Niketan Class 7 Assamese Chapter 10 কপালেহে গােপাল

Niketan Class 7 Assamese Chapter 10 কপালেহে গােপাল is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 7 Assamese Chapter 10 কপালেহে গােপাল and select need one.

Niketan Class 7 Assamese Chapter 10 কপালেহে গােপাল

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 7 Assamese Chapter 10 কপালেহে গােপাল Solutions for All Subjects, You can practice these here…

কপালেহে গােপাল

Chapter – 10

অসমীয়া

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS


প্রশ্ন ১। ভাগ্যধৰ কোন আছিল ? 

উত্তৰঃ ভাগ্যধৰ কামাখ্যাৰ আঠপৰীয়া এজনৰ ল’ৰা আছিল । 

প্রশ্ন ২। বিক্রমাদিত্য ক’ৰ ৰজা আছিল ? 

উত্তৰঃ উজ্জয়িনী দেশৰ ৰজা আছিল ।

প্রশ্ন ৩। মিহিৰ মুনি কিয় কামৰূপলৈ আহিছিল ? 

উত্তৰঃ কামাখ্যা দর্শন কৰিবলৈ আহিছিল । 

প্ৰশ্ন ৪। ডাকপুৰুষৰ জন্মদাতা বুলি কাক বিশ্বাস কৰা হয় ? 

উত্তৰঃ মিহিৰ মুনিক ডাকপুৰুষৰ জন্মদাতা বুলি বিশ্বাস কৰা হয় । 

প্রশ্ন ৫। ভাগ্যধৰে ফুল গছজোপাত কিয় উঠিছিল ? 

উত্তৰঃ ৰং চাবলৈ উঠিছিল । 

প্রশ্ন ৬। সুবাহু কোন বংশৰ ৰজা আছিল ? 

উত্তৰঃ সুবাহু নৰকবংশীয় ৰজা আছিল ।

প্রশ্ন ৭। “ গুৰুদেউ ! আপুনি মােৰ ঈশ্বৰ । আপােনাৰ জ্যোতিষীয়া বাণীৰে অষ্টম দৰিদ্ৰ মােক সাজি কোটিপতি কৰিছে । ” — উক্তিষাৰ কাৰ ।

উত্তৰঃ ভাগ্যধৰৰ । 

প্রশ্ন ৮। মিহিৰ মুনিয়ে কামাখ্যা দর্শন কৰিবলৈ আহোঁতে কামাখ্যা পর্বত হােৱা উখল – মাখল পৰিৱেশটিত বর্ণনা তােমাৰ নিজৰ ভাষাৰে লিখা । 

উত্তৰঃ মিহিৰ মুনি আহি কামাখ্যা ধামত উপস্থিত হােৱাৰ লগে লগে তাত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ’ল । তাত সমবেত হােৱা মানুহবােৰৰ মাজত আনন্দৰ জোৱাৰ উঠিল । চৌদিশ ৰজন জনাই ঢােল, খােল , কালিয়া আদি বাজনা বাজিবলৈ ধৰিলে । ল’ৰাবােৰে আনন্দত কিৰীলি পাৰি উঠিল । মুনিক দর্শন কৰিবলৈ আহি হেতা – ওপৰা লগােৱা আয়তীসকলে উৰুলি দিবলৈ ধৰিলে । ব্রাহ্মণ সকলে শংখ, ঘণ্টা , বৰ – কাঁহ আদি দেৱবাদ্য বজাই মুনিক সম্ভাষণ জনালে। 

প্রশ্ন ৯। ভাগ্যধৰ কিদৰে কোটিপতি হৈ উঠিল — পাঠৰ আধাৰত চমুকৈ লিখা । 

উত্তৰঃ দৰিদ্ৰ ভাগ্যধৰক কোটিপতি কৰিছিল মিহিৰ মুনিৰ এষাৰ জ্যোতিষীয়া বাণীয়ে । কামাখ্যা দর্শন কৰিবলৈ অহা মিহিৰ মুনিয়ে মৰি পৰি থকা নিগনি এটা দেখি সেইটো যিয়ে তুলি ল’ব সিয়ে লাখপতি হ’ব বুলি কোৱাত ভাগ্যধৰে নিগনিটো তুলি ল’লে আৰু সেইটো এজন মানুহৰ ওচৰত বিক্ৰী কৰি পইচা এটি গােটালে । সেই পইচাটোৰে এটেকেলি গুড় কিনি বাটেদি যােৱা মালী কেইজনমানক সেই গুড় আৰু পানী খাবলৈ দিলে। মালীহঁতে পুৰস্কাৰ হিচপে ভাগ্যধৰক কিছু ফুল দি গ’ল আৰু ভাগ্যধৰে সেই ফুল বিক্ৰী কৰি ৰূপ এটকা পালে । তাৰে আকৌ গুড় কিনি পিছদিনাও একেদৰে মালীহঁতক খাবলৈ দি সিহঁতৰপৰা পুৰস্কাৰ হিচাপে পােৱা ফুল বিক্ৰী কৰি এইবাৰ ভাগ্যধৰে মুঠতে দহটকা ৰূপ গােটালে । তাৰ পিছত ধুমুহাই নষ্ট কৰা ৰজাঘৰীয়া ফুলনি এখন চাফা কৰি পােৱা খৰি বিক্ৰী কৰিও ভাগ্যদৰে একুৰি ৰূপ গােটালে আৰু সি ডেৰকুৰি ৰূপৰ গৰাকী হৈ পৰিল ।

ইমানখিনি ৰূপৰ গৰাকী হৈও ভাগ্যধৰে গুড় আৰু পানীৰ বেপাৰ নেৰিলে।এইবাৰ সি পাঁচশ ঘাঁহীক গুড় পানী খুৱাই সিহঁতৰ পৰা সংগ্ৰহ কৰা ঘাঁহ ঘোঁৰা বেপাৰীক বেচি নগদ এহেজাৰ চিকাৰূপ গণি ল’লে । 

এতিয়া ভাগ্যধৰ এজন নামজ্বলা সাউদ । এবাৰ সি কেইবাখনাে ডিঙা লৈ বণিজ বেহাৰলৈ গৈ সাগৰৰ পাৰত ছাউনি পাতি বহিল । তীখৰ ভাগ্যধৰে নিজকে চম্পক নগৰৰ বিখ্যাত সাউদ বুলি ডাঙৰ জাহাজ এখনৰ গৰাকীক পৰিচয় দি জাহাজখনৰ সমুদায় মাল-বস্তু এক লাখ টকাত বন্দোবস্ত কৰিলে আৰু মাত্র কেইশমান টকা আগধন দি মাল-বস্তুখিনি কিনি ল’লে । তাৰ পিছত সেই মাল – বস্তু খিনি এশ এটা ভাগত ভগাই প্রতি ভাগ এক লাখ টকা দৰত আন সাউদৰ ওচৰত বিক্ৰী কৰি দিলে । সেই ধনৰ এক লাখ টকা জাহাজৰ মালিকক দি হাত থকা টকাৰে সি কোটিপতি হৈ উঠিল । 

প্রশ্ন ১০। ভাগ্যধৰে মৰা নিগনিটো কিয় লৈ গৈছিল ? পিছত সি নিগনিটো কি কৰিলে ? 

উত্তৰঃ মিহিৰ মুনিয়ে মৰা নিগনিটো সেই শুভ ক্ষণটোত যিয়ে বুটলি ল’ব সিয়ে লাখপতি হ’ব বুলি কৈছিল । মিহিৰ মুনি মহাজ্ঞানী জ্যোতিষীয়া মানুহ । তেওঁক চাবলৈয়ে আন মানুহৰ দৰে ভাগ্যধৰেও তালৈ গৈছিল । তেনেকুৱা জ্যোতিষীয়া মানুহ এজনে কোৱা কথা ফলিয়াবই বুলি বিশ্বাস কৰি ভাগ্যধৰে মৰা নিগনিটো বুটলি লৈ গৈছিল । পিছত ভাগ্যধৰে মৰা নিগনিটো এজন মানুহৰ ওচৰত এটি পইচাৰ বিনিময়ত বিক্ৰী কৰি দিছিল। 

প্রশ্ন ১১। ভাগ্যধৰৰ অচলা গুৰুভক্তিৰ বিষয়ে লিখা । 

উত্তৰঃ ডাল – দৰিদ্ৰৰ পৰা লক্ষ্মীদেৱীৰ সু – পুত্র হােৱা ভাগ্যধৰে মিহিৰ মুনিক পাহৰা নাছিল । কাৰণ মিহিৰ মুনিৰ জ্যোতিষীয়া বাণীয়ে ভাগ্যধৰৰ ভাগ্যৰ দুৱাৰ মুকলি কৰি দিছিল । সেয়েহে ভাল দিন বাৰ চাই যথেষ্ট গুৰু – দক্ষিণা লৈ ভাগ্যধৰে এদিন গুৰুৰ ওচৰলৈ বুলি উজ্জয়িনীলৈ যাত্ৰা কৰিলে । তালৈ গৈ সি মিহিৰ মুনিলৈ গুৰু – দক্ষিণা আগবঢ়াই তেওঁৰ ভৰিত দীঘল দি পৰিল । ভক্তিত গদগদ হৈ ভাগ্যধৰে গুৰুক ক’লে যে তেৱেঁই তাৰ ঈশ্বৰ । তেওঁৰ জ্যোতিষীয়া বাণীৰে অষ্টম দৰিদ্ৰ তাক কোটিপতি কৰিছে । বাসুকীয়া পৃথিৱীখন মূৰত তুলি লৈ থকাৰ নিচিনাকৈ কামাখ্যা পৰ্বতৰ নামনিৰ এটা মৰা নিগনিয়ে তাৰ সৌভাগ্যৰ পর্বতখন মূৰত লৈ আছিল । সি সেই ধাৰ কোনাে জনমত শুজিব নােৱাৰে । গতিকে গুৰুদেৱে সি আগবঢ়োৱা সামান্য গুৰু – দক্ষিণা গ্ৰহণ কৰিব লাগে । এইদৰে ভাগ্যধৰে তাৰ অচলা গুৰুভক্তিৰ নিদর্শন দাঙি ধৰিছিল । 

প্রশ্ন ১২। ভাগ্যধৰৰ বাতৰি বিক্রমাদিত্য ৰজাৰ কাণত পৰাত ভাগ্যধৰৰ অৱস্থা কেনে হ’ল ?

উত্তৰঃ ভাগ্যধৰৰ বাতৰি বিক্রমাদিত্য ৰজাৰ কাণত পৰাত ভাগ্যধৰৰ অৱস্থাৰ আৰু উন্নতি হ’ল। বিক্রমাদিত্যই সদায় গুণীৰ গুণৰ আদৰ দেখুৱাইছিল । তেওঁ ৰাজকুঁৱৰী এটিক ভাগ্যধৰৰ লগত কেঁচা কল কাটি বিয়া দিয়াৰ লগতে ভাগ্যধৰক এখন সৰু ৰাজ্য যৌতুকত দিলে । 

প্রশ্ন ১৩। “ ভাগ্যধৰ এতিয়া এজন ডাঙৰ মানুহ।নামজ্বলা সাউদ । ” ভাগ্যধৰক কিয় তেনেদৰে কোৱা হৈছে ? 

উত্তৰঃ মৰা নিগনি এটা বেচি পােৱা পইচা এটিৰে গুড় আৰু পানীৰ বেপাৰ আৰম্ভ কৰি নিজৰ যত্ন আৰু বুদ্ধিৰ বলত ভাগ্যধৰে এদিন নগদ এহেজাৰ চিকাৰূপৰ গৰাকী হৈছিল । তাৰ পিছত হাতলৈ সৰহকৈ ধন অহাত লাহে-লাহে বেপাৰত কৌশল সলাই ভাগ্যধৰে ডিঙাৰে সাগৰত বণিজ বেহাবলৈ লৈ এজন বিখ্যাত সাউদ হৈ পৰিছিল । এনেকৈ বেপাৰ কৰি ডাল দৰিদ্ৰ ভাগ্যধৰ এদিন কোটিপতি হৈছিল আৰু তেওঁৰ নাম চাৰিওফালে চাটি – ফুটি গৈছিল । সেয়েহে ভাগ্যধৰক তেনেদৰে কোৱা হৈছে । 

প্রশ্ন ১৪। শব্দার্থ লিখা –

উখল – মাখল , জ্যোতিষীয়া , ঘাতমাউৰা , ঘাঁহী , সদাগৰ , ডিঙা , ছাউনী , বাসুকী , চিকাৰূপ , ৰাজ আয়ম । 

উত্তৰঃ উখল – মাখল :- খৰখেদা কৰাত হােৱা হুলস্থূল । 

জ্যোতিষীয়া :- যি জ্যোতিষশাস্ত্র জানে । 

ঘাতমাউৰা :- পিতৃ – মাতৃহীন ল’ৰা । 

ঘাঁহী :- জন্তুক ঘাঁহ যােগাওঁতা । 

সদাগৰ :- ডাঙৰ বেপাৰী , সাউদ । 

ডিঙা :- পানচৈ , নাও । 

ছাউনী :- সৈন্য থকা ঘৰ , ঠাই বা শিবিৰ ; তম্বুৰে সজা অস্থায়ী শিবিৰ, কেম্প । 

বাসুকী :- সৰ্পৰ ৰজা ।

চিকাৰূপ :- ৰজা দিনীয়া নিভাঁজ ৰূপৰ মােহৰ , আচল টকা । 

ৰাজ আয়ম :- খােৱা থকাত বৰলােক বা ৰজাৰ দৰে আচৰণ । 

প্রশ্ন ১৫। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা –

( ক ) সৌ মৰি থকা নিগনিটো এই শুভক্ষণত যি তুলি লৈ যাব , সি নিশ্চয় লাখপতি হব । 

উত্তৰঃ বাক্যটি আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট ল’ৰাৰ জাতকৰ পৰা উদ্ধৃত ‘ কপালেহে গােপাল ’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে । কামাখ্যা দর্শন কৰিবলৈ অহা মিহিৰ মুনিয়ে উক্ত কথাষাৰ কৈছিল ।

কাৰ ভাগ্য কেতিয়া উদয় হয় কোনাে মানুহে ক’ব নােৱাৰে । কেতিয়াবা এটি গুৰুত্বহীন সামান্য বস্তুৱেও মানুহৰ ভাগ্যৰ দুৱাৰ মুকলি কৰি দিয়ে। মিহিৰ মুনিৰ ভৱিষ্যত বাণীত বিশ্বাস কৰি মৰা নিগনি এটা বুটলি নিয়া ডাল – দৰিদ্ৰ ভাগ্যধৰৰ ভাগ্যৰ দুৱাৰ এনেকৈয়ে এদিন মুকলি হৈছিল । মৰা নিগনিটো বেচি পােৱা এটি মাথাে পইচাৰে বেপাৰ আৰম্ভ কৰি ভাগ্যধৰে এদিন এজন বিখ্যাত সাউদৰূপে পৰিচয় লাভ কৰাৰ লগতে অগাধ সা সম্পত্তি আৰু কোটি টকাৰ গৰাকী হৈছিল । গতিকে , গুৰুত্বহীন সামান্য বস্তু এটাইও কেতিয়াবা মানুহৰ সৌভাগ্যৰ পথ দেখুৱাব পাৰে । 

( খ ) বাসুকিয়ে পৃথিৱীখন মূৰত তুলি লৈ থকাৰ নিচিনাকৈ কামাখ্যা পৰ্বতৰ নামনিৰ এটা মৰা নিগনিয়ে মােৰ সৌভাগ্যৰ পৰ্বতখন মূৰত লৈ আছিল । 

উত্তৰঃ বাক্যটি আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট , ল’ৰাৰ জাতকৰ পৰা উদ্ধৃত ‘ কপালেহে গােপাল ’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে । ভাগ্যধৰে মিহিৰ , মুনিৰ ওচৰত উক্ত কথাষাৰ কৈছিল । 

বাসুকী সৰ্পৰ ৰজা ৷ লােক বিশ্বাসমতে বাসুকীয়ে পৃথিৱীখন মূৰত তুলি লৈ আছে । বাসুকীয়ে পৃথিৱীখন মূৰত তলি লৈ থকাৰ নিচিনাকৈ ডাল দৰিদ্ৰ ভাগ্যধৰৰ সৌভাগ্যৰ পর্বতখন যেন কামাখ্যা পাহাৰৰ নামনিৰ এটা মৰা নিগনিয়ে মূৰত লৈ আছিল ৷ কাৰণ , সেই মৰা নিগনিটো বেচি পােৱা এটি মাথাে পইচাৰে বেপাৰ আৰম্ভ কৰি ভাগ্যধৰ এদিন অগাধ – সা – সম্পত্তি আৰু টকা – পইচাৰ অধিকাৰী হৈছিল । তেওঁৰ নাম – যশো চাৰিওফালে বিয়পি পৰিছিল । গতিকে , সামান্য বস্তু এটিৱেও কেতিয়াবা মানুহৰ জীৱন কেতিয়াবা সলনি কৰি দিব পাৰে ।

( গ ) তেওঁ জোলােকাজোলােকে বামুণীয়া আশীর্বাদ দিলে । 

উত্তৰঃ বাক্যটি আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট আৰু ল’ৰাৰ জাতকৰ পৰা উদ্ধৃত ‘ কপালেহে গােপাল ’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে । গুৰু দক্ষিণা আগবঢ়োৱা ভাগ্যধৰক মিহিৰ মুনিয়ে আশীর্বাদ দিয়াৰ কথাকে ইয়াত কোৱা হৈছে ।

মিহিৰ মুনিৰ জ্যোতিষীয়া বাণীৰ ফলতেই ডাল দৰিদ্ৰ ভাগ্যধৰৰ সৌভাগ্যৰ দুৱাৰ মুকলি হৈছিল । সেয়ে কৃতজ্ঞতা আৰু গুৰুভক্তিৰ চিন স্বৰূপে ভাগ্যধৰে মিহিৰ মুনিৰ ওচৰলৈ গৈ তেওঁক সাষ্টাঙ্গে প্রণাম কৰি গুৰু – দক্ষিণা আগবঢ়াইছিল । ভাগ্যধৰৰ এনেকুৱা অচলা গুৰুভক্তি দেখি মিহিৰ মুনি বৰ আনন্দিত হ’ল আৰু তাক জোলােকাজোলােকে আশীর্বাদ দিলে । বামুণে কাৰােবাক আশীর্বাদ দিলে ধন – জন , যশ – মান , আয়ুস আদিৰ বৃদ্ধি হােৱাৰ কামনাৰে ঈশ্বৰৰ ওচৰত প্রার্থনা জনাই আশীর্বাদ দিয়ে । মিহিৰ মুনিয়ে ভাগ্যধৰক তেনেকৈয়ে বামুণীয়া আশীর্বাদ দিলে ।

প্রশ্ন ১৬। ভাব সম্প্রসাৰণ কৰা –

( ক ) যাৰ কপালত বৃহস্পতি পোন , তাৰ পথাৰত নহয় কোন ? 

উত্তৰঃ বৃহস্পতিক ভাগ্যৰ অধিপতি গ্রহ বুলি বিশ্বাস কৰা হয় । বৃহস্পতিৰ সু – দৃষ্টি পৰা মানুহে দোপূত – দোপে উন্নতি কৰে । এনেকুৱা মানুহে যি কামতে হাত দিয়ে , তাতে সফল হয় । ধনে – জনে , সা – সম্পত্তিয়ে তেওঁ প্রতিপত্তিশালী হৈ উঠে । সমাজত তেওঁৰ মান – সম্মান বাঢ়ে , সকলােতে আগস্থান পায় । প্রয়ােজন – অপ্রয়ােজনে তেওঁৰ কাম কৰি দিবলৈ উপচি আগবাঢ়ি অহা মানুহৰো অভাৱ নহয় । সেয়েহে , “ যাৰ কপালত বৃহস্পতি পােন , তাৰ পথাৰত নবয় কোন ? ” কথাবােৰ মানুহৰ মাজত প্ৰচলন হৈছে । 

( খ ) কপালেহে গােপাল । 

উত্তৰঃ যাৰ কপাল বা ভাগ্য ভাল সেইবিলাক মানুহে জীৱনত সফলতা অর্জন কৰে ৷ কপালৰ জোৰাতেই বহুতে বিশেষ শ্রম বুদ্ধি নখটোৱাকৈয়ে সুখ – শান্তিৰে ভৰা জীৱন যাপন কৰে । কেতিয়াবা কিছুমান সুযোগ অভাৱনীয়ভাবে তেওঁলােকৰ জীৱনলৈ আহি যায় । আনহাতে , কপাল বেয়া হ’লে ওৰেটো জীৱন হাড় – ভঙা পৰিশ্ৰম কৰিও মানুহে সফলতাৰ মুখ নেদেখে । আনকি , কপালৰ দোষতেই তেনে মানুহৰ পােৱা সুযােগো হাতৰ মুঠিৰ পৰা গুচি যায় । সেয়েহে , মানুহে ‘ কপালেই গােপাল ’ বুলি কয় । 

প্রশ্ন ১৭। তলৰ বাক্যসমূহ জটিল বাক্যলৈ নিয়া –  

( ক ) পুতেক মিহিৰ মুনিও জ্ঞান – বিদ্যাৰে বাপেকৰ লগত ফেৰ মাৰিব পৰা হােৱাত বুধিয়ক ৰজাই দুয়ােকে একেখন সন্মানৰ আসনকে ভগাই খাবলৈ দিলে । 

উত্তৰঃ পুতেক মিহিৰ মুনিও জ্ঞান – বিদ্যাৰে বাপেকৰ লগত যেতিয়া ফেৰ মাৰিব পৰা হ’ল তেতিয়া , বুধিয়ক ৰজাই দুয়ােকে একেখন সন্মানৰ আসনকে ভগাই খাবলৈ দিলে । 

( খ ) মৰা নিগনিটো লৈ গৈ বেপাৰ কৰি সদাগৰ হােৱা ল’ৰাজনেই হ’ল ভাগ্যধৰ ৷ 

উত্তৰঃ মৰা নিগনিটো লৈ গৈ বেপাৰ কৰি এতিয়া যে সদাগৰ হৈছে , সেই ল’ৰাজনেই হ’ল ভাগ্যধৰ ।

( গ ) কর্ম কৰিলেহে জীৱনত উন্নতি লাভ কৰিব পাৰিবা । 

উত্তৰঃ যদি কর্ম কৰা , তেনেহলে জীৱনত উন্নতি লাভ কৰিব পাৰিবা । 

প্রশ্ন ১৮।যতি চিহ্ন ব্যৱহাৰ কৰা –

( ক ) ভাগ্যধৰে গুৰু-দক্ষিণা আগবঢ়াই তেওঁৰ ভৰিত দীঘল দি পৰি ক’লে গুৰুদেউ আপুনি মােৰ ঈশ্বৰ মােক আজি কোটিপতি কৰিছে ।

উত্তৰঃ ভাগ্যধৰে গুৰু – দক্ষিণা আগবঢ়াই তেওঁৰ ভৰিত দীঘল দি পৰি ক’লে , “ গুৰুদেউ ! আপুনি মােৰ ঈশ্বৰ , মােক আজি কোটিপতি কৰিছে। ”

( খ ) মানুহজনে ল’ৰাজনক কৈছিল তুমি কেতিয়াবা গুজৰাটলৈ গৈছানে ? 

উত্তৰঃ মানুহজনে ল’ৰাজনক কৈছিল , “ তুমি কেতিয়াবা গুজৰাটলৈ গৈছানে ? 

প্রশ্ন ১৯। সন্ধি ভাঙা আৰু লগােৱা –

নীলাচল , হিমালয় , বিক্রম + আদিত্য , বৃহঃ + পতি , জগৎ + নাথ , বশিষ্ঠাশ্রম , ভাগ্য + উদয । 

উত্তৰঃ নীলাচল = নীল + অচল । 

         হিমালয় = হিম + আলয় । 

         বশিষ্ঠাশ্ৰম = বশিষ্ঠ + আশ্রম । 

         বিক্রম + আদিত্য = বিক্রমাদিত্য । 

         বৃহঃ + পতি = বৃহস্পতি । 

         জগৎ + নাথ = জগন্নাথ । 

         ভাগ্য + উদয় । = ভাগ্যেদয় । 

প্রশ্ন ২০। এটা শব্দত প্ৰকাশ কৰা –

( ক ) যি জ্যোতিষ শাস্ত্র জানে ____।

উত্তৰঃ জ্যোতিষীয়া ।

( খ ) ভাগ্য উদয় হৈছে যাৰ ___।

উত্তৰঃ ভাগ্যৱান ।

( গ ) জন্তুক ঘাঁহ যােগান ধৰােতা ___।

উত্তৰঃ ঘাঁহী ।

( ঘ ) নাৱেৰে বেপাৰ কৰা লোক ____।

উত্তৰঃ সাউদ ।

( ঙ ) ফুল ব্যৱসায় কৰা লােক ____। 

উত্তৰঃ মালী ।

( চ ) সৈন্য থকা ঘৰ ____।

উত্তৰঃ ছাউনি ।

( ছ ) পিতৃ – মাতৃহীন ল’ৰা ____।

উত্তৰঃ ঘাত – মাউৰা ।

( জ ) ন-বিধ ৰত্নৰ সমাহাৰ ___।

উত্তৰঃ নৱৰত্ন ।

( ঝ ) যি তিনিও ফালৰ কথা জানে ___।

উত্তৰঃ অশ্বাৰােহী ।

প্রশ্ন ২১। ‘ ক ’ অংশৰ লগত ‘ খ ’ অংশ মিলােৱা –

  ‘ ক ’ অংশ   ‘ খ ’ অংশ 
কামাখ্যাতেজপুৰ
সূর্য পাহাৰশদিয়া
মহাভৈৰৱ মন্দিৰগুৱাহাটী
তাম্রেশ্বৰী মন্দিৰশিৱসাগৰ 
জয়দলগােৱালপাৰা

উত্তৰঃ 

  ‘ ক ’ অংশ   ‘ খ ’ অংশ 
কামাখ্যাগুৱাহাটী
সূর্য পাহাৰগােৱালপাৰা
মহাভৈৰৱ মন্দিৰতেজপুৰ
তাম্রেশ্বৰী মন্দিৰশদিয়া 
জয়দলশিৱসাগৰ

প্রশ্ন ২২। চমুটোকা লিখা –

( ক ) বিক্রমাদিত্য ।

উত্তৰঃ বিক্রমাদিত্য প্রাচীন ভাৰতৰ উজ্জয়িনী দেশৰ এজন প্রখ্যাত ৰজা।বিক্রমাদিত্যৰ অৰ্থ হৈছে পৰাক্ৰমৰ সূর্য ( বিক্রম + আদিত্য ) । তেওঁ বিক্রম , বিক্রমজিত আৰু বিক্রমার্ক বুলিও জনা যায় । এক কাহিনী মতে বিক্রমাদিত্যই ম্লেচ্ছ ( শাক ) আক্রমণকাৰী সকলৰ পৰা ভাৰতবৰ্ষক উদ্ধাৰ কৰিছিল । সেইবাবে কিছুমানে তেওঁক শাকাৰি ( শাক + আৰি ) বুলি অভিহিত কৰিছিল । শাক সকলক পৰাস্ত কৰাৰ পাছত বিক্রমাদিত্যই ‘ বিক্রম সমবত ’ যুগ আৰম্ভ কৰিছিল । 

বিক্রমাদিত্যৰ বিষয়ে বহুতাে অলৌকিক , আশ্বৰ্য্যজনক কাহিনী থকা বাবে বহু পণ্ডিতে তেওঁক এটা কাল্পনিক চৰিত্ৰ বুলিহে ক’ব খােজে । ‘ গাথা সপ্তসতি ’ , কথা – মৰিৎ – সাগৰ ’ , ‘ বৃহৎ কথা ’ আদি গ্রন্থত বিক্রমাদিত্যৰ কাহিনী পােৱা যায় । 

বিক্রমাদিত্যক এজন ধার্মিক , ন্যায়পৰায়ণ , প্রজাবৎসল আৰু পৰাক্ৰমী ৰজা হিচাপে জনা যায় । তেওঁ বিদ্যানুৰাগী আৰু শিক্ষাৰ প্রধান পৃষ্ঠপােষক আছিল । তেওঁৰ ৰাজ সভা কালিদাস আদি ‘ নৱৰত্ন ’ ই অলংকৃত কৰিছিল । 

( খ ) নৰকাসুৰ ।

উত্তৰঃ নৰকাসুৰ প্ৰাগজ্যোতিষৰ ৰজা আছিল । বতাহ বিষ্ণুৰ ঔৰসত আৰু বসুমতীৰ গৰ্ভত জন্মা নৰকাসুৰ মহা পৰাক্ৰমী আছিল । নৰকাসুৰে প্ৰাগজ্যোতিষপুৰৰ শেষ দানৱ ৰজা ঘটকাসুৰক আতৰাই সিংহাসনত উঠা বুলি জনা যায় । বানাসুৰৰ লগ লাগি নৰকাসুৰ এটা সময়ত বৰ অত্যাচাৰী হৈ উঠিছিল । 

কাহিনীমতে নৰকাসুৰৰ মাক বসুমতীয়ে বিষ্ণুৰ পৰা বৰ বিচাৰিছিল তেওঁৰ পুত্ৰ নৰক দীর্ঘজীৱি আৰু সর্বশক্তিমান হােৱাৰ বাবে । বিষ্ণুই সেই মতেই বৰ দিয়াত নৰকে দীর্ঘ জীৱন আৰু মহাশক্তি লাভ কৰিছিল । এই শক্তি আৰু ক্ষমতাৰ ৰাগীত নৰকে স্বর্গ – মর্ত্য সকলােতে অত্যাচাৰ চলাইছিল । অৱশেষত দেৱতাসকলৰ অনুৰােধত বিষ্ণুই শ্ৰীকৃষ্ণৰ ৰূপত নৰকক বধ কৰি স্বর্গ – মর্ত্য সকলােতে শান্তি প্রতিষ্ঠা কৰে । মৃত্যুৰ আগমুহূর্তত নৰকে শ্রীকৃষ্ণৰ পৰা বৰ মাগিছিল যাতে তেওঁৰ মৃত্যুৰ দিনটো পৃথিৱীত সকলাে মানুহেই উদ্যাপন কৰে । শ্রীকৃষ্ণই সেইমতেই বৰ দিছিল । আৰু সেই দিনটোৱেই হৈছে আজি মানুহে উদ্যাপন কৰা ‘ নৰক চতুর্দশী ‘। 

এক কাহিনীমতে ক্ষমতাৰ ৰাগীত অন্ধ হােৱা নৰকে হেনাে এবাৰ দেৱী কামাখ্যাক বিয়াৰ প্ৰস্তাৱ দিছিল । এই প্রস্তাৱ শুনি কামাখ্যাই অতি কৌশল কৰি নৰকক এটা ৰাতিৰ ভিতৰতে পাহাৰৰ তলিৰ পৰা কামাখ্যা মন্দিৰলৈকে বাট নির্মাণৰ চৰ্ত দিছিল । নৰকেও এটা ৰাতিৰ ভিৰতে বাট নির্মাণৰ কাম প্রায় সম্পূর্ণ কৰিছিলেই । কিন্তু কথা বিষম দেখি কামাখ্যাই বুদ্ধি কৰি এটা কুকুৰাৰ হতুৱাই ৰাতি নৌ পুৱাওতেই ৰাতি পুওৱাৰ আগজাননী দি নৰকৰ আশাত চেঁচাপানী ঢালে । কামাখ্যাত থকা মেখেলা উজোৱা । খটখটিয়েই নৰকে নির্মাণ কৰা সেই বাট বুলি জনা যায় ।

( গ ) ডাকপুৰুষ । 

উত্তৰঃ অসমীয়াৰ ব্যৱহাৰিক জীৱনত , বিশেষকৈ কৃষিজীৱি সমাজত ডাকপুৰুষৰ বচনবােৰৰ মূল্য আৰু প্ৰভাৱ বিশেষভাৱে দেখা যায় । জনপ্রবাদ আৰু এখন অর্বাচীন চৰিত পুথি মতে ডাকপুৰুষে বৰপেটা জিলাৰ লেহি ডাঙৰা গাঁৱত জন্ম লাভ কৰে । চৰিত পুথিখনৰ মতে ডাক কুমাৰণীৰ সন্তান । মাকৰ বহুদিনলৈকে সন্তান হােৱা নাছিল । এদিন মিহিৰ মুনি তীর্থ কৰিবলৈ আহি কুমাৰৰ ঘৰত অতিথি হিচাপে থাকে আৰু সন্তানহীনা কুমাৰণীয়ে ভালকৈ সেৱা – শুশ্রুষা কৰাত সন্তান হ’বলৈ বৰ দি যায় । সেই বৰ অনুসাৰেই ডাকৰ জন্ম হয় । উপজিয়েই প্রসূতি গৃহৰ নাৰীবিলাকক মাত দিয়াত তেওঁৰ নাম থয় ডাক । চৰিত মতে ডাকক ল’ৰা কালতে ভেঁট তুলিবলৈ যাওঁতে লগৰ লগৰীয়াই পানীত পেলাই মাৰে । 

ডাকৰ চৰিতত উল্লেখ কৰা মিহিৰ মুনিৰ সময়লৈ চাই কোনােৱে ডাকৰ উদ্ভৱ কাল খ্রীষ্টীয় – চতুর্থ – ষষ্ঠ শতিকাৰ ভিতৰত অর্থাৎ গুপ্তযুগ বুলি কব খােজে । কোনােৱে আকৌ তেওঁৰ ৰচনাবােৰলৈ চাই তেওঁক কিছুমানে ৮০০-১২০০ খ্রীষ্টাব্দৰ ভিতৰত জন্ম বুলি কয় । 

সমাজৰ – বিশেষকৈ কৃষি প্রধান সমাজৰ সকলাে লাগতিয়াল আৰু ব্যৱহাৰিক বিষয়ৰ জ্ঞান ডাকৰ বচনত থুপাই থােৱা আছে । শ শ বছৰ ধৰি জাতিয়ে লাভ কৰা ব্যৱহাৰিক অভিজ্ঞতা , ৰুচি – অভিৰুচি , শুভাশুভৰ ধাৰণা , বিশ্বাসৰ আধাৰভূমি এই বচন সমূহ । ডাকৰ বচন অসমীয়া সাহিত্যৰ এক গুৰুত্বপূর্ণ অংগ ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top