Niketan Class 7 Assamese Chapter 15 কাজিৰঙা নহয় অভয়াৰণ্য

Niketan Class 7 Assamese Chapter 15 কাজিৰঙা নহয় অভয়াৰণ্য is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 7 Assamese Chapter 15 কাজিৰঙা নহয় অভয়াৰণ্য and select need one.

Niketan Class 7 Assamese Chapter 15 কাজিৰঙা নহয় অভয়াৰণ্য

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 7 Assamese Chapter 15 কাজিৰঙা নহয় অভয়াৰণ্য Solutions for All Subjects, You can practice these here…

কাজিৰঙা নহয় অভয়াৰণ্য

Chapter – 15

অসমীয়া

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS


প্রশ্ন ১। কবিতাটিৰ মূল ভাব লিখা । 

উত্তৰঃ ‘ কাজিৰঙা নহয় অভয়াৰণ্য ’ কবিতাটিত কবিৰ প্রকৃতি প্রীতি প্রকাশ পাইছে । কাজিৰঙা অকল এখন অভয়াৰণ্য নহয় । তাত হিংস্র জন্তু থাকিলেও ভয়াৱহতা নাই । মানুহৰ পৰাহে যেন বেছি ভয়াবহতা নামি আহে । এসময়ত বনাঞ্চল বা পর্বত – পাহাৰতে ঋষি – মুনিসকলে তপস্যা কৰিছিল । লুইতৰ পাৰত কাজিৰঙাও তেনে এক পৱিত্ৰ সেউজ ভূখণ্ডহে । ই অনন্য । জীৱশ্রেষ্ঠ বুলি কোৱা মানুহেহে হিংস্ৰ হৈ উঠিছে । গড় , হাতী , বাঘ আদি জন্তুবােৰ জধে – মধে হত্যা কৰিছে । কাজিৰঙাত গঁড় হৰিণাৰ জাকে মিলি জুলি খেলে। সভ্য বুলি ভবা আমি মানুহবােৰে কাজিৰঙাৰ পৰা এইবােৰৰ কথা শিকিব লাগে । 

প্রশ্ন ২। কাজিৰঙা ক’ত অৱস্থিত ? 

উত্তৰঃ কাজিৰঙা গােলাঘাট , কাৰ্বি আংলং আৰু নগাওঁ জিলা সংলগ্ন কৰি , ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত অৱস্থিত । 

প্রশ্ন৩। কাজিৰঙা কিয় অভয়াৰণ্য নহয় বুলি কৈছে ? 

উত্তৰঃ এসময়ত অৰণ্যৰ বুকুত ঋষি – মুনিসকলে তপস্যা কৰি জ্ঞান লাভ কৰিছিল । তপস্যালব্ধ সেই জ্ঞান তেওঁলােকে মানুহক বিলাইছিল । এনেকৈয়ে জন্ম হৈছিল বহুতাে জ্ঞানী – গুণী মনীষীৰ ৷ কাজিৰঙাও তেনে এক পৱিত্ৰ সেউজ ভূখণ্ডহে । সেয়ে কবিয়ে কাজিৰঙাক সাধাৰণ মানুহে ভবাৰ দৰে হিংস্র জীৱ – জন্তুৰে ভৰা এখন অৰণ্য নহয় বুলি কৈছে ৷

প্রশ্ন ৪। ‘ জন অৰণ্য ’ মানে কি ? 

উত্তৰঃ জন জনবসতিপূর্ণ । 

প্রশ্ন ৫। অৰণ্যই যুগে যুগে কি জন্ম দিছে ? 

উত্তৰঃ সাধনা ব্ৰতী ঋষি , মুনি আৰু মনীষীৰ জন্ম দিছে । 

প্রশ্ন ৬। কবিৰ আপােন বস্তুবােৰ কি কি ? 

উত্তৰঃ কবিৰ আপােন বস্তুবােৰ হৈছে কাজিৰঙাত অৱস্থিত কঁহৰা নামৰ ঠাইখন , বাগৰী , কাজিৰঙাৰ ওচৰেৰে বৈ যােৱা বৰলুইতখন , ডিফলু নদীখন আৰু মৰম লগা কুঠৰী অর্থাৎ সৰু সৰু ঘৰবােৰ ।

প্রশ্ন ৭। কবিতাটিত কি কি জন্তুৰ কথা উল্লেখ কৰিছে ? 

উত্তৰঃ কবিতাটিত উল্লেখ থকা জন্তুবােৰ হৈছে — হাতী , বাঘ এক খৰ্গৰ গড় আৰু হৰিণা । 

প্রশ্ন ৮। কবিতাটিৰ মাজেৰে কবিৰ প্ৰকৃতিপ্রীতি কিদৰে প্ৰকাশ পাইছে চমুকৈ লিখা ।

উত্তৰঃ কবিতাটিত কবিৰ প্রকৃতিপ্রীতি সুন্দৰভাবে প্রকাশ পাইছে । প্রকৃতিৰ দান কাজিৰঙাক কবিয়ে ইমান ভাল পায় যে ইয়াক তেওঁ তেওঁৰ সেউজ সপােন বুলি কৈছে । ইয়াৰ ওচৰেৰে বৈ যােৱা বৰলুইতখন আৰু ডিফলু নৈ খনে তেওঁৰ বৰ আপােন আপােন লাগে । কাজিৰঙাৰ বুকুত বাস কৰা হাতী , এশিঙীয়া গঁড় , হৰিণাকে সকলাে জীৱ – জন্তুকে তেওঁ ভাল পায় । পখীৰ সুৱদী মাত শুনিলে কবিৰ মন পুলকিত হৈ উঠে৷

প্রশ্ন ৯। কাজিৰঙাৰ দৰে পৃথিৱীয়ে কিয় চায় বুলি কৈছে ? 

উত্তৰঃ কাজিৰঙাত থকা এক খৰ্গৰ গঁড়ৰ বাবে চায় । 

প্রশ্ন ১০। কাজিৰঙাৰ দৰে অসমত থকা দুখন অভয়াৰণ্যৰ নাম লিখা । 

উত্তৰঃ মানস আৰু পবিতৰা ।

প্রশ্ন ১১। প্ৰসংগ সংগতি দর্শাই ব্যাখ্যা কৰা— 

( ক ) “ জনৰ অৰণ্যত হিংস্রজনে 

          কাহানি শিকিবনাে তাক 

          সভ্য মানুহ হেনো মান । ” 

উত্তৰঃ কবিতাফাঁকি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাদেৱে ৰচনা কৰা আৰু আমাৰ পাঠ্যপুথিত অন্তর্ভুক্ত ‘ কাজিৰঙা নহয় অভয়াৰণ্য ’ নামৰ গীতি কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে । 

অৰণ্যৰ জীৱ – জন্তুৰ পৰাও যে মানুহৰ শিকিব লগীয়া আছে , কবিয়ে কবিতাফাঁকিৰ জৰিয়তে তাকে কৈছে । 

মানুহে অৰণ্য ভয়াবহ বুলি ভাবিলেও ই কিন্তু ভয়াবহ নহয় । বৰং জন অৰণ্যহে ভয়াবহ আৰু হিংস্র । অৰণ্যৰ বুকুত তপস্যা কৰি এদিন ঋষি মুনি সকলে সিদ্ধি লাভ কৰিছিল । জীৱ – জন্তুবােৰে অৰণ্যত মিলাপ্ৰীতিৰেই থাকে । মানুহৰ মাজত দেখা পােৱা অসূয়া – অপ্রীতি , বিদ্বেষ ভাৱ প্রাণীবােৰৰ মাজত নাই । কাজিৰঙাত গঁড় আৰু হৰিণাৰ জাক মিলি জুলি থাকে । নিজকে সভ্য বুলি ভবা , মান্য বুলি কব খােজা মানুহে এইবােৰৰ পৰা শিক্ষা ল’ব লাগে ।

প্রশ্ন ১২। চমুটোকা লিখা –

( ক ) ড০ ভূপেন হাজৰিকা ।

উত্তৰঃ ড০ ভূপেন হাজৰিকাৰ জন্ম হৈছিল ১৯২৬ চনৰ ৮ ছেপ্তেম্বৰত শদিয়াত । বহুমুখী প্রতিভাৰ অধিকাৰী হাজৰিকাদেৱে অসমবাসীক অমূল্য অৱদান দি থৈ গৈছে । গায়ক , গীতিকাৰ , কবি , সুৰকাৰ , গদ্য লেখক , আলােচনী – সম্পাদক , কৃতবিদ্য শিক্ষাবিদ , চলচিত্ৰৰ – প্রযােজক – পৰিচালক – সংগীত পৰিচালক , অভিনেতা আদি বিভিন্ন ৰূপত তেওঁ নিজৰ পৰিচয় দি গৈছে । অসমীয়া গীতি – সাহিত্যলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ সুবাদতে ড০ হাজৰিকাই ১৯৯৩ চনত অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰে । সেই একে বছৰতে তেওঁ ‘ দাদা চাহেব ফাল্কে’ বঁটাও লাভ কৰে । 

গীতৰ মাজেৰেই লাখ লাখ মানুহৰ হৃদয় জয় কৰা , দেশ দেশান্তৰত কণ্ঠ – অমৃত বিলাই ফুৰা ড০ হাজৰিকাই কৃষ্টিৰ পথাৰে পথাৰে , ‘ দিহিঙে – দীপাঙে ’ ঘূৰি , বহাগ মাথাে এটি ঋতু নহয়’ আদি সুমধুৰ গান পুথি ৰচনা কৰিছিল আৰু গাইছিল । আমাৰ প্রতিনিধি ’ , ‘ প্রতিধ্বনি ’ নামৰ আলােচনী দুখনৰ উপৰিও ‘ বি ’ নামৰ সৰু আলােচনী এখনাে তেওঁ সম্পাদনা কৰিছিল । সময়তকৈ সদায়ে এখােজ আগত যাব খােজা ড০ ভূপেন হাজৰিকা আছিল দুৰন্ত গতিশীল আৰু প্রাণ প্রাচুৰ্যৰে ভৰা ব্যক্তি । উৰণীয়া মৌৰ দৰে , যাযাবৰৰ দৰে দেশ – বিদেশ ঘূৰিফুৰা অসমীয়াৰ হিয়াৰ আমঠু , জিৰণি বিহীন ড০ ভূপেন হাজৰিকাই অৱশেষত ২০১১ চনৰ ৫ নৱেম্বৰত মৃত্যুৰ কোলাত চিৰদিনৰ বাবে জিৰণি লয় । 

( খ ) কাজিৰঙা ।

উত্তৰঃ কাজিৰঙা অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান । ৰাজকীয় চেহেৰাৰ এটা খর্গযুক্ত গঁড়ৰ বাবে ই পৃথিৱী বিখ্যাত । ৮৫৮.৯৮ বর্গ কিলােমিটাৰ মাটিকালিৰ কাজিৰঙা জৈব বৈচিত্ৰৰ ভঁৰাল । বৈচিত্রময় আর্কিড আৰু বিভিন্ন ধৰণৰ গছ – গছনিয়ে ইয়াৰ আৰণ্যক সম্ভাৰ সমৃদ্ধ কৰিছে । পক্ষীপ্রেমীসকলৰ স্বর্গপুৰী কাজিৰঙাত পেলিকান , ধনেশ , বিভিন্ন জাতৰ বগলী , বাঢ়ৈ টোকা , বৰটোকোলা , হাড়গিলাকে আদি কৰি প্রায় ৫০০ বিধ চৰাই আছে । ইয়াত থকা উল্লেখযােগ্য জন্তুসমূহ হৈছে — গড়, হাতী , বাঘ , মহ , হৰিণা , ভালুক , হলৌ বান্দৰ , বনগৰু , বনৰীয়া গাহৰি ইত্যাদি । কাজিৰঙাৰ এক বিশেষত্ব হ’ল আন ৰাষ্ট্ৰীয় উদ্যানৰ দৰে ই ঘন অৰণ্য নহয় । ইয়াৰ বেছিভাগ অংশই বিস্তীর্ণ তৃণভূমি ( ৬৬.৪৪ শতাংশ ) । বাকীখিনি অৰণ্যভূমি ( ২৭.৯৮ শতাংশ) আৰু বিল তথা জলাহভূমি ( ৫.৫৮ শতাংশ ) । আৰণ্যক সম্ভাৰৰ স্বীকৃতি স্বৰূপে ১৯৮৫ চনত ইউনেস্কোৱে কাজিৰঙাক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতি দিয়ে । আজি বহুদিন ধৰি বিশ্ব ঐতিহ্য নক্ষত্র এই কাজিৰঙাৰ বহু মাটি সন্দেহযুক্ত বিদেশী লােকৰদ্বাৰা দখল হােৱা বুলি অভিযােগ উত্থাপন হৈ আহিছে । এই অভিযােগৰ গুৰুত্ব বুজি চৰকাৰৰ লগত ৰাইজেও যদি এতিয়াও উপযুক্ত কার্যব্যৱস্থা নলয় তেনেহলে আগলৈ কাজিৰঙাক ৰক্ষা কৰাটো টান হৈ পৰিব । 

এশিঙীয়া গঁড় :- অসমৰ প্রতীক চিহ্ন এশিঙীয়া গঁড়ক ‘ ভাৰতীয় গঁড়’ বুলি কোৱা হয় । ইয়াৰ খৰ্গটো ২০ চেঃমিঃৰ পৰা ১০০ চেঃমিঃলৈকে দীঘল হয় । আকাৰত আফ্ৰিকীয় বগা গঁড়ৰ সমান। চালখন ডাঠ আৰু খলপা – খলপি । গাত সামান্য নােম আছে । মাইকী গড়তকৈ মতা – গড় আকাৰত ডাঙৰ । মতা গঁড়ৰ ওজন ২,৫০০ কিঃগ্রাঃৰ পৰা ৩,২০০ কিঃগ্ৰাৰ ভিতৰত হয় । মাইকী গঁড়ৰ ওজন প্রায় ১,৯০০ কিলােগ্রাম । আগতে পাকিস্তান , বার্মা , নেপাল আদি দেশতাে গঁড়ৰ বসতি আছিল । বিভিন্ন কাৰণত কিছুমান সংৰক্ষিত ঠাইতহে এই প্রাণীবিধ বর্তি আছে । পৃথিৱীৰ মুঠ এশিঙীয়া গঁড়ৰ দুই তৃতীয়াংশ অসমৰ কাজিৰঙা অভয়াৰণ্যত আছে । এশিঙীয়া গঁড়ৰ বাবেই কাজিৰঙা পৃথিৱী বিখ্যাত । 

গড়ে সাধাৰণতে অকলশৰীয়াকৈ ফুৰি ভাল পায় । অৱশ্যে মাইকী গড় আৰু পােৱালি থাকিলে লগত যায় । ইয়াৰ ঘ্রাণ শক্তি আৰু শ্ৰৱণ শক্তি প্রখৰ কিন্ত দৃষ্টিশক্তি দুর্বল । ই ঘণ্টাত গৰ হিচাপত ৫৫ কিলােমিটাৰ বেগত দৌৰিব পাৰে । গড়ে ৰাতিপুৱা আৰু গধূলি সময়ত ফুৰি ভাল পায় আৰু খাদ্য গ্রহণ কৰে । দিনটোৰ বেছিভাগ সময় খাল , বিল , পিতনি আদিত থাকে । ঘাঁহ , গছৰ পাত আদি ইয়াৰ খাদ্য । জন্মৰ সময়ত ইয়াৰ খৰ্গ নাথাকে । ছমাহমান পাছত খর্গ গজিবলৈ আৰম্ভ কৰে। 

ৰাজকীয় চেহেৰাৰ এই আপুৰুগীয়া প্রাণীবিধ বর্তমান সংকটৰ গৰাহত । হৰিণাৰ মাংসই বৈৰী হােৱাৰ দৰে গঁড়ৰ খৰ্গটোৱে বৈৰী । আন্তজার্তিক চোৰাং বজাৰত খর্গটোৰ মূল্য অতি বেছি বাবে চোৰাং চিকাৰীয়ে যধে – মধে গঁড় হত্যা কৰি এই প্রাণীবিধলৈ সংকট নমাই আনিছে । আনহাতে , অৰণ্য ধ্বংস , বনাঞ্চললৈ মানুহৰ বসতি বিস্তাৰ , প্রাকৃতিক দুর্যোগ , খাদ্যৰ নাটনি আদিৰ ফলতাে প্রাণীবিধলৈ দুর্যোগ নামি আহিছে । সময় থাকোতেই চৰকাৰৰ – লগতে ৰাইজেও উপযুক্ত ব্যৱস্থা হাতত নল’লে এই আপুৰুগীয়া প্রাণীবিধ বিলুপ্ত হৈ যােৱাৰ সম্ভাৱনাও নথকা নহয় । 

প্রশ্ন ১৩। তলৰ শব্দবােৰত কি কাৰণত , ণ , ৰ হৈছে লিখা । 

      ঋষি , হৰিণ , পূণ্য , হর্ষ , কণ্ঠ , প্রণাম , প্রতিষ্ঠান , ৰাৱণ , পাষাণ, বৰষুণ , বিষম ৷

উত্তৰঃ ঋষি :- অ আ ভিন্ন অন্য স্বৰবৰ্ণ , বা ক , বা ৰ – ৰ পাছত থকা প্রত্যয়ৰ ‘স’ মূর্ধন্য ‘ষ’ হয় । 

হৰিণ :- ঋ , ৰ ‘ষ’ আৰু ন-ৰ মাজত স্বৰবৰ্ণ , ক বর্গ বা প বৰ্গৰ বৰ্ণ , য , ৱ হ আৰু অনুস্বাৰ থাকিলে দন্ত্য ‘ন’ মূর্ধন্য ‘ণ’ হয় । 

পূণ্য :- স্বাভাৱিকতে মূর্ধণ্য ‘ণ’ হৈছে । 

হর্ষ :- স্বাভাৱিকতে মূর্ধণ্য ‘ষ’ হৈছে । 

কণ্ঠ :- ট বর্গৰ আখৰ যুক্ত হলে দন্ত্য ‘ন’ মূর্ধন্য ‘ণ’ হয় । 

প্রণাম :- ৰ – ৰ পাছত থকা নম্ ধাতুৰ দন্ত্য ‘ন’ মূর্ধন্য ‘ণ’ হৈছে । 

প্রতিষ্ঠান :- ই কাৰান্ত উপসৰ্গৰ পাছত থকা স্থা ধাতুৰ দন্ত্য ‘স’ মূর্ধন্য ‘ষ’ হৈছে । 

অনুষ্ঠান :- উ কাৰান্ত উপসৰ্গৰ পাছত থকা স্থা ধাতুৰ দন্ত্য ‘স’ মূর্ধন্য ‘ষ’ হৈছে ।

ৰাৱণ :- ৰ আৰু ন-ৰ মাজত ৱ থকা বাবে দন্ত্য ‘ন’ মূর্ধন্য ‘ণ’ হৈছে । 

পাষাণ :- ষ আৰু ন-ৰ মাজত স্বৰবৰ্ণ থকা বাবে দন্ত্যন ‘ন’ মূর্ধন্য ‘ণ’ হৈছে । 

বৰষুণ :- ষ-ৰ পাছত থকা দন্ত্য ‘ন’ মূর্ধন্য ‘ণ’ হৈছে। 

বিৰম :- বি উপসৰ্গৰ পাছত থকা সম শব্দৰ দন্ত্য ‘স’ মূর্ধন্য ‘ষ’ হৈছে । 

প্রশ্ন ১৪। সমার্থক শব্দ লিখা –

       অৰণ্য , ঋষি , আপােন , মৰম , পৃথিৱী , সভ্য , হস্তী , ব্যাঘ্র , হিংস্র ।

উত্তৰঃ অৰণ্য      –       হাবি , বননি , জংঘল । 

         ঋষি         –      মুনি , তপস্বী ৷ 

         আপােন     –      আত্মীয় , নিজৰ । 

         মৰম         –     স্নেহ , ভালপােৱা । 

         পৃথিৱী       –     ধৰণী , ধৰা , বসুমতী । 

         সভ্য         –     ভদ্র , শিষ্ট ।

         হস্তী          –     হাতী , কৰী , গজ , মাতঙ্গ । 

         ব্যঘ্র         –      বাঘ । 

         হিংস্র         –     হিংসুক , হিংসাকুৰীয়া । 

প্রশ্ন ১৫। আগত ‘ অ ‘ আৰু ‘ বি ’ উপসর্গ থকা তিনিটাকৈ শব্দ লিখা । 

          (আহি = হিংসা – অহিংসা , দেশ – বিদেশ ) 

উত্তৰঃ চিনাকি      –        অচিনাকি ।

         সুখ           –        অসুখ ।

         পৈণত        –        অপৈণত । 

         পথ           –        বিপথ । 

          ৰাগ         –        বিৰাগ । 

          লয়          –        বিলয় ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top