Niketan Class 8 Assamese Chapter 12 জোন আৰু জোনাকী

Niketan Class 8 Assamese Chapter 12 জোন আৰু জোনাকী is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 8 Assamese Chapter 12 জোন আৰু জোনাকী and select need one.

Join Telegram channel

Niketan Class 8 Assamese Chapter 12 জোন আৰু জোনাকী

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 8 Assamese Chapter 12 জোন আৰু জোনাকী Solutions for All Subjects, You can practice these here…

জোন আৰু জোনাকী

Chapter – 12

ASSAMESE

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS


ক্ৰিয়া-কলাপ

প্ৰশ্ন ১: অতি চমুউত্তৰ দিয়া –

( ক ) ‘ জোন আৰু জোনাকী ’ কবিতাটি কবিৰ কোনখন পুথিৰ অন্তৰ্গত? 

উত্তৰঃ  ‘ জোন আৰু জোনাকী ’ কবিতাটি কবিৰ ‘ মনাই বৰাগী ’ পুথিৰ অন্তর্গত । 

( খ ) কোন সময়ত জোনাকী পৰুৱাই পাখি মেলি মলি ফুৰিছিল ? 

উত্তৰঃ সন্ধিয়া সময়ত জোনাকী পৰুৱাই পাখি মেলি মলি ফুৰিছিল  । 

( গ ) জোনাকীৰ ওপৰত কোনে নাচে বুলি কৈছে ?

উত্তৰঃ জোনাকীৰ ওপৰত তৰাই নাচে বুলি কৈছে।

( ঘ ) জোনাকীৰ ক্ষুদ্র প্রাণ কিয় বিচলিত হৈছিল ?

উত্তৰঃ ক’ৰবাৰ পৰা এছাতি বতাহ অহা বাবে জোনাকীৰ ক্ষুদ্র প্রাণ বিচলিত হৈছিল । 

( ঙ ) জোনাকীক ক্ষুদ্র প্রাণী বুলি কোনে উপহাস কৰিছিল ? 

উত্তৰঃ জোনাকীক ক্ষুদ্র প্রাণী বুলি জোনে উপহাস কৰিছিল ।

( চ ) জোনাকীক কিয় নিঠৰুৱা প্রাণী বুলি কৈছে ?

উত্তৰঃ জোনাকীৰ ঘৰবাৰী নাই বাবে জোনাকীক নিঠৰুৱা প্রাণী বুলি কৈছে । 

( ছ ) ‘ ভ্ৰকটি ’ মানে কি ? 

উত্তৰঃ ) ‘ ভ্ৰকটি ’ মানে হ’ল- কপাল কোচাই কৰা দৃষ্টি , কুটিল দৃষ্টি

( জ ) পথভুলা পথিকক কোনে বাট দেখুৱাই ?

উত্তৰঃ পথভুলা পথিকক জোনাকী পৰুৱাই বাট দেখুৱাই ।

( ঝ ) “ মিছাতেই ওফন্দিছা যৌৱন ভেমত ” —কথাষাৰ কোনে কাক কৈছিল ? 

উত্তৰঃ “ মিছাতেই ওফন্দিছা যৌৱন ভেমত ” – কথাষাৰ জোনাকীয়ে জোনক কৈছিল ।

( ঞ ) জোনৰ দৰ্প অহংকাৰ শেষত কোনে চূর্ণ কৰিব বুলি কৈছে ? 

উত্তৰঃ জোনৰ দৰ্প অহংকাৰ শেষত মহাকাল ৰাহুৱে চূর্ণ কৰিব বুলি কৈছে ।

( ট ) জোনাকী পৰুৱাই জোনক পৰিণামত সোঁৱৰাই দিয়া মৰমৰ বস্তু দুটি কি ? 

উত্তৰঃ জোনাকী পৰুৱাই জোনক পৰিণামত সোঁৱৰাই দিয়া মৰমৰ বস্তু দুটি হ’ল- ‘ ৰূপ ‘ আৰু ‘ যৌৱন ‘ । 

( ঠ ) জোন আৰু জোনাকীৰ কোন সৰু , কোনবৰ সমিধান ওলালনে ? 

উত্তৰঃ জোন আৰু জোনাকীৰ কোন সৰু , কোনবৰ সমিধান নােলাল । কবিয়ে কেৱল ঈঙ্গিতেৰে ইয়াৰ সমিধান দিছে ক্ষুদ্র হৈয়াে চিৰকাল যিজন স্বাধীন ; সেইজন দুখত প্রাণধৰি থাকিলেও পৰাধীন জনতকৈ মহৎ ।

প্রশ্ন ২: জোন আৰু জোনাকীৰ তর্ক যুদ্ধখন তােমাৰ ভাষাত চমুকৈ লিখা। 

উত্তৰঃ সন্ধিয়া পৰত আনন্দমনে উৰি ফুৰি থাকোতে বতাহে আহি জোনাকী পৰুৱাক মাটিত পেলাই দিয়াত সি উঠিব নােৱৰা হ’ল । তাকে দেখি জোনে বিদ্রুপ কৰি জোনাকী পৰুৱাক ক’লে যে জোনাকী পৰুৱাই তাৰ সামান্য পােহৰ লৈ জোনৰ লগত ফেৰ মাৰিব আহিছে । তাৰ নিচিনা ক্ষুদ্র প্রাণী এটাই সংসাৰত থকা বুলি কোনেও নাজানে । ঘৰবাৰী নােহােৱা ক্ষুদ্র জোনাকীয়ে আকাশ লঙঘাৰ দুৰাশা কৰাৰ ফল হাতে হাতে পাইছে । 

ইতিমধ্যে জোনাকীয়ে লাহে লাহে সুস্থ হৈছিল । জোনৰ বিদ্রুপ ভৰা কথা শুনি জোনাকী মনে মনে নাথাকিল । সিও জোনক উদ্দেশ্যি ক’লে যে — সি ক্ষুদ্র হলেও স্বাধীন । তাৰ মনত কোনাে দুশা নাই । সি স্বাধীনভাৱে ৰং মনেৰে ঘূৰি ফুৰি জগতৰ হিত সাধি ফুৰে । আন্ধাৰ ৰাতি বাট ভুলা পথিকক সিয়েই বাট দেখুৱাই । আনক হঁহা জোনে দেখােন নিজে পৰৰ অধীন । সুৰুৰ কৰুণাৰ ফলতহে জোনে ৰূপ – যৌৱন পাইছে । নিজৰ ৰূপত বলিয়া হৈ আনক হঁহা জোনৰ দেখােন নিজৰ গাতেই কলংক দাগ । যি ভৰপুৰ যৌৱনক লৈ জোনে আজি গর্ব কৰিছে , সেই গর্ব – অহংকাৰ মহাকাল ৰাহুৱে এদিন চুর্ণ কৰিব । অকল এয়াই নহয় , যি দুটি মৰমৰ বস্তুৰূপ আৰু যৌৱনক লৈ জোনৰ ইমান অহংকাৰ , তাৰ পৰিণাম জোনে ভুগিব লাগিব যিদিনা মায়াবিনী আঁউসীয়ে কুহক জালত তাক বন্দী কৰিব ।

প্রশ্ন ৩: জোনাকীৰ ভিতৰত কোন সৰু , কোন ডাঙৰ — এই সম্পর্কে কবিয়ে শেষত কি সমিধান দিলে ? 

উত্তৰঃ জোন আৰু জোনাকীৰ ভিতৰত কোন সৰু , কোন ডাঙৰ এই সম্পর্কত কবিয়ে কেবল ইঙ্গিতেৰে সমিধান দিছে ক্ষুদ্ৰ হৈয়াে চিৰকাল যি জন স্বাধীন ; সেইজন দুখত প্রাণধৰি থাকিলেও পৰাধীন জীৱনতকৈ মহৎ । 

প্ৰশ্ন ৪: তােমাৰ মতে জোন আৰু জোনাকীৰ কোনজনক ডাঙৰ বুলিবা ? 

উত্তৰঃ জোনৰ নিজা পােহৰ নাই ই সূৰ্যৰ পােহৰৰ ওপৰত নিৰ্ভৰশীল । জোনাকী ক্ষুদ্র জীৱ হ’লেও তাৰ নিজা পােহৰ আছে । দুখকষ্ট থাকিলেও জোনাকীয়ে স্বাধীনভাৱে তাৰ সেই কণমান পােহৰকে ৰাতিৰ আন্ধাৰত বিলাই ফুৰে । মােৰ মতে পৰাধীনতাৰ শিকলিত বান্ধ খাই সুখে সন্তোষে থকা জনতকৈ কষ্টৰ মাজেৰে হ’লেও স্বাধীনভাৱে থকা জন ডাঙৰ । 

প্রশ্ন ৫: জোনৰ ৰূপ যৌৱন কোনে , কেতিয়া নাশ কৰে বুলি কৈছে ? 

উত্তৰঃ মহাকাল ৰাহুৱে ভৰপূৰ যৌৱনত জোনৰ ৰূপ যৌৱন নাশ কৰে বুলি কৈছে । আনহাতে আঁউসীৰ ৰাতিও জোনৰ ৰূপ যৌৱনৰ গর্ব চুর্ণ হয়। 

প্রশ্ন ৬: বতাহত জোনাকীৰ কেনে বিলাই হৈছিল বুজাই লিখা । 

উত্তৰঃ বতাহত জোনাকীৰ বৰ দুখ লগা অৱস্থা হৈছিল । হঠাতে অহা বতাহ ঘটিয়ে তাক এবাৰ ওপৰলৈ উঠাই নিছিল , এবাৰ তললৈ নমাই আনিছিল । এনেদৰে কিছু সময় থকাৰ পিছত বতাহৰ আঘাত সহ্য কৰিব নােৱাৰা হৈ সি মাটিত বাগৰি পৰিছিল । সৰু পাখি দুখনিৰে সি উঠিবৰ বাবে বহুত যত্ন কৰিছিল যদিও উঠিব পৰা নাছিল। 

প্রশ্ন ৭: জোনাকীয়ে কি কর্তব্য সাধন কৰে বুলি কৈছে ? 

উত্তৰঃ গােটেই বিশ্ব ঘােৰ আন্ধাৰত ডুবি থকা ৰাতি কোনাে পথিকে পথ হেৰুৱালে জোনাকী পৰুৱাই তাৰ ক্ষুদ্ৰ জেউতিৰে সেই পথ হেৰুওৱা পথিকক পথ দেখুৱাই কর্তব্য সাধন কৰে বুলি কৈছে । 

প্রশ্ন ৮: জোনে কি বুলি জোনাকীক উপহাস কৰিছিল ? 

উত্তৰঃ জোনে জোনাকীক তৃণত আশ্ৰয় লৈ থকা , ঘৰবাৰী নথকা নিঠৰুৱা , জীৱজগতৰ এটি ক্ষুদ্র প্রাণী বুলি উপহাস কৰিছিল । লগতে এই বুলিও কৈছিল যে জোনাকীয়ে তাৰ ক্ষুদ্ৰ শক্তিৰে জোনৰ লগত ফেৰ মাৰিব গৈ আকাশ লঙঘাৰ দুৰাকাঙ্খ কৰা বাবে তাৰ ফল হাতে হাতে পাইছে । 

প্রশ্ন ৯: “ মায়াবিনী আঁউসীৰ কুহক জালত 

             বান্ধ খাই পৰিবা যিদিনা ” —কথাষাৰৰ অন্তর্নিহিত ভাব বুজাই লিখা । 

উত্তৰঃ এই কথাষাৰ জোনাকীয়ে জোনক কৈছিল। নিজৰ ৰূপ যৌৱনক লৈ গর্ব কৰি আনক উপলুঙা কৰা জোনক জোনাকীয়ে কৈছিল যে জোনৰ ৰূপ – যৌৱন সদায় নাথাকে । মায়াবিনী আঁউসী ৰাতিৰ ঘােৰ অন্ধকাৰ নামিলে জোনে অহংকাৰৰ পৰিণাম ভুগিব লাগিব । আঁউসীয়ে তাইৰ এন্ধাৰসনা হাতেৰে মচি দিব জোনৰ মুখৰ হাঁহি । কথাষাৰৰ অন্তনিহিত ভাব এই যে মানুহে যি ৰূপ – যৌৱন , ধন – সম্পদলৈ যি গৌৰৱ বা অহংকাৰ কৰে , সি সদায়ে নাথাকে । আঁউসীৰ অন্ধকাৰে জোনৰ ৰূপ যৌৱন মচি দিয়াৰ দৰে সময়ে এদিন মানুহৰ ৰূপ – যৌৱন , ধন – সম্পদ কাঢ়ি লৈ যায় । সেয়েহে , কোনেও এইবােৰক লৈ গর্ব কৰা আৰু এইবােৰৰ পৰা বঞ্চিত জনক উপলুঙা কৰা উচিত নহয় । 

প্রশ্ন ১০: ৰঘুনাথ চৌধাৰীক কিয় বিহগী কবি বােলা হয় ? 

উত্তৰঃ চৰাইক ‘ বিহগ ’ বুলি কোৱা হয় । ৰঘুনাথ চৌধুৰীয়ে কেতেকী ’, দহিকতৰা ’ আদি কৰি চৰাই সম্পর্কীয় বহুতাে কবিতা লিখিছিল । সেয়েহে তেওঁক ‘ বিহগী কবি ‘ বােলা হয় । 

প্রশ্ন ১১: জোনে জোনাকীক ক্ষুদ্র প্রাণী বুলি যি উপহাস কৰিছে তাৰ উচিত উত্তৰ জোনাকী পৰুৱাই দিছে । এই কথাটো কোনটো দফাত প্রকটভাৱে প্ৰকাশ পাইছে বুলি তুমি ভাবা ? যুক্তি দর্শোৱা । 

উত্তৰঃ জোনে জোনাকীক ক্ষুদ্র প্রাণী বুলি উপহাস কৰাৰ উচিত উত্তৰ তলৰ দফাটোত প্রকটভাৱে প্ৰকাশ পাইছে –

              ক্ষুদ্র হৈ চিৰকাল স্বাধীন যি জন 

                              দুখতেই থাকে প্রাণ ধৰি , 

              ভাৱি চোৱা সেইজন কিমান মহৎ 

                               পৰাধীন জীৱনত কৰি ।

কাৰণ ক্ষুদ্র হলেও , দুখতে প্রাণ ধৰি থাকিলেও স্বাধীন জীৱন – যাপন কৰাজন , পৰাধীন জনতকৈ মহৎ । মুক্ত মনেৰে উৰি ফুৰা জোনাকী পৰুৱা সম্পূর্ণ স্বাধীন , এধানমান হলেও তাৰ গাৰ জেউতি তাৰ নিজৰ , আনৰ পৰা পােৱা নহয় । কিন্তু জোন নিৰ্ভৰশীল সূৰ্য্যৰ ওপৰত । সূৰ্য্যৰ পােহৰ নাপালে জোনৰ অস্তিত্বৰ কথা কোনেও গম নাপালে হেতেন। গতিকে স্বকীয় অস্তিত্ব নােহেবো জোনৰ উপহাসৰ ক্ষুদ্র অথচ স্বাধীন জোনাকীয়ে দিয়া উচিত উত্তৰ উক্ত দফাটোত প্রকটভাৱে প্রকাশ পাইছে। 

প্রশ্ন ১২: প্রসঙ্গ – সংগতি দর্শাই ব্যাখ্যা কৰা –

( ক ) যদিওৱা ক্ষুদ্র জীব ক্ষুদ্র শক্তি মােৰ 

                     নাই কিন্তু দুৰাশা মনত , 

        বিবেক আগত ৰাখি চলাে ৰং মনে 

                     কর্তব্যৰ সাধন পথত । 

উত্তৰঃ কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত , ‘ বিহগী কবি ’ ৰঘুনাথ চৌধাৰীয়ে ৰচনা কৰা জোন আৰু জোনাকী নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে । 

জোনে কৰা উপহাসৰ উত্তৰ হিচাপে জোনাকীয়ে এই কথাখিনি কৈছিল । 

জোনাকী ক্ষুদ্র জীৱ । তাৰ শক্তিও ক্ষুদ্র । তাৰ শক্তি সম্পর্কে সি জানে ; সেইবাবেই তাৰ মনত কোনাে দুৰাশা নাই । তাৰ কর্তব্য সম্পর্কে সি ভালদৰে জানে । আৰু সেই কর্তব্য সাধন কৰাৰ বাবে সি বিবেকক প্রাধান্য দি ঘূৰি ফুৰে । আন্ধাৰত পােহৰ বিলােৱাটো তাৰ কর্তব্য । সেয়েহে ঘােৰ অন্ধকাৰ ৰাতি পথভুলা পথিক জোনাকীয়ে তাৰ গাৰ জেউতিৰে পথ দেখুৱাই । 

( খ ) তােৰ দৰে লক্ষ প্রাণী        লগ হয় যদি     

                     তথাপিতাে পােহৰ নহয় , 

        সংসাৰত আছে বুলি         কোনেও নাজানে  

                     কোনাে তোৰ বাতৰি নলয় । 

উত্তৰঃ কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত , ৰঘুনাথ চৌধাৰীদেৱে ৰচনা কৰা ‘ জোন আৰু জোনাকী ‘ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। 

উক্ত কথাখিনিৰে জোনে জোনাকীক উপহাস কৰিছে ।

জোনাকী এই জীৱজগতৰ এটি ক্ষুদ্র প্রাণী । তাৰ গাৰ জেউতি নিচেই সামান্য । ঢিমিক – ঢামাক পােহৰ বিলােৱা তেনে লক্ষ্য জোনাকী পৰুৱা লগ লাগিলেও জোনৰ পােহৰৰ সমান হ’ব নােৱাৰে । আনকি জোনাকী পৰুৱা ইমানেই ক্ষুদ্র যে এই সংসাৰত যে সি আছে সেই কথাটোকে কোনেও নাজানে । কোনেও জোনাকী পৰুৱাৰ খবৰাে নলয়। কথাখিনিৰ জৰিয়তে জোনে জোনাকীক উপহাস কৰাৰ লগতে নিজৰ অহমিকা প্ৰকাশ কৰিছে । 

( গ ) ক্ষুদ্ৰ হৈ চিৰকাল               স্বাধীন যি জনে    

                    দুখতেই থাকে প্রাণ ধৰি , 

        ভাৰি চোৱা সেইজন          কিমান মহৎ    

                    পৰাধীন জীৱনত কৰি । 

উত্তৰঃ কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত , ৰঘুনাথ চৌধাৰীদেৱে ৰচনা কৰা ‘ জোন আৰু জোনাকী ’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। 

জোনে জোনাকীক ক্ষুদ্র জীৱ বুলি উপহাসৰ উত্তৰ হিচাপে জোনাকীয়ে এই কথাখিনি কৈছিল । 

জোনাকী এটি ক্ষুদ্র প্রাণী । নানা দুখ দুর্দশাৰ মাজত যি প্রাণ ধৰি থাকে । কিন্তু সেয়া হ’লেও সি স্বাধীন , কাৰৰ ওপৰত নিৰ্ভৰশীল নহয় । দুখ – কষ্টৰ মাজত থাকিলেও স্বাধীন জীৱন পৰাধীন জীৱনতকৈ ভাল । জোনাকীৰ গাৰ জেউতি তাৰ নিজৰ । স্বাধীনভাৱে নিজ ইচ্ছত সি পােহৰ বিলাব পাৰে । কিন্তু জোন তাতকৈ বহুত গুণে ডাঙৰ হ’লেও পৰাধীন। সূৰ্যৰ পােহৰ পালেহে জোনে আনক পােহৰ বিলাব পাৰে । গতিকে ক্ষুদ্র হলেও জোনাকীৰ জীৱন জোনতকৈ বহুত ভাল । 

( ঘ ) ৰূপত বলিয়া হৈ               কিয় জগতৰ

                     সকলােকে হীন যেন দেখা , 

        ভাল কৰি মনি চোৱা         নিজ শৰীৰত     

                     আছে দেখাে কলঙ্কৰ ৰেখা ৷ 

উত্তৰঃ কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত , ৰঘুনাথ চৌধাৰীদেৱে লিখা ‘ জোন আৰু জোনাকী ’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে । 

কথাখিনিৰ মাজেৰে নিজৰ ৰূপত বলিয়া হৈ আনক উপলুঙা জোনক নিজৰ গাত থকা খুঁতৰ কথা জোনাকীয়ে মনত পেলাই দিছে । 

জোনে জোনাকিক ক্ষুদ্র আকাৰৰ বাবে এধানমান পােহৰৰ বাবে উপলুঙা কৰিছিল । নিজকে বিৰাট আকাৰৰ বুলি ভবা, নিজৰ ৰূপত বলিয়া জোনে আনৰ গাত দোষ দেখা পায় , আনক হীন বুলি ভাবে । কিন্তু নিজৰ শৰীৰত যে কলঙ্কৰ ক’লা দাগ আছে সেইটো হলে দেখা নাপায় । সেয়ে জোনাকীয়ে জোনক নিজৰ শৰীৰত থকা কলঙ্কৰ দাগৰ কথা মনত পেলাই দিছে । কবিয়ে জোনাকীৰ জৰিয়তে কোৱা কথাখিনিৰ অর্থ এই যে মানুহে আনৰ গাত দোষ দেখা পায় , আনৰ দোষ খুচৰি ফুৰে , কিন্তু নিজৰ গাত লাগি থকা কলঙ্কৰ দাগৰ কথা নাভাবে । 

( ঙ ) এনেতে পুৱাল ৰাতি          আঁতৰিল জোন 

                     জোনাকীও হ’ল অন্তর্ধান , 

        কোন সৰু কোন বৰ          দুয়ােৰে মীমাংসা 

                     ইঙ্গিততে দিলে সমিধান । 

উত্তৰঃ কবিতাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত , ‘ বিহগী কবি’ ৰঘুনাথ চৌধাৰীদেৱে লিখা ‘ জোন আৰু জোনাকী ’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে । 

নিজৰ নিজৰ শক্তিক লৈ ওৰেৰাতি তর্ক কৰা জোন আৰু জোনাকীৰ তর্ক যুদ্ধখনৰ কেনেদৰে সামৰণি পৰিছিল , তাকেই কবিতাফাঁকিৰ মাজেৰে প্ৰকাশ পাইছে । 

জোন আৰু জোনাকী দুয়ােটা প্ৰকৃতিৰ অৱদান । নিজৰ শক্তিক লৈ দুয়ােৰে গর্ব অহংকাৰ । দুয়ােটাই কথাত কোনেও কাকো ঘাটি খুৱাব পৰা নাছিল আৰু ওৰে ৰাতি দুয়ােৰে মাজত কথাকটা কটি হৈছিল । ৰাতি পুৱালত সূৰ্যৰ পােহৰত দুয়ােটাই অন্তর্ধান হৈছিল । কিন্তু কোন সৰু, কোন বৰ সমিধান নােলাল । অৱশ্যে তাৰ মাজতাে এটা ইংগিত পােৱা গৈছিল — ক্ষুদ্র হৈয়াে চিৰকাল যি জন স্বাধীন ; সেইজন দুখত প্রাণধৰি থাকিলেও পৰাধীন জনতকৈ মহৎ । 

প্রশ্ন ১৩: খালী ঠাই পুৰ কৰা — 

( ক ) আকাশী কোলাত থাকি ____ কৰি 

                 নাচি নাচি উৰি উৰি যায় , 

         কেতিয়াবা ___ উঠে ___

                 সন্ধিয়াৰ ____বঢ়াই ।

উত্তৰঃ আকাশী কোলাত থাকি চিকমিক কৰি 

                 নাচি নাচি উৰি উৰি যায় , 

          কেতিয়াবা জ্বলি উঠে টিমিক ঢামাক 

                 সন্ধিয়াৰ জেউতি বঢ়াই । 

( খ ) লঘু ____হাত নােৱৰ সাৰিব 

              জীৱনত আছে ____বহু , 

        ___যৌৱনতে অহংকাৰ চুর্ণ 

             কৰিবহি ___ৰাহু । 

উত্তৰঃ লঘু লাঞ্ছনাৰ হাত নােৱৰা সাৰিব 

                   জীৱনত আছে দুখ বহু , 

           ভৰপুৰ যৌৱনতে অহংকাৰ চুর্ণ । 

                    কৰিবহি মহাকাল ৰাহু । 

ভাষা-বিচাৰ

প্রশ্ন ১: এটা শব্দত প্ৰকাশ কৰা –

( ক ) যি এবাৰ জ্বলি উঠে এবাৰ নুমাব খােজে __

উত্তৰঃ ঢিমিক ঢামাক ।

( খ ) পথৰ পৰা ভ্রষ্ট _ 

উত্তৰঃ পথভ্রষ্ট ।

( গ ) যাৰ কোনাে আশ্রয় নাই _

উত্তৰঃ নিঠৰুৱা । 

( ঘ ) যি আনৰ অধীন _

উত্তৰঃ পৰাধীন ।

( ঙ ) মায়াৰে মােহিত কৰা স্ত্রীশক্তি _

উত্তৰঃ মায়াবিনী ।

প্রশ্ন ২: তলৰ শব্দবােৰৰ ব্যাস বাক্যসহ সমাসৰ নাম লিখা ।

       জোনাকী পৰুৱা , ঘনেপতি , জীৱজগত , পৰাধীন , চাৰিপৰ 

উত্তৰঃ জোনাকী – জোনাকৰ পৰুৱা ( ষষ্ঠী তৎপুৰুষ ) 

ঘনেপতি – ঘনে ঘনে ( অব্যয়ীভাব সমাস ) 

জীৱজগত – জীৱ আৰু জগত ( ইতৰেতৰ দ্বন্দ্ব ) 

পৰাধীন – পৰৰ অধীন যি ( ষষ্ঠী তৎপুৰুষ ) 

চাৰিপৰ – চাৰি পৰৰ সমাহাৰ ( দ্বিগু সমাস ) 

প্ৰশ্ন ৩: শব্দার্থ লিখা – 

        জেউতি , অনুপম , সঞ্চালিত , ঘনেপতি , বিলাই , উপহাস নিঠৰুৱা , ভ্রুকুটি , পঠিক , হিত , চিকোণ 

উত্তৰঃ জেউতি       –     পােহৰ , দীপ্তি । 

         অনুপম       –     অতি সুন্দৰ , অতুলনীয় । 

         সঞ্চালিত     –    লৰচৰ কৰা । 

         ঘনেপতি     –     বাৰে বাৰে । 

         বিলাই        –     বিলৈ, দুৰৱস্থা ।

         উপহাস       –     উপলুঙা, ঠাট্টা । 

         নিঠৰুৱা      –     নিৰাশ্রয়ী , কোনাে আশ্রয় নথকা । 

         ভ্রুকুটি        –    কুটিল দৃষ্টি , কপাল কোচাই কৰা দৃষ্টি । 

         পথিক        –     বাটৰুৱা , পথেৰে যােৱা লােক । 

         হিত           –     কল্যাণ, উপকাৰ । 

         চিকোণ       –     সুন্দৰ, মসৃণ ।

1 thought on “Niketan Class 8 Assamese Chapter 12 জোন আৰু জোনাকী”

Leave a Reply

error: Content is protected !!
Scroll to Top
Scroll to Top
adplus-dvertising