Niketan Class 8 Assamese Chapter 14 বিশ্ব – ভাৱনা

Niketan Class 8 Assamese Chapter 14 বিশ্ব – ভাৱনা is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 8 Assamese Chapter 14 বিশ্ব – ভাৱনা and select need one.

Niketan Class 8 Assamese Chapter 14 বিশ্ব – ভাৱনা

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 8 Assamese Chapter 14 বিশ্ব – ভাৱনা Solutions for All Subjects, You can practice these here…

বিশ্ব – ভাৱনা

Chapter – 14

ASSAMESE

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS


প্রশ্ন ১: অতি চমুউত্তৰ দিয়া –

( ক ) বিশ্ব – ভাৱনা কবিতাটোৰ কবি কোন ? 

উত্তৰঃ বিশ্ব – ভাৱনা কবিতাটোৰ কবি হ’ল-দুর্গেশ্বৰ শৰ্মা ।

( খ ) আমি কাৰ মুৰত নাচিব লাগিছাে ? 

উত্তৰঃ আমি আমাৰ জীৱন নাটকৰ পৰিচালকৰ সুৰত নাচিব লাগিছে । 

( গ ) মাটিৰ পুতলা বুলি কাক বুজাইছে ? 

উত্তৰঃ মাটিৰ পুতলাৰ দৰে ক্ষণস্থায়ী মানুহৰ জীৱনটোক বুজাইছে ।

( ঘ ) “ আমি কাৰােবাৰ গুণ গাবই লাগিছাে ” —ইয়াত কাৰ গুণ গােৱাৰ কথা কৈছে ? 

উত্তৰঃ যি আমাক সৃষ্টি কৰিছে আৰু আমাৰ জীৱন নাটকখন পৰিচালনা কৰি আছে , তেওঁৰেই গুণ গােৱাৰ কথা কোৱা হৈছে । 

( ঙ ) আমি ভাও লৈ কি পাতিছোঁ বুলি কৈছে ?

উত্তৰঃ আমি ভাওঁ লৈ বিশ্ব ভাৱনা পাতিছোঁ বুলি কৈছে । 

প্রশ্ন ২: কবিয়ে মানুহক ভাৱৰীয়া বুলি কিয় কৈছে ? 

উত্তৰঃ কবিয়ে মানুহৰ জীৱনটো সুক্ষ্মভাৱে দার্শনিক দৃষ্টিকোণৰ পৰা বিশ্লেষণ কৰিছে । তেওঁৰ দৃষ্টিত এই সংসাৰখন হৈছে এখন ৰঙ্গমঞ্চ , মানুহৰ জীৱনটো হৈছে নাটক আৰু মানুহবােৰ সেই জীৱন বাটৰ ভাৱৰীয়া । নেদেখা-নোশুনা কি শক্তিয়ে আমাৰ জীৱন চলাই আছে । নাটকত পৰিচালকৰ নিৰ্দেশত ভাৱৰীয়াই অভিনয় কৰাৰ দৰে আমি সেই অদৃশ্য শক্তিৰ আঙুলি ঠাৰত জীৱন – নাটত ভাৱৰীয়া হৈ অভিনয় কৰি আছে । আমি হাঁহাে বা নাচো বা গান গাওঁ মুঠতে যি কামকেই নকৰো কিয় সকলাে সেই শক্তিৰ নিৰ্দেশতহে হয় । অর্থাৎ আমি আমাৰ নিজৰ ইচ্ছত একো কৰিব নােৱাৰাে । সেইবাবেই কবিয়ে মানুহক ভাৱৰীয়া বুলি কৈছে । 

প্রশ্ন ৩: আমি কাৰ ভাও লৈ হাঁহিছোঁ , কান্দিছোঁ , নাচিছে — বুজাই লিখা। 

উত্তৰঃ আমি ভাৱৰীয়াৰ ভাও লৈ হাঁহিছোঁ , নাছিছে , কান্দিছে । এই পৃথিৱীখন হৈছে এখন ৰঙ্গমঞ্চ । আমাৰ জীৱনটো হৈছে এখন নাটক আৰু আমি সেই জীৱন নাটৰ একো একোজন ভাৱৰীয়া । আমি আমাৰ নিজৰ ইচ্ছাত একো কৰিব নােৱাৰাে । নেদেখা – নুশুনা এক শক্তিয়ে আমাৰ জীৱন নিয়ন্ত্রণ কৰি আছে । নাটকত পৰিচালকৰ নির্দেশত ভাৱৰীয়াই অভিনয় কৰাৰ দৰে , সেই অদৃশ্য শক্তিৰ আঙুলি ঠাৰত জীৱন নাটত আমি ভাৱৰীয়া হৈ মাথাে নিজৰ নিজৰ ভাওবােৰ কৰি গৈ আছে । 

প্রশ্ন ৪: ‘ বিশ্ব – ভাবনা ’ কবিতাটিৰ মূলভাব লিখা । 

উত্তৰঃ দুর্গেশ্বৰ শৰ্মাৰ ‘বিশ্ব ভাৱনা ’ এটি দার্শনিক কবিতা । কবিতাটিৰ মাজেৰে মানুহৰ ক্ষন্তেকীয়া জীৱনৰ এক সূক্ষ্ম মনস্তাত্বিক দিশ প্রকাশ পাইছে । আমি মানুহবােৰে মুঠেও গমি নাচাও আমি কি কৰি আছে । কেৱল ৰং – ধেমালি কৰি 

জীৱন কটাও । কিন্তু সেয়া যে আমাৰ ভাৱনাহে সেই কথা নাভাবাে । কবিয়ে অন্তঃদৃষ্টিৰে চাইছে পৃথিৱীখন এখন ৰঙ্গ মঞ্চ । আমি কেৱল 

ক্ষন্তেকৰ কাৰণে তাতে ভাও লৈছোঁ । এদিন জীৱন নাটৰ সামৰণি পৰিব। তেতিয়া আমি নিজ নিজ ঘৰলৈ আকৌ উভতি যাব লাগিব । সেই নিজঘৰ অকলশৰীয়া । কোনাে ভাৱৰীয়াই আৰু লগ নাপাব জীৱন সংগী ভাৱৰীয়াবােৰক । নাটকৰ পৰিচালক থকাৰ দৰে আমাৰ জীৱন নাটকৰাে পৰিচালক আছে । আমি তেওঁৰ আঙুলি ঠাৰত নাচিব লাগিছে।কিন্তু কোনে চায় নাভাবাে । আমি এই সংসাৰ ভাওনা ঘৰত কাৰ গুণ – গান গাই আছে — প্ৰকৃততে চিন্তা নকৰো । কেৱল মায়া – মোহত বন্দী হৈ নিজকে পাহৰি আছে যে আমি ভাৱৰীয়া । এদিন মাটিৰ পুতলাৰ দৰে আমি লয় – ক্ষয় হৈ যাম । ক্ষন্তেকীয়া মানৱদেহ এদিন মটিৰ লগত মিহলি হৈ যাব । কিন্তু সেই কথা নাভাবি আমি কেৱল হাঁহিছে , নাচিছে , কান্দিছোঁ । এয়াই হ’ল বিশ্ব ভাৱনা । 

প্রশ্ন ৫: প্রসঙ্গ সংগতি দর্শাই ব্যাখ্যা কৰা– 

( ক ) আমি মাটিৰ পুতলা নাচিব লাগিছোঁ 

                       কোনে নচায় নেদেখো ; 

        আমি কাৰােবাৰ বাঁহী বাজিব লাগিছোঁ , 

                       কোনে বজায় নেদেখাে । 

উত্তৰঃ কবিতাফাঁকি আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট , দুর্গেশ্বৰ শৰ্মাদেৱে ৰচনা কৰা ‘ বিশ্ব – ভাৱনা ’ নামৰ দার্শনিক কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে। 

ক্ষণস্থায়ী মানৱ – জীৱনটো কোনােবা শক্তিয়েহে যে নিয়ন্ত্রণ কৰি আছে , তাকেই কবিয়ে উক্ত কবিতা ফাঁকিৰ মাজেৰে প্ৰকাশ কৰিছে । 

মানুহৰ জীৱনটো মাটিৰ পুতলাৰ নিচিনা ক্ষণস্থায়ী। আমি কিছুদিনৰ বাবেহে পৃথিৱীলৈ আহি নাচি বাগি আছোঁ । আমি নাচিলেও কিন্তু নিজ ইচ্ছাত নচা নাই ” কোনােবা অদৃশ্য শক্তিয়ে আমাক নচুৱাই আছে । সেই শক্তি আমি নেদেখাে কাৰণেই উপলব্ধি কৰিব নােৱাৰৰ আৰু নিজে নচা বুলি ভাবাে । সেইদৰে আমি যেন কাৰােবাৰ হাতৰ বাঁহী । গােটেই জীৱন 

বাজিবই লাগিছোঁ , অথচ কোনে বজায় দেখা নাপাওঁ। কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে ইয়াকে ক’ব বিচাৰিছে যে মানুহৰ জীৱনটো ক্ষন্তেকীয়া। কিবা এক অদৃশ্য শক্তিৰ ইচ্ছাতহে আমি পৃথিৱীলৈ আহিছোঁ আৰু সেই শক্তিয়ে আমাৰ জীৱনটো নিয়ন্ত্রণ কৰি আছে । পৃথিৱীত মানুহৰ নিজা বুলিবলৈ একো নাই ।। 

( খ ) আমি ভাও লই লই বিশ্বভাৱনা , 

                   সদায় পাতিব লাগিছোঁ ; 

        আমি ঠিক ভাৱৰীয়া হাঁহি কান্দি নাচি

                   নিজ ভাও দিব জানিছোঁ । 

উত্তৰঃ কবিতাফাঁকি আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট , দুর্গেশ্বৰ শৰ্মাদেৱে ৰচনা কৰা ‘ বিশ্ব – ভাৱনা ’ নামৰ দার্শনিক কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে । 

মানুহৰ জীৱন আৰু কাম-কাজ কোনােটোৱেই যে আমি ভবাৰ দৰে প্ৰকৃত নহয় , কবিতা ফাঁকিৰ মাজেৰে কবিয়ে তাকেই প্রকাশ কৰিছে । 

এই পৃথিৱীখন এখন ৰংগমঞ্চ , মানুহৰ জীৱন হৈছে নাটক আৰু মানুহ সেই জীৱন – নাটৰ ভাৱৰীয়া । মানুহে হহা , কন্দা , নচা , গান গােৱা , ৰং – ধেমালি কৰা আদি কামকেই নকৰক কিয় , এই সকলােবােৰ হৈছে জীৱন – নাটত ভাৱৰীয়া হিচাপে মানুহে কৰা অভিনয়হে । কিন্তু এইবােৰ যে আমাৰ ভাৱনা বা অভিনয়হে , সেই কথা নাভাবাে ৷ কাৰণ কি এক অদৃশ্য শক্তিয়ে আমাৰ জীৱন পৰিচালিত কৰি আমাৰ হতুৱাই কামবােৰ কৰায় । সেই শক্তি আমি নেদেখা বাবেই কামবােৰ নিজে কৰা বুলি ভাবি হাঁহি , কান্দি , নাচি নিজৰ নিজৰ ভাওবােৰ কৰি গৈ থাকে । 

প্রশ্ন ৬: কবি দুর্গেশ্বৰ শৰ্মাৰ সাহিত্য কৃতিৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ যােৰহাটৰ পটীয়া গাঁৱত ১৮৮২ চনত দুর্গেশ্বৰ শৰ্মাৰ জন্ম হয় । তেওঁ পিতৃৰ নাম কমল চন্দ্র শর্মা । তেওঁ ১৯০৩ চনত বি.এ. পৰীক্ষাত 

উত্তীৰ্ণ হৈ পিছত আইৰ পৰীক্ষা দি কিছুদিন ওকালতি কৰে । তেওঁ শেষত আবকাৰী বিভাগৰ কমিচনাৰ পদৰ পৰা অৱসৰ লয় । ১৯০৬ চনৰ পৰা ১৯১১ চনৰ কালছােৱাক দুৰ্গেশ্বৰ শৰ্মাৰ সাহিত্যিক জীৱনৰ প্রস্তুতিৰ সময় বুলি ক’ব পাৰি । 

দুর্গেশ্বৰ শৰ্মা কবি আৰু নাট্যকাৰ। ‘পাৰ্থপৰাজয়’ ( ১৯০৯ ) , ‘ চন্দ্ৰাৱলী’ ( ১৯১০ ) ,’ বালীবধ ’ ( ১৯১২ ) আৰু পদ্মাৱতী – এই চাৰিখন তেওঁৰ নাটক । তেওঁৰ কবিতা পুথি হৈছে অঞ্জলি ( ১৯১০ ) আৰু নিবেদন ( ১৯২০ ) । এই দুখন কবিতা পুথিত সন্নিবিষ্ট কবিতাসমূহ বাদ দি আলােচনীৰ পাতত সিঁচৰিত হৈ থকা অন্যান্য কবিতাসমূহ তেওঁৰ মৰণােত্তৰ ৰচনাৱলীত ‘ উপাসনা ’ নাম দি প্রকাশ কৰা হৈছে । তেওঁৰ কবিতাত ভাৰতীয় দর্শনৰ প্ৰভাৱ দেখা যায় । 

ভাষা-বিচাৰ

প্রশ্ন ১: তলৰ ভুল বাক্যবােৰ শুদ্ধ ৰূপত লিখাঃ 

( ক ) ৰূপালীয়ে দুটি ধুনীয়া পুতলা বনাইছে ।

উত্তৰঃ ৰূপালীয়ে দুটি ধুনীয়া পুতলা সাজিছে ।

( খ ) মােৰ মায়ে ভাত বনাই আছে । 

উত্তৰঃ মােৰ মাই ভাত ৰান্ধি আছে ।

( গ ) ল’ৰাটোক গালি দিছে । 

উত্তৰঃ ল’ৰাটোক গালি পাৰিছে ।

( ঘ ) জোনালীয়ে ভাওনাত সীতাৰ ভাও কৰিছে ৷

উত্তৰঃ জোনালীয়ে ভাওনাত সীতাৰ ভাও দিছে । 

( ঙ ) ৰাইজসকলক নমস্কাৰ কৰা । 

উত্তৰঃ ৰাইজক নমস্কাৰ কৰা ।

প্রশ্ন ২: তলৰ বাক্যবােৰত থকা সমাপিকা ক্রিয়া আৰু অসমাপিকা ক্রিয়া বাছি উলিওৱা –

( ক ) আমি কাৰােবাৰ বাঁহী বাজিব লাগিছোঁ ।

উত্তৰঃ  বাজিব     –     অসমাপিকা ক্রিয়া ।

          লাগিছে     –     সমাপিকা ক্রিয়া । 

( খ ) মােহনে ঘৰলৈ গৈ ভাত খাব । 

উত্তৰঃ গৈ      –     অসমাপিকা ক্রিয়া ।

         খাব    –     সমাপিকা ক্রিয়া ।

( গ ) ডালিমীয়ে স্কুলৰ পৰা আহি নাচৰ আখৰা কৰিবলৈ যাব ।

উত্তৰঃ আহি      –      অসমাপিকা ক্রিয়া ।

         যাব       –      সমাপিকা ক্রিয়া ।

( ঘ ) সৌৰডে ধিতিঙালি কৰি অযথা সময় কটায়। 

উত্তৰঃ কৰি       –      অসমাপিকা ক্রিয়া ।

         কটায়     –      সমাপিকা ক্রিয়া ।

( ঙ ) জোনাকীয়ে আমাৰ ঘৰলৈ আহি মােক প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ এখন ফটো উপহাৰ দি থৈ গৈছে । 

উত্তৰঃ আহি      –       অসমাপিকা ক্রিয়া ।

         গৈছে      –       সমাপিকা ক্রিয়া ।

প্ৰশ্ন ৩: প্রত্যয় ভাঙি সেইবােৰ কি প্রত্যয় ( কৃৎ প্রত্যয় , তদ্ধিত প্রত্যয় ) দেখুওৱা ।

     খাৱৰীয়া , ভাৱৰীয়া , ঢুলীয়া , নাচনী , কৰোঁতা , শিকাৰু । 

উত্তৰঃ খাৱৰীয়া      –       খা + অৰীয়া ( কৃৎপ্রত্যয় ) 

         ভাৱৰীয়া      –       ভাওঁ + অৰীয়া ( তদ্ধিত প্রত্যয় ) 

         ঢুলীয়া          –       ঢােল + ঈয়া ( তদ্ধিত প্রত্যয় ) 

         নাচনী          –       নাচ্ + অনী ( কৃৎ প্রত্যয় ) 

         কৰোতা        –       কৰ + ওঁতা ( কৃৎ প্রত্যয় ) 

          শিকাৰু        –        শিক্ + আৰু ( কৃৎ প্রত্যয় )

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top