Niketan Class 8 Assamese Chapter 1 বৰগীত (ৰাগ – আশােৱাৰীঃ তাৰ – পৰি)

Niketan Class 8 Assamese Chapter 1 বৰগীত (ৰাগ – আশােৱাৰীঃ তাৰ – পৰি) is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 8 Assamese Chapter 1 বৰগীত (ৰাগ – আশােৱাৰীঃ তাৰ – পৰি) and select need one.

Niketan Class 8 Assamese Chapter 1 বৰগীত (ৰাগ – আশােৱাৰীঃ তাৰ – পৰি)

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 8 Assamese Chapter 1 বৰগীত (ৰাগ – আশােৱাৰীঃ তাৰ – পৰি) Solutions for All Subjects, You can practice these here…

বৰগীত (ৰাগ – আশােৱাৰীঃ তাৰ – পৰি)

Chapter – 1

ASSAMESE

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS


প্রশ্ন : চমুউত্তৰ দিয়া — 

( ক ) বৰগীতটি কোনে ৰচনা কৰা ? 

উত্তৰঃ বৰগীতটি মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱে ৰচনা কৰা । 

( খ ) বৰগীতটি কি ৰাগত উল্লেখ আছে ? 

উত্তৰঃ বৰগীতটি ‘ আশােৱাৰী ৰাগত ’ ৰাগত উল্লেখ আছে ।

( গ ) কালিন্দী নদীৰ তীৰত কোনে ধেনু চৰাইছে ?

উত্তৰঃ কালিন্দী নদীৰ তীৰত গােপ বালকৰ সৈতে শ্রীকৃষ্ণই ধেনু চৰাইছে। 

( ঘ ) গােপ শিশুসকলে কাৰ সৈতে আনন্দ কৰিছে ? 

উত্তৰঃ গােপ শিশুসকলে শ্ৰীকৃষ্ণৰ সৈতে আনন্দ কৰিছে । 

( ঙ ) কৃষ্ণৰ শ্যামবৰণীয়া শৰীৰৰ বাওকাষত কিহে শােভা বঢ়াইছে ? 

উত্তৰঃ কৃষ্ণৰ শ্যামবৰণীয়া শৰীৰৰ বাওকাষত শিঙা আৰু বেঁতে শােভা বঢ়াইছে । 

( চ ) শংকৰদেৱৰ জীৱনৰ কীর্তিস্তম্ভ কি ? 

উত্তৰঃ শংকৰদেৱৰ জীৱনৰ কীর্তিস্তম্ভ  হ’ল কীৰ্ত্তন ঘােষা ।

প্রশ্ন ২: বৃন্দাবনৰ আনন্দমুখৰ পৰিৱেশটোৰ চমু বর্ণনা দিয়া । 

উত্তৰঃ বৃন্দাবনত শ্রীকৃষ্ণই গােপবালকৰ সৈতে গৰু চৰাবলৈ গৈছে । গৰুবােৰক যমুনা ( কালিন্দী ) নদীৰ পাৰত চৰিবলৈ দি তেওঁ গােপবালক বিলাকৰ সৈতে লীলা খেলা আৰম্ভ কৰিছে । কৃষ্ণৰ ৰূপৰ জেউতিত চাৰিও দিশ উজ্বলি উঠিছে । লৰি ঢাপৰি ফুৰােতে তেওঁৰ চুলিত গুজি লােৱা ময়ুৰৰ পাখি কানৰ কুণ্ডল , হাতৰ কেৰু আৰু ডিঙিৰ বনমালা নাচি নাচি উঠিছে । তেওঁৰ ককালৰ অলংকাৰৰ ৰিণি ৰিণি শব্দ আৰু ভৰিৰ পুৰৰ জুন – জুননিয়ে বৃন্দাবন মুখৰিত কৰি তুলিছে । খেলা – ধুলাৰ মাজতে কদম গছৰ তলত ত্রিভংগ ভংগীত থিয় হৈ কৃষ্ণই পঞ্চম সুৰত বাহী বজাইছে । দুৰ দুৰলৈ বিয়পি গৈছে বাঁহীৰ সুৰ । সেই সুৰত গােপশিশুসকল অধিক আনন্দত মতলীয়া হৈ উঠিছে । 

কৃষ্ণই গােপশিশুসকলৰ সৈতে গৰু চৰাবলৈ যাওঁতে এনেকুৱা এক আনন্দমুখৰ পৰিৱেশ বিৰাজ কৰিছে । 

প্রশ্ন ৩: শ্রীকৃষ্ণৰ শাৰীৰিক সৌন্দর্য পাঠৰ আধাৰত বর্ণনা কৰা । 

উত্তৰঃ শ্রীকৃষই গােপশিশুৰ সৈতে গৰু চৰাবলৈ বৃন্দাবনলৈ গৈছে । দেৱজ্যোতিৰে দীপ্ত শ্ৰীকৃষ্ণৰ এনেয়ে ভুবন ভুলােৱা ৰূপ , তাতে আকৌ নানা বেশভূষা আৰু পীতবস্ত্ৰই তেওঁৰ শ্যাম বৰণীয়া শৰীৰক অধিক সৌন্দর্য দান কৰিছে । তেওঁৰ শিৰত হালে – জালে ময়ুৰৰ পাখি , দুকাণত দোলে সুৱৰ্ণ কুণ্ডল । ডিঙিত তেওঁৰ সুদীর্ঘ বনমালা , দেৱমণি কৌস্তুভেৰে শােভিত বক্ষস্থল । মুখত তেওঁৰ স্মিত হাঁহিৰ জিলিঙণি । খােজে প্রতি ৰিণি-ৰিণিকৈ বাজি উঠে ককালৰ অলংকাৰ , 

জুন – জুনুককৈ বাজে ভৰিৰ নূপুৰ । যমুনাৰ পাৰত কদম গছৰ তলত ত্রিভংগ হৈ তেওঁ বাঁহীত সুৰ তােলে । তেওঁৰ দেৱকল্প শৰীৰৰ সৌন্দর্যত সকলাে মােহিত হয় ।

প্রশ্ন ৪: “ ত্রিভঙ্গ ললিত হাস ” মানে কি ? 

উত্তৰঃ ডিঙি , ককাল আৰু আই বেকাকৰি থিয় হৈ শ্রীকৃষ্ণই মধুৰ হাঁহি মাৰিছে । 

প্রশ্ন ৫: ‘গণ্ড’ আৰু ‘পঙ্কজ’ শব্দৰ অৰ্থ লিখা । 

উত্তৰঃ ‘ গণ্ড ’ মানে ‘ গাল ’ আৰু ‘পঙ্কজ ’ মানে ‘ ‘পদুম ফুল’ । 

প্রশ্ন ৬: বৰগীত কাক বােলে ? ইয়াৰ তিনিটা লক্ষণ লিখা । 

উত্তৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ প্ৰধান শিষ্য মাধৱদেৱে ৰচনা কৰা গীতসমূহকে বৰগীত বােলা হয় । অৱশ্যে মহাপুৰুষ দুজনে তেওঁলােকৰ গীতসমূহক কতাে বৰগীত বুলি কৈ থােৱা নাই । হয়তাে তেওঁলােকৰ পিছত ভকতসকলে এইবােৰ গীতক সাধাৰণ গীতৰ পৰা পৃথক ভাবত ৰাখিবলৈ বা এই গীতসমূহৰ উচ্চ ভাব , বিষয়বস্তুৰ বাবে শ্রেষ্ঠ অর্থত ( শ্রেষ্ঠ বৰ ) বৰগীত আখ্যা দিছে । 

বৰগীতৰ তিনিটা লক্ষণ হৈছে— 

১। শাস্ত্রীয় ৰাগ আৰু আধ্যাত্মিক ভাবৰ প্রাধান্য । 

২। এইবােৰৰ মূল ভাষা ব্ৰজাৱলী ।

৩। বাৎসল্য , শান্ত আৰু দাস্য ভাব প্রাধান্য । 

প্রশ্ন ৭: চমুটোকা লিখা – 

১। ব্ৰজাৱলী ভাষা ।

উত্তৰঃ ব্ৰজাৱলী ভাষাঃ ব্ৰজাৱলী হৈছে এটা কৃত্রিম সাহিত্যিক ভাষা । নৱবৈষ্ণৱ আন্দোলনৰ সময়ত বৈষ্ণৱ কবিসকলে অসম , উৰিষ্যা , বংগ আদিৰ সাধাৰণ মানুহে বুজিব পৰাকৈ ব্ৰজাৱলী ভাষা সৃষ্টি কৰিছিল । মিথিলাৰ ব্রজধামৰ ভাষাক কেন্দ্ৰ কৰি সৃষ্টি কৰা বাবে এই ভাষাটোক ব্ৰজাৱলী ভাষা বুলি কোৱাৰ থল আছে । শংকৰদেৱ আৰু মাধৱদেৱে বৰগীত আৰু অংকীয়া নাটসমূহত এই ভাষাটো ব্যৱহাৰ কৰিছিল । অৱশ্যে অসমীয়া ব্ৰজাৱলীৰ লগত বঙালী ব্ৰজাৱলী বা মৈথিলী ব্ৰজাৱলীৰ কিছু পার্থক্য দেখা যায় । 

ভটিমাঃ ভটিমা হ’ল প্রশস্তি বা গুণ – গৰিমা প্রকাশক গীত । প্রকাশভঙ্গীৰ গাম্ভীর্য ইয়াৰ বিশেষ লক্ষণ। স্তুতিপদ গীত গাই ফুৰা ভ্রাম্যমান গায়কক পুৰণি কালত ভাট ’ বুলিছিল । এই ভাটৰ মুখত দিয়া ভক্তিপদ গীতকে ভটিমা বােলা হয় । শংকৰদেৱে তিনি প্রকাৰৰ ভটিমা –’নাট – ভটিমা’ , ‘দেৱ – ভটিমা ’ আৰু ‘ৰাজ – ভটিমা ’ প্রৱর্তন কৰে । মাধৱদেৱেও ‘ গুৰু – ভটিমা ’ নামেৰে এক শ্রেণীৰ ভটিমা সৃষ্টি কৰে । গতিকে সৰ্বমুঠ চাৰিপ্ৰকাৰ ভটিমা পােৱা যায় । 

প্রশ্ন ৮: প্রসঙ্গ সঙ্গতি দর্শাই ব্যাখ্যা কৰা— 

( ক ) কেয়ুৰ কঙ্কণ কৰে উৰে বনমালা লুলে 

        মধুৰ মধুপ মধু ভুলে । ” 

উত্তৰঃ বৰগীতফাঁকি আমাৰ পাঠ্য পুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী শংকৰদেৱে ৰচনা কৰা ‘ আনন্দে গােবিন্দে বায় বৃন্দাবনে বেণু’ — এই বৰগীতটিৰ পৰা উদ্ধৃত কৰা হৈছে । 

এই বৰগীত ফাঁকিৰ জৰিয়তে কবি গৰাকীয়ে বৃন্দাবনত গৰু চৰাই থকা পৰম পুৰুষ শ্ৰীকৃষ্ণৰ অপৰূপ চিত্র এখন দাঙি ধৰিছে । 

শ্রীকৃষ্ণই বৃন্দাবনত গােপবালকৰ সৈতে গৰু চৰাইছে । তেওঁৰ শ্যামবৰণীয়া দেহ পীতবস্ত্ৰৰে শােভিত । তেওঁ নানা অলংকাৰ পৰিধান 

কৰিছে মুৰত ময়ুৰৰ পাখি , কাণত কুণ্ডল , বাহুত , কেয়ুৰ কঙ্কণ , ককাঁলত কেবা তৰপীয়া হাৰ , ভৰিত নুপুৰ আৰু ডিঙিত আজনুলম্বিত বন – ফুলৰ মালা । সেই মালাৰ মাজত গাঁথা আছে কদমৰ সুগন্ধি 

ফুল আৰু ভুন ভুনকৈ উৰি ফুৰা ভােমােৰা শ্ৰীকৃষ্ণৰ ডিঙিত মােলায়মান সেই বনমালাত মৌৰ লােভতে আহি পৰিছেহি । 

( খ ) ত্রিভঙ্গ ললিত হাস কৰু হৰি ক্ৰৱভাস        

        দৰশিয়া লীলা বিলাসে । 

উত্তৰঃ বৰগীতফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী শংকৰদেৱে ৰচনা কৰা ‘ আনন্দে গােবিন্দে বায় বৃন্দাবনে বেণু ’ – এই বৰগীতটোৰ পৰা উদ্ধৃত কৰা হৈছে । 

এই বৰগীত ফাঁকিৰ মাজেৰে কবিয়ে পৰম পুৰুষ ভগৱান শ্ৰীকৃষ্ণৰ লীলা আৰু মহিমা প্রকাশ কৰিছে । 

পৰম – পুৰুষ ভগৱান শ্ৰীকৃষ্ণৰ লীলা – খেলাৰ অন্ত নাই । গােপবালকৰ সৈতে তেওঁ নানা লীলা – খেলা কৰে । বৃন্দাবনলৈ গােপবালকৰ লগত গৰু চৰাবলৈ যাওঁতেও তেওঁ লীলা – খেলা আৰম্ভ কৰিছে । গৰু বিলাকক যমুনাৰ পাৰত চৰিবলৈ দি তেওঁ কদম গছৰ তলত ত্রিভঙ্গ ভঙ্গীত থিয় হৈছে । হাতত তেওঁৰ চিৰলগৰীয়া মােহন বাঁহী । এনেকৈ ডিঙি , ককাল আৰু আটু বেকা কৰি থিয় হ’লে শ্রীকৃষ্ণৰ ৰূপৰ জেউতি যেন আৰু চৰে । তেনেকৈ থিয় হৈ তেওঁ সুন্দৰ চেলাউৰিযােৰৰ বিশেষ ভঙ্গী দেখুৱাই সেই ভূৱন ভুলােৱা ধুনীয়া হাঁহিটো মাৰি লীলা – খেলা আৰম্ভ কৰিছে । 

প্রশ্ন ৯: শংকৰদেৱৰ সাহিত্য কৃতিৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ মধ্যযুগীয়া অসমীয়া সাহিত্যৰ মধ্যমণি হ’ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ । অসমত বৈষ্ণৱ ভক্তিধর্ম প্রচাৰ আৰু প্ৰসাৰৰ বাবে এইজনা গুৰুৱে আমাৰ বাবে সৃষ্টি কৰি থৈ গৈছে নাট , ভটিমা , গীত , পদ আদি। তেওঁ ৰচনা কৰি যােৱা সাহিত্য কৃতি সমূহ হ’ল— 

১। কাব্য – হৰিশ্চন্দ্ৰৰ উপাখ্যান , ৰুক্মিনীহৰণ , বলিছলন , অমৃত মন্থন , অজামিল উপাখ্যান আৰু কুৰুক্ষেত্র । 

২। অংকীয়া নাট –প ত্নীপ্রসাদ , কালিয়দমন , কেলিগােপাল , ৰুক্মিনীহৰণ , পাৰিজাত হৰণ আৰু ৰামবিজয় । চিহ্ন যাত্রাক নাটক বুলি নধৰি ধৰ্ম প্ৰচাৰৰ সূচনা কৰা এক যাত্রা অনুষ্ঠান বুলিহে কোৱা হয় । 

৩। গীত – বৰগীত , ভটিমা , টোটয় আৰু চপয় । 

৪। নামপ্রসংগ – কীৰ্ত্তন ঘষা আৰু গুণমালা ।

৫। ভক্তিতত্ত্বমূলক সংগ্রহ – ভক্তি প্রদীপ , ভক্তি ৰত্নাকৰ , মিমি – নৱসিদ্ধ সংবাদ , অনাদি পান । 

৬। অনুবাদমূলক গ্রন্থ – ভাগৱত – ১ম , ২য় , ৬ষ্ঠ , ৮ম , ১০ম , ১১শ স্কন্দ আৰু উত্তৰাকাণ্ড ৰামায়ণ । 

তেওঁৰ ৰচনাৱলীৰ ভিতৰত ‘কীৰ্ত্তন ঘােষা’ক তেওঁৰ জীৱনৰ কীর্তিস্তম্ভ বুলি । কোৱা হয় । 

ভাষা-বিচাৰ

প্রশ্ন ১: সমার্থক শব্দ লিখা । 

        নেত্র , পদুম , অৰুণ , চৰণ ।

উত্তৰঃ তনু – দেহ , শৰীৰ , গা ।

         নেত্র – চকু , নয়ন , লােচন , চক্ষু , আখি , অক্ষি ।

         পদুম – পদ্ম , পংকজ , উৎপল , শতদল , কমল , শতপত্র ।

         অৰুণ – সূর্য , বেলি , ৰবি , দিবাক , আদিত্য , ভাস্কৰ । 

         চৰণ – ভৰি , পদ । 

প্রশ্ন ২: আধুনিক ৰূপ লিখা – 

        ভাস , ভ্ৰূৱ , বেত্র , মধুপ , দৰশিয়া 

উত্তৰঃ ভাস         –       প্রকাশ । 

         ভ্ৰূৱ          –       চেলাউৰি । 

         বেত্র          –      বেঁত , সৌকা । 

         মধুপ         –      ভােমােৰা । 

         দৰশিয়া     –      দেখুৱাই । 

প্রশ্ন ৩: শব্দার্থ লিখা— 

        ভুলে , ৰহিয়া , মঞ্জীৰ , কেয়ুৰ , বায় , কাঞ্চী । 

উত্তৰঃ ভুলে       –       ভােল যায় । 

         ৰহিয়া     –       ঠৰ , ৰােৱা । 

         মঞ্জীৰ     –       ভৰিৰ অলংকাৰ , নুপুৰ । 

         কেয়ুৰ     –       বাহুৰ অলংকাৰ , বাজু । 

         বায়        –       বজায় । 

         কাঞ্চী      –       কঁকালত পিন্ধা কেইবাগছীয়া হাৰ ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top