Niketan Class 7 Science Chapter 2 প্ৰাণীৰ পৰিপুষ্টি

Niketan Class 7 Science Chapter 2 প্ৰাণীৰ পৰিপুষ্টি is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 7 Science Chapter 2 প্ৰাণীৰ পৰিপুষ্টি and select need one.

Niketan Class 7 Science Chapter 2 প্ৰাণীৰ পৰিপুষ্টি

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 7 Science Chapter 2 প্ৰাণীৰ পৰিপুষ্টি Solutions for All Subjects, You can practice these here…

প্ৰাণীৰ পৰিপুষ্টি

Chapter – 2

বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS


১। খালী ঠাই পূৰণ কৰা:-

(ক) পৰিপুষ্টিৰ প্ৰধান স্তৰবোৰ হ’ল ——, —– , —— , —— , —– আৰু —– ।

উত্তৰঃ প্রয়োজন, খাদ্য গ্রহণ, পাচন, শোষণ, পৰিমিশ্ৰণ আৰু মলত্যাগ ( বর্জন )।

(খ) মানুহৰ দেহত থকা আটাইতকৈ ডাঙৰ গ্ৰন্থিটো হ’ল —— ।

উত্তৰঃ যকৃত।

(গ)পাকস্থলীৰ আভ্যন্তৰীণ বেৰৰ পাকস্থলী গ্রন্থিয়ে নিঃসৰণ কৰা অগ্ন্যাশয় ৰসত হাইড্ৰ’ক্লৰিক এচিড —— আৰু ——-  নামৰ দুটা এনজাইম থাকে।

উত্তৰ: পেপচিন, ৰেনিন।

(ঘ) অগ্ন্যাশয়ে নিঃসৰণ কৰা অগ্ন্যাশয় ৰসত ——-, —– ,আৰু —–  এনজাইম থাকে।

উত্তৰ: ট্ৰপচিন, এমাইলেজ আৰু লাইপেজ।

(ঙ)মুখত থকা —— গ্ৰন্থিয়ে লালটি উৎপন্ন কৰে।

উত্তৰঃ লালটি।

(চ) লালটিত থকা এনজাইমটোৰ নাম ——।

উত্তৰ: টায়ালিন।

(ছ) হাইড্ৰাই —— ৰ সহায়ত খাদ্য সংগ্ৰহ কৰে।

উত্তৰঃ টেণ্টাকুল।

(জ) যকৃতে ক্ষৰণ কৰা পিত্তৰস —— ধৰ্মী।

উত্তৰঃ ক্ষাৰ । 

(ঝ) পৌষ্টিক নলীৰ —— গতিৰ ফলত খাদ্য ক্রমান্বয়ে আগুৱাই যায়।

উত্তৰ: পৰিষ্টেলচিছ।

(ঞ) যকৃতৰ পৰা অহা নলী আৰু অগ্ন্যাশয়ৰ পৰা অহা নলী দুডাল লগ হৈ ক্ষুদ্রান্ত্রত —–ত  প্ৰৱেশ কৰে।

উত্তৰ: ডু’ৱডেনাম।

২। অশুদ্ধ শব্দও চাই শুদ্ধ শব্দটো ৰাখি নতুন কৈ লিখা –

  (ক) শ্বেতসাৰৰ পাচন পাকস্থলীত / মুখত আৰম্ভ হয়।

উত্তৰঃ শ্বেতসাৰৰ পাচন মুখস্ত আৰম্ভ হয়।

(খ) পিত্ত ৰস অস্থায়ীভাৱে যকৃতত/ পিত্তস্থলীত সঞ্চিত হৈ থাকে।

উত্তৰঃ পিত্ত ৰস অস্থায়ীভাৱে পিত্তস্থলীত সঞ্চিত হৈ থাকে।

(গ) প্ৰ’টিনৰ পাচন পাকস্থলীত / ক্ষুদ্রান্ত্রত আৰম্ভ হয়।

উত্তৰঃ প্ৰ’টিনৰ পাচন পাকস্থলীত আৰম্ভ হয়।

(ঘ) স্নেহ পদাৰ্থৰ পাচন পাকস্থলীত/ ক্ষুদ্রান্ত্রত/ বৃহদান্ত্রত হয়।

উত্তৰঃ স্নেহ পদাৰ্থৰ পাচন ক্ষুদ্রান্ত্রত হয়।

(ঙ) খাদ্যৰ পাচন সম্পূর্ণ হয় ক্ষুদ্রান্ত্রত / বৃহদান্ত্রত।

উত্তৰঃ খাদ্যৰ পাচন সম্পূর্ণ হয় ক্ষুদ্রান্ত্রত।

৩। ভিলাই কি ? ভিলাই ক’ত থাকে ? ভিলাইৰ কাম কি ?

উত্তৰঃ ভিলাই হৈছে আঙুলি সদৃশ বাহিৰলৈ ওলোৱা অংশ। ক্ষুদ্রান্ত্ৰৰ ভিতৰৰ বেৰখনত হাজাৰ হাজাৰ ভিলাই থাকে। ভিলাইবোৰে পাচন হোৱা খাদ্যৰ শোষণৰ বাবে পৃষ্ঠৰ কালি বৃদ্ধি কৰে। ভিলাইবোৰত থকা ৰক্তকেশিকাৰ জালিকাবোৰে সৰল খাদ্যবোৰ শোষণ কৰি লয়।

৪। পৰিমিশ্রণ মানে কি ?

উত্তৰঃ ক্ষুদ্রান্ত্ৰত থকা ভিলাইবোৰে প্রথমে শোষণৰ বাবে পৃষ্ঠৰ কালি বৃদ্ধি কৰে ৷ ভিলাইবোৰত থকা ৰক্তকেশিকাৰ জালিকাবোৰে সৰল খাদ্যবোৰ শোষণ কৰি লয়। শোষণ হোৱা পদাৰ্থবোৰক ৰক্তবাহী নলীয়েদি দেহৰ বিভিন্ন অংশলৈ লৈ যোৱা হয় আৰু দেহৰ প্ৰয়োজনীয় জটিল পদার্থ যেনে – প্ৰ’টিন আদি প্ৰস্তুত হোৱাত ব্যৱহাৰ কৰে ৷ ইয়াকে পৰিমিশ্ৰণ বুলি কোৱা হয়।

৫। ডায়েৰিয়া কি ? কি কি কাৰণত ডায়েৰিয়া হ’ব পাৰে ? ডায়েৰিয়া হলে কি কি ব্যৱস্থা হাতত ল’ব লাগে ?

উত্তৰ: ডায়েৰিয়া হ’ল এবিধ বেমাৰ। এই বেমাৰ হলে সঘনাই পনীয়া শৌচ হয়। ফলত দেহৰ পৰা প্ৰয়োজনীয় পানী আৰু লৱণবোৰ ওলাই যায়। ফলত ৰোগীজনৰ জলমোচন হৈ মৃত্যু পর্যন্ত হ’ব পাৰে। ডায়েৰিয়া ৰোগ হোৱাৰ কাৰণ –

(ক) বীজাণুৰ সংক্ৰমণৰ ফলত হ’ব পাৰে

(খ) বদহজমৰ ফলত হ’ব পাৰে আৰু

(গ) খাদ্যৰ বিষক্ৰিয়াৰ ফলত হ’ব পাৰে।ডায়েৰিয়া হলে ডাক্তৰৰ পৰামৰ্শলৈ চিকিৎসা কৰাব লাগে। তাৰ লগতে উতলাই ঠাণ্ডা কৰা পানীত এচিকুট চেনি, এচিকুট নিমখ আৰু কেইটোপালমান নেমুৰ ৰস মিহলাই খুৱাই থাকিলে ৰোগীক জলমোচনৰ পৰা ৰক্ষা কৰিব পাৰি। বজাৰত কিনিবলৈ পোৱা ORS বা মুখেৰে খোৱা জলযোজন দ্ৰবৰ উপযুক্ত ব্যৱহাৰৰ দ্বাৰা ডায়েৰিয়া ৰোগীৰ জীৱন বচাব পাৰি।

৬। এমিবাই কেনেদৰে খাদ্য সংগ্ৰহ কৰে চিত্ৰসহ বৰ্ণনা কৰা ৷

উত্তৰঃ এমিবা এবিধ জলজ এককোষী প্রাণী। ইহঁতে পানীত ভাঁহি থকা কিছুমান ক্ষুদ্র অণুজীৱ কোষাবৰণৰ পৰা সৃষ্টি হোৱা কূটপদৰ দ্বাৰা আৱৰিলৈ খাদ্য ৰিক্তিকা সৃষ্টি কৰে ৷ খাদ্য ৰিক্তিকাৰ ভিতৰত জটিল খাদ্যবস্তু সৰল অৱস্থালৈ পৰিবৰ্তন হয়। পাছত সৰল খাদ্যভাগ কোষপ্ৰৰসত বিলীন হৈ পৰে। অপাচিত খাদ্যবস্তু কোষৰ প্রান্তীয় স্থানলৈ গতি কৰে আৰু শেষত কোষৰ পৰা নিৰ্গত হয়।

চিত্রঃ এমিবাৰ খাদ্য গ্রহণ প্ৰণালীৰ বিভিন্ন স্তৰ

৭। মানুহৰ পৌষ্টিক তন্ত্ৰৰ এটি চিহ্নিত চিত্র আঁকা।

উত্তৰ:

৮। আমাৰ খাদ্যত ভিটামিন, খনিজ লৱণ আৰু পানীৰ কিয় প্রয়োজন ? 

উত্তৰঃ আমাৰ খাদ্যত ভিটামিন, খনিজ লৱণ আৰু পানী আমাৰ খাদ্যত অতি প্রয়োজন, কাৰণ ভিটামিন, খনিজ লৱণ আৰু পানীয়ে আমাক বেমাৰ-আজাৰ নোহোৱাকৈ ৰাখে।

৯। সামঞ্জস্য নথকা শব্দবোৰ বাছি উলিওৱা:-

(ক) অগ্ন্যাশয়, যকৃত, লালটি গ্রন্থি, পাকস্থলী।

উত্তৰ: পাকস্থলী।

(খ) ফেটি এচিড, এমিন’এচিড, গ্লু’কজ, চেলুল’জ।

উত্তৰ: চেলুল’জ

(গ) অগ্ন্যাশয়, ৰস, লালটি পিত্তৰস আৰু অস্ত্ৰ।

উত্তৰঃ অস্ত্ৰ 

(ঘ) কৃন্তক ছেদক, পেষক আৰু ৰোমন্থ।

উত্তৰঃ ৰোমন্থ।

(ঙ) ৰমেন, ৰেটিকুলাম, অমেচাম আৰু পেষক।

উত্তৰ: পেষক।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top