Niketan Class 6 Social Chapter 5 ভূগােলৰ অধ্যয়ন – আহিলা

Niketan Class 6 Social Chapter 5 ভূগােলৰ অধ্যয়ন – আহিলা is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 6 Social Chapter 5 ভূগােলৰ অধ্যয়ন – আহিলা and select need one.

Niketan Class 6 Social Chapter 5 ভূগােলৰ অধ্যয়ন – আহিলা

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 6 Social Chapter 5 ভূগােলৰ অধ্যয়ন – আহিলা Solutions for All Subjects, You can practice these here.

ভূগােলৰ অধ্যয়ন – আহিলা

Chapter – 5

সমাজ বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

অনুশীলনী

প্রশ্ন ১। তলৰ প্রশ্নবােৰৰ চমু উত্তৰ লিখা— 

( ক ) মানচিত্ৰৰ মাপনী কাক বােলে ? 

উত্তৰঃ ভূ – পৃষ্ঠৰ দুখন ঠাইৰ মাজৰ দূৰত্ব আৰ মানচিত্ৰৰ সেই ঠাই দুখনৰ দূৰত্বৰ অনুপাতেই হ’ল মাপনী । 

( খ ) মাপনী কেই প্ৰকাৰৰ ? 

উত্তৰঃ মাপনী দুই প্রকাৰৰ । [ বি.দ্র . :- সাধাৰণতে মাপনী তিনি প্রকাৰৰ । যেনে— ভাষিক মাপনী , নিৰূপক ভগ্নাংশ আৰু ৰৈখিক মাপনী ] 

( গ ) গােলকৰ তুলনাত মানচিত্ৰৰ সুবিধাবােৰ কি কি ? 

উত্তৰঃ গােলকৰ তুলনাত মানচিত্রত সুবিধাবােৰ বেছি । যেনে— 

( ১ ) গােলকত পৃথিৱীৰ সকলাে বস্তু একেলগে স্পষ্টকৈ দেখুৱাবলৈ অসুবিধা । কিন্তু মানচিত্ৰত একো একোখন ঠাইৰ সকলােবােৰ বস্তু স্পষ্টকৈ দেখুৱাব পাৰি ।

( ২ ) গােলকটো এঠাইৰ পৰা আন এঠাইলৈ কঢ়িয়াই নিবলৈ অসুবিধা । কিন্তু মানচিত্ৰবােৰ কঢ়িয়াই নিবলৈ অসুবিধা নহয় । 

( ঘ ) মানচিত্র আৰু নক্সাৰ মাজত পার্থক্য কি ? 

উত্তৰঃ মানচিত্র আৰু নক্সাৰ মাজত পার্থক্য হল— 

( ১ ) মানচিত্ৰত সৰু মাপনী ব্যৱহাৰ কৰা হয় ; আনহাতে নক্সাত ডাঙৰ মাপনী ব্যৱহাৰ কৰা হয় ।

( ২ ) মানচিত্ৰত এটা অঞ্চলত থকা এটা ঘৰৰ কোঠাবােৰৰ দীঘ – প্রস্থ আদি সৰু মাপনীৰে দেখুৱাব নােৱাৰি । আনহাতে ঘৰ – দুৱাৰৰ আৰ্হিবােৰ নক্সাৰ সহায়ত দেখুওৱা হয় । 

( ঙ ) সাংকেতিক চিহ্ন কাক বােলে ? 

উত্তৰঃ প্রাকৃতিক বস্তু আৰু মানুহে সজা বস্তুবােৰ মানচিত্র উপস্থাপন কৰিবলৈ কিছুমান বিশেষ চিন ব্যৱহাৰ কৰা হয় । এই চিনবােৰকে সাংকেতিক চিহ্নবুলি কোৱা হয় ।

প্রশ্ন ২। শুদ্ধ উত্তৰটো বাছি উলিওৱা – 

( ক ) যাতায়াত দেখুওৱা মানচিত্র কোন বিধৰ ? 

( ১ ) ৰাজনৈতিক ।

( ২ ) বিষয়ভিত্তিক ।

( ৩ ) প্রাকৃতিক ।

উত্তৰঃ ( ২ ) বিষয়ভিত্তিক । 

( খ ) মানচিত্রত দিশ দেখুওৱা কাঁড় চিনডালে কোনটো দিশ দেখুৱায় ? 

( ১ ) পূর্ব ।

( ২ ) উত্তৰ ।

( ৩ ) দক্ষিণ ।

উত্তৰঃ ( ২ ) উত্তৰ । 

( গ ) নদী বা জলভাগ দেখুৱাবলৈ মানচিত্রত কি ৰং ব্যৱহাৰ কৰা হয় ? 

( ১ ) মুগা । 

( ২ ) সেউজীয়া ।

( ৩ ) নীলা । 

উত্তৰঃ ( ৩ ) নীলা । 

( ঘ ) তলৰ কোনটোত মাপনীৰ প্ৰয়ােজন নাই ? 

( ১ ) মানচিত্রত ।

( ২ ) আৰ্হিচিত্রত ।

( ৩ ) নক্সাত ।

উত্তৰঃ ( ২ ) আৰ্হিচিত্রত ।

অতিৰিক্ত প্রশ্নোত্তৰ

( ক ) তলৰ প্রশ্নবােৰৰ অতি চমুকৈ উত্তৰ দিয়া । 

প্রশ্ন ১। ভূচিত্ৰাৱলী কি ? 

উত্তৰঃ মানচিত্র অধ্যয়নৰ কিতাপখনক ভূচিত্ৰাৱলী বুলি কোৱা হয় । 

প্রশ্ন ২। মানচিত্র শব্দৰ অর্থ কি ? 

উত্তৰঃ ‘ মান ’ মানে ‘ জোখ ’ আৰু ‘ চিত্র ’ মানে ছবি । অর্থাৎ জোখ – মাপ কৰি আঁকা ছবি ।

প্রশ্ন ৩। আৰ্হি চিত্র কি ? 

উত্তৰঃ মাপনী ব্যৱহাৰ নকৰাকৈ কোনাে এটা অঞ্চলত ক’ত কি আছে সেইবােৰ দেখুৱাই কাগজত অংকন কৰা চিত্রকে আৰ্হি চিত্র বােলে । 

প্রশ্ন ৪। নক্সা কি ? 

উত্তৰঃ মানচিত্ৰত ডাঙৰ মাপনী ব্যৱহাৰ কৰি অংকন কৰা সৰু ঠাই এখনৰ চিত্ৰই হ’ল নক্সা । 

( খ ) খালী ঠাই পূৰ কৰা –

১। ……………. হ’ল বহুতাে মানচিত্রৰ সমষ্টি । 

উত্তৰঃ ভূচিত্ৰাৱলী । 

২। …………….. নামৰ যন্ত্ৰৰ দ্বাৰা দিশ নির্ণয় কৰা হয় । 

উত্তৰঃ কম্পাছ । 

৩। মানচিত্ৰত পৰ্বত – পাহাৰ আদি দেখুৱাবলৈ ……………. ৰঙটো ব্যৱহাৰ কৰা হয় ।

উত্তৰঃ মুগা বা মটীয়া ৰঙটো । 

৪। …………….. ত মাপনী ব্যৱহাৰ কৰা নহয় । 

উত্তৰঃ আৰ্হিচিত্রত । 

৫। কম্পাছৰ চুম্বকীয় কাঁটা সদায় উত্তৰ ……………… হৈ থাকে ।

উত্তৰঃ দক্ষিণ । 

( গ ) তলৰ প্রশ্নবােৰৰ চমুকৈ উত্তৰ দিয়া ।

প্রশ্ন ১। প্রাকৃতিক মানচিত্র কাক বােলে ? 

উত্তৰঃ যি মানচিত্ৰত এখন দেশ বা এটা অঞ্চলৰ বা গােটেই পৃথিৱীৰ মূল পর্বত , নদী , উদ্ভিদ আদিৰ ভৌগােলিক তথ্যসমূহ দেখুওৱা হয় তেনে মানচিত্রক প্রাকৃতিক মানচিত্র বােলে । 

প্রশ্ন ২। ৰাজনৈতিক মানচিত্র কাক বােলে ? 

উত্তৰঃ যি মানচিত্ৰত দেশ , মহাদেশ , ৰাজ্য , জিলা আদিৰ চাৰিসীমা , ৰাজধানী , প্রধান ঠাই আদি দেখুওৱা হয় , তেনে মানচিত্ৰক ৰাজনৈতিক মানচিত্র বােলে ।

প্রশ্ন ৩। বিষয়ভিত্তিক মানচিত্র কাক বােলে ? 

উত্তৰঃ যি মানচিত্ৰত বিশেষ বিষয় যেনে — জনসংখ্যা ঘনত্ব , ৰে’ল যাতায়াত , বৃষ্টিপাত , উদ্যোগ আদি বিশেষভাৱে এটা বিষয় অংকন কৰা হয় তেনে মানচিত্রক বিষয়ভিত্তিক মানচিত্র বােলে।

প্রশ্ন ৪। সাধাৰণ মানচিত্র কাক বােলে ? 

উত্তৰঃ প্রাকৃতিক আৰু ৰাজনৈতিক তথ্যসমূহ একেলগে দেখুওৱা মানচিত্রক সাধাৰণ মানচিত্র বােলে । 

প্রশ্ন ৫। মানচিত্র অংকন কৰিবলৈ কি কি উপাদান প্রয়ােজন হয় ? 

উত্তৰঃ মানচিত্র অংকন কৰিবলৈ প্রয়ােজন হােৱা উপাদানসমূহ হ’ল— দূৰত্ব , দিশ আৰু সাংকেতিক চিহ্ন । 

প্রশ্ন ৬। ভূগােল অধ্যয়নৰ কেইবিধমান আহিলাৰ নাম লিখা । 

উত্তৰঃ ভূগােল অধ্যয়নৰ আহিলাসমূহ হ’ল— মেপ , আৰ্হিচিত্র , গােলক , ভূচিত্ৰাৱলী , নক্সা ইত্যাদি । 

প্রশ্ন ৭। চমুটোকা লিখা –

( ক ) আৰ্হিচিত্র

উত্তৰঃ মাপনীৰ সহায় নােলােৱাকৈ কোনাে এটা অঞ্চলত ক’ত কি আছে সেইবােৰ দেখুৱাই কাগজত অংকন কৰা চিত্রকে আর্থিচিত্র বােলে । এনে চিত্র অংকন কৰােতে একোখন ঠাইৰ ক’ত কি আছে মনত ৰাখি অনুমান আৰু সাধাৰণ ধাৰণাৰ ওপৰত নিৰ্ভৰ কৰি অংকন কৰা হয় । 

( খ ) নক্সা ।

উত্তৰঃ মানচিত্ৰত ডাঙৰ মাপনী ব্যৱহাৰ কৰি অংকন কৰা সৰু ঠাই এখনৰ চিত্ৰই হ’ল নক্সা । সাধাৰণতে ঘৰ – দুৱাৰৰ আৰ্হি বা কোনাে চৌহদত থকা ঘৰ – দুৱাৰবােৰ নক্সাৰ সহায়ত দেখুওৱা হয়। 

( গ ) মাপনী ।

উত্তৰঃ ভূ – পৃষ্ঠৰ দুখন ঠাইৰ মাজৰ দূৰত্ব আৰু মানচিত্ৰৰ সেই ঠাই দুখন বুজোৱা বিন্দু দুটাৰ মাজৰ দূৰত্বৰ অনুপাতেই হ’ল মাপনী । এখন ডাঙৰ ঠাই যেনে— ৰাজ্য , দেশ আদি আঁকিবলৈ সৰু মাপনী ব্যৱহাৰ কৰা হয়। আনহাতে সৰু অঞ্চল যেনে— এখন গাঁও , এটা চুবুৰি আদি আঁকিবলৈ ডাঙৰ মাপনী ব্যৱহাৰ কৰা হয় । মাপনীৰ অবিহনে মানচিত্র শুদ্ধ ৰূপত আঁকিব নােৱাৰি ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top