Niketan Class 8 Assamese Chapter 2 বৰলােকৰ চৰিত্র অধ্যয়ন

Niketan Class 8 Assamese Chapter 2 বৰলােকৰ চৰিত্র অধ্যয়ন is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 8 Assamese Chapter 2 বৰলােকৰ চৰিত্র অধ্যয়ন and select need one.

Niketan Class 8 Assamese Chapter 2 বৰলােকৰ চৰিত্র অধ্যয়ন

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 8 Assamese Chapter 2 বৰলােকৰ চৰিত্র অধ্যয়ন Solutions for All Subjects, You can practice these here…

বৰলােকৰ চৰিত্র অধ্যয়ন – সত্যনাথ বৰা

Chapter – 2

ASSAMESE

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS


ক্ৰিয়া-কলাপ

প্রশ্ন ১: চমুউত্তৰ দিয়া — 

( ক ) কেনে পুথি পঢ়ি সুগম পথ পােৱা যায় ?

উত্তৰঃ বৰ লােকৰ চৰিত পুথি পঢ়ি সুগম পথ পােৱা যায় ।

( খ ) উদ্‌গতি কৰিবলৈ আদিতে মানুহক কি লাগে ? 

উত্তৰঃ উদ্‌গতি কৰিবলৈ আদিতে মানুহক এটা সুগম পথ লাগে ।

( গ ) লেখকে উদ্‌গতিৰ নিমিত্তে কেনে পুৰুষক ধন্য বুলি কৈছে ? 

উত্তৰঃ লেখকে উদ্‌গতিৰ নিমিত্তে নিজৰ বাউসীৰ বলেৰে ডাঙৰ হােৱা পুৰুষক ধন্য বুলি কৈছে । 

( ঘ ) উদ্‌গতি পথৰ নতুন যাত্রীক লেখকে কি উপদেশ দিছে ? 

উত্তৰঃ উদ্‌গতি পথৰ নতুন যাত্রীক লেখকে বৰ লােৰ জীৱন – চৰিত্র পাঠ কৰিবলৈ উপদেশ দিছে। 

( ঙ ) উদ্‌গতি পথৰ চেষ্টাৰ এটা দৃষ্টান্ত দাঙি ধৰা ।

উত্তৰঃ বৰ লােকৰ চৰিত্ৰ উদ্‌গতি পথৰ চেষ্টাৰ এটা দৃষ্টান্ত দাঙি ধৰা হ’ল ।

( চ ) কি গুণৰ বলত মানুহ ডাঙৰ হ’ব পাৰি ?

উত্তৰঃ পুৰুষার্থে গুণৰ বলত মানুহ ডাঙৰ হ’ব পাৰি ।

( ছ ) উদ্‌গতি কৰি ডাঙৰ হ’বলৈ ইচ্ছা কেনেদৰে জন্মে ? 

উত্তৰঃ উদ্‌গতিৰ দৃষ্টান্ত দেখিলে ডাঙৰ হ’বলৈ ইচ্ছা কেনেদৰে জন্মে ।

( জ ) বুৰঞ্জীত কি থাকে বুলি লেখকে কৈছে ?

উত্তৰঃ বুৰঞ্জীত এটা জাতিৰ কার্যকলাপ আৰু সিহঁতৰ উদ্‌গতি – অধােগতিৰ বিৱৰণ মাথােন থাকে বুলি কৈছে ।

( ঝ ) কিহৰ পৰা মানুহৰ স্বভাৱ লক্ষ্য কৰিব পাৰি ? 

উত্তৰঃ সৰু সৰু কথাৰ পৰা মানুহৰ স্বভাৱ লক্ষ্য কৰিব পাৰি ।

প্ৰশ্ন ২: লেখকে উদ্‌গতিৰ বাট ভিন ভিন বুলি কিয় কৈছে বুজাই লিখা । 

উত্তৰঃ সকলাে মানুহৰ স্বভাৱ – চৰিত্ৰ আৰু অৱস্থা একে নহয় । মানুহভেদে স্বভাৱ চৰিত্র বা অৱস্থা বেলেগ বেলেগ হয় । সেয়ে মানুহৰ উদ্‌গতিৰ বাটো ভিন ভিন হয় । একেটা বাটেৰে সকলাে উগতি কৰিব নােৱাৰে । যাৰ পক্ষে যিটো বাট 

সুগম , তেওঁ সেইবাট লােৱা উচিত । পঢ়াশুনা , কৃষিকার্য , ব্যৱসায় , ক্রীড়া , অভিনয় আদিকে ধৰি উদ্‌গতিৰ বিভিন্ন বাট আছে । এই বিভিন্ন বাটবােৰৰ যিয়ে যিটো বাট তেওঁৰ স্বভাৱ চৰিত্ৰ আৰু অৱস্থা অনুযায়ী উপযুক্ত বুলি ভাবে তেওঁ সেইটো বাট ল’ব লাগে । এনেকৈ কোনােবাই কৃষিকৰ্মৰ জৰিয়তে , কোনােবাই ব্যৱসায়ৰ জৰিয়তে বা আন কোনােবাই হয়তাে অভিনয়ৰ জৰিয়তে উদগতি কৰিব পাৰে । সেয়েহে লেখকে উদগতিৰ বাট ভিন ভিন বুলি কৈছে । 

প্রশ্ন ৩: সংসাৰ যাত্ৰাত উদগতিকৰিবলৈবৰ লােকৰ চৰিত্র অধ্যয়ন কিয় প্রয়ােজন ? পাঠৰ আধাৰত বহলাইলিখা । 

উত্তৰঃ সংসাৰ যাত্ৰাত উদগতি কৰিবলৈ বৰ লােকৰ চৰিত্ৰ অধ্যয়ন কৰিবলগাৰ কিছুমান কাৰণ আছে । এইপৃথিৱীতউতিৰবহুপথ যিদৰে আছে , সেইদৰে অধােগৰি । পথে বহু আছে । কোনটো উতিৰ পথ , কোনটো অধােগতিৰ পথ বাছিউলিওৱাটো কঠিন । অধােগতিৰ পথকে বহুতে উদ্‌গতিৰ পথ বুলি ভুল কৰে । আনকি উগ্নতিৰ আচল বাটেৰে আগবঢ়া জনকো আদ বাটতে নানা বিঘিনিয়ে হাবু – ডাবু খুৱায় । কিন্তু বৰলােকৰ চৰিত্র অধ্যয়ন কৰিলে উদ্গতি লাভ কৰিব পৰা যায় । কাৰণ তাত উদ্‌গতিৰ পথ আৰু তাৰ বিঘিনি তৰিবৰ উপায় , দুয়ােকে পােৱা যায় । মানুহৰ স্বভাৱ – চৰিত্ৰ আৰু অৱস্থা অনুসৰি উতিৰ বাটো ভিন ভিন হয় । 

কেইবাজনাে মানুহৰ চৰিত্র অধ্যয়ন কৰিলে কেইবাটাও বাটৰ সন্ধান পােৱা যায় আৰু নিজৰ স্বভাৱ চৰিত্ৰ আৰু অৱস্থা অনুযায়ী যাৰ যিটো বাট সুগম বুলি বােধ হয় উদগতি কৰিব খােজা মানুহে সেই বাটটোকে বাছি ল’ব পাৰে । সকলােকামতে আদিতে মানুহক এজন শিক্ষক প্রয়ােজন।উদগতিপথত সুকলমে । চলিবলৈও মানুহৰ সদায় এজন ভাল প্রশিক্ষক প্রয়ােজন।বৰ লােৰ জীৱন চৰিত্ৰ । অধ্যয়ন কৰিলে তেনেকুৱা শিক্ষক পােৱা যায় ; যাৰ চৰিত্র অধ্যয়ন কৰা যায় তেওঁ শিক্ষকৰ নিচিনা হয় আৰু তেওঁৰ কার্যবিলাক উপদেশৰ নিচিনা হয় ।

মানুহৰ ওপৰত দৃষ্টান্তৰ অদ্ভুত ক্ষমতা । আনৰ মহতালি দেখিলে , দেখােতাৰ মনত তেনে মহৎ হ’বলৈ ইচ্ছা জন্মে । বৰলােকৰ চৰিত্ৰ উদ্গতি চেষ্টাৰ এটা দৃষ্টান্ত । তাক পঢ়িলে তেনেকুৱা উদগতি কৰি ডাঙৰ হ’বলৈ ইচ্ছা জন্মে । 

উদ্‌গতি পথৰ প্রত্যেক যাত্রীয়ে মনত এটা ডাঙৰ আৰ্হি থিৰ কৰি লােৱা উচিত । বৰ লােকৰ চৰিত্র পাঠ কৰি মানুহে তেনেকুৱা আৰ্হি থিৰ কৰি ল’ব পাৰে । 

ওপৰৰ কথাবােৰ ফঁহিয়াই চালে বুজিব পাৰি লেখকে কোৱাৰ দৰে সংসাৰ যাত্ৰাত উতি কৰিবলৈ হ’লে সঁচাকৈয়ে বৰ লােকৰ চৰিত্র অধ্যয়নৰ প্রয়ােজন । 

প্রশ্ন ৪: “ একে উচালে কোনেও জগতত উদ্‌গতিৰ ওখ টিঙত উঠিব নােৱাৰে ” — কথাষাৰ বুজাই লিখা । 

উত্তৰঃ উদ্‌গতি কৰিবলৈ হ’লে চেষ্টা যত্ন সাধনাৰ প্রয়ােজন । বিনা আয়াসে কোনেও উদ্‌গতি কৰিব নােৱাৰে । কোনােবাই কেতিয়াবা সৌভাগ্যবশত : আনে অর্জা ধন – সম্পত্তি লাভ কৰি উদ্‌গতি হােৱা বুলি ভাবে । কিন্তু ধন সম্পত্তি উদ্‌গতিৰ এটা অংগহে , পূর্ণ উদ্‌গতি নহয় । তদুপৰি পৰে আর্জি থােৱা ধনেৰে ডাঙৰ হ’লে তাত একো পুৰুষালি নাথাকে । নিজ বাহুবলেৰে ডাঙৰ হ’ব পৰাটোতহে মহত্ত্ব আছে । আকৌ বাহুবল থাকিলেও ৰাতিটোৰ ভিতৰতে কোনেও উদ্‌গতি কৰিব নােৱাৰে।- পূর্ণ উদ্‌গতি লাভ কৰিবলৈ হ’লে অনেক পুৰুষাৰ্থ কৰিব লাগিব , বহুত খকা খুন্দা খাব লাগিব । কাৰণ উদ্‌গতিৰ পথত বাধা – বিঘিনি থাকিবই । মনত দৃঢ়তা ৰাখি ধৈর্য আৰু সাহসেৰে এইবােৰ অতিক্ৰম কৰিব লাগিব আৰু তাৰ বাবে সময়ৰ প্রয়ােজন । সেয়েহে লেখকে একে উচালে কোনেও জগতত উদ্‌গতিৰ ওখ টিঙত উঠিব নােৱাৰে বুলি কৈছে । 

প্ৰশ্ন ৫: উদ্‌গতিৰ সুগম পথ কেনে হােৱা উচিত ? 

উত্তৰঃ উদ্‌গতিৰ পথ ভিন ভিন হয় । একেটা পথেৰে সকলােৱে উদ্‌গতি কৰিব নােৱাৰে আৰু সকলাে পথ সকলােৰে বাবে সুগম নহয় । যাৰ পক্ষে যিটো পথ সুগম , তেওঁ সেই পথ লােৱা উচিত । কিন্তু এই সুগম পথটো বিছাৰি উলিওৱাটো কঠিন । উদ্‌গতি বিচৰা মানুহে বৰ লােকৰ জীৱন – চৰিত্র পাঠ কৰি তেওঁৰ উপযুক্ত পথ বাছি ল’ব পাৰে । কেইবাজনাে মানুহৰ চৰিত্র পাঠ কৰিলে , কেইবাটাও পথৰ ভু – পােৱা যায় । এইবােৰৰ মাজৰ পৰা তেওঁ বিচৰা উদ্‌গতিৰ সুগম পথ বুলি বােধ কৰা যিকোনাে পথ বাছি ল’ব পাৰে। 

কিন্তু এই পথটো তেওঁৰ স্বভাৱ – চৰিত্ৰ আৰু অৱস্থাৰ লগত খাপ খােৱা বিধৰ হােৱা উচিত । 

প্রশ্ন ৬: পাঠৰ আধাৰত বুৰঞ্জী আৰু চৰিত্ৰ পুথিৰ পার্থক্য লিখা । 

উত্তৰঃ বুৰঞ্জীত এটা জাতিৰ কার্যকলাপ আৰু সিহঁতৰ উদ্‌গতি – অধোগতিৰ বিৱৰণহে মাথােন থাকে , কোনাে এজন বিশেষ মানুহৰ জীৱনীৰ বিস্তাৰিত বিৱৰণ নাথাকে । কিন্তু চৰিত পুথিত এজন মানুহৰ জীৱনৰ সমস্ত কাহিনী , যেনে— শােৱন খাৱনৰ ৰীতি – নীতি , আলাপ- অভ্যর্থনাৰ নিয়ম – প্রণালী আদি সৰু সৰু কথাবােৰৰ বিৱৰণ থাকে । বুৰঞ্জীৰ পৰা ইমানখিনি সূক্ষ্ম বিৱৰণ পাব নােৱাৰি । 

প্রশ্ন ৭: উদ্‌গতিৰ বাঞ্চা কেনে হ’ব লাগে ? 

উত্তৰঃ উদ্‌গতিৰ বাঞ্ছা থিৰ , নিশ্চিত আৰু বলীয়া হাতীৰ নিচিনা উদণ্ড হ’ব লাগে , তেহে উদ্‌গতি পথৰ বিকট বাধাবােৰৰ সমুখ হ’ব পাৰি । 

প্রশ্ন ৮: প্রসঙ্গ সঙ্গতি দর্শাই ব্যাখ্যা কৰা –

( ক ) এইবােৰ বিঘিনি পাৰ হৈ উদ্‌গতিৰ মােহন মন্দিৰত প্ৰৱেশ কৰা বৰ টান কাম । 

উত্তৰঃ এইবােৰ বিঘিনি ____বৰ টান কাম । উক্ত বাক্যটি সত্যনাথ বৰাদেৱে ৰচনা কৰা আৰু আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট ‘বৰ লােকৰ চৰিত্র অধ্যয়ন ’ নামৰ পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে । 

বিনা আয়াসত , কোনাে অসুবিধাৰ সন্মুখীন নােহােৱাকৈ সহজতে উগ্নতি লাভ কৰাটো যে বৰ কঠিন , উক্ত বাক্যটিৰ জৰিয়তে লেখকে তাকেই কৈছে । 

সকলাে মানুহে জীৱনত উতি কৰিব বিচাৰে । উদ্‌গতি কৰিবলৈ হ’লে এটা সুগম পথৰ প্রয়ােজন। কিন্তু উদ্‌গতিৰ সুগম পথ বিচাৰি উলিওৱাটো সহজসাধ্য কাম নহয় । উদ্‌গতিৰ পথৰ দৰে অধোগতিৰো বহু পথ আছে । বহুতে অধােগতিৰ পথকে উদ্‌গতিৰ পথ বুলি ভাবি সেইপথেৰে আগবাঢ়ি হাবু – ডাবু খাবলগীয়া হয় । আনহাতে উদ্‌গতিৰ আচল পথেৰে আগবঢ়া জনেও বাটত বহুতাে উজুটি খাবলগীয়া হয় । কাৰণ বহুতাে বাধা বিঘিনিয়ে তেওঁক আগচি ধৰেহি । নিজৰ বুদ্ধি বা চতুৰালিৰ বলত সেই বাধা – বিঘিনি অতিক্রমি গলেও আন কিছুমান বাধা বিঘিনিয়ে আহি তেওঁক আগচি ধৰে । মুঠতে বাধা বিঘিনি নােহােৱাকৈ উতিৰ চৰম শিখৰত কোনেও ভৰি থ’ব নােৱাৰে । 

( খ ) এই নিমিত্তে সকলাে কামত আদিতে এজন শিক্ষকৰ প্রয়ােজন । 

উত্তৰঃ এই নিমিত্তে সকলাে কামত __আদিতে এজন শিক্ষকৰ প্রয়ােজন । 

উক্ত বাক্যটি সত্যনাথ বৰাদেৱে ৰচনা আৰু আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট ‘বৰ লােকৰ চৰিত্ৰ অধ্যয়ন’ নামৰ পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে । 

মানুহৰ জীৱনত শিক্ষকৰ প্রয়ােজনীয়তা সম্পর্কত লেখকে উক্ত কথাষাৰ কৈছে । সকলাে কাম আৰম্ভণিতে কঠিন যেন অনুভৱ হয় ; কিন্তু কোনাে অভিজ্ঞ ব্যক্তিয়ে যদি সমুখত থাকি হাতে – কামে শিকাই দিয়ে , তেনেহলে কামটো কৰাত সহজ হয়। এই কাৰণে সকলাে কামত আদিতে এজন শিক্ষকৰ প্রয়ােজন হয় । শিক্ষকে শিকাই দিয়ামতে কাম কৰিলে কামবােৰ কৰাত উজু হােৱাৰ লগতে কামবােৰ নিখুঁট হয় । ভাত ৰন্ধা , কাপােৰ বােৱা , হালবােৱাৰ নিচিনা অনুৰূপীয়া কামবােৰ মানুহে আনৰ পৰা শিকিহি কৰে । গতিকে , কঠিন কামৰ কাৰণে শিক্ষকৰ প্রয়ােজন যে আছে তাক নকলেও বুজিব পৰা যায় । বিশেষকৈ উদ্‌গতি কৰিব বিচৰা মানুহৰ ক্ষেত্ৰত আদিতে সদায়ে এজন শিক্ষকৰ প্রয়ােজন । 

( গ ) ডাঙৰ আৰ্হিয়ে মানুহৰ মন ডাঙৰ কৰে আৰু ডাঙৰ পদলৈ অভিলাষ জন্মায় । 

উত্তৰঃ ডাঙৰ আৰ্হিয়ে মানুহৰ _____ উক্ত বাক্যটি সত্যনাথ বৰাদেৱে ৰচনা কৰা আৰু আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট ‘বৰ লােকৰ চৰিত্ৰ অধ্যয়ন’ নামৰ পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে । 

উদ্‌গতি কৰিব বিচৰা মানুহে কেনে আৰ্হি লােৱা প্রয়ােজন , তাক লেখকে উক্ত বাক্যটিৰ জৰিয়তে কৈছে । 

জীৱনৰ যাত্ৰা পথত মানুহে সদায় এটা ডাঙৰ আৰ্হি থিৰ কৰি ল’ব লাগে।ডাঙৰ আৰ্হিয়ে মানুহৰ মন ডাঙৰ কৰে আৰু ডাঙৰ পদলৈ অভিলাষ জন্মায় । ডাঙৰ আৰ্হি নেদেখা মানুহে সৰু বস্তু বা পদকে বহুত ডাঙৰ যেন দেখে । সেইদৰে নিধনী দেশত হেজাৰ টকাৰ গৰাকীজনেই অতুল ধনী আৰু মুখদেশত আখৰ চিনিব পৰাজনেই মহা পণ্ডিত । মানুহে 

কথাতে কয় — গছ নােহােৱা দেশত এৰাই বৰ গছ । কিন্তু যি বিদগ্ধ পণ্ডিত আৰু প্ৰৱল ধনী দেখিছে , তেওঁৰ মন স্বাভাৱিকতে ডাঙৰ হয় আৰু ডাঙৰ পদৰ প্রতি তেওঁৰ অভিলাষ জন্মে । সেয়েহে উদ্‌গতি পথৰ যাত্ৰীয়ে সদায় সমুখত ডাঙৰ আৰ্হি থিৰ কৰি লােৱা উচিত। 

প্ৰশ্ন ৯: পুথি এখন পঢ়িবলৈ নির্বাচন কৰা ক্ষেত্ৰত কি কি কথা লক্ষ্য কৰা উচিত আৰু ভাল পুথি এখনে তােমাক কেনেদৰে সহায় কৰিব পাৰে বুলি তুমি ভাবা ? 

উত্তৰঃ পুথি এখন পঢ়িবলৈ নির্বাচন কৰােতে প্রথমে পুথিখনৰ লেখজনক লক্ষ্য কৰিব লাগে । দ্বিতীয়তে , নিজৰ কামত অহা বা নিজৰ প্ৰয়ােজনীয় বিষয় থকা পুথিহে নির্বাচন কৰিব লাগে । তৃতীয়তে , পুথিখনৰ ভাষা , ৰচনাশৈলী আদি লক্ষ্য কৰিব লাগে । কাৰণ দুর্বোধ্য ভাষা , জটিল ৰচনা শৈলীয়ে পুথি এখন বুজি পােৱাৰ ক্ষেত্ৰত বহু সময়ত পাঠকক অসুবিধাত পেলায় । 

ভাল পুথি এখনে আমাক বহু ধৰণে সহায় কৰিব পাৰে । ই আমাক জ্ঞানৰ দুৱাৰ মুকলি কৰি দিয়ে । ভৱিষ্যৎ দিক দৰ্শন কৰাব পাৰে । 

ভূগি থকা সমস্যা এটাৰ সমাধানৰ পথ দিব পাৰে । মানসিক শান্তি দিব পাৰে আৰু জীৱন যুদ্ধত আগুৱাই যােৱাৰ ক্ষেত্ৰত উৎসাহ – প্ৰেৰণা যােগাব পাৰে । এনেধৰণে ভাল কিতাপ এখনে আমাক বহু দিশত সহায় কৰিব পাৰে । 

প্রশ্ন ১০: খালী ঠাই পূৰ কৰা — 

(ক) __ উদ্‌গতিৰ এটা অংগ মাথােন ।

উত্তৰঃ ঐশ্বর্য – বিভূতি ।

( খ ) উদ্‌গতিৰ পথত সুকলমে চলিবলৈ সদায় এজন ভাল ____ প্রয়ােজন হয় । 

উত্তৰঃ শিক্ষকৰ ।

( গ ) বৰ লােকৰ চৰিত্ৰ উদগতি চেষ্টাৰ এটা ____ । 

উত্তৰঃ দৃষ্টান্ত ।

( ঘ ) উদ্‌গতি পথৰ প্রত্যেক যাত্রীয়েই তাৰ মনত এটা ডাঙৰ ____ থিৰ কৰি লােৱা উচিত । 

উত্তৰঃ আৰ্হি ।

(ঙ) ____ পুথিত এজন মানুহৰ জীৱনী বহলাই বর্ণোৱা হয় । 

উত্তৰঃ চৰিত্ৰ ।

ভাষা-বিচাৰ

প্রশ্ন ১: বিপৰীত শব্দ লিখা — 

সুগম , উগ্নতি , চতুৰ , সুচল , সূক্ষ্ম , সন্তুষ্ট , নিধনী 

উত্তৰঃ সুগম         –        দুর্গম । 

         উদ্‌গতি      –        অধােগতি । 

         চতুৰ         –        অজলা , ভােদা । 

         সুচল         –        অচল । 

         সূক্ষ্ম         –         স্থূল । 

         সন্তুষ্ট        –         অসন্তুষ্ট ।

         নিধনী       –         ধনী । 

প্ৰশ্ন ২: সমার্থক শব্দ লিখা – 

       বাঞ্ছা , উজু , বিদগ্ধ , উন্নতি 

উত্তৰঃ বাঞ্ছা        –       ইচ্ছা , কামনা । 

         উজু         –       সহজ , সৰল , ঢিলা । 

         বিদগ্ধ       –       পাৰ্গত , বৰ নিপুণ । 

         উন্নতি      –       উদগতি , শ্রীবৃদ্ধি , সমৃদ্ধি । 

প্রশ্ন ৩: সন্ধি ভাঙা — 

         উদ্‌গতি , অধােগতি , সচ্চৰিত্ৰ , পুৰুষাৰ্থ , দুৰৱস্থা। 

উত্তৰঃ উদ্‌গতি     –    উৎ + গতি । 

         অধােগতি   –    অধঃ + গতি । 

         সচ্চৰিত্ৰ     –    সৎ + চৰিত্র । 

         পুৰুষাৰ্থ     –    পুৰুষ + অর্থ ।

         দুৰৱস্থা      –    দুঃ + অৱস্থা ।

প্ৰশ্ন ৪: বাক্য সাজা –

       ওখ টিং , সুগম , দুষ্কৰ , খকা – খুন্দা , ঐশ্বর্য – ভিভূতি , ভূ – পােৱা , আদ বাট , শােৱন – খাৱন । 

উত্তৰঃ ওখ টিং — পুৰুষাৰ্থৰ গুণতহে মানুহে উন্নতিৰ ওখ টিঙত উঠিব পাৰে । 

সুগম — জীৱনৰ যাত্ৰা পথ কাৰােবাবে সুগম নহয়। 

দুষ্কৰ — নেৰা – নেপেৰাকৈ লাগি থাকিলে দুষ্কৰ কামাে সহজ হৈ পৰে । 

খকা – খুন্দা — কথাই কথাই সিহঁতৰ মাজত সদায় খকা – খুন্দা লাগে। 

ঐশ্বর্য – বিভূতি — শ্ৰীকৃষ্ণৰ ঐশ্বর্য বিভূতি দেখি গােপা – গােপীসকলে বিস্ময় মানিছিল । 

ভূ – পােৱা — আমি আগতে ভূ – পােৱা হ’লে ঘটনাটো ইমান দূৰ আগবাঢ়িব নােৱাৰিলেহেঁতেন । 

আদ বাট — দেউতাই গুৱাহাটীলৈ বুলি ৰাতিপুৱাই ওলাই গৈ গা বেয়া লগাত আদবাটৰ পৰা ঘূৰি আহিছে ।

শােৱন – খাৱন — পৰীক্ষা আহিছে বাবে সি এতিয়া শােৱন – খাৱন এৰি পঢ়াত লাগিছে । 

প্ৰশ্ন ৫: শব্দার্থ লিখা —

       অধােগতি , বিঘিনি , অথিৰ , অভিলাষ , অবিদিত , বিভূতি 

উত্তৰঃ অধােগতি       —      তললৈ বা নৰকলৈ গমন । 

         বিঘিনি          —      বাধা , আপদ , সংকট । 

         অথিৰ           —      চঞ্চল , অস্থিৰ , অনিশ্চয় । 

         অভিলাষ       —       ইচ্ছা , বাঞ্ছা , আশা । 

         অবিদিত        —      অজ্ঞাত , নজনা ,অপ্রকাশিত । 

         বিভূতি          —      ঐশ্বৰিক শক্তি , বৈভৱ ,ঐশ্বর্য ।

2 thoughts on “Niketan Class 8 Assamese Chapter 2 বৰলােকৰ চৰিত্র অধ্যয়ন”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top