Niketan Class 7 Assamese Chapter 5 ব্যায়াম

Niketan Class 7 Assamese Chapter 5 ব্যায়াম is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 7 Assamese Chapter 5 ব্যায়াম and select need one.

Niketan Class 7 Assamese Chapter 5 ব্যায়াম

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 7 Assamese Chapter 5 ব্যায়াম Solutions for All Subjects, You can practice these here…

ব্যায়াম

Chapter – 5

অসমীয়া

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS


প্রশ্ন ১। চমু উত্তৰ লিখা –

( ক ) নির্বলী মানুহৰ স্বাস্থ্য কেনেধৰণৰ হয় ? 

উত্তৰঃ নির্বলী মানুহৰ স্বাস্থ্য আলসুৱা ; নিয়মৰ অলপ ইফাল – সিফাল হলেই সি দোঁ খায় ।

( খ ) পাঠটিত উল্লিখিত বিৰিংগ পুৰুষ গৰাকীৰ নাম কি আছিল ?

উত্তৰঃ চেণ্ডো চাহাব । 

( গ ) ব্যায়াম আমি কেনেদৰে আৰু কেতিয়া কৰিব লাগে ? 

উত্তৰঃ ব্যায়াম কৰাৰ পদ্ধতি আছে । শৰীৰৰ অংগবােৰ চলালেই অর্থাৎ হাত , ভৰি , কঁকাল , আঙুলি আদি সঞ্চালন কৰিলেই ব্যায়াম কৰা নহয়। ব্যায়ামৰ লগত মনৰ সম্পর্ক আছে । ব্যায়াম কৰিবৰ সময়ত শৰীৰটোৰ বিষয়ে তগত মনে চিন্তা কৰিব লাগে । চিন্তাশূন্য ব্যায়ামে উপকাৰ নকৰে । ব্যায়াম কৰোঁতে শৰীৰৰ যি অংগ দুর্বল তাৰ ওপৰত মন থাপি আৰু ভিৰ পেলাই ব্যায়াম কৰা উচিত । কেবাটাও অংগ দুর্বল থাকিলে একেবাৰে আটাইবােৰ সবল কৰিবলৈ চেষ্টা নকৰি এটা এটাকৈ কৰা উচিত । ব্যায়ামৰ ফল একে দিনে বা একে মাহে লাভ কৰিব নােৱাৰি , লাহে লাহে তাৰ ফল দেখা যায় । এতেকে দুই চাৰি মাহত উন্নতি নেদেখিলে ব্যায়াম এৰি দিয়া উচিত নহয় । 

ব্যায়াম কৰাৰ সময় – অসময় নাই ; পুৱা , গধূলি , দিন – নিশা সকলাে সময়তে তাক অভ্যাস কৰিব পাৰি ; কেৱল শুদা বা ভৰা পেটত কৰা অযুগুত । নৰিয়া বা ভাগৰুৱা হৈ থাকিলে ব্যায়াম কৰিব নালাগে ।

( ঘ ) চেণ্ডো চাহাব কোন আছিল ? 

উত্তৰঃ চেণ্ডো চাহাব ব্যায়ামৰ প্রখ্যাত ওজা আছিল ।

( ঙ ) ঘৰচীয়া জন্তুতকৈ বনৰীয়া জন্তু বেছি শকত আৰু বলৱান হয় কিয় ? 

উত্তৰঃ ঘৰচীয়া জন্তুতকৈ বনৰীয়া জন্তুৰ ভিতৰত ব্যায়ামৰ প্ৰচলন বেছি , সেইবাবেই বনৰীয়া জন্তুবােৰ ঘৰচীয়া জন্তুতকৈ বেছি শকত আৰু বলৱান । 

(চ ) চেণ্ডো চাহাবে কাক মল্লযুদ্ধত পৰাজয় কৰি কি নাম পাইছিল ? 

উত্তৰঃ চেণ্ডো চাহাবে বলী প্রধান সিংহক মল্ল যুদ্ধত পৰাজয় কৰি নৰসিংহ নাম পাইছিল । 

( ছ ) চেণ্ডো চাহাবৰ মতে কেনে লােকে ব্যায়াম কৰিব পাৰে ? 

উত্তৰঃ চেণ্ডো চাহাবৰ মতে ল’ৰা – বুঢ়া , ডেকা সকলােৱে ব্যায়াম কৰিব পাৰে ।

( জ ) ব্যায়ামৰ ফল পাব পৰা তিনিবিধ খেলৰ নাম লিখা । 

উত্তৰঃ ব্যায়ামৰ ফল পাব পৰা তিনিবিধ খেল হৈছে — ফুটবল , বেছবল আৰু বেডমিণ্টন । 

( ঝ ) উদগতি কৰিব খােজা মানুহে কেনেধৰণৰ খেল খেলা উচিত ? 

উত্তৰঃ উতি কৰিব খােজা মানুহে বেছবল , ফুটবল আদিৰ দৰে বলদায়ক খেল খেলা উচিত ।

প্রশ্ন ২। ব্যায়াম কৰাৰ ফলত আমাৰ কি লাভ হয় বহলাই লিখা । 

উত্তৰঃ ব্যায়াম কৰাৰ ফলত আমাৰ বহুতাে লাভ হয় । নিয়মিত ব্যায়াম অভ্যাস কৰি শৰীৰৰ বল বঢ়াব পৰা যায় । ব্যায়াম কৰিলে নিছলা শৰীৰ শকত , লাহি কলিজা ডাঙৰ হয় আৰু তেজৰ বেগ খৰ হৈ উঠে । ব্যায়ামৰ দ্বাৰা ৰােগ ব্যাধিৰ পৰাও হাত সাৰিব পৰা যায় । ব্যায়ামৰ এক আচৰিত গুণ হৈছে— ইয়াৰ দ্বাৰা মানুহে অদ্ভুত ক্ষমতা লাভ কৰে । ব্যায়াম কৰাৰ ফলত শৰীৰ সুগঠিত হয় আৰু মনলৈ স্থিৰতা আহে । 

প্রশ্ন ৩। প্রসংগ সংগতি দেখুৱাই ব্যাখ্যা কৰা – 

( ক ) স্বাস্থ্য নহ’লে বল সঞ্চয় কৰা টান আৰু বল নহ’লে স্বাস্থ্য ৰক্ষা কৰা টান । 

উত্তৰঃ “ স্বাস্থ্য নহ’লে বল সঞ্চয় কৰা টান আৰু বল নহ’লে স্বাস্থ্য ৰক্ষা কৰা টান । ” 

ওপৰােক্ত বাক্যটি সত্যনাথ বৰাদেৱে লিখা আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট ‘ ব্যায়াম ’ নামৰ পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে । 

স্বাস্থ্য আৰু বল দুয়ােটা , ইটোৰ লগত যে সিটো জৰিত , সেই প্রসংগতে লেখকে উক্ত কথাখিনি কৈছে । 

মানুহৰ শৰীৰৰ বাবে স্বাস্থ্য আৰু বল দুয়ােটাৰে প্রয়ােজন । বল আৰু স্বাস্থ্য একে বস্তু নহ’লেও সিহঁতে দুয়ােকে দুয়াে সহায় কৰে । স্বাস্থ্য নহ’লে  বল সঞ্চয় কৰা টান আৰু বল নহ’লে স্বাস্থ্য ৰক্ষা কৰা টান । বলৱন্ত মানুহৰ স্বাস্থ্যও ভাল হয় , অনিয়ম , অকথাই বলৱন্ত মানুহৰ স্বাস্থ্য দোঁ খুৱাব নােৱাৰে । কিন্তু নির্বলী মানুহৰ স্বাস্থ্য আলসুৱা ; নিয়মৰ অলপ ইফাল – সিফাল হলেই সি দো খায়। এতেকে স্বাস্থ্য অটুট ৰাখিবলৈ বল লাগে । 

( খ ) চিন্তাশূন্য ব্যায়ামে উপকাৰ নকৰে ৷ 

উত্তৰঃ  “ চিন্তাশূন্য ব্যায়ামে উপকাৰ নকৰে । ” 

ওপৰােক্ত বাক্যটি সত্যনাথ বৰদেৱে লিখা আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট ‘ ব্যায়াম ‘ নামৰ পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে । 

ব্যায়ামৰ লগত চিন্তা বা মনৰ যে এক সম্পর্ক আছে , তাকেই লেখকে ইয়াৰ জৰিয়তে ক’ব বিচাৰিছে । 

ব্যায়ামৰ প্রখ্যাত ওজা চেণ্ডো চাহাবৰ মতামতৰ ভিত্তিত লেখকে ইয়াত কৈছে যে অকল শৰীৰৰ অংগ সঞ্চালন কৰিলেই ব্যায়াম কৰা নহয় । হাত , ভৰি , কঁকাল , আঙুলি আদি যান্ত্রিকভাবে সঞ্চালন কৰিলেই ব্যায়ামৰ সুফল পােৱা নাযায় । ব্যায়ামত মনৰাে বিশেষ কার্য আছে । ব্যায়াম কৰিবৰ সময়ত শৰীৰটোৰ বিষয়ে তৰ্গত মনে চিন্তা কৰিব লাগে।শৰীৰৰ বিশেষ কোনাে অংগ সুস্থ – সবল কৰাৰ বাবে যদি ব্যায়াম কৰা হয় , তেনেহ’লে ব্যায়াম কৰা সময়ত সেই অংগটোৰ ওপৰত বিশেষভাবে মন দিব লাগিব , তেতিয়াহে সুফল পােৱা যাব । চিন্তাশূন্য হৈ যান্ত্রিকভাবে ব্যায়াম কৰিলে কোনাে উপকাৰ পােৱা নাযায় । 

( গ ) অপৰিমিত ৰূপত ব্যায়াম কৰা অযুগুত ।

উত্তৰঃ “ অপৰিমিতি ৰূপত ব্যায়াম কৰা অযুগুত।”

বাক্যটি সত্যনাথ বৰাদেৱে লিখা আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট ‘ ব্যায়াম ’ শীর্ষক পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে । 

প্রয়ােজন অনুসাৰে পৰিমিত ৰূপত কৰা ব্যায়ামেহে যে প্রকৃততে আমাৰ উপকাৰ সাধন কৰে , অপৰিমিত ব্যায়ামে অন্যায়হে কৰে , তাকেই লেখকে উক্ত বাক্যটিৰ দ্বাৰা বুজাব খুজিছে । 

শৰীৰ সুস্থ সবল আৰু নিৰােগী কৰি ৰাখিবলৈ হ’লে ব্যায়াম কৰাটো নিতান্ত প্রয়ােজন । কিন্তু কি পৰিমানৰ ব্যায়াম কৰা উচিত , সেই বিষয়ে আমাৰ — জ্ঞান থকা দৰকাৰ । কাৰণ , প্রয়ােজনতকৈ অধিক বা অপৰিমিত ব্যায়ামে অপৰিমিত ভােজনৰ নিচিনা শৰীৰত কুফলহে ফলায় । এদিন সৰহকৈ ভােজন কৰিলে যি দৰে শৰীৰ কেতিয়াও পুষ্ট নহয় , সেইদৰে এদিন সৰহকৈ ব্যায়াম কৰিলে শৰীৰ কদাপি শকত নহয়; বৰং ৰােগ ব্যাধি হ’বৰ আশংকা থাকে । সেয়েহে , সদায় পৰিমিত ৰূপত ব্যায়াম কৰা উচিত । 

প্রশ্ন৪। খালী ঠাই পূৰ কৰা –

( ক ) ব্যায়াম এটা ____ব্যৱস্থা ।

উত্তৰঃ স্বভাৱৰ । 

( খ ) ____ বা ____ পেটত ব্যায়াম কৰা অযুগুত । 

উত্তৰঃ শুদা বা ভৰা ।

( গ ) ব্যায়াম কৰা মানুহে _____ ব্যায়াম কৰিব লাগে । 

উত্তৰঃ চিৰকাল । 

( ঘ ) ঘোঁৰা দৌৰিলে সমস্ত শৰীৰ ____ হয়।

উত্তৰঃ সঞ্চালিত ।

প্রশ্ন ৫। চমুটোকা লিখা –

( ক ) চেণ্ডো চাহাব ।

উত্তৰঃ চেণ্ডো চাহাব এগৰাকী ব্যায়ামৰ প্রখ্যাত ওজা । চেণ্ডো চাহাব পূর্বে নিচেই নিশকতীয়া মানুহ আছিল , পিছে ব্যায়াম অভ্যাস কৰি তেওঁ বিখ্যাত হৈ পৰিছিল । তেওঁ পৃথিৱীৰ বহু ঠাইত মনুষ্যদুর্লভ প্রতাপ দেখুৱাই অক্ষয় খ্যাতি লাভ কৰিছে । তেওঁৰ শৰীৰ বলৰ কথা শুনিলে বিস্ময় মানিব লাগে । বলী প্রধান সিংহকো তেওঁ মল্লযুদ্ধত পৰাস্ত কৰি ‘ নৰসিংহ ’ নাম পাইছিল । চেণ্ডো চাহাবে ব্যায়ামৰ ওপৰত কিতাপাে লিখি থৈ গৈছে , যি কিতাপ পঢ়ি আজিলৈকে বহু মানুহ উপকৃত হৈছে। 

( খ ) মল্লযুজ । 

উত্তৰঃ মল্লযুদ্ধ এবিধ অতি আকর্ষণীয় প্রতিদ্বন্দিতা । ইয়াক মালযুঁজ বুলিও কোৱা হয় । ইয়াত অংশগ্রহণকাৰী সকলক মাল , মল্ল বা মল্লবীৰ বােলে । অতি বলৱান আৰু সু – স্বাস্থ্যৰ অধিকাৰী লােকেহে উপযুক্ত প্রশিক্ষণ আৰু কঠোৰ অনুশীলনৰ মাজেৰে এজন মল্লযােদ্ধা হৈ উঠিব পাৰে । প্রাচীন কালত ৰজা – মহা ৰজাৰ পৃষ্ঠাপােষকতাত মল্লযুদ্ধ অনুষ্ঠিত হৈছিল ৷ অতি জনপ্রিয় আৰু আকর্ষণীয় এই খেল বিধ বর্তমান পৃথিৱীৰ প্রায় সকলাে দেশতে প্রচলিত হৈ আছে ।

( গ ) ব্যায়াম । 

উত্তৰঃ স্বাস্থ্যৰ উন্নতিৰ অৰ্থে নিয়মিত অংগ – চালনাকে ব্যায়াম বুলি কোৱা হয় । ব্যায়ামৰ পৰা নিচলা শৰীৰ কাকত , লাহি কলিজা ডাঙৰ হয় । আৰু তেজৰ বেগ খৰ হৈ উঠে । ব্যায়াম অভ্যাস কৰি শৰীৰ বল বঢ়াব পাৰি । ব্যায়ামৰ প্রখ্যাত ওজা চেণ্ডো চাহাবৰ মতে ল’ৰা বুঢ়া , ডেকা সকলােৱে ব্যায়াম কৰিব পাৰে । ব্যায়ামৰ কোনাে সময় – অসময়াে নাই ; পুৱা , গধূলি , দিন – নিশা সকলাে সময়তে ব্যায়াম অভ্যাস কৰিব পাৰি । ব্যায়ামৰ লগত মনৰাে বিশেষ কার্য আছে । চিন্তাশূন্য ব্যায়ামে উপকাৰ নকৰে । ব্যায়াম সদায় পৰিমিত ভাবে কৰা উচিত । অপৰিমিত ব্যায়ামে অপৰিমিত ভােজনৰ নিচিনা শৰীৰত কুফলহে ফলায় । 

প্রশ্ন ৬। বিপৰীত অর্থ লিখা –

          বলী , সঞ্চয় , প্রখ্যাত , অক্ষয় , উপকাৰ , উদগতি । 

উত্তৰঃ বলী         –      নির্বলী , দুর্বল । 

         সঞ্চয়        –      অপচয় ।

         প্রখ্যাত      –      অখ্যাত । 

         অক্ষয়       –      ক্ষয়িষ্ণু । 

         উপকাৰ    –      অপকাৰ । 

         উদ্‌গতি     –     অধােগতি । 

প্রশ্ন ৭। বাক্য ৰচনা কৰা –

          আলসুৱা , নিশকতীয়া , বুদ্ধিমন্ত , অক্ষয় । 

উত্তৰঃ আলসুৱা :- ছােৱালীজনী ইমান আলসুৱা যে অলপাে কষ্ট কৰিব নােৱাৰে । 

নিশকতীয়া :- নিয়মিত ব্যায়াম কৰিলে নিশকতীয়া শৰীৰ সবল হয় । 

বুদ্ধিমন্ত :- মানুহজন বুদ্ধিমন্ত বাবেই ইমানখিনি উন্নতি কৰিব পাৰিছে । 

অক্ষয় :- তাজমহল ছাহজাহানৰ অমৰ প্ৰেমৰ অক্ষয কীর্তি ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top