Niketan Class 6 Social Chapter 15 নতুন ভাৱধাৰাৰ উদ্ভৱ

Niketan Class 6 Social Chapter 15 নতুন ভাৱধাৰাৰ উদ্ভৱ (বৌদ্ধ ধর্ম আৰু জৈন ধৰ্মৰ আৱিৰ্ভাৱ) is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 6 Social Chapter 15 নতুন ভাৱধাৰাৰ উদ্ভৱ (বৌদ্ধ ধর্ম আৰু জৈন ধৰ্মৰ আৱিৰ্ভাৱ) and select need one.

Niketan Class 6 Social Chapter 15 নতুন ভাৱধাৰাৰ উদ্ভৱ (বৌদ্ধ ধর্ম আৰু জৈন ধৰ্মৰ আৱিৰ্ভাৱ)

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 6 Social Chapter 15 নতুন ভাৱধাৰাৰ উদ্ভৱ (বৌদ্ধ ধর্ম আৰু জৈন ধৰ্মৰ আৱিৰ্ভাৱ) Solutions for All Subjects, You can practice these here.

নতুন ভাৱধাৰাৰ উদ্ভৱ

Chapter – 15

সমাজ বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

অনুশীলনী

প্রশ্ন ১। উত্তৰ লিখা –

( ক ) কেতিয়াৰ পৰা ভাৰতত ধর্ম চর্চাৰ নতুন ভাৱধাৰাৰ উদ্ভৱ হৈছিল ? 

উত্তৰঃ খ্রীষ্টপূর্ব ষষ্ঠ শতাব্দীৰ পৰা ভাৰতত ধর্ম চর্চাৰ নতুন ভাৱধাৰাৰ উদ্ভৱ হৈছিল । 

( খ ) বেদ কি ভাষাত ৰচিত ? 

উত্তৰঃ বেদ সংস্কৃত ভাষাত ৰচিত ।

( গ ) মহাবীৰৰ প্রকৃত নাম কি আছিল ? 

উত্তৰঃ মহাবীৰৰ প্রকৃত নাম আছিল বর্ধমান । 

( ঘ ) বৌদ্ধ ধর্মৰ প্রৱর্তক কোন ? 

উত্তৰঃ বৌদ্ধ ধর্মৰ প্রৱর্তক হ’ল গৌতম বুদ্ধ । 

( ঙ ) বৌদ্ধ সংঘ কি ? 

উত্তৰঃ বৌদ্ধ সংঘ হৈছে বুদ্ধৰ বাণী প্রচাৰ কৰা ঘাই কেন্দ্র । 

প্রশ্ন ২। সঁচা – মিছা নিৰূপণ কৰা –

( ক ) বৈদিক যুগৰ শেষৰ ভাগত যাগযজ্ঞ , কর্মকাণ্ড , পশুবলিৰ প্ৰচলনৰ অন্ত পৰিছিল ।

উত্তৰঃ মিছা । 

( খ ) মহাবীৰ আৰু গৌতম বুদ্ধ দুয়ােজন ক্ষত্রিয় কুলৰ । 

উত্তৰঃ সঁচা । 

( গ ) জৈন ধর্মাৱলম্বীসকলে বেদক ঈশ্বৰৰ বাণী বুলি স্বীকাৰ কৰে । 

উত্তৰঃ মিছা । 

( ঘ ) বুদ্ধই প্রচাৰ কৰা ধর্মমতত ঈশ্বৰৰ উল্লেখ নাই । 

উত্তৰঃ সঁচা । 

( ঙ ) বুদ্ধই তেওঁৰ বাণীসমূহ সাৰনাথ নামৰ ঠাইৰ পৰা প্ৰচাৰ কৰে । 

উত্তৰ সঁচা । 

( চ ) অসমত বৌদ্ধ ধর্মাৱলম্বী মানুহ নাই । 

উত্তৰঃ মিছা । 

প্রশ্ন ৩। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলােৱা- 

‘ক’ অংশ‘খ’ অংশ
( ক ) বেদ( ক ) জৈন ধর্মৰ তীর্থকংৰ ।
( খ ) পার্শ্বনাথ( খ ) বৌদ্ধ ধর্মগ্রন্থ ।
( গ ) শ্বেতম্বৰ আৰু দিগম্বৰ( গ ) হিন্দু ধর্মৰ মূল গ্রন্থ ।
( ঘ ) সিদ্ধার্থ( ঘ ) এখন বিশ্ববিদ্যালয় ।
( ঙ ) ত্রিপিটক( ঙ ) গৌতম বুদ্ধৰ আন এটা নাম।
( চ ) নালন্দা( চ ) জৈন ধর্মৰ দুটা সম্প্রদায় ।

উত্তৰঃ      

‘ক’ অংশ‘খ’ অংশ
( ক ) বেদ( গ ) হিন্দু ধর্মৰ মূল গ্রন্থ ।
( খ ) পার্শ্বনাথ( ক ) জৈন ধর্মৰ তীর্থকংৰ ।
( গ ) শ্বেতম্বৰ আৰু দিগম্বৰ( চ ) জৈন ধর্মৰ দুটা সম্প্রদায় ।
( ঘ ) সিদ্ধার্থ( ঙ ) গৌতম বুদ্ধৰ আন এটা নাম।
( ঙ ) ত্রিপিটক( খ ) বৌদ্ধ ধর্মগ্রন্থ ।
( চ ) নালন্দা( ঘ ) এখন বিশ্ববিদ্যালয় ।

প্রশ্ন ৪। চমুকৈ উত্তৰ লিখা— 

( ক ) বৈদিক যুগৰ শেষৰফালে সাধাৰণ শ্ৰেণীৰ মানুহৰ বাবে ধর্ম চর্চা কিয় সহজ সাধ্য নাছিল ? 

উত্তৰঃ বৈদিক যুগৰ শেষৰফালে পূজা – পাতল , দান – দক্ষিণা , বলি – বিধান আদি বৃদ্ধি পাইছিল।পূজা – পাতল , যাগ – যজ্ঞ আদি ক্রমাৎ ব্যয়বহুল হৈ পৰিছিল । সাধাৰণ শ্ৰেণীৰ মানুহৰ বাবে ধর্ম চর্চা বিষয়টো সেয়ে সহজ সাধ্য নাছিল । 

( খ ) ক্ষত্রিয়সকলে কিয় ব্রাহ্মণৰ সমমর্যাদা দাবী কৰিছিল ? 

উত্তৰঃ সমাজত ব্রাহ্মণ শ্রেণীৰ প্রাধান্য আছিল যথেষ্ট বেছি । কিন্তু জনপদ , মহাজনপদ আদি সাম্রাজ্যৰ সৃষ্টিৰ ফলত ক্ষত্রিয়সকলৰাে ক্ষমতা বৃদ্ধি পাবলৈ ধৰিছিল । যাৰ ফলত ক্ষত্রিয়সকলে ব্রাহ্মণসকলৰ লগত সমমর্যাদাৰ বাবে দাবী কৰিছিল । 

( গ ) বিশ্বৰ কোনবােৰ ঠাইত নতুন চিন্তাধাৰাৰ আৱিৰ্ভাৱ হৈছিল ? 

উত্তৰঃ বৌদ্ধ ধৰ্মৰ প্ৰচাৰৰ যােগেদি চীন , জাপান , কোৰিয়া , শ্রীলংকা, থাইলেণ্ড আদি ঠাইত নতুন চিন্তাধাৰাৰ আৱিৰ্ভাৱ হৈছিল । 

( ঘ ) বৌদ্ধ ধর্মত দীক্ষা লােৱাৰ উপায় কি ? 

উত্তৰঃ বৌদ্ধ ধর্মত দীক্ষা তিনিটা মন্ত্রৰ উচ্চাৰণৰ দ্বাৰা ল’ব পাৰি । সেইকেইটা হ’ল— “ বুদ্ধং শৰণং গচ্ছামি , সংঘং শৰণং গচ্ছামি , ধর্মং শৰণং গচ্ছামি । ” 

( ঙ ) অসমৰ কোনবােৰ জনগােষ্ঠী বৌদ্ধ ধর্মাৱলম্বী ? 

উত্তৰঃ অসমৰ শ্যাম , আইতনীয়া , চিংফৌ , খামতি , ফাকিয়াল আদি জনগােষ্ঠীৰ লােকসকল বৌদ্ধ ধর্মাৱলম্বী ।

প্রশ্ন ৫। জৈন ধৰ্মৰ মূল মতবােৰ কি ? 

উত্তৰঃ জৈন ধৰ্মৰ পাঁচটা মূলনীতি হল— অহিংসা , সত্যবাদিতা , চুৰি নকৰা , ত্যাগ আৰু ব্রহ্মচর্য । 

প্রশ্ন ৬। গৌতম বুদ্ধৰ বিষয়ে ১৫ টা বাক্যৰে এটি টোকা লিখা । 

উত্তৰঃ বৌদ্ধ ধৰ্মৰ প্রৱর্তক গৌতম বা সিদ্ধার্থ।খ্রীঃপূঃ ৫৬৬ ত গৌতম বুদ্ধৰ জন্ম হৈছিল কপিলাবস্তু নগৰৰ লুম্বিনী নামৰ ঠাইত । তেওঁৰ পিতৃৰ নাম আছিল শুদ্বোধন আৰু মাতৃৰ নাম মায়াদেৱী । তেওঁ ক্ষত্রিয় বংশত জন্ম গ্রহণ কৰিছিল । কিন্তু তেওঁ সৰুৰে পৰা ভােগ – বিলাস , আনন্দ – উৎসৱৰ প্রতি নিস্পৃহ আছিল , বৰং গভীৰভাৱে চিন্তাশীল আছিল । যুদ্ধ – বিগ্রহ , ৰােগ ব্যাধি , মৃত্যু আদিৰ পৰা পৰিত্ৰাণ বিচাৰি ২৯ বছৰ বয়সত পুত্র – পৰিবাৰক এৰি সংসাৰ ত্যাগ কৰিছিল । বােধগয়া নামৰ ঠাইত তপস্যা কৰি তেওঁ দিব্যজ্ঞান লাভ কৰিছিল । যিজোপা গছৰ তলত তেওঁ দিব্যজ্ঞান । লাভ কৰিছিল সেই গছজোপা ‘বােধিদ্রুম’ বুলি খ্যাত । 

দিব্যজ্ঞান লাভ কৰাৰ পিছৰে পৰা তেওঁক গৌতম বুদ্ধ বুলি জনাজাত হ’ল । গৌতম বুদ্ধই তেওঁৰ বাণীসমূহ কাশীৰ ওচৰৰ সাৰনাথ নামৰ ঠাইৰ পৰা প্ৰচাৰ কৰিছিল । বুদ্ধৰ বাণীসমূহ অনুসৰণ কৰা লােকক বৌদ্ধধর্মী বুলি কোৱা হয় । গৌতম বুদ্ধৰ মতে মানুহে দুখৰ পৰা নিবাৰণ পাবলৈ হ’লে আঠটা উপায় অৱলম্বন কৰিব লাগিব । এই আঠটা উপায়ক তেওঁ অষ্টাংগিক মার্গ বুলি কৈছে । এই অষ্টাংগিক মার্গকেইটা হ’ল — সৎ চিতা , সৎ সিদ্ধান্ত , সৎ বাগ্য , সৎ আচৰণ , সৎ কর্ম , সৎ চেষ্টা , সৎ স্মৃতি আৰু সৎ ধ্যান । বৌদ্ধ ধৰ্মৰ মতে হিংসা, বিদ্বেষ ব্যভিচাৰ , মদ্যপান , মিছা কথা কোৱা পাপ । জীৱবধাে মহাপাপ। খ্রীঃপূঃ ৪৮৬ খ্রী : ত ৮০ বছৰ বয়সত কুশীনামৰ ঠাইত বুদ্ধদেৱৰ মহাপ্রয়াণ ঘটে । 

প্রশ্ন ৭। বৌদ্ধ ধর্মমতৰ বিষয়ে এটি টোকা লিখা । 

উত্তৰঃ বৌদ্ধ ধর্মমতত ঈশ্বৰৰ উল্লেখ নাই । বেদৰ মাহাত্ম্যও বৌদ্ধ মতবাদত স্বীকাৰ কৰা নহয় । বৌদ্ধ ধর্মৰ মতে ‘কর্মই ধর্ম’ । সৎ কাম কৰিলেহে সৎ ফল পাব পাৰি । জাতিভেদ প্রথাৰ স্থান বৌদ্ধ ধর্মত নাই । 

প্রশ্ন ৮। কোন কোন ৰজা বৌদ্ধ ধর্মৰ পৃষ্ঠপােষক আছিল ? পৃথিৱীৰ কোনবােৰ দেশত অধিক সংখ্যক বৌদ্ধ ধর্মাৱলম্বী লােক আছিল ? 

উত্তৰঃ ভাৰতৰ কেইজনমান মহান ৰজা বৌদ্ধ ধর্মৰ পৃষ্ঠপােষক আছিল৷তেওঁলােক হ’ল — বিম্বিসাৰ , মহামতি অশােক , কনিষ্ক , হর্ষবর্ধন আদি উল্লেখযােগ্য । চীন , জাপান , কোৰিয়া , শ্রীলংকা , থাইলেণ্ড , আদি দেশত বৌদ্ধ ধর্মৰ লােক আছিল । 

অতিৰিক্ত প্ৰশ্নোত্তৰ

( ক ) চমু উত্তৰ দিয়া –

প্রশ্ন ১। জৈন ধর্মত ‘তীর্থংকৰ’ মানে কি ? 

উত্তৰঃ জৈন ধর্মত ২৪ জন ধর্মগুৰুক তীর্থংকৰ বুলি কোৱা হয় ? 

প্রশ্ন ২। মহাবীৰ কিমান নম্বৰ তীর্থংকৰআছিল ?

উত্তৰঃ মহাবীৰ ২৪ নম্বৰ তীর্থংকৰ আছিল । 

প্রশ্ন ৩। মহাবীৰৰ জন্ম কত হৈছিল ? 

উত্তৰঃ মহাবীৰৰ জন্ম হৈছিল বৈশালী নামে ঠাইত। 

প্রশ্ন ৪। মহাবীৰে কিমান বছৰ বয়সত সংসাৰ ত্যাগ কৰিছিল ? 

উত্তৰঃ মহাবীৰে ৩০ বছৰ বয়সত সংসাৰ ত্যাগ কৰিছিল । 

প্রশ্ন ৫। জ্ঞান সিদ্ধি হােৱাৰ পিছত মহাবীৰক কি বুলি জনাজাত হৈছিল ? 

উত্তৰঃ জ্ঞান লাভৰ পিছত মহাবীৰক ‘ সর্বজ্ঞ আৰু ‘ জিতেন্দ্রিয় ’ বুলি জনাজাত হৈছিল । 

প্রশ্ন ৬। মহাবীৰে কোন কোন ঠাইত ধর্ম প্রচাৰ কৰিছিল ? 

উত্তৰঃ মহাবীৰে কোশল , মগধ , মিথিলা , বিদেহ , অংগ আদি ঠাইত ধর্ম প্রচাৰ কৰিছিল ।

প্রশ্ন ৭। মহাবীৰে ইহলীলা সম্বৰণ কৰা ঠাইখনৰ নাম কি আছিল ? 

উত্তৰঃ মহাবীৰে ইহলীলা সম্বৰণ কৰা ঠাইখনৰ নাম হ’ল — পাৱাপুৰী । 

প্রশ্ন ৮। জৈন ধর্মৰ মতে কু-কর্মৰ পৰা নিজকে ৰক্ষা কৰিবলৈ কোন তিনিটা নীতি মানি চলিব লাগে ? 

উত্তৰঃ তিনিটা নীতি হ’ল — সৎকর্ম , সৎ জ্ঞান আৰু সৎ ব্যৱহাৰ ।

প্রশ্ন ৯। জৈন ধৰ্মৰ ভাগ দুটা কি কি ? 

উত্তৰঃ জৈন ধৰ্মৰ ভাগ দুটা হ’ল — দিগম্বৰ আৰু শ্বেতাম্বৰ । 

প্রশ্ন ১০। জৈন ধৰ্মৰ লােকসকলে কি কি কথাৰ বিৰোধিতা কৰিছিল ?

উত্তৰঃ জৈন ধৰ্মীসকলে ঈশ্বৰৰ অস্তিত্বক মানি নলয় । বেদক ঈশ্বৰৰ বাণী বুলি বিশ্বাস নকৰে । যাগ – যজ্ঞৰ আৰু বলি – বিধানৰ বিৰােধিতা কৰিছিল । 

প্রশ্ন ১১। গৌতম বুদ্ধৰ আন এটা নাম কি আছিল ? 

উত্তৰঃ গৌতম বুদ্ধৰ আন এটা নাম সিদ্ধার্থ । 

প্রশ্ন ১২। গৌতম বুদ্ধৰ জন্ম কত হৈছিল ? 

উত্তৰঃ গৌতম বুদ্ধৰ জন্ম কপিলাবস্তু নগৰৰ লুম্বিনী নামৰ ঠাইত । 

প্রশ্ন ১৩। বৌদ্ধ ধর্মৰ মূল গ্রন্থখনৰ নাম কি ? 

উত্তৰঃ ‘ ত্রিপিটক ’ বৌদ্ধ ধর্মৰ মূল গ্রন্থ । 

প্রশ্ন ১৪। বৌদ্ধ ধর্মৰ ভাগ দুটা কি কি ? 

উত্তৰঃ বৌদ্ধ ধর্মৰ ভাগ দুটা হ’ল — হীনযান আৰু মহাযান ।

প্রশ্ন ১৫। গৌতমক কিয় ‘শাক্যমুনি’ বুলি কোৱা হয় ? 

উত্তৰঃ গৌতম বুদ্ধই শাক্য বংশত জন্মগ্রহণ কৰা বাবে তেওঁক শাক্যমুনি বুলি কোৱা হয় । 

প্রশ্ন ১৬। বুদ্ধৰ বাণীসমূহ কি ভাষাত প্ৰচলিত ? 

উত্তৰঃ বুদ্ধৰ বাণীসমূহ পালি ভাষাত মুখে মুখে প্রচলিত হৈ আছিল । 

প্রশ্ন ১৭। খ্রীঃপূঃ ষষ্ঠ শতিকাত ভাৰতবৰ্ষত কি কি দুটা ধৰ্মৰ আৱিৰ্ভাৱ হৈছিল ? 

উত্তৰঃ খ্রীঃপূঃ ষষ্ঠ শতিকাত ভাৰতবৰ্ষত বৌদ্ধ ধর্ম আৰু জৈন নামৰ দুটা নতুন ধৰ্মৰ আৱিৰ্ভাৱ হৈছিল । 

প্রশ্ন ১৮। ভাৰতবৰ্ষত নতুন ধৰ্মৰ আৱিৰ্ভাৱৰ প্ৰধান কাৰণসমূহ কি কি আছিল ?

উত্তৰঃ ভাৰতবৰ্ষত নতুন ধৰ্মৰ আৱিৰ্ভাৱৰ প্ৰধান কাৰণসমূহ আছিল— 

( ক ) বৈদিক যুগৰ শেষৰ ফালে পূজা – পাতল , দান – দক্ষিণা , বলি – বিধান আদি বৃদ্ধি , পাইছিল। ফলত সাধাৰণ শ্ৰেণীৰ মানুহৰ বাবে এইবােৰ সহজসাধ্য নাছিল । 

( খ ) সেইসময়ত উচ্চবর্ণৰ লােকসকলে নিম্ন বর্গৰ লােকসকলক অস্পৃশ্য বুলি গণ্য কৰিছিল ।

( গ ) সমাজত ব্রাহ্মণ শ্ৰেণীৰ প্রাধান্য যথেষ্ট বেছি আছিল । ক্ষত্রিয়সকলৰ ক্ষমতা বৃদ্ধি হােৱাৰ পিছত ক্ষত্রিয় আৰু ব্রাহ্মণসকলৰ মাজত সংঘাত আৰম্ভ হৈছিল । 

( ঘ ) ধর্ম চর্চাৰ ক্ষেত্ৰত সাধাৰণ লােকসকলে বেদৰ ভাষা বুজি পােৱা নাছিল । কাৰণ বেদৰ ভাষা আছিল সংস্কৃত । তেওঁলােকে একো বুজি নােপােৱাকৈ দান – দক্ষিণা , যাগ – যজ্ঞ কৰিব লগা হৈছিল । এইবােৰ কাৰণত সর্বসাধাৰণ অসন্তুষ্ট হৈছিল । 

( ঙ ) সহজ – সৰল মানুহখিনি অন্ধবিশ্বাসত বুৰ গৈ আছিল । 

( খ ) খালী ঠাই পূৰ কৰা –

( ১ ) মহাবীৰৰ প্ৰকৃত নাম ………………..।

উত্তৰঃ বর্ধমান । 

( ২ ) তপস্যাৰ বলত মহাবীৰে ………………. লাভ কৰিছিল । 

উত্তৰঃ কৈৱল্য বা আত্মজ্ঞান । 

( ৩ ) জৈন ধৰ্মৰ মূলনীতি …………………।

উত্তৰঃ পাঁচটা । 

( ৪ ) জৈন ধৰ্মীসকলে ঈশ্বৰৰ ……………….মানি নলয় । 

উত্তৰঃ অস্তিত্বক ।

( ৫ ) মহাবীৰৰ ধৰ্মমত যিসকলে গ্রহণ কৰিছিল তেওঁলােকক……………… বােলা হৈছিল । 

উত্তৰঃ দিগম্বৰ ।

( ৬ ) জাতিভেদ প্রথাৰ স্থান বৌদ্ধ আৰু জৈন ধর্মত ……………..।

উত্তৰঃ নাই ।

( ৭ ) পৰবৰ্তী সময়ত বৌদ্ধ বিহাৰবােৰ একোখন মহৎ ……………… লৈ পৰিৱর্তিত হৈছিল । 

উত্তৰঃ শিক্ষানুষ্ঠানলৈ । 

( ৮ ) …………………. নামৰ ঠাইত তপস্যা কৰি গৌতম বুদ্ধই দিব্যজ্ঞান লাভ কৰে । 

উত্তৰঃ বুদ্ধ গয়া । 

( ৯ ) শাক্য বংশত জন্ম লাভ কৰা বাবে গৌতম বুদ্ধ আন এটা নাম…………………।

উত্তৰঃ শাক্যমুনি ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top