Niketan Class 6 Social Chapter 8 আমাৰ ভাৰতবর্ষ

Niketan Class 6 Social Chapter 8 আমাৰ ভাৰতবর্ষ is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 6 Social Chapter 8 আমাৰ ভাৰতবর্ষ and select need one.

Niketan Class 6 Social Chapter 8 আমাৰ ভাৰতবর্ষ

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 6 Social Chapter 8 আমাৰ ভাৰতবর্ষ Solutions for All Subjects, You can practice these here.

আমাৰ ভাৰতবর্ষ

Chapter – 8

সমাজ বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

অনুশীলনী

প্রশ্ন ১। উত্তৰ লিখা— 

( ক ) ভাৰতৰ মাটিকালি কিমান ? 

উত্তৰঃ ভাৰতৰ মাটিকালি ৩,৩,৮৭,২৬৩ বর্গ কিলােমিটাৰ । 

( খ ) ভাৰতৰ প্ৰধান প্রাকৃতিক বিভাগকেইটা কি কি ? 

উত্তৰঃ ভাৰতৰ প্রাকৃতিক বিভাগ পাঁচটা । যেনে— 

( ১ ) উত্তৰৰ পার্বত্য অঞ্চল । 

( ২ ) উত্তৰ ভাৰতৰ সমভূমি অঞ্চল ।

( ৩ ) দাক্ষিণাত্যৰ মালভূমি অঞ্চল ।

( ৪ ) উপকূল অঞ্চল । আৰু

( ৫ ) দ্বীপপুঞ্জ অঞ্চল ।

( গ ) ভাৰতৰ উত্তৰ , পূব আৰু পশ্চিম সীমাত কি কি আছে ? 

উত্তৰঃ ভাৰতৰ উত্তৰত আছে— হিমালয় পর্বত , নেপাল , চীন আৰু ভূটান ৰাষ্ট্র । 

পূবত আছে – বঙ্গোপসাগৰ , ম্যানমাৰ আৰু বাংলাদেশ । 

পশ্চিমে আছে — আৰৱ সাগৰ আৰু পাকিস্তান ।

( ঘ ) ভাৰতবৰ্ষৰ বৃহৎ সমতলভূমি প্রধান কোন তিনিখন নৈৰ দ্বাৰা গঠিত ? 

উত্তৰঃ সিন্ধু , গংগা আৰু ব্ৰহ্মপুত্ৰ নদী তিনিখনৰ দ্বাৰা ভাৰতৰ বৃহৎ সমতলভূমিটো গঠিত হৈছে । 

( ঙ ) ভাৰতৰ পূব উপকূল আৰু পশ্চিম উপকূলৰ মাজত পার্থক্য কি কি ? 

উত্তৰঃ পশ্চিম উপকূলৰ তুলনাত পূর্ব উপকূলৰ অঞ্চলটো যথেষ্ট বহল আৰু সাৰুৱা । ফলত কৃষিৰ উৎপাদন যথেষ্ট পৰিমাণে হয় । 

আনহাতে পশ্চিম উপকূল অঞ্চলটো ঠেক আৰু শিলাময় হােৱাৰ বাবে ইয়াত বন্দৰ স্থাপনৰ সুবিধা বেছি । সেইবাবে ইয়াৰ সাগৰীয় বাণিজ্য গঢ় লৈ উঠিছে । 

( চ ) পূর্ব – পশ্চিমাকৈ হিমালয়ৰ সমান্তৰাল পর্বতলানি কেইটা আৰু কি কি ? 

উত্তৰঃ পূর্ব – পশ্চিমাকৈ হিমালয়ৰ সমান্তৰাল পর্বতলানিক তিনিটা ভাগত ভাগ কৰা হৈছে । যেনে— 

( ১ ) উচ্চ হিমালয় । 

( ২ ) নিম্ন হিমালয় ।

( ৩ ) বহিঃ হিমালয় বা শিৱালিক পর্বতমালা । 

প্রশ্ন ২ঃ খালী ঠাই পূৰ কৰা –

( ক ) তিব্বতৰ দক্ষিণে হিমালয়ৰ আটাইতকৈ উত্তৰে থকা পর্বতলানিক ………………. হিমালয় বুলি কোৱা হয় । 

উত্তৰঃ উচ্চ হিমালয় । 

( খ ) লাক্ষাদ্বীপ , আমিন দিবি আৰু মিনিকয় দ্বীপপুঞ্জ …………….. সাগৰত । 

উত্তৰঃ আৰব সাগৰত । 

( গ ) ভাৰতবৰ্ষৰ দক্ষিণতম অৱস্থান হ’ল ………………. ।

উত্তৰঃ ইন্দিৰা পইন্ট । 

( ঘ ) ……………….. ভাৰতৰ আটাইতকৈ দক্ষিণৰ দ্বীপ । 

উত্তৰঃ বৃহৎ নিকোবৰ । 

( ঙ ) গংগা নদীৰ উৎস হিমবাহৰ নাম হ’ল …………………।

উত্তৰঃ গংগােত্রী । 

( চ ) ভাৰতৰ প্ৰায় মাজভাগেদি ………………… ৰেখা পাৰ হৈ গৈছে । 

উত্তৰঃ কর্কট ক্রান্তি ।

প্রশ্ন ৩। কেৱল উত্তৰ লিখা –

( ক ) দাক্ষিণাত্য অঞ্চলৰ দুখন মালভূমিৰ নাম লিখা । 

উত্তৰঃ কর্ণাটক মালভূমি আৰু তেলেংগানা মালভূমি । 

( খ ) ভাৰতৰ দুটা দ্বীপপুঞ্জৰ নাম লিখা । 

উত্তৰঃ আন্দামান – নিকোবৰ আৰু লাক্ষা দ্বীপপুঞ্জ। 

( গ ) বৃহৎ ভাৰতীয় সমভূমিৰ দুখন মূল নৈৰ নাম লিখা । 

উত্তৰ গংগা আৰু ব্রহ্মপুত্র । 

( ঘ ) দাক্ষিণাত্য মালভূমিৰ দুশাৰী পৰ্বতৰ নাম লিখা । 

উত্তৰঃ পূর্বঘাট আৰু পশ্চিমঘাট পর্বতমালা । 

( ঙ ) দাক্ষিণাত্য মালভূমিৰ দুয়ােকাষে থকা সাগৰ দুখনৰ নাম লিখ । 

উত্তৰঃ আৰৰ সাগৰ আৰু বংগােপ সাগৰ । 

প্রশ্ন ৪। সিন্ধু – গাংগেয় ব্রহ্মপুত্রৰ সমতলভূমিৰ বিশেষত্ব বিশ্লেষণ কৰা । 

উত্তৰঃ হিমালয় পর্বতৰ দক্ষিণে আৰু দাক্ষিণাত্য মালভূমিৰ উত্তৰে সিন্ধু , গংগা আৰু ব্রহ্মপুত্র নদীৰ পলসেৰে ভাৰতৰ বিশাল সমভূমি অঞ্চলটো গঠন হৈছে । এই সমভূমিক ঘাইকৈ অৱস্থান আৰু পৃষ্ঠভাগৰ লক্ষণৰ আধাৰত কেইবাটাও অঞ্চলত  বিভক্ত কৰিব পাৰি । যেনে – ৰাজপুতনা সমতল অঞ্চল , পঞ্জাৱ সমতল , গাংগেয় সমতল , ব্রহ্মপুত্র সমতল আৰু বৰাক সমতল । 

গংগা আৰু ব্ৰহ্মপুত্র নদীৰ মােহনাত সৃষ্টি হােৱা সুন্দৰবন পৃথিৱীৰ বৃহত্তম ব – দ্বীপ । গংগা আৰু ব্রহ্মপুত্র নদীৰ উপত্যকাত বহুতাে অশ্বখুৰা আকৃতিৰ হ্রদ , জলাহ , চৰ – চাপৰি , বিল আদি আছে । 

ৰাজপুতনা সমতল অঞ্চলৰ মাজেদি কেৱল এখন নদী বৈ গৈছে । এই নৈখনৰ নাম হ’ল লুণ । ইয়াত সম্বৰ নামৰ এটা হ্রদ আছে । অঞ্চলটোৰ বেছিভাগ ঠাইয়ে শুকান । 

পঞ্জাৱ সমতল অঞ্চলটো শতদ্রু , বিপাশা , ৰবি , ঝিলাম আৰু চেনাব এই পাঁচখন সিন্ধু নদীৰ উপনৈৰ দ্বাৰা গঠিত ।

অসমৰ দক্ষিণ অংশত বৰাক নদীৰ উপত্যকা অঞ্চলটো অৱস্থিত । আন সমতল অঞ্চলকেইটাৰ তুলনাত এই অঞ্চলটো সৰু ।

[ বি.দ্র . : পাঠটোত সিন্ধু নদীৰ উপনৈ — শতদ্রু , বিপাশা আৰু ইবাৱতী উপত্যকাই পঞ্জাৱ সমভূমি বুলি উল্লেখ কৰিছে । কিন্তু ‘ ইৰাৱতী ’ নদীখন সিন্ধু নদীৰ উপনৈ নহয় । ]

প্রশ্ন ৫। ভাৰতৰ দ্বীপবােৰৰ এটা চমু আভাস দিয়া। 

উত্তৰঃ ভাৰতৰ অধীনত থকা সামুদ্রিক দ্বীপবােৰৰ ভিতৰত বংগােপসাগৰৰ আন্দামান – নিকোবৰ দ্বীপপুঞ্জ আৰু আৰৱ সাগৰত থকা লাক্ষাদ্বীপ , আমিন দিবি , মিনিকয় দ্বীপসমূহ প্রধান । আন্দামান – নিকোবৰ ভাৰতৰ আটাইতকৈ দক্ষিণে থকা দ্বীপ । ‘ ইন্দিৰা পইণ্ট ’ ভাৰতবৰ্ষৰ দক্ষিণ সীমা । লাক্ষা দ্বীপপুঞ্জ আমিন আৰু মিনিকয় দ্বীপপুঞ্জৰ মুঠ ২৫ টা সৰু – বৰ দ্বীপ আছে । 

অতিৰিক্ত প্ৰশ্নোত্তৰ

( ক ) তলৰ প্ৰশ্নবােৰৰ চমুকৈ উত্তৰ দিয়া –

প্রশ্ন ১। পৃথিৱীৰ কিমান অংশ ঠাই ভাৰতবৰ্ষই আগুৰি আছে ? 

উত্তৰঃ পৃথিৱীৰ মুঠ মাটিকালি প্রায় ২.২ শতাংশ ঠাই ভাৰতবৰ্ষই আগুৰি আছে ।

প্রশ্ন ২। ২০১১ চনৰ লােকপিয়ল মতে ভাৰতৰ মুঠ জনসংখ্যা কিমান ?

 উত্তৰঃ ১২১ কোটি । 

প্রশ্ন ৩। NATMO ৰ সম্পূর্ণ নামটো কি ? 

উত্তৰঃ National Atlas and Thematic Mapping Organisation . ( ৰাষ্ট্ৰীয় ভূ – সংৰূপ আৰু মানচিত্র প্রতিষ্ঠান ) 

প্রশ্ন ৪। পূর্ব – পশ্চিমাকৈ হিমালয় পর্বত দৈর্ঘ্য কিমান ? 

উত্তৰঃ পূর্ব – পশ্চিমাকৈ হিমালয় পর্বতৰ দৈর্ঘ্য ২৪১৫ কিলােমিটাৰ । 

প্রশ্ন ৫। বহিঃ হিমালয়ৰ আন এটা নাম কি ? 

উত্তৰঃ বহিঃ হিমালয়ৰ আন এটা নাম শিৱালিক । 

প্রশ্ন ৬। উচ্চ হিমালয় ক’ৰ পৰা ক’লে বিস্তৃত হৈ আছে ? 

উত্তৰঃ উচ্চ হিমালয় পশ্চিমৰ গংগা পর্বতৰ পৰা পূবে নামচাবাৰৱা পর্বত পর্যন্ত বিস্তৃত হৈ আছে ।

প্রশ্ন ৭। আৰাৱলী পর্বতটো ভাৰতৰ কোনটো সমতলত অৱস্থিত ? 

উত্তৰঃ আৰাৱলী পর্বতটো ভাৰতৰ ৰাজপুতনা সমতলত অৱস্থিত । 

প্রশ্ন ৮। শতদ্রু আৰু বিপাশা কোন নদীৰ উপনৈ ? 

উত্তৰঃ শতদ্রু আৰু বিপাশা সিন্ধু নদীৰ উপনৈ । 

প্রশ্ন ৯। নীলগিৰি পার্বত্য অঞ্চলটো কি কি খেতিৰ বাবে বিখ্যাত ।

উত্তৰঃ নীলগিৰি পার্বত্য অঞ্চলটো চাহ আৰু কফি খেতিৰ বাবে বিখ্যাত। 

প্রশ্ন ১০। ভাৰতৰ উপকূল অঞ্চলৰ দৈর্ঘ্য কিমান ? 

উত্তৰঃ ভাৰতৰ উপকূল অঞ্চলৰ দৈর্ঘ্য ৬১০০ কি.মি ।

প্রশ্ন ১১। মেঘালয় মালভূমি ভাৰতৰ কোনটো মালভূমিৰ এক অংশ ? 

উত্তৰঃ মেঘালয় মালভূমি প্রকৃততে দাক্ষিণাত্য মালভূমিৰ এটা অংশ । 

প্রশ্ন ১২। দাক্ষিণাত্য মালভূমি অঞ্চলটো কি খেতিৰ বাবে বিখ্যাত ? 

উত্তৰঃ দাক্ষিণাত্য মালভূমি অঞ্চলটো কপাহ খেতিৰ বাবে বিখ্যাত । 

প্রশ্ন ১৩। ভাৰতৰ দক্ষিণ অংশটোত কিয় গৰম বেছি হয় ? 

উত্তৰঃ ভাৰতৰ দক্ষিণ অংশটো বিষুব ৰেখাৰ পৰা বেছি দূৰত নােহােৱা বাবে গৰম বেছি হয় । 

প্রশ্ন ১৪। দাক্ষিণাত্য মালভূমিৰ পৰ্বতবােৰ কি প্রকৃতি পর্বত ? 

উত্তৰঃ দাক্ষিণাত্য মালভূমিৰ পৰ্বতবােৰ ক্ষয়জাত পর্বত । এই পর্বতবােৰ অতি পূৰণি ।

প্রশ্ন ১৫। কি কি ভৌগােলিক উপাদানে ভাৰতবৰ্ষক এখন বৈচিত্র্যময় দেশ কৰি তুলিছে ? 

উত্তৰঃ সু – উচ্চ পর্বতমালা , বৃহৎনদী , মৰুভূমি , সমতল ভূ – ভাগ , আটাইতকৈ বেছি বৰষুণ হােৱা অঞ্চল , সাগৰ , মনােৰম উপকূল আৰু দ্বীপমালাই ভাৰতক বৈচিত্র্যময় কৰি তুলিছে ।

প্রশ্ন ১৬। ভাৰতবৰ্ষত কি জলবায়ু বিৰাজমান ? 

উত্তৰঃ ভাৰতৰ সোমাজেদি কর্কট ক্রান্তি ৰেখাডাল পাৰ হৈ যােৱাৰ বাবে ইয়াৰ অধিকাংশ অঞ্চলেই ক্রান্তীয় জলবায়ুৰ অন্তৰ্গত । সামগ্রিকভাৱে মৌচুমী জলবায়ুৰ প্ৰভাৱ পৰে ।

প্রশ্ন ১৭। হিমালয়ৰ মধ্যভাগত গঢ়ি উঠা ভাৰতৰ ৪ খন পর্যটন নগৰীৰ নাম লিখা । 

উত্তৰঃ হিমালয়ৰ মধ্যভাগ বা নিম্ন হিমালয়ত গঢ়ি উঠা ভাৰতৰ যিকোনাে চাৰিখন নগৰী হ’ল — কুলু , মানালী , নাইনিতাল আৰু মুছৌৰী । 

প্রশ্ন ১৮। ভাৰতৰ উত্তৰা দক্ষিণাকৈ আৰু পূর্ব – পশ্চিমাকৈ দৈর্ঘ্য কিমান ? 

উত্তৰঃ ভাৰতৰ উত্তৰা – দাক্ষিণাকৈ দৈর্ঘ্য ৩২২৫ কি.মি. আৰু পূর্ব – পশ্চিমাকৈ দৈর্ঘ্য ২৯৩৫ । 

প্রশ্ন ১৯। উচ্চ হিমালয় অঞ্চলটোৰ বৈশিষ্ট্য কি কি ? 

উত্তৰঃ উচ্চ হিমালয় অঞ্চলটোৰ বৈশিষ্ট্য হৈছে – 

( ক ) এই পর্বতলানিৰ গড় উচ্চতা ৬০০০ মিটাৰ । 

( খ ) বছৰজুৰি পৰ্বতৰ চূড়াবােৰত বৰফ আবৃত হৈ থাকে । যেনে— এভাবেষ্ট শৃংগ পৃথিৱীৰ উচ্চতম শৃংগটো এইলানি পর্বত অৱস্থিত । 

( গ ) এই পর্বত শৃংগৰ বৰফ খণ্ডবােৰৰ পৰা ভালেসংখ্যক নদীৰ সৃষ্টি হৈছে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top