Niketan Class 6 Social Chapter 23 গণতন্ত্র আৰু ইয়াৰ নীতিসমূহ

Niketan Class 6 Social Chapter 23 গণতন্ত্র আৰু ইয়াৰ নীতিসমূহ is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 6 Social Chapter 23 গণতন্ত্র আৰু ইয়াৰ নীতিসমূহ and select need one.

Niketan Class 6 Social Chapter 23 গণতন্ত্র আৰু ইয়াৰ নীতিসমূহ

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 6 Social Chapter 23 গণতন্ত্র আৰু ইয়াৰ নীতিসমূহ Solutions for All Subjects, You can practice these here.

গণতন্ত্র আৰু ইয়াৰ নীতিসমূহ

Chapter – 23

সমাজ বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

অনুশীলনী

প্রশ্ন ১। দুটা শব্দৰে উত্তৰ দিয়া – 

( ক ) ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা গণতান্ত্রিক নে ৰাজতান্ত্রিক ? 

উত্তৰঃ গণতান্ত্রিক । 

( খ ) ভােটদানৰ অধিকাৰ মৌলিক অধিকাৰ হয়নে ? 

উত্তৰঃ নহয় । 

( গ ) এটা দহ বছৰীয়া ল’ৰাই ভােট দিব পাৰেনে ? 

উত্তৰঃ নােৱাৰে । 

( ঘ ) দেশৰ বাবে মৃত্যুবৰণ কৰাজনক কি বুলি কোৱা হয় ? 

উত্তৰঃ ছহিদ । 

প্রশ্ন ২। খালী ঠাই পূৰণ কৰা— 

( ক ) শিক্ষা গ্ৰহণৰ অধিকাৰ শিশুৰ ……………… অধিকাৰ ।

উত্তৰঃ শিক্ষা গ্রহণৰ অধিকাৰ শিশুৰ মৌলিক অধিকাৰ । 

( খ ) ………………. চনত ভাৰত স্বাধীন হয় । 

উত্তৰঃ ১৯৪৭ চনত ভাৰত স্বাধীন হয় । 

( গ ) ১৮ বছৰ বয়স হ’লেহে …………………. অধিকাৰ লাভ কৰিব পাৰি । 

উত্তৰঃ ১৮ বছৰ বয়স হ’লেহে ভােটদানৰ অধিকাৰ লাভ কৰিব পাৰি ।

( ঘ ) প্রতিনিধিত্বৰ দ্বাৰা চলােৱা গণতান্ত্রিক শাসনক ……………….. গণতন্ত্র বােলে । 

উত্তৰঃ প্রতিনিধিত্বৰ দ্বাৰা চলােৱা গণতান্ত্রিক শাসনক পৰােক্ষ গণতন্ত্র বােলে । 

প্রশ্ন ৩। দুটা বা তিনিটা শব্দৰে উত্তৰ দিয়া –

( ক ) গণতন্ত্ৰৰ দুটা মূল নীতি উল্লেখ কৰা । 

উত্তৰঃ স্বাধীনতা , সমতা , ন্যায় , অধিকাৰ আদি । 

( খ ) স্বাধীনতা সংগ্ৰামৰ দুজন ছহিদৰ নাম লিখা 

উত্তৰঃ কনকলতা বৰুৱা আৰু কুশল কোঁৱৰ । 

( গ ) স্বাধীনতা সংগ্ৰামৰ দুটা আদৰ্শৰ নাম লিখা । 

উত্তৰঃ সত্যাগ্রহ , অহিংসা আদি । 

( ঘ ) দুবিধ ৰাজহুৱা সম্পত্তিৰ নাম লিখা । 

উত্তৰঃ শিক্ষানুষ্ঠান , চিকিৎসালয় আদি । 

অতিৰিক্ত প্ৰশ্নোত্তৰ

( ক ) চমু উত্তৰ দিয়া –

প্রশ্ন ১। গণতন্ত্র মানে কি ? 

উত্তৰঃ গণতন্ত্র হৈছে জনসাধাৰণৰ শাসন । 

প্রশ্ন ২। “গণতন্ত্র হৈছে জনগণৰ বাবে জনগণৰ দ্বাৰা পৰিচালিত জনগণৰ চৰকাৰ । ” — সংজ্ঞাটো কাৰ ? 

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতপূর্ব ৰাষ্ট্রপতি আব্রাহাম লিঙ্কন । 

প্রশ্ন ৩। প্রত্যক্ষ গণতন্ত্র কাক বােলে ? 

উত্তৰঃ যি গণতান্ত্রিক শাসন ব্যৱস্থাত জনসাধাৰণে শাসনকার্যত পােনপটীয়াকৈ অংশ গ্রহণ কৰে তেনে গণতান্ত্রিক শাসন ব্যৱস্থাক প্রত্যক্ষ বা পােনপটীয়া গণতন্ত্র বােলে । 

প্রশ্ন ৪। পৰােক্ষ গণতন্ত্র কাক বােলে ? 

উত্তৰঃ যি গণতান্ত্রিক শাসন ব্যৱস্থাত জনসাধাৰণে তেওঁলােকৰ দ্বাৰা নির্বাচিত প্রত্ত্বিনিধিৰ দ্বাৰা শাসন চলায় , তেনে গণতন্ত্রক পৰােক্ষ বা প্রতিনিধিত্বমূলক গণতন্ত্র বোলে । 

প্রশ্ন ৫। ছহিদ কাক বােলে ? 

উত্তৰঃ দেশৰ বাবে মৃত্যুবৰণ কৰা সকলক ছহিদ বােলা হয় । 

প্রশ্ন ৬। দক্ষিণ আফ্রিকাৰ স্বাধীনতা সংগ্রামৰ নেতাগৰাকীৰ নাম কি ? 

উত্তৰঃ নেলচন মাণ্ডেলা ।

প্রশ্ন ৭। দক্ষিণ আফ্রিকাত গণতন্ত্র কেতিয়া প্রতিষ্ঠা হৈছিল ? 

উত্তৰঃ ১৯৯৪ চনত । 

প্রশ্ন ৮। ভাৰতৰ সংবিধানে প্রদান কৰা মৌলিক অধিকাৰ কেইটা ? 

উত্তৰঃ ছটা । 

প্রশ্ন ৯। শিশুৰ শিক্ষাৰ অধিকাৰক কেতিয়া মৌলিক অধিকাৰ বুলি স্বীকৃতি দিয়া হয় ? 

উত্তৰঃ ২০১০ চনৰ পৰা । 

প্রশ্ন ১০। ভাৰতৰ সংবিধানত নাগৰিকৰ কেইটা কৰ্তব্যৰ কথা উল্লেখ কৰা হৈছে ? 

উত্তৰঃ ১০ টা । অৱশ্যে শিক্ষাৰ অধিকাৰক মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিয়াৰ পাছত আন এটা মৌলিক কর্তব্যও সন্নিৱিষ্ট কৰা হৈছে । সেইটো হ’ল— ৬ বছৰৰ পৰা ১৪ বছৰৰ প্ৰতিটো শিশুকে বিদ্যালয়লৈ পঠোৱাটো পিতৃ – মাতৃৰ পৰম কর্তব্য । গতিকে বর্তমান মৌলিক কর্তব্য ১১ টা । 

( খ ) উত্তৰ লিখা— 

প্রশ্ন ১। স্বাধীনতা বুলিলে কি বুজা ? 

উত্তৰঃ সাধাৰণভাৱে স্বাধীনতা বুলি ক’লে নিজৰ ইচ্ছামতে সকলাে কাম কৰাকে বুজা যায় । কিন্তু গণতন্ত্রত স্বাধীনতা মানে সীমাহীন স্বাধীনতাক নুবুজায় । গণতন্ত্রত স্বাধীনতা মানে হৈছে আনৰ অসুবিধা নােহােৱাকৈ নিজৰ শাৰীৰিক , মানসিক আৰু বৌদ্ধিক বিকাশৰ বাবে লাভ কৰা সুবিধাসমূহ । 

প্রশ্ন ২। সমতা বুলিলে কি বুজা ? 

উত্তৰঃ গণতন্ত্রৰ এটা উল্লেখযােগ্য নীতি হৈছে সমতা । সমতাৰ অর্থ হ’ল সকলাে লােকেই সমান। অর্থাৎ , সকলাে লােকেই আইনৰ দৃষ্টিত সমান । জাতি , ধর্ম , বর্ণ , লিংগ নির্বিশেষে সকলাে লােকৰ বাবে একেই আইন , একেই শাসন , একেই বিচাৰ। জাতি , ধর্ম , লিংগৰ ভিত্তিত কাকো ন্যায়ৰ পৰা বঞ্চিত কৰা নহয় ।

প্রশ্ন ৩। অধিকাৰ বুলিলে কি বুজা ? 

উত্তৰঃ নিজৰ ব্যক্তিত্বৰ বিকাশৰ বাবে সকলােকে কিছুমান কাম কৰাৰ সুবিধাৰ প্রয়ােজন । এই সুবিধাসমূহ দেশৰ সংবিধান বা আইনৰ দ্বাৰা জনসাধাৰণক উপভােগ কৰিবলৈ দিয়া হয় তেতিয়া সেইবােৰক অধিকাৰ বােলা হয় । এখন গণতান্ত্রিক দেশত সকলাে নাগৰিককে একে অধিকাৰ প্ৰদান কৰা হয় । 

প্রশ্ন ৪। ৰাজনৈতিক অধিকাৰ বুলিলে কি বুজা ? 

উত্তৰঃ গণতন্ত্ৰত কেৱল নাগৰিকসকলৰ বাবে থকা বিশেষ অধিকাৰসমূহেই হৈছে ৰাজনৈতিক অধিকাৰ । ভােটদানৰ অধিকাৰ , নির্বাচন প্রতিদ্বন্দ্বিতা কৰাৰ অধিকাৰ আদি ৰাজনৈতিক অধিকাৰ । ৰাজনৈতিক অধিকাৰৰ জৰিয়তে নাগৰিকসকলে দেশৰ শাসনকার্যত অংশগ্রহণ কৰে । ৰাজনৈতিক অধিকাৰ কেৱল প্রাপ্তবয়স্ক নাগৰিকেহে উপভােগ কৰে । 

প্রশ্ন ৫। কর্তব্য বুলিলে কি বুজা ? 

উত্তৰঃ নাগৰিকসকলৰ নিজৰ দেশৰ প্ৰতি কৰণীয় থাকে । গণতান্ত্রিক দেশত নাগৰিকৰ এই কৰণীয় খিনিক কর্তব্য বুলি অভিহিত কৰা হয় । নিজৰ দেশখনৰ উন্নতি আৰু গণতান্ত্রিক ব্যৱস্থা অটুত ৰখা নাগৰিকৰ পৰম কর্তব্য । দেশৰ সংবিধান আৰু আইন মানি চলা , দেশৰ প্রতি অনুগত হােৱা , সকলােৰে মাজত মিলা – প্রীতি , ঐক্য সংহতি অক্ষুন্ন ৰখা , কৰ আদায় দিয়া , নির্বাচনত ভােটদান কৰা আদি নাগৰিকৰ প্রধান কর্তব্য । 

প্রশ্ন ৬। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কেইগৰাকীমান নেতাৰ নাম লিখা। 

উত্তৰঃ মহাত্মা গান্ধী , জৱাহৰলাল নেহৰু , চৰ্দাৰ বল্লভভাই পেটেল , নেতাজী সুভাষ চন্দ্র বসু , সৰােজিনী নাইডু আদি । 

প্রশ্ন ৭। অসমৰ কেইগৰাকীমান স্বাধীনতা সংগ্রামীৰ নাম লিখা । 

উত্তৰঃ কর্মবীৰ নবীন চন্দ্র বৰদলৈ , দেশভক্ত তৰুণৰাম ফুকন , লােকপ্রিয় গােপীনাথ বৰদলৈ , চন্দ্রপ্রভা শইকীয়ানী , কনকলতা বৰুৱা , কুশল কোঁৱৰ , তিলক ডেকা , মুকুন্দ কাকতি , ভােগেশ্বৰী ফুকননী আদি ।

প্রশ্ন ৮। ভাৰতৰ সংবিধানত উল্লেখ থকা মৌলিক অধিকাৰ কেইটা কি কি ? 

উত্তৰঃ ভাৰতৰ সংবিধানত উল্লেখ থকা মৌলিক অধিকাৰ কেইটা হ’ল–

( ১ ) সমতাৰ অধিকাৰ ।

( ২ ) স্বাধীনতাৰ অধিকাৰ ।

( ৩ ) শােষণৰ বিৰুদ্ধে অধিকাৰ ।

( ৪ ) ধৰ্মৰ অধিকাৰ ।

( ৫ ) সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ । আৰু 

( ৬ ) সাংবিধানিক প্রতিকাৰৰ অধিকাৰ ।

( গ ) উত্তৰ লিখা— 

প্রশ্ন ১। ভাৰতৰ সংবিধানত উল্লেখ থকা মৌলিক অধিকাৰবােৰৰ বিষয়ে লিখা । 

উত্তৰঃ ভাৰতৰ সংবিধানে নাগৰিকক ৬ প্রকাৰৰ মৌলিক অধিকাৰ প্ৰদান কৰিছে । প্রথমে , সমতাৰ অধিকাৰে জাতি , ধর্ম , বর্ণ নির্বিশেষে সকলােৰে বাবে সকলাে ক্ষেত্রতে সমান সুবিধা থকাৰ কথা বুজায় । 

দ্বিতীয়তে , স্বাধীনতাৰ অধিকাৰৰ জৰিয়তে নাগৰিকৰ ব্যক্তিত্ব বিকাশৰ বাবে ৬ ধৰণৰ অধিকাৰ প্ৰদান কৰা হৈছে । সেইকেইটা হৈছে – 

১। কথা কোৱা আৰু মত প্রকাশৰ অধিকাৰ । 

২। নিৰস্ৰ আৰু শান্তিপূর্ণভাৱে সমবেত হােৱাৰ অধিকাৰ ।

৩। সংস্থা গঠনৰ অধিকাৰ ।

৪। দেশৰ ভিতৰত মুকলিকৈ ফুৰা – চকা কৰাৰ অধিকাৰ ।

৫। বসবাস কৰাৰ অধিকাৰ । আৰু 

৬। চাকৰি নাইবা ব্যৱসায় কৰাৰ অধিকাৰ । 

তৃতীয়তে , কোনাে লােকে যদি আনৰ দ্বাৰা শােষিত হােৱা বুলি ভাৱে তেন্তে সাংবিধানিক উপায়েৰে আইনৰ সহায় লােৱাৰ ব্যৱস্থা আছে । 

চতুর্থত , ভাৰতৰ সংবিধানে ভাৰতবৰ্ষত বসবাস  কৰা প্রতিজন নাগৰিককে নিজ নিজ ধৰণেৰে ধর্মীয় উপাসনাৰ অধিকাৰ দিছে । 

পঞ্চমতে , ভাৰতবৰ্ষৰ সকলাে নাগৰিককে নিজৰ ভাষা – সংস্কৃতি বজায় ৰখা আৰু ৰুচি অনুযায়ী শিক্ষানুষ্ঠান প্রতিষ্ঠা কৰাৰ বাবে সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ দিয়া হৈছে । 

ষষ্ঠতে , মৌলিক অধিকাৰসমূহ সুৰক্ষিত কৰাৰ উদ্দেশ্যেৰে সাংবিধানিক প্রতিকাৰৰ অধিকাৰ প্ৰদান কৰা হৈছে । কোনাে ব্যক্তি , সংস্থা বা চৰকাৰৰ কোনাে কামে নাগৰিকৰ অধিকাৰত বাধাৰ সৃষ্টি কৰিলে ন্যায়পালিকাৰ কাষ চাপিব পাৰি । 

প্রশ্ন ২। সংবিধানত উল্লেখ থকা নাগৰিকৰ ৫ টা মৌলিক কর্তব্য লিখা । 

উত্তৰঃ সংবিধানত থকা ৫ টা মৌলিক কর্তব্য হৈ— 

( ১ ) সংবিধান মানি চলা , ৰাষ্ট্ৰীয় সংগীত আৰু পতাকাক সন্মান কৰা।

( ২ ) স্বাধীনতা আন্দোলনক অনুপ্রাণিত কৰা মহান আদর্শসমূহক শ্রদ্ধা কৰা ।

( ৩ ) দেশবাসীৰ মাজত একতা সংহতি অক্ষুন্ন ৰখা ।

( ৪ ) দেশক ৰক্ষা কৰা আৰু দেশৰ প্রতি সেৱা আগবঢ়োৱা । আৰু

( ৫ ) ভাৰতৰ ঐতিহ্যক সন্মান আৰু ইয়াৰ সংৰক্ষণ কৰা ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top