Niketan Class 6 Social Chapter 24 কেন্দ্রীয় আৰু ৰাজ্যিক চৰকাৰ

Niketan Class 6 Social Chapter 24 কেন্দ্রীয় আৰু ৰাজ্যিক চৰকাৰ is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 6 Social Chapter 24 কেন্দ্রীয় আৰু ৰাজ্যিক চৰকাৰ and select need one.

Niketan Class 6 Social Chapter 24 কেন্দ্রীয় আৰু ৰাজ্যিক চৰকাৰ

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 6 Social Chapter 24 কেন্দ্রীয় আৰু ৰাজ্যিক চৰকাৰ Solutions for All Subjects, You can practice these here.

কেন্দ্রীয় আৰু ৰাজ্যিক চৰকাৰ

Chapter – 24

সমাজ বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

অনুশীলনী

প্রশ্ন ১। এটা বা দুটা শব্দৰে উত্তৰ দিয়া – 

( ক ) লােকসভা আৰু ৰাজ্যসভাৰ আন দুটা নাম কি কি ? 

উত্তৰঃ নিম্ন সদন আৰু উচ্চ সদন । 

( খ ) ৰাজ্যপালক কোনে নিযুক্তি দিয়ে ? 

উত্তৰঃ ৰাষ্ট্রপতিয়ে । 

( গ ) ৰাজ্যৰ মন্ত্ৰীসকলক কোনে নিযুক্তি দিয়ে ? 

উত্তৰঃ মুখ্যমন্ত্ৰীৰ পৰামর্শক্রমে ৰাজ্যপালে ।

( ঘ ) সংসদ সদস্যসকলক কি বুলি কয় ? 

উত্তৰঃ সাংসদ । 

( ঙ ) ৰাজ্যিক আৰু জিলা পর্যায়ৰ আদালতক কি কি নামেৰে জনা যায় ? 

উত্তৰঃ উচ্চ ন্যায়ালয় আৰু জিলা আদালত । 

প্রশ্ন ২। খালী ঠাই পূৰ কৰা –

( ক ) বিধানমণ্ডলে ……………….. প্রস্তুত কৰে । 

উত্তৰঃ বিধানমণ্ডলে আইন প্রস্তুত কৰে ।

( খ ) কার্যপালিকাই আইনসমূহ ……………….। 

উত্তৰঃ কাৰ্যপালিকাই আইনসমূহ প্রয়ােগ কৰে । 

( গ ) ৰাষ্ট্ৰপতিৰ কাৰ্যকাল ………………… ।

উত্তৰঃ ৰাষ্ট্রপতিৰ কার্যকাল ৫ বছৰ । 

( ঘ ) ৰাজ্যসভা এখন ……………….. সদন । 

উত্তৰঃ ৰাজ্যসভা এখন স্থায়ী সদন ।

( ঙ ) ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ ভাৰতৰ প্ৰথম ……………….।

উত্তৰ ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ ভাৰতৰ প্রথম উপৰাষ্ট্রপতি । 

( চ ) ৰাজ্যসভাৰ সদস্যসকলৰ কার্যকাল ………………..বছৰ । 

উত্তৰঃ ৰাজ্যসভাৰ সদস্যসকলৰ কার্যকাল ৬ বছৰ । 

অতিৰিক্ত প্ৰশ্নোত্তৰ

প্রশ্ন ১। চমু উত্তৰ দিয়া –

( ক ) ভাৰতবৰ্ষত কোন প্রকাৰৰ গণতন্ত্র প্রচলন আছে ? 

উত্তৰঃ পৰােক্ষ গণতন্ত্র । 

( খ ) বর্তমান ভাৰতত কেইখন ৰাজ্য আছে ? 

উত্তৰঃ ২৯ খন । 

( গ ) ভাৰতত কেন্দ্রীয় শাসিত অঞ্চল কেইখন আছে ? 

উত্তৰঃ ভাৰতত কেন্দ্রীয় শাসিত অঞ্চল ৬ খন আৰু দিল্লীক ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ মর্যাদা দিয়া হৈছে । 

( ঘ ) ভাৰতবৰ্ষৰ কোনখন চৰকাৰে সমগ্র দেশৰে শাসনকার্য চলায় ? 

উত্তৰঃ কেন্দ্ৰীয় চৰকাৰে । 

( ঙ ) কেন্দ্রীয় আইনসভাক কি নামেৰে জনা যায় ? 

উত্তৰঃ সংসদ । 

( চ ) ৰাজ্যসভাই কাক প্রতিনিধিত্ব কৰে ? 

উত্তৰঃ ৰাজ্যসমূহক ।

( ছ ) ৰাজ্যসভাৰ অধিবেশনত কোনে সভাপতিত্ব কৰে ? 

উত্তৰঃ উপ – ৰাষ্ট্রপতিয়ে । 

( জ ) ৰাজ্যসভাৰ সর্বোচ্চ সদস্য সংখ্যা কিমান ? 

উত্তৰঃ ২৫০ জন । 

( ঝ ) ৰাষ্ট্রপতিয়ে ৰাজ্যসভালৈ কিমানজন সদস্য মনােনীত কৰে ? 

উত্তৰঃ ১২ জন । 

( ঞ ) লােকসভাৰ সদস্যসকলক কোনে নির্বাচন কৰে ? 

উত্তৰঃ জনসাধাৰণে পােপটীয়াকৈ নিৰ্বাচনৰ দ্বাৰা। 

( ট ) লােকসভাৰ সদস্যসকলৰ কার্যকাল কেই বছৰ ? 

উত্তৰঃ ৫ বছৰ । 

( ঠ ) লােকসভাৰ সর্বোচ্চ সদস্য সংখ্যা কিমান ? 

উত্তৰঃ লােকসভাৰ সদস্য ৫৫২ জনৰ অধিক নহয়। বর্তমান ৫৪৩ জন সদস্য আছে ।

( ড ) ভাৰতৰ সংসদ কত আছে ? 

উত্তৰঃ নতুন দিল্লীত । 

( ঢ ) কেন্দ্রীয় কার্যপালিকা কেনেকৈ গঠিত হয় ? 

উত্তৰঃ ৰাষ্ট্রপতি আৰু মন্ত্রীপৰিষদক লৈ কেন্দ্রীয় কার্যপালিকা গঠিত হয়। 

( ণ ) ভাৰতবৰ্ষৰ নামমাত্র কার্যপালিকা কোন ? 

উত্তৰঃ ৰাষ্ট্রপতি । 

( ত ) কেন্দ্রীয় মন্ত্রী পৰিষদত কেইপ্রকাৰৰ মন্ত্রী থাকে ? 

উত্তৰঃ তিনি প্রকাৰৰ । কেবিনেট মন্ত্রী , ৰাজ্যিক মন্ত্ৰী আৰু উপ – মন্ত্রী । 

( থ ) ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতিৰ নাম কি ? 

উত্তৰঃ ড° ৰাজেন্দ্র প্রসাদ । 

( দ ) ভাৰতৰ প্ৰথমগৰাকী প্রধানমন্ত্রী কোন ?

উত্তৰঃ জৱাহৰলাল নেহৰু ।

( ধ ) ভাৰতবৰ্ষৰ ন্যায় ব্যৱস্থাৰ শিখৰত থকা ন্যায়লয়খন কি ? 

উত্তৰঃ উচ্চতম ন্যায়ালয় । 

( ন ) আমাৰ দেশত উচ্চ ন্যায়ালয় বর্তমান কেইখন আছে ? 

উত্তৰঃ ২৪ খন । 

( প ) আমাৰ দেশত জিলা আদালত বর্তমান কেইখন আছে ? 

উত্তৰঃ ৬০১ খন । 

( ফ ) ন্যায় বিভাগৰ প্ৰধান কাম কি ? 

উত্তৰঃ ন্যায় বিভাগৰ কাম হৈছে – আইনৰ সহায়ত ন্যায় দান কৰা । 

( ব ) ৰাজ্যিক চৰকাৰ কি ? 

উত্তৰঃ ভাৰতৰ প্ৰতিখন ৰাজ্যৰে একোখন নিজা চৰকাৰ আছে । এই চৰকাৰসমূহক ৰাজ্যিক চৰকাৰ বােলে । 

( ভ ) ৰাজ্যিক বিধানমণ্ডলৰ সদন দুটাৰ নাম কি কি ? 

উত্তৰঃ ৰাজ্যিক বিধানমণ্ডলৰ উচ্চ সদন হৈছে বিধান পৰিষদ আৰু নিম্ন সদন হৈছে বিধানসভা । 

( ম ) অসমৰ আইন সভাত কেইটা সদন আছে ? 

উত্তৰঃ অসমৰ আইনসভা এক সদনীয় । ইয়াত কেৱল বিধান সভাহে আছে । ( ৰাজ্যিক বিধানসভা একসদনীয় বা দ্বিসদনীয় হ’ব পাৰে । প্ৰতিখন ৰাজ্যতে নিম্নসদন বিধানসভা থকাটো বাধ্যতামূলক । আনহাতে ভাৰতৰ মাত্র ৭ খন ৰাজ্যতহে উচ্চ সদন বিধান পৰিষদ আছে। ) 

( য ) বিধানসভাৰ সদস্যৰ কাৰ্যকাল কিমান বছৰ ? 

উত্তৰঃ ৫ বছৰ । 

( ৰ ) বর্তমান অসম বিধানসভাৰ সদস্য সংখ্যা কিমান ? 

উত্তৰঃ ১২৬ জন ।

প্রশ্ন ২। উত্তৰ লিখা— 

( ক ) চৰকাৰৰ সমূহ কার্যক মূলতঃ কি তিনিটা ভাগত ভগাব পাৰি ? 

উত্তৰঃ চৰকাৰৰ সমূহ কার্যকে মূলতঃ তিনিটা ভাগত ভগাব পাৰি । ভাগকেইটা হ’ল— 

১। আইন প্রণয়ন কৰা ।

২। আইন কার্যকৰী কৰা । আৰু 

৩। আইনৰ সহায়ত ন্যায় দান কৰা । 

এই কামকেইটা ক্ৰমে আইনসভা , কাৰ্যপালিকা আৰু ন্যায়পালিকাই সম্পাদন কৰে । 

( খ ) ৰাজ্যসভাক স্থায়ী সদন বুলি কিয় কোৱা হয় ? 

উত্তৰঃ ৰাজ্যসভাৰ এজন সদস্যৰ কাৰ্যকাল ৬ বছৰ । প্রতি দুবছৰৰ মূৰে মূৰে এক – তৃতীয়াংশ সদস্যৰ কার্যকাল শেষ হয় আৰু খালী আসনসমূহ নির্বাচিত সদস্যৰ দ্বাৰা পূৰণ কৰা হয় । ৰাজ্যসভা একেলগে ভংগ হৈ নাযায় বাবে এই সদনক স্থায়ী সদন বােলা হয় । 

( গ ) কেন্দ্রীয় মন্ত্রীপৰিষদ কেনেকৈ গঠন হয় ? 

উত্তৰঃ কেন্দ্রীয় মন্ত্রীপৰিষদ তিনিপ্রকাৰৰ মন্ত্ৰীক লৈ গঠিত হয় । এই তিনিপ্ৰকাৰৰ মন্ত্রী হৈছে-

১। কেবিনেট মন্ত্রী ।

২। ৰাজ্যিক মন্ত্ৰী । আৰু 

৩। উপমন্ত্রী । 

মন্ত্রীসকলক সংসদৰ সদস্যসকলৰ মাজৰ পৰাই নিযুক্তি দিয়া হয় । প্রধানমন্ত্ৰীৰ পৰামৰ্শ মতে ৰাষ্ট্রপতিয়ে মন্ত্রীসকলক বিভিন্ন বিভাগৰ দায়িত্ব অর্পণ কৰে । 

( ঘ ) ৰাজ্যিক আইন সভাৰ বিষয়ে লিখা । 

উত্তৰঃ ৰাজ্যিক আইনসভা বা বিধানমণ্ডল একসদনীয় বা দ্বি-সদনীয় হ’ব পাৰে , ৰাজ্যিক বিধানমণ্ডলৰ উচ্চসদনক বিধান পৰিষদ আৰু নিম্নসদনক বিধানসভা বােলে । বিধানমণ্ডলৰ সদস্যসকলক বিধায়ক বােলে । বিধায়কসকলৰ কার্যকাল ৫ বছৰ । বিধানমণ্ডলে ৰাজ্যৰ বাবে আইন প্রস্তুত কৰে । 

( ঙ ) ৰাজ্যৰ কাৰ্যপালিকাৰ বিষয়ে লিখা । 

উত্তৰঃ ৰাজ্যিক কার্যপালিকা ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ নেতৃত্বত মন্ত্রীপৰিষদক লৈ গঠিত হয় । ৰাজ্যপাল নামমাত্র কার্যপালিকা । আনহাতে মুখ্যমন্ত্ৰীৰ নেতৃত্বত মন্ত্রীপৰিষদখন হৈছে ৰাজ্যৰ প্রকৃত কার্যপালিকা । ৰাজ্যপালক ৰাষ্ট্রপতিয়ে নিযুক্তি দিয়ে । মুখ্যমন্ত্ৰীৰ পৰামর্শমতে , ৰাজ্যপালে মন্ত্রীসকলক নিযুক্তি দিয়ে । ৰাজ্যিক কার্যপালিকাই ৰাজ্যৰ শাসন পৰিচালনা কৰে । 

প্রশ্ন ৩। উত্তৰ লিখা –

( ক ) কেন্দ্রীয় আইন পালিকাৰ বিষয়ে লিখা । 

উত্তৰঃ ভাৰতবৰ্ষৰ কেন্দ্রীয় আইনপালিকাক সংসদ বােলা হয় । কেন্দ্রীয় সংসদ দ্বি-সদনযুক্ত । উচ্চসদনক ৰাজ্যসভা আৰু নিম্নসদনক লােকসভা বুলি কোৱা হয় । ৰাজ্যসভাই ভাৰতবৰ্ষৰ ৰাজ্যসমূহক প্রতিনিধিত্ব কৰে।ৰাজ্যসভা ৰাজ্যসমূহৰ প্রতিনিধিৰ দ্বাৰা গঠিত । ইয়াৰ সর্বোচ্চ সদস্য সংখ্যা ২৫০ জন আৰু তাৰে ১২ জনক ৰাষ্ট্ৰপতিয়ে মনােনীত কৰে।ৰাজ্যসভাৰ সদস্যসকলৰ কাৰ্যকাল ৬ বছৰ । ভাৰতৰ উপ-ৰাষ্ট্রপতিয়ে ৰাজ্যসভাৰ অধিবেশনত সভাপতিত্ব কৰে । 

আনহাতে নিম্নসদন লােকসভাই জনসাধাৰণৰ প্রতিনিধিত্ব কৰে । জনসাধাৰণে পােনপটীয়াকৈ নির্বাচন কৰি পঠোৱা প্রতিনিধিৰ দ্বাৰা লােকসভা গঠিত হয় । লােকসভাৰ সদস্যসকলৰ কার্যকাল ৫ বছৰ । লােকসভাৰ সদস্য সংখ্যা ৫৫২ জনতকৈ অধিক নহয় । ৰাষ্ট্রপতিয়ে লােক সভালৈ দুজন ইংগ – ভাৰতীয় সম্প্রদায়ৰ লােকক মনােনীত কৰিব পাৰে যদিহে সেই সম্প্রদায়ৰ কোনাে প্রতিনিধি নির্বাচিত নহয় । লােকসভাৰ বৈঠকত অধ্যক্ষই সভাপতিত্ব কৰে । 

( খ ) কেন্দ্রীয় কার্যপালিকাৰ বিষয়ে লিখা । 

উত্তৰঃ কেন্দ্রীয় কার্যপালিকা ৰাষ্ট্রপতি , উপ-ৰাষ্ট্রপতি আৰু প্রধানমন্ত্রীৰ নেতৃত্বৰ মন্ত্রীপৰিষদ লৈ গঠিত হয় । সংবিধান অনুসৰি ৰাষ্ট্ৰপতি গৰাকী ৰাষ্ট্ৰৰ নামমাত্র মুৰব্বী । তেওঁৰ নামতে দেশৰ শাসন পৰিচালিত হয় যদিও তেওঁ প্ৰকৃতার্থত শাসন নকৰে । ৰাষ্ট্ৰপতিৰ হৈ শাসন কার্য পৰিচালনা কৰে প্রধানমন্ত্রীৰ নেতৃত্বৰ মন্ত্রীপৰিষদে । আনহাতে ৰাষ্ট্ৰপতিৰ অনুপস্থিতিত উপ-ৰাষ্ট্রপতিজনে অস্থায়ীভাৱে ৰাষ্ট্ৰপতিৰ কাম চলায় । দেশৰ সাধাৰণ নিৰ্বাচনত সংখ্যাগৰিষ্ঠ আসন লাভ কৰা দলটোৰ নেতাজনক ৰাষ্ট্ৰপতিয়ে প্রধানমন্ত্রী হিচাপে নিযুক্তি দিয়ে । প্রধানমন্ত্রীৰ পৰামর্শ অনুসৰি ৰাষ্ট্রপতিয়ে মন্ত্রীপৰিষদৰ মন্ত্রীসকলক নিযুক্তি দিয়ে ।

( গ ) ভাৰতবৰ্ষৰ ন্যায়পালিকাৰ বিষয়ে লিখা । 

উত্তৰঃ ভাৰতবৰ্ষৰ সংবিধানে দেশত এক স্বাধীন আৰু নিৰপেক্ষ ন্যায়পালিকাৰ ব্যৱস্থা কৰিছে ।ন্যায়পালিকাৰ ব্যৱস্থাটো এটা গাঁথনিত সজোৱা হৈছে । এই ন্যায়পালিকা ব্যৱস্থাৰ শীৰ্ষত আছে উচ্চতম ন্যায়ালয় । তাৰ তলত ৰাজ্যিক পর্যায়ত উচ্চ ন্যায়ালয় আৰু জিলা পর্যায়ত জিলা আদালত আছে । অৱশ্যে দেশৰ প্ৰতিখন ৰাজ্যতে উচ্চ ন্যায়ালয় নাই । একাধিক ৰাজ্যৰ বাবে এখন উচ্চ ন্যায়ালয় থাকিব পাৰে । কিন্তু প্রত্যেক ৰাজ্যৰ সকলাে জিলাতে একোখনকৈ জিলা আদালত থাকে । উচ্চতম ন্যায়ালয় , আৰু উচ্চ ন্যায়ালয়সমূহ এজন মুখ্য ন্যায়াধীশ আৰু কেইজনমান ন্যায়াধীশক লৈ গঠিত হয় । ন্যায়াধীশ সকলক ৰাষ্ট্রপতিয়ে নিযুক্তি দিয়ে ।ন্যায়ালয়সমূহে আইনৰ সহায়ত বিচাৰ কৰি জনসাধাৰণক ন্যায় দান কৰে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top