Niketan Class 6 Social Chapter 4 পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ

Niketan Class 6 Social Chapter 4 পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 6 Social Chapter 4 পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ and select need one.

Niketan Class 6 Social Chapter 4 পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 6 Social Chapter 4 পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ Solutions for All Subjects, You can practice these here.

পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ

Chapter – 4

সমাজ বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

অনুশীলনী

প্রশ্ন ১। তলৰ প্ৰশ্নকেইটাৰ উত্তৰ লিখা— 

( ক ) মহাদেশ কেইখনৰ নাম লিখা । 

উত্তৰঃ পৃথিৱীৰ মহাদেশ সাতখন । যেনে — 

১। এছিয়া ।

২। ইউৰােপ ।

৩। আফ্রিকা ।

৪। উত্তৰ আমেৰিকা ।

৫। দক্ষিণ আমেৰিকা ।

৬। ওচেনিয়া । আৰু 

৭। এন্টার্কটিকা । 

( খ ) মহাসাগৰ কেইখনৰ নাম লিখা । 

উত্তৰঃ মহাসাগৰ পাঁচখন । যেনে — 

১। প্রশান্ত মহাসাগৰ ।

২। আটলান্টিক মহাসাগৰ ।

৩। ভাৰত মহাসাগৰ ।

৪। উত্তৰ মহাসাগৰ । আৰু

৫। দক্ষিণ মহাসাগৰ । 

( গ ) এছিয়া মহাদেশৰ তিনিটা বিশেষত্বৰ বিষয়ে লিখা । 

উত্তৰঃ এছিয়া মহাদেশ আটাইতকৈ ডাঙৰ মহাদেশ । এই মহাদেশখনৰ বন্ধুৰতা , জলবায়ু আৰু ভূ – প্রাকৃতিক অৱয়বৰ অনেক বৈশিষ্ট্য আছে । এই মহাদেশৰ তিনিটা বিশেষত্ব হল— 

( ১ ) পৃথিৱীৰ প্রথম , দ্বিতীয় আৰু তৃতীয় উচ্চতম শৃংগ ক্রমে এভাৰেষ্ট , গড উইন অষ্টিন ( K₂ ) আৰু কাঞ্চনজংঘা এই মহাদেশত আছে । 

( ২ ) এই মহাদেশত শীতল আৰু উষ্ণ মৰুভূমি দুয়ােধৰণৰ মৰু অঞ্চলেই আছে । 

( ৩ ) এই মহাদেশত সর্ববৃহৎ হ্রদ কাস্পিয়ান , উচ্চতম মালভূমি পামিৰ, বৃহৎ মালভূমি তিব্বত , বৃহত্তম ব – দ্বীপ সুন্দৰবন আদি বহুতাে বৈশিষ্ট্যযুক্ত ভূ – অৱয়ব আছে । 

( ঘ ) বায়ুমণ্ডলৰ প্ৰধান গেছীয় উপাদানবােৰ কি কি ? 

উত্তৰঃ বায়ুমণ্ডলৰ প্রধান গেছীয় উপাদানবোৰ হ’ল — 

১। নাষ্ট্র’জেন ( ৭৮ ভাগ ) ।

২। অক্সিজেন ( ২১ ভাগ ) ।

৩। কার্বন – ডাই – অক্সাইড ।

৪। হাইড্রজেন ।

৫। হিলিয়াম ।

৬। আর্গন আদি ১ ভাগ । 

ইয়াৰ উপৰি জলীয় বাষ্প , ধোৱা , ধূলিকণা আদিও বায়ুমণ্ডলৰ উপাদান । 

( ঙ ) জীৱমণ্ডল কাক বােলে ? 

উত্তৰঃ পৃথিৱীৰ যিটো মণ্ডলত জীৱ জীয়াই থকাৰ পৰিবেশ আছে সেইটোকে জীৱমণ্ডল বুলি কোৱা হয় । আচলতে স্থলমণ্ডল , জলমণ্ডল আৰু বায়ুমণ্ডলে একেলগে জীৱ থকাৰ পৰিবেশ সৃষ্টি কৰিছে । জীৱমণ্ডলক দুটা ভাগত ভাগ ভাগ কৰিছে –উদ্ভিদ জগত আৰু প্রাণী জগত । 

প্রশ্ন ২। শুদ্ধ উত্তৰ বাছি উলিওৱা— 

( ক ) আটাইতকৈ ডাঙৰ মহাদেশ 

( ১ ) এছিয়া ।

( ২ ) ইডৰােপ ।

( ৩ ) আফ্রিকা ।

উত্তৰঃ ( ১ ) এছিয়া । 

( খ ) ইংৰাজী ‘ s ’ আখৰৰ নিচিনা মহাসাগৰ কোনখন ? 

( ১ ) প্রশান্ত মহাসাগৰ ।

( ২ ) আটলান্টিক মহাসাগৰ ।

( ৩ ) ভাৰত মহাসাগৰ ।

উত্তৰঃ ( ২ ) আটলান্টিক মহাসাগৰ । 

( গ ) মেৰিয়ানা খাদ কোন মহাসাগৰত ? 

( ১ ) আটলান্টিক মহাসাগৰত ।

( ২ ) প্রশান্ত মহাসাগৰ ।

( ৩ ) ভাৰত মহাসাগৰত ।

উত্তৰঃ ( ২ ) প্রশান্ত মহাসাগৰত । 

( ঘ ) ৰকী – পর্বত কোন মহাদেশ 

( ১ ) এছিয়াত ।

( ২ ) হউৰােপত ।

( ৩ ) উত্তৰ আমেৰিকাত । 

উত্তৰঃ ( ৩ ) উত্তৰ আমেৰিকাত । 

প্রশ্ন ২। মহাসাগৰ কেইখনৰ এক চমু বিৱৰণ লিখা। 

উত্তৰঃ পৃথিৱীত মহাসাগৰ পাঁচখন আছে । যেনে— 

১। প্রশান্তমহাসাগৰ ।

২। আটলান্টিক মহাসাগৰ ।

৩। ভাৰত মহাসাগৰ ।

৪। উত্তৰ মহাসাগৰ । আৰু 

৫। দক্ষিণ মহাসাগৰ । 

প্রশান্ত মহাসাগৰ সর্ববৃহৎ মহাসাগৰ । পৃথিৱীৰ গভীৰতম খাদ মেৰিয়ানা এই মহাসাগৰতে অৱস্থিত । 

আটলান্টিক মহাসাগৰ পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ । ইয়াৰ আকৃতি ইংৰাজী ‘ s ’ আখৰটোৰ দৰে । উন্নত দেশবােৰ এই মহাসাগৰৰ দুয়ােকাষে থকাৰ বাবে আৰু উপকূলভাগত বন্দৰ , পােতাশ্রয় স্থাপনৰ সুবিধা থকাৰ বাবে এই মহাসাগৰ ব্যৱসায় বাণিজ্যৰ ফালৰ পৰা অতিশয় গুৰুত্বপূর্ণ ।

ভাৰত মহাসাগৰ পৃথিৱীৰ তৃতীয় বৃহত্তম মহাসাগৰ। এই মহাসাগৰৰ আকৃতি ত্রিভুজৰ দৰে। এই মহাসাগৰৰ উত্তৰে আছে এছিয়া , দক্ষিণে ইন্দোনেছিয়া আৰু অষ্ট্রেলিয়াৰ তটৰেখা , পূবে অষ্ট্রেলিয়া আৰু পশ্চিমে আফ্রিকা । 

উত্তৰ মহাসাগৰ উত্তৰ মেৰুৰ চাৰিওফালে অৱস্থিত । দক্ষিণ মহাসাগৰ – এন্টার্কটিকা বা কুমেৰু মহাদেশৰ চাৰিওফালে অৱস্থিত । 

অতিৰিক্ত প্রশ্নোত্তৰ

( ক ) অতি চমুকৈ উত্তৰ দিয়া –

প্রশ্ন ১। স্থল মণ্ডল কাক বােলে ? 

উত্তৰঃ পৃথিৱীৰ কঠিন অংশ , য’ত আমি বসবাস কৰি আছো তাকে স্থল ভাগ বা স্থলমণ্ডল বােলে । 

প্রশ্ন ২। বায়ুমণ্ডল কাক বােলে ? 

উত্তৰঃ স্থলমণ্ডল আৰু বায়ুমণ্ডলক আৱৰি থকা গেছীয় আৱৰণটোক বায়ুমণ্ডল বােলে । 

প্রশ্ন ৩। জীৱমণ্ডল কাক বােলে ? 

উত্তৰঃ স্থলমণ্ডল , বায়ুমণ্ডল আৰু জলমণ্ডলৰ ভিতৰত বসবাস কৰা জীৱকুলকে জীৱমণ্ডল বােলে । 

প্রশ্ন ৪। জলমণ্ডল কাক বােলে ? 

উত্তৰঃ খাল , বিল , হ্রদ , সাগৰ , মহাসাগৰ আদি পানীৰে ভৰি থকা অঞ্চলবােৰক জলমণ্ডল বােলে। 

প্রশ্ন ৫। এভাবেষ্ট শৃংগৰ উচ্চতা কিমান ? 

উত্তৰঃ এভাৰেষ্ট শৃংগৰ উচ্চতা ৮,৮৪৮ মিটাৰ । 

প্রশ্ন ৬। মেৰিয়ানা খাদৰ গভীৰতা কিমান ? 

উত্তৰঃ মেৰিয়ানা খাদৰ গভীৰতা ১১,০২২ মিটাৰ । 

প্রশ্ন ৭। গড-উইন – অষ্টিন শৃংগক আন কি নামেৰে জনাজাত ? 

উত্তৰঃ গড-উইন অষ্টিন শৃংগক K₂ বা কে – টু বুলি জনাজাত । 

প্রশ্ন ৮। পৃথিৱীৰ সৰ্ববৃহৎ হ্রদটোৰ নাম কি ? 

উত্তৰঃ পৃথিৱীৰ সৰ্ববৃহৎ হ্রদটোৰ নাম কাস্পিয়ান ।

প্রশ্ন ৯। পৃথিৱীৰ উচ্চতম আৰু বৃহৎ মালভূমি দুটাৰ নাম কি কি ? 

উত্তৰঃ উচ্চতম মালভূমি হ’ল পামিৰ আৰু সর্ববৃহৎ মালভূমি হ’ল তিব্বত । 

প্রশ্ন ১০। পৃথিৱীৰ সর্বাধিক জনবহুল দেশ কোনখন ? 

উত্তৰঃ পৃথিৱীৰ সর্বাধিক জনবহুল দেশ হ’ল চীন । 

প্রশ্ন ১১। পৃথিৱীৰ বৃহত্তম ব – দ্বীপটোৰ নাম কি ? 

উত্তৰঃ বৃহত্তম ব – দ্বীপটোৰ নাম সুন্দৰবন । 

প্রশ্ন ১২। পৃথিৱীৰ সর্ববৃহৎ মৰুভূমিখনৰ নাম কি ? 

উত্তৰঃ সর্ববৃহৎ মৰুভূমিখনৰ নাম ছাহাৰা । 

প্রশ্ন ১৩। আফ্রিকা মহাদেশত অৱস্থিত বৃহৎ মৰুভূমিখনৰ নাম কি ? 

উত্তৰঃ ছাহাৰা মৰুভূমি । 

প্রশ্ন ১৪। উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাক সংযােগ কৰা যােজকটোৰ নাম কি ? 

উত্তৰঃ পানামা যােজকে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাক লগ লগাইছে । 

প্রশ্ন ১৫। যােজক কাক বােলে ? 

উত্তৰঃ দুটা বৃহৎ ভূ – খণ্ডক সংযােগ কৰা ঠেকভূ – খণ্ডকে যােজক বােলে । যেনে— পানামা যােজক । 

প্রশ্ন ১৬। পানামা খাল কি ? 

উত্তৰঃ পানামা যােজকক খান্দি আটলান্টিক আৰু প্রশান্ত মহাসাগৰক সংযােগ কৰা হৈছে , লগতে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেকিাৰ ভূ – খণ্ডক পৃথক কৰা হৈছে । এই খালটোকে পানামা খাল বােলে ।

প্রশ্ন ১৭। ৰকী পর্বতমালা ক’ত অৱস্থিত ? 

উত্তৰঃ ৰকী পর্বতমালা উত্তৰ আমেৰিকাত অৱস্থিত । 

প্রশ্ন ১৮। পৃথিৱীৰ আটাইতকৈ বহল নদীখনৰ নাম কি ? 

উত্তৰঃ পৃথিৱীৰ আটাইতকৈ বহল নদীখন হ’ল আমাজান । 

প্রশ্ন ১৯। আমাজান নদীখন ক’ত অৱস্থিত ? 

উত্তৰঃ আমাজান নদীখন দক্ষিণ আমেৰিকাত অৱস্থিত । 

প্রশ্ন ২০। দক্ষিণ আমেৰিকাত থকা পর্বত শাৰীৰ নাম কি ? 

উত্তৰঃ দক্ষিণ আমেৰিকাত থকা পর্বত শাৰীৰ নাম এণ্ডিজ ।

প্রশ্ন ২১। দক্ষিণ আমেৰিকাৰ মাজেৰে পাৰ হৈ যােৱা উল্লেখযােগ্য অক্ষৰেখা দুডালৰ নাম কি ? 

উত্তৰঃ বিষুব ৰেখা আৰু মকৰ ক্ৰান্তি অক্ষৰেখা দুডাল এই মহাদেশৰ মাজেৰে পাৰ হৈ গৈছে । 

প্রশ্ন ২২। পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশখনৰ নাম কি ? 

উত্তৰঃ পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশখনৰ নাম হ’ল ওচেনিয়া । 

প্রশ্ন ২৩। এন্টার্কটিকা মহাদেশত থকা ভাৰতৰ গৱেষণা কেন্দ্র দুটাৰ নাম কি কি ? 

উত্তৰঃ এন্টার্কটিকা মহাদেশত থকা ভাৰতৰ গৱেষণা কেন্দ্র দুটাৰ নাম হ’ল— 

১। গংগ্রোত্ৰী । আৰু 

২। মৈত্রী । 

প্রশ্ন ২৪। পৃথিৱীৰ কিমান শতাংশ পানী লুণীয়া ? 

উত্তৰঃ পৃথিৱীৰ প্রায় ২ শতাংশ পানী লুণীয়া । 

প্রশ্ন ২৫। বায়ুমণ্ডলৰ আৱৰণটো ভূ – পৃষ্ঠৰ পৰা কিমান ওপৰলৈ আৱৰি আছে ? 

উত্তৰঃ বায়ুমণ্ডলৰ আৱৰণটো ভূ – পৃষ্ঠৰ পৰা ১০,০০০ কি.মি. ওপৰলৈ ব্যাপি আছে । 

প্রশ্ন ২৬। বায়ুমণ্ডলটোক কেইটা স্তৰ বা তৰপত ভাগ কৰা হৈছে ? 

উত্তৰঃ বায়ুমণ্ডলটোক চাৰিটা স্তৰত ভাগ কৰা হৈছে । 

প্রশ্ন ২৭। বায়ুমণ্ডলৰ একেবাৰে তলৰ স্তৰটোৰ নাম কি ? 

উত্তৰঃ বায়ুমণ্ডলৰ একেবাৰে তলৰ স্তৰটোৰ নাম — ট্রপ’স্পিয়েৰ । 

প্রশ্ন ২৮। ট্রপম্পিয়েৰ স্তৰটোৰ গড় উচ্চতা কিমান ? 

উত্তৰঃ ট্ৰপস্পিয়েৰ স্তৰটোৰ গড় উচ্চতা প্রায় ১০ কি.মি. ।

( খ ) চমুকৈ উত্তৰ দিয়া –

প্রশ্ন ১। বায়ুমণ্ডলৰ স্তৰ চাৰিটাৰ নাম লিখা । 

উত্তৰঃ বায়ুমণ্ডলৰ স্তৰ চাৰিটাৰ নাম হ’ল— 

১। ট্ৰপস্ফিয়েৰ ।

২। ষ্ট্রেট’স্ফিয়েৰ ।

৩। মেছ’স্ফিয়েৰ । আৰু 

৪। থার্ম’স্ফিয়েৰ । 

প্রশ্ন ২। থার্ম’স্ফিয়েৰ স্তৰটোক কি কি নামেৰে জনা যায় ? 

উত্তৰঃ থার্ম’স্ফিয়েৰ স্তৰটোৰ নিম্ন অংশক আয়ন’স্ফিয়েৰ আৰু ওপৰৰ অংশক এক্স’স্ফিয়েৰ বুলি জনা যায় ।

প্রশ্ন ৩। ট্রপ’স্ফিয়েৰ অঞ্চলটো কিয় অশান্ত অৱস্থাত থাকে ? 

উত্তৰঃ ট্রপ’স্ফিয়েৰ স্তৰটো স্থলভাগৰ গাতে লাগি থকা বাবে অতি অশান্ত হৈ থাকে । বতাহ , বৰষুণ , মেঘ , বিজুলী – ঢেকেনি আদি প্রাকৃতিক ঘটনাবােৰ এই মণ্ডলতে সংঘটিত হয় । 

প্রশ্ন ৪। মানুহৰ কার্যকলাপে কেনেদৰে প্ৰাকৃতিক পৰিবেশ বিনষ্ট কৰিছে, যিকোনাে তিনিটা কাৰণ উল্লেখ কৰা ৷ 

উত্তৰঃ মানুহৰ কার্যকলাপে প্রাকৃতিক পৰিবেশৰ বিনষ্ট কৰিছে । যেনে— 

( ক ) মানুহে নিজৰ স্বাৰ্থৰ বাবে বনাঞ্চল ধ্বংস কৰিছে । 

( খ ) ইয়াৰ ফলত বহুতাে উদ্ভিদ প্রজাতি বিলুপ্তি হৈছে । 

( গ ) উদ্ভিদ নােহােৱাৰ ফলত কিছুমান প্রাণীৰাে পৰিবেশৰ পৰা বিলুপ্তি হৈছে । 

( গ ) খালী ঠাই পূৰ কৰা –

১। আফ্রিকা মহাদেশৰ বেছিভাগ অঞ্চলৰ জলবায়ু গৰম আৰু………………… ।

উত্তৰঃ সেমেকা । 

২। পৃথিৱীৰ সর্ববৃহৎ মৰুভূমি হ’ল …………….. ।

উত্তৰঃ ছাহাৰা । 

৩। ……………… ৰ পশ্চিম সীমাত সংযুক্ত হৈ আছে ইউৰােপ মহাদেশ। 

উত্তৰঃ এছিয়া । 

8। ………………. খালে আটলান্টিক আৰু প্রশান্ত মহাসাগৰক সংযােগ কৰিছে । 

উত্তৰঃ পানামা । 

৫। ……………….. ক দ্বীপ মহাদেশ বুলিও কোৱা হয় । 

উত্তৰঃ অষ্ট্রেলিয়াক । 

৬। পৃথিৱীৰ মুঠ মাটিকালিৰ শতকৰা প্রায় ………………. ভাগ পানীৰে আগুৰি আছে। 

উত্তৰঃ ৭১ ভাগ । 

৭। পৃথিৱীৰ মুঠ পানীভাগৰ প্ৰায় ………………. শতাংশ লুণীয়া পানী । 

উত্তৰঃ ৯৮ শতাংশ । 

৮। ট্র’পস্ফিয়েৰৰ স্তৰৰ ওপৰৰ স্তৰটো হ’ল ……………….। 

উত্তৰঃ স্ট্রেট স্ফিয়েৰ ।

৯। বায়ুমণ্ডলত আটাইতকৈ বেছিকৈ থকা গেছবিধ হল ………………।

উত্তৰঃ নাইট্র’জেন । 

১০। ……………….. মহাসাগৰ উত্তৰ মেৰুৰ চৌদিশে অৱস্থিত । 

উত্তৰঃ উত্তৰ মহাসাগৰ ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top