Niketan Class 6 Social Chapter 25 স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থা

Niketan Class 6 Social Chapter 25 স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থা is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 6 Social Chapter 25 স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থা and select need one.

Niketan Class 6 Social Chapter 25 স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থা

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 6 Social Chapter 25 স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থা Solutions for All Subjects, You can practice these here.

স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থা

Chapter – 25

সমাজ বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

অনুশীলনী

পশ্ন ১। একোটা বাক্যত উত্তৰ দিয়া –

( ক ) গাঁও অঞ্চলৰ স্থানীয় স্বায়ত্তশাসনৰ অনুষ্ঠান কেইটা আৰু কি কি ? 

উত্তৰঃ গাঁও অঞ্চলত থকা স্থানীয় স্বায়ত্ত শাসনৰ অনুষ্ঠান ৩ টা । সেইকেইটা হ’ল — 

১। গাঁও পঞ্চায়ত ।

২। আঞ্চলিক পঞ্চায়ত । আৰু 

৩। জিলা পৰিষদ । 

( খ ) স্থানীয় চৰকাৰসমূহৰ কাৰ্যকাল কিমান বছৰ ? 

উত্তৰঃ স্থানীয় চৰকাৰসমূহৰ কার্যকাল ৫ বছৰ । 

( গ ) পৌৰ নিগমৰ সভাপতিক কি বুলি কোৱা হয় ? 

উত্তৰঃ পৌৰ নিগমৰ সভাপতিক মেয়ৰ বুলি কোৱা হয় ।

( ঘ ) জনজাতীয় অঞ্চলৰ বাবে থকা স্থানীয় শাসনৰ অনুষ্ঠানবােক কি বোলে ? 

উত্তৰঃ জনজাতীয় অঞ্চলৰ বাবে থকা স্থানীয় শাসনৰ অনুষ্ঠানবােক স্বায়ত্ত শাসিত পৰিষদ বােলে । 

প্রশ্ন ২। ( ক ) পৌৰসভা ক’ত গঠন কৰা হয় ? 

উত্তৰঃ যিবিলাক নগৰৰ জনসংখ্যা দহ হাজাৰৰ পৰা এক লাখৰ ভিতৰত হয় , তেনে নগৰত পৌৰসভা গঠন কৰা হয় । 

( খ ) গাঁও পঞ্চায়তৰ সদস্য কেইজন আৰু তেওঁলােকক কোনে নির্বাচন কৰে ? 

উত্তৰঃ এগৰাকী সভাপতি বা সভানেত্রী আৰু ১০ গৰাকী সদস্য লৈ গাঁও পঞ্চায়ত গঠন হয় । এওঁলােকক পঞ্চায়ত এলেকাৰ ৰাইজে নির্বাচন কৰে। 

( গ ) গাঁও পঞ্চায়তে কৰিব লগা চাৰিটা কামৰ বিষয়ে লিখা । 

উত্তৰঃ গাঁও পঞ্চায়তে কৰিব লগা চাৰিটা কাম হৈছে— 

( ১ ) কুটীৰ শিল্পৰ উন্নয়ন । 

( ২ ) বাট – পথ নির্মাণ আৰু মেৰামতি । 

( ৩ ) বিজুলী চাকিৰ ব্যৱস্থা কৰা । আৰু 

( ৪ ) বিশুদ্ধ খােৱা পানীৰ যােগান । 

( ঘ ) অসমৰ চাৰিটা জনজাতিৰ নাম লিখা । 

উত্তৰঃ অসমৰ চাৰিটা জনজাতিৰ নাম হ’ল — কাৰ্বি , বড়াে , মিচিং আৰু ৰাভা । 

অতিৰিক্ত প্ৰশ্নোত্তৰ

প্রশ্ন ১। চমু উত্তৰ দিয়া –

( ক ) স্থানীয় স্বায়ত্ত শাসন মানে কি ? 

উত্তৰঃ স্থানীয়ভাৱে জনসাধাৰণে নিজৰ শাসন নিজে চলােৱা ব্যৱস্থাই হৈছে স্থানীয় স্বায়ত্তশাসন । 

( খ ) গাঁও পঞ্চায়ত ক’ত গঠন কৰা হয় ? 

উত্তৰঃ ৬০০০ ৰ পৰা ১০০০০ জনসংখ্যা থকা এটা এলেকাত গাঁও পঞ্চায়ত গঠন কৰা হয় ।

( গ ) আঞ্চলিক পঞ্চায়ত কত গঠন কৰা হয় ? 

উত্তৰঃ একো একোটা উন্নয়ন খণ্ডত একোখন আঞ্চলিক পঞ্চায়ত গঠন কৰা হয় ।

( ঘ ) জিলা পৰিষদ কত গঠন কৰা হয় ? 

উত্তৰঃ প্ৰতিখন জিলাতে একোখন জিলা পৰিষদ গঠন কৰা হয় । 

( ঙ ) নগৰ অঞ্চলৰ স্থানীয় শাসনৰ অনুষ্ঠানবােৰৰ নাম কি কি ? 

উত্তৰঃ নগৰ অঞ্চলৰ স্থানীয় শাসনৰ অনুষ্ঠানকেইটা হৈছে পৌৰনিগম , পৌৰসভা আৰু নগৰ সমিতি । 

( চ ) পৌৰনিগম ক’ত গঠন কৰা হয় ? 

উত্তৰঃ ১ লাখতকৈ অধিক জনসংখ্যা থকা অতি ডাঙৰ নগৰ বা মহানগৰত পৌৰনিগম গঠন কৰা হয় । 

( ছ ) অসমৰ একমাত্র পৌৰনিগমখন ক’ত আছে ? 

উত্তৰঃ অসমৰ গুৱাহাটী মহানগৰত পৌৰনিগম আছে । 

( জ ) গুৱাহাটী পৌৰনিগম কেতিয়া গঠন কৰা হয় ? 

উত্তৰঃ গুৱাহাটী পৌৰনিগম ১৯৭৪ চনত প্রথম গঠন কৰা হয় । 

( ঝ ) পৌৰসভা ক’ত গঠন কৰা হয় ? 

উত্তৰঃ কোনাে নগৰৰ জনসংখ্যা ১০ হাজাৰৰ পৰা এক লাখৰ ভিতৰত হ’লে তেনে নগৰত পৌৰসভা গঠন কৰা হয় । 

( ঞ ) নগৰ সমিতি ক’ত গঠন কৰা হয় ? 

উত্তৰঃ দহ হাজাৰতকৈ কম জনসংখ্যা থকা নগৰত নগৰ সমিতি গঠন কৰা হয় ।

( ট ) পৌৰসভাৰ সভাপতিক কি বুলি কোৱা হয় ? 

উত্তৰঃ পৌৰসভাৰ সভাপতিক পৌৰপতি বােলা হয় । 

প্রশ্ন ২। উত্তৰ লিখা— 

( ক ) গাঁও পঞ্চায়ত কেনেকৈ গঠন কৰা হয় ? 

উত্তৰঃ ৬০০০ ৰ পৰা ১০০০০ জনসংখ্যা থকা এটা এলেকাত গাঁও পঞ্চায়ত গঠন কৰা হয় । এগৰাকী সভাপতি বা সভানেত্রী আৰু ১০ গৰাকী সদস্যৰে গাঁও পঞ্চায়ত গঠন কৰা হয় । এওঁলােকক জনসাধাৰণে নির্বাচন কৰে । 

( খ ) আঞ্চলিক পঞ্চায়ত কেনেকৈ গঠন কৰা হয় ? 

উত্তৰঃ একোটা উন্নয়ন খণ্ডত একোখন আঞ্চলিক পঞ্চায়ত গঠন কৰা হয়।এখন আঞ্চলিক পঞ্চায়তে কেইবাখনাে গাঁও পঞ্চায়ত সামৰি লয় । আঞ্চলিক পঞ্চায়তখনে সামৰি লােৱা পঞ্চায়তসমূহৰ পৰা নির্বাচিত হৈ অহা সদস্যসকল , গাঁও পঞ্চায়তসমূহৰ সভাপতিসকল আৰু আঞ্চলিক পঞ্চায়তখনক প্রতিনিধিত্ব কৰা বিধায়ক আৰু সাংসদ কেইজনক লৈ আঞ্চলিক পঞ্চায়ত গঠন হয় । 

( গ ) জিলা পৰিষদ কেনেকৈ গঠন হয় ? 

উত্তৰঃ প্ৰতিখন জিলাতে একোখন জিলা পৰিষদ গঠন কৰা হয় । এখন জিলা পৰিষদৰ তলত কেইবাখনাে আঞ্চলিক পঞ্চায়ত থাকে । জিলা পৰিষদৰ অধীনৰ আঞ্চলিক পঞ্চায়তসমূহৰ পৰা নির্বাচিত সদস্যসকলক, আঞ্চলিক পঞ্চায়তসমূহৰ সভাপতিসকল আৰু জিলা পৰিষদখনক প্রতিনিধিত্ব কৰা সাংসদ আৰু বিধায়ক কেইজনক লৈ জিলা পৰিষদ গঠন হয় । 

( ঘ ) জনজাতীয় অঞ্চলৰ স্বায়ত্তশাসিত পৰিষদৰবোৰক কি কি দায়িত্ব দিয়া হয় ? 

উত্তৰঃ জনজাতীয় অঞ্চলৰ স্বায়ত্ত শাসিত পৰিষদৰবোৰক নিজ নিজ এলেকাৰ সামাজিক উন্নয়ন তথা নিয়ন্ত্রণ , সংস্কৃতিৰ বিকাশ , বনজ সম্পদৰ তদাৰক আদিৰ দায়িত্ব দিয়া হৈছে । 

প্রশ্ন ৩। উত্তৰ লিখা— 

( ক ) গাঁও অঞ্চলৰ স্থানীয় শাসন ব্যৱস্থাৰ বিষয়ে লিখা । 

উত্তৰঃ গাঁও অঞ্চলত তিনি প্ৰকাৰৰ স্থানীয় শাসনৰ অনুষ্ঠান আছে । সেইবােৰ হল— 

১। গাঁও পঞ্চায়ত ।

২। আঞ্চলিক পঞ্চায়ত । আৰু 

৩। জিলা পৰিষদ । 

৬০০০ ৰ পৰা ১০০০০ জনসংখ্যা থকা গাঁও এলেকাত গাঁও পঞ্চায়ত গঠন কৰা হয় । এগৰাকী সভাপতি বা সভানেত্রী আৰু ১০ গৰাকী সদস্যৰেগাঁও পঞ্চায়তগঠিত হয় । এওঁলােকক পঞ্চায়ত এলেকাৰ ৰাইজে নির্বাচন কৰে । প্ৰতিটো উন্নয়ন খণ্ডতে একোখন আঞ্চলিক পঞ্চায়ত গঠন কৰা হয় । আঞ্চলিক পঞ্চায়তে গাঁও পঞ্চায়তক বিভিন্ন কাম কৰাত সহায় কৰে । প্ৰতিখন জিলাতে একোখন জিলা পৰিষদ গঠন কৰা হয় । জিলাপৰিষদে জিলা এখনৰ সামগ্রিক উন্নয়নৰ দায়িত্ব গ্রহণ কৰে । 

( খ ) নগৰ অঞ্চলৰ স্থানীয় শাসনৰ বিষয়ে লিখা । 

উত্তৰঃ নগৰ অঞ্চলৰ স্থানীয় শাসনৰ অনুষ্ঠানবােৰক তিনিটা ভাগত ভগােৱা হয় । সেইবােৰ হ’ল — 

১। পৌৰনিগম ।

২। পৌৰসভা । আৰু 

৩। নগৰ সমিতি । 

অতি ডাঙৰ নগৰ বা মহানগৰত পৌৰ নিগম গঠন কৰা হয় । অসমত কেৱল গুৱাহাটী মহানগৰতহে পৌৰনিগম আছে । পৌৰনিগমৰ মুৰব্বীক মেয়ৰ বুলি কোৱা হয় । যিবিলাক নগৰৰ জনসংখ্যা দহ হাজাৰৰ পৰা এক লাখৰ ভিতৰত হয় , তেনে নগৰত পৌৰসভা গঠন কৰা হয় । পৌৰসভাৰ সদস্য সংখ্যা ১০ ৰ পৰা ৩০ ৰ ভিতৰত হ’ব লাগে । পৌৰসভাৰ সভাপতি গৰাকীক পৌৰপতি বােলা হয় । আনহাতে, যিবােৰ নগৰৰ জনসংখ্যা দহ হাজাৰতকৈ কম তেনেবােৰ নগৰত নগৰ সমিতি গঠন কৰা হয় । নগৰ সমিতিত ৭ জনৰ পৰা ২০ জন সদস্য থাকে । 

( গ ) গাঁও পঞ্চায়তৰ পাঁচটা কাম লিখা । 

উত্তৰঃ গাঁও পঞ্চায়তৰ পাঁচটা কাম হ’ল— 

( ১ ) কুটীৰ শিল্পৰ উন্নয়ন । 

( ২ ) বাট – পথ নির্মাণ আৰু মেৰামতি । 

( ৩ ) বিজুলী চাকিৰ ব্যৱস্থা কৰা । 

( ৪ ) বিশুদ্ধ খােৱা পানীৰ যােগান । 

( ৫ ) শিক্ষাৰ প্ৰসাৰৰ বাবে ব্যৱস্থা কৰা । 

( ঘ ) আঞ্চলিক পঞ্চায়তৰ পাঁচটা কাম লিখা । 

উত্তৰঃ আঞ্চলিক পঞ্চায়তৰ পাঁচটা কাম হল— 

( ১ ) ক্ষুদ্র জলসিঞ্চন ব্যৱস্থাৰ দ্বাৰা খেতিৰ পথাৰত পানীৰ যােগান ধৰা। 

( ২ ) সমবায় ভিত্তিত খেতিবাতি কৰিবলৈ জনসাধাৰণক উদগনি দিয়া। 

( ৩ ) কর্মমুখী শিক্ষাৰ ব্যৱস্থা কৰা ।

( ৪ ) মহিলা , শিশু আৰু পিছপৰা শ্ৰেণীৰ কল্যাণৰ বাবে কাম কৰা । আৰু

( ৫ ) সামাজিক – সাংস্কৃতিক বিকাশৰ ব্যৱস্থা কৰা। 

( ঙ ) জিলা পৰিষদৰ পাঁচটা কাম লিখা । 

উত্তৰঃ জিলা পৰিষদে কৰিব লগা পাঁচটা কাম হৈছে— 

( ১ ) বিজ্ঞানসন্মত পদ্ধতিৰে কৃষি , পশুপালন আৰু মীনপালন আদিৰ সম্প্ৰসাৰণ কৰা । 

( ২ ) জিলাখনৰ ৰাস্তা – ঘাট , দলং আদি নির্মাণ আৰু মেৰামতি । 

( ৩ ) গ্রাম্য বৈদ্যুতিকৰণ । 

( ৪ ) জনস্বাস্থ্য উন্নয়ন । আৰু

( ৫ ) শিক্ষাৰ সম্প্ৰসাৰণ ।

( চ ) নগৰ অঞ্চলৰ স্থানীয় চৰকাৰৰ অনুষ্ঠানবােৰে সম্পাদন কৰিব লগা পাঁচটা কাম উল্লেখ কৰা । 

উত্তৰঃ নগৰ অঞ্চলৰ স্থানীয় চৰকাৰৰ অনুষ্ঠানবােৰৰ কামবােৰ হৈছে –

( ১ ) চহৰ অঞ্চলৰ মাটি জৰীপ কৰা । 

( ২ ) জন্ম – মৃত্যুৰ হিচাপ ৰখা ।

( ৩ ) নাৰী আৰু শিশু কল্যাণ কেন্দ্র স্থাপন কৰা । 

( ৪ ) জনস্বাস্থ্যৰ উন্নয়নৰ বাবে চিকিৎসালয় স্থাপন কৰা । আৰু

( ৫ ) ৰােগ প্রতিষেধকৰ ব্যৱস্থা কৰা ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top