Niketan Class 8 Assamese Chapter 11 ব্ৰহ্মপুত্ৰ আৰু আমাৰ পৰিবেশ

Niketan Class 8 Assamese Chapter 11 ব্ৰহ্মপুত্ৰ আৰু আমাৰ পৰিবেশ is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 8 Assamese Chapter 11 ব্ৰহ্মপুত্ৰ আৰু আমাৰ পৰিবেশ and select need one.

Niketan Class 8 Assamese Chapter 11 ব্ৰহ্মপুত্ৰ আৰু আমাৰ পৰিবেশ

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 8 Assamese Chapter 11 ব্ৰহ্মপুত্ৰ আৰু আমাৰ পৰিবেশ Solutions for All Subjects, You can practice these here…

ব্ৰহ্মপুত্ৰ আৰু আমাৰ পৰিবেশ

Chapter – 11

ASSAMESE

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS

Class 8th Assamese

পাঠ -১১                                        Devlibrary

ব্ৰহ্মপুত্ৰ আৰু আমাৰ পৰিবেশ 


ক্ৰিয়া-কলাপ

প্রশ্ন ১: চমু উত্তৰ দিয়া – 

( ক ) ব্ৰহ্মপুত্ৰ নৈখন কৰ পৰা ক’লৈ বৈ গৈছে ?

উত্তৰঃ ব্রহ্মপুত্র নৈখন তীব্বতৰ চেমায়ুং ডুং উৎসৰ পৰা ওলাই আহি অৰুণাচল , অসম , পশ্চিমবংগ আৰু বাংলাদেশৰ মাজেৰে বৈ গৈ বংগােপ সাগৰত পৰিছে । 

( খ ) ব্রহ্মপুত্র নদীৰ মূল উৎস কি ? 

উত্তৰঃ ব্রহ্মপুত্র নদীৰ মূল উৎস হ’ল- তিব্বতৰ চেমায়ুং ডুং ।

( গ ) সংস্কৃতত ব্রহ্মপুত্র নদীক কি নামেৰে জনা যায় ? 

উত্তৰঃ সংস্কৃতত ব্রহ্মপুত্র নদীক ‘ লােহিত্য ’ নামেৰে জনা যায় । 

( ঘ ) অসমত ব্রহ্মপুত্র নদীৰ দৈর্ঘ্য কিমান ? 

উত্তৰঃ অসমত ব্রহ্মপুত্র নদীৰ দৈর্ঘ্য প্রায় ৭২৫ কিঃ মিঃ । 

( ঙ ) ব্রহ্মপুত্র নদীখনে কোন ঠাই গংগাৰ লগত মিলিত হৈছে ? 

উত্তৰঃ ‘ গােৱা গণ্ড ’ নামৰ ঠাইখনত ব্রহ্মপুত্র নদীখন গংগাৰ লগত মিলিত হৈছে ।

( চ ) ভাৰতৰ এটা নদী সভ্যতাৰ নাম লিখা । 

উত্তৰঃ ভাৰতৰ এটা নদী সভ্যতাৰ নাম হ’ল- ‘ সিন্ধু সভ্যতা ‘ । 

( ছ ) ভাৰতলৈ অহা দুগৰাকী বিদেশী পর্যটকৰ নাম লিখা ।

উত্তৰঃ ভাৰতলৈ অহা দুগৰাকী বিদেশী পর্যটকৰ নাম হ’ল- ‘ মেগাস্থিনিচ ‘ আৰু ‘ হিউয়েন চাং ‘ ।

( জ ) চাংপাে আৰু ব্ৰহ্মপুত্ৰ নদীৰ গতিপথ সম্পর্কে অনুসন্ধান কৰা প্ৰথম অভিযানকাৰী কোন আছিল ? 

উত্তৰঃ চাংপাে আৰু ব্ৰহ্মপুত্ৰ নদীৰ গতিপথ সম্পর্কে অনুসন্ধান কৰা প্ৰথম অভিযানকাৰী হ’ল- ‘ চিকিমৰ কিনথাপা ‘ ।

( ঝ ) ব্ৰহ্মপুত্ৰৰ পৰিৱেশ সমস্যাত প্রভাব পেলােৱা এটি প্রাকৃতিক দুর্যোগৰ নাম লিখা । 

উত্তৰঃ ব্ৰহ্মপুত্ৰৰ পৰিৱেশ সমস্যাত প্ৰভাৱ পেলােৱা এটি প্রাকৃতিক দুর্যোগ হৈছে ‘ ভূমিকম্প ‘।

( ঞ ) ‘ ইণ্ডিকা ’ গ্ৰন্থখনৰ লিখক কোন ? 

উত্তৰঃ ‘ ইণ্ডিকা ’ গ্ৰন্থখনৰ লিখক হ’ল- ‘ মেগাস্থিনিছ ‘ । 

প্ৰশ্ন ২: ‘ ব্রহ্মপুত্র ’ নামটোৰ উৎপত্তি সম্পর্কে লিখা । 

উত্তৰঃ ‘ ব্ৰহ্মপুত্র ’ নামটোৰ উৎপত্তি সম্পর্কে বহু মত পােৱা যায় । হিন্দু পুৰাণৰ কাহিনী অনুসৰি ব্ৰহ্মাৰ মানস পুত্র হ’ল ব্ৰহ্মপুত্র । ড° বাণীকান্ত কাকতিৰ মতে ব্রহ্মপুত্র শব্দটি টাই আহােম ভাষাৰ ‘ নাম – ডাও – ফি ’ শব্দৰ পৰা উৎপত্তি হৈছে ।  ‘ নাম ’ মানে হ’ল পানী , ‘ ডাও ’ মানে হ’ল তৰা আৰু ‘ ফি ’ মানে হ’ল ঈশ্বৰ ” অর্থাৎ সূর্যদেৱতাৰ নদী । সংস্কৃতত ব্ৰহ্মপুত্ৰক ‘ লােহিত্য ’ বুলি কোৱা হৈছে । অসমীয়াত ব্ৰহ্মপুত্ৰক লুইত 

বুলিও কোৱা হয় । সংস্কৃত ‘ লােহিত্য ’ শব্দৰ পৰা অপভ্রংশ হৈ (লােহিত্য> লােহিত > লুহিত > লুইত ) ৰঙা অৰ্থত ‘ লুইত ’ নামটোৰ উৎপত্তি হােৱা বুলি ভবা হৈছে ।

আনহাতে এক পৌৰাণিক কাহিনী অনুসৰি ব্ৰহ্মই হিমালয়ৰ কুণ্ড এটিত জলময় পুত্র সৃষ্টি কৰিছিল । পৰশুৰামে মাতৃ ৰেণুকাক বধ কৰি পাপমােচনৰ বাবে তীর্থভ্রমূণ কৰি ফুৰােতে সেই জলময় কুণ্ডটো দেখা পায় । তেতিয়া তেওঁ নিজৰ কুঠাৰেৰে হাবি – জংঘল কাটি বাট মােকলাই সেই ব্ৰহ্মকুণ্ডৰ পৰাব্ৰহ্মাৰ জলময় পুত্রক কামৰূপলৈ ( প্রাচীন অসম ) বােৱাই আনে । সেয়ে প্রাচীন কামৰূপৰ মাজেৰে বৈ যােৱা এই নদীৰ নাম ‘ লােহিত্য ’ বা ব্ৰহ্মপুত্ৰ হ’ল বুলি ভাবিব পাৰি। 

পৰশুৰামৰ হাত আৰু কুঠাৰত লাগি থকা তেজ’ৰ পৰাই ৰঙা অর্থত সংস্কৃত ‘ লােহিত্য ‘ আৰু ব্ৰহ্মাৰ মানসপুত্র হােৱা বাবে ‘ ব্রহ্মপুত্র ’ নামৰ উৎপত্তি হােৱা বুলি বহুতে মত পােষণ কৰে । বিষ্ণুৰাভাই ব্রহ্মপুত্র শব্দটি বড়াে মূলৰ ‘ বুল্লুংবুথু’ শব্দৰ পৰা উৎপত্তি হােৱা বুলি কৈছে । ইয়াৰ অৰ্থ হ’ল ‘ হো – হোৱনি ’ । ড° সুনীতি কুমাৰ চট্টোপাধ্যায়ে ‘ কিৰাত জনকৃতি ’ পুথিত ‘ বুম্বুথু ’ ৰ পৰা সংস্কৃতত ‘ ব্রহ্মপুত্র ’ শব্দটি হৈছে বুলি উল্লেখ কৰিছে । এনেদৰে ‘ ব্ৰহ্মপুত্র ’ নামটিৰ উৎপত্তি সম্পর্কে বিভিন্ন মত পােৱা যায় । 

প্ৰশ্ন ৩: ব্ৰহ্মপুত্র নদীৰ এটি ভৌগলিক বর্ণনা দিয়া । 

উত্তৰঃ ভৌগলিক গাঁথনি অনুসৰি এচিয়া মহাদেশৰ বৃহৎ নদীসমূহৰ ভিতৰত ব্রহ্মপুত্র এখন অন্যতম নদী । অসমৰ তিনিখন ডাঙৰ নদী দিহাং , দিবাং আৰু লােহিত মিলিত হৈ অসমত ব্রহ্মপুত্র নাম লৈছে । ই তীব্বতৰ চেমায়ুং ডুং উৎসৰ পৰা অৰুণাচল , অসম , পশ্চিমবংগ আৰু বাংলাদেশৰ মাজেৰে বৈ গৈ বঙ্গোপ সাগৰত পৰিছেগৈ । চীন – তীব্বতৰ পৰা অৱধাৰিত ব্রহ্মপুত্র নদীখনে বাংলাদেশত যমুনা নাম লয় আৰু গােৱাগণ্ড নামৰ ঠাইখনত গংগাৰ লগত মিলিত হৈ পদ্মা নাম লয় । তাৎপর্যপূর্ণ যে পদ্মা নদীখন প্রায় ১০০ কিঃমিঃ অতিক্রম কৰাৰ পিছত 

বৰাক উপত্যকাৰ পৰা পৰিবাহিত নদী ‘ সুষমা ’ আৰু ‘ কুছিয়াৰা ’ নদীৰ সংযােজিত ‘ মেঘনা ’ নদীৰ লগত মিলি গৈ বংগােপ সাগৰত পৰিছেগৈ । তীব্বতৰ চেমায়ুং ডুং উৎসৰ পৰা বংগােপ সাগৰলৈ ব্রহ্মপুত্র নদীখনৰ মুঠ দৈর্ঘ্য প্রায় ২৮৫০ কিঃ মিঃ । ইয়াৰে প্রায় ৭৫০ কিঃ মিঃ অসমৰ মাজেৰে বৈ গৈছে । আনহাতে বাংলাদেশত নদীখনে প্রায় ৪৫০ কিঃ মিঃ দৈর্ঘ্য অতিক্রম কৰাৰ পিছত ইয়াৰ জলধাৰা বংগােপ সাগৰৰ অৱবাহিকাত মিলিত হৈছে । ভৌগলিক অৱস্থান অনুসৰি ব্ৰহ্মপুত্র নদীখন সমুদ্র পৃষ্ঠৰ পৰা ৩৬০০ মিটাৰ উচ্চতাত আছে আৰু ই ৮২°- ৯৭° পূর্ব দ্রাঘিমাংশ আৰু ২১°- ৩১° উত্তৰ অক্ষাংশত অৱস্থিত । 

প্রশ্ন ৪: অসমৰ পৰিবেশৰ ওপৰত ব্ৰহ্মপুত্ৰৰ প্ৰভাৱ সম্পর্কে লিখা । 

উত্তৰঃ ভূমিকম্প বা আন প্রাকৃতিক দুর্যোগ আৰু মানৱ সৃষ্ট প্রতিকুল কার্যই ব্ৰহ্মপুত্ৰৰ ওপৰত ব্যাপক প্রভাৱ পেলােৱাৰ বাবে অসমৰ পৰিৱেশৰ ওপৰত নৈখনে যথেষ্ট প্রভাৱ পেলােৱা পৰিলক্ষিত হৈছে । আমি জানাে যে আমাৰ পাৰিপাৰ্শ্বিক অৱস্থাত নদীয়ে প্ৰভাৱ পেলায় । যদি কোনাে কাৰণত নদীৰ গতিপথ সলনি হয় বা নদীৰ পৃষ্ঠভাগ ওপৰলৈ উঠি আহে তেতিয়া উপত্যকা অঞ্চলত বানপানীৰ সৃষ্টি হৈ আমাৰ পৰিৱেশত যথেষ্ট কুপ্রভাৱ পেলাব পাৰে । 

১৮৯৭ আৰু ১৯৫০ চনত অসমত হােৱা প্রলয়ংকাৰী ভূমিকম্পৰ ফলত ব্রহ্মপুত্র নদীৰ পূর্বাংশৰ তলিভাগ বহু পৰিমাণে ওপৰলৈ উঠি আহে । ইয়াৰ ফলত প্রতিবছৰে বানপানীৰ প্রকোপ বৃদ্ধি পাই আহিছে অসম মৌচুমী জলবায়ুৰ অন্তৰ্গত হােৱা বাবে বাৰিষাৰ কালছােৱাত ব্ৰহ্মপুত্ৰ উপত্যকাত প্রায় ৯ শতাংশ বৰষুণ হয় । তদুপৰি হিমালয়ৰ পৰা বৈ অহা বৰফ গলিত পানীৰ মাত্রাও দিনক দিনে বাঢ়ি আহিছে ।ব্ৰহ্মপুত্ৰৰ অৱধাৰিত দিশৰ বাহিৰে আন তিনিওটা দিশেই পাহৰি – পর্বতেৰে আৱৰা । সেয়েহে উপনৈসমুহে পৰিবহন কৰা পানীভাগ ব্রহ্মপুত্র নদীয়ে নির্দিষ্ট সময়ত পৰিবহন কৰিব নােৱাৰা হয় আৰু ইয়াৰ ফলত গৰাখহনীয়াৰ কবলত জাহ যায় একোটা বিস্তীর্ণ অঞ্চল । এনে দুর্যোগৰ বাবে বর্তমান নদী দ্বীপ মাজুলী আৰু উমানন্দৰ প্রতি এক ভাবুকি আহি পৰিছে । গতিকে দেখা যায় অসমৰ পৰিৱেশৰ ওপৰত ব্ৰহ্মপুত্ৰৰ যথেষ্ট প্রভাব আছে । 

প্রশ্ন ৫: ব্যাখ্যা কৰা ৷ 

( ক ) অসমৰ মাজেৰে বৈ যােৱা মহাবাহু ব্ৰহ্মপুত্র যেন অসমীয়া জাতিৰ এক জীৱনদায়িনী শক্তি ।

উত্তৰঃ ব্যাখ্যেয় কথাফাকি আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট ৰঞ্জিত শৰ্মাদেৱে লিখা ‘ ব্ৰহ্মপুত্ৰ আৰু আমাৰ পৰিৱেশ ‘ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে । 

অসমৰ জাতীয় জীৱনত ব্ৰহ্মপুত্ৰৰ গুৰুত্ব কিমান গভীৰ , তাকে লিখকে বাক্যটিৰ মাজেৰে প্ৰকাশ কৰিছে । 

ভাৰতৰ নদীসমূহৰ ভিতৰত ব্রহ্মপুত্র এখন অন্যতম গুৰুত্বপূর্ণ নদী । অসমৰ মাজেৰে প্রায় ৭২৫ কিঃ মিঃ বৈ যােৱা নৈ খনৰ অসমৰ ভৌগােলিক গাঁথনি , কৃষি , উদ্যোগ , সভ্যতা – সংস্কৃতি , ভাষা – সাহিত্য , জন গাঁথনি আৰু পৰিৱেশৰ ওপৰত যথেষ্ট প্রভাৱ আছে । ই যেন অসমীয়া জাতিৰ ৰাজহাড় । দুয়ােপাৰৰ বিভিন্ন জাতি – জনজাতিৰ ভাষা – সংস্কৃতিক পৰিপুষ্টি দান কৰি ব্ৰহ্মপুত্ৰই অসমীয়া জাতিটোক জীপাল কৰি ৰাখিছে । ব্ৰহ্মপুত্ৰক বাদ দি অসমীয়াৰ জাতীয় জীৱনৰ অস্তিত্বৰ কথা কল্পনাও কৰিব নােৱাৰি । অসমীয়া জাতিৰ উশাহ – নিশাহৰ লগত সম্পর্ক থকা ব্ৰহ্মপুত্ৰক সেয়েহে লিখকে অসমীয়া জাতিৰ এক জীৱনদায়িনী শক্তি বুলি কৈছে । 

প্রশ্ন ৬: চমুটোকা লিখা –

( ক ) সিন্ধু সভ্যতা ।

উত্তৰঃ পৃথিৱীৰ তিনিটা প্রাচীনতম সভ্যতাৰ ভিতৰত অন্যতম সভ্যতা হৈছে অখণ্ড ভাৰতৰ সিন্ধু সভ্যতা । বর্তমান পাকিস্তানৰ অন্তৰ্গত সিন্ধুনদীৰ উপত্যকা অঞ্চলত সিন্ধু সভ্যতাই গঢ় লৈছিল । ব্রোঞ্জ – যুগীয় সভ্যতা বুলি কোৱা এই সভ্যতা মুখ্যত : দক্ষিণ এছিয়াৰ উত্তৰ – পশ্চিম অঞ্চলত গঢ়ি উঠিছিল । বর্তমানৰ উত্তৰ – পূব আফগানিস্তানৰ পৰা পাকিস্তান আৰু উত্তৰ – পশ্চিম ভাৰতবৰ্ষলৈকে ইয়াৰ বিস্তৃতি আছিল । খ্রীঃপূঃ ৩০০০-১৭০০ ৰ সময়ছােৱাত এই সভ্যতা গঢ়ি উঠা বুলি পণ্ডিতসকলে অনুমান কৰে । বর্তমান পাকিস্তানৰ অন্তৰ্গত হৰপ্পা আৰু মহেঞ্জোদাৰােত পৰিকল্পিতভাবে কৰা খনন কার্যৰ ফলত উদ্ধাৰ হােৱা ধ্বংসাৱশেষৰ পৰা সিন্ধু সভ্যতাৰ বিষয়ে অনেক তথ্য পােৱা গৈছে । 

খননৰ ফলত তাত পৰিকল্পিত নগৰ , স্নানাগাৰ , ৰাস্তা , পানীযােগান ব্যৱস্থা , অনাময় ব্যৱস্থা , নলা , অট্টালিকা , সাধাৰণ বাসগৃহ শস্যৰ ভৰাল , ইটাৰ বেৰ আদিৰ ধ্বংসাৱশেষ পােৱা গৈছে । ‘ টেৰাকোটা ’ ৰ মূৰ্ত্তিও পােৱা গৈছে । সিন্ধু সভ্যতাৰ মানুহে যে শিলৰ অস্ত্র , ধাতুৰ অস্ত্র ; সােণৰূপ , হাতীদাতৰ অলংকাৰ ব্রোঞ্জ , তাম , সীহ , টিন আদি ব্যৱহাৰ কৰিছিল তাৰ প্ৰমাণ পােৱা গৈছে । প্রলয়ংকৰী বানপানীয়ে সিন্ধু সভ্যতা ধ্বংস কৰে বুলি বহুতে অনুমান কৰে।

( খ ) মাজুলী ।

উত্তৰঃ মাজুলী পৃথিৱীৰ সর্ববৃহৎ নদী – দ্বীপ । কুৰি শতিকাৰ আৰম্ভণিত ইয়াৰ মাটিকালিৰ পৰিমাণ আছিল ১২৫০ বর্গ কিলােমিটাৰ । ২০১৪ চনত মাটিকালিৰ পৰিমাণ হৈছে ৩৫২ বর্গ কিলােমিটাৰ। ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ ফলত মাজুলীৰ মাটিৰ পৰিমাণ এইদৰে হ্রাস পাইছে । মাজুলীৰ উত্তৰ ফালেদি ব্ৰহ্মপুত্ৰ আৰু দক্ষিণ ফালেদি ব্ৰহ্মপুত্ৰৰ এটা সুতি খেৰকটীয়া সুতি সোৱণশিৰিৰ সৈতে লগ হৈ বৈ গৈছে । যােৰহাটৰ পৰা মাজুলীলৈ ফেৰীৰে যােৱা – অহা কৰিব পাৰি । গুৱাহাটীৰ পৰা ইয়াৰ দূৰত্ব ২০০ কিলােমিটাৰ । ১৬ শ শতিকাৰ পৰাই মাজুলী অসমৰ বৈষ্ণৱ সংস্কৃতিৰ প্রাণ কেন্দ্র হিচাপে চিহ্নিত হৈ আহিছে । কেবাখনাে সত্ৰ থকা মাজুলীৰ সংস্কৃতি বৈচিত্রময় । ইয়াৰ স্থানীয় বাসিন্দাসকলে অসমীয়া 

আৰু মিচিং ভাষা কয় । গিণিজ বুকত মাজুলীয়ে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্থান লাভ কৰিছে । কিন্তু দুখৰ বিষয় এই যে বৈচিত্রময় সংস্কৃতিৰে পূর্ণ , অসমৰ বৈষ্ণৱ সংস্কৃতিৰ প্রাণকেন্দ্র বর্তমান অস্তিত্বৰ সংকটত ভুগিছে । ব্রহ্মপুত্ৰৰ গৰাখহনীয়া ৰােধৰ উপযুক্ত ব্যৱস্থা হাতত ন’ললেই হয়তাে এদিন ব্ৰহ্মপুত্ৰৰ বুকুত নিচিহ্ন হৈ যাব । 

( গ ) মেগাস্থিনিছ ।

উত্তৰঃ মেগাস্থিনিচ খ্রীঃ পূঃ তৃতীয় শতিকাৰ এজন গ্রীক ৰাষ্ট্রদূত । গ্ৰীচৰ চেলউচিড বংশৰ চেলুকাচ নিকেতনৰ ৰাষ্ট্রদূত হিচাপে চন্দ্রগুপ্ত মৌর্যৰ দিনত তেওঁ ভাৰতবৰ্ষলৈ আহিছিল । মেগাস্থিনিচে কেবাখনাে নদীৰে পূৰ্ণ পেন্টাপটেমিয়া ( বর্তমান পঞ্জাৱ অঞ্চল ) জিলাৰে ভাৰতত প্ৰৱেশ কৰি পাটলিপুত্ৰত উপস্থিত হৈছিল । পাটলিপুত্ৰৰ উপৰিও তেওঁ বিহাৰৰ মথুৰালৈ যােৱা বুলিও তথ্য পােৱা গৈছে । ইয়াৰ বাহিৰে তেওঁ ভাৰতবৰ্ষৰ আন ঠাইলৈ যােৱাৰ কথা জানিব পৰা হােৱা নাই । মেগাস্থিনিচে ভাৰত সম্পর্কে লিখা বিখ্যাত গ্রন্থখন হৈছে ইণ্ডিকা । বর্তমান এই গ্রন্থখন লণ্ডনৰ আর্ট গেলেৰিত সংৰক্ষিত কৰি ৰখা হৈছে ।

( ঘ ) হিউয়েনচাং।

উত্তৰঃ হিউয়েনচাং এগৰাকী বৌদ্ধ সন্ন্যাসী , শিক্ষাবিদ , পৰিব্রাজক আৰু অনুবাদক আছিল । চীনদেশৰ বৰ্তমানৰ হেনান প্রদেশত তেওঁৰ জন্ম হৈছিল । সৰুৰে পৰা তেওঁ ধর্মীয় পুথি অধ্যয়ন কৰিছিল আৰু বুদ্ধ ধৰ্মৰ কিতাপৰ সন্ধানত তেওঁ গােটেই চীন দেশ ঘূৰিছিল । তেৰ বছৰ বয়সতে তেওঁ ‘ শ্লামনেৰা ‘ আৰু কুৰি বছৰ বয়সত ‘ ভিক্ষু ’ আখ্যা পাইছিল । হিউয়েনচাঙে লক্ষ্য কৰিছিল যে সেই সময়ত চীন দেশত বৌদ্ধ ধর্মৰ যিবিলাক পুথি প্রচলিত আছিল সেইবােৰত বহুত ভুল ব্যাখ্যা আছিল আৰু কিছুমান পুথি অসম্পূর্ণ আছিল । সেয়েহে তেওঁ বৌদ্ধ ধর্ম সম্পর্কত অধ্যয়ন কৰিবলৈ ভাৰতবৰ্ষলৈ আহিছিল আৰু সােতৰ বছৰ কাল ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত ঘূৰি ফুৰিছিল।কামৰূপৰ ৰজা ভাস্কৰ বৰ্মণৰ আমন্ত্রণ ক্রমে হিউয়েনচাঙে কৰতােয়া নদী অতিক্রম কৰি 

কামৰূপলৈ আহি তিনিমাহ কাল কটাইছিল । হিউয়েনচাঙে তেওঁৰ পুথিত কামৰূপৰ সংস্কৃতি আৰু মানুহ সম্পর্কে দীঘলীয়া বর্ণনা দি থৈ গৈছে । পিছত হর্ষবর্ধনৰ অনুৰােধ মর্মে বৌদ্ধ মহাসভা এখনত যােগ দিয়াৰ বাবে তেওঁ কনৌজলৈ ঘূৰি যায় । হিউয়েনচাঙৰ এখন বিখ্যাত গ্রন্থ হৈছে‘ চি – ইউ – কি ‘ । 

প্রশ্ন ৭: ‘ ক ’ অংশৰ লগত ‘ খ ’ অংশ মিলােৱা 

‘ ক ’ অংশ‘ খ ’ অংশ 
( ১ ) ছুমেৰিয় সভ্যতাহিউয়েন চাং
( ২ ) ইণ্ডিকাবাংলাদেশ
( ৩ ) চি-ইউ-কিইউফ্রেটিছ
( ৪ ) ব্রহ্মপুত্রনদীদ্বীপ
( ৫ ) পদ্মা কামৰূপৰ ৰজা
( ৬ ) ভাস্কৰ বর্মণনীল নদী
( ৭ ) মাজুলীমেগাস্থিনিচ
( ৮ ) মিছৰীয় সভ্যতাচেমায়ুংডুং

উত্তৰঃ 

‘ ক ’ অংশ‘ খ ’ অংশ 
( ১ ) ছুমেৰিয় সভ্যতাইউফ্রেটিছ
( ২ ) ইণ্ডিকামেগাস্থিনিচ
( ৩ ) চি-ইউ-কিহিউয়েন চাং
( ৪ ) ব্রহ্মপুত্রচেমায়ুং ডুং
( ৫ ) পদ্মা বাংলাদেশ
( ৬ ) ভাস্কৰ বর্মণকামৰূপৰ ৰজা
( ৭ ) মাজুলীনদীদ্বীপ
( ৮ ) মিছৰীয় সভ্যতানীলনদী

ভাষা-বিচাৰ

প্রশ্ন ১: তলৰ শব্দবােৰৰ সমার্থক শব্দ লিখা — 

        সাগৰ , নদী , পাহাৰ , পুথি , লুইত , তুষাৰ , কুণ্ড , পর্যটক 

উত্তৰঃ সাগৰ     –     সমুদ্র , অৰ্ণৱ , ৰত্নাকৰ ।

         নদী        –    নৈ , তটিনী , তৰঙ্গিনী ।

         পাহাৰ     –    পর্বত, গিৰি ।

         পুথি        –    কিতাপ, গ্ৰন্থ, পুস্তক। 

          লুইত      –    ব্রহ্মপুত্র , লােহিত্য । 

          তুষাৰ     –    হিম, বৰফ ।

          কুণ্ড        –    গাঁত ।

          পর্যটক    –    ভ্রমণকাৰী , পৰিব্রাজক ।

প্রশ্ন ২: বিপৰীত শব্দ লিখা – 

        পাহাৰ , উচ্চ , দীর্ঘ , বহল , প্রবাহ 

উত্তৰঃ পাহাৰ         –         ভৈয়াম । 

         উচ্চ            –         নীচ ।

         দীর্ঘ            –         হ্ৰস্ব ।

         বহল          –          ঠেক ।

         প্রৱাহ         –          স্থিৰ, গতিহীন ।

প্ৰশ্ন ৩: অনুকাৰ শব্দ কাক বােলে ? উদাহৰণ দিয়া । 

উত্তৰঃ কোনাে ধ্বনি বা জীৱ – জন্তুৰ মাত অঁনুকৰণ কৰি যি শব্দ তৈয়াৰ কৰা হয় , তাক অনুকাৰ শব্দ বােলে । যেনে— কেৰ কেৰ , কা কা , টং টং ইত্যাদি । 

প্রশ্ন ৪: বাক্য সাজা – 

        হোঁ হোঁৱনি , হুৰ হুৰ , গুৰ গুৰ , চিৰিপ চিৰিপ , জিপ জিপ , চিপচিপ । 

উত্তৰঃ হোঁ হোঁনি :- ধুমুহাৰ হো – হোঁৱনিত তাৰ কথা মই একো শুনা নাপালোঁ । 

হুৰ হুৰ :- হুৰ হুৰ কৈ ৰষুণ জাক নহা হ’লে কামটো কেতিয়াবাই মােৰ হ’লহেঁতেন । 

গুৰ গুৰ :- মেঘৰ গুৰ গুৰণি শুনিছেনে নাই , কাপােৰবােৰ ভিতৰলৈ আন । 

চিৰিপ চিৰিপ :- তিৰোতাজনীয়ে পুখুৰীৰ পাৰত চিৰিপ চিৰিপকৈ কাপােৰ ধুই আছে । 

জিপ জিপ :- জিপ জিপকৈ বৰষুণ দি থাকিলে শুই মজা লাগে । 

চিপ চিপ :- আজি মই স্কুললৈ যােৱা সময়ত চিপ চিপকৈ বৰষুণ দি আছিল । 

প্রশ্ন ৫: তলৰ শব্দবােৰত ণ / ষ হােৱাৰ কাৰণ লিখাঃ 

       ভ্রমণ , তুষাৰ , কৃষ্ণাই , সােণকোষ , ৰেণুকা , কুণ্ড । 

উত্তৰঃ ভ্রমণ :- ‘ ৰ ’ আৰু দন্ত্য ‘ ন ’ ৰ মাজত স্বৰবৰ্ণ আৰু ‘ প ’ বৰ্গৰ বৰ্ণ থকা বাবে দন্ত্য ‘ ন ’ ৰ ঠাইত মুর্ধন্য – ‘ ণ ’ হৈছে । 

তুষাৰ :- ‘ উ ’ স্বৰবৰ্ণ আগত থকা বাবে প্রত্যয়ৰ দন্ত্য ‘ স ’ মুর্ধণ্য ‘ ষ ’ হৈছে । 

কৃষ্ণাই :- ‘ ঋ ’ স্বৰবৰ্ণৰ আগত থকা বাবে প্রত্যয়ৰ দন্ত্য ‘ স ’ মুর্ধণ্য ‘ ষ’ হৈছে । 

সােণকোষ :- ‘ ও ’ স্বৰবৰ্ণৰ আগত থকা বাবে প্রত্যয়ৰ দত্য ‘ স ’ মুর্ধণ্য ‘ ষ ’ হৈছে । 

ৰেণুকা :- ‘ ৰ ’ আৰু দন্ত্য ‘ ন ’ৰ মাজত স্বৰবৰ্ণ থকা বাবে দন্ত্য ‘ ন ’ ৰ ঠাইত মুর্ধণ্য ‘ ণ ’ হৈছে । 

কুণ্ড :- ‘ ট ’ বৰ্গৰ লগত যুক্ত দন্ত্য ‘ স ’ মুর্ধণ্য ‘ ষ ’ হৈছে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top