Niketan Class 6 Social Chapter 2 পৃথিৱীৰ আকাৰ আৰু আকৃতি

Niketan Class 6 Social Chapter 2 পৃথিৱীৰ আকাৰ আৰু আকৃতি is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 6 Social Chapter 2 পৃথিৱীৰ আকাৰ আৰু আকৃতি and select need one.

Niketan Class 6 Social Chapter 2 পৃথিৱীৰ আকাৰ আৰু আকৃতি

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 6 Social Chapter 2 পৃথিৱীৰ আকাৰ আৰু আকৃতি Solutions for All Subjects, You can practice these here.

পৃথিৱীৰ আকাৰ আৰু আকৃতি

Chapter – 2

সমাজ বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

অনুশীলনী

প্রশ্ন ১। কেৱল উত্তৰ লিখা—

( ক ) ২৩ ১°/২° উত্তৰ অক্ষৰেখাডালক কি বুলি কোৱা হয় ? 

উত্তৰঃ ২৩ ১°/২ উত্তৰ অক্ষৰেখাডালক কর্কট ক্রান্তি ৰেখা বুলি কোৱা হয় ।

( খ ) দুই মেৰু লগ লগাই পৃথিৱীৰ মাজেৰে কল্পনা কৰা ৰেখাডালক কি বুলি কোৱা হয় ? 

উত্তৰঃ এই ৰেখাডালক মূল দ্রাঘিমা ৰেখা বুলি কোৱা হয় । 

( গ ) কর্কট ক্রান্তি আৰু মকৰ ক্ৰান্তিৰ মাজৰ তাপ মণ্ডলটোক কি বুলি কোৱা ?

উত্তৰঃ কর্কটক্রান্তি আৰু মকৰ ক্ৰান্তিৰ মাজৰ তাপ মণ্ডলটোক গ্রীষ্ম মণ্ডল বুলি কোৱা হয় । 

( ঘ ) সুমেৰু বৃত্ত আৰু কৰ্কট ক্রান্তিৰ মাজৰ তাপ মণ্ডলটোৰ নাম কি ? 

উত্তৰঃ সুমেৰু বৃত্ত আৰু কৰ্কট ক্রান্তিৰ মাজৰ তাপ মণ্ডলটোৰ নাম উত্তৰ নাতিশীতােষ্ণ মণ্ডল । 

( ঙ ) কুমেৰু বৃত্তৰ দক্ষিণৰ তাপমণ্ডলটোৰ নাম কি ? 

উত্তৰঃ কুমেৰু বৃত্তৰ দক্ষিণৰ তাপ মণ্ডলটোৰ নাম দক্ষিণ শীতমণ্ডল । 

প্রশ্ন ২। চমু টোকা লিখা — 

( ক ) পৃথিৱীৰ আকাৰ ।

উত্তৰঃ পৃথিৱীৰ আকাৰ সাধাৰণভাৱে ঘূৰণীয়া বুলিব পাৰি , যদিও প্রকৃততে সম্পূর্ণ ঘূৰণীয়া নহয়। ইয়াৰ দুই মেৰু অলপ চাপ খােৱা আৰু মাজ ভাগ কিছু উঠঙা । আচলতে পৃথিৱীৰ আকাৰ আন আন গ্রহ – নক্ষত্রৰ আকাৰৰ লগত বা কোনাে জ্যামিতিক আকাৰৰ লগত নিমিলে । পৃথিৱীৰ এই নির্দিষ্ট আকৃতিটোক ইংৰাজীত “ জিইঅইড ” ( Geoid ) বুলি কোৱা হয় । 

( খ ) বিষুব ৰেখা ।

উত্তৰঃ পৃথিৱীৰ উপৰিভাগেৰে দুই মেৰুৰ পৰা সমান দূৰত্বত পূর্ব – পশ্চিমাকৈ এডাল বৃত্তাকাৰ ৰেখা কল্পনা কৰা হৈছে । এই ৰেখাডালকে বিষুব ৰেখা বা নিৰক্ষ ৰেখা বােলে । এই ৰেখাডালে পৃথিৱীক সমানে দুটা ভাগত ভাগ কৰিছে । বিষুবৰ উত্তৰৰ অংশটোক উত্তৰ গােলার্ধ আৰু দক্ষিণৰ অংশটোক দক্ষিণ গােলার্ধ বােলে । বিষুব ৰেখাক ০° ৰে চিহ্নিত কৰা হয় ।

( গ ) কর্কট ক্রান্তি ।

উত্তৰঃ উত্তৰ গােলার্ধৰ ২৩ ১°/২ অক্ষাংশইদি যিডাল অক্ষৰেখা কল্পনা কৰা হৈছে সেইডালক কর্কট ক্রান্তি ৰেখা বুলি কোৱা হয় । বিষুব ৰেখা আৰু কৰ্কট ক্রান্তি ৰেখা দুডালৰ মাজত থকা অংশটোক গ্রীষ্ম মণ্ডল বুলি কোৱা হয় । কাৰণ এই অঞ্চলটোত সূৰ্যৰ ৰশ্মি বছৰৰ বেছি ভাগ সময়ে পােনভাৱে পৰে বাবে উত্তাপ বেছি হয় । 

( ঘ ) মকৰ ক্রান্তি ।

উত্তৰঃ দক্ষিণ গােলার্ধত ২৩ ১°/২ অক্ষাংশইদি যিডাল ৰেখা কল্পনা কৰা হৈছে সেইডালক কোৱা হয় মকৰ ক্ৰান্তি । বিষুব ৰেখা আৰু মকৰ ক্রান্তি ৰেখাৰ মাজৰ অঞ্চলত সূৰ্যৰ ৰশ্মি লম্বভাবে পৰে বাবে উত্তাপ বেছি হয় বাবে এই অঞ্চলক গ্রীষ্ম মণ্ডল বুলি কোৱা হয় । 

( ঙ ) সুমেৰু ।

উত্তৰঃ ৯০° উত্তৰ অক্ষৰেখাডালক সুমেৰু বুলি কোৱা হয় । প্রকৃততে এই অক্ষৰেখাডাল এটা বিন্দুহে । পৃথিৱীপৃষ্ঠত কল্পনা কৰা অক্ষৰেখাসমূহৰ দৈর্ঘ্য বিযুৱৰেখাৰ পৰা ক্ৰমে কমি গৈ গৈ সুমেৰুত এটা বিন্দুত পৰিণত হৈছে । পৃথিৱীখনৰ আকাৰ বা আকৃতিৰ বাবে এনে পৰিৱৰ্তন পৰিলক্ষিত হৈছে । 

( চ ) কুমেৰু ।

উত্তৰঃ ৯০° দক্ষিণ অক্ষৰেখাডালক কুমেৰু বুলি কোৱা হয় । এই ৰেখাডাল প্রকৃততে এটা বিন্দুহে । পৃথিৱীপৃষ্ঠত কল্পনা কৰা অক্ষৰেখাসমূহৰ দৈর্ঘ্য একে নহয় । বিষুবৰেখা ( ০° ) ৰ পৰা একাদিক্রমে উত্তৰলৈ বা দক্ষিণলৈ অক্ষৰেখাসমূহৰ দৈর্ঘ্য কমি কমি গৈ উত্তৰ আৰু দক্ষিণ মেৰুত ইয়াৰ দৈর্ঘ্য এটা বিন্দুলৈ পৰিণত হৈছে ।

প্রশ্ন ৩। শুদ্ধ উত্তৰটো বাছি উলিওৱা – 

( ক ) কর্কট ক্রান্তিৰ মান হ’ল— 

( ১ ) ০ ° ।

( ২ ) ২৩ ১°/২ উত্তৰ ।

( ৩ ) ২৩ ১°/২ দক্ষিণ ।

উত্তৰঃ( ২ ) ২৩ ১°/২ উত্তৰ ।

( খ ) বিষুব ৰেখাৰ মান হ’ল – 

( ১ ) ০° ।

( ২ ) ২৩ ১°/২ উত্তৰ ।

( ৩ ) ৬৬ ১°/২ উত্তৰ ।

উত্তৰঃ ( ১ ) ০° ।

( গ ) অক্ষৰেখা হ’ল— 

( ১ ) দুই মেৰুক সংযােগ কৰি টনা কাল্পনিক ৰেখাবােৰ । 

( ২ ) গ্রীনিছৰ মাজেৰে টনা কাল্পনিক ৰেখাডাল । 

( ৩ ) পূর্ব – পশ্চিমাকৈ টনা বৃত্তাকাৰ কাল্পনিক ৰেখা । 

উত্তৰঃ ( ৩ ) পূর্ব – পশ্চিমাকৈ টনা বৃত্তাকাৰ কাল্পনিক ৰেখা । 

( ঘ ) দ্রাঘিমা আৰু অক্ষৰেখাই পৰম্পৰক কেনেদৰে কটাকটি কৰে ? 

( ১ ) সূক্ষ্ম কোণত ।

( ২ ) সমকোণত ।

( ৩ ) বৃহৎ কোণত ।

উত্তৰঃ ( ২ ) সমকোণত ।

( ঙ ) দ্রাঘিমাংশ নির্ণয় কৰিবলৈ কোনডাল ৰেখাৰ সহায় লােৱা হয় ? 

( ১ ) কর্কট ক্রান্তি ।

( ২ ) বিষুব ৰেখা ।

( ৩ ) মুখ্য দ্রাঘিমা ৰেখা ।

উত্তৰঃ ( ৩ ) মুখ্য দ্রাঘিমা ৰেখা । 

( চ ) ১৮০° পূব আৰু ১৮০° পশ্চিম দ্রাঘিমা ৰেখাৰ অৱস্থান ? 

( ১ ) সম্পূর্ণ বিপৰীত মূৰত ।

( ২ ) দুই মেৰুত ।

( ৩ ) প্ৰকৃততে একেডাল ৰেখা ।

উত্তৰঃ ( ৩ ) প্রকৃততে একেডাল ৰেখা ।

প্রশ্ন ৪। তলৰ প্ৰশ্নবােৰৰ উত্তৰ লিখা – 

( ক ) অক্ষাংশ আৰু দ্রাঘিমাংশৰ মাজৰ পার্থক্য কি কি ? 

উত্তৰঃ ( ১ ) কোনাে এখন ঠাই আৰু পৃথিৱীৰ কেন্দ্র সংযােগী ৰেখাই বিষুব সমতলৰ লগত যি কোণ কৰে , সেয়াই অক্ষাংশ । আনহাতে কোনাে এখন ঠাইৰ দ্রাঘিমাংশ হ’ল ঠাইখনৰ পৰা মুখ্য দ্রাঘিমা ৰেখালৈ পূর্ব – পশ্চিমা কৌণিক দূৰত্ব ।

( ২ ) অক্ষাংশৰ মান ০° ৰ পৰা ৯০° উত্তৰ বা দক্ষিণৰ ভিতৰত । আনহাতে দ্রাঘিমাংশৰ মান ০° ৰ পৰা ১৮০° পূর্ব বা পশ্চিমৰ ভিতৰত হয় । 

( খ ) অক্ষাংশ আৰু অক্ষৰেখাৰ মাজৰ পার্থক্য কি কি ? 

উত্তৰঃ ( ১ ) অক্ষৰেখাসমূহ ভূ-পৃষ্ঠৰ ওপৰত বিষুব ৰেখাৰ সমান্তৰালকৈ কল্পনা কৰা ৰেখা । আনহাতে অক্ষাংশ হ’ল কোনাে এখন ঠাই আৰু পৃথিৱীৰ কেন্দ্র সংযােগী ৰেখাই বিষুব সমতলৰ লগত কৰা কৌণিক দূৰত্বৰ মান । 

( ২ ) অক্ষৰেখা আৰু অক্ষাংশৰ মান ৰ পৰা ০° ৰ পৰা ৯০° ( উত্তৰ বা দক্ষিণ ) পর্যন্ত হ’ব পাৰে । কিন্তু অক্ষাংশৰ মান ডিগ্রী এককৰ উপৰি মিনিট , ছেকেণ্ড ব্যৱহাৰ কৰা হয় । 

( গ ) পৃথিৱীৰ তাপমণ্ডল কেইটাৰ নাম লিখ । 

উত্তৰঃ পৃথিৱীৰ তাপমণ্ডল কেইটাৰ নাম হ’ল –

( ১ ) গ্রীষ্ম মণ্ডল ।

( ২ ) উত্তৰ নাতিশীতােষ্ণ মণ্ডল । 

( ৩ ) দক্ষিণ নাতিশীতােষ্ণ মণ্ডল ।

( ৪ ) উত্তৰ শীতমণ্ডল । আৰু

( ৫ ) দক্ষিণ শীতমণ্ডল । 

( ঘ ) দ্রাঘিমাংশ কেনেদৰে নিৰূপণ কৰা হয় ? 

উত্তৰঃ কোনাে এখন ঠাইৰ দ্রাঘিমাংশ হ’ল ঠাইখনৰ পৰা মুখ্য দ্রাঘিমা ৰেখালৈ পূর্ব – পশ্চিমা কৌণিক দূৰত্বৰ মান । 

চিত্ৰত ক’পৃথিৱীৰ কেন্দ্র । চ ছ বিষুব ৰেখা । উ দ পৃথিৱীৰ মেৰুদণ্ড । উ জ দ প্রাথমিক অর্থাৎ ০° ৰ দ্রাঘিমা ৰেখা । এতিয়া ‘ ত ’ নামৰ ঠাইখনৰ দ্রাঘিমাংশ উলিয়াব লাগে । ‘ ত ’ ঠাইখনৰ পৰা ‘ ক ’ বিন্দুলৈ এডাল ৰেখা টান হ’ল । আকৌ এই ঠাইখনৰ ওপৰেদি পাৰ হৈ যােৱা পূর্ব – পশ্চিমা ৰেখাডালে মুখ্য দ্রাঘিমাক ‘ প ’ বিন্দুত কাটিছে । ‘ প ’ বিন্দুৰ পৰা কেন্দ্ৰলৈ এডাল ৰেখা টনাত ∠’ত প ক ’ কোণৰ সৃষ্টি হ’ল । এই কোণটোৱেই ‘ত’ ঠাইখনৰ উলিয়াব লগা দ্রাঘিমাংশ ।

অতিৰিক্ত প্রশ্নোত্তৰ

( ক ) অতি চমুকৈ উত্তৰ দিয়া –

প্রশ্ন ১। অক্ষৰেখা আৰু দ্রাঘিমা ৰেখাবােৰ কিয় কল্পনা কৰা হৈছে ? 

উত্তৰঃ অক্ষৰেখা আৰু দ্রাঘিমা ৰেখাবােৰৰ সহায়ত পৃথিৱীৰ যিকোনাে ঠাইৰ অৱস্থান নির্ণয় কৰিব পাৰি । 

প্রশ্ন ২। পৃথিৱীৰ পৰিধিৰ মান কিমান ? 

উত্তৰঃ পৃথিৱীৰ পৰিধিৰ মান প্রায় ৪০,০০০ কি.মি .। 

প্রশ্ন ৩। পৃথিৱীৰ বিষুবীয় ব্যাসৰ মান কিমান ? 

উত্তৰঃপৃথিৱীৰ বিষুবীয় ব্যাসৰ মান ১২,৭৫৬ কি.মি .। 

প্রশ্ন ৪। পৃথিৱীৰ মেৰু ব্যাসৰ মান কিমান ? 

উত্তৰঃ পৃথিৱীৰ মেৰু ব্যাসৰ মান ১২,৭১৪ কি.মি .। 

প্রশ্ন ৫। মেৰু ব্যাস আৰু বিষুবীয় ব্যাসৰ পার্থক্য কিমান ? 

উত্তৰঃ মেৰু ব্যাস আৰু বিষুবীয় ব্যাসৰ পার্থক্য ৪২ কি.মি .। 

প্রশ্ন ৬। জিঅ’ইড ( Geoid ) কি

উত্তৰঃ পৃথিৱীৰ নির্দিষ্ট আকৃতিটোক ইংৰাজীত জিঅ’ইড ( Geoid ) বুলি কোৱা হয় ।

প্রশ্ন ৭। পৃথিৱীৰ মেৰুদণ্ডডালে ধৰাতলৰ লগত কিমান ডিগ্রী কোণ কৰি থাকে ।

উত্তৰঃ পৃথিৱীৰ মেৰুদণ্ডডালে ধৰাতলৰ লগত সদায় ৬৬ কোণ কৰি থাকে । 

প্রশ্ন ৮। সুমেৰুবৃত্ত কি ? 

উত্তৰঃ ৬৬° উত্তৰ অক্ষৰেখাডালক সুমেৰু বৃত্ত বােলে । 

প্রশ্ন ৯। কুমেৰু বৃত্ত কি ?

উত্তৰঃ ৬৬ ১°/২ দক্ষিণ অক্ষৰেখাডালক কুমেৰু বৃত্ত বােলে । 

প্রশ্ন ১০। পৃথিৱীপৃষ্ঠত কিমানডাল অক্ষৰেখা আছে ? 

উত্তৰঃ পৃথিৱীপৃষ্ঠত মুঠ ১৮০ ডাল অক্ষৰেখা আছে । ( বিষুব ৰেখাক ধৰিলে ১৮১ ডাল ) 

প্রশ্ন ১১। পৃথিৱীপৃষ্ঠত কিমানডাল দ্রাঘিমা ৰেখা আছে ? 

উত্তৰঃ দ্রাঘিমা ৰেখা মুঠতে ৩৬০ ডাল আছে । 

( খ ) সংক্ষিপ্ত উত্তৰ দিয়া – 

প্রশ্ন ১। অক্ষৰেখা আৰু দ্রাঘিমা ৰেখাৰ মাজৰ পার্থক্য লিখা । 

উত্তৰঃ ( ১ ) অক্ষৰেখাসমূহ বিষুব ৰেখাৰ সমান্তৰালকৈ পূর্ব – পশ্চিমাকৈ বিস্তৃত হৈ আছে । আনহাতে দ্রাঘিমা ৰেখাবােৰ দুই মেৰুক সংযােগী কৰি উত্তৰ – দক্ষিণাকৈ বিস্তৃত হৈ আছে ।

( ২ ) অক্ষৰেখাবােৰ বৃত্তাকাৰ । আনহাতে দ্রাঘিমা ৰেখাবােৰ অর্ধ – বৃত্তাকাৰ । 

প্রশ্ন ২। নাতিশীতােষ্ণ মণ্ডলৰ বৈশিষ্ট্য কি ? 

উত্তৰঃ ৬৬ ১°/২ উত্তৰ আৰু দক্ষিণৰ পৰা কৰ্কট ক্রান্তি আৰু মকৰ ক্ৰান্তিৰ মাজৰ অঞ্চলটোকে নাতিশীতােষ্ণ অঞ্চল বুলি কোৱা হয় । এই অঞ্চলত সূৰ্যৰ ৰশ্মি হেলনীয়াকৈ পৰে বাবে উত্তাপ কম হােৱা দেখা যায়। 

প্রশ্ন ৩। হিম মণ্ডল কি ? 

উত্তৰঃ সুমেৰু বৃত্ত আৰু কুমেৰু বৃত্তৰ পৰা দুই মেৰুলৈ সূৰ্যৰ পােহৰ অতি কমকৈ পৰে বাবেই উত্তাপৰ পৰিমাণ অতি কম । হিম শীতল এই মণ্ডল দুটাক হিম মণ্ডল বুলি কোৱা হয় ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top