Niketan Class 7 Science Chapter 1 উদ্ভিদৰ পৰিপুষ্টি

Niketan Class 7 Science Chapter 1 উদ্ভিদৰ পৰিপুষ্টি is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 7 Science Chapter 1 উদ্ভিদৰ পৰিপুষ্টি and select need one.

Niketan Class 7 Science Chapter 1 উদ্ভিদৰ পৰিপুষ্টি

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 7 Science Chapter 1 উদ্ভিদৰ পৰিপুষ্টি Solutions for All Subjects, You can practice these here…

উদ্ভিদৰ পৰিপুষ্টি

Chapter – 1

বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS

A. জ্ঞান ভিত্তিক প্রশ্ন :

১। জীৱই খাদ্য গ্ৰহণ কৰাৰ প্ৰয়োজন কিয় ?

উত্তৰঃ শৰীৰৰ বৃদ্ধি আৰু পৰিচালনাৰ বাবে আৱশ্যকীয় শক্তি পাবলৈ জীৱই খাদ্য গ্ৰহণ কৰে আৰু ইয়াক ব্যৱহাৰ কৰে।

২। কেৱল সেউজীয়া উদ্ভিদেহে খাদ্য প্রস্তুত কৰিব পাৰে কিয় ?

উত্তৰঃ কাৰণ উদ্ভিদৰ পাতত থকা সেউজীয়া ৰঞ্জক পদাৰ্থ পত্ৰহৰিতে সূৰ্যৰ ৰশ্মিৰ পৰা শক্তি আহৰণ কৰি কাৰ্বন-ডাই-অক্সাইড (CO2) আৰু পানীৰ (H2O) সহায়ত সালোক সংশ্লেষণৰ দ্বাৰা খাদ্য প্ৰস্তুত কৰে।

৩। পুনৰাবৰ্তন (Recycling) প্ৰক্ৰিয়াত ভেঁকুৰ বাবে ক্টেৰিয়াৰ কিবা অৱদান আছে নেকি ?

উত্তৰ: পুনৰাবৰ্তন প্ৰক্ৰিয়াত ভেঁকুৰ আৰু বেক্টেৰিয়াৰ যথেষ্ট অৱদান আছে। বেক্টেৰিয়াই মৃতজীৱ সমূহ গেলি-পচি যোৱাত সহায় কৰে আৰু ভেঁকুৰে এই গেলা পচা সামগ্ৰীৰ পৰা পৰিপুষ্টি গ্ৰহণ কৰে আৰু এই বস্তুবোৰ মাটিৰ লগত পুনৰ চামিল হোৱাত সহায় কৰে।

৪। পতংগভোজী উদ্ভিদে কিয় পতংগ ভক্ষণ কৰে ?

উত্তৰ: পতংগ ভোজী উদ্ভিদসমূহ সেউজীয়া ৰঙৰ হয় আৰু সেই বাবে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা কাৰ্বহাইড্ৰেট প্রস্তুত কৰিব পাৰে ৷ কেৱল নাইট্ৰ’জেন জাতীয় খাদ্য আহৰণৰ বাবে এই উদ্ভিদবোৰ পতংগভোজী হয় বা পোক-পতংগ খাদ্য হিচাপে গ্ৰহণ কৰে ।

৫। ভেঁকুৰৰ পৰিপুষ্টি বেলেগ ধৰণৰ হয় কিয় ?

উত্তৰ: আন সেউজীয়া উদ্ভিদৰ দৰে ভেঁকুৰ সেউজীয়া ৰঙৰ নহয় আৰু সেই বাবে সিহঁতে নিজৰ খাদ্য নিজে প্রস্তুত কৰিব নোৱাৰে। সিহঁতে এক ভিন্ন প্ৰকাৰৰ পৰিপুষ্টি পদ্ধতিৰ দ্বাৰা জীৱন নিৰ্বাহ কৰে।এই জীৱসমূহ সাধাৰণতে মৃত বা গেলি পচি যোৱা বস্তুৰ ওপৰত গজে। ভেঁকুৰে তাৰ দেহৰ পৰা পাচক ৰস নিঃসৰণ কৰে আৰু এই ৰসে দ্রব্য সমূহ সৰল দ্ৰৱণলৈ ৰূপান্তৰ কৰে। তাৰ পিছত কোষবেৰৰ সহায়ত নিজৰ দেহলৈ শোষণ কৰি লয়। ভেঁকুৰে মৃত অথবা গেলি পচি যোৱা বস্তুৰ পৰা দ্ৰৱণ হিচাপে পৰিপোষণ কৰে বাবে ইয়াক মৃতজীৱিয় পৰিপুষ্টি বোলা হয় আৰু মৃতজীৱী পৰিপুষ্টি ব্যৱহাৰ কৰে বাবে ইহঁতক মৃতজীৱী বোলা হয়।

B. চমু উত্তৰৰ প্ৰশ্ন :-

১। স্বপোষী উদ্ভিদ মানে কি বুজায় ?

উত্তৰঃ যিবোৰ উদ্ভিদে সৰল দ্ৰব্যৰ পৰা নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল’ব পাৰে তেনে ধৰণৰ উদ্ভিদক স্বপোষী উদ্ভিদ বোলে। সকলো সেউজীয়া উদ্ভিদেই স্বপোষী।

২। কোষবেৰ কি ?

উত্তৰঃ জীৱৰ শৰীৰটো কিছুমান সৰু সৰু এককৰ দ্বাৰা গঠিত। এইবোৰেই হ’ল কোষ। উদ্ভিদৰ কোষ বোৰ এটা আৱৰণৰ দ্বাৰা আবৃত হৈ থাকে, ইয়াক কোষবেৰ বোলে ।

৩। ভেঁকুৰৰ জীৱন চক্ৰত ৰেণুৰ (Spores) ভূমিকা সম্বন্ধে লিখা।

উত্তৰঃ ভেঁকুৰৰ জীৱন চক্ৰত ৰেণুৱে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। সাধাৰণতে ভেঁকুৰে প্ৰজননৰ দ্বাৰা বহুতো ৰেণু উৎপন্ন কৰে। এই ৰেণুবোৰ বতাহত ওপঙি থাকে। যেতিয়া সিহঁতে আৰ্দ্ৰ আৰু গৰম বস্তুৰ সংস্পৰ্শলৈ আহে তেতিয়া সিহঁতে অংকুৰিত হৈ বৃদ্ধি  হয়।

৪। লাইকেন বুলিলে কি বুজা ?

উত্তৰ: লাইকেন নামৰ জীৱবিধ হৈছে ভেঁকুৰ আৰু পত্ৰহৰিৎ থকা শেলাইৰ এক সহজীৱিতা ৷ ভেঁকুৰে শেলাইক আশ্রয়, পানী আৰু খনিজ লৱণ যোগান ধৰে আৰ ইয়াৰ পৰিৱৰ্তে শেলায়ে সালোক সংশ্লেষণৰ দ্বাৰা প্ৰস্তুত কৰা খাদ্য ভেঁকুৰক যোগান ধৰে।

C. দীঘল উত্তৰৰ প্ৰশ্ন :-

১। পার্থক্য লিখাঃ পৰজীৱী আৰু মৃতজীৱী

উত্তৰঃ যিবোৰ জীৱই পুষ্টিৰ বাবে আনৰ ওপৰত নিৰ্ভৰশীল সেই জীৱবোৰ হ’ল পৰজীৱী। যেনে – অমৰলতা আৰু সকলো প্রাণী। 

আনহাতে যিবোৰ জীৱই মৃত, গেলি-পচি যোৱা সামগ্ৰীৰ পৰা পৰিপুষ্টি গ্রহণ কৰে সেইবোৰ হ’ল মৃতজীৱী। উদাহৰণ – ভেঁকুৰ।

২। পাতত শ্বেত সাৰৰ উপস্থিতি চাবলৈ তুমি কেনেদৰে পৰীক্ষা কৰিবা ?

উত্তৰঃ টাবত থকা এটা গছ পুলি টাবেৰে সৈতে ৭২ ঘণ্টাৰ বাবে ( তিনি দিনৰ বাবে ) এটা অন্ধকাৰ কোঠালীত ৰখা হ’ল । তাৰ পিছত টাবৰ গছ পুলিটোৰ পৰা এখিলা পাত আৰু ৰ’দত থকা গছজোপাৰ পৰা এখিলা পাত লোৱা হ’ল। তাৰ পিছত , দুয়োখিলা পাতৰ পৰা এনজাইম / উৎসেচক সমূহ আঁতৰ কৰিবৰ বাবে উতলা পানীত কেইমিনিটমানৰ বাবে ৰখা হ’ল। তাৰ পিছত পাত দুখিলা গৰম পানীৰ পৰা উলিয়াই এলকহলত উতলোৱা হ’ল। এনে কৰাৰ ফলত পাতত থকা পত্ৰহৰিৎ সমূহ আঁতৰি গৈ পাত দুখিলা বর্ণহীন হৈ পৰিল। তাৰ পিছত পাত দুখিলা কোমল কৰিবৰ বাবে পুনৰ উতলা গৰম পানীত ডুবাই দিয়া হ’ল। তাৰ পিছত পানীৰ পৰা পাত দুখিলা উঠাই লৈ তাত কেইটোপাল মান আয়’ডি’নৰ দ্ৰৱ দিয়া হ’ল। তাৰ পিছত পাত দুখিলা ৰ’দত ৰখা হ’ল। কিছু সময়ৰ পিছত দেখা গ’ল যে এখিলা পাতে নীলা বৰণ লৈছে আনহাতে আন খিলা পাতত ৰঙৰ কোনো পৰিবৰ্তন নহ’ল আৰু ই মুগা বৰণৰে হৈ থাকিল। নীলা হোৱা পাত খনে এইটো সূচায় যে তাত শ্বেত সাৰ আছে আৰু ইয়াক ৰ’দত থকা গছজোপাৰ পৰা লোৱা হৈছিল । আনহাতে আন্ধাৰত থোৱা গছজোপাৰ পাতত শ্বেতসাৰ প্ৰস্তুত হোৱা নাছিল।

৩। সেউজীয়া উদ্ভিদৰ খাদ্য সংশ্লেষণ প্রক্রিয়াৰ এটি চমু বৰ্ণনা দিয়া ৷

উত্তৰঃ উদ্ভিদৰ পাতবোৰেই খাদ্য প্ৰস্তুতকৰণৰ কাৰখানা। উদ্ভিদৰ খাদ্য সংশ্লেষণ সেউজীয়া পাতত হয়। সেইবাবে সকলো কেঁচা সামগ্রী পাতলৈ যাব লাগিব। উদ্ভিদৰ শিপাই মাটিৰ পৰা পানী আৰু খনিজ লৱণ জাইলেম নলীকাৰ দ্বাৰা পাতলৈ পৰিবহণ কৰে। পাতত থকা সৰু সৰু ছিদ্র সমূহে ব্যাপন প্ৰক্ৰিয়াৰ দ্বাৰা বায়ুমণ্ডলৰ পৰা কার্বন-ডাই-অক্সাইড আহৰণ কৰে। এই ছিদ্ৰবোৰক পত্ৰৰন্ধ্র বোলা হয় আৰু ইহঁতক ৰক্ষীকোষে আৱৰি থাকে। পাতত থকা সেউজীয়া ৰঞ্জক কণিকাক পত্ৰহৰিৎ বোলা হয়। পত্ৰহৰিতে সূৰ্যৰ ৰশ্মিৰ পৰা শক্তি আহৰণ কৰাত সহায় কৰে । এই শক্তি উদ্ভিদ জোপাই কার্বন-ডাই-অক্সাইড আৰু পানীৰ পৰা খাদ্য সংশ্লেষণ বা প্ৰস্তুত কৰাত ব্যৱহৃত হয়।যিহেতু সূৰ্যৰ ৰশ্মিৰ উপস্থিতিত খাদ্য সংশ্লেষণ হয়, সেইকাৰণে ইয়াক সালোক সংশ্লেষণ বোলা হয়। ইয়াৰ দ্বাৰা এইটো জনা হ’ল যে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ বাবে পত্ৰহৰিৎ, সূৰ্যৰ ৰশ্মি, কার্বন-ডাই-অক্সাইড আৰু পানীৰ প্ৰয়োজন। পাতে সৌৰ শক্তি ধৰি ৰাখে আৰু উদ্ভিদত খাদ্য হিচাপে সঞ্চয় হয়। পাতত প্রস্তুত হোৱা খাদ্যসমূহ ফ্লোৱেম নলীকাৰ দ্বাৰা গছৰ বিভিন্ন অংশলৈ যায়।

৪। চিত্ৰৰ সহায়ত দেখুওৱা যে উদ্ভিদবোৰ খাদ্যৰ মূল উৎস ৷

উত্তৰ: উদ্ভিদে সালোক সংশ্লেষণৰ দ্বাৰা খাদ্য প্রস্তুত কৰে। সালোক সংশ্লেষণৰ অবিহনে কোনো খাদ্য পোৱা নাযাব। প্রায় সকলোবোৰ জীৱই জীয়াই থাকিবৰ বাবে উদ্ভিদে প্ৰস্তুত কৰা খাদ্যৰ ওপৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে নিৰ্ভৰশীল। তদুপৰি সকলো জীৱৰে জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় অক্সিজেনো সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ সময়তে উৎপন্ন হয়। সালোক সংশ্লেষণ প্রক্রিয়া অবিহনে জীৱ পৃথিৱীত জীয়াই থকাটো অসম্ভৱ।

চিত্রঃ ছবিত সালোক সংশ্লেষণ দেখুওৱা হৈছে।

সালোক সংশ্লেষণৰ সময়ত পত্ৰহৰিৎ থকা পাতৰ কোষবোৰে সূৰ্যৰ ৰশ্মিৰ উপস্থিতত কার্বন-ডাই-অক্সাইড আৰু পানী ব্যৱহাৰ কৰি কাৰ্বহাইড্ৰেট প্রস্তুত কৰে। সালোক সংশ্লেষণ প্রক্রিয়াত অক্সিজেন আৰু কাৰ্বহাইড্রেট অৰ্থাৎ শ্বেতসাৰ প্ৰস্তুত কৰে। এই শ্বেতসাৰ বা কাৰ্বহাইড্ৰেটৰ ওপৰত সকলো জীৱই প্ৰত্যক্ষ বা পৰোক্ষভাৱে নিৰ্ভৰশীল। গতিকে ইয়াৰ দ্বাৰা এইটো বুজা গ’ল যে উদ্ভিদবোৰ খাদ্যৰ মূল উৎস। 

কাৰ্বহাইড্রেট প্রস্তুত হোৱা প্ৰক্ৰিয়াটো এটা সমীকৰণৰ সহায়ত তলত উল্লেখ কৰা হ’ল –

৫। মাটিৰ উৰ্বৰ্তা বা অত্যাৱশ্যকীয় মৌলবোৰ কিদৰে পুনঃ পূৰণ কৰা হয় ? 

উত্তৰ: সাধাৰণতে প্রায় সকলোবোৰ উদ্ভিদকে প্ৰ’টিন প্ৰস্তুত কৰিবলৈ নাইট্ৰজেনৰ আৱশ্যক হয়। শস্য চপোৱাৰ পিছত মাটিত নাইট্ৰ’জেন অভাৱ হয়। বায়ুত যথেষ্ট পৰিমাণৰ নাইট্ৰ’জেন থাকে যদিও উদ্ভিদে কার্বন-ডাই-অক্সাইড ব্যৱহাৰ কৰাৰ দৰে নাইট্ৰ’জেন গেছক বায়ুৰ পৰা শোষণ কৰিব নোৱাৰে। উদ্ভিদৰ বাবে দ্ৰৱণীয় অৱস্থাত থকা নাইট্ৰ’জেনৰহে আৱশ্যক। ৰাইজ’বিয়াম নামৰ এবিধ বেক্টেৰিয়াই বায়ুমণ্ডলৰ পৰা নাইট্ৰ’জেন শোষণ কৰিব পাৰে আৰু দ্ৰৱণীয় অৱস্থালৈ ৰূপান্তৰ কৰিব পাৰে। ই মাহজাতীয় উদ্ভিদৰ শিপাত বাস কৰে আৰু সেই উদ্ভিদবোৰক নাইট্ৰ’জেনৰ যোগান ধৰে। খেতিয়কে যিডৰা মাটিত মাহজাতীয় শস্য বা উদ্ভিদ ৰোপণ কৰে তাত নাইট্ৰ’জেন জাতীয় সাৰ প্ৰয়োগ কৰাৰ প্ৰয়োজন নহয়। এইদৰে, মাটিৰ উৰ্বৰতা বা অত্যাৱশ্যকীয় মৌলবোৰ পুনঃপূৰ্ণ কৰা হয়।

D. উত্তৰ লিখা :-

১। কোষক আৱৰি থকা আৱৰণ খনৰ নাম লিখা।

উত্তৰ:কোষক আৱৰি থকা আৱৰণ খনৰ নাম কোষবেৰ বা কোষাবৰণ।

২। এবিধ পৰজীৱী উদ্ভিদ যাৰ কাণ্ড হালধীয়া, মিহি আৰু নলীকা সদৃশ হয়।

উত্তৰঃ অমলতা।

৩। এবিধ উদ্ভিদৰ নাম লিখা যিয়ে স্বপোষী, পৰপোষী বা উভয় ধৰণেৰে পৰিপুষ্টি গ্ৰহণ কৰে।

উত্তৰঃ ৰঘুমলা।

৪। পাতত থকা যিটো ছিদ্ৰৰ সহায়ত উদ্ভিদে গেছ বিনিময় কৰে।

উত্তৰ: পত্ৰৰন্ধ্র।

৫। সূৰ্য্যৰ পোহৰত উদ্ভিদে খাদ্য প্রস্তুত কৰা প্ৰণালীটোৰ নাম লিখা।

উত্তৰ: সালোক সংশ্লেষণ।

E. ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা।

ক’ অংশ‘খ’অংশ’
(১) পত্ৰহৰিৎ(a) বেক্টেৰিয়া
(২) নাইট্ৰ’জেন(b) পৰপোষী জীৱ
(৩) অমলতা(c) কলচী উদ্ভিদ
(৪) প্ৰাণী(d) পাত
(৫) মৃতজীৱী(e) পৰজীৱ
(৬) পোক পতংগ(f) ভেঁকুৰ

উত্তৰ:

ক’ অংশ‘খ’অংশ’
(১) পত্ৰহৰিৎ(d) পাত
(২) নাইট্ৰ’জেন(a) বেক্টেৰিয়া
(৩) অমলতা(e) পৰজীৱ
(৪) প্ৰাণী(b) পৰপোষী জীৱ
(৫) মৃতজীৱী(f) ভেঁকুৰ
(৬) পোক পতংগ(c) কলচী উদ্ভিদ

F. খালী ঠাই পূৰণ কৰা :-

(ক) সেউজীয়া উদ্ভিদক —— বোলা হয় , হয়, যিহেতুকে সিহঁতে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে।

উত্তৰঃ স্বপোষী।

  (খ) উদ্ভিদৰ দ্বাৰা সংশ্লেষিত খাদ্য সমূহ —— হিচাপে 

সঞ্চিত হৈ থাকে।

উত্তৰ: কাৰ্বহাইড্ৰেট (শ্বেতসাৰ)।

  (গ) সালোক সংশ্লেষণত সৌৰশক্তিক আহৰণ কৰি ৰখা ৰঞ্জক পদাৰ্থক —— বোলা হয়।

উত্তৰ: পত্ৰহৰিৎ।

(ঘ) সালোক সংশ্লেষণৰ সময়ত উদ্ভিদে —— লয় আৰু এৰি দিয়ে ।

উত্তৰঃ কাৰ্বন-ডাই-অক্সাইড (CO2), অক্সিজেন (O2)।

(ঙ) লাইকেনৰ দেহৰ গঠন —— আৰু —— দ্বাৰা গঠিত।

উত্তৰ: ভেঁকুৰ, শেলাই।

(চ) ——- এবিধ সম্পূৰ্ণ পৰজীৱী উদ্ভিদৰ উদাহৰণ।

উত্তৰঃ অমলতা।

(ছ) ——- এবিধ আংশিক পৰজীৱী।

উত্তৰঃ ৰঘুমলা।

(জ) কলচী উদ্ভিদৰ কলহটো ——- ৰ ৰূপান্তৰ ৷

উত্তৰ: ফলক।

G. শুদ্ধ অশুদ্ধ লিখা:-

 (ক) যিবোৰ উদ্ভিদে নিজৰ আহাৰ নিজে প্রস্তুত কৰে তাক পৰিপোষী বোলে।

উত্তৰঃ অশুদ্ধ।

(খ) সালোক সংশ্লেষণত প্রটিন জাতীয় খাদ্য প্রস্তুত হয়।

উত্তৰ: অশুদ্ধ।

(গ) সালোক সংশ্লেষণৰ সময়ত সৌৰ শক্তি ৰাসায়নিক শক্তি লৈ ৰূপান্তৰিত হয়।

উত্তৰঃ শুদ্ধ।

(ঘ) খেতি চপোৱাৰ পাছত মাটিডৰাত নাইট্ৰ’জেন পৰিমাণ বাঢ়ে।

উত্তৰ: অশুদ্ধ।

(ঙ) অমলতা এবিধ স্বপোষী উদ্ভিদ।

উত্তৰ: অশুদ্ধ।

H. নিমিলা শব্দটো কাৰণ দৰ্শাই বাহিৰ কৰা।

(ক) শেলাই, সেউজীয়া উদ্ভিদ, স্বপোষী, পৰপোষী ৷

উত্তৰঃ পৰপোষী, কাৰণ শেলাই-সেউজীয়া উদ্ভিদ, সেইবাবে ইহঁত স্বপোষী। ইয়াত পৰপোষী শব্দটোৰ কোনো ধৰণৰ সম্বন্ধ নাই।

(খ) মৃতজীৱী, ভেঁকুৰ, বেক্টেৰিয়া, স্বপোষী ৷

উত্তৰঃ স্বপোষী কাৰণ ভেঁকুৰ আৰু বেক্টেৰিয়া মৃত জীৱি, ইহঁত স্বপোষী

(গ) কার্বহাইড্রেট, কার্বন, হাইড্রজেন, অক্সিজেন, নাইট্ৰজেন ।

উত্তৰঃ নাইট্ৰ’জেন কাৰণ কার্বহাইড্রেট কার্বন, হাইড্রজেন আৰু অক্সিজেনেৰে গঠিত। ইয়াত নাইট্ৰজেন নাথাকে।

(ঘ) সালোক সংশ্লেষণ, পাত, পত্ৰৰন্ধ্র, নাইট্ৰজেন।

উত্তৰঃ নাইট্ৰজেন; কাৰণ সালোক সংশ্লেষণৰ লগত পাত আৰু পত্ৰৰন্ধ্র জড়িত। ইয়াত নাইট্ৰজেনৰ প্ৰয়োজন নহয়।

(ঙ) জবাফুল, আমগছ, গোলাপ গছ, কলচী উদ্ভিদ।

উত্তৰ: কলচী উদ্ভিদ ; কাৰণ জবা ফুল, আম গছ আৰু গোলাপ গছ সাধাৰণ স্বপোষী উদ্ভিদ। কিন্তু কলচী উদ্ভিদ হৈছে পতঙ্গভোজী উদ্ভিদ।

H. শুদ্ধ উত্তৰত চিন দিয়াঃ

১। অমলতা –

(i) স্বপোষী 

(ii) পৰজীৱী 

(iii) মৃতজীৱী

(iv) পোষকৰউদাহৰণ

উত্তৰ: (ii) পৰজীৱী

২। এবিধ উদ্ভিদ যি পোক পতঙ্গক খাদ্য হিচাপে গ্ৰহণ কৰে –

(i) অমলতা 

(ii) ৰঘুমলা 

(iii) কলচী উদ্ভিদ 

(iv) গোলাপ 

উত্তৰ : (iii) কলচী উদ্ভিদ

৩। যাৰ দ্বাৰা পাতে সালোক সংশ্লেষণৰ সহায়ত কার্বন-ডাই-অক্সাইড গ্রহণ

(i) চুলি শিপা

(ii) পত্ৰৰন্ধ্র

(iii) পাতৰ সিৰা

(iv) পত্ৰহৰিৎ

উত্তৰ: (ii) পত্ৰৰন্ধ্র

৪। ভেঁকুৰ গজিব পৰা ঠাই –

(i) কেৱল আচাৰত

(ii) গেলা-পচা অথবা মৃত বস্তুত

(iii) কাপোৰ বা চামৰাৰ সামগ্ৰীত

(iv) ওপৰত উল্লেখ কৰা সকলোতে।

উত্তৰঃ (iv) ওপৰত উল্লেখ কৰা সকলোতে। 

1 thought on “Niketan Class 7 Science Chapter 1 উদ্ভিদৰ পৰিপুষ্টি”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top