Niketan Class 7 Assamese Chapter 19 ৰাভাবীৰ প‍‍‍‍শুৰাম

Niketan Class 7 Assamese Chapter 19 ৰাভাবীৰ প‍‍‍‍শুৰাম is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 7 Assamese Chapter 19 ৰাভাবীৰ প‍‍‍‍শুৰাম and select need one.

Niketan Class 7 Assamese Chapter 19 ৰাভাবীৰ প‍‍‍‍শুৰাম

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 7 Assamese Chapter 19 ৰাভাবীৰ প‍‍‍‍শুৰাম Solutions for All Subjects, You can practice these here…

ৰাভাবীৰ প‍‍‍‍শুৰাম

Chapter – 19

অসমীয়া

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS


প্রশ্ন ১। চমু উত্তৰ লিখা –

( ক ) শাম্ভৰ ৰাজ্যৰ শালমাৰীৰ অধিপতি কোন আছিল ? 

উত্তৰঃ পশুৰাম ।

( খ ) কাৱৈবাৰীৰ থানাদাৰ কোন আছিল ? 

উত্তৰঃ চান্দ বাহাদুৰ ।

( গ ) পশুৰামে মােগলক প্রতিহত কৰিবলৈ ক’ত গড় বান্ধিছিল ? 

উত্তৰঃ কঠালবাৰীত ।

( ঘ ) মির্জানাথন কোন আছিল ? 

উত্তৰঃ মুছলমান নবাব আছিল । 

( ঙ ) পশুৰাম আৰু মােগলৰ যুদ্ধৰ কাৰণ কি আছিল ? 

উত্তৰঃ মােগলে পশুৰামৰ অধীনত থকা শালমাৰীক নিজৰ আয়ত্তলৈ নিব বিচৰা কাৰণে পশুৰাম আৰু মােগলৰ যুদ্ধ হৈছিল । 

( চ ) কঁঠালবাৰীত পশুৰামে মােগলক কেইদিনত প্রতিহত কৰিছিল ? 

উত্তৰঃ ১৩ দিনত প্রতিহত কৰিছিল ।

( ছ ) মির্জাই কঁঠালবাৰী অধিকাৰ কৰাৰ পিছত পশুৰামে কলৈ গৈছিল ? 

উত্তৰঃ ৰংজুলিলৈ গৈছিল ।

প্রশ্ন ২। কোঠ মানে কি ? পশুৰামে ক’ত কোঠ বান্ধিছিল ? 

উত্তৰঃ সৈন্য থাকিবৰ বাবে গড় মাৰি বেৰা ঠাইকে কোঠ বুলি কোৱা হয় । কঠালবাৰী আৰু ৰংজুলিত। 

প্রশ্ন ৩। মির্জাই ৰংজুলি কোঠ কেনেদৰে আক্ৰমণ কৰিছিল ? 

উত্তৰঃ মির্জাই কেইবাহাজাৰ গাৰাে মানুহ লগত লৈ সৈন্য সামন্তৰে ৰংজুলি কোঠ আক্রমণ কৰিছিল ৷ ইয়াৰ বাবে মির্জাই পাঁচটা গড় মৰাইছিল । পঞ্চমটো গড় ৰংজুলি কোঠৰ নিচেই ওচৰত আছিল । সেই গড়টোত সােমাই মির্জাই দোকমােকালিতে ৰংজুলি কোঠলৈ গুলিয়াইছিল। 

প্রশ্ন ৪। ইতিহাসবিদ বেণুধৰ শৰ্মাৰ মতে মির্জাই কেইটা গড় মাৰিছিল ? 

উত্তৰঃ পাঁচটা গড় মাৰিছিল । 

প্রশ্ন ৫। পঞ্চম গড়টো ক’ত আছিল ? দোকমােকালি অৱস্থাত মির্জাই কি কৰিছিল ? 

উত্তৰঃ ৰংজুলি কোঠৰ নিচেই ওচৰত আছিল । দোকমােকালি অৱস্থাত মির্জাই পঞ্চম গড়টোত সােমাই ৰংজুলি কোঠলৈ গুলিয়াইছিল । 

প্রশ্ন ৬। মির্জাই কলৈ পলাই গৈছিল ? 

উত্তৰঃ হাতীবচা ধাৰীলৈ । 

প্রশ্ন ৭। কাৰ সহায়ত মির্জাই ৰংজুলি অধিকাৰ কৰিছিল ? বচাধাৰীত মির্জাৰ সৈন্যই কি কৰিছিল ? 

উত্তৰঃ গােবিন্দ দাসৰ সহায়ত । বচাধাৰীত মির্জাৰ সৈন্যই তিনি হাজাৰ গৰু সাঙুৰি নিয়াৰ লগতে ১,৭০০ মানুহাে বন্দী কৰি নিছিল । 

প্রশ্ন ৮। পশুৰামৰ পৰিয়ালত কোন কোন আছিল আৰু কোনে তেওঁলােকক বন্দী কৰি নিছিল ? 

উত্তৰঃ তিনিজন পুতেক আৰু এগৰাকী ঘৈণীয়েক। তেওঁলােকক মুছলমানে বন্দী কৰি নিছিল । 

প্রশ্ন ৯। হাৰ নমনা বীৰ পশুৰাম কাৰ হাতত বন্দী হৈছিল ? 

উত্তৰঃ মােগল নবাব মির্জাৰ হাতত বন্দী হৈছিল । 

প্রশ্ন ১০। ৰাভা বীৰ পশুৰাম কেনেকুৱা ব্যক্তি হিচাপে পৰিচিত লিখা । 

উত্তৰঃ ৰাভা বীৰ পশুৰাম কেতিয়াও হাৰ নমনা স্বভাৱৰ মানুহ আছিল। স্বাধীনচিতীয়া মনােভাৱৰ এই বীৰপুৰুষজনৰ কোনাে বিলাস – বৈভৱলৈ আকাংক্ষা নাছিল । তেওঁ মাথাে ল’ব বিচাৰিছিল স্বাধীনতাৰ সােৱাদ । সেইবাবেই মােগলৰ হাতত বাৰে বাৰে পৰাজিত হৈয়াে যুদ্ধ কৰি গৈছিল। নিজৰ অলপীয়া সৈন্যৰেই মােগলৰ স’তে ৰণ জিকি তেওঁ যি স্বাধীনতাৰ বন্তি জ্বলাই ৰাখিব বিচাৰিছিল , আপােন মুলুকৰ ষড়যন্ত্রকাৰীৰ বাবে সেয়া হৈ নুঠিল । তথাপি এজন বীৰ হিচাপে পশুৰাম যুগে যুগে পূজিত হৈ থাকিব । 

প্রশ্ন ১১। বাক্য ৰচনা কৰা ( অর্থ প্রকাশ কৰি ) 

          ভূ – পাই , পিছ – হুহকি , দোকমােকালি , বিধ্বস্ত , হাৰ নমনা , বিলাস বৈভৱ , সৈন্য – সামন্ত , স্বাধীচিতীয়া । 

উত্তৰঃ ভূ – পাই ( উমান পাই ) :- পুলিচ অহাৰ ভু – পাই চোৰটো পলাল। 

পিছ-হুহকি ( পিছুৱাই যােৱা ) :- আহােম সেনাৰ সন্মুখত তিষ্ঠিব নােৱাৰি মােগল সৈন্যই পিছ – হুহকি গৈছিল । 

দোকমােকালি ( ৰাতিপুৱাৰ সামান্য পােহৰ হােৱা মুহূর্ত ) :- দেউতাই সদায় দোকমােকালিতে উঠি ফুৰিবলৈ যায় । 

বিধ্বস্ত ( বিনাশ , ধ্বংস ) :- বানপানীয়ে বিধ্বস্ত কৰি থৈ যােৱা পথাৰখনলৈ চাই খেতিয়কৰবাৰে মূৰে কপালে হাত দি বহি আছে । 

হাৰ নমনা ( পৰাজয় স্বীকাৰ নকৰা ) :- সি ক’তােৱেই সহজে হাৰ নামানে , যিমান টান কামেই নহওক সি কৰিহে এৰিব । 

বিলাস – বৈভৱ ( সুখ ভােগ তথা লাহ – বিলাহ ) :- সন্যাসীসকলৰ বিলাস – বৈভৱৰ প্রতি অলপাে আকাংক্ষা নাথাকে । 

সৈন্য – সামন্ত ( সেনাপতি সকলক ধৰি সকলাে সেনা ) :- পুৰুৱে তেওঁৰ সৈন্য সামন্ত লৈ ঝিলাম নদীৰ পাৰত আলেকজেণ্ডাৰক আগ – ভেটা দি ধৰিছিল । 

স্বাধীচিতীয়া ( স্বতন্ত্র ) :- লগৰীয়াবােৰৰ পৰা আতৰি আহি সি এতিয়া স্বাধীনচিতীয়া ভাৱে ব্যৱসায় আৰম্ভ কৰিছে । 

প্রশ্ন ১২। তলৰ খালী ঠাইত উপযুক্ত শব্দ ব্যৱহাৰ কৰি বাক্যবােৰ পূৰ্ণ কৰা— ( উদাহৰণ কাউৰীৰ মুখত তেজাল মাংস মটুকুৰা দেখি শিয়ালৰ জিভা লক-লকাবলৈ ধৰিলে । ) 

( ক ) পুলিচক দেখি চোৰজনৰ হাত – ভৰি ভয়ত ____ ধৰিলে ।

উত্তৰঃ পুলিচক দেখি চোৰজনৰ হাত – ভৰি ভয়ত কপিবলৈ ধৰিলে । 

( খ ) বাঘটো দেখা মাত্রকে মােৰ গাৰ নােম ভয়ত ___ উঠিছিল । 

উত্তৰঃ বাঘটো দেখা মাত্রকে মােৰ গাৰ নােম ভয়ত শিয়ৰি উঠিছিল ৷

( গ ) লাচিত বৰফুকনৰ পৰাক্ৰমত মােগল সৈন্য ____ মানিছিল । 

উত্তৰঃ লাচিত বৰফুকনৰ পৰাক্ৰমত মােগল সৈন্য হাৰ মানিছিল ।

( ঘ ) পশুৰামৰ কোনাে বিলাস – বৈভৱলৈ _____নাছিল । 

উত্তৰঃ পশুৰামৰ কোনাে বিলাস – বৈভৱলৈ আকাংক্ষা নাছিল । 

( ঙ ) সৈনিকজনে শত্রুপক্ষক গুলীয়াবলৈ বন্দুক ____ ৰাখিছে ।

উত্তৰঃ সৈনিকজনে শত্রুপক্ষক গুলীয়াবলৈ বন্দুক সাজু ৰাখিছে । 

প্রশ্ন ১৩। শব্দার্থ লিখা –

          থানাদাৰ , প্রতিহত , কোঠ , বিধ্বস্ত , মুলুক , ভার্যা , দোকমােকালি । 

উত্তৰঃ থানাদাৰ :- থানাৰ ভাৰপ্ৰাপ্ত বিষয়া । 

         প্রতিহত :- বাধাপ্রাপ্ত , আহত , আঘাতপ্রাপ্ত । 

         কোঠ :- সৈন্যৰ ছাউনী , গড় । 

         বিধ্বস্ত :- বিনাশ , নষ্টকৰ , হানিকৰ । 

         মুলুক :- দেশ , ৰাজ্য , ঠাই । 

         ভার্যা :- সহধর্মিনী , পত্নী , ঘৈণী । 

         দোকমােকালি :- নিচেই পুৱাৰ অলপ অলপ পােহৰ।

3 thoughts on “Niketan Class 7 Assamese Chapter 19 ৰাভাবীৰ প‍‍‍‍শুৰাম”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top