰ আলৈ – আথানি হৈছে । 

আলেখ – লেখ – মানুহজনৰ আলেখ – লেখ দেখিলেই বুজিব পাৰি , তাৰ উদ্দেশ্য ভাল নহয় । 

লাহ – বিলাহ – সৰুৰে পৰা লাহ বিলাহত ডাঙৰ হােৱা ছােৱালী , এতিয়া কেনেকৈ কষ্ট কৰিব ? 

আমঠু – সৰু ল’ৰাটোৰ ইননি – বিননিত মাকজনীৰ আমঠুলৈকে ক’লা পৰি গৈছিল । 

প্ৰশ্ন ৩: শব্দার্থ লিখা — 

        লেনিয়াই , আভুৱা , লাহ , উত্ৰাৱল , স্বপ্ন , আমঠু , উষা , অগ্নি , জুহাল । 

উত্তৰঃ লেনিয়াই     –     মৰম লগাবলৈ কোমলকৈ কোৱা কথা । 

         আভূৱা       –     বুজ নােপােৱা , নজনা । 

         লাহ           –     ধুন-পেঁচ । 

         উত্ৰাৱল      –     চঞ্চল , অস্থিৰ । 

         স্বপ্ন           –      সপােন , সমাজিক । 

         আমঠু        –      কলিজা , হৃদয় । 

         উষা          –      ৰাতিপুৱা , প্রাতঃকাল । 

         অগ্নি          –      জুই , বহ্নি । 

         জুহাল        –      জুইশাল । 

প্ৰশ্ন ৪: সন্ধি ভাঙা — 

        অভিমান , অতীত , তথাপি , উজ্জ্বল , প্রতিধ্বনি 

উত্তৰঃ অভিমান     –      অভি + মান ।

         অতীত        –      অতি + ইত ।

         উজ্জল         –      উৎ + জ্বল ।

         প্রতিধ্বনি    –      প্রতি + ধ্বনি ।

2 thoughts on “Niketan Class 8 Assamese Chapter 3 বিহু চোলা”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top