Niketan Class 6 Social Chapter 20 জীৱন – ধাৰণৰ মান উন্নয়নত প্রযুক্তিৰ প্ৰভাৱ

Niketan Class 6 Social Chapter 20 জীৱন – ধাৰণৰ মান উন্নয়নত প্রযুক্তিৰ প্ৰভাৱ is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 6 Social Chapter 20 জীৱন – ধাৰণৰ মান উন্নয়নত প্রযুক্তিৰ প্ৰভাৱ and select need one.

Niketan Class 6 Social Chapter 20 জীৱন – ধাৰণৰ মান উন্নয়নত প্রযুক্তিৰ প্ৰভাৱ

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 6 Social Chapter 20 জীৱন – ধাৰণৰ মান উন্নয়নত প্রযুক্তিৰ প্ৰভাৱ Solutions for All Subjects, You can practice these here.

জীৱন – ধাৰণৰ মান উন্নয়নত প্রযুক্তিৰ প্ৰভাৱ

Chapter – 20

সমাজ বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

অনুশীলনী

প্রশ্ন ১। প্রযুক্তি কাক বােলে ? 

উত্তৰঃ কোনাে কার্য পৰিচালনা আৰু সম্পাদনা কৰাৰ বাবে বৈজ্ঞানিক চিন্তা – চর্চা , আহিলা – পাতি আৰু কৌশল আদি প্রয়ােগ কৰাকে প্রযুক্তি বুলি কোৱা হয় । 

প্রশ্ন ২। জীৱন ধাৰণৰ মান উন্নয়নত প্রযুক্তিয়ে কিদৰে সহায় কৰিছে আলােচনা কৰা । 

উত্তৰঃ মানুহৰ বৈজ্ঞানিক চিন্তা – চৰ্চাই প্রায়ােগিকভাৱে প্ৰযুক্তিৰ ৰূপত বিকাশ লাভ কৰিলে । প্রযুক্তিৰ প্ৰয়ােগেৰে প্ৰকৃতিৰ পৰা আমাৰ প্রয়ােজনীয় সম্পদৰাজি আহৰণৰ দ্বাৰা মানুহৰ জীৱন – ধাৰণৰ মান ক্ৰমাৎ উন্নত হ’বলৈ ধৰিলে । প্রযুক্তিৰ সহায়ত পানীৰ দ্বাৰা বিজুলী শক্তি , গােবৰৰ পৰা গােবৰ গেছ , সূৰ্যৰ ৰশ্মিৰ পৰা সৌৰশক্তি আহৰণ কৰি মানুহে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰিবলৈ ল’লে । প্রযুক্তিৰ সহায়তে মানুহে ঘৰতে বহি বহু দূৰৈত থকা মানুহৰ লগত টেলিফোনেৰে যােগাযােগ কৰিব পাৰিলে , টেলিভিছনত বিভিন্ন ধৰণে অনুষ্ঠান উপভােগ কৰিব পৰা হ’ল । বিজ্ঞান ভিত্তিক প্রযুক্তিৰ সহায়ত বিভিন্ন সময়ত আৱিষ্কৃত সামগ্ৰীসমূহে আমাক নানান সুবিধা আৰু আৰাম প্ৰদান কৰি আমাৰ দৈনন্দিন জীৱন – যাপনৰ মান উন্নত কৰিছে । 

উদাহৰণ স্বৰূপে , আমি এতিয়া গৰমৰ পৰা ৰক্ষা পাবলৈ বিচনীৰ সলনি বিজুলী শক্তিৰ দ্বাৰা চালিত ফেন , এয়াৰ কুলাৰ , এয়াৰ কণ্ডিচনাৰ আদি ব্যৱহাৰ কৰোঁ । ৰন্ধন কার্যত খৰিৰ সলনি গেছ , মাইক্ৰৱেভ , হট প্লেট আদি ব্যৱহাৰ কৰা হয় । একেদৰে প্রযুক্তিৰ ব্যৱহাৰৰ ফলত যাতায়াত , যােগাযােগ , চিকিৎসা , কৃষি আৰু উদ্যোগজাত সামগ্ৰীৰ উৎপাদন , শিক্ষা আদিৰ ক্ষেত্ৰতো বহুত পৰিৱৰ্তন আহিছে । যাতায়াত আৰু যােগাযােগ ব্যৱস্থাৰ উন্নতিৰ ফলত বিভিন্ন অঞ্চল আৰু দেশ – বিদেশৰ মাজত বেহা বেপাৰ , আদান – প্রদান বৃদ্ধি পাইছে । সংস্কৃতিৰ আদান – প্রদান হৈছে । কৃষি আৰু উদ্যোগজাত সামগ্ৰীৰ উৎপাদন বৃদ্ধি পাইছে। ইয়াৰ ফলত জাতীয় আয় বৃদ্ধি হােৱাৰ লগতে জনমুৰি আয়াে বৃদ্ধি হৈছে । 

চিকিৎসা সেৱাত উন্নত প্রযুক্তি ব্যৱহাৰৰ ফলত মানুহ নিৰােগী আৰু দীর্ঘায়ু হৈছে । পযুক্তিৰ অৱদান কম্পিউটাৰ , ইন্টাৰনেট , টেলিফোন , ম’বাইল , উপগ্রহ আদিৰ ব্যৱহাৰে পৃথিৱীখনক ওচৰ চপাই আনি এখন ডাঙৰ গাঁৱত পৰিণত কৰিছে । মুঠৰ ওপৰত প্ৰযুক্তিৰ ব্যৱহাৰে আধুনিক সভ্যতা – সংস্কৃতিক এক নতুন অৱস্থানত উপনীত কৰাইছে । ইয়াৰ লগে লগে মানুহৰ জীৱন – ধাৰণৰ সামগ্রিক মানাে উন্নত হৈছে । 

প্রশ্ন ৩। প্ৰকৃতিৰ পৰা আমি কি কি শক্তি লাভ কৰোঁ আৰু ই আমাৰ কেনেকুৱা অভাৱ পূৰণ কৰে ? 

উত্তৰঃ প্ৰকৃতিৰ পৰা আমি পােৱা শক্তিবােৰ হৈছে — পানীৰ দ্বাৰা উৎপন্ন হােৱা বিজুলী শক্তি , সূৰ্যৰ ৰশ্মিৰ পৰা আহৰণ কৰা সৌৰশক্তি , বতাহৰ পৰা পােৱা শক্তি । 

পানীৰ পৰা উৎপাদন কৰা বিজুলী শক্তিক আমি দৈনন্দিন জীৱনত প্রয়ােজন হােৱা বিজুলী শক্তি প্রধান উৎস হিচাপে ব্যৱহাৰ কৰোঁ । 

সূৰ্যৰ ৰশ্মিৰ পৰা আহৰণ কৰা সৌৰ শক্তিক আমি দৈনন্দিন জীৱনৰ প্রয়ােজনীয় বহুক্ষেত্ৰত ইন্ধন হিচাপে ব্যৱহাৰ কৰোঁ । সৌৰ শক্তিক ৰন্ধন গেছ হিচাপেও ব্যৱহাৰ কৰা হয় । ইয়াক ছলাৰ গেছ বােলা হয় । আকৌ আজি-কালি প্রাকৃতিক প্রদূষণ ৰোধ কৰিবলৈ অন্যান্য ইন্ধনৰ সলনি সৌৰ শক্তিক ইন্ধন হিচাপে ব্যৱহাৰ কৰি সৌৰশক্তি চালিত যানবাহন ব্যৱহাৰৰ প্রস্তুতি চলােৱা হৈছে । 

বতাহৰ পৰা পােৱা শক্তিক বিজুলীশক্তি উৎপাদনৰ বাবে ব্যৱহাৰ কৰা হয় । 

প্রশ্ন ৪। খালী ঠাই পূৰ কৰা –

( ক ) মানুহৰ অভাৱ ………………….। 

উত্তৰঃ মানুহৰ অভাৱ অসীম / অন্তহীন । 

( খ ) অভাৱেই  ………………… মূল । 

উত্তৰঃ অভাৱেই আৱিষ্কাৰৰ মূল । 

( গ ) আধুনিক শিক্ষা প্রসাৰৰ লগে লগে মানুহে ………………. চিন্তা – চৰ্চা কৰিবলৈ ধৰিলে । 

উত্তৰঃ আধুনিক শিক্ষা প্রসাৰৰ লগে লগে মানুহে বিজ্ঞানসম্মত চিন্তা – চৰ্চা কৰিবলৈ ধৰিলে । 

( ঘ ) ৰেল , মটৰ , উৰাজাহাজৰ আৱিষ্কাৰৰ ফলত ………………. সুচল আৰু খৰতকীয়া হৈছে । 

উত্তৰঃ ৰে’ল , মটৰ , উৰাজাহাজৰ আৱিষ্কাৰৰ ফলত যাতায়াত সুচল আৰু খৰতকীয়া হৈছে । 

অতিৰিক্ত প্ৰশ্নোত্তৰ

( ক ) অতি চমু প্রশ্নোত্তৰ –

প্রশ্ন ১। যাতায়াত আৰু যােগাযােগ ব্যৱস্থাৰ উন্নতিৰ ফলত কি কি পৰিৱর্তন সাধন হৈছে লিখা। 

উত্তৰঃ আধুনিক প্রযুক্তিৰ প্ৰয়ােগৰ ফলত যাতায়াত আৰু যােগাযােগ ব্যৱস্থাৰ বহুতাে উন্নতি সাধিত হৈছে । ৰে’ল , মটৰ , উৰাজাহাজ আৱিষ্কাৰৰ ফলত যাতায়াত সুচল আৰু খৰতকীয়া হৈছে । পথ পৰিবহন ব্যৱস্থাৰ উন্নয়নৰ দ্বাৰা দেশৰ ভিতৰুৱা অঞ্চল বিলাকৰ লগত যােগাযােগ সম্ভৱ হৈছে । ৰে’ল সেৱাৰ ফলত গধুৰ বস্তু অনা নিয়া কৰাত সুবিধা হৈছে । যাতায়াত ব্যৱস্থাৰ উন্নতিৰ ফলত ভিন্ন অঞ্চল আৰু দেশৰ মাজত বেহা – বেপাৰ বৃদ্ধি হৈছে । সংস্কৃতিৰ আদান – প্রদান হৈছে । সেইদৰে যােগাযােগ ব্যৱস্থাৰ ক্ষেত্ৰত কম্পিউটাৰ , ইণ্টাৰনেট , টেলিফোন , ম’বাইল , উপগ্রহ আদিৰ ব্যৱহাৰে আধুনিক সভ্যতাক আগুৱাই লৈ যােৱাত বিশেষ অৱদান আগবঢ়াইছে । আধুনিক যােগাযােগ ব্যৱস্থাই সমগ্র পৃথিৱীখনকে ওচৰ চপাই আনি এখনি ডাঙৰ গাঁৱত পৰিণত কৰিছে । 

উন্নত আধুনিক যােগাযােগ ব্যৱস্থাৰ সহায়ত মানুহে নিজৰ ঠাই বা বাসস্থানত থাকিয়েই বিভিন্ন ঠাইৰ খা – খবৰ পায় বা বিভিন্ন ঠাইৰ লােকৰ লগত ভাবৰ আদান – প্রদান কৰে । আগতে মানুহে কেৱল চিঠিৰ যােগেদি যােগাযােগ কৰিব পাৰিছিল আৰু ইয়াৰ বাবে বহু সময় লাগিছিল । কিন্তু বর্তমান যুগত যােগাযােগ উন্নত মাধ্যমসমূহে গােটেই পৃথিৱীখনকে সৰু কৰি পেলাইছে । দূৰ – দূৰণিৰ মানুহৰ লগত ঘৰতে বহি টেলিফোনেৰে কথা পাতিব পৰা হৈছে । ম’বাইল ফ’নৰ জৰিয়তে ঘৰৰ বাহিৰৰ যিকোনাে ঠাইত থাকিও পৃথিৱীৰ বিভিন্ন ঠাইত বাস কৰা মানুহৰ লগত কথা পাতিব পাৰি , সংক্ষেপে বার্তা পঠিয়াব পাৰি । ৰেডিঅ ’ , টেলিভিছন আদিৰ যােগেদি পৃথিৱীৰ যিকোনাে ঠাইৰ খবৰ আমি তৎক্ষণাত পাব পাৰোঁ । মুঠৰ ওপৰত যােগাযােগ সেৱাত প্রযুক্তিৰ ব্যৱহাৰে গােটেই বিশ্বত এক নতুন যুগৰ সূচনা কৰিছে । 

প্রশ্ন ২। চিকিৎসা সেৱাত প্রযুক্তিৰ ব্যৱহাৰ সম্পর্কে চমুকৈ লিখা । 

উত্তৰঃ চিকিৎসা সেৱাৰ ক্ষেত্ৰত ব্যাপকভাৱে প্ৰযুক্তিৰ ব্যৱহাৰ হ’বলৈ ধৰিছে । প্রযুক্তিৰ ব্যৱহাৰৰ ফলত চিকিৎসা সেৱাই চমকপ্রদ সফলতা লাভ কৰিছে । বিভিন্ন দুৰাৰােগ্য ৰােগৰ ঔষধ আৱিষ্কাৰ হৈছে । বসন্ত , প্লেগ , কলেৰা আদি মহামাৰীসমূহ নিয়ন্ত্রিত হৈছে । শল্য চিকিৎসাৰ ক্ষেত্ৰত হােৱা উন্নতিৰ বাবে হৃৎপিণ্ড , বৃক্ক , মগজু , আদি শৰীৰৰ অতি গুৰুত্বপূর্ণ অংগৰ অস্ত্রোপচাৰ কৰিব পৰা হৈছে । আনকি এজন লােক বৃক্ক, চকু , হৃদপিণ্ড আদি আন এজন লােকৰ শৰীৰত স্থাপন কৰাটোও সম্ভব হৈছে । কৃত্রিম অংগ তৈয়াৰ কৰি পংগু লােকৰ শৰীৰত সেইবােৰ সংযােগ কৰি তেওঁলােকৰ শাৰীৰিক অক্ষমতা হ্রাস কৰাৰ ব্যৱস্থা কৰা হৈছে । সেইদৰে দৃষ্টিশক্তি হ্রাস পােৱা লােকৰ বাবে চশমা , কাণেৰে নুশুনা লােকৰ বাবে শ্রবণ সহায়ক যন্ত্ৰ আৰু হৃদপিণ্ড দুর্বল হােৱা লােকৰ বাবে পেছমেকাৰ ব্যৱহাৰ হ’বলৈ ধৰিছে । এই সকলােবােৰ সম্ভৱ হৈছে চিকিৎসা সেৱাত ব্যৱহাৰ হােৱা নতুন প্রযুক্তিৰ বাবে । 

প্রশ্ন ৩। শিক্ষা সেৱাত প্রযুক্তিৰ ব্যৱহাৰ সম্পর্কে চমুকৈ লিখা । 

উত্তৰঃ বর্তমান শিক্ষা ব্যৱস্থাত নতুন নতুন প্রযুক্তিৰ প্রয়ােগ হ’বলৈ ধৰিছে । শিক্ষা ব্যৱস্থাটো কেৱল শিক্ষক আৰু বিদ্যালয়ৰ মাজতে আবদ্ধ হৈ নাথাকি বিভিন্ন মাধ্যমেৰে শিক্ষাদানৰ ব্যৱস্থা আৱিষ্কৃত হছে । বিভিন্ন দৃশ্য – শ্রাব্য ব্যৱস্থাৰ জৰিয়তে ঘৰতে বহি শিক্ষা লাভ কৰাৰ পৰিবেশ গঢ়ি উঠিছে । ৰেডিঅ ’ , টেলিভিছনৰ বিভিন্ন কার্যসূচী , অডিঅ ’ টেপ, ভিডিঅ ’ টেপ , ইণ্টাৰনেট আদিৰ জৰিয়তে শ্ৰেণীকোঠাত তথা ঘৰতে বহি বহুতাে দিশত শিক্ষা লাভ কৰিব পাৰি । আজি-কালি শিক্ষাদান ব্যৱস্থাত কম্পিউটাৰ , প্রজেক্ট আদিৰ ব্যৱহাৰ দ্রুতগতিত বৃদ্ধি পাইছে। এইদৰে প্ৰযুক্তিৰ ব্যৱহাৰৰ ফলত শিক্ষা ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন সাধন হৈছে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top