Niketan Class 7 Assamese Chapter 9 ধূলিকণা মই

Niketan Class 7 Assamese Chapter 9 ধূলিকণা মই is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 7 Assamese Chapter 9 ধূলিকণা মই and select need one.

Niketan Class 7 Assamese Chapter 9 ধূলিকণা মই

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 7 Assamese Chapter 9 ধূলিকণা মই Solutions for All Subjects, You can practice these here…

ধূলিকণা মই

Chapter – 9

অসমীয়া

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS


প্রশ্ন ১। কবিতাটিৰ মূল ভাবটো লিখা । 

উত্তৰঃ এই সীমাহীন , বিপুল বিশ্ব সংসাৰত অসংখ্য প্রাণী আছে । প্রাণীবােৰ বিপুল বিশ্বৰ এটি ক্ষুদ্র অংশহে । সেয়েহে , কোনাে প্রাণীৰ হৰণ – ভগনে বিশ্ব সংসাৰত একো প্ৰভাৱ নেপেলায় । যি এক চিৰন্তন প্রক্রিয়াৰ মাজেৰে বিশ্ব সংসাৰখন স্বাভাৱিকভাবে চলি আছে , সি সদায় একেদৰে চলি থাকিব দিন গলে ৰাতি হ’ব , জোন – বেলি ওলায়ে থাকিব, গছত ফুল ফুলিব , বতাহ বলিব , নিজ বাটত নক্ষত্ৰবােৰে ঘূৰি থাকিব । আমি মানুহবােৰে এই বিশাল বিশ্ব সংসাৰত ধূলিকণাৰ দৰে এটি ক্ষুদ্র প্রাণীহে । সেয়েহে , ধূলিকণাৰ দৰে সাধাৰণ মানুহৰ মৃত্যুত জগতৰ কোনাে হানি নহয়। 

প্রশ্ন ২। চমুকৈ উত্তৰ দিয়া –

( ক ) কবিৰ মৃত্যুৰ পাছতো কি কি কাম চলি থাকিব বুলি কৈছে ? 

উত্তৰঃ কবিয়ে কৈছে যে তেওঁৰ মৃত্যুৰ পাছতাে দিন গ’লে ৰাতি হ’ব , জোন – বেলি ওলায়ে থাকিব , গছত ফুল ফুলিব , বতাহ বলিব , নিজ বাটত নক্ষত্ৰবােৰ ঘূৰি থাকিব । মুঠতে কবিৰ মৃত্যুৰ পাছত বিশ্ব সংসাৰৰ একো ক্ষতি নহয় , ই আগৰ দৰে নিয়মিত ৰূপত চলি থাকিব । 

( খ ) কোনাে প্রাণীৰ মৃত্যু হলে বিশ্বৰ কিবা ক্ষতি হ’বনে ? 

উত্তৰঃ একো ক্ষতি নহয় । 

( গ ) কবিয়ে নিজকে কিয় ধূলিকণাৰ লগত তুলনা কৰিছে ? 

উত্তৰঃ এই বিশাল বিশ্ব সংসাৰখনত মানুহ হৈছে এটি অতি ক্ষুদ্র নগণ্য প্রাণী । বিশাল বিশ্বৰ তুলনাত এটি অতি ক্ষুদ্র প্রাণী হিচাপে কবিয়ে নিজকে ধূলিকণাৰ লগত তুলনা কৰিছে । মৰুৰ বিশাল বক্ষত এটি ধূলি কণাৰ যি স্থিতি , বিশ্ব সংসাৰত মানুহৰাে সেই একেই স্থিতি । 

প্রশ্ন ৩। কবিতাটিত উল্লেখ কৰা বিশ্ব প্রকৃতিৰ চিৰন্তন নিয়মবােৰ লিখা। 

উত্তৰঃ বিশ্ব প্রকৃতিৰ চিৰন্তন নিয়মবােৰ হৈছে — দিনৰ পিছত ৰাতি হয়, আকাশত পুৱা সুৰুষ আৰু নিশা জোন – তৰা ওলায় , গছত ফুল ফুলে , বতাহ বলে , নক্ষত্ৰবােৰে নিজৰ কক্ষপথত ঘূৰি ফুৰে । 

প্রশ্ন ৪। এই অন্তহীন বিশ্বত মানুহবােৰ একোটা ক্ষুদ্র প্রাণীহে । কোনােজনৰ মৃত্যু হলেও বিশ্ব সৃষ্টিৰ কোনাে হানি নহয় — এইভাব প্রকটভাৱে প্রকাশ পােৱা দফাটো লিখা । 

উত্তৰঃ অনন্ত বিশ্বৰ অসংখ্য ধূলিৰ 

                        এটি মাত্র ধূলি-কণা মই ; 

          মােৰ অবিহনে এই বিপুল সৃষ্টিৰ 

                        কেনিও অকণাে হানি নাই । 

প্রশ্ন ৫। প্রসংগ সংগতি দেখুৱাই ব্যাখ্যা কৰা ― 

( ক ) মই নােহােৱাৰ বাবে এই জগতৰ 

                      কোনাে কাম পৰি নাথাকিব , 

         কামত বিভােৰ এই বিশাল বিশ্বই 

                      মই মৰা গমকে নাপাব । 

উত্তৰঃ কবিতাফাঁকি কবি চন্দ্ৰধৰ বৰুৱাদেৱে ৰচনা কৰা আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট ‘ ধূলিকণা মই ’ নামৰ কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে । এই বিশাল বিশ্বত মানুহৰ অস্তিত্ব কিমান নগণ্য , তাকেই কবিয়ে কবিতাফাঁকিৰ জৰিয়তে প্ৰকাশ কৰিছে । 

আদি – অন্তহীন এই বিপুল বিশ্ব সংসাৰৰ প্রাণীবােৰ এটা ক্ষুদ্র অংশহে । আমি মানুহবােৰাে ধূলিকণা সদৃশ এটি ক্ষুদ্র প্রাণীহে । ধূলিকণা সদৃশ সাধাৰণ মানুহৰ মৃত্যুত সেয়ে বিশ্ব সংসাৰৰ কোনাে হানি নহয় , কোনাে কামেই পৰি নাথাকে ; নিজৰ গতিত বিশ্ব সংসাৰ চলিয়ে থাকে । গতিশীল বিশ্ব সংসাৰ সদায় কামত বিভােৰ হৈ থাকে । গতিকে ধূলিকণাৰ দৰে কোনাে মানুহৰ মৃত্যু হলেও ই একো গম নাপায় । 

( খ ) অনন্ত বিশ্বৰ অসংখ্য ধূলিৰ 

                   এটি মাত্র ধূলি-কণা মই ; 

        মােৰ অবিহনে এই বিপুল সৃষ্টিৰ , 

                  কেনিও অকণাে হানি নাই । 

উত্তৰঃ কবিতাফাঁকি কবি চন্দ্ৰধৰ বৰুৱাদেৱে ৰচনা কৰা আৰু আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট ‘ ধূলি-কণা মই ‘ নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে । এই বিপুল বিশ্বত সংসাৰত মানুহৰ স্থিতি প্রকৃততে কেনেকুৱা , তাকেই কবিয়ে উক্ত কবিতাফাঁকিৰ মাজেৰে প্ৰকাশ কৰিছে । 

অনন্ত বিশ্ব সংসাৰত অসংখ্য প্রাণী আছে । এই প্রাণীবােৰ অনন্ত বিশ্বৰ এটা ক্ষুদ্র অংশহে । আমি মানুহবােৰাে ধূলিকণাৰ দৰে এটি ক্ষুদ্র প্রাণীহে । বিশাল মৰুৰ বুকুৰ পৰা এটি মাথো ধূলি-কণা নােহােৱা হ’লে , মৰুৰ যিদৰে একো ক্ষতি নহয় , সেইদৰে , ধূলিকণাৰ দৰে সাধাৰণ মানুহৰ মৃত্যুত এই বিশ্ব জগতৰ একো হানি নহয় । যি এক স্বাভাৱিক প্রক্রিয়াৰ মাজেৰে বিশ্ব সংসাৰখন চলি আছে সেইদৰে সদায় চলি থাকিব ।

প্রশ্ন ৬।  ‘ ক ’ অংশৰ লগত ‘ খ ’ অংশ মিলােৱা – 

‘ ক ’ অংশ‘ খ ’ অংশ
১। বিশ্ব প্রকৃতি১। গছত ফুল ফুলিছে
২। চিৰন্তন২। বালিচাহি
৩। ধূলিকণা৩। গছ , নৈ , বন , চৰাই , সূর্য , পাহাৰ
৪। বিভােৰ৪। চিৰাচৰিত
৫। বিশ্ব প্রকৃতিৰ নিয়ম৫। আত্মগমন

উত্তৰঃ              

‘ ক ’ অংশ‘ খ ’ অংশ
১। বিশ্ব প্রকৃতি১। গছ , নৈ , বন , চৰাই , সূর্য , পাহাৰ
২। চিৰন্তন২। চিৰাচৰিত
৩। ধূলিকণা৩। বালিচাহি
৪। বিভােৰ৪। আত্মগমন
৫। বিশ্ব প্রকৃতিৰ নিয়ম৫। গছত ফুল ফুলিছে

প্রশ্ন ৭।  শব্দার্থ লিখা — 

কেনি , সংশয় , অনন্ত , বিভােৰ , অবিহনে , বিপুল , কেনিও 

উত্তৰঃ কেনি ―  কি , কোনফাললৈ ।

         সংশয় ― ভয় , আশংকা , সন্দেহ । 

         অনন্ত ― অন্ত নথকা , অশেষ । 

         বিভােৰ ― নিজক পাহৰি যােৱা , মগ্ন হৈ থকা । 

         অবিহনে — অভাৱে , নথকাত । 

         বিপুল ― বহুত , বৃহৎ , ডাঙৰ ।

         কেনিও ― কোনােফালেও । 

প্রশ্ন ৮। নির্দিষ্টতা বাচক প্রত্যয় কাক বােলে , উদাহৰণ সহ লিখা । 

উত্তৰঃ কোনাে বস্তু বা প্রাণীক নির্দিষ্টকৈ বুজাবলৈ অসমীয়া ভাষাত ব্যৱহাৰ হােৱা প্রত্যয় বা চিনবােৰক নির্দিষ্টতা বাচক প্রত্যয় বুলি কোৱা হয়। যেনে ― বস্তুকণ , আমটো ইত্যাদি । 

প্রশ্ন ৯। তলৰ প্রত্যয়বােৰ যােগ কৰি শব্দ গঠন কৰা । 

         জনী , ডাল , টো , খিলা , আখি , কোছা , পাল , জাক , থােপা । 

উত্তৰঃ জনী     —     মানুহজনী । 

         ডাল      ―     পেঞ্চিলডাল । 

         টো        ―     কলমটো ।

         খিলা     ―     কাগজখিলা ।

         আখি     ―     কলআখি । 

         কোছা    ―     চাবিকোছা ।

         পাল      ―      গৰুপাল ।

         জাক     —     চৰাইজাক । 

         থােপা    ―     ফুলথােপা । 

প্রশ্ন ১০। সমার্থক শব্দ লিখা ―

             সূর্য , জগত , ধৰণী , পুষ্প , চন্দ্র , বায়ু , ৰজনী , ক্ষতি । 

উত্তৰঃ সূর্য      ―      বেলি , সুৰু , ৰবি , তপন ।। 

         জগত   ―      বিশ্ব , ভুৱন ।

         ধৰণী    ―     পৃথিৱী , ধৰিত্ৰী । 

         পুষ্প     ―      ফুল , কুসুম । 

          চন্দ্র      ―     জোন , ইন্দু । 

          বায়ু      ―     বতাহ , পৱন ।

          ৰজনী   ―     ৰাতি , নিশা । 

          ক্ষতি     —     হানি , লােকচান । 

প্রশ্ন ১১। শব্দৰ পার্থক্য বুজি বাক্য লিখা – 

           ধূলি-কণা , দিন-কণা 

উত্তৰঃ ধূলি-কণা :- বিশাল বিশ্ব সংসাৰত আমি মানুহবােৰ একো একোটি ধূলি-কণাৰ নিচিনা । 

দিন-কণা :- এই দিন দুপৰতাে বস্তুটো যে বিচাৰি পােৱা নাই , সি দিন – কণা নেকি ? 

প্রশ্ন ১২। মাতৃ অবিহনে ভােজনৰ ছাৰখাৰ । ___ বাক্যটিৰ আঁচটনা শব্দটিয়ে প্ৰকাশ কৰা অর্থটো তলৰ শব্দবােৰৰ পৰা বাছি উলিওৱা –

          বিনীন , অদৃশ্য , অভাৱ , অনাটন , শূন্য । 

উত্তৰঃ অভাৱ । 

প্রশ্ন ১৩। তলৰ বাক্যবােৰৰ পুৰুষবাচক সম্বন্ধ পদবােৰ বাছি উলিওৱা –

( ক ) তােমাৰ মাৰা ঘৰত আছেনে ? 

উত্তৰঃ মাৰা ।

( খ ) তােৰ দেউতাৰৰ নাম কি ? 

উত্তৰঃ দেউতাৰৰ ।

( গ ) মােৰ দেউতা আহিছে । 

উত্তৰঃ দেউতা ।

( ঘ ) আপােনাৰ ভায়েক আহিছে । 

উত্তৰঃ ভায়েক ।

প্রশ্ন ১৪। খালী ঠাইত উপযুক্ত পদ লিখা –

( ক ) মােৰ ___ কালি গাঁৱৰ পৰা আহিছে ৷ 

তেওঁ দেউতাৰ একমাত্ৰ ভনীয়েক । 

উত্তৰঃ মােৰ পেহী কালি গাঁৱৰ পৰা আহিছে । তেওঁ দেউতাৰ একমাত্র ভনীয়েক । 

( খ ) মই কালি তােৰ ____ বজাৰত লগ পাইছো। সি হেনো তােতকৈ দুবছৰে সৰু ।

উত্তৰঃ মই কালি তােৰ ভায়েক বজাৰত লগ পাইছাে । সি হেনাে তােতকৈ দুবছৰে সৰু ।

( গ ) সি এতিয়া বজাৰলৈ ____ । 

উত্তৰঃ সি এতিয়া বজাৰলৈ গৈছে ।

( ঘ ) আপুনি এতিয়া বজাৰলৈ ___ ৷ 

উত্তৰঃ আপুনি এতিয়া বজাৰলৈ নাযাব । 

( ঙ ) কালি ৰাতি তাৰ ___ ঢুকাল । সেই কাৰণে ঘৈণীয়েকে পুৱাতেই লৰালৰিকৈ মাকৰ ঘৰলৈ গ’ল । ভতিজাকজনে আইতাক মৰা খবৰটো ____ ক ফোনেৰে জনাইছিল । 

উত্তৰঃ  কালি ৰাতি তাৰ শাহুয়েক ঢুকাল । সেইকাৰণে ঘৈণীয়েকে পুৱাতেই লৰালৰিকৈ মাকৰ ঘৰলৈ গ’ল । ভতিজাকজনে আইতাক মৰা খবৰটো তাক ফোনেৰে জনাইছিল । 

প্রশ্ন ১৫। কাৰক কাক বােলে ? ই কেই প্ৰকাৰৰ ? প্রত্যেকৰে এটিকৈ উদাহৰণ দিয়া । 

উত্তৰঃ ক্রিয়াৰ লগত পদৰ যি সম্বন্ধ থাকে বা হয় তাক কাৰক বােলে । কাৰক ছয় প্রকাৰৰ –

১। কর্তা কাৰক ।

 ২। কর্ম কাৰক ।

৩। কৰণ কাৰক ।

৪। সম্প্রদান কাৰক । 

৫। অপাদান কাৰক । আৰু 

৬। অধিকৰণ কাৰক । 

উদাহৰণ :- কর্তা কাৰক ― ল’ৰাবিলাকে খেলিছে । 

কর্ম কাৰক ― চিকাৰীয়ে এটা বাঘ মাৰিছিল । 

কৰণ কাৰক ― আমি কলমেৰে লিখোঁ । 

সম্প্রদান কাৰক ― দুখীয়াক দান কৰিবা । 

অপাদান কাৰক ― গাখীৰৰ পৰা মাখন হয় । 

অধিকৰণ কাৰক ― পুখুৰীত মাছ আছে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top