Niketan Class 7 Assamese Chapter 4 ল’ৰাকাল

Niketan Class 7 Assamese Chapter 4 ল’ৰাকাল is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 7 Assamese Chapter 4 ল’ৰাকাল and select need one.

Niketan Class 7 Assamese Chapter 4 ল’ৰাকাল

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 7 Assamese Chapter 4 ল’ৰাকাল Solutions for All Subjects, You can practice these here…

ল’ৰাকাল

Chapter – 4

অসমীয়া

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS


প্রশ্ন ১। কবিয়ে শৈশৱত কেনেদৰে উমলিছিল ? 

উত্তৰঃ শৈশৱ কালছােৱা সকলােৰে বাবে ৰং – ধেমালি কৰি উমলি ফুৰাৰ সময় । শৈশৱত কবিয়েও ৰং ধেমালি কৰি যেনি – তেনি উমলি – জামলি ঘূৰি ফুৰিছিল । ৰংমনেৰে মাটিৰ পুতলী সাজিছিল । আইতাকৰ ৰিহাৰ আঁচলত ধৰি লৰি ফুৰিছিল । ভায়েক – ভনীয়েকক ফুৰাবলৈ নি সিহঁতৰ লগতে উমলিছিল । 

প্রশ্ন ২। কবিয়ে শৈশৱত কি সাজি অধিক আনন্দ পােৱাৰ কথা কৈছে ? 

উত্তৰঃ মাটিৰ পুতলা সাজি । 

প্ৰশ্ন ৩। ল’ৰাকালত কবিৰ মনত দুখ – বিষাদ আছিল নে ? তেওঁৰ ল’ৰাকালৰ বিষয়ে এটি চমু বর্ণনা দিয়া । 

উত্তৰঃ নাছিল । ল’ৰাকালত কুবি বৰ মুকলিমূৰীয়া আছিল । তেতিয়া তেওঁ যেনি – তেনি উমলি – জামলি ঘূৰি ফুৰিছিল । ৰং মনেৰে মাটিৰ পুতলী সাজিছিল । এলাহ কি নাজানিছিল , মনটো উলাহেৰে ভৰি আছিল। অতি সৰল অন্তৰৰ কবিৰ মনত খিয়লা – খিয়লি ভাব সমূলি নাছিল । সংঘাতৰ জটিলতাও তেওঁ বুজি পােৱা নাছিল । আইতাকক কবিয়ে বৰ মৰ্ম কৰিছিল আৰু তেওঁৰ ৰিহাৰ আঁচলত ধৰি ঘূৰি ফুৰিছিল। ভায়েক – ভনীয়েককো কবিয়ে খুব মৰম কৰিছিল আৰু সিহঁতক ফুৰাবলৈ নিছিল । ল’ৰাকালত কবিৰ তেজত উলাহ আছিল , মনটো সদায় পােহৰ হৈ আছিল আৰু বুকুখন মৰমেৰে ভৰি আছিল । 

প্রশ্ন ৪। কবিয়ে কাৰ ৰিহাৰ আচলত ধৰি ফুৰিছিল ? 

উত্তৰঃ আইতাকৰ ৰিহাৰ আঁচলত ধৰি ফুৰিছিল । 

প্রশ্ন ৫। আইতাকৰ প্ৰতি কবিৰ ভাব কেনে আছিল ? 

উত্তৰঃ আইতাকৰ প্রতি কবিৰ খুব ভাল ভাব আছিল । তেওঁ আইতাকক বৰ মৰম কৰিছিল । 

প্রশ্ন ৬। কবিয়ে কাক হেঁপাহেৰে মৰম বিলায় ? 

উত্তৰঃ ভায়েক – ভনীয়েকক । 

প্রশ্ন ৭। কবিয়ে শেষত হৰি অর্থাৎ ভগৱানৰ ওচৰত কি কামনা কৰিছে ? 

উত্তৰঃ যি গৰাকী দয়াময় হৰি অর্থাৎ ভগৱানে কবিৰ তেজত উলাহ , মনত পােৰ আৰু বুকুত মৰম দিছে , সেইগৰাকী ভগৱানৰ চৰণত তেওঁৰ মনটো যাতে সদায় নিবিষ্ট হৈ থাকে , তাকেই কবিয়ে শেষত ভগৱানৰ ওচৰত কামনা কৰিছে । 

প্রশ্ন ৮। বাক্য সাজা –

          এনি – তেনি , ওমলি – জামলি , লৰ-ধৰ , খিয়লা-খিয়লি , ৰং ৰহইচ , খৰ – খেদা , ভাই – ভনী । 

উত্তৰঃ এনি – তেনি :- নিজ কর্তব্যক অৱহেলা কৰি এনি – তেনি ঘূৰি ফুৰিলে জীৱনত সফলতা লাভ কৰিব নােৱাৰি ।

ওমলি – জামলি :- ল’ৰা কালছােৱা সকলােৰে বাবে ওমলি – জামলি ফুৰাৰ সময় । 

লৰ-ধৰ :- অলপাে লৰধৰ নকৰাকৈ বহি আছে যে , তােৰ হৈছে কি ?

খিয়লা – খিয়লি :- খিয়লা – খিয়লি ভাবে মানুহৰ মাজত বিভেদ ঘটায় । 

ৰং-ৰহইচ :- এইবেলি পূজাৰ বন্ধটো বৰ ৰং – ৰহইচৰ মাজেৰে পাৰ কৰিলোঁ । 

খৰ – খেদা :- অলপ খৰ – খেদা কৰ , নহ’লে কামটো হৈ নুঠিব । 

ভাই – ভনী :- ভাই ভনীৰ মিলাপ্রীতিয়ে দেউতাক – মাকৰ মনত আনন্দ দিয়ে । 

প্রশ্ন ৯। তাৎপর্য ব্যাখ্যা কৰা – 

( ক ) মুখত সদায় মােৰ হাঁহি নুগুচেই 

        সংসাৰ লেঠা মই নুবুজোঁ নিচেই । 

উত্তৰঃ ল’ৰা কালছােৱা মানুহৰ জীৱনৰ মধুৰতম সময় । এই সময়ত সকলােৱে উমলি – জামলি ৰং – ধেমালি কৰি ভাল পায় । মন সদায় আনন্দেৰে ভৰি থাকে । খিয়লা – খিয়লি ভাব বা কু – চিন্তাই মনত ঠাই নাপায় । এই কালছােৱাত সংসাৰৰ জটিলতা বুজি পােৱা নাযায় আৰু মুখত সদায় হাঁহি বিৰিঙি থাকে । গােটেই জীৱন ধৰি মানুহৰ হৃদয় জীপাল কৰি ৰখা ল’ৰাকালৰ সােণালী সময়ৰ সেই মধুৰ স্মৃতিকে কবিয়ে উক্ত কবিতা ফাকিৰ জৰিয়তে দাঙি ধৰিছে ।

( খ ) জানিলোঁ জানিলোঁ তেওঁ হৰি দয়াময় , 

       সেই চৰণত যেন মােৰ মতি ৰয় । 

উত্তৰঃ ল’ৰাকালত কবিৰ মনটো আনন্দেৰে ভৰপুৰ হৈ আছিল । তেওঁৰ তেজত উলাহৰ ঢৌ উঠিছিল , পােহৰ পােহৰ ভাবে মনটো উজলাই ৰাখিছিল । সকলােৰে প্রতি তেওঁৰ বুকুত আছিল অফুৰন্ত মৰম । কবিয়ে উপলব্ধি কৰিছিল তেওঁৰ তেজত ইমান উলাহ , মনত ইমান পােহৰ , বুকুত ইমান মৰম — এই সকলােবােৰ হৰি অর্থাৎ ভগৱানেহে দিছে । সেয়েহে , তেনেকুৱা দয়াময় ভগৱানৰ চৰণত তেওঁৰ মনটো যাতে সদায় নিবিষ্ট হৈ থাকে , তাকে কবিয়ে ভগৱানৰ ওচৰত প্রার্থনা কৰিছে । 

প্রশ্ন ১০। বিপৰীত শব্দ লিখা –

             হাঁহি , মৰম , পােহৰ , সুমতি , শত্রু , আনন্দ

উত্তৰঃ হাঁহি     –      কান্দোন ।

         মৰম     –     ঘৃণা । 

         পােহৰ   –     এন্ধাৰ । 

         সুমতি    –     কুমতি । 

         শত্রু       –     মিত্র । 

         আনন্দ   –     বিষাদ , বেদনা । 

প্রশ্ন ১১। হাঁহি , কোৱৰ — এই দুটা শব্দৰ দৰে চন্দ্রবিন্দু ( ‌ঁ ) যােগ হােৱা পাঁচটা শব্দ লিখা । 

উত্তৰঃ বাঁহ , সিহঁত , কুঁৱৰী , চিয়াঁহী , কুঁৱলি । 

প্রশ্ন ১২। উঃ , হাঁ , বাঃ , উস্ আদি আশ্চর্য ভাব বুজোৱা শব্দৰে একোটাকৈ বাক্য গঠন কৰা । 

উত্তৰঃ উঃ – উঃ ! কথাষাৰ শুনি বৰ দুখ পালোঁ । 

         হাঁ – হাঁ ! তই ‘ কি আজিও স্কুললৈ নাযাৱ ? 

         বাঃ – বাঃ ! কি সুন্দৰ দৃশ্য । 

         উস্ – উস্ ! মৰিলোঁ দে । 

প্রশ্ন ১৩। ‘ ল’ৰাকাল ’ কবিতাটিৰ মূল ভাব লিখা ? 

উত্তৰঃ ‘ ল’ৰাকাল ’ কবিতাটিৰ মাজেৰে কবিয়ে ল’ৰাকালৰ সােণালী সময়ৰ কথা সোঁৱৰণ কৰিছে। ল’ৰাকালছােৱা সকলােৰে বাবে ৰং – ধেমালিৰ সময় । এনি – তেনি ঘূৰি ফুৰি উমলি – জামলি ভাল পায় । তেওঁলােকে সংসাৰৰ জটিলতা বুজি নাপায় । আইতাকৰ মৰমৰ বান্ধোনত তেওঁলােকে বান্ধ খাই থাকে । লগৰীয়াবােৰৰ লগত ফুৰা ৰং – ধেমালি কৰা কামবােৰ তেওঁলােকৰ বাবে বৰ – আনন্দ দায়ক । হিংসা , ভেদভাব তেওঁলােকে বুজি নাপায় । তেওঁলােকৰ মন সদায় আনন্দেৰে ভৰপূৰ হৈ থাকে । 

প্রশ্ন ১৪। বেণুধৰ ৰাজখােৱাক ব্রিটিছ প্রশাসনে কি উপাধি প্রদান কৰিছিল ? 

উত্তৰঃ ৰায় বাহাদুৰ ।

প্রশ্ন ১৫। বেণুধৰ ৰাজখােৱাৰ আত্মজীৱনীমূলক পুথিখনৰ নাম কি ? 

উত্তৰঃ “ মােৰ জীৱন দাপােণ । ” 

প্রশ্ন ১৭। শব্দার্থ লিখা –

            এফেৰি , পুতুলী , উলাহ , খিয়লা-খিয়লি , হেঁপাহ । 

উত্তৰঃ এফেৰি            –         সামান্য পৰিমাণৰ । 

         পুতুলী             –        পুতলা । 

         উলাহ              –       আনন্দ । 

         খিয়লা-খিয়লি    –       হিংসা । 

         হেঁপাহ              –       আগ্রহ ।

Leave a Reply

error: Content is protected !!
Scroll to Top