Niketan Class 7 Science Chapter 5 অম্ল ক্ষাৰক আৰু লৱণ

Niketan Class 7 Science Chapter 5 অম্ল ক্ষাৰক আৰু লৱণ is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 7 Science Chapter 5 অম্ল ক্ষাৰক আৰু লৱণ and select need one.

Niketan Class 7 Science Chapter 5 অম্ল ক্ষাৰক আৰু লৱণ

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 7 Science Chapter 5 অম্ল ক্ষাৰক আৰু লৱণ Solutions for All Subjects, You can practice these here…

অম্ল, ক্ষাৰক আৰু লৱণ

Chapter – 5

বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS


১। অম্লৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰ: অম্লৰ দুটা বৈশিষ্ট্য হ’ল –

  (ক) অম্লৰ সোৱাদ টেঙা।

(খ) অম্লই নীলা লিটমাছ ৰঙা কৰে।

২। ক্ষাৰকৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰ: ক্ষাৰকৰ দুটা বৈশিষ্ট্য হ’ল  –

(ক) ক্ষাৰকৰ সোৱাদ খাৰুৱা আৰু তিতা।

(খ) ক্ষাৰকে ৰঙা লিটমাছ নীলা কৰে। 

৩। লিটমাছ দ্ৰৱ ক’ৰ পৰা পোৱা যায় ? ইয়াৰ ব্যৱহাৰ কি ?

উত্তৰ: লিটমাছ দ্ৰৱ ছত্ৰক শৈৱাল ( ইংৰাজী Lichen ) ৰ পৰা পোৱা যায়। লিটমাছক সূচক হিচাপে ব্যৱহাৰ কৰা হয়।

৪। অম্ল আৰু ক্ষাৰক চিনাক্ত কৰিব পৰা দুবিধ সূচকৰ নাম লিখা।

উত্তৰঃ অম্ল আৰু ক্ষাবক চিনাক্ত কৰিব পৰা দুবিধ সূচকৰ নাম হ’ল –লিটমাছ আৰু ফেনলফ্‌থেলিন।

৫। সূচকবোৰ কি ? ইয়াৰ ব্যৱহাৰ লিখা।

উত্তৰঃসূচকবোৰ হ’ল আম্লিক আৰু ক্ষাৰকীয় মাধ্যমত বেলেগ বেলেগ ৰঙ দেখুওৱা পদার্থ। ৰসায়ন বিজ্ঞানৰ পৰীক্ষাগাৰত পৰীক্ষাবোৰৰ বাবে সূচকবোৰ অতি প্রয়োজনীয় পদার্থ।

৬। প্রশমন বুলিলে কি বুজা ?

উত্তৰ:কোনো মিশ্রৰ যেতিয়া অম্লৰ আম্লিক ধৰ্ম আৰু ক্ষাৰকৰ ক্ষাৰকীয় ধৰ্ম ধ্বংস হয় তাকে প্রশমন বোলে। সঠিক হিচাপত অম্লৰ লগত ক্ষাৰ মিহলালে সম্পূর্ণ প্রশমন বিক্রিয়া হয়।

৭। মানুহৰ  পাকস্থলীত কি অম্ল থাকে ?

উত্তৰ:মানুহৰ পাকস্থলীত হাইড্রক্লৰিক এচিড নামৰ অম্ল থাকে।

৮।  দৈ গাখীৰ কিয় টেঙা সোৱাদযুক্ত হয় ?

উত্তৰ: দৈ গাখীৰত থকা অম্ল লেকটিক এচিডৰ বাবে দৈ গাখীৰ টেঙা সোৱাদযুক্ত হয় ।

৯। লৱণ কি ? দুবিধ লৱণৰ নাম লিখা।

উত্তৰ: অম্ল আৰু ক্ষাৰকৰ মাজত হোৱা প্রশমন বিক্রিয়াত এবিধ নতুন দ্রব্য উৎপন্ন হয়। ইয়াক লৱণ বুলি কোৱা হয়।

দুবিধ লৱণৰ নাম হ’ল –

(i) NaCl ছডিয়াম ক্ল’ৰাইড ( খোৱা লৱণ )

(ii) Na2CO3 ছ’ডিয়াম কার্বনেট ( চ’ডা )

১০। বিছাই ডাকিলে আৰাম পাবৰ বাবে চূণ ঘহি দিয়া হয়। ইয়াৰ কাৰণ ব্যাখ্যা কৰা।

উত্তৰ : বিছাই ডাকিলে ইহঁতে ছালত ফৰ্মিক এছিড নামৰ এবিধ অম্ল এৰি দিয়ে। ফর্মিক এছিড বিষাক্ত, সেইবাবে বিছাই ডাকিলে খজুৱতি উঠে। বিছাই ডাকিলে চূণ ঘঁহি দিয়াৰ কাৰণ হৈছে চূণ হ’ল এবিধ ক্ষাৰক। এই ক্ষাৰকৰ ফৰ্মিক এছিডৰ লগত প্রশমন বিক্রিয়া ঘটে আৰু এছিডৰ মাধ্যমৰ পৰা প্রশমিত হয়। ফলত আৰাম পায়।

১১। সোণৰ অলংকাৰ পৰিষ্কাৰ কৰিবলৈ ব্যৱহাৰ কৰা তল বিধ কি ?

উত্তৰ: সোণৰ অলংকাৰ পৰিষ্কাৰ কৰিবলৈ ব্যৱহাৰ কৰা তল বিধ  হ’ল – নাইট্রিক এছিড।

১২। অধিক ৰাসায়নিক সাৰ প্ৰয়োগ কৰা মাটিৰ উৰ্বৰতা এটা সময়ত হ্ৰাস পায়। ইয়াৰ কাৰণ কি ?  ইয়াক প্ৰতিৰোধ কৰাৰ বাবে কি ব্যৱস্থা কৰা হয় ?

উত্তৰঃঅধিক ৰাসায়নিক সাৰ প্ৰয়োগ কৰিলে ৰাসায়নিক সাৰত থকা আম্লিক গুণ বা ক্ষাৰকীয় গুণৰ বাবে মাটিৰ উৰ্বৰতা হ্রাস পায় আৰু উদ্ভিদ বৃদ্ধি ভাল নহয় । মাটি ডোখৰ যদি বেছি আম্লিক হয় তেতিয়া পোৰাচূণ ( কেলছিয়াম অক্সাইড ) বা শিথিলিত চূণ( কেলছিয়াম হাইড্ৰ’ক্সাইড ) ৰে আম্লিক গুণ হ্ৰাস কৰা হয়। সেইদৰে, মাটি অধিক ক্ষাৰকীয় হ’লে আম্লিক পদার্থ বা জৈৱ পদার্থ যোগ কৰা হয় । এই আম্লিক বা জৈৱ পদার্থই অম্ল এৰি দিয়ে আৰু মাটিৰ ক্ষাৰকীয় গুণ প্রশমিত হয়।

১৩। বৰলে বিন্ধিলে আমাৰ শৰীৰত এৰি দিয়া ৰাসায়নিক দ্রব্য বিধৰ নাম কি ? 

উত্তৰ:বৰলে বিন্ধিলে আমাৰ শৰীৰত এৰি দিয়া ৰাসায়নিক দ্রব্য বিধৰ নাম  হ’ল – ফৰ্মিক এচিড।

১৪। এচিড বৰষুণ কি ? ইয়াৰ কেনেদৰে সৃষ্টি হয় ব্যাখ্যা কৰা।

উত্তৰ:ছালফাৰ-ডাই-অক্সাইড, নাইজেন-ডাই-অক্সাইড আদিৰ দৰে বায়ুপ্ৰদূষণ কাৰী গেছসমূহে বায়ুমণ্ডলত থকা জলীয় বাষ্পৰ লগত ৰাসায়নিক বিক্রিয়া কৰি ছালফিউৰিক এছিড আৰু নাইট্রিক এছিড প্রস্তুত কৰে। এই এছিডসমূহে বৰষুণৰ পানী আম্লিক কৰে ৷ এনে বৰষুণক এছিড বৰষুণ বোলে।

কোনো ঠাইৰ ওচৰে-পাজৰে থকা উদ্যোগসমূহ যেনে – ৰাবাৰ উদ্যোগ, যানবাহন উদ্যোগ, ৰাসায়নিক উদ্যোগ, তেল শোধনাগাৰ, অত্যধিক যানবাহনৰ পৰা ওলোৱা ধোঁৱা আদিৰ পৰা নিৰ্গত হোৱা ছালফাৰ-ডাই-অক্সাইড, নাইট্রজেন-ডাই অক্সাইড আদি দূষিত গেছে বায়ুমণ্ডলৰ জলীয়বাষ্পৰ লগত ৰাসায়নিক বিক্ৰিয়াৰ ফলত ছালফিউৰিক এছিড আৰু নাইট্রিক এছিড উৎপন্ন হয়। এই এছিডসমূহ বৰষুণৰ পানীৰ লগত লগ হৈ এছিড বৰষুণৰ সৃষ্টি হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top