Niketan Class 6 Social Chapter 18 আমাৰ মৌলিক প্রয়ােজনসমূহ

Niketan Class 6 Social Chapter 18 আমাৰ মৌলিক প্রয়ােজনসমূহ is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 6 Social Chapter 18 আমাৰ মৌলিক প্রয়ােজনসমূহ and select need one.

Niketan Class 6 Social Chapter 18 আমাৰ মৌলিক প্রয়ােজনসমূহ

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 6 Social Chapter 18 আমাৰ মৌলিক প্রয়ােজনসমূহ Solutions for All Subjects, You can practice these here.

আমাৰ মৌলিক প্রয়ােজনসমূহ

Chapter – 18

সমাজ বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

অনুশীলনী

প্রশ্ন ১। মৌলিক প্রয়ােজন কাক বােলে ? মানুহৰ মৌলিক প্রয়ােজন কি কি ? 

উত্তৰঃ যিবােৰ বস্তু নহ’লে আমি জীয়াই থাকিব নােৱাৰোঁ , সেই বস্তুবােৰৰ প্রয়ােজনকে মৌলিক প্রয়ােজন বােলা হয় । মানুহৰ মৌলিক প্রয়ােজন তিনিবিধ হ’ল — অন্ন , বস্ত্ৰ আৰু বাসস্থান । 

প্রশ্ন ২। অঞ্চলভেদে মানুহৰ মুখ্য আহাৰৰ বিভিন্নতাৰ কাৰণ কি ? 

উত্তৰঃ অঞ্চলভেদে মানুহৰ মুখ্য আহাৰৰ বিভিন্নতাৰ কাৰণ হৈছে পাৰিপাৰ্শ্বিক অৱস্থা বা ভৌগােলিক পবিৱেশ ।

প্রশ্ন ৩। সাজ – পাৰ পৰিধান কৰাৰ যিকোনাে তিনিটা প্রয়ােজনীয়তা উল্লেখ কৰা । 

উত্তৰঃ সাজ – পাৰ পৰিধান কৰাৰ যিকোনাে তিনিটা প্রয়ােজনীয়তা হ’ল- 

( ক ) লাজ নিবাৰণ কৰিবলৈ মানুহে সাজ – পাৰ পৰিধান কৰে ।

( খ ) ৰ’দ , বতাহ , শীত , ধূলি – মাকতি আদিৰ পৰা ৰক্ষা কৰিবলৈ সাজ – পাৰৰ প্রয়ােজন ।

( গ ) মানুহে প্রত্যেকেই নিজক ধুনীয়া কৰিবলৈ কৰা চেষ্টাৰ বাবেও সাজ – পাৰ পিন্ধে । 

প্রশ্ন ৪। মৌলিক প্রয়ােজন হিচাপে ঘৰ বা বাসস্থানৰ গুৰুত্ব বুজাই লিখা । 

উত্তৰঃ বাসস্থান প্রয়ােজন আমাৰ এক অন্যতম মৌলিক প্রয়ােজন । মানব সভ্যতাৰ ধাৰাবাহিক উন্নতিত খাদ্য বা সাজপাৰৰ দৰে বাসস্থানেও এক উল্লেখযােগ্য ভূমিকা গ্রহণ কৰি আহিছে । ঘৰ বা বাসস্থানে আমাক ৰ’দ বতাহ – বৰষুণৰ পৰা ৰক্ষা কৰাৰ উপৰি আমাক নিৰাপত্তা , আশ্রয় আৰু বিশ্বাস প্রদান কৰে । ঘৰ অবিহনে মানুহৰ জীৱন কেতিয়াও নিৰাপদ নহয় । ঘৰ বা বাসস্থানে মানুহক বিভিন্ন বিপদ – আপদৰ পৰা ৰক্ষা কৰে । সেয়েহে বাসস্থানক মৌলিক প্রয়ােজনৰ অন্তর্ভুক্ত কৰা হৈছে । 

প্রশ্ন ৫। মেৰু অঞ্চলৰ বাসিন্দাসকলে বাস কৰা ঘৰৰ নাম কি আৰু ই কিহৰ দ্বাৰা নির্মিত ? 

উত্তৰঃ মেৰু অঞ্চলৰ বাসিন্দাসকলে বাস কৰা ঘৰৰ নাম ঈগলু । মেৰু অঞ্চলত প্রায় সকলাে সময়তে বৰফে আগুৰি থাকে বাবে এস্কিম’সকলে সজা এই ইগলু বৰফৰ দ্বাৰা নির্মিত । 

প্রশ্ন ৬। বিহাৰ , উত্তৰ প্ৰদেশ আদিৰ ঘৰৰ চালবােৰ সাধাৰণতে কিহেৰে নির্মিত ? 

উত্তৰঃ বিহাৰ , উত্তৰ প্ৰদেশ আদিৰ ঘৰৰ চালবােৰ সাধাৰণতে মাটিৰে নির্মিত । 

অতিৰিক্ত প্ৰশ্নোত্তৰ

অতি চমু প্রশ্নোত্তৰ –

প্রশ্ন ১। আহাৰক প্ৰধানকৈ কেইটা ভাগত ভগাব পাৰি ? 

উত্তৰঃ আহাৰক প্ৰধানকৈ দুটা ভাগত ভগাব পাৰি।

প্রশ্ন ২। আহাৰৰ প্ৰধান ভাগ কেইটা কি কি ? 

উত্তৰঃ আহাৰৰ প্ৰধান ভাগকেইটা হ’ল – মূল আহাৰ আৰু উপ – আহাৰ। 

প্রশ্ন ৩। আমি গ্ৰহণ কৰা মূল আহাৰবােৰ কি কি ? 

উত্তৰঃ আমি দুবেলা নিয়মীয়াকৈ খােৱা ভাত বা ৰুটীক আমি মূল আহাৰ বুলি কওঁ । 

প্রশ্ন ৪। কেনেধৰণৰ খাদ্যক উপ – আহাৰ বুলি কোৱা হয় ? 

উত্তৰঃ মূল আহাৰৰ উপৰি দিনটোৰ যিকোনাে সময়ত গ্ৰহণ কৰা ফল – মূল , লুচি ভাজি , গাখীৰ – কণী , জলপান , আদিক উপ – আহাৰ বুলি কোৱা হয় । 

প্রশ্ন ৫। অসমৰ মানুহৰ মূল আহাৰ কি ? 

উত্তৰঃ অসমৰ মানুহৰ মূল আহাৰ হৈছে ভাত । 

প্রশ্ন ৬। আদিম যুগত মানুহে কি পৰিধান কৰিছিল ? 

উত্তৰঃ আদিম যুগত মানুহে গছৰ পাত , বাকলি , জন্তুৰ ছাল আদি পৰিধান কৰিছিল । 

প্রশ্ন ৭। আমাক আহাৰ কিয় লাগে ? 

উত্তৰঃ শৰীৰ বৃদ্ধি আৰু পুষ্টি সাধনৰ বাবে আমাক আহাৰ লাগে । 

প্রশ্ন ৮। মহাত্মা গান্ধীয়ে অসমলৈ আহোঁতে কি বুলি কৈছিল ? 

উত্তৰঃ মহাত্মা গান্ধীয়ে অসমলৈ আহোঁতে কৈছিল — অসমীয়া শিপিনীয়ে শালত সপােন ৰচে । 

প্রশ্ন ৯। আমাক বাসস্থান কিয় লাগে ? 

উত্তৰঃ বাসস্থানে আমাক ৰ’দ বতাহ বৰষুণৰ পৰা ৰক্ষা কৰাৰ উপৰি নিৰাপত্তা , আশ্রয় আৰু আৰাম প্ৰদান কৰে বাবে আমাক বাসস্থান লাগে। 

প্রশ্ন ১০। এস্কিমসকল ক’ত বাস কৰে ? 

উত্তৰঃ এস্কিমসকল মেৰু দেশত বাস কৰে । 

প্রশ্ন ১১। মেৰু দেশৰ ঘৰবােৰক কি বুলি কোৱা হয় ? 

উত্তৰঃ মেৰু দেশৰ ঘৰবােৰক ইলু বুলি কোৱা হয়। 

প্রশ্ন ১২। উত্তৰ – পূব ভাৰতৰ পার্বত্য অঞ্চলৰ মানুহে কি ঘৰ সাজি বাস কৰে ? 

উত্তৰঃ উত্তৰ – পূব ভাৰতৰ পার্বত্য অঞ্চলৰ মানুহে চাংঘৰ সাজি বাস কৰে । 

প্রশ্ন ১৩। আৰবৰ বেদুইনসকলে কি ঘৰ সাজি বাস কৰে ? 

উত্তৰঃ আৰবৰ বেদুইনসকলে তম্বুৰ অস্থায়ী ঘৰ সাজি বাস কৰে ।

চমু প্রশ্নোত্তৰ

প্রশ্ন ১। বায়ু নহ’লে আমি জীয়াই থাকিব নােৱাৰোঁ যদিও বায়ুক মৌলিক প্রয়ােজন বুলি ধৰা নহয় কিয় ? 

উত্তৰঃ আমাৰ জীৱন ধাৰণৰ কাৰণে বায়ু অত্যন্ত প্রয়ােজনীয় উপাদান যদিও ইয়াক প্ৰকৃতিৰ পৰা পর্যাপ্ত পৰিমাণে পােৱা যায় । আনহাতে , বায়ুক মূল্য দি কিনিবও নালাগে , ই মুক্ত । সেয়েহে বায়ুক মৌলিক প্রয়ােজন হিচাপে ধৰা নহয় ।

প্রশ্ন ২। খাদ্য সামগ্ৰীৰ উৎপাদনত প্ৰভাৱ পেলােৱা কাৰকসমূহ কি কি ? 

উত্তৰঃ খাদ্য সামগ্ৰীৰ উৎপাদনত প্ৰভাৱ পেলােৱা কাৰকসমূহ হ’ল — প্রাকৃতিক পৰিবেশ , জলবায়ু , মাটিৰ গুণাগুণ আৰু বৰষুণৰ প্রাচুর্য । 

প্রশ্ন ৩। সাজপাৰ নিৰ্বাচনত কি কি কাৰকে প্ৰভাৱ পেলায় ? 

উত্তৰঃ সাজপাৰ নিৰ্বাচনত প্ৰভাৱ পেলােৱা কাৰকসমূহ হ’ল — জাতীয় পৰম্পৰা , ধর্মীয় বিশ্বাস , ভৌগােলিক অৱস্থান , জলবায়ুৰ ভিন্নতা , বৃত্তিৰ ভিন্নতা , সৌন্দর্যবােধ , সময় আদি । 

প্রশ্ন ৪। আমাৰ মৌলিক প্রয়ােজনসমূহৰ উৎসসমূহৰ বিষয়ে লিখা । 

উত্তৰঃ            

মৌলিক প্রয়ােজনসমূহউৎসসমূহ
১। আহাৰ ১।খাদ্য – শস্য , শাক – পাচলি , মাছ – মাংস , কণী গাখীৰ , ফল – মূল, পানী আদি ।
২। সাজ-পাৰ২। কপাহ , এৰী , মুগা , পাট , ঊণসূতা , পলিয়েষ্টাৰ , মৰাপাট আদি ।
৩। বাসস্থান৩। গছ , বাঁহ, খেৰ , মাটি , শিল, বালি , চিমেন্ট , লােহা আদি ।

প্রশ্ন ৫। এস্কিমসকলে বৰফৰ ঘৰ সাজি কিয় বাস কৰে লিখা । 

উত্তৰঃ এস্কিমসকলে মেৰু দেশত বাস কৰে । মেৰু অঞ্চল প্রায় সকলাে সময়তে বৰফে আৱৰি থাকে। সেয়েহে এস্কিমসকলে বৰফেৰে এক বিশেষ ধৰণৰ শীত প্রতিৰােধী ঘৰ সাজি বাস কৰে ।

প্রশ্ন ৬। উত্তৰ – পূব ভাৰতৰ পার্বত্য অঞ্চলৰ বাসিন্দাসকলে কিয় চাংঘৰ সাজি বাস কৰে ? 

উত্তৰঃ উত্তৰ – পূব ভাৰতৰ পার্বত্য এলেকাৰ বাসিন্দাসকলে আকৌ বনৰীয়া জীৱ – জন্তু , সৰীসৃপ আদিৰ পৰা ৰক্ষা পাবলৈ ওখকৈ চাংঘৰ সাজি বাস কৰে । 

প্রশ্ন ৭। বিহাৰ , উত্তৰ প্ৰদেশ আদি ৰাজ্যৰ মানুহে মাটিৰ ঘৰ কিয় সাজে ? 

উত্তৰঃ বিহাৰ , উত্তৰ প্ৰদেশ আদি ৰাজ্যত জাৰ – জহ দুয়ােটাৰে প্রকোপ বেছি । এইবােৰৰ পৰা ৰক্ষা পাবলৈ এই ঠাইৰ মানুহে মাটিৰ ঘৰ সাজে ।  

প্রশ্ন ৮। আৰবৰ বেদুইনসকলে তমূৰ ঘৰ কিয় সাজে ? 

উত্তৰঃ আৰবৰ বেদুইনসকল এক অঘৰী জাতি । তেওঁলােকে জীৱিকা আৰু খাদ্যৰ সন্ধানত সঘনাই ঠাই সলাই ফুৰিব লগীয়া হয় । সেয়েহে তেওঁলােকে তম্বুৰ অস্থায়ী ঘৰ সাজি বাস কৰে ।

দীঘলীয়া প্ৰশ্নোত্তৰ

প্রশ্ন ১। অঞ্চলভেদে মানুহৰ মুখ্য আহাৰৰ বিভিন্নতাৰ কাৰণ সম্পর্কে চমুকৈ লিখা । 

উত্তৰঃ অঞ্চলভেদে মানুহৰ মুখ্য আহাৰ ভিন্ ভিন্ হােৱা দেখা যায় । বিভিন্ন ঠাইৰ জলবায়ু একে নোহাৱা বাবে ঠাইবােৰৰ মাটিৰ গুণাগুণে বেলেগ বেলেগ হয় । যিহেতু জলবায়ু আৰু মাটিৰ গুণাগুণৰ ওপৰত খেতি – বাতি নিৰ্ভৰ কৰে , সেয়েহে পৃথিৱীৰ সকলাে ঠাইতে একেধৰণৰ খাদ্য – শস্য উৎপাদন নহয় । যিবােৰ ঠাইত যিবিধ খাদ্য – শস্য আটাইতকৈ বেছি পৰিমাণে উৎপাদন হয় সেইবিধ খাদ্য – শস্যই সেই অঞ্চলৰ প্রধান আহাৰ হিচাপে বিবেচিত হয় । উদাহৰণ স্বৰূপে , অসমৰ মাটি ধান খেতিৰ বাবে উপযােগী কাৰণে অসমৰ মানুহৰ প্রধান আহাৰ ভাত । আনহাতে পঞ্জাৱ , হাৰিয়ানা , বিহাৰ , উত্তৰ প্ৰদেশ আদি ঠাইত ঘেঁহু প্ৰচুৰ পৰিমাণে উৎপন্ন হয় কাৰণে সেইবােৰ ঠাইৰ মানুহৰ প্ৰধান আহাৰ হৈছে ৰুটী । 

আকৌ মেৰু অঞ্চলত বৰফৰ প্রকোপত গছ – গছনি বা সচৰাচৰ পােৱা জীৱ জন্তুবােৰ পােৱা নাযায় । সেই কাৰণে এনে অঞ্চলৰ বাসিন্দা এস্কিম’সকলে সেই অঞ্চলত পােৱা ছীল , তিমি মাছ আদি চিকাৰ কৰি সংগ্ৰহ কৰে আৰু খাদ্য হিচাপে গ্রহণ কৰে । একেদৰে আৰব দেশৰ অঘৰী বেদুইনসকলে মৰুভূমিত পােৱা উটৰ মাংস , গাখীৰ আৰু খেজুৰ আদি খাই জীৱন – ধাৰণ কৰে ।

প্রশ্ন ২। মানুহৰ সাজ – পাৰ কিয় বেলেগ বেলেগ হয় চমুকৈ লিখা । 

উত্তৰঃ জাতীয় পৰম্পৰা , ধর্মীয় বিশ্বাস , ভৌগােলিক অৱস্থান , জলবায়ু , বৃত্তি , সৌন্দর্যবােধ , সময় আদিৰ ওপৰত ভিত্তি কৰি মানুহৰ সাজপাৰ বেলেগ বেলেগ হয় । উদাহৰণ স্বৰূপে , পৰম্পৰাগত অসমীয়া সমাজত মেখেলা – চাদৰ , ধুতি – চোলা , চেলেং কাপােৰ , বাঙালী সমাজত শাৰী , ধুতি – পাঞ্জাৱী , পঞ্জাৱত চেলােৱাৰ কামিজ ইত্যাদি পৰিধান কৰে । সাজ – পাৰে আমাৰ জাতিগত বৈশিষ্ট্য প্রকাশ কৰে । ইয়াৰ উপৰি জলবায়ুৰ ভিন্নতা , বৃত্তিৰ ভিন্নতা আদিয়ে কাপােৰৰ নিৰ্বাচনত প্ৰভাৱ পেলায় । উদাহৰণ স্বৰূপে , শীতকালত বা শীতপ্রধান অঞ্চলত মানুহে প্রধানকৈ ঊণৰ কাপােৰ আৰু গ্রীষ্মকালত গ্রীষ্মপ্রধান অঞ্চলত কপাহী কাপােৰ ব্যৱহাৰ কৰে । সেইদৰে সাজ পাৰৰ দ্বাৰাই আমি সৈনিক , পুলিচ , চিকিৎসক , নার্চ , অধিবক্তা আদি বিভিন্ন বৃত্তিৰ লগত জড়িত ব্যক্তিসকলক চিনিব পাৰে । 

প্রশ্ন ৩। ভৌগােলিক আৰু সামাজিক পৰিবেশৰ ওপৰত ভিত্তি কৰি মানুহৰ ঘৰবােৰ কিয় বেলেগ বেলেগ বস্তুৰে সজা হয় লিখা । 

উত্তৰঃ ভৌগােলিক আৰু সামাজিক পৰিবেশৰ ওপৰত ভিত্তি কৰি মানুহৰ ঘৰবােৰ বেলেগ বেলেগ হােৱা দেখা যায় । উদাহৰণ স্বৰূপে , মেৰু অঞ্চল প্রায় সকলাে সময়তে বৰফে আৱৰি থাকে বাবে এই অঞ্চলত বাস কৰা এস্কিমসকলে বৰফত এক বিশেষ ধৰণৰ শীতপ্ৰতিৰােধী ঘৰ সাজে । বৰফৰ এই বিশেষ ঘৰক ঈগলু বােলা হয় ।

উত্তৰ – পূব ভাৰতৰ পার্বত্য এলেকাৰ বাসিন্দাসকলে আকৌ বনৰীয়া জীৱ – জন্তু , সৰীসৃপ আদিৰ পৰা ৰক্ষা পাবলৈ ওখকৈ চাংঘৰ সাজি বাস কৰে । সেইদৰে অসম প্রাকৃতিক সম্পদত চহকী ৰাজ্য । ইয়াৰ হাবি – বননিত প্ৰচুৰ পৰিমাণে বাঁহ , বেত , খেৰ , কাঠ আদি পােৱা যায়। তদুপৰি ইয়াৰ জলবায়ু সেমেকা , আৰু ৰষুণৰ প্রকোপ বেছি হােৱা বাবে ইয়াত এনেবােৰ সামগ্ৰীৰে ঘৰ সজা দেখা যায় । 

বিহাৰ , উত্তৰ প্রদেশ , মধ্যপ্রদেশ আদি ৰাজ্যত জাৰ – জহ দুয়ােটাৰে প্রকোপ বেছি কাৰণে তাৰ মানুহে মাটিৰে ঘৰ সাজি ঘৰৰ চালত খাপৰি ব্যৱহাৰ কৰে । 

আনহাতে আৰবৰ বেদুইনসকলে জীৱিকা আৰু খাদ্যৰ সন্ধানত সঘনাই ঠাই সলাই ফুৰিবলগীয়া হয় বাবে তেওঁলােকে তম্বুৰ অস্থায়ী ঘৰ সাজি বাস কৰে । 

বর্তমান নগৰীকৰণৰ সম্প্ৰসাৰণ , বিজ্ঞান প্রযুক্তিবিদ্যাৰ উন্নতিৰ লগে লগে মানুহৰ জীৱনযাত্রা উন্নত হৈছে । মানুহৰ পৰিৱৰ্তিত জীৱনশৈলীৰ লগত খাপ খুৱাই মানুহে অত্যাধুনিক কলা – কৌশল প্রয়ােগ কৰি অট্টালিকা সাজিবলৈ লৈছে । 

অতি চমু প্ৰশ্নোত্তৰ

প্রশ্ন ১। খালী ঠাই পূৰ কৰা –

( ক ) ………………. প্রয়ােজন অবিহনে মানুহ জীয়াই থাকিব নােৱাৰে। 

উত্তৰঃ মৌলিক । 

( খ ) ………………… পৰিবেশৰ ওপৰত ভিত্তি কৰি মানুহৰ প্ৰধান আহাৰ ভিন ভিন হ’ব পাৰে । 

উত্তৰঃ ভৌগােলিক । 

( গ ) ………………….. সকলে ছীল , তিমি মাছ আদি চিকাৰ কৰি খাদ্য সংগ্রহ কৰে । 

উত্তৰঃ এস্কিম ’ ।

( ঘ ) ………………….. দেশৰ অঘৰী বেদুইনসকলে মৰুভূমিত পােৱা উটৰ মাংস , গাখীৰ আৰু খেজুৰ খাই জীৱন – ধাৰণ কৰে । 

উত্তৰঃ আৰৱ । 

( ঙ ) সাজ – পাৰে আমাৰ ………………… নিবাৰণ কৰাৰ উপৰি ৰ’দ, বতাহ , শীত , ধূলি মাকতি আদিৰ পৰা আমাক ৰক্ষা কৰে । 

উত্তৰঃ লজ্জা । 

( চ ) ঘৰ কি বস্তুৰে সাজিব সেইটো নিৰ্ভৰ কৰে ভৌগােলিক আৰু…………………… পৰিবেশৰ ওপৰত । 

উত্তৰঃ সামাজিক । 

( ছ ) মেৰু দেশত বাস কৰা এস্কিমসকলে বৰফেৰে সজা ঘৰক…………………… কোৱা হয় । 

উত্তৰঃ ঈগলু । 

( জ ) উত্তৰ – পূব ভাৰতৰ ………………….. এলেকাৰ মানুহে চাংঘৰ সাজি বাস কৰে । 

উত্তৰঃ পার্বত্য ।

( ঝ ) উত্তৰ প্ৰদেশ , মধ্য প্রদেশৰ মানুহে মাটিৰে ঘৰ সাজি ঘৰৰ চালত………………… ব্যৱহাৰ কৰে । 

উত্তৰঃ খাপৰি ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top