Niketan Class 7 Science Chapter 9 জীৱৰ শ্বাস-প্রশ্বাস

Niketan Class 7 Science Chapter 9 জীৱৰ শ্বাস-প্রশ্বাস is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 7 Science Chapter 9 জীৱৰ শ্বাস-প্রশ্বাস and select need one.

Niketan Class 7 Science Chapter 9 জীৱৰ শ্বাস-প্রশ্বাস

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 7 Science Chapter 9 জীৱৰ শ্বাস-প্রশ্বাস Solutions for All Subjects, You can practice these here…

জীৱৰ শ্বাস-প্রশ্বাস

Chapter – 9

বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS


১। উদ্ভিদে উশাহত কি গেছ ব্যৱহাৰ কৰে ?

উত্তৰঃ উদ্ভিদে উশাহত অক্সিজেন গেছ ব্যৱহাৰ কৰে।

২। উদ্ভিদকো শক্তিৰ প্রয়োজন হয়নে ? যদি  হয় এই শক্তি ক’ৰ পৰা পায় ?

উত্তৰঃ উদ্ভিদকো শক্তিৰ প্রয়োজন হয় । উদ্ভিদৰ পাতত থকা পত্ৰৰন্ধ্ৰ নামৰ সৰু সৰু বিন্ধাৰে উশাহত বায়ু ভিতৰলৈ সোমায়। এই বায়ুত থকা অম্লজান অংশ পানীত মিহলি হৈ জীৱ বীজত থকা খাদ্য জাৰিত হয়। ইয়াৰ ফলত এঙাৰ গেছ (CO2) আৰু পানী মুকলি হোৱাৰ লগতে খাদ্যত থকা ৰাসায়নিক স্থিতিশক্তি গতিক্তিলৈ ৰূপান্তৰ হয়।

গ্লু’কজ + অম্লজান → এঙাৰ গেছ + পানী + শক্তি।

৩। গছৰ পুলিৰ চাৰিও ফালৰ মাটিবোৰৰ মাজে মাজে কিয় খুচৰি দিব লাগে ?

উত্তৰ: গছৰ পুলিৰ চাৰিও ফালৰ মাটিবোৰৰ  খুচৰি দিলে মাটিৰ গাঁথনি ঢিলা হয়, আৰু মাটিৰ কণিকাবোৰৰ মাজৰ মধ্যৱৰ্তী স্থানবোৰ মুকলি হৈ তাত যথেষ্ট পৰিমাণে বায়ু সোমাই থাকিবলৈ ঠাই পায়। ইয়াৰ ফলত উদ্ভিদৰ মাটিৰ তলৰ অংশ ই যথেষ্ট পৰিমাণে অম্লজান পোৱাৰ ফলত শ্বাস-প্রশ্বাস কার্য সুকলমে সমাপন কৰি উদ্ভিদজোপাক শক্তি যোগান ধৰে।

৪। পত্ৰৰন্ধ্র কি ? ইয়াৰ কাম বৰ্ণনা কৰা।

উত্তৰ: পত্ৰৰন্ধ্র হ’ল পাতত থকা কিছুমান সৰু সৰু বিন্ধা পাতত থকা এই পত্ৰৰন্ধ্ৰৰ সহায়ত উদ্ভিদৰ উশাহত বায়ু ভিতৰলৈ সোমায়। তদুপৰি এই পত্ৰৰন্ধ্রৰ সহায়ত উদ্ভিদত থকা অতিৰিক্ত পানী ভাগ বাষ্প আকাৰে ওলাই যায়।

৫। সঠিক উত্তৰ বাছি উলিওৱা :

(ক) কোষৰ ভিতৰত খাদ্য বস্তুৰ জাৰণ ঘটি শক্তি উৎপন্ন হোৱা প্ৰক্ৰিয়াটোক —– বোলে ।

(i) শ্বাস

(ii) প্রশ্বাস

(iii) পাচন

(iv) শ্বসন

উত্তৰ: (iv) শ্বসন 

(খ) পঁইতাচোৰাৰ শৰীৰলৈ —— ৰ যোগেদি বায়ু সোমাই আহে।

(i) বায়ুছিদ্র

(ii) বায়ুনলীকা

(iii) ছাল

(iv)হাঁওফাঁও

উত্তৰ : (i) বায়ুছিদ্ৰ

(গ) এজন সুস্থ প্রাপ্ত বয়স্ক মানুহৰ জিৰণিৰ সময়ত প্ৰতিমিনিটত স্বাভাৱিক শ্বাস – প্রশ্বাসৰ হাৰ —– ।

(i) ১-১২

(ii) ১৫-১৭

(iii) ২১-২৪

(iv) ৬০-৭২

উত্তৰ: (ii) ১৫-১৭

(ঘ) নিশাহৰ সময়ত মধ্যচ্ছদা খন —— গতি কৰে। 

(i) ওপৰলৈ

(ii) তললৈ

(iii) বাহিৰলৈ

(iv) সন্মুখলৈ

উত্তৰ: (i) ওপৰলৈ

(ঙ) এজন প্রাপ্ত বয়স্ক সুস্থ মানুহে প্ৰতিবাৰ উশাহত —— মিলিলিটাৰ বায়ু গ্ৰহণ কৰে ।

 (i) ২০০

(ii) ৫00

(iii) ১৫০০

(iv) ১০০০

উত্তৰ: (ii) ৫০০

(চ) —— এবিধ অতিৰিক্ত শ্বাস অংগৰ উদাহৰণ ।

(i) হাঁওফাও

(ii) ব্রংকাচ

(iii) গ্লটিছ

(iv) বায়ুমোনা

উত্তৰ: (ii) ব্রংকাচ

(ছ) মানুহৰ দেহত হাঁওফাঁওৰ পৰা অক্সিজেন কঢ়িয়াইনি কোষসমূহলৈ লৈ যোৱা যৌগবিধৰ নাম —— ।

(i) তেজ

(ii) শ্বাসনালী

(iii) গ্লুকজ

(iv) হিম’গ্লবিন

উত্তৰ: হিম’গ্লবিন

৬। স্তম্ভ ১ ৰ লগত স্তম্ভ ২ ৰ বিষয়সমূহ মিলাই লিখা।

স্তম্ভ ১স্তম্ভ ২
(ক) ইষ্ট(i) ফুল (Gill)
(খ) মধ্যচ্ছদা(ii) কেঁচু
(গ) গ্লটিচ(iii) বক্ষগহ্বৰ
(ঘ) লেৰিংচ(iv) শ্বাসনালী
(ঙ) মাছ(v) হাঁওফাও আৰু ছাল
(চ) ভেকুলী(vi) এলক’হল কিম্বন
(ছ) বেক্টেৰিয়া(vii) লেক্টিক এচিড কিম্বন
(জ) পঁইতাচোৰা(viii) বায়ুনলী
(ঝ) বায়ুথলী(ix) শব্দ বা কথা কোৱা।
(ঞ) ছাল(x) অতিৰিক্ত শ্বাস অংগ

উত্তৰ:

স্তম্ভ ১স্তম্ভ ২
(ক) ইষ্ট(vi) এলক’হল কিম্বন
(খ) মধ্যচ্ছদা(iii) বক্ষগহ্বৰ
(গ) গ্লটিচ(x) অতিৰিক্ত শ্বাস অংগ
(ঘ) লেৰিংচ(ix) শব্দ বা কথা কোৱা।
(ঙ) মাছ(i) ফুল (Gill)
(চ) ভেকুলী(v) হাঁওফাও আৰু ছাল
(ছ) বেক্টেৰিয়া(vii) লেক্টিক এচিড কিম্বন
(জ) পঁইতাচোৰা(viii) বায়ুনলী
(ঝ) বায়ুথলী(iv) শ্বাসনালী
(ঞ) ছাল(ii) কেঁচু

৭। বায়ৱীয় বা সবাত শ্বসন আৰু অৱায়বীয় বা অবাত শ্বসনৰ পাৰ্থক্য লিখা।

উত্তৰঃ বায়ৱীয় বা সবাত শ্বসন আৰু অৱায়বীয় বা অবাত শ্বসনৰ পাৰ্থক্য হ’ল –

বায়ৱীয় বা সবাত শ্বসনত অক্সিজেন ব্যৱহাৰ হৈ খাদ্য বস্তু ( গ্লুক’জ ) জাৰিত হয় আৰু কাৰ্বন-ডাই-অক্সাইড আৰু শক্তি উৎপন্ন হয়।

আনহাতে অবায়বীয় শ্বসনত বা অবাত শ্বসনত অক্সিজেন ব্যৱহাৰ নোহোৱাকৈ গ্লুক’জ জাড়িত হয় আৰু এলক’হল বা নেকটিক এছিড আৰু শক্তি উৎপন্ন হয়।

৮। মানুহৰ শ্বাস অংগবোৰৰ নাইবা শ্বাসতন্ত্ৰৰ এটা চিহ্নিত চিত্র অংকন কৰা।

উত্তৰ:

৯। মানুহৰ উশাহ-নিশাহ কাৰ্যৰ চমু বর্ণনা দিয়া।

উত্তৰঃমানুহৰ উশাহ-নিশাহ প্ৰক্ৰিয়াত শ্বাসতন্ত্ৰৰ উপৰিও মানুহৰ দেহৰ কামিহাড় কামিহাড়ৰ সৈতে জড়িত হৈ থকা মাংসপেশী আৰু মধ্যচ্ছদাখন ওতঃপ্রোতভাবে জড়িত হৈ থাকে। উশাহৰ সময়ত কামিহাড়বোৰৰ বুকুৰ ফালে থকা মূৰবোৰ একেলগে কিছু পৰিমাণে ওপৰলৈ উঠি আহে। ঠিক এনে সময়তে মধ্যচ্ছদাখন কিছু পৰিমাণে তললৈ নামি যায়। ইয়াৰ ফলত বক্ষগহ্বৰটো সমুখৰ ফালে কিছু ওফন্দি উঠে। বক্ষগহবৰ ওফন্দি উঠাৰ ফলত ইয়াৰ আয়তন বাঢ়ে, অর্থাৎ বক্ষগহবৰত খালী ঠাইৰ সৃষ্টি হয়। সেই খালী ঠাই পূৰাবলৈ নাসাৰন্ধ্রৰে বায়ু সোমাই আহি হাঁওফাঁওত সোমায়। ইয়াকে আমি শ্বাস বা উশাহ বুলি কওঁ।

উশাহৰ ঠিক পিছ মুহূৰ্ততে মধ্যচ্ছদাখন পুনৰ আগৰ ঠাইলৈ উঠি আহে আৰু একে সময়তে কামিহাড়বোৰো আগৰ ঠাইলৈ নামি আহে। ইয়াৰ ফলত ( বুকুখন ) বক্ষগহ্বৰৰ কিছু পৰিমাণে দোঁ খাই যায় আৰু আয়তন কমে। তেতিয়া বক্ষগহবৰৰ ভিতৰত বায়ুৰ চাপ বৃদ্ধি পায় আৰু হাওঁফাওঁৰ পৰা হেঁচা দিয়ে ফলত বায়ু হাওঁফাওঁৰ পৰা নাসাৰন্ধ্ৰেৰে বাহিৰলৈ ওলায় যায়। ইয়াকে আমি প্রশ্বাস বা নিশাহ বুলি কওঁ।

১০। নিশাহত যে কার্বন-ডাই-অক্সাইড ওলায় যায় তাক এটা পৰীক্ষাৰ সহায়ত বৰ্ণনা কৰা ৷

উত্তৰঃ নিশাহত যে কার্বন-ডাই-অক্সাইড গেছ নির্গত হয় তাক প্রমাণ কৰিবলৈ এটা সাধাৰণ পৰীক্ষা কৰি চোৱা হ’ল। এটা কাঁচৰ গিলাচত কিছু পৰিমাণে ফট্‌ফটীয়া চূণ পানী লোৱা হ’ল। তাৰ পিছত এডাল সৰু পাইপ বা নলীলৈ এটা মূৰ চূণপানীত ডুবাই দিয়া হ’ল আৰু আনটো মূৰ মুখতলৈ ফুৱাই দিয়া হ’ল। তেনে কৰাত দেখা গ’ল যে ফট্‌ফটীয়া চূণ পানীখিনি ঘোলা হৈ উঠিল। ইয়াৰ কাৰণ হ’ল –

চূণপানীত সাধাৰণতে কেলছিয়াম হাইড্রক্সাইড থাকে আৰু ই বর্ণহীন। যেতিয়া নিশাহৰ বায়ু ইয়াৰ মাজেৰে যাবলৈ দিয়া হয় তেতিয়া ইয়াৰ বৰণ ঘোলা হয়। কাৰণ নিশাহৰ বায়ুত থকা কাৰ্বন-ডাই-অক্সাইড গেছে কেলছিয়াম হাইড্ৰক্সাইডৰ সৈতে বিক্রিয়া কৰি কেলছিয়াম কার্বনেট উৎপন্ন কৰে। ইয়াৰ বৰণ গাখীৰৰ দৰে ঘোলা হয়। ইয়েই প্রমাণ কৰে যে নিশাহত কার্বন-ডাই-অক্সাইড গেছ থাকে।

১১। পতংগৰ শ্বাসতন্ত্ৰৰ সম্পর্কে ব্যাখ্যা কৰা।

উত্তৰ: সকলো পতংগৰে শৰীৰটোৰ দুয়ো কাষে কিছুমান সৰু সৰু ছিদ্র থাকে। এই ছিদ্ৰবোৰক বায়ুছিদ্র বা স্পিৰাক’ল বোলে। বায়ু ছিদ্ৰবোৰৰ পৰা একোডাল সৰু সৰু নলীকা ওলাই দেহৰ ভিতৰত প্ৰত্যেক নলীকাৰে সৈতে চিত্ৰত দেখুওৱাৰ দৰে এখন জালিকাৰ সৃষ্টি কৰে। এনে নলীকাবোৰক শ্বাস-নলীকা বোলে। বায়ুমণ্ডলৰ পৰা অক্সিজেন যুক্ত বায়ু শ্বাস-নলীকাৰে শৰীৰৰ ভিতৰত বিভিন্ন কলা তথা কোষবোৰত বিয়পি পৰে। ইয়াৰ পৰাই কোষবোৰে অক্সিজেন ভাগ গ্ৰহণ কৰি কাৰ্বন-ডাই-অক্সাইড ভাগ এৰি দিয়ে আৰু বায়ুছিদ্ৰৰ দ্বাৰা বাহিৰলৈ ওলায় যায়। মন কৰিবলগীয়া যে এনেধৰণৰ শ্বাস-তন্ত্র কেৱল পতংগ জাতীয় প্রাণীতহে পোৱা যায়। পঁইতাচোৰা এবিধ পতংগ। তলৰ চিত্ৰত পঁইতাচোৰাৰ শ্বাস-তন্ত্ৰৰ চিত্ৰ দিয়া হ’ল।

১২। চমু টোকা লিখাঃ

(ক) শ্বসন নলীকা

উত্তৰঃ শ্বসন নলীকা :–পতংগবোৰৰ শৰীৰটোৰ দুয়োকাষে কিছুমান সৰু সৰু ছিদ্র থাকে এই ছিদ্ৰবোৰক বায়ুছিদ্র বুলি কোৱা হয়। বায়ু ছিদ্ৰবোৰৰ পৰা একোডাল সৰু সৰু নলীকা ওলাই দেহৰ ভিতৰত প্ৰত্যেক নলীকাৰে সৈতে এখন জালিকাৰ সৃষ্টি কৰে ৷ এনে নলীকাবোৰক শ্বাস-নলীকা বা শ্বসন নলীকা বোলে। বায়ুমণ্ডলৰ পৰা অক্সিজেন যুক্ত বায়ু শ্বসন-নলীকাৰে শৰীৰৰ ভিতৰত বিভিন্ন কলা তথা কোষবোৰত বিয়পি পৰে।

(খ) লেৰিংচ

উত্তৰ: লেৰিংচ :– মানুহৰ নাসা গহ্বৰৰ ঠিক পিছৰ অংশৰ তলৰ ফালে গ্লটিছ নামৰ এটা ৰন্ধ্র থাকে। ইয়াৰ পিছতেই এডাল দীঘলীয়া শ্বাসনলী অৱস্থিত। শ্বাসনলীৰ সমুখৰ অংশটো কিছু ডাঙৰ আৰু প্ৰায় ত্ৰিভুজ আকৃতিৰ, ইয়াক লেৰিংছ বোলে। লেৰিংছৰ আন এটা নাম হ’ল স্বৰযন্ত্ৰ। ইয়াৰ সহায়ত আমি কথা ক’ব পাৰো নাইবা বিভিন্ন মাত, সুৰ আদি উলিয়াব পাৰো উশাহৰ সময়ত বায়ু ফেৰিংচৰ পৰা গ্লটিচৰ মাজেৰে লেৰিংচত প্রৱেশ কৰে।

(গ) নাসাগহ্বৰ

উত্তৰ: নাসাগহ্বৰ:- নাসাগহ্বৰ হ’ল মানুহৰ শ্বাসতন্ত্ৰৰ এটা অংশ। আমাৰ শ্বাসতন্ত্ৰটো নাসাৰন্ধ্রত আৰম্ভ হয়। নাসাৰন্ধ্র দুটা কিছুদূৰ গৈ ঠিক তালুৰ ওপৰত মিলিত হয় আৰু এটা গাঁতৰ সৃষ্টি কৰে। ইয়াকে নাসাগহ্বৰ বোলে।

(ঘ) ব্রংকাছ

উত্তৰ: ব্ৰংকাছ:- মানুহৰ শ্বাসনলীৰ লেৰিংছৰ পিছৰ অংশটো এডাল নলী সদৃশ আৰু ই বক্ষগহ্বৰ লৈ বিস্তৃত হৈ থাকে। বক্ষগহ্বৰত শ্বাসনলীডাল সোঁ আৰু বাওঁ দুটা ভাগত বিভক্ত হয়। প্রত্যেক ভাগকে ব্রংকাছ বোলে।

(ঙ) প্লিউৰা

উত্তৰঃ প্লিউৰা : মানুহৰ বক্ষগহ্বৰত হাঁওফাঁও থাকে। হাঁওফাঁও দুটা দুখন পাতল কিন্তু টান আৱৰণীৰে আবৃত হৈ থাকে। এই আৱৰণী খনক প্লিউৰা বোলা হয়। এই আৱৰণীখনে হাঁওফাওক বাহিৰৰ পৰা সুৰক্ষা দিয়ে।

(চ) এলভিঅ’লাচ

উত্তৰ: এলভিঅ’লাচ: বক্ষগহ্বৰত শ্বাসনলীডাল সোঁ আৰু বাওঁ ভাগত বিভক্ত হয় আৰু ইয়াক ব্ৰংকাছ বোলা হয়। এই সোঁ আৰু বাওঁ ব্ৰংকাছ পুনৰ ভাগ হৈ সৰু সৰু মোনা সদৃশ অংগত শেষ হয়। এই মোনা সদৃশ অংগবোৰক বায়ুমোনা বা এলভিঅ’লাছ বোলে। এলভিঅ’লাছবোৰ এনেদৰে সজোৱা থাকে যে ইহঁত বক্ষগহ্বৰত সোঁফালে আৰু বাওঁফালে এটাকৈ হাওঁফাও নামৰ অংগ গঠন কৰে। অর্থাৎ এলভিঅ’লাছবোৰৰ বহিঃআৱৰণীখন হাঁওফাঁওৰ আৱৰণী হিচাপে থাকে। এই আৱৰণী খনত যথেষ্ট সংখ্যক ৰক্তনলীকাৰে তেজ প্রবাহিত হৈ থাকে।

(ছ) মধ্যচ্ছদা     

উত্তৰঃমধ্যচ্ছদা:বক্ষগহ্বৰৰ অংকীয়ফালে অর্থাৎ সন্মুখৰ ফালে কামিহাড়বোৰ এনেদৰে সজ্জিত হৈ থাকে যে বক্ষগহ্বৰটো এটা চুঙা গহ্বৰত ৰূপ দিয়ে। বক্ষগহ্বৰৰ তলৰফালে এখন ডাঙৰ পেক্ষীযুক্ত পদাৰ্থ থাকে। এই পদাৰ্থনক মধ্যচ্ছদা বোলে। মধ্যচ্ছদাখনে বক্ষগহ্বৰটোক তলৰ উদৰ গহ্বৰৰ পৰা পৃথক কৰি ৰাখে।

(জ) জলক্লোম বা ফুল (Gill)

উত্তৰঃ জলক্লোম বা ফুল: আমি আটায়ে জানো যে মাছ সদায় পানীত বাস কৰে। আনহাতে ইহঁতৰ শ্বাস-প্রশ্বাসৰ বাবে হাঁওফাঁও নাথাকে। কিন্তু শ্বাস-প্রশ্বাসৰ বাবে মাছৰ এক বিশেষ শ্বাস-অংগ থাকে। ইয়াক জলক্লোম নাইবা ফুল আৰু ইংৰাজীত ইয়াক গিল (Gill) বোলা হয়। মাছৰ মূৰটোৰ শেষৰ ফালে দুখন কাণ বা অপাৰ কুলাম থাকে । ইয়াৰ ঠিক তলতে শাৰী শাৰীকৈ দুয়োফালে দুযোৰ ফুল বা জলক্লোম থাকে। এই ফুলবোৰত যথেষ্ট পৰিমাণে তেজ চলাচল কৰি থাকে। ইয়াৰ সহায়ত মাছে পানীত দ্রবীভূত হৈ থকা অক্সিজেন গ্রহণ কৰে আৰু তেজৰ পৰা কাৰ্বন-ডাই অক্সাইড গেছ পানীত এৰি দিয়ে।

(ঝ) কোষীয় শ্বসন

উত্তৰঃ কোষীয় শ্বসন: কোষৰ ভিতৰত অক্সিজেন খাদ্য অর্থাৎ গ্লুক’জ ( এক শৰ্কৰা ) ৰ জাৰণ ঘটাই শক্তি, কার্বন-ডাই-অক্সাইড আৰু পানী উৎপন্ন কৰে, এই প্রক্রিয়াক কোষীয় শ্বসন বোলে ৷ সকলো জীৱৰ কোষীয় শ্বসন সম্পন্ন হয়।

(ঞ) সবাত শ্বসন বা বায়ৱীয় শ্বসন

উত্তৰ: সবাত শ্বসন বা বায়ৱীয় শ্বসন: অক্সিজেন ব্যৱহাৰ হৈ খাদ্য বস্তু (গ্লুক’জ) আদি জাৰিত হ’লে তাক বায়ৱীয় শ্বসন বা সবাত শ্বসন বোলে। জীৱকোষৰ বিশেষকৈ উন্নত প্রাণীকোষত এই প্ৰকাৰৰ শ্বসন কার্য সম্পাদিত হয়।

(ট) অবাত শ্বসন বা অবায়বীয় শ্বসন

উত্তৰঃ অবাত শ্বসন বা অবায়বীয় শ্বসন: অক্সিজেনৰ অনুপস্থিতিত নাইবা অক্সিজেন ব্যৱহাৰ নোহোৱাকৈ গ্লুক’জ জাৰিত হ’লে তাক অৱায়বীয় শ্বসন বা অবাত শ্বসন বোলে ৷ কিছুমান অণুজীৱৰ লগতে বিশেষ পৰিস্থিতিত অন্যান্য জীৱৰো এই প্ৰকাৰৰ শ্বসন সংঘটিত হয় । কিছুমান পৰজীৱী যেনে যকৃত কৃমি আদিৰ দেহতো অবাত শ্বসন হয়। সাধাৰণতে অবাত শ্বসন দুই প্ৰকাৰৰ পোৱা যায় – ইষ্ট নামৰ ভেঁকুৰ বিধৰ দেহত (কোষৰ ) অক্সিজেন নোহোৱাকৈ গ্লুক’জ ভাঙি এলকহ’ল, কার্বন-ডাই-অক্সাইড, পানী আৰু শক্তি উৎপন্ন হয়। এনেদৰে হোৱা শ্বসনক এলকহলীয় কিম্বন বুলি কোৱা হয়। আনহাতে কিছুমান অণুজীৱৰ লগতে উন্নত প্রাণী আনকি মানুহৰ দেহতো অক্সিজেনৰ অনুপস্থিতিত গ্লুক’জ অনু জাৰিত হৈ শক্তি, লেক্টিক এছিড, কার্বন -ডাই-অক্সাইড উৎপন্ন হয়। এনেদৰে হোৱা জাৰণ বা শ্বসন প্রক্রিয়াক লেক্টিকএছিড কিম্বন বোলা হয় ৷

1 thought on “Niketan Class 7 Science Chapter 9 জীৱৰ শ্বাস-প্রশ্বাস”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top