Niketan Class 7 Science Chapter 11 উদ্ভিদৰ পৰিবহণ তন্ত্র

Niketan Class 7 Science Chapter 11 উদ্ভিদৰ পৰিবহণ তন্ত্র is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 7 Science Chapter 11 উদ্ভিদৰ পৰিবহণ তন্ত্র and select need one.

Niketan Class 7 Science Chapter 11 উদ্ভিদৰ পৰিবহণ তন্ত্র

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 7 Science Chapter 11 উদ্ভিদৰ পৰিবহণ তন্ত্র Solutions for All Subjects, You can practice these here…

উদ্ভিদৰ পৰিবহণ তন্ত্র

Chapter – 11

বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS


১। বাওঁফালৰ স্তম্ভৰ (ক) লগত সোঁফালৰ স্তম্ভ (খ) মিলাই 

সজোৱা ।

স্তম্ভ (ক)স্তম্ভ (খ)
(ক) সংবহন কলাপানী শোষণ কৰে।
(খ) জাইলেমখাদ্য পৰিবহণ কৰে।
(গ) ফ্লু’ৱেমঅতিৰিক্ত পানী উলিয়াই দিয়ে।
(ঘ) মূলৰোমপানী পৰিবহন কৰে।
(ঙ) প্রস্বেদনপানী আৰু খাদ্য পৰিবহণ কৰে।

উত্তৰ:

স্তম্ভ (ক)স্তম্ভ (খ)
(ক)সংবহন কলাপানী আৰু খাদ্য পৰিবহণ কৰে।
(খ) জাইলেমপানী পৰিবহন কৰে।
(গ) ফ্লু’ৱেমখাদ্য পৰিবহণ কৰে।
(ঘ) মূলৰোমপানী শোষণ কৰে।
(ঙ) প্রস্বেদনঅতিৰিক্ত পানী উলিয়াই দিয়ে।

২। চমু উত্তৰ দিয়াঃ

(ক) মূলৰোমৰ কাম কি ?

উত্তৰঃ মূলৰোমৰ দ্বাৰা শিপাই মাটিৰ পৰা পানী আৰু খনিজ লৱণ শোষণ কৰে।

(খ) উদ্ভিদে গোটা খাদ্য পৰিবহন কৰিব পাৰেনে ?

উত্তৰঃউদ্ভিদে খাদ্য ( শৰ্কৰা ) গোটা অৱস্থাত পৰিবহণ কৰিব নোৱাৰে,ই দ্ৰৱীভূত অৱস্থাতহে পৰিবহণ কৰিব পাৰে।

(গ) উদ্ভিদৰ পানী পৰিবহণ কিহেৰে হয় ?

উত্তৰঃউদ্ভিদৰ পানী পৰিবহণ জাইলেম নলীকাৰে হয়।

(ঘ) উদ্ভিদৰ খাদ্য পৰিবহণ কিহেৰে হয় ?

উত্তৰঃউদ্ভিদৰ খাদ্য পৰিবহণ ফুৱেমৰ চালনী নলীকাৰে সকলো অংশলৈ পৰিবহণ হয়।

(ঙ) উদ্ভিদৰ দেহত খাদ্যৰ পৰিবহন কেইটা দিশত হোৱা দেখা যায় ?

উত্তৰঃউদ্ভিদৰ দেহত খাদ্যৰ পৰিবহণ তিনিটা দিশত হোৱা দেখা যায়। উর্ধ্বমুখী পৰিবহণ, অধঃমুখী পৰিবহণ আৰু পার্শ্বীয় পৰিবহণ।

৩। পত্ৰৰন্ধ্র কি আৰু ইয়াৰ কাম কি ?

উত্তৰ:পত্ৰৰন্ধ্র হ’ল পাতত থকা কিছুমান সৰু সৰু ছিদ্র। এই সৰু সৰু ছিদ্র অর্থাৎ পত্ৰৰ কাম হ’ল শিপাই শোষণ কৰা অতিৰিক্ত পানীভাগ বাষ্প আকাৰে বাহিৰলৈ উলিয়াই দিয়া।

৪। উদ্ভিদে জাইলেমৰ মাজেৰে যে পানী পৰিবহণ কৰে পৰীক্ষা এটাৰ দ্বাৰা বুজাই লিখা।

উত্তৰঃডেম-ডেউকা গছ এডাল শিপাৰে সৈতে গোটেই উদ্ভিদজোপা উঘালি আনি ৰঙীণ পানী থকা গিলাচ এটাত চিত্ৰত দেখুওৱাৰ দৰে ডুবাই ৰখা হ’ল। কেইঘণ্টামান পিছত কাণ্ড, পাত আৰু শিপাৰ পাতল প্রস্বেদন কৰি অণুবীক্ষণ যন্ত্ৰৰ সহায়ত নিৰীক্ষণ কৰাত দেখা গ’ল যে প্রস্বেদনৰ কেইটামান কোষহে ৰঙীণ হৈছে, বাকীবোৰ হোৱা নাই। ৰঙীণ হোৱা কোষবোৰ হৈছে জাইলেম নলীকা। ইয়াৰ দ্বাৰা প্রমাণ হ’ল যে উদ্ভিদৰ শিপাই শোষণ কৰা পানী কেৱল জাইলেম নলীকাৰহে পৰিবহণ হয়।

৫। সালোক সংশ্লেষণ বুলিলে কি বুজা ? উদ্ভিদৰ কোন অংশত সালোক সংশ্লেষণ হয় ?

উত্তৰ: সেউজীয়া উদ্ভিদে সূৰ্যৰ পোহৰৰ উপস্থিতিত পানী আৰু কাৰ্বন-ডাই-অক্সাইড ( এঙাৰ গেছ ) ৰ সৈতে ৰাসায়নিক ক্রিয়া ঘটাই শৰ্কৰা জাতীয় আহাৰ প্ৰস্তুত কৰে। এই শৰ্কৰা জাতীয় আহাৰ প্ৰস্তুত প্রণালীটোৱেই হৈছে সালোক সংশ্লেষণ।

6CO2 + 12H2O  পোহৰপত্ৰহৰিৎ→ C6H1206 + 602+6H2O

শৰ্কৰা সালোক সংশ্লেষণ উদ্ভিদৰ সেউজীয়া অংশ প্ৰধানকৈ পাতত হয়।

৬। উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণৰ পৰিবহণ কিয় প্রয়োজন বুলি ভাবা ?

উত্তৰ: উদ্ভিদে মাটিৰ পৰা শোষণ কৰা পানী আৰু খনিজ লৱণ উদ্ভিদৰ পৰিপুষ্টিত ব্যৱহাৰ কৰে।

৭। বাষ্পমোচন বা প্রস্বেদন বুলিলে কি বুজা ? প্রস্বেদন প্ৰক্ৰিয়াত কাৰ সহায়ত অতিৰিক্ত পানী বাহিৰলৈ ওলাই যায় ?

উত্তৰঃ উদ্ভিদে খাদ্য প্রস্তুত কৰাৰ বাবে যিমানখিনি পানীৰ দৰকাৰ তাতকৈ বহু বেছি পানী শিপাই শোষণ কৰে। খাদ্য প্রস্তুতত ব্যৱহাৰ হোৱা পানীখিনিৰ বাহিৰে বাহিৰলৈ বাকী পানী বাষ্প আকাৰে উদ্ভিদে বাহিৰলৈ উলিয়াই দিয়ে।

 প্রস্বেদন প্রক্রিয়াত পাতত থকা সৰু সৰু পত্ৰৰন্ধ্ৰৰ দ্বাৰা অতিৰিক্ত পানী উলিয়াই দিয়ে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top