Niketan Class 6 Social Chapter 6 পৃথিৱীৰ প্রধান ভূ – অৱয়ব

Niketan Class 6 Social Chapter 6 পৃথিৱীৰ প্রধান ভূ – অৱয়ব is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 6 Social Chapter 6 পৃথিৱীৰ প্রধান ভূ – অৱয়ব and select need one.

Niketan Class 6 Social Chapter 6 পৃথিৱীৰ প্রধান ভূ – অৱয়ব

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 6 Social Chapter 6 পৃথিৱীৰ প্রধান ভূ – অৱয়ব Solutions for All Subjects, You can practice these here.

পৃথিৱীৰ প্রধান ভূ – অৱয়ব

Chapter – 6

সমাজ বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

অনুশীলনী

 প্রশ্ন ১। তলৰ প্রশ্নবােৰৰ উত্তৰ লিখা— 

( ক ) পৃথিৱীৰ প্রধান ভূ – অৱয়ব কোনকেইটা ? 

উত্তৰঃ পৃথিৱীৰ প্রধান ভূ – অৱয়বকেইটা হ’ল — মহাদেশ আৰু মহাসাগৰ । মহাদেশৰ ভূ – অৱ , ৰসমূহক আকৌ পাহাৰ , পর্বত , মালভূমি , সমভূমি আদিত ভাগ কৰা হৈছে । 

মহাসাগৰৰ ভূ – অৱয়বসমূহহ’ল — মহীসােপান , মহীঢাল , শৈলসিৰা , দ্বীপ আদি । 

( খ ) উৎপত্তি অনুসৰি পৰ্বতবােৰক কেইটা ভাগত ভাগ কৰা হৈছে ? 

উত্তৰঃ উৎপত্তিৰ ফালৰ পৰা পর্বতসমূহক চাৰিটা ভাগত ভাগ কৰা হৈছে । যেনে — 

১। ভংগিল পর্বত ।

২। স্থূপ পর্বত ।

৩। আগ্নেয় পর্বত বা সঞ্চয়জাত পর্বত । আৰু

৪। নগ্নীভূত পর্বত । 

( গ ) সমভূমিবােৰ কেনেদৰে গঠিত হয় ? 

উত্তৰঃ বিস্তীর্ণ অনুচ্চ আৰু সমান ঠাইক সমভূমি বােলা হয় । এইবােৰ নানা প্রকাৰে সৃষ্টি হয় । নৈ , জান – জুৰিয়ে কঢ়িয়াই অনা বালি , বােকা আদিৰ পলশ নৈৰ দুয়ােকাষে বহুত দূৰলৈকে জমা হয় । এনেদৰে পলস জমা হৈ দ অঞ্চল পােত গৈ এক বিস্তীর্ণ সমতল ভূমিৰ সৃষ্টি হয় ।

( ঘ ) সমভূমিত জনবসতি ঘন কিয় হয় ? 

উত্তৰঃ সমভূমিত জনবসতি বেছি হয় । ইয়াৰ প্ৰধান কাৰণ হ’ল ইয়াৰ মাটি সাৰুৱা । খেতি – বাতি কৰা , যাতায়াতৰ ব্যৱস্থা কৰা , ঘৰ – দুৱাৰ নিৰ্মাণ কৰাৰ বাবে সমভূমি অঞ্চল সুবিধাজনক । সেইবাবে নৈ – উপত্যকাৰ সমভূমিত জনবসতি বেছি । যেনে — গংগা – ব্রহ্মপুত্র উপত্যকা অঞ্চল । 

( ঙ ) পৰ্বতীয়া ভূ – অৱয়বত মানুহৰ বসতি কিয় কম ?

উত্তৰঃ পৰ্বতীয়া অঞ্চলত জনবসতি পাতল হয় । খেতি – বাতি কৰা , যাতায়াত বাবে ৰাস্তা – ঘাট বন্ধা , ঘৰ – দুৱাৰ সজা কষ্টকৰ । এনেবােৰ কাৰণত পৰ্বতীয়া অঞ্চলত মানুহৰ বসতি পাতল হয় । 

প্রশ্ন ২। শুদ্ধ উত্তৰ বাছি উলিওৱা –

( ক ) উত্তৰ ভাৰতক শীতকালি প্রচণ্ড শীতল বতাহৰ পৰা কিহে ৰক্ষা কৰে ? 

( ১ ) হিমালয় পর্বত থকাৰ বাবে ।

( ২ ) সমভূমি হােৱাৰ বাবে ।

( ৩ ) জনবসতি বেছি কাৰণে ।

উত্তৰঃ ( ১ ) হিমালয় পর্বত থকাৰ বাবে । 

( খ ) হিমালয় পর্বত সৃষ্টিৰ আগতে কি সাগৰ আছিল ? 

( ১ ) বংগােপসাগৰ ।

( ২ ) টেথিছ সাগৰ ।

( ৩ ) আৰব সাগৰ ।

উত্তৰঃ ( ২ ) টেথিছ সাগৰ । 

( গ ) জাপানৰ ফুজিয়ামা কোন প্রকাৰৰ পর্বত ? 

( ১ ) ভংগিল পর্বত ।

( ২ ) সঞ্চয়জাত পর্বত ।

( ৩ ) স্তুপ পর্বত ।

উত্তৰঃ ( ২ ) সঞ্চয়জাত পর্বত । 

প্রশ্ন ৩। খালী ঠাই পূৰ কৰা –

( ক ) হিমালয় , ৰ’কী , এণ্ডিছ আদি ……………..শ্ৰেণীৰ পৰ্বত । 

উত্তৰঃ ভংগিল । 

( খ ) জার্মেনীৰ ব্রেক ফৰেষ্ট এবিধ ……………… পৰ্বত ।

উত্তৰঃ স্থূপ । 

( গ ) দার্জিলিং ……………… পর্বতত থকা স্বাস্থ্যকৰ ঠাই । 

উত্তৰঃ হিমালয় । 

( ঘ ) পৰ্বতৰ ফাঁকেদি ধীৰ গতিত নামি অহা বৰফৰ বৃহৎ খণ্ডকে……………….. বােলে । 

উত্তৰঃ হিমবাহ ।

( ঙ ) পৰ্বতীয়া অঞ্চলত জনবসতি ………………. ।

উত্তৰঃ কম । 

( চ ) টাৱাং ………………. পর্বতমালাত অৱস্থিত এটা জনপ্রিয় পর্যটন কেন্দ্র । 

উত্তৰঃ হিমালয় । 

প্রশ্ন ৪। চমুকৈ লিখা— 

( ক ) ভংগিল পর্বত কেনেকৈ সৃষ্টি হয় উদাহৰণসহ বর্ণনা কৰা ।

উত্তৰঃ পৃথিৱীৰ খােলাটো আচলতে কিছুমান ফলক বা প্লেটেৰে গঠিত । দুখন ফলকৰ মাজত থকা অগভীৰ সাগৰ তলিত তৰপে তৰপে বালি , বােকা আদি জমা হয় । পৰস্পৰৰ দিশে গতি কৰা দুখন ফলকৰ চেপাত সেই গেদবােৰ ভাঁজ লাগি পর্বত হয় । এনেদৰে সৃষ্টি হােৱা পর্বতকে ভংগিল পর্বত বােলে । উদাহৰণ স্বৰূপে ইণ্ডো – অষ্ট্রেলিয়ান আৰু ইউৰেছিয়ান ফলৰ মাজত থকা অগভীৰ টেথিছ সাগৰত হিমালয় পর্বত সৃষ্টি কৰা গেদবােৰ জমা হৈছিল । 

( খ ) বিভিন্ন ভূ – অৱয়বৰ অঞ্চলত জীৱনযাত্রা কেনে ধৰণৰ ? 

উত্তৰঃ বিভিন্ন ভূ – অৱয়বত মানুহৰ জীৱন ধাৰণ পদ্ধতি বিভিন্ন হােৱা দেখা যায় । পৰ্বতীয়া অঞ্চলত মানুহে চাংঘৰ সাজি বসবাস কৰে । পৰ্বতীয়া মানুহবােৰে খেতিবাতি কৰাৰ উপৰি হাবি – বননিৰ পৰা আলু, কচু আৰু অন্যান্য বস্তু বিচাৰি আনি জীৱন – নির্বাহ কৰে । ইয়াৰ বিপৰীতে সমভূমি অঞ্চলত মানুহে খেতি-বাতি কৰি , বেহা – বেপাৰ কৰি , উদ্যোগ প্রতিষ্ঠানত কাম কৰি জীৱন – নির্বাহ কৰিবলৈ সুবিধা পায় । আনহাতে মালভূমি বা তেনে উচ্চ অঞ্চলত খেতি – বাতি কৰাটো সুবিধাজনক নহয় । এনে অঞ্চলৰ মানুহে কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হয় । 

( গ ) সমভূমিবােৰ কেনেকৈ গঠিত হয় ? 

উত্তৰঃ নৈ , জান – জুৰিয়ে কঢ়িয়াই অনা বালি – বােকা আদিৰ পলস নৈৰ দুয়ােকাষে বহুত দূৰলৈকে জমা হয় । এনেদৰে পলস জমা হৈ দ অঞ্চল পােত গৈ এক বিস্তীর্ণ সমতল ভূমিৰ সৃষ্টি হয় । বিস্তীর্ণ হ্রদ পােত গৈও এক বিশাল সমতলৰ সৃষ্টি হয় । সাগৰৰ উপকূলতাে সাগৰৰ ঢৌ , সোঁত , বতাহ আদিৰ ক্ৰিয়াৰ বাবে বিস্তীর্ণ সমতল ভূমিৰ সৃষ্টি হয় । এনেদৰে বিভিন্ন কাৰণত সমভূমিৰ সৃষ্টি হয় । 

অতিৰিক্ত প্রশ্নোত্তৰ

( ক ) তলৰ প্রশ্নবােৰৰ অতি চমুকৈ উত্তৰ দিয়া । 

প্রশ্ন ১। পৃথিৱীৰ বৃহৎ মালভূমিটোৰ নাম কি ? 

উত্তৰঃ পৃথিৱীৰ বৃহৎ মালভূমিটো হ’ল তিব্বত ।

প্রশ্ন ২। পৃথিৱীৰ উচ্চতম মালভূমিটোৰ নাম কি ? 

উত্তৰঃ পৃথিৱীৰ উচ্চতম মালভূমিটো হৈছে — পামিৰ । সেয়ে ইয়াক পৃথিৱীৰ ‘ মূধচ ’ বুলি কোৱা হয় । 

প্রশ্ন ৩। ফলকবােৰ কি অৱস্থাত থাকে ? 

উত্তৰঃ ফলকবােৰ গতিশীল অৱস্থাত থাকে ।

প্রশ্ন ৪। পৃথিৱীৰ আটাইতকৈ পুৰণি মালভূমিটোৰ নাম কি ? 

উত্তৰঃ পুৰণি মালভূমিটোৰ নাম হ’ল ভাৰতৰ দাক্ষিণাত্য মালভূমি । 

প্রশ্ন ৫। পৃথিৱীৰ আটাইতকৈ পুৰণি পর্বতটোৰ নাম কি ? 

উত্তৰঃ পৃথিৱীৰ আটাইতকৈ পুৰণি পর্বতটো হ’ল ভাৰতৰ আৰাৱলী পর্বত । 

প্রশ্ন ৬। ক’লা মাটি কি খেতিৰ বাবে উৎকৃষ্ট ? 

উত্তৰঃ কলা মাটি কপাহ খেতিৰ বাবে উৎকৃষ্ট । 

প্রশ্ন ৭। ছাইবেবিয়াৰ পৰা অহা প্রচণ্ড শীতল বতাহ জাকক ভাৰতত প্রবেশ কৰাত কিহে বাধা প্রদান কৰিছে ? 

উত্তৰঃ হিমালয় পর্বতে এই প্রচণ্ড শীতল বতাহ জাকক ভাৰতত প্রবেশ কৰাত বাধা প্রদান কৰিছে। 

প্রশ্ন ৮। ভাৰতৰ চোটানাগপুৰ মালভূমি কিহৰ বাবে বিখ্যাত ? 

উত্তৰঃ চোটানাগপুৰ মালভূমি কয়লা , লাে , মেংগানিজ আদি খনিজ পদার্থ বাবে চহকী । 

প্রশ্ন ৯। ভাৰতবৰ্ষৰ জলবায়ুত হিমালয় পর্বতৰ গুৰুত্ব কি ? 

উত্তৰঃ হিমালয় পর্বত নােহােৱা হ’লে উত্তৰ ভাৰতত মৌচুমী ঋতুত হােৱা , বৰষুণৰ পৰিমাণ অতি কম হ’লহেঁতেন । ফলত অনাৰ দেশৰ নদ – নদীবােৰ নাথাকিলেহেঁতেন ৷ 

প্রশ্ন ১০। হিমালয় পর্বতত গঢ়ি উঠা যিকোনাে দুখন পর্যটন নগৰীৰ নাম লিখা । 

উত্তৰঃ হিমালয় পর্বতত গঢ়ি উঠা দুখন পর্যটন নগৰী হ’ল— মুছৌৰী আৰু ছিলা । 

( খ ) তলৰ প্রশ্নবােৰৰ চমুকৈ উত্তৰ দিয়া ।

প্রশ্ন ১। কি কি প্রক্রিয়াৰ ফলত পৃথিৱীৰ ভূ – অৱয়বসমূহৰ সৃষ্টি হয় ? 

উত্তৰঃ আভ্যন্তৰীণ আৰু বাহ্যিক প্রক্রিযাৰ ফলত পৃথিৱীৰ ভূ – অৱয়বসমূহ সৃষ্টি হয় ।

প্রশ্ন ২। ফলক কি ? 

উত্তৰঃ পৃথিৱীৰ খােলাটো কিছুমান টুকুৰাৰে গঠিত। এই টুকুৰাবােৰকে ফলক বুলি কোৱা হয় । ফলকবােৰে গতিশীল অৱস্থাত থাকে । 

প্রশ্ন ৩। শৈলসিৰা কি ? 

উত্তৰঃ স্থলভাগৰ দৰে সাগৰৰ তলিটো কিছুমান পর্বত সদৃশ ভূ – অৱয়বৰ সৃষ্টি হৈছে । এই ভূ – অৱয়বকে শৈলসিৰা বােলে । 

প্রশ্ন ৪। আভ্যন্তৰীণ প্রক্রিয়া প্রধান কাৰকবােৰ কি কি ? 

উত্তৰঃ আভ্যন্তৰীণ প্রক্রিয়াৰ প্ৰধান কাৰকবােৰ হ’ল— ভূমিকম্প আৰু আগ্নেয়গিৰি । 

প্রশ্ন ৫। বাহ্যিক প্রক্রিয়াৰ প্ৰধান কাৰকবােৰ কি কি ? 

উত্তৰঃ বাহ্যিক প্রক্রিয়াৰ প্ৰধান কাৰকবােৰ হ’ল ৰ’দ , বতাহ , বৰষুণ , নৈৰ বােৱতী পানী , সাগৰৰ টৌ , হিমবাহ আদিয়ে প্রধান । 

প্রশ্ন ৬। স্তুপ পর্বত কাক বােলে ? 

উত্তৰঃ ভূ – গর্ভত সংঘটিত হােৱা ভূ – আন্দোলনৰ বাবে ভূ – পৃষ্ঠৰ কোনাে অংশ তললৈ বহি যায় বা কোনাে অংশ ওপৰলৈ উঠি আহে । এনেদৰে উঠি অহা খণ্ডকে স্তুপ পর্বত বােলে । উদাহৰণ — জার্মেনীৰ ব্রেক ফৰেষ্ট পর্বত । 

প্রশ্ন ৭। গ্রস্ত উপত্যকা কাক বােলে ? 

উত্তৰঃ ভূ – আন্দোলনৰ বাবে ভূ – পৃষ্ঠৰ কোনাে এটা অংশ বহি যায় বা কোনাে এটা অংশ ওপৰলৈ উঠি আহে । এনেদৰে বহি যােৱা অংশক গ্রস্ত উপত্যকা বােলে । যেনে — নর্মদা নদীৰ উপত্যকা । 

প্রশ্ন ৮। সঞ্চয়জাত পর্বত কেনেদৰে সৃষ্টি হয় ? 

উত্তৰঃ পৃথিৱীৰ বিভিন্ন অঞ্চলত ভূ – গর্ভৰ পৰা নিয়মীয়াকৈ বা মাজে – মাজে জুই , ধোৱা , লাভা , শিল , বালি আদি ওপৰলৈ সজোৰে ওলাই আহে । এইবােৰ ওলোৱা বাটক জ্বালামুখী বােলে । জ্বালামুখীৰ চাৰিওফালে ভূ – গর্ভৰ পৰা ওলােৱা বস্তুবােৰ জমা হৈ হৈ কালক্ৰমত এক পৰ্বতৰ সৃষ্টি হয় । সঞ্চিত পদাৰ্থৰে সৃষ্টি হােৱা এনে পর্বতকে সঞ্চয়জাত পর্বত বােলে । উদাহৰণ — জাপানৰ ফুজিয়ামা পর্বত ।

প্রশ্ন ৯। নগ্নীভূত বা অৱশিষ্ট পর্বত কেনেদবে সৃষ্টি হয় ?

উত্তৰঃ বৃহৎ মালভূমি বা উচ্চভূমি অঞ্চল বতাহ বৰষুণৰ ক্ৰিয়াৰ বাবে ক্ষয় হয় । অতি টান শিলাময় অঞ্চলৰ তুলনাত কোমল শিলাৰে গঠিত মাটিভাগ অতি সােনকালে ক্ষয় যায় । এনে কাৰ্যৰ বাবে একালত গৈ টান শিলাৰ কমকৈ ক্ষয় হােৱা  অংশ পৰ্বতৰ আকাৰত ৰয়গৈ আৰু ক্ষয় যােৱা নিম্নভূমি বা দ অংশ উপত্যকালৈ পর্যবসিত হয় । এনেদৰে নগ্নীভূত বা অৱশিষ্ট পৰ্বতৰ সৃষ্টি হয় । যেনে — ভাৰতৰ পূর্বঘাট পর্বত। 

প্রশ্ন ১০। মালভূমি আৰু পৰ্বতৰ মাজত পার্থক্য কি ? 

উত্তৰঃ মালভূমি আৰু পৰ্বতৰ মাজত পার্থক্য হল — পর্বতসমূহ সুউচ্চ শৃংগ , শৈলসিৰা বা থিয় ঢালেৰে গঠিত । কিন্তু মালভূমিবােৰ বিস্তীর্ণ উচ্চভূমি হলেও পর্বতৰ দৰে শৃংগ , ঢাল আদি মালভূমিত নাথাকে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top