Niketan Class 7 Assamese Chapter 12 কঁঠালৰ নৰিয়া

Niketan Class 7 Assamese Chapter 12 কঁঠালৰ নৰিয়া is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 7 Assamese Chapter 12 কঁঠালৰ নৰিয়া and select need one.

Niketan Class 7 Assamese Chapter 12 কঁঠালৰ নৰিয়া

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 7 Assamese Chapter 12 কঁঠালৰ নৰিয়া Solutions for All Subjects, You can practice these here…

কঁঠালৰ নৰিয়া

Chapter – 12

অসমীয়া

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS


প্রশ্ন ১। চমু উত্তৰ দিয়া –

( ক ) মইনাহঁতৰ পেটত ভাতৰ ঠাই কিয় নাছিল ? 

উত্তৰঃ পকা কঠাল খাই পেট ভৰি থকা বাবে ।

( খ ) সমাজিকৰ নগৰ কেনেকুৱা আছিল ? 

উত্তৰঃ ছায়া – মায়া সমাজিকৰ নগৰখন আঁচৰিত আছিল । তাৰ সকলাে কথাই বিপৰীত । 

( গ ) ধানপুৰীয়া কঁঠাল মানে কি ? 

উত্তৰঃ এপুৰা ধানৰ পৰিমাণৰ সমান আকাৰৰ কঁঠাল । অর্থাৎ বৰ ডাঙৰ কঁঠাল ।

( ঘ ) নিহালি গাত লৈ পাতৰ আঁৰত কোনে কান্দিছিল ? 

উত্তৰঃ বৰ পেটাল কঁঠালবােৰে কান্দিছিল ।

( ঙ ) বেজৰ পৰা দৰৱ – জাতি কোনে আনিছিল ?

উত্তৰঃ মইনাই আনিছিল । 

( চ ) কঁঠালৰ গাত কেতিয়া খহু-খজুৱতি হৈছিল ?

উত্তৰঃ আহাৰ মাহত । 

( ছ ) ষাঁঠ মানে কি ?

উত্তৰঃ ষাঠ মানে আমতি বা অম্বুবাচী ।

প্রশ্ন ২। বেজজনে কঁঠালক কি বুলি জৰা ফুকা কৰিছিল ? 

উত্তৰঃ “ হৰ , বিষ হৰ , কঁঠালৰ খহুৰ খজুৱতি পানী হৈ পৰ । ” বুলি জৰা – ফুকা কৰিছিল । 

প্রশ্ন ৩। ষাঁঠ কেতিয়া লাগে ? যাঁঠ লাগিলে আমি কি কি ভক্ষণ কৰোঁ লিখা । 

উত্তৰঃ আহাৰ মাহৰ বসুমতী ৰজস্বলা হােৱা চাৰিদিন অম্বুবাচী বা ষাঁঠ লগা বুলি কোৱা হয় । যাঁঠ লাগিলে আমি পকা কঁঠাল , আম , জামু , লেতেকু , আনাৰস , কল আদি ফলৰ লগতে দৈ , কোমল চাউল আদি ভক্ষণ কৰোঁ । 

প্রশ্ন ৪। “ সিফেৰি পুণ্য বলে বিষাে নিব হৰি । ”― কথাষাৰৰ তাৎপর্য বুজাই লিখা । 

উত্তৰঃ ‘ সিফেৰি শূণ্য ’ বুলি ষাঁঠ লগা সময়ত পকা কঁঠালবােৰ গুৰু ভকতসকলৰ সেৱাত লগাৰ কথা কৈছে । মানুহে বেমাৰ – আজাৰ , দুখ – দুর্গতি , অপায় – অমংগলৰ পৰা হাত সাৰিবলৈ পুণ্যৰ কাম কৰে । গতিকে পকা কঁঠালবােৰেও যদি ষাঁঠৰ সময়ত গুৰু – ভকতৰ সেৱাত লাগি পূণ্য অর্জন কৰে , তেনেহলে সিহঁতৰো বিষ – যন্ত্রণা , খহু – খজুৱতিৰ উপশম ঘটিব । 

প্রশ্ন ৫। কেতিয়া গছত কঁঠাল ডাল ভৰি পকি থাকে ? 

উত্তৰঃ বাৰিষাৰ বতৰত ।

প্রশ্ন ৬। কঁঠালৰ বিসংগতি কেতিয়া দূৰ হয় লিখা । 

উত্তৰঃ বাৰিষাৰ বতৰত মানুহে পকা কঁঠাল খাই আশীর্বাদ দিলে কঁঠালৰ বিসংগতি দূৰ হয় । 

প্রশ্ন ৭। কবিতাটিৰ মাজেৰে অসমীয়া সংস্কৃতিৰ ( কামৰূপীয়া সংস্কৃতিৰ) কেনে আচাৰ প্ৰকাশ পাইছে তােমাৰ নিজৰ ভাষাত লিখা । 

উত্তৰঃ অসমীয়া সংস্কৃতিৰ এক বৈশিষ্ট্যপূর্ণ আচাৰ হৈছে — যাঁঠ বা অম্বুবাচী । যাঁঠৰ সময়ত বসুমতী ৰজস্বলা হয় । বসুমতী বা পৃথিৱীক অসমীয়া সমাজত মাতৃৰূপে গণ্য কৰা হয় । আনহাতে কামাখ্যা দেৱীও মাতৃস্বৰূপা । এই কামাখ্যা দেৱীয়েই হ’ল বসুমতী , পৃথিৱী ৷ সেয়েহে ষাঁঠ লাগিলে কামাখ্যা দর্শন নিষিদ্ধ আৰু বহুতেই বিশেষকৈ কামৰূপীয়া সংস্কৃতিৰ প্রভাব পৰা মানুহে সেই সময়ত বসুমতী বা মাটিত থােৱা বস্তু চুৱা বুলি গণ্য কৰে । কবিতাটোত থকা যাঁঠ ’ শব্দটোৰ জৰিয়তে এইটো আচাৰ প্ৰকাশ পাইছে । 

অসমীয়া সংস্কৃতৰ আন এক আচাৰ হ’ল – জ্যেষ্ঠজনৰ প্রতি , গুৰু ভকতৰ প্রতি সেৱা – সন্মান জনােৱা । কোনাে বিশেষ উপলক্ষত তেওঁলােকক আমন্ত্রণ কৰি আমি সেৱা – সন্মান জনাই খুওৱা – ধুওৱা কৰি তেওঁলােকৰ আশীর্বাদ লােৱা হয় । যাঁঠ লাগিলে পকা কঠালবােৰ , সেৱাত লাগক যত মানে গুৰু – ভকতৰ ।’ কবিতাটোত থকা এইখিনি কথাৰ জৰিয়তে এইটো আচাৰৰ প্ৰকাশ পাইছে । 

প্রশ্ন ৮। ধানপুৰীয়া কঁঠালটোৱে নিজৰ অৱস্থাৰ কথা মইনাহঁতক কি বুলি কৈছিল ? 

উত্তৰঃ ধানপুৰীয়া কঁঠালটোৱে কৈছিল যে সিহঁত পাতৰ আঁৰত থকা অকলশৰীয়া পহুৰ নিচিনা । আহাৰ মহীয়া বৰষুণে সিহঁতৰ গাত খহু কৰিছে । সিহঁতৰ ভিতৰবােৰ পকা , বাহিৰত গােটেই গাত হে খহু খজুৱতী । বিষ – যন্ত্রণাত সিহঁ তৎ নােহােৱা অৱস্থা হৈছে । গতিকে মইনাই সিহঁতক বিহলঙনী বেজৰ ওচৰলৈ লৈ যাব লাগে ।

প্রশ্ন ৯। ব্যাখ্যা কৰা –

( ক ) “ মানুহ জাতিয়ে খাই আশীর্বাদ দিয়ে । কঁঠালৰ বিসংগতি দূৰ কৰি নিয়ে । ” 

উত্তৰঃ উক্ত কবিতাফাঁকি কবি মুক্তিনাথ বৰদলৈদেৱে ৰচনা কৰা , আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট “ কঠালৰ নৰিয়া ” নামৰ কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে । 

কঁঠালৰ বিসংগতি কেনেকৈ দূৰ হ’ল তাকে এই কবিতাফাঁকিৰ জৰিয়তে কোৱা হৈছে । 

নৰিয়া হােৱা কঁঠালবােৰক বিহলঙনী বেজে নৰিয়াৰপৰা উপশম পাবলৈ হ’লে ষাঁঠৰ সময়ত গুৰু – ভকতৰ সেৱাত লাগিবলৈ উপদেশ দিছিল । সেইটো কাম কৰিলে হােৱা পুণ্যৰ বলতে কঁঠালৰ নৰিয়া ভাল হ’ব আৰু বছৰি বছৰি গছত কঁঠালাে লাগিব ৷ বেজৰ উপদেশমতে কঁঠালবোৰে গুৰু ভকতৰ সেৱাত লগাত সিহঁতৰ খজুৱতি নাইকিয়া হ’ল আৰু গছত কঁঠালবােৰ ডাল ভৰি পকি থকা হ’ল । মানুহবােৰে সেই পকা কঁঠাল খাই কঁঠালক আশীর্বাদ দিয়ে । সেই আশীর্বাদৰ ফলতে কঁঠালৰ বিসংগতি দূৰ হয় । 

প্রশ্ন ১০। বাক্য সাজা –

 লালকাল , নৰ – মনিচ , বিসংগতি , জৰা- ফুকা , নিহালি , ছায়া – মায়া , চাটি ফুটি , দৰৱ – পাতি ।

উত্তৰঃ লালকাল :- নাৰায়ণে পথাৰৰ পৰা আহি এতিয়া লালকাল দি টোপনি গৈছে । 

নৰ-মনিচ :- ঘৰটোৰ অৱস্থা দেখিলে তাত কোনাে নৰ – মনিচে বাস কৰা যেন নালাগে । 

বিসংগতি :- কোনাে বিসংগতি নােহােৱাকৈ সি কামটো সমাধা কৰিলে। 

জৰা-ফুকা :- আমাৰ দেউতাই জৰা – ফুকাত অলপো বিশ্বাস নকৰে । 

নিহালি :- তাৰ গা বেয়া , সেয়েহে এই গৰমতাে নিহালি লৈ শুইছে ।

ছায়া-মায়া :- কালি সন্ধিয়া ভণ্টিয়ে চোতালৰ একোণত ছায়া – মায়া কিবা এটা দেখা পাই ভয়তে চিঞৰি দিছিল । 

চাটি-ফুটি :- জ্বৰৰ প্রকোপত সি গােটেই ৰাতিটো চাটি – ফুটি কৰি থকা বাবে মােৰ অলপাে টোপনি নহ’ল ৷ 

দৰৱ – পাতি :- ডাক্তৰৰ পৰামর্শ নােলােৱাকৈ দৰৱ – পাতি ব্যৱহাৰ কৰা উচিত নহয় । 

প্রশ্ন ১১। কবিতাটিত শেষৰ ধ্বনি মিল থকা শব্দ লিখা । 

পহু , পাত , ভাল , মিনতি , বিপৰীত । 

উত্তৰঃ পহু         ―       খহু ।

         পাত       ―       গাত ।

         ভাল       ―       লালকাল । 

         মিনতি    ―       খজুৱতি । 

         বিপৰীত  ―        আচৰিত । 

প্রশ্ন ১২। ‘ বি ’ উপসর্গযুক্ত চাৰিটা শব্দ লিখা । 

উত্তৰঃ বিকাৰ , বিনাশ , বিপৰীত , বিকশিত । 

প্রশ্ন ১৩। শব্দার্থ লিখা –

নৰিয়া , পাটী , সমাজিক , যতন , বৰপেটাল , নিহালি , চাটি-ফুটি , বেজ , খহু , বিহলঙনী , মিনতি , বিসংগতি । 

উত্তৰঃ নৰিয়া      ―     ৰোগ । 

         পাটী         ―     শয্যা , বিছনা । 

         সমাজিক    ―     সপােন , স্বপ্ন । 

          যতন        ―     যত্ন , চেষ্টা । 

          নিহালি      ―     লেপ ।

          বৰপেটাল   ―     ডাঙৰ পেটৰ । 

          চাটি-ফুটি   ―     ছটফটনি । 

          বেজ         ―     বৈদ্য , কবিৰাজ ,চিকিৎসক ।

          খহু           ―      ফেঁহা , ফোহােৰা । 

          বিহলঙনী   ―      এবিধ ঢেকীয়া জাতিৰ বন । 

          মিনতি      ―       প্রার্থনা , কাকূতি । 

          বিসংগতি   ―      অসুবিধা , বেমেজালি ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top