Niketan Class 6 Social Chapter 17 প্রাচীন অসমৰ কথা

Niketan Class 6 Social Chapter 17 প্রাচীন অসমৰ কথা is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 6 Social Chapter 17 প্রাচীন অসমৰ কথা and select need one.

Niketan Class 6 Social Chapter 17 প্রাচীন অসমৰ কথা

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 6 Social Chapter 17 প্রাচীন অসমৰ কথা Solutions for All Subjects, You can practice these here.

প্রাচীন অসমৰ কথা

Chapter – 17

সমাজ বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

অনুশীলনী

প্রশ্ন ১। চমু উত্তৰ লিখা –

( ক ) দানৱ বংশৰ প্ৰথম ৰজাজনৰ নাম কি ? 

উত্তৰঃ দানৱ বংশৰ প্ৰথম ৰজাজন হ’ল মহীৰঙ্গ দানৱ । 

( খ ) নৰকাসুৰ কোন বংশৰ ৰজা আছিল ? 

উত্তৰঃ নৰকাসুৰ ভৌম বংশৰ ৰজা আছিল । 

( গ ) বর্মন বংশৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম কি ? 

উত্তৰঃ বর্মন বংশৰ প্ৰতিষ্ঠাপক ৰজাজন হ’ল পুষ্য বর্মন ।

( ঘ ) বর্মন বংশৰ শ্রেষ্ঠ ৰজা কোন আছিল ? 

উত্তৰঃ বর্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন হ’ল — ভাস্কৰ বৰ্মন । 

( ঙ ) শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম লিখা । 

উত্তৰঃ শালস্তম্ভ বংশৰ প্রতিষ্ঠাপক ৰজাজন হ’ল শালস্তম্ভ বা অৱন্তী বর্মন।

প্রশ্ন ২। চমু টোকা লিখা— 

( ক ) নৰকাসুৰ ।

উত্তৰঃ নৰকাসুৰ বৰ প্ৰৱল প্রতাপী ৰজা আছিল । কালিকাপুৰাণ আৰু যােগিনীতন্ত্রৰ পৰা জানিব পাৰি যে নৰকাসুৰে ঘটকাসুৰক বধ কৰি এটা নতুন বংশৰ – প্রতিষ্ঠা কৰিছিল । এই বংশটোৰ নাম আছিল ভৌম বংশ । ভূমি দেৱী নৰকৰ মাক আছিল । সেইবাবে তেওঁ প্রতিষ্ঠা কৰা বংশটোৰ নাম ভৌম বংশ হয় । নৰকে প্রায়বােৰ অনার্য জাতিৰ লােকক এই ঠাইৰ পৰা সাগৰৰ পাৰলৈকে খেদি পঠিয়ায় আৰু পশ্চিম দিশৰ পৰা আর্য জাতিৰ লােকক আনি প্রাগজ্যোতিষপুৰত সংস্থাপন কৰে । তেওঁ কামাখ্যা দেৱীৰ ভক্ত আছিল । 

( খ ) বাণ ৰজা ।

উত্তৰঃ শােণিতপুৰ জিলাত বাণ নামৰ এজন প্রখ্যাত ৰজাই ৰাজত্ব কৰিছিল । তেওঁ শিৱভক্ত আছিল । তেজপুৰৰ বিখ্যাত মহাভৈৰৱ মন্দিৰ তেৱেঁই সজাইছিল বুলি জানিব পৰা যায় । তেওঁৰ ঊষা নামৰ এগৰাকী সুন্দৰী জীয়ৰী আছিল আৰু তেওঁক শ্রীকৃষ্ণৰ নাতি অনিৰুদ্ধই বিয়া কৰাইছিল। 

( গ ) ভাস্কৰ বৰ্মন ।

উত্তৰঃ বর্মন বংশৰ শ্রেষ্ঠ ৰজাজনেই হ’ল ভাস্কৰ বৰ্মন । এওঁৰ দিনতে উত্তৰ ভাৰতৰ শক্তিশালী ৰজা হর্ষবর্ধনৰ সৈতে কামৰূপৰ ৰজাৰ লগত মিত্রতা স্থাপন হৈছিল । ভাস্কৰ বৰ্মনৰ প্ৰধান শত্রু আছিল গৌড় ৰজা শশাংক । হর্ষবর্ধনৰ সৈতে মিলিত হৈ শশাংকক ভাস্কৰ বৰ্মনে যুদ্ধত পৰাস্ত কৰিছিল । ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালত হিউৱেন চাং নামৰ এজন চীনা পৰিব্রাজক কামৰূপলৈ আহিছিল । তেৱেই ‘ চি – উ – কি’ নামৰ এখন পুথি লিখিছিল । ভাস্কৰ বৰ্মন চিৰকুমাৰ আছিল আৰু আনুমানিক ৬৫০ খ্রীঃত তেওঁৰ মৃত্যু হয় । 

( ঘ ) শালস্তম্ভ বংশ ।

উত্তৰঃ ভাস্কৰ বৰ্মনৰ পিছত কামৰূপত কোনাে স্থায়ী ৰজা নাছিল । সেই সময়ত শালস্তম্ভ বা অৱন্তী বর্মন নামৰ এজন লােকে শালস্তম্ভ নামৰ নতুন এটা বংশৰ প্ৰতিষ্ঠা কৰে । এই বংশত ২১ জন ৰজাই সপ্তম শতিকাৰ মাজভাগৰ পৰা দশম শতিকাৰ শেষভাগলৈ প্রায় চাৰে তিনিশ বছৰ কাল শাসন কৰিছিল । তেওঁলােকৰ ৰাজধানী আছিল  হটপ্পেশ্বৰ বা হড়পেশ্বৰ । বৰ্তমানৰ তেজপুৰেই তেতিয়াৰ হড়পেশ্বৰ আছিল । শ্রীহৰ্ষদেৱ বা শ্রীহৰ্ষ এই বংশৰ শ্ৰেষ্ঠ ৰজা আছিল । হর্জৰ বৰ্মন নামৰ আন এজন ৰজাই তেজপুৰত হৰ্জৰ পুখুৰীটো খন্দাইছিল । শালস্তম্ভ বংশৰ শেষৰজন ৰজা আছিল ত্যাগ সিংহ ।

প্রশ্ন ৩। খালী ঠাই পূৰ কৰা – 

( ক ) মহাভাৰতত এই ৰাজ্যৰ নাম ……………… বুলি উল্লেখ আছে ।

উত্তৰঃ প্রাগজ্যোতিষপুৰ । 

( খ ) প্রাচীন কামৰূপ ৰাজ্য ………………. ভাগত বিভক্ত আছিল । 

উত্তৰঃ চাৰি । 

( গ ) নৰক ……………….ৰ ভক্ত আছিল । 

উত্তৰঃ কামাখ্যা দেৱীৰ । 

( ঘ ) বর্তমানৰ ………………. আছিল পুৰণি শােণিতপুৰ । 

উত্তৰঃ তেজপুৰ । 

( ঙ ) সৰ্বমুঠ ………………. জন বর্মন ৰজাই কামৰূপ শাসন কৰিছিল। 

উত্তৰঃ তেৰজন ।

( চ ) ৰজা ভাস্কৰ বৰ্মনৰ দিনত চীনা পব্রিাজক ………………. আহিছিল । 

উত্তৰঃ হিউয়েন চাং । 

( ছ ) শালস্তম্ভ ৰজাসকলৰ ৰাজধানীখনৰ নাম আছিল ………………..।

উত্তৰঃ হড়পেশ্বৰ বা হটপ্পেশ্বৰ । 

প্রশ্ন ৪। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলােৱা । 

‘ক’ অংশ‘খ’ অংশ
( ১ ) বাণ ৰজা( ১ ) শালস্তম্ভ বংশ
( ২ ) ভীষ্মক ৰজা( ২ ) বিদর্ভ ৰাজ্য
( ৩ ) বর্মন বংশ( ৩ ) পুষ্য বর্মন 
( ৪ ) শ্রীহর্ষ( ৪ ) শোণিতপুৰ

উত্তৰঃ 

‘ক’ অংশ‘খ’ অংশ
( ১ ) বাণ ৰজা( ৪ ) শোণিতপুৰ
( ২ ) ভীষ্মক ৰজা( ২ ) বিদর্ভ ৰাজ্য
( ৩ ) বর্মন বংশ( ৩ ) পুষ্য বর্মন 
( ৪ ) শ্রীহর্ষ( ১ ) শালস্তম্ভ বংশ

প্রশ্ন ৫। ক্রমানুসাৰে লিখা –

( ক ) শালস্তম্ভ , ( খ ) ভৌম বংশ ,( গ ) বর্মন বংশ ( ঘ ) দানৱবংশ , (ঙ ) পাল বংশ 

উত্তৰঃ ( ঘ ) দানৱবংশ , ( খ ) ভৌম বংশ , ( গ ) বর্মন বংশ , ( ক ) শালস্তম্ভ বংশ , ( ঙ ) পাল বংশ। 

অতিৰিক্ত প্ৰশ্নোত্তৰ

( ক ) চমু উত্তৰ দিয়া –

প্রশ্ন ১। আমাৰ ৰাজ্যখনৰ একেবাৰে পুৰণি নাম কি আছিল ? 

উত্তৰঃ আমাৰ ৰাজ্যখনৰ একেবাৰে পুৰণি নাম প্রাগজ্যোতিষ আছিল । ইয়াৰ ৰাজধানীৰ নাম আছিল প্রাগজ্যোতিষপুৰ ।

প্রশ্ন ২। কামৰূপ নামটো পুৰণি কি কি সমলত উল্লেখ আছে ? 

উত্তৰঃ কামৰূপ নামটো সমুদ্রগুপ্তৰ এলাহাবাদৰ স্তম্ভ লিপিত , পুৰাণ আৰু তন্ত্রশাস্ত্ৰবােৰত উল্লেখ আছে । 

প্রশ্ন ৩। যোগিনীতন্ত্র মতে পুৰণি কামৰূপৰ ভাগকেইটাৰ নাম কি কি ? 

উত্তৰঃ যােগিনীতন্ত্র মতে পুৰণি কামৰূপক চাৰিটা ভাগত ভাগ কৰা হৈছে । যেনে— ৰত্নপীঠ , কামপীঠ , স্বর্ণপীঠ আৰু সৌমাৰ পীঠ । 

প্রশ্ন ৪। কোনটো ৰাজ বংশক কামৰূপৰ প্ৰথম ঐতিহাসিক ৰাজ বংশ বুলি জনা যায় ? 

উত্তৰঃ পুষ্য বর্মনে প্রতিষ্ঠা কৰা বৰ্মন বংশটোক কামৰূপৰ প্ৰথম ৰাজ বংশ বুলি জনা যায় । 

প্রশ্ন ৫। দানৱ বংশৰ যিকোনাে দুজন ৰজাৰ নাম লিখা । 

উত্তৰঃ দানৱ বংশৰ যিকোনাে দুজন ৰজাৰ নাম হ’ল– মহীৰংগ দানৱ আৰু হটকাসুৰ ।

প্রশ্ন ৬। মহাভাৰতৰ কুৰুক্ষেত্ৰৰ যুদ্ধত কৌৰৱৰ পক্ষত যােগ দিয়া কামৰূপৰ ৰজাজনৰ নাম কি আছিল ? 

উত্তৰঃ ভগদত্তই কুৰুক্ষেত্ৰৰ যুদ্ধত অংশগ্রহণ কৰিছিল । 

প্রশ্ন ৭। দুর্যোধনলৈ বিয়া দিয়া ভগদত্তৰ জীয়ৰী গৰাকীৰ নাম কি আছিল ? 

উত্তৰঃ দুর্যোধনলৈ বিয়া দিয়া ভগদত্তৰ জীয়ৰী গৰাকীৰ নাম ভানুমতী ।

প্রশ্ন ৮। বাণ আৰু ভীষ্মক ৰজাই ৰাজত্ব কৰা ৰাজ্য দুখনৰ নাম কি কি আছিল ? 

উত্তৰঃ বাণ ৰজাৰ ৰাজ্যখন শােণিতপুৰ আৰু ভীষ্মক ৰজাৰ ৰাজ্যখনৰ নাম বিদর্ভ ৰাজ্য নামে জনাজাত আছিল । 

প্রশ্ন ৯। বিদর্ভ ৰাজ্যৰ ৰাজধানীৰ নাম কি আছিল ? 

উত্তৰঃ বিদর্ভ ৰাজ্যৰ ৰাজধানীৰ নাম কুণ্ডিল নগৰ আছিল । 

প্রশ্ন ১০। ‘ৰুক্মিণী হৰণ’ নাটখন কোনে লিখিছিল ? 

উত্তৰঃ ‘ৰুক্মিণী হৰণ’ নাটকখন শ্ৰীমন্ত শংকৰদেৱে লিখিছিল । 

প্রশ্ন ১১। ‘ৰুক্মিণী হৰণ’ নাটকখনৰ কাহিনীটোৰ উৎস কি আছিল ? 

উত্তৰঃ ‘ৰুক্মিণী হৰণ’ নাটখনৰ কাহিনীটোৰ উৎস হ’ল — ভীষ্মক ৰজাৰ জীয়ৰী ৰুক্মিণীক শ্রীকৃষ্ণই স্বয়ম্বৰ সভাৰ পৰা হৰণ কৰি নি বিয়া কৰাই দ্বাৰকালৈ লৈ গৈছিল ।

প্রশ্ন ১২। পাল বংশৰ প্ৰতিষ্ঠাপক ৰজা জনৰ নাম কি আছিল ? 

উত্তৰঃ ব্রহ্মপাল নামৰ এজন ৰজাই পালবংশ প্রতিষ্ঠা কৰিছিল । 

প্রশ্ন ১৩। হংসবেগ কোন আছিল ? 

উত্তৰঃ হর্ষবর্ধনৰ লগত মিত্রতা স্থাপন কৰাৰ উদ্দেশ্যে ভাস্কৰ বৰ্মনে হংসবেগ নামৰ এজন কটকী তেওঁৰ ওচৰলৈ পঠাইছিল । 

প্রশ্ন ১৪। প্রাচীন কালত প্রাগজ্যোতিষপুৰ ৰাজ্যৰ উপৰি অসমত থকা স্বাধীন ৰাজ্য পাঁচখনৰ নাম লিখা । 

উত্তৰঃ প্রাচীন কালত অসমত থকা স্বাধীন ৰাজ্য হ’ল — ডবাক , কদলি, হিড়িম্বা , ত্ৰিপুৰা আৰু মণিপুৰ । 

প্রশ্ন ১৫। কোনজন গৌড় ৰজাই উত্তৰ বংগ ৰাজ্যখন কামৰূপৰ পৰা কাঢ়ি লয় ? 

উত্তৰঃ গৌড় ৰাজ ৰামপালে উত্তৰ বংগ ৰাজ্যখন কামৰূপৰ পৰা কাঢ়ি লয় । 

প্রশ্ন ১৬। পাল বংশৰ শেষ ৰজাজনৰ নাম কি আছিল ? 

উত্তৰঃ পাল বংশৰ শেষ ৰজাজনৰ নাম আছিল জয়পাল । 

প্রশ্ন ১৭। পুৰণি অসম বুলিলে কোনছােৱা সময়ক বুজা যায় ? 

উত্তৰঃ পুৰণি অসম বুলিলে প্রাচীন কালৰে পৰা আহােমসকলে ইয়াত ৰাজ্য পতাৰ আগলৈকে সময়ছােৱাক বুজা যায় ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top